Pankaj Duarah Axom365

Pankaj Duarah Axom365 news and current affairs.

10/12/2023

সাংবাদিক এনেদৰে উলংগ হব নেপায়
************
নুমলীগড় ৰিফাইনেৰীৰ ঔদ্যোগিক স্বাস্থ্য বিভাগৰ মহা প্ৰৱন্ধক দিগন্ত চাংমাইৰ সম্পৰ্কত আজি প্ৰতিদিন কাকতত প্ৰকাশিত বাতৰিটো দেখি আমাৰ বুজিবলৈ আৰু বাকী নাই যে প্ৰতিদিন গোষ্ঠী আৰু কাকত খনৰ নুমলিগড়ৰ সাংবাদিক জনৰ কাৰ দ্বাৰা পৰিচালিত | এজন সৎ আৰু আদৰ্শবান মানুহ আদৰ্শভ্ৰষ্ট ৰাজনৈতিক নেতাৰ দ্বাৰা পালিত কোনোবা কেইটামান চাতুকাৰে অসৎ বুলি কলেই অসৎ হৈ নেযায় | জ্ঞান বিচাৰ থকা মানুহে সৎ-অসৎ সকলো বুজি পায় | কোনো এগৰাকী ব্যক্তিক অসৎ বুলি কবলৈ প্ৰথমে ব্যক্তি গৰাকী অসৎ বুলি প্ৰমাণ হব লাগিব মহামান্য আদালতত | তেনে ক্ষেত্ৰত প্ৰতিদিনৰ সাংবাদিক গৰাকীয়ে আদালতৰ ৰায়দানৰ আগতেই চাংমাইৰ সম্পৰ্কত কৰা মন্তব্যৰ পৰা সাংবাদিক গৰাকীৰ উদ্দেশ্য বুজাত কাৰো অসুবিধা নহয় | চাংমাইক পুলিচে গ্ৰেপ্টাৰ কৰাৰ পিছতে শোধনাগাৰৰ কাষৰ একাংশ ব্যক্তিয়ে পুলিচক জিন্দাবাদ ধ্বনি দিয়া কাৰ্যৰ পৰাই আমাৰ সন্দেহ হৈছে এই গ্ৰেপ্টাৰৰ আঁৰত বৃহৎ ৰাজনৈতিক ষড়যন্ত্ৰ নিহিত আছে ! অন্যথা এজন বিষয়া গ্ৰেপ্টাৰৰ পিছত এনে শুভেচ্ছামূলক ধৰ্ণাৰ কোনো প্ৰয়োজন নাছিল | অৱশ্যে শেষ বিচাৰ আমি মহামান্য আদালতৰ ওপৰত এৰিছো |

09/12/2023

মুখ্যমন্ত্ৰী বাচিব পৰা নাই বিজেপিয়ে : গুজৰাট গেঙৰ বিৰুদ্ধে সৰৱ ৰাজস্থান -মধ্যপ্ৰদেশৰ বিজেপি বিধায়ক
∆∆∆∆∆
নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা সাত দিন পাৰ হল | কিন্তু মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপিয়ে এতিয়াওঁ মুখ্যমন্ত্ৰী নিৰ্বাচন কৰি চৰকাৰ গঠন কৰিব পৰা নাই | ইয়াৰ স্পষ্ট কাৰণ মোডী-শ্বাহৰ হিটলাৰগিৰি মানিবলৈ সাজু নহয় ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ অধিকাংশ বিধায়ক | বিজেপিৰ থকা নৰেন্দ্ৰ মোডীতকৈ উচ্চ পৰ্যায়ৰ আৰু সমকক্ষ নেতাৰ পাখী কাটি সৰ্বানন্দ-হিমন্তবিশ্বৰ দৰে ঢেমাধৰা নেতাক ক্ষমতা দি বিগত ৯ বছৰে গুজৰাট গেঙে শাসন কৰিছে দেশ | সদ্য ফলাফল ঘোষিত পাঁচ ৰাজ্যৰ বিধান সভা নিৰ্বাচনটো গুজৰাট গেঙে কৰিছিল সেই একে পৰিকল্পনা | সৰ্বানন্দ-হিমন্তবিশ্বৰ দৰে গুজৰাট গেঙৰ ঢেমাধৰা ২১ সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰীক চাৰি বাজ্যৰ বিধায়ন সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতাত নমাইছিল গুজৰাট গেঙে l চাৰি ৰাজ্য ক্ৰমে মধ্যপ্ৰদেশত ৭জন, ৰাজস্থানত ৭ জন, ছত্তীশগড়ত চাৰিজন আৰু তেলেংগানাত ৩ জন কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদক নমাইছিল নিৰ্বাচনত | গুজৰাট গেঙৰ উদ্দেশ্য স্পষ্ট আছিল - ৰাজস্থানৰ নিৰ্বাচনত বিজেপিয়ে জয়লভ কৰিলে নৰেন্দ্ৰ মোডীতকৈ অভিজ্ঞ বসুন্ধৰাৰাজে সিন্ধিয়াৰ পৰিবৰ্তে গুজৰাট গেঙৰ ঢেমাধৰা কোনো এজনক ৰাজস্থানৰ মুখ্যমন্ত্ৰী পাতি চৰকাৰ নিয়ন্ত্ৰণ কৰিব | একেদৰে মোডীতকৈ বহু বেছি অভিজ্ঞ শিৱৰাজসিং চৌহানৰ পৰিবৰ্তে সাত ঢেমা ধৰা সাংসদৰ কোনোবা এজনক মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী পাতি গুজৰাট গেঙে মধ্যপ্ৰদেশ নিয়ন্ত্ৰণ কৰিব | তদুপৰি মোডীতকৈ জ্যেষ্ঠ আৰু অভিজ্ঞ ৰমন সিঙৰ পৰিবৰ্তে ছত্তীশগড়টো মুখ্যমন্ত্ৰীৰ পদত বহুৱাব গুজৰাট গেঙৰ ঢেমা ধৰা কোনো এজন সাংসদক | সেয়েহে বিগত নিৰ্বাচনত কোনো এখন ৰাজ্যতে বিজেপিয়ে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল | অৱশেষত ৩ ডিচেম্বৰৰ নিৰ্বাচনৰ ফলাফলত এই তিনি ৰাজ্যত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলে | কিন্তু আজি ৯ ডিচেম্বৰৰ এই মুহূৰ্তলৈকে (নিশা ১০ বজালৈকে) বিজেপিয়ে এই তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰী বাচনি কৰিব পৰা নাই | ছত্তীশগড়ত গুজৰাট গেঙৰ সমস্যা নাই | প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰমন সিঙে নিজৰ বয়সৰ বাবেই ৰাজনীতিত বৰ বেছি সক্ৰিয় নহয় | কিন্তু ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ দুই জ্যেষ্ঠ নেতা বসুন্ধৰাৰাজে সিন্ধিয়া আৰু শিৱৰাজসিং চৌহান আজিও ৰাজ্যৰ ৰাজনীতিত অতি সক্ৰিয় | গুজৰাট গেঙে বিগত পাঁচ বছৰে বসুন্ধৰাৰাজে সিন্ধিয়াক দলৰ পৰা প্ৰায় একাষৰীয়াকৈ ৰাখি দলটোৰ বাবে অ প্ৰাসংগিক কৰিবলৈ সকলো বোৰ ষড়যন্ত্ৰ কৰিছে যদিও, বসুন্ধৰাক ৰাজ্যিক ৰাজনীতিত বলাব পৰা নাই | ক্ষমতাত নথকা সত্বেও বসুন্ধৰাই বিগত পাঁচ বছৰে ৰাজস্থানৰ দলীয় কৰ্মী সকলক নিজৰ লগত ৰাখিবলৈ সক্ষম হৈছে | একেদৰে মধ্যপ্ৰদেশৰ ১৮ বছৰৰ মুখ্যমন্ত্ৰী পদৰ অভিজ্ঞতাৰে অভিজ্ঞ শিৱৰাজ সিং চৌহান | উল্লেখযোগ্য যে নৰেন্দ্ৰ মোডী যি সময়ত আৰ.এছ.এছৰ সংঘ প্ৰচাৰক আছিল, সেই সময়তে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল চৌহান | তদুপৰি ২০১৩ চনত বিজেপিৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী হিচাপে আদবানীৰ পিছতে নাম উচ্চাৰিত হৈছিল শিৱৰাজসিং চৌহানৰ | গতিকে গুজৰাট গেঙে চৌহান যাতে মোডীৰ প্ৰতিদ্বন্দ্বী হৈ উঠিব নোৱাৰে তাৰ বাবে দীৰ্ঘ দিন ষড়যন্ত্ৰ অব্যাহত ৰাখিছে | গতিকে এই বাৰ নিৰ্বাচনত চৌহানক একাষৰীয়া কৰিবৰ বাবেই গুজৰাট গেঙে তিনি কেন্দ্ৰীয় মন্ত্ৰী সহ সাত সাংসদক মধ্যপ্ৰদেশৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতাত নমাইছিল | অৱশ্যে ইয়াৰে ৩ জন পৰাজয় হৈছে | সেয়া যি কি নহওঁক, নিব্বাচনৰ ফলাফল ঘোষণাৰ ৭ দিন পাৰ হল যদিও গুজৰাট গেঙে কৰা পৰিকল্পনা মতে শিৱৰাজ সিং চৌহান আৰু বসুন্ধৰাৰাজে সিন্ধিয়াৰ বাবেই ৰাজ্য দুখনত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব পৰা নাই | ইয়াৰ মূল কাৰণ হল দুয়োখন ৰাজ্যৰ বৃহৎ সংখ্যক বিধায়কে গুজৰাট গেঙৰ ষড়যন্ত্ৰৰ বিপৰীতে বসুন্ধৰাৰাজে আৰু শিৱৰাজ সিঙৰ সপক্ষে লোৱা স্থিতি | প্ৰকাশিত তথ্য মতে ৰাজস্থানৰ ১১৫ জন বিজেপি বিধায়কৰ ৬৩ গৰাকী বিধায়কে মুখ্যমন্ত্ৰী পদৰ বাবে মুকলি সমৰ্থন জনাইছে বসুন্ধৰা ৰাজে সিন্ধিয়ালৈ | এই সংখ্যা দিনক দিনে বৃদ্ধি পাইছে | গুৰুত্বপূৰ্ণ কথা ৪ ডিচেম্বৰত বসুন্ধৰাৰাজেলৈ মুকলি সমৰ্থন আগ বঢ়োৱা বিধায়কৰ সংখ্যা আছিল ৩৪ জন | খন্তেক আগতে আজটক নামৰ পৰ্টেলটোত এই সংখ্যা ৬৩ জনলৈ বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰিছে | মধ্য প্ৰদেশতো পৰিস্থিতি সেই একেই | শিৱৰাজসিং চৌহানে মুখেৰে কোনো বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিওঁ, এই নিৰ্বাচনত জয় লাভ কৰা চৌহান কেবিনেটৰ ২০ গৰাকী মন্ত্ৰীয়ে নিজ নিজ সমৰ্থক বিধায়কৰ লবী কৰি গুজৰাট গেঙক বুজাই দিছে যে, গুজৰাট গেঙৰ ইচ্ছা মতে মধ্যপ্ৰদেশত মুখ্যমন্ত্ৰী বাচনি কৰিবলৈ দিয়া নহব | মুখ্যমন্ত্ৰী নিৰ্বাচনৰ ক্ষেত্ৰত মধ্যপ্ৰদেশৰ জনসাধাৰণৰ স্বাভিমানৰ কথা আছে | ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ বিধায়কৰ মোডী-শ্বাহ বিৰোধী এই স্থিতিৰ বাবেই তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ ক্ষেত্ৰত থমকি বৰ লগা হৈছে মোডী আৰু অমিত শ্বাহৰ গুজৰাট গেং | গতিকে বিজেপিৰ ভিতৰত আৰম্ভ হোৱা গুজৰাট গেং বিৰোধী লবীক বিজেপিয়ে কেনে দৰে নিয়ন্ত্ৰণ কৰে সেইটো হব আগন্তুক দুই -চাৰি দিনত লক্ষণীয় |

নুমলীগড় ৰিফাইনেৰীৰ মহা প্ৰৱন্ধকক গ্ৰেপ্টাৰ                                                              ********নুমলীগড...
09/12/2023

নুমলীগড় ৰিফাইনেৰীৰ মহা প্ৰৱন্ধকক গ্ৰেপ্টাৰ
********
নুমলীগড় শোধনাগাৰৰ মহা প্ৰৱন্ধক দিগন্ত চাংমাইক শোধনাগাৰৰ গোপন তথ্য ফাদিল কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্টাৰ কৰিছে | কথা হল- শ্ৰীচাংমায়ে শোধনাগাৰৰ কি গোপন তথ্য ফাদিল কৰিলে সেইটোহে গুৰুত্বপূৰ্ণ ? এই কথা জানিবলৈ আমি গোচৰটো আদালতৰ মজিয়ালৈ পোৱালৈ আপেক্ষা কৰিব লাগিব | অৱশ্যে আমাৰ দৰে সাংবাদিকে শ্ৰীচাংমাইক নুমলিগড় ৰিফাইনেৰীৰ এগৰাকী সৎ আৰু আদৰ্শবান বিষয়া বুলি জানো | নুমলিগড় ৰিফাইনেৰীৰ ২৮০০০ কোটি টকীয়া সম্প্ৰসাৰণ প্ৰজেক্টত সংঘটিত হোৱা অনিয়ম-অনীতিৰ বিৰুদ্ধে সৰৱ আছিল মহা প্ৰৱন্ধক চাংমাই | সেয়েহে শ্ৰীচাংমাই ৰিফাইনেৰীটোৰ ভিতৰৰ দুৰ্নীতিকাৰী চক্ৰটোৰ লগতে উজনি অসমৰ ভ্ৰষ্টাচাৰী ৰাজনৈতিক চক্ৰটোৰ বাবে ভাবুকিৰ কাৰণ হৈ পৰিছিল | সেয়া যি কি নহওঁক, প্ৰকৃততে শ্ৰীচাংমাইৰ কি অপৰাধত লিপ্ত আৰু সেই অপৰাধ কিমান গুৰুতৰ সেই সম্পৰ্কত ভালদৰে জানিবলৈ আমি আদালতৰ ৰায়লৈ আপেক্ষা কৰাৰ বিকল্প নাই |

07/12/2023

মহন্তই আলফাত কি কৰিবগৈ ?
∆∆∆∆∆∆
কালি দুপৰীয়া গোলাঘাটৰ বন্ধু অপূৰ্ববল্লভ গোস্বামীয়ে জনালে- উজনি অসমৰ অতি সক্ৰিয় সাংবাদিক বিদ্যুৎ মহন্তই বোলে আলফালৈ গমণ কৰিলে | আলফালৈ কোনোবা অহা-যোৱা বিষয়টো গুৰুত্ব দিবলৈ মই বহু বছৰৰ আগতেই বাদ দিলো | কাৰন আলফাৰ নাটক খনৰ প্ৰাসংগিতা কেতিয়াবাই শেষ হল | কিন্তু আজি পুৱা চকুত পৰিল- অসমৰ প্ৰতিখন সংবাদ পত্ৰই বৰ গুৰুত্বসহকাৰে মহন্ত আলফালৈ যোৱা বাতৰিটো প্ৰচাৰ কৰিলে | মই বুজি নেপালো এতিয়া নতুনকৈ কাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাংবাদিকজন হাবিলৈ গল ? আৰু তেখেতে হাবিত গৈ কৰিবগৈ কি ? আলফাৰ নেতা পৰেশ বৰুৱা দেখোন তেওঁৰ ভাইটী মুখ্যমন্ত্ৰী হিমন্তবিশ্বৰ লগত হটলাইনতে থাকে | ৰাজহুৱাকৈ হিমন্তবিশ্বৰ গুণ গাই পঞ্চমুখহৈ থাকে | তেনে এগৰাকী নেতাৰ নিয়ন্ত্ৰিত আলফালৈ গৈ সাংবাদিক গৰাকীয়ে কাক কি কৰিব বিচাৰিছে, কাক কি বাৰ্তা দিব বিচাৰিছে আমি বুজা নাই ! তাতোকৈ মোৰ বাবে বুজা কঠিন হল-অসমৰ সংবাদ পত্ৰ কেইখনে বাতৰিটো কিয় ইমান গুৰুত্ব সহকাৰে প্ৰচাৰ কৰিলে ?

06/12/2023

'বিবেকদা'ৰ চিণ্ডিকেট এতিয়া গুজৰাট গেঙৰ পাঠশালা | বিবেকদাৰ চিণ্ডিকেটত পাঠ সমাপ্ত কৰা ৩০০ শিক্ষাৰ্থীয়ে কেইদিনমানৰ ভিতৰত গুজৰাট গেঙত আনুষ্ঠানিক ভাৱে যোগদান কৰিব বুলি গেঙৰ অসমৰ 'চিফ ববুআ' গৰাকীয়ে প্ৰকাশ কৰিছে |

অসমীয়াই এতিয়াহে গম পাইছে যে ক'ৰনা ভেকচিন লোৱাৰ বাবে আমাৰ সুষ্ঠ ডেকা লৰা বোৰ মৰিছে                                       ...
06/12/2023

অসমীয়াই এতিয়াহে গম পাইছে যে ক'ৰনা ভেকচিন লোৱাৰ বাবে আমাৰ সুষ্ঠ ডেকা লৰা বোৰ মৰিছে
∆∆∆∆∆∆
২০২০ চনৰ ২৪ মাৰ্চৰ পৰা ক'ৰনা মহামাৰী(!)ৰ নামত ভাৰত চৰকাৰে সমগ্ৰ দেশ ২১ দিনৰ বাবে Lockdown ঘোষণা কৰিছিল | ২৭ মাৰ্চৰ দিনা মই মোৰ ফেছবুক ৱালত Update দিলো ক'ভিড মহামাৰী নহয় | সাধাৰণ ফ্লু ভাইৰাছহে | সেই দিন ধৰি লিখনিৰে -কাৰ্টুন আদিৰ জড়িয়তে ধাৰাবাহিক ভাৱে কৈ আহিলো যে "ক'ৰনা মহামাৰী অপপ্ৰচাৰ আন্তৰ্জাতিক ষড়যন্ত্ৰ | কিন্তু দুই-চাৰিজন বন্ধুৰ বাহিৰে কোনেওঁ আমাৰ স্পষ্ট বক্তব্য বুজিবলৈ চেষ্টা নকৰিলে কৰিলে | আমি ক'ৰনা ভূৱা আৰু ক'ৰনাৰ সম্পৰ্কত প্ৰচাৰ কৰা আন দেশৰ বাতৰি সমূহ মিছা বুলি প্ৰায় ১০০ ৰ অধিক Update দিয়াৰ বহু দিনৰ পিছত ডা০ সত্যকাম ফুকনে ক'ৰনা সম্পৰ্কীয় বাতৰিৰ সন্দেহ প্ৰকাশ কৰি ৰাজহুৱা বক্তব্য কৰিলে | এতিয়া ৰাইজে কয়- ক'ৰনাৰ সম্পৰ্কত সন্দেহ প্ৰকাশ কৰা অসমৰ প্ৰথম গৰাকী ব্যক্তি বোলে সত্যকাম ফুকনহে | মাৰ্চ মাহৰ পৰা ক'ৰনা ব্যাভিচাৰ সম্পৰ্কত ধাৰাবাহিক ভাৱে আমি আগ বঢ়াই যুক্তি -মন্তব্য কৰবাতে পৰি ৰল |

১৭ মাৰ্চ ২০২২ত অসমত ক'ৰনা ভেকচিন দিয়া আৰম্ভ কৰা দিনাই মই কৈছিলো-এই ভেকচিন ভেজাল | এনে ভেকচিন মই লবলৈ নাই | ক'ৰনা ভেকচিন যে ভেজাল আৰু এই ভেকচিন লৈ মানুহ বিপদত পৰিব, সেই বিষয়ে মাৰ্চ মাহৰ পৰা তথ্য সহকাৰে কিমান লিখিলো তাৰ হিচাপ নাই | কিন্তু কেইগৰাকীমান বন্ধুৰ বাহিৰে বাকী সকলে মোৰ সেই লিখনি গুৰুত্ব নিদিলে | বহু বন্ধুৱে গুৰুত্ব দিলে যদিওঁ হিমন্তবিশ্ব চৰকাৰে হিটলাৰী নীতিৰে ভেকচিন নোলোৱা চৰকাৰী কৰ্মচাৰীক দৰ্মহা বন্ধ কৰা হব বুলি ঘোষণা কৰাত মাথো চাকৰি ৰক্ষা কৰাৰ তাগিদাত আমাৰ বহু বন্ধুৱে ভেকচিন লব লগা হল |

২০২২ চনৰ মে মাহৰ পৰা অসমত হঠাৎ হাৰ্ট এটেকহৈ মৃত্যু হোৱা লোকৰ সংখ্যা বাঢ়িল | সুষ্ঠ সবল ডেকা লৰা বোৰ হাৰ্ট এটেক হৈ মৃত্যু হোৱা মুহূৰ্ততে মই স্পষ্ট মত প্ৰকাশ কৰিছিলো যে ক'ৰনা ভেকচিনৰ প্ৰভাৱত এই লৰাবোৰ মৰিছে | মোৰ কথাৰ সমৰ্থনত জাৰ্মানৰ গৱেষক দল এটাই ক'ৰনা ভেকচিন লোৱা লোক আৰু ভেকচিন লোৱাৰ পিছত মৃত্যু হোৱা লোকৰ ওপৰত চলোৱা গৱেষণাৰ সম্পৰ্কত বিতং ভাৱে লিখিছিলো | সেই লিখনিত বিতং ভাৱে উল্লেখ কৰা হৈছিল-ভেকচিন লোৱাৰ পিছত কেনদৰে তেজত লৌহ কণিকাৰ দৰে এক কণিকা ধৰা পৰে আৰু সেই কণিকাৰ দ্বাৰা কেনেদৰে ব্লাড ক্লথিং হৈ শিৰা আৰু ধমনী বন্ধহৈ হঠাৎ সুষ্ঠ ব্যক্তিৰ মৃত্যু হয় ৷ মোৰ সেই লিখনি কেইটামান নিউজ পৰ্টেলেও প্ৰচাৰ কৰিছিল | অতি কম হলেও অসমৰ ১০ লাখৰ অধিক মানুহে আমাৰ সেই লিখনি পঢ়িছিল বা পৰ্টেলত চাইছিল | কিন্তু হঠাৎ মৃত্যুৰ সম্পৰ্কত তাৰ পিছটো অসমীয়াৰ গা নলৰিল | বলপূৰ্বক ভাৱে মৃত্যুদূত ভেকচিন লবলৈ বাধ্য কৰোৱা হিমন্তবিশ্ব চৰকাৰৰ সম্পৰ্কে টু শব্দ এটা উচ্ছাৰিত নহল অসমৰ কোটি জনতাৰ ৷ টু এটা উচ্ছাৰিত নহল অসমৰ শ শ সংগঠনৰ |
যোৱা ১ ডিচেম্বৰত মধ্যপ্ৰদেশৰ উজ্জয়িনীত অনুষ্ঠিত কৰ্ডিঅ'লজি ছ'চাইটি অৱ ইণ্ডিয়াৰ বৰ্ষিক অধিবেশনত ছ'চাইটিৰ সদ্য প্ৰাক্তন সভাপতি তথা দেশৰ আগ শাৰীৰ হৃদৰোগ বিশেষঞ্জ ডা০ সঞ্জয় ত্যাগীয়ে কভিড ভেকচিনৰ পাশ্বক্ৰিয়াৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য আগ বঢ়াই কলে যে ক'ভিড ভেকচিনৰ ফলত ৰক্ত ধমনী সংকোচিত হৈ পৰে | তদুপৰি বহু লোকৰ ব্লাড ক্লথিং হয় | ফলত হঠাত হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি পাইছে | অৰ্থাৎ জাৰ্মাণ বৱেষক দলৰ গৱেষণাৰ যি খিনি তথ্যৰ আধাৰত এবছৰৰ আগতেই মই ক'ৰনা ভেকচিনৰ পাশ্চক্ৰিয়াৰ সম্পৰ্কত বিতং বাখ্যা কৰি লিখনি আগ বঢ়াইছিলো, সেই একে কেইটা কথাকে ডা০সঞ্জয় ত্যাগীয়ে এটা বছৰৰ পিছত ১ ডিচেম্বৰত অতি চমুকৈ কলে | ডা০ ত্যাগীৰ সেই বক্তব্য অসমৰ এখন অসমীয়া সংবাদ পত্ৰত প্ৰকাশ হল | গতিকে এতিয়াহে অসমীয়াই বুজিছে-ক'ৰনা ভেকচিনৰ পাশ্চক্ৰিয়া হৈ অসমৰ সুষ্ঠ ডেকা লৰা বোৰ হাৰ্ট এটেক হৈ মৰিছে ............

04/12/2023

ফেকু চেল্ফি পইন্ট ।

বৃকোদৰ বৰুৱা।

আজি কাকতত পালো যে বিশ্ববিদ্যালয় অনুদান আয়োগে প্ৰতিখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো সম্বলিত একোটাকৈ চেল্ফি পইন্ট থকাটো বাধ্যতামূলক কৰিছে।
বাতৰিটো পঢ়ি অভিভূত হ'লো। চাব্বাচ ভাৰত বৰ্ষ !
চেলুকচ আচৰিত হোৱাই নহয় আমিও আচৰিত হোৱা পাল!
গতিকে গান এটা মনত পৰি 'পেৰদি' এটাকে লিখি পেলালো। কোনোবাই গালে শুনাবচোন।

ল'ৰা : স্কুটি চলাই গৈ যাম কলেজত
থাকিবি তই ফেকু চেলফি পইন্টত।
ছোৱা : তাৰে পৰাই যাম নৈ ৰে পাৰত
কিতাপ পত্ৰ থাকিব যে বেগত।

ল'ৰা : ফেকু মুডীৰ একা বেকা কথাৰে নাই ঠিক,
ছোৱা : অহা দেৰি কৰিলেহে হ'ব যে বিঠিক।
ল'ৰা : ঘৈণী থাকিও বৰলা যে জানিবি এইজন
ছোৱা : তাৰে বাবেই তেৰাৰ ফটোত লৈলোহি শৰণ।

স্কুটি চলাই গৈ....

ল'ৰা : চোৰে চিনিব চোৰৰে ঠেঙক
তয়ো চিনি ল' বৰলা জনক,
ছোৱা : পঢ়া শুনা নাই বৰলাৰ লগত
ঘৈণী থাকিও নাই বৰলাৰ কাষত।

ল'ৰা : কলেজতে নাপালে তোক লাগিব লেঠা,
ছোৱা : চেল্ফি পইন্টত আহি যাবি আছেই ব্যৱস্থা।
ল'ৰা : ছাৰ বাইদেউ লিপিত খাই থাকিব কাষত
ছোৱা : ভালেই হ'ব ছাৰক কৈ বাংক মাৰিব।

স্কুতি চলাই গৈ ....

তিনি ৰাজ্যত কংগ্ৰেছৰ শোচনীয় পৰাজয় INDIA Allianceৰ বাবে আশীৰ্বাদ হল                                                      ...
03/12/2023

তিনি ৰাজ্যত কংগ্ৰেছৰ শোচনীয় পৰাজয় INDIA Allianceৰ বাবে আশীৰ্বাদ হল
∆∆∆∆∆∆∆
ৰাজনৈতিক পৰিবৰ্তন বিচৰা আমাৰ দৰে ব্যক্তিয়ে আজি ঘোষিত চাৰি ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ফলাফলক লৈ স্বাভাৱিকতে আচৰিৎ হৈছো | কাৰণ চৰি ৰাজ্যৰ নিৰ্বাচনত বিজেপি বিৰোধী শক্তিৰ এনে শোচনীয় পৰাজয় হব বুলি আমি ভাবিব পৰা নাছিলো | অন্তত: নিৰ্বাচনী ফলাফল ৩:১ মহলেওঁ ২:২ হব বুলি আমি আশা কৰিছিলো | এই নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পিছত আমাৰ দৰে বিজেপিৰ পৰা পৰিত্ৰাণ বিচৰা সকলক সামাজিক মাধ্যমত বিভিন্ন জনে তুচ্ছ তাচ্ছিল্য কৰা চকুত পৰিছে | সামাজিক জীৱনত এনে তুচ্ছ তাচ্ছিল্য থাকিবৈ | সেই খিনি তুচ্ছ তাচ্ছিল্য হজম কৰিব পৰা ক্ষমতা আয়ত্ব কৰিব পাৰিছো কাৰনেই সামাজিক দায়বদ্ধতাৰে প্ৰতিটো বিষয়ত মুকলি মত প্ৰকাশ কৰিব পাৰিছো | গতিকে এই নিৰ্বাচনৰ ফলাফলে দেশৰ ৰাজনীতিত কেনে প্ৰভাৱ পেলাব বা ২০২৪ ৰ নিৰ্বাচনত এই নিৰ্বাচনৰ ফলাফলে কেনে প্ৰভাৱ পেলাব পাৰে সেই সম্পৰ্কত আলোচনা কৰিবলৈ লৈছো |
পাঠক বন্ধু সকলে নিশ্চয় মন কৰিছে বিগত দিনৰ লিখনি সমূহত আমি ৰাজ্যিক ৰাজনীতিতকৈ ৰাষ্ট্ৰীয় ৰাজনীতিৰ ওপৰত গুৰুত্ব দি বিভিন্ন তথ্য পাতি সহ নিজৰ মন্তব্য আগ বঢ়াই আহিছো | আজি তিনিখন ৰাজ্য ক্ৰমে মধ্য প্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থান বিধান সভা নিৰ্বাচনত বিজেপিৰ জয় আৰু কংগ্ৰেছৰ পৰাজয়ৰ স্বাভাৱিকতেই ৰাজ্যিক ৰাজনৈতিক দিশত গুৰুত্বপূৰ্ণ | একে দৰে দক্ষিণৰ ৰাজ্য তেলেংগানাটো কংগ্ৰেছৰ জয় ৰাজ্যিক ৰাজনৈতি হিচাপে গুৰুত্বপূৰ্ণ | কিন্তু প্ৰশ্ন আহিছে এই চাৰি ৰাজ্যৰ এই নিৰ্বাচনী ফলাফল ২০২৪ৰ লোক সভা নিৰ্বাচনৰ বাবে কিমান গুৰুত্বপূৰ্ণ ? মন কৰিব মধ্যপ্ৰদেশ , ৰাজস্থান আৰু ছত্তীশগড়ৰ মুঠ লোক সভা আসনৰ সংখ্যা ৬৫ খন (২৯+২৫+১৭)| ২০১৮ৰৰ বিধান সভা নিৰ্বাচনত এই তিনি ৰাজ্যত কংগ্ৰেছ দলেই জয় লাভ কৰিছিল | কিন্তু ২০১৯ৰ লোক সভা নিৰ্বাচনত এই ৬৫ খন আসনৰ ৬৩ খন দখল কৰিছিল বিজেপিএ | অৰ্থাৎ ২০১৯ চনৰ পৰা এই তিনি ৰাজ্যৰ ভোটাৰে ৰাজনৈতিক ভাৱে নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ প্ৰতি সমৰ্থন জনাই আহিছে | হিন্দী বলয়ৰ এই তিনি ৰাজ্যত INDIA Allianceৰ অংশীদাৰ একমাত্ৰ কংগ্ৰেছ দলৰহে প্ৰভাৱ আছে | গতিকে এই তিনি ৰাজ্যৰ ৬৫ খন আসন INDIA Allianceৰ পাতি গণিতৰ পৰা স্বাভাৱিকতে বাহিৰত আছে | মন কৰিব এই ৬৩ খন আসনক লৈ লোক সভাত বিজেপিৰ মুঠ আসনৰ সংখ্যা ৩০৩ | INDIA Allianceৰ যি ২৮ টা সহযোগী দল আছে, এই দল সমূহৰ ঐক্যবদ্ধ শক্তি থকা ৰাজ্য সমূহ হল মহাৰাষ্ট্ৰ, বিহাৰ, পাঞ্জাৱ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, হাৰিয়াণা, দিল্লী আৰু দক্ষিণ ভাৰতৰ ৰাজ্য ক্ৰমে কৰ্ণাটক, ঝাৰখণ্ড আৰু অন্ধ্ৰ প্ৰদেশ আৰু দিল্লী | INDIA Allianceৰ অংক এই ৰাজ্য কেইখনৰ ২৫০ খন আসনত ২০২৪ৰ লোক সভা নিৰ্বাচনত বিজেপিৰ লগত ১:১ প্ৰতিদ্বন্দ্বীতা আগ বঢ়োৱা | এতিয়া মন কৰক দক্ষিণৰ কৰ্ণাটক আৰু তেলেংগানাৰ ২০১৯ৰ নিৰ্বাচনী ফলাফললৈ | ২০১৯ৰ নিৰ্বাচনত কৰ্ণাটকৰ ২৫ খন আৰু তেলেংগানাৰ ৪ খন, মুঠ ২৯ খন লোক সভা আসনত বিজেপিয়ে জয় লাভ কৰিছিল | সেই দুই ৰাজ্যত যোৱা দুটা বছৰত কংগ্ৰেছৰ চকুত লগা উত্থান হল | দুয়োখন ৰাজ্যৰ বিধান সভা দখল কৰিছে কংগ্ৰেছে ৷ গতিকে দক্ষিণ ভাৰতৰ এই দুই ৰাজ্যত INDIA Allianceৰ প্ৰাৰ্থীয়ে ২০২৪ত এই ২৯ অদ্ধেক আসনৰ লগতে তেলেংগানৰ আৰু ৪-৫ খন আসন নিজৰ দখললৈ নিয়াৰ সম্ভাৱণা অস্বীকাৰ কৰিব নোৱাৰি |
INDIA Allianceৰ মূল সূত্ৰ হল বিজেপিৰ বৰ্তমানৰ ৩০৩ খন আসনৰ পৰা কমেওঁ ১০০ খন আসন হ্ৰাস কৰা | তাৰ বাবে Allianceএ বাচি লৈছে মহাৰাষ্ট্ৰ, বিহাৰ, পশ্চিমবংগ, পাঞ্জাৱ, দিল্লী, কৰ্ণাটক, তেলেংগানা, হাৰিয়াণা, অসম আৰু উত্তৰ প্ৰদেশ | উল্লেখ যোগ্য যে মহাৰাষ্ট্ৰত মুঠ লোক সভাৰ আসনৰ সংখ্যা ৪৮ খন | ২০১৯ত ইয়াৰ ৪২ খন আসন বিজেপি আৰু শিৱসেনাই দখল কৰিছিল | এতিয়া সেই ৪৮ আসনত যৌথ ভাৱে প্ৰতিদ্বন্দ্বীতা আগ বঢ়াব শিৱসেনা, এন. চি.পি আৰু কংগ্ৰেছে , বিহাৰৰ ৪০ খন লোক সভা আসনৰ ৩৯ খন আসনতেই ২০১৯ ত জয় লাভ কৰিছিল বিজেপি আৰু নীতিশ কুমাৰৰ জনতা দল ইউনাইটেডে | এই বাৰ বিহাৰত লগ লাগিল নীতিশ কুমাৰৰ দল আৰু লালু প্ৰসাদৰ ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দল | লগত থাকিব কংগ্ৰেছ | ২০১৯ত পশ্চিমবংগৰ ৪২ টা চিটৰ ১৮ টা চিটত বিজেপিয়ে জয় লাভ কৰিছিল | ২০২৪ত পশ্চিমবংগত তৃণমূল কংগ্ৰেছ আৰু বামপন্থী দলে INDIA Allianceৰ যৌথ প্ৰাৰ্থী ঠিয় কৰাব | একেদৰে ২০১৯ত দিল্লীৰ সাত খন আসন বিজেপিয়ে লাভ কৰিছিল | দিল্লীত এই বাৰ INDIA Allianceৰ হৈ নিৰ্বাচনত নামিব কংগ্ৰেছ আৰু আম আদমি পাৰ্টি | একেদৰে পাঞ্জাৱ , হাৰিয়াণা, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু গুজৰাটত বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে একে লগে নিৰ্বাচনত নামিব কংগ্ৰেছ ,আম আদমি পাৰ্টী | তদুপৰি উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টী, কংগ্ৰেছ, জনতাদল ইউনাইটেড,জয়ন্ত চৌধুৰীৰ লোকদল আদি প্ৰায় ৮ টা ৰাজনৈতিক দলে বিজেপিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে এজনকৈ উমৈহতীয়া প্ৰাৰ্থী ঠিয় কৰাব | তদুপৰি জম্মু-কাশ্মীৰত কংগ্ৰেছ,নেশ্যনেল কনফাৰেঞ্চ আৰু পিডিপিয়ে বিজেপিৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাৰ্থী ঠিয় কৰাব | অসমতো ২০২৪ত বিজেপি বিৰোধী সকলো দলে বিজেপিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাৰ্থী ঠিয় কৰাব বুলি ইতিমধ্যে ঘোষণা কৰিছে | গতিকে দেখা যায় ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত কংগ্ৰেছৰ পৰাজয়ে কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ নেতা-কৰ্মী সকলক ক্ষতি কৰিছে যদিওঁ INDIA Allianceৰ অংকত আউল লগোৱা নাই | বৰঞ্চ কংগ্ৰেছৰ এই পৰাজয়ে কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ নেতা সকলৰ অহংকাৰৰ পতন ঘটোৱাত সামগ্ৰীক ভাৱে INDIA Alliane লাভবানহে হব || কংগ্ৰেছে এতিয়া আৰু Allianceৰ ভিতৰত বৰ ককাইৰ অহংকাৰ দেখোৱাব নোৱাৰিব | কাৰণ এই নিৰ্বাচনী পৰাজয়ে কংগ্ৰেছক শিক্ষা দিলে যে অকলশৰে মইমতালী কৰি বিজেপিক পৰাভূত কৰাটো কংগ্ৰেছৰ বাবে সম্ভৱ নহয় | INDIA Alliance অবিহনে কংগ্ৰেছ জীয়াই থকাটো কঠিন হৈ পৰিব | কেৱল কংগ্ৰেছ দলেই নহয়, Allianceৰ অংশীদাৰ প্ৰতিটো ৰাজনৈতিক দলে শিক্ষা পালে INDIA Alliance অবিহনে তেওঁলোকৰ ৰাজনীতি অচল |||||

01/12/2023

পাঁচ ৰাজ্যৰ EXIT POLLৰ নামত জালিয়াতি
∆∆∆∆∆∆
পাঁচ ৰাজ্য বিধান সভা নিৰ্বাচনৰ অন্তিম খন ৰাজ্য তেলেংগানাৰ ভোট গ্ৰহন কালি সন্ধিয়া সম্পন্ন হল | লগে লগে প্ৰচাৰ হবলৈ আৰম্ভ কৰিলে বিভিন্ন সংবাদ মাধ্যম আৰু সমীক্ষক গোষ্ঠীৰ Exit Poll ৰ তথ্য | বিভিন্ন গোষ্ঠীৰ এই Exit Pollত চকুত পৰা দিশটো হল তিনি ৰাজ্যত কংগ্ৰেছৰ উত্থান আৰু দেশত বিজেপিৰ পতনৰ ছবি খন | প্ৰায় সকলো বোৰ Exit Poll এ প্ৰকাশ কৰা তথ্য মতে সত্তীশগড় , তেলেংগানা আৰু ৰাজস্থানত কংগ্ৰেছ দলে জয়লাভ কৰিব আৰু মধ্য প্ৰদেশত বিজেপিয়ে বৃহৎ আসনৰ ব্যৱধানত জয় লাভ কৰিব | মিজোৰামত MNFৰ জয় লাভৰ সম্ভাৱণাৰ কথা প্ৰায় প্ৰতিটো গোষ্ঠীৰ Exit Poll ৰ তথ্যত কোৱা হৈছে |
Exit Poll মানে চূঢ়ান্ত সিদ্ধান্ত নহয় | নিৰ্বাচনৰ সম্ভাব্য ফলাফলৰ এটা সাম্যক ধাৰণা লব পাৰি Exit Pollৰ পৰা | তাতে বিগত ১০-১২ বছৰত Exit Poll পৰিণত হৈছে বেপাৰত | গঢ়লৈ উঠিছে শ শ নিৰ্বাচন সমীক্ষক গোষ্ঠী || গতিকে সকলো গোষ্ঠীৰ Exit Poll ত গুৰুত্ব দিব লগা আছে বুলি আমি নেভাবো | বিগত ৩০বছৰে Exit Pollৰ ক্ষেত্ৰত নিজৰ মৰ্যদা ৰক্ষা কৰি নিৰ্বাচনৰ সম্ভাব্য ফলাফলৰ সম্পৰ্কত সামগ্ৰীক ভাৱে শুদ্ধ ধাৰণা দিয়া গ্ৰুপ কেইটাৰ ভিতৰত প্ৰথমেই উচ্ছাৰিত নামটো হল Exis My India গ্ৰুপ | বিগত ৩০ বছৰৰ ভাৰতৰ নিৰ্বাচন সমূহৰ Exit Pollৰ ক্ষেত্ৰত গ্ৰুপটোৰ সাফল্য ৯৪.৫ শতাংশ | গতিকে মই ব্যক্তিগত ভাৱে INDIA TODAY গ্ৰুপৰ হৈ Exit Poll কৰা Axis My India ৰ সমীক্ষা কিছু বিশ্বাস কৰো | কিন্তু কালি INDIA TODAY গ্ৰুপৰ আজটক চেনেলত Axis My Indiaৰ দ্বাৰা প্ৰস্তুত কৰা ৰাজস্থানৰ EXIT POLLৰ তথ্য প্ৰকাশ কৰাক লৈ আজটকৰ দুই সাংবাদিক ৰাহুল কমল আৰু ৰাজদীপসাৰ দেশাইৰ Axis My Indiaৰ অধ্যক্ষ প্ৰদীপ গুপ্তাৰ লগত কথোপকথনৰ যিটো Video সামাজিক মাধ্যমত ভাইৰেল হৈছে , সেই Video দেখি চিন্তা কৰিবলৈ বাধ্য হৈছো - আমাৰ টিভি চেনেল সমূহে প্ৰচাৰ কৰা EXIT POLLৰ তথ্য কিমান বিশ্বাসযোগ্য ! উল্লেখযোগ্য যে Axis My Indiaত সমীক্ষা মতে মধ্যপ্ৰদেশত বিজেপিয়ে ১৪০ ৰ পৰা ১৬০ খন আসনত জয়লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৬৮ৰ পৰা ৯০ খন আসন পোৱাৰ সম্ভাৱণা আছে | তদুপৰি ৰাজস্থানত বিজেপিয়ে ৮০ৰ পৰা ১০০ খন আসনত জয় লাভ কৰাৰ সম্ভাৱণাৰ বিপৰীতে কংগ্ৰেছে ৮৬ৰ পৰা ১০৬ খন আসনত জয়লাভ কৰাৰ সম্ভাৱণা আছে | অৰ্থাৎ Axis my Indiaৰ সমীক্ষা মতে ৰাজস্থানত কংগ্ৰেছে চৰকাৰ গঠন কৰিব | তাতেই আৰম্ভ হৈছে আজটকৰ সাংবাদিক ৰাহুল কমল আৰু ৰাজদীপসাৰ দেশাইৰ মতৰ অমিল | দুয়োজন সাংবাদিকৰ আশংকা ৰাজস্থানত কংগ্ৰেছৰ জয়ৰ তথ্য প্ৰকাশ কৰিবলৈ গলেই তেওঁলোক শাসক দলৰ ৰোষত পৰিব | সেয়েহে দুয়োজন সাংবাদিকে প্ৰদীপ গুপ্তাৰ ওপৰত হেচা প্ৰয়োগ কৰিছে যে তথ্য সমূহ পুণৰ পৰীক্ষা কৰিব লাগে | কিন্তু প্ৰদীপ গুপ্তা নিজৰ স্থিতিৰ অটল | গুপ্তাই কৈছে-"ফিল্ডৰ পৰা পোৱা তথ্যৰ আধাৰত এই ৰিপৰ্ট প্ৰস্তুত কৰা হৈছে | গতিকে ৰিপৰ্টৰ পৰিসংখ্যা সলোৱাৰ প্ৰশ্ন নাহে |" তেতিয়া ৰাজদীপসাৰ দেশায়ে এখোজ আগ বাঢ়ি প্ৰদীপ গুপ্তাক পৰামৰ্শ দিছে-"আপুনি পুণৰ ফিল্ডত গৈ তথ্য পৰীক্ষা কৰক | এই তথ্য প্ৰকাশ হলে আমি গালি খাব লাগিব |"
আজটকৰ দৰে দেশৰ শীৰ্ষ স্থানীয় টিভি চেনেলৰ ভিতৰত চলা এই কথোপকথন দেখাৰ পিছত নিজকে প্ৰশ্ন কৰিছো -আমি উৎকণ্ঠাৰে চাবলৈ ৰৈ থকা Exit Poll কিমান বিশ্বাসযোগ্য !

01/12/2023

বিজেপিৰ বিদায় সমাগত
∆∆∆∆∆∆
দেশৰ পাঁচ ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ফলাফল কি হব সেইটো সম্পূৰ্ণ স্পষ্ট হব ৩ ডিচেম্বৰত | কিন্তু আজিৰ তাৰিখত গুৰুত্বপূৰ্ণ কথাটো হৈছে -দেশৰ জনতাৰ চকু মুকলি হৈছে | এটা বছৰৰ আগতে নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ বিৰুদ্ধে বন্ধুৰ আগত বক্তব্য দিবলৈ সাহস নকৰা হিন্দী বলয়ৰ জনতাই ৰাজ পথত মুকলিকৈ নৰেন্দ্ৰ মোডী আৰু বিজেপিক সমালোচনা কৰিবলৈ ওলাই আহিছে | "মোডী হ্যে তু মুমকিন হ্যে " বুলি মোডীৰ প্ৰতি অন্ধ ভক্তি প্ৰদৰ্শন কৰি থকা অধিকাংশই বিগত ১৯ নবেম্বৰৰ পৰা নৰেন্দ্ৰ মোডীক পনৌটী অৰ্থাৎ অমংগলীয়া বুলি সামাজিক মাধ্যমত সমালোচনাৰে থকা-সৰকা কৰিছে | যি হিমন্তবিশ্ব শৰ্মাৰ আতংকত নিজৰ জীৱনটোকো তুচ্ছ জ্ঞান কৰি অসমৰ মানুহে ক'ৰনা ভেকচিনৰ দৰে মৰাত্মক বিহ নিজৰ শৰীৰত ভৰাই লৈছিল, সেই অসমীয়া মানুহে আজি হিমন্তবিশ্ব শৰ্মাৰ কাম-কাজক কঠোৰৰ পৰা কঠোৰ ভাষাত মুকলিকৈ সমালোচনা কৰিবলৈ লৈছে | গতিকে ইয়াতকৈ দেশৰ ৰাজনৈতিক পৰিবৰ্তনৰ আন ইংগিতৰ প্ৰয়োজন আছে জানো !!

29/11/2023

হিমন্তবিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মন্তব্য কৰিছে -"যি ব্যক্তি মোডীজীৰ সংস্পৰ্শলৈ আহে তেওঁ ৰত্নাকৰৰ পৰা বাল্মিকী হৈ যায়" | হিমন্তবিশ্ব শৰ্মা মোডীৰ সংস্পৰ্শত থকা ৮ বছৰ হল | এই আঠ বছৰত হিমন্তবিশ্ব শৰ্মাৰ চৰিত্ৰৰ কোনো পৰিবৰ্তন মোৰ চকুত পৰা নাই | ৰাইজৰ বাৰু হিমন্তবিশ্ব শৰ্মাক বাল্মিকী বাল্মিকী লগা হৈছে নেকি ? লুক-ঢাক নকৰি চিধা-চিধি মন্তব্য কৰক |

ছয় জনীয়া কেমেৰামেনৰ দল লগত লৈ আজি তিৰুপতীৰ বালাজী মন্দিৰ দৰ্শন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে | পাঁচ কেমেৰামেন আছে ...
27/11/2023

ছয় জনীয়া কেমেৰামেনৰ দল লগত লৈ আজি তিৰুপতীৰ বালাজী মন্দিৰ দৰ্শন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে | পাঁচ কেমেৰামেন আছে ফটোত | ষষ্ঠ জনে তুলিলে এই ফটো || এয়াই মোডীৰ ভগৱান ভক্তিৰ স্বৰূপ....

উত্তৰাখণ্ডৰ সুৰংগত আৱদ্ধ ৪১ শ্ৰমিকক লৈ গুজৰাট গেঙৰ ৰাজনীতি : কন্ট্ৰাকছন কোম্পানী মালিক ওলাল                             ...
27/11/2023

উত্তৰাখণ্ডৰ সুৰংগত আৱদ্ধ ৪১ শ্ৰমিকক লৈ গুজৰাট গেঙৰ ৰাজনীতি : কন্ট্ৰাকছন কোম্পানী মালিক ওলাল
∆∆∆∆∆
উত্তৰাখণ্ডৰ চাৰিধাম প্ৰকল্পৰ চেলকিয়াৰা সুৰংগ নিৰ্মাণ কৰি থকা অৱস্থাত ভূ স্খলন হৈ বিগত কেইবা দিন সুৰংগৰ ভিতৰত আৱদ্ধ হৈ আছে ৪১ জন শ্ৰমিক | এই শ্ৰমিক সকলক উদ্ধাৰ কৰিবৰ বাবে সম্প্ৰতি চেষ্টা অব্যাহত ৰাখিছে আন্তৰ্জাতিক খ্যাতিসম্পন্ন সুৰংগ বিশেষজ্ঞ আলমোড ডিক্সে | ৪১ শ্ৰমিকৰ উদ্ধাৰক কেন্দ্ৰ কৰি সমগ্ৰ দেশ গভীৰ উৎকণ্ঠাত থকাৰ সময়ত উত্তৰাখণ্ডৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীৰ পুষ্কৰসিংধানীৰ সহযোগত গোডী মিডিয়াই প্ৰচাৰ চলাই আছে যে উদ্ধাৰ প্ৰক্ৰিয়া যুদ্ধ কালিন গতিত চলি আছে আৰু যি কোনো মুহূৰ্ততে শ্ৰমিক সকলক উদ্ধাৰ কৰা সম্ভৱ হব | ইয়াৰ বিপৰীতে উদ্ধাৰকাৰ্য পৰিচালনা কৰা সুৰংগ বিশেষজ্ঞ আলমোড ডিক্সে NDTVৰ সাংবাদিকৰ আগত প্ৰকাশ কৰিছে যে শ্ৰমিক সকলক উদ্ধাৰ কৰিবৰ বাবে খ্ৰীছমাছলৈকে সময়ৰ প্ৰয়োজন হব | অৰ্থাৎ আৰু কমেও এটা মাহ সময়ৰ প্ৰয়োজন হব |
প্ৰশ্ন হয়, গোডী মিডিয়াই বিষয়টো লৈ বিভ্ৰান্তিকৰ প্ৰচাৰ চলোৱাৰ কাৰণ কি ? স্পষ্ট কথা গোডী মিডিয়াৰ উদ্দেশ্য পাঁচ ৰাজ্যৰ নিৰ্বাচন | গোডী মিডিয়াই প্ৰচাৰ কৰা উদ্ধাৰকাৰ্য থলীৰ এটা Video ত দেখিলো- উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰসিং ধামিয়ে সুৰংগত আৱদ্ধ হৈ থকা এজন শ্ৰমিকক কৈছে-" চিন্তা কৰিব নেলাগে, অকনমান ধৈৰ্য ধৰক | আমাৰ অভিযানকাৰী দলে কিছু সময়ৰ পিছতে আপোনালোকক উদ্ধাৰ কৰিব | প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীজীয়ে দৈনিক পুৱা ৭ বজাত আপোনালোকৰ খবৰ লৈ আছে |" অৰ্থাৎ জ্ঞান বিচাৰ থকা কাৰো বুজাত অসুবিধা হোৱা নাইযে সুৰংগত আৱদ্ধহৈ জীৱন -মৰণৰ লগত যুঁজ কৰি থকা ৪১ শ্ৰমিকক লৈও নৰেন্দ্ৰ মোডীক ৰাজনৈতিক মাইলেজ দিয়াত গোডী মিডিয়াই কৃপণালী কৰা নাই |
এতিয়া আহো এই সুৰংগ নিৰ্মাণৰ লগত জড়িত কোম্পানীটোৰ প্ৰসংগলৈ - এই সুৰংগটো নিৰ্মাণ কৰি আছে অন্ধ্ৰপ্ৰদেশৰ নৱযোগ ইঞ্জিনীয়াৰিং কন্ট্ৰাকছন লিমিটেড নামৰ কোম্পানীটোৱে | ২০২০ চমলৈকে এই কোম্পানী ১০০ শতাংশ মালিকানাধীন আছিল বিশ্বেশ্বৰ ৰাওৰ | অন্ধ্ৰ প্ৰদেশত এন. চন্দ্ৰবাবু নায়ডুৰ শাসন কালত নৱযোগ ইঞ্জিনীয়াৰিং কন্ট্ৰাকছন কোম্পানীৰ অৱস্থা আছিল জয় জয় ময় ময় | ৰাজ্য খনৰ অধিকাংশ বৃহৎ নিৰ্মাণ প্ৰকল্পৰ কাম কৰিছিল কোম্পানীটোৱে | কিন্তু জগমোহন ৰেড্ডী অন্ধ্ৰপ্ৰদেশৰ শাসনলৈ অহাৰ পিছৰে পৰা দিন বেয়ালৈ আহে চন্দ্ৰবাবু নাইডুৰ ঘনিষ্ঠ ব্যৱসায়ী বিশ্বেশ্বৰ ৰাওৰ কোম্পানী নৱযোগৰ | সেই সময়ত কোম্পানীটোৰ হাতত মাথো আছিল কৃষ্ণপট্টনম চি পৰ্টটো | দুৰ্নীতিৰ শিৰোমণি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডী গুজৰাট গেঙৰ ঘনিষ্ঠ ব্যক্তি | সেই সূত্ৰে গুজৰাট গেঙৰ লগত মিলি চক্ৰান্ত কৰি নৱযোগ কোম্পানীত আয়কৰৰ যোগে তালাচী চলোৱাই বিশ্বেশ্বৰ ৰাওক গৌতম আদানিৰ চৰণত শৰণ লবলৈ বাধ্য কৰাই | সেই সুবিধা লৈয়ে ২০২০ চনৰ ১৫ মেত গৌতম আদানি গ্ৰুপে নৱযোগ কোম্পানীৰ ৭৪ শতাংশ আংশ ক্ৰয় কৰে | ইয়াৰ পৰবৰ্তী সময়ত ২০২১ চনৰ ৫ এপ্ৰিলত আদানি গ্ৰুপে কোম্পানীটোৰ বাকী ২৬ শতাংশ অংশ ক্ৰয় কৰি কৃষ্ণপট্টনম পৰ্টৰ লগতে নৱযোগ ইঞ্জিনীয়াৰিং কন্ট্ৰাকছন প্ৰাইভেট লিমিটেড কোম্পানীটো সম্পূৰ্ণ নিজৰ দখললৈ নিয়ে | আদানি গ্ৰুপে কাৰিকৰী ভাৱে দক্ষ নৱযোগ ইঞ্জিনীয়াৰিং কোম্পানী ক্ৰয় কৰাৰ পিছৰে পৰা কোম্পানীটোৱে "বিজয়াডা বাই পাছ প্ৰজেক্ট", "চাৰ ধাম প্ৰজেক্ট" আদি দেশৰ নিৰ্মাণ খণ্ডৰ বৃহৎ বৃহৎ প্ৰজেক্ট সমূহৰ কাম পাবলৈ আৰম্ভ কৰে | উত্তৰাখণ্ডৰ সেই চাৰিধাম প্ৰকল্পৰ অধীনৰ চেলকিয়াৰা সুৰংগৰ নিৰ্মাণ কাম চলি থাকোতেই ভূমি স্খলন হৈ আৱদ্ধ হৈ আছে ৪১ জন শ্ৰমিক | গুৰুত্বপূৰ্ণ কথা হল দেশ কপোৱা এই দূৰ্ঘটনাটোযে আদানি গ্ৰুপৰ অধীনস্থ কোম্পানীৰ নিৰ্মাণ কাৰ্য থলীত সংঘটিত হৈছে, সেই তথ্য গোডী মিডিয়াই সম্পূৰ্ণ গোপনে ৰাখিছে | মাথো The Wire নামৰ নিউজ পৰ্টেলটোত এই বাতৰি প্ৰকাশ হৈছে |

27/11/2023

'মামু সেৱক' নে 'সজাগ প্ৰহৰী'
∆∆∆∆∆∆
কমলাবাৰী সত্ৰই ব্যক্তি বিশেষক উপাধি প্ৰদান কৰিবলৈ লোৱাটো ভাল কথা | কিন্তু এই বাৰ সত্ৰ খনে উপাধি প্ৰদান কৰা ব্যক্তি গৰাকীৰ কামৰ লগত প্ৰদান কৰা উপাধিটোৰ সাদৃশ্য বিচাৰি নেপালো | আমি সকলোৱে দেখি আহিছো- ' নিউজ লাইভ' নামৰ হিমন্তবিশ্ব শৰ্মাৰ পত্নীৰ ছেটেলাইট টিভি চেনেলটোৰ চিফ মেনেজিং এডিটৰ জেৰিৰ হোছেইনে বিগত দহ-বাৰ বছৰে সাংবাদ সেৱাতকৈ হিমন্তবিশ্ব শৰ্মাৰ সেৱাতহে তেওঁৰ কৰ্ম জীৱন উচৰ্গা কৰিছে | গতিকে সত্ৰখনে শ্ৰীহোছেইনক 'হিমন্ত সেৱক' বা 'মামু সেৱক' উপাধি নিদি কি যুক্তিৰ আধাৰক 'সজাগ প্ৰহৰী' উপাধি দিলে আমি বুজি নেপালো | আমি আশা কৰিছো - অসমৰ শীৰ্ষ স্থানীয় চাৰি সত্ৰৰ অন্যতম কমলাবাৰী সত্ৰই এই বিষয়টো আমাক যুক্তি সহকাৰে বুজাই দিব !

26/11/2023

'ঠগ গুৰু' ৰামদেৱৰ ঠগ-বাজী ধৰা পৰিল চুপ্ৰিম কৰ্টত : পতঞ্জলী আয়ুৰ্বেদৰ ভূৱা বিজ্ঞাপন বন্ধৰ নিৰ্দেশ
∆∆∆∆∆ Facebookত মোৰ যি সকল পুৰণি বন্ধু আছে, সেই সকলৰ নিশ্চয় মনত আছে যে ৰামদেৱক মই সদায় " ঠগ গুৰু' বুলি কৈ আহিছো | ইয়াৰ কাৰণ হল উত্তৰাখণ্ডৰ লগত থকা মোৰ দীৰ্ঘদিনীয়া সম্পৰ্ক | ২০০২ চনৰ পৰা ৰামদেৱ আৰু ৰামদেৱৰ ব্যৱসায়ী সহযোগী বালকৃষ্ণ দুয়োকে মই অতি কাষৰ পৰা পাইছো আৰু দুয়োজনৰ লগত বহুবাৰ ঘনিষ্ঠ ভাৱে কথা বতৰা পাতি বুজাত মোৰ অসুবিধা হোৱা নাই যে মানুহৰ চকুলৈ চাই কথা পাতিব নোৱাৰা দুয়োজন মিছা কথাৰ ভাণ্ডাৰ আৰু পলায়ণবাদী চৰিত্ৰৰ | সন্মুখত বুৰ্বক মানুহ পালেই বৰ বৰ কথাৰ পাঠ পঢ়ুৱাই দিয়ে, বুদ্ধিমান মানুহ দেখিলেই পলাবলৈ চেষ্টা কৰে | গতিকে দুয়োটাৰে ঠগ চৰিত্ৰ বুজাত মোৰ অসুবিধা হোৱা নাছিল |
যি কি নহওক সেই ঠগ গুৰু ৰামদেৱ আৰু বালকৃষ্ণ আজি প্ৰায় ৩০ হাজাৰ কোটি টকীয়া পতঞ্জলী আয়ুৰ্বেদ কোম্পানীৰ মালিক |
ঠগ -বাজী কাৰো বাবে স্থায়ী নহয় | শেহতীয়া ভাৱে সেয়ে হৈছে ৰামদেৱৰ পতঞ্জলীৰ | পতঞ্জলী আয়ুৰ্বেদিকে উৎপাদন কৰা আয়ুৰ্বেদিক প্ৰডাক্টৰ সকলো বিজ্ঞাপন বিভ্ৰান্তিকৰ অৰ্থাৎ মিছা | অৰ্থাৎ বিভিন্ন বিজ্ঞাপনত পতঞ্জলীৰ উৎপাদিত বিভিন্ন আয়ুৰ্বেদ ঔষধৰ যি সমূহ গুণৰ কথা কোৱা হয় বা ঔষধ ব্যৱহাৰ কৰি যি সমূহ ৰোগৰ পৰা আৰোগ্য লাভ কৰা গ্ৰাৰান্টি দিয়া হয় তাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই | সকলো মাথো মিছা প্ৰচাৰ | এই তথ্য প্ৰকাশ কৰিছে 'ইণ্ডিয়ান মেডিকেল এছোচিয়েছনে' | মেডিকেল এছোচিয়েছনে ৰামদেৱৰ এই দুষ্কাৰ্যৰ প্ৰসংগত গোচৰ ৰুজু কৰিছে চুপ্ৰিম কৰ্টত | বিষয়টোৰ ওপৰত তদন্ত কৰি চুপ্ৰিম কৰ্টে পতঞ্জলী আয়ুৰ্বেদ কৰ্তীপক্ষক অনতি পলমে ভূৱা বিজ্ঞাপন প্ৰচাৰ বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে নিৰ্দেশ জাৰি কৰিছে যে আদালতৰ এই নিৰ্দেশৰ পিছত পতঞ্জলীয়ে যদি এটা বিজ্ঞাপন প্ৰচাৰ কৰা আদালতৰ চকুত পৰে তেনেহলে প্ৰতিটো বিজ্ঞাপনৰ বাবে আদালতে ১ কোটি টকাকৈ জৰিমণা বিহা হব l
কেৱল IMAই নহয় | ঠগ গুৰু ৰামদেৱৰ পতঞ্জলী আয়ুৰ্বেদৰ ঔষধৰ বিভ্ৰান্তিকৰ প্ৰচাৰৰ সম্পৰ্কত সৰৱ হৈ পৰিছে কেৰেলা চৰকাৰৰ স্বাস্থ্য বিভাগ | কেৰেলাৰ স্বাস্থ্য বিভাগে পতঞ্জলীৰ ২৪ টা বিভ্ৰান্তিকৰ আৰু ভূৱা বিজ্ঞাপনৰ ওপৰত ইতিমধ্যে স্থানীয় আদালতত গোচৰ ৰুজু কৰিছে |
অসম চৰকাৰকো বিষয়টো দৃষ্টি আকৰ্ষণ কৰিছো | চৰকাৰে অনতিপলমে অসমত পতঞ্জলীৰ আয়ুৰ্বেদ প্ৰডাক্টৰ ওপৰত আইন সন্মত ব্যৱস্থা গ্ৰহন কৰক আৰু ঠগ ৰামদেৱৰ অসমত থকা প্ৰডাকছন ইউনিট বন্ধ কৰক l

বিশ্ব কাপৰ ফাইনেলত নৰেন্দ্ৰ মোডীয়ে নাৰ্ভাছ কৰাৰ সম্পৰ্কত আমাৰ  ক্ৰিকেট পণ্ডিত সকলে কব কি                                ...
21/11/2023

বিশ্ব কাপৰ ফাইনেলত নৰেন্দ্ৰ মোডীয়ে নাৰ্ভাছ কৰাৰ সম্পৰ্কত আমাৰ ক্ৰিকেট পণ্ডিত সকলে কব কি
@@@@@@ ১৫ নবেম্বৰত facebookত মই তলৰ দিয়া Update টোৰ বাবে কিমানৰ কত কি গালি খালো তাৰ হিচাপ নাই | বহুতে মোক মূৰ্খ বুলি কলে | বহুতে মোৰ ক্ৰিকেটৰ ওপৰত জ্ঞান নাই বুলি কলে | বহুজনে কলে - মই কিয় যতে ততে উষ্টাদি মাৰি ফুৰো ইত্যাদি ইত্যাদি | শান্তনু ভূঞাৰ পৰা আৰম্ভ কৰি বহুজন সাংবাদিক বন্ধুৱে ফোন কৰি কলে-" আপুনি ক্ৰিকেটৰ সন্দৰ্ভত উল্লিখিত Updateটো দিব নেলাগিছিল | গোটেই অসমত বিৰূপ প্ৰতিক্ৰিয়া হৈছে |" মই নিজকে কি কৰিছো বা কি লিখিছো বুজি পাও | সেয়েহে এনেবোৰ গালি-গালাজ বা সমালোচনা মই অতি সহজ ভাৱে হজম কৰিব পাৰো | গতিকে ১৫ নবেম্বৰৰ গালি-গালাজবোৰ সহজ ভাৱে হজম কৰি থলো |
১৫ নবেম্বৰত মোৰ Updateটো সমালোচনা কৰা সকলে ১৯ নবেম্বৰৰ ফাইনেল খেল খনত কি দেখিলে আৰু কি বুজিলে ? দেশৰ স্বয়ং প্ৰধান মন্ত্ৰী, গৃহমন্ত্ৰী আৰু বিজেপি শাসিত ১১ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ১৯ নবেম্বৰৰ দিনটো বাকী সকলো কাম বন এৰি উপস্থিত থাকিল আহমেদাবাদত অনুষ্ঠিত ক্ৰিকেটৰ বিশ্ব কাপ ফাইনেল খেল খনত | ষ্টেডিয়ামত উপস্থিত থাকিল গোডী মিডিয়া খ্যাত সকলো টিভি চেনেলৰ আগ শাৰীৰ ৰাজনৈতিক সাংবাদিক সকল | মাথো ষ্টেডিয়ামত দেখিবলৈ পোৱা নগল প্ৰখ্যাত ক্ৰিকেটাৰ কপিল দেৱ, মহেন্দ্ৰ সিং ধোনীৰ দৰে দেশৰ প্ৰখ্যাত প্ৰাক্তন বহুজন ক্ৰিকেটাৰ ৷ ১৯ নবেম্বৰৰ মেছৰ মুখ্য অতিথি কোন আছিল জানেনে ? নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেল খেলৰ মুখ্য অতিথি আছিল নৰেন্দ্ৰ মোডী | আৰু অকনমান আগুৱাই যাওঁক- ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিৰ ৰং নীলা | অথচ বিশ্ব কাপৰ নেট পেক্ট্ৰিচৰ সময়ত ভাৰতীয় দলে কি ৰঙৰ জাৰ্চি পৰিধান কৰিছিল জানেনে - গেৰুৱা |
বহুজনে সমালোচনা কৰাৰ দৰে ক্ৰিকেটৰ বিষয়ে মোৰ জ্ঞান নথকাটে সঁচা | কিন্তু ক্ৰিকেটৰ ক নুবুজা অমিত শ্বাহৰ পুতেক জয় শ্বাহক BCCIৰ সভাপতি কোনে আৰু কিয় পাতিলে অসমৰ ক্ৰিকেট পণ্ডিত সকলে আমাক কবনে ? IPLৰ চেয়াৰমেন ARUN DHUMOL কি কত কিয় বিখ্যাত পণ্ডিত সকলে আমাক জনাবনে ? ক্ৰিকেটৰ মেছ ফিক্সং সম্পৰ্কত তদন্ত কৰা আৰ.এম লুধা কমিটিয়ে ২০১৫ চনত দাখিল কৰা প্ৰতিবেদনত যে ৰাজনৈতিক নেতাক ক্ৰিকেট খেলৰ পৰা নিলগত ৰাখিবলৈ পৰামৰ্শ দিছিল সেই কথা অসমৰ ক্ৰিকেট পণ্ডিত সকলে জানেনে ? লুধা কমিটিৰ পৰামৰ্শাৱলীক পাট্টা নিদি ২০১৯ চনত নৰেন্দ্ৰ মোডী দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে গুজৰাট গেঙে BCCI দখল কৰাৰ সময়ত অসমৰ ক্ৰিকেট পণ্ডিত সকলে ন্যুনতম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল নে ? ক্ৰিকেটক ৰাজনীতিৰ লগত একাকাৰ কৰা বুলি মোক সমালোচনা কৰা সকলে জানেনে নেযানে যে ভাৰতীয় ক্ৰিকেট কন্ট্ৰল বৰ্ড আজি গুজৰাট গেঙৰ দ্বাৰা নিয়ন্ত্ৰিতত | IPL গুজৰাট গেঙৰ দ্বাৰা পৰিচালিত | আমাক সমালোচনা কৰা ক্ৰিকেট পণ্ডিত সকলে বুজাই কব নেকি, কি কাৰণত ১৯ নবেম্বৰৰ ফাইনেললৈ প্ৰখ্যাত ক্ৰিকেটাৰ কপিল দেৱক আমন্ত্ৰণ জনোৱা নহল ? আমি কও শুনক-ভাৰতীয় মল্লযুদ্ধা ফেডাৰেছনৰ অধ্যক্ষ সাংসদ ব্ৰীজ ভূষণ চাৰণ সিঙে মহিল্লা মল্ল যুদ্ধা সকলৰ ওপৰত চলোৱা যৌন শোষণৰ প্ৰতিবাদত মল্ল যোদ্ধা সকলে কৰা প্ৰতিবাদৰ প্ৰতি সমৰ্থন দিছিল কপিল দেৱে | সেয়েহে গুজৰাট গেঙৰ দ্বাৰা নিয়ন্ত্ৰিত BCCI এ কপিল দেৱক আমন্ত্ৰণ নকৰিলে ফাইনেল খেললৈ | এতিয়া আমাক সমালোচনা কৰা ক্ৰিকেট পণ্ডিত সকলে কওক- ভাৰতীয় ক্ৰিকেটত এয়া গুজৰাট গেঙৰ ৰাজনীতি নহয় কি ? আমাক সমালোচনা কৰা ক্ৰিকেট পণ্ডিত সকলে মন কৰিছিল নে নাই নেজানো - ১৯ নবেম্বৰৰ চেম্পিয়ন দলৰ অধিনায়কৰ হাতত বিশ্ব কাপ তুলি দি কোনো ধৰণৰ পতিক্ৰিয়া প্ৰকাশ নকৰাকৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঞ্চ ত্যাগ কৰিছিল | এই লৈ আজি সমগ্ৰ বিশ্বৰ ক্ৰিকেট প্ৰেমীৰ মাজত চৰ্চা হৈছে | সকলোৱে অনুভৱ কৰিছে, এয়া এগৰাকী প্ৰধানমন্ত্ৰীৰ স্বাভাৱিক আচৰণ নহয় | আমাৰ দৰে খা খবৰ ৰখা সাংবাদিকে জানো- সেই মুহূৰ্তত নৰেন্দ্ৰ মোডীয়ে চূঢ়ান্ত ভাৱে নাৰ্ভাচ কৰিছিল | কাৰণ বিশ্ব কাপৰ ফাইনেলক লৈ গুজৰাট গেঙে ইতিমধ্যে যুগুত কৰিছিল ৰাজস্থান, তেলেংগানা নিৰ্বাচনৰ লগতে ২০২৪ৰ নিৰ্বাচনৰ বাবে দীঘলীয়া মাষ্টাৰ প্লেন | ভাৰতে বিশ্ব কাপ জয় লাভ কৰাৰ বাবে সকলো খিনি কৃতিত্ব মোডীক দি Video প্ৰস্তুত কৰি ৰখা হৈছিল | ভাৰত বিশ্ব কাপত জিকাৰ মুহূৰ্ততে ৰাজস্থান আৰু তেলেংগানাত বিশ্ কাপ জয়ৰ লগত মোডীক জড়িত কৰি প্ৰচাৰ চলাবলৈ মোডীৰ বৃহৎ বৃহৎ কাট-আউট প্ৰস্তুত কৰি ৰখা হৈছিল | মোডীৰ কাট আউট লৈ নিশাই বিশ্ব কাপৰ বিজয় যাত্ৰা ওলিয়াবৰ বাবে উত্তৰ প্ৰদেশকে ধৰি সমগ্ৰ হিন্দী বলয় বিজেপিৰ সমৰ্থকৰ দলক সাজু কৰি ৰখা হৈছিল | সুধীৰ চৌধুৰী প্ৰমুখ্যে গোডী মিডিয়াৰ আগশাৰীৰ সাংবাদিক সকলক নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত সাজু কৰি ৰখা হৈছিল | মুঠৰ ওপৰত ভাৰতৰ বিশ্ব কাপ জয়ৰ সকলো খিনি কৃতিত্ব নৰেন্দ্ৰ মোডীক দি ২০২৪ লৈকে নিৰ্বাচনী ৰাজনীতি কৰিবৰ বাবে অমিত শ্বাহৰ নেতৃত্বত গুজৰাট গেঙে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি খেলৰ ফলাফলৰ মুহূৰ্তলৈ আপেক্ষা কৰিছিল | কিন্তু মোডী আৰু বিজেপিক ভাগ্যই লগ নিদিলে | টীম ইণ্ডিয়া পৰাজিত হল | এক বৃহৎ পৰিকল্পনা ধুলিসাৎ হৈ পৰাত স্বাভাৱিকতেই নাৰ্ভাচ হল নৰেন্দ্ৰ মোডী | যি সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিলে | ইয়াৰ পিছটো আমাক গালি পৰা ক্ৰিকেট পণ্ডিত সকলে কব নেকি যে ক্ৰিকেটৰ লগত আমিহে ৰাজনীতি জড়িত কৰিছো ?

Address

Bhangaghar
Gauhati
781007

Telephone

+917002579950

Website

Alerts

Be the first to know and let us send you an email when Pankaj Duarah Axom365 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pankaj Duarah Axom365:

Videos

Share