Comments
🖋️ইচলাম আৰু ইয়াৰ পাঁচ স্তম্ভ 🖋️
🕋🕋🕋
সাম্প্ৰতিক সময়ত আমাৰ দেশত ইচলাম আৰু ইচলাম ধৰ্মাৱলম্বী লোকসকলকলৈ চলি থকা ঘটনাৱলী, বিতৰ্ক, ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত ইচলাম ধৰ্মাৱলম্বী লোকসকলৰ আত্ম বিশ্লেষণৰ বাৰুকৈৱে প্ৰয়োজন আহি পৰিছে৷ লগতে ইচলাম ধৰ্ম আৰু ইয়াৰ মূল ভেটি সম্পৰ্কে অন্য ধৰ্মৰ লোকৰ অজ্ঞানতাও এই পৰিস্থিতিৰ এটা অন্যতম কাৰণ৷ আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা এয়া উপলব্ধি কৰিছো যে ব্যক্তি এজনে মুচলিম সম্প্ৰদায়ৰ পৰিয়াল এটাত জন্ম ল’লে সাধাৰণতে পিতৃ প্ৰদত্ত মুচলিম নাম এটি গ্ৰহণ কৰে আৰু তেওঁৰ ধৰ্ম "ইচলাম" বুলি নথি পত্ৰ সমূহত উল্লেখ কৰা হয়৷ তেনে এজন ব্যক্তিয়ে প্ৰকৃতাৰ্থত ইচলামৰ বিষয়ে জানিবলৈ, নীতি নিয়ম সমূহ পালন কৰিবলৈ অথবা ইচলাম মূল ধৰ্মগ্ৰন্থ পবিত্ৰ "কোৰাণ" খন পঢ়িবলৈ, বুজিবলৈ সৰুৰে পৰা যদি ঘৰখনত এটি পৰিবেশ নাপায়, ঘৰৰ অভিভাৱক তথা জেষ্ঠজনে যদি ইচলাম সম্পৰ্কীয় মৌলিক শিক্ষা খিনি নিদিয়ে তেনেহ’লে তেখেতে তেনেকৈৱে প্ৰাপ্তবয়স্ক অৱস্থা লাভ কৰিব আৰু ওৰেতো জীৱন অজ্ঞানতাকে বহন কৰি লৈ ফুৰিব৷ এনে ব্যক্তিয়ে নিজৰ কথা আৰু কৰ্মৰ দ্বাৰা নিজৰ সম্প্ৰদায়তোৰ লগতে আনৰ মনতো "ইচলাম" সম্পৰ্কে বিভ্ৰান্তিৰ সৃষ্টি হোৱাত অৰিহণাহে যোগাব৷ কোৱাৰ অৰ্থ এয়াই যে, জন্মসূত্ৰে কোনো এজন ব্যক্তি "মুছলিম" হৈ নাযায়৷ কাৰণ, "ইচলাম" কোনো বংশ, জাতি বা সম্প্ৰদায়ৰ নাম নহয়৷ ইচলাম হৈছে , ইচলামৰ পৱিত্ৰ ধৰ্ম গ্ৰন্থ "কোৰাণ" ত উল্লেখিত, হজৰত মহম্মদ(ছঃ) এ আল্লাহ(সৃষ্টিকৰ্তা)ৰ পৰা লাভ কৰা এটি ধৰ্ম আৰু জীৱন ব্যৱস্থা৷ যিজনে এই ধৰ্মক অন্তৰেৰে আকোৱালি লৈ ইয়াৰ নীতি-নিৰ্দেশনা মানি চলে আৰু নিৰ্দেশিত পন্থামতে জীৱন অতিবাহিত কৰে তেৱেই প্ৰকৃত মুছলমান৷
আমি জানো যে ইচলামৰ শ্ৰেষ্ঠ নৱী হজৰত মহম্মদ(ছঃ) জন্ম হৈছিল আৰৱত আৰু পবিত্ৰ কোৰাণ খন আল্লাহে তেখেতৰ জৰিয়তে পৃথিৱীলৈ পঠিয়াইছিল আৰৱী ভাষাত৷ আৰৱী ভাষাতো আমাৰ বোধগম্য নোহোৱা হেতুকে আমি কোৰাণ আৰাৱীত পাঠ কৰিবলৈ যত্ন কৰো যদিও তাৰ যিটো অন্তনিহিতঃ বাৰ্তা সেইটো বুজি নোপোৱাকৈয়ে থাকি যাওঁ বা ইয়াৰ অৰ্থ বুজিবলৈ মৌলানা সকলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ প্ৰতিজন মুচলিমে আৰৱী বুজি নাপালেও ইয়াৰ নিজ নিজ ভাষাত কৰা তৰ্জমা বা ভাঙনি বোৰ পঢ়িব পাৰে৷ যিবোৰ ছপা আকাৰত বজাৰত উপলব্ধ আৰু বৈদ্যুতিক মাধ্যমত বৰ্তমান বিনামূলীয়া সংস্কৰণো উপলদ্ধ ৷ যিয়ে আমাক এজন প্ৰকৃত মুচলমান হিচাপে জীৱন নিৰ্বাহ কৰাত সহায় কৰিব৷
ধৰ্মৰ ফৰজ (অনিবাৰ্য্য কৰ্ত্তব্য) কামখিনি কৰা এটা এবাদত(উপাসনা)৷ এই কাৰনে দ্বীনি(ধৰ্মীয়) কথাবোৰ শিকাৰ বাবে কৰা চেষ্টাও এটি উপাসনা সদৃশ আৰু বিৰাট পূণ্যৰ কাম ৷
হাদিছত কোৱা হৈছে:
ধৰ্মীয় শিক্ষালাভ কৰা প্ৰতিজন মুছলমানৰ কৰ্ত্তব্য৷
---ইবনে মজ্জা, বাইহকী৷
“যিজন ব্যক্তি দ্বীন শিকাৰ বাবে ঘৰৰ পৰা ওলাই গৈছে, যেতিয়ালৈকে তেওঁ উভতি নাহে তেতিয়ালৈকে আল্লাহৰ পথতে থাকে৷”---তিৰমিজী শ্বৰিফ৷
ধনী-দুখীয়া, বুঢ়া-ডেকা, শিক্ষিত অশিক্ষিত আদি সকলোৰে ওপৰত দ্বীন শিকা আৰু দ্বীনৰ প্ৰয়োজনীয় কথাবোৰ জনাৰ বাবে চেষ্টা কৰা ফৰজ৷ মহান আল্লাহে মানৱ জাতিক তেওঁৰ দ্বাৰা সৃষ্ট সকলো জীৱৰ ভিতৰত শ্ৰেষ্ঠ হিচাপে সৃজন কৰিছে এই পৃথিৱীত৷ জীন(অশৰীৰি) আৰু মানৱ জাতিৰ সৃষ্টিৰ উদ্দেশ্য হ’ল মহান আল্লাহৰ এবাদত বা প্ৰশংসা কৰা৷ মানৱ জীৱনটি অতি চমু৷ মৃত্যুৰ পিছত আছে অনন্ত সময়৷ এই চুটি জীৱনটি আল্লাহে মানুহক পৰীক্ষাৰ বাবে পঠিয়াইছে৷ এই জীৱ শ্ৰেষ্ঠ মানৱ জাতিক সৎ পথ দেখুৱাবলৈ সৃষ্টিকৰ্তা আল্লাহে যুগে যুগে বিভিন্ন দেশত বিভিন্ন সম্প্ৰদায়ৰ মাজত একোজনকৈ দূত প্ৰেৰণ কৰিছে৷ এই প্ৰেৰিত দূত বা ৰছুলসকলৰ কিছুমানৰ নাম কোৰাণত উল্লেখ আছে আৰু কিছুমানৰ নাম উল্লেখ নাই৷ সেয়েহে প্ৰকৃত সংখ্যাও ক’ব পৰা নাযায়৷
তাৰ ভিতৰত প্ৰধান নৱী বা দূত কেইগৰাকী হ’ল--
১) হজৰত আদম(আঃ)/আদি মানৱ
২) হজৰ শ্বীচ (আঃ)
৩) হজৰত ইদ্ৰীছ (আঃ)
৪) হজৰত নুহ (আঃ)
৫) হজৰত ইব্ৰাহীম (আঃ)
৬) হজৰত ইছমাইল (আঃ)
৭) হজৰত ইচ্হাক (আঃ)
৮) হজৰত য়াকুব (আঃ)
৯) হজৰত ইউছুফ (আঃ)
১০) হজৰত দাউদ (আঃ)
১১) হজৰত ছুলাইমান (আঃ)
১২) হজৰত মুছা (আঃ)
১৩) হজৰত হাৰুন (আঃ)
১৪) হজৰত য়াহয়া(আঃ)
১৫) হজৰত জাকাৰিয়া (আঃ)
১৬) হজৰত ইলিয়াছ (আঃ)
১৭) হজৰত ইউনুছ (আঃ)
১৮) হজৰত লুৎ (আঃ)
১৯) হজৰত চালিহ (আঃ)
২০) হজৰত হুদ(আঃ)
২১) হজৰত আইয়ুব (আঃ)
২২) হজৰত ছুআইব (আঃ)
২৩) হজৰত ইছা (আঃ)
২৪) হজৰত মহম্মদ(ছঃ)-শেষ তথা শ্ৰেষ্ঠ নবী
কোৰাণত উল্লেখ আছে " এনে কোনো সম্প্ৰদায় নাই, যাৰ ওচৰলৈ কোনো সতৰ্ককাৰী অহা নাছিল৷ (ছুৰা ফাতিৰ)
ইয়াৰ পৰা বুজা যায় আল্লাহে প্ৰতিখন দেশ, প্ৰতিটো সম্প্ৰদায়ৰ ওচৰলৈ সৎ পথ প্ৰদৰ্শক পঠিয়াইছিল৷
নবীসকলৰ জৰিয়তে মানৱ জাতিক সুপথ দেখুৱাবলৈ আল্লাহে ধৰ্ম গ্ৰন্থ সমূহৰ অৱতাৰনা কৰিছিল৷
এইবোৰ হৈছে --
১) হজৰত ইব্ৰাহীম (আঃ) --ছহিফা
২) মুছাৰ (আঃ) --তৌৰাত
৩) দাউদৰ (আঃ) --জব্বুৰ
৪) ইছাৰ (আঃ) --ইঞ্জিল
৫) মহম্মদ (দঃ) --কোৰাণ
এই গ্ৰন্থ সমূহক ঐশী পুথি বুলি কোৱা হয় আৰু আৰৱীত আল-কিতাব৷ এই গ্ৰন্থ সমূহত আল্লাহৰ আদেশ, নিষেধ, হুকুম আদি সময়োপযোগী কৰি লিপিবদ্ধ কৰি দিছে৷ এই গ্ৰন্থ সমূহৰ ভিতৰত "কোৰাণ" হৈছে শ্ৰেষ্ঠতম গ্ৰন্থ৷ কোৰাণ পবিত্ৰ "ৰমজান" মাহত অৱতীৰ্ণ হৈছিল৷ আল্লাহৰ নবীসকলৰ ভিতৰত শেষৰজন আৰু শ্ৰেষ্ঠতম নৱী হ’ল- হজৰত মহম্মদ(দঃ)৷ তেখেত আল্লাহৰ পিছতে সমস্ত জগতৰ ভিতৰত শ্ৰেষ্ঠ৷ সকলো ধৰনৰ পাপৰ পৰা মুক্ত৷ তেখেতে আল্লাহৰ সকলো আদেশ, নিৰ্দেশ মানি চলিছিল৷ তেখেতৰ জৰিয়তে পবিত্ৰ "কোৰাণ" আল্লাহে পৃথিৱীত অৱতৰণ কৰাইছিল৷ তেখেতে আল্লাহৰ পৰা পোৱা সকলো জ্ঞান তেখেতৰ উম্মত বা অনুগামী সকলক দিছিল৷ হজৰত মহম্মদ(দঃ) যিবিলাক কামৰ নিৰ্দেশ দিছে, সেইবিলাক পালন কৰা, যিবিলাক কাম কৰিবলৈ নিষেধ কৰিছে, তাৰ পৰা বিৰত থকা আৰু যিবিলাক ঘটনাৰ সংবাদ দিছে, সিইবিলাক বিশ্বাস কৰাটো প্ৰতিজন ইচলাম ধৰ্মাৱলম্বী লোকৰ কৰ্তব্য৷
ইচলাম ধৰ্মটি পাঁচটা মূল স্তম্ভ বা বুনিয়াদৰ ওপৰত প্ৰতিষ্ঠিত৷
সেই কেইটা হৈছে-
১) কলিমা
২) নামাজ
৩) জাকাত
৪) ৰোজা
৫) হজ
মহান আল্লাহে পবিত্ৰ কোৰাণৰ জৰিয়তে প্ৰতিজন ইচলামত বিশ্বাসী মুচলমানৰ ওপৰোক্ত পাঁচটা কাম বাধ্যতামূলক কৰিছে৷
১) কলিমাঃ
কলিমা তৈয়বা--আল্লাহ ব্যতিত কোনো উপাস্য নাই আৰু মহম্মদ(দঃ) তেওঁৰ ৰছুল অৰ্থাৎ তেওঁৰ দ্বাৰা প্ৰেৰিত দূত৷
এই কলিমাটোৱেই হৈছে ইচলামৰ মূলমন্ত্ৰ আৰু ঈমান(বিশ্বাস) ৰ মূল ভেটি৷
এই কলিমাটিত উল্লেখিত তৌহিদ অৰ্থাৎ আল্লাঁহৰ একত্ব আৰু হজৰত মহম্মদ(দঃ) যে তেওঁৰ দ্বাৰা প্ৰেৰিত দূত সেই কথাখিনি জানি, শুনি অন্তৰৰে বিশ্বাস কৰিব লাগিব৷ কলিমাটিৰ অৰ্থ নুবুজাকৈ পঢ়া বা বুজিও তাক অন্তৰৰে মানি নল’লে তেওঁক "মুমীন"বা "বিশ্বাসী" বুলি ক’ব নোৱাৰি৷
এই কলিমাটিৰ দুটি অংশ আছে৷
প্ৰথমটি হ’ল--লা- ইলাহা-ইল্লাল্লা,আল্লাহৰ একত্বৰ স্বীকাৰোক্তি৷ যাৰ অৰ্থ হ’ল--আল্লাহৰ বাহিৰে কোনো সত্ত্বা নাই যিটো উপাসনাৰ যোগ্য৷ তেওঁৱেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, মালিক, প্ৰতি পালক, অন্নদাতা৷ তেৱেই জীৱন মৃত্যু, ৰোগ-ব্যাধি, ধনী, দৰিদ্ৰতা, সৃষ্টি, ধ্বংস সকলো তেওঁৰ আয়ত্তত আছে৷
দ্বিতীয় অংশ--মহাম্মদুৰ ৰছুলাল্লাহ, অৰ্থাৎ হজৰত মহম্মদ(দঃ) আল্লাহৰ ৰছুল বা দূত বুলি স্বীকাৰোক্তি আৰু ঘোষণা৷ ৰছুল হোৱাৰ অৰ্থ হ’ল--পৃথিৱীবাসীক সৎপথ প্ৰদৰ্শন কৰাৰ বাবে আল্লাহে তেওঁক প্ৰেৰণ কৰিছে৷ তেখেতে যিবোৰ কথা কৈছে সেইবোৰ সত্য আৰু শুদ্ধ৷ তেখেতে যিবোৰ কথা কৈছে সেইবোৰ আল্লাহৰ তৰফৰ পৰা কোৱা হৈছে৷
কলিমাটো হৈছে এটা প্ৰতিজ্ঞা আৰু অংগীকাৰ এজন প্ৰকৃত মুছলমান হিচাপে জীৱন নিৰ্বাহ কৰাৰ৷
২) নামাজঃ
আল্লাহৰ একত্ব আৰু ৰছুল(দঃ)ৰ ৰছুলত্বৰ ওপৰত সাক্ষী দিয়াৰ পিচত সৰ্বপ্ৰথম আৰু সৰ্বশ্ৰেষ্ঠ অনিবাৰ্য্য কৰ্তব্য বা ফৰজ হ’ল- নামাজ৷
নামাজ হৈছে আল্লাহৰ উপাসনা যিটো দিন ৰাতিৰ ভিতৰত পাচঁ বাৰ নিৰ্ধাৰিত নিয়ম অনুসৰি সম্পন্ন কৰাটো কৰ্তব্য৷ নামাজ হৈছে এনে এটি উপাসনা যদি কোনোবাই শুদ্ধ মনেৰে নম্ৰতাৰে সৈতে মহান আল্লাহক মানি পূৰ্ণ মনোযোগেৰে নামাজ পঢ়ে, সেই মানুহ জনৰ অন্তৰ পবিত্ৰ হৈ যায়, জীৱন সংশোধিত হয়, বেয়া কামৰ পৰা নিজে আতৰি আহে, পূণ্য কাম, সত্যৰ প্ৰতি আকৰ্ষণ আৰু অন্তৰত আল্লাহৰ প্ৰতি ভয় সৃষ্টি হয়৷ আল্লাহৰ প্ৰতি সৃষ্টি হোৱা ভয়ে ব্যক্তি গৰাকীক বেয়াকাম আৰু অপশক্তিৰ পৰা আতঁৰত ৰাখে৷ হাদিছত আছে- যিয়ে নামাজ নপঢ়ে, ধৰ্মত তাৰ কোনো অংশ নাই৷
এদিন হজৰত মহম্মদ(দঃ) তেখেতৰ শিষ্য সকলক নামাজৰ গুৰুত্ব বৰ্ণনা কৰি কৈছিল--“যিজনে ভালদৰে নিয়মিত নামাজ আদায় কৰে৷ "কিয়ামত" অৰ্থাৎ শেষ বিচাৰৰ দিনা এই নামাজ তেওঁৰ বাবে "নূৰ" বা "জ্যোতি", তেওঁৰ "ঈমান"(ইচলামৰ প্ৰতি বিশ্বাস)ৰ দলিল আৰু মুক্তি পোৱাৰ এটা মাধ্যম হ’ব৷
৩) জাকাতঃ
ইচলামৰ ৫ টা স্তম্ভৰ ভিতৰত ঈমান আৰু নামাজৰ পিছতেই আহে "জাকাত"ৰ স্হান৷ ইচলামৰ তৃতীয় স্তম্ভ৷ জাকাতৰ অৰ্থ হ’ল- যিজন মুছলমানৰ ওচৰত এটা নিৰ্দিষ্ট পৰিমাণৰ সম্পদ থাকে৷ তেওঁ প্ৰত্যেক বছৰ হিচাপ কৰি সেই সম্পত্তিৰ চল্লিচ ভাগৰ এভাগ অৰ্থাৎ ২.৫ % গৰীৱ, দুখীয়া বা ৰছুল(দঃ) য়ে নিৰ্ধাৰিত কৰি দিয়া স্থানবোৰত খৰচ কৰা ৷ নামাজ, ৰোজাক শাৰীৰিক উপাসনা আৰু জাকাতত আৰ্থিক উপাসনা বুলি কোৱা হয়৷ জাকাত দিয়াতো ফৰজ৷
মুছলমান, স্বাধীন, জ্ঞানী, প্ৰাপ্তবয়স্ক ধন, সম্পত্তি, ব্যৱসায়ৰ মালিক ব্যক্তিৰ ওপৰত জাকাত ফৰজ৷ যিবিলাকৰ হিচাপতকৈ কম সম্পত্তি আছে, ঋণী সকলৰ, ঘৰ, সম্পত্তি এবছৰ সম্পূৰ্ণ নাথাকে তেনেকুৱা অৱস্থাত ফৰজ নহয়৷
৪) ৰোজাঃ
ইচলামৰ চতুৰ্থটো বুনিয়াদ হৈছে ৰোজা ৷ ইচলামত ৰমজান মাহত ৰোজা ৰখাতো প্ৰতিজন প্ৰাপ্ত বয়স্ক সুস্থ মানুহৰ বাবে ফৰজ৷ কোনো উপযুক্ত কাৰন নোহোৱাকৈ ৰমজান মাহৰ এটা ৰোজা এৰি দিলে মহা পাপী হ’ব লাগিব৷ হাদিছত আছে- যিজনে বিনা কাৰণত আৰু কোনো বেমাৰ আজাৰ নোহোৱাকৈ ৰমজানৰ এটা ৰোজা নাৰাখে আৰু তাৰ পৰিবৰ্তে ওৰেটো জীৱন ৰোজা ৰাখে তথাপিও তাৰ ক্ষতিপূৰণ আদায় নহ’ব৷ ৰোজাই অতীত জীৱনৰ সকলো পাপকৰ্ম বা গুনাহ মাফ হয় ৷ হাদিছত আছে--যিজনে পূৰ্ণ ঈমানৰ সৈতে মহান আল্লাহৰ সন্তুষ্টি আৰু পূণ্য অৰ্জনৰ বাবে ৰমজানৰ ৰোজা ৰাখে সেইজনৰ অতীত জীৱনৰ সকলো পাপ মোচন কৰি দিয়া হ’ব৷
অন্যহাতে, ৰোজাই মানুহক অন্য জীৱ-জন্তুৰ পৰা পৃথক কৰে মন গ’লে খোৱা, ইচ্ছামতে পান কৰা, যেতিয়াই ইচ্ছা তেতিয়াই যৌন সম্ভোগত লিপ্ত হোৱা আটাইবোৰ জীৱ-জন্তুৰ প্ৰকৃতিগত স্বভাৱ ৷ ৰোজাই মানুহক মিছা কোৱা, পৰচৰ্চা, কাজিয়া, সকলো প্ৰকাশ্য আৰু গোপন পাপ কৰ্মৰ পৰা আতৰত ৰাখে৷
হাদিছত কোৱা হৈছে- যিজনে ৰোজা ৰাখি বেয়া কথা আৰু বেয়া কাম বৰ্জন নকৰে, আল্লাহে তেওঁৰ খাদ্য-পানী ত্যাগ কৰাৰ কোনো প্ৰয়োজন বোধ নকৰে--বুখাৰী শ্বৰিফ৷
ৰমজানৰ ৰোজাই বিশ্বাসী মুচলিম এজনৰ শৰীৰ আৰু আত্মাৰ বিশুদ্ধি কৰণৰ জৰিয়তে আদৰ্শৱান মানুহলৈ পৰিবৰ্তিত হোৱাত সহায় কৰে৷
৫) হজঃ
হজ হৈছে ইচলামৰ শেষৰটো স্তম্ভ বা বুনিয়াদ৷ আৰৱী৷ জিলহজ মাহত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মুছলমানে একেলগ হৈ চৌদি আৰৱৰ মক্কা দৰ্শন কৰে আৰু একেলগে "কাবা শ্বৰিফ"ত আল্লাহক উপাসনা কৰে৷
তাৎপৰ্য্যপূৰ্ণ কথাটো হ’ল- ৬২৮ খ্ৰীঃত হজৰত মহম্মদ(দঃ)য়ে আল্লাহৰ নিৰ্দেশক্ৰমে ১৪০০ অনুগামীৰ লগত কাবা শ্বৰিফত ইচলাম প্ৰতিষ্ঠাৰ বাবে মক্কালৈ যাত্ৰা কৰিছিল৷ এয়াই আছিল প্ৰথম হজ৷ কোৰাণত কৈছে- "একমাত্ৰ আল্লাহৰ উদ্দেশ্য বয়তুল্লাহ(আল্লাহৰ ঘৰ) ৰ হজ ফৰজ কৰা হৈছে সেইসকলৰ ওপৰত যি সকলে তালৈকে যোৱাৰ সক্ষমতা ৰাখে ৷ যিসকলে নামানে আল্লাহ (তেওঁলোকৰ) সমগ্ৰ জগতৰ কাৰো মুখাপেক্ষী নহয়" ৷ অৰ্থাৎ হজ সকলোৰে বাবে ফৰজ নহয়৷
হাদিছত আছে- “হজ আৰু ওমৰাহ কৰিবলৈ যোৱা ব্যক্তিসকল আল্লাহৰ বিশেষ অতিথি৷ তেওঁলোকে দোৱা(প্ৰাৰ্থনা) কৰিলে আল্লাহে কবুল কৰে আৰু ক্ষমা বিচাৰিলে ক্ষমা কৰি দিয়ে"৷
অন্য এটা হাদিছত আছে- -যিজনে হজ কৰে আৰু তাত কোনো বেয়া আৰু বেহুদা কাম নকৰে, আল্লাহৰ ওচৰত অকৃতজ্ঞ নহয়, তেওঁ সদ্যজাত সন্তানৰ দৰে নিষ্পাপ হৈ আহে"৷
ইচলামৰ পাচঁ বুনিয়াদৰ ওপৰত লক্ষ্য কৰিলে দেখা যায়৷ এজন প্ৰকৃত মুচলমান হিচাপে জীয়াই থাকিবলৈ যিখিনি নীতি নিৰ্দেশনাৰ কথা কোৰাণত উল্লেখ আছে সেইখিনি মানি চলিলেই ব্যক্তি এগৰাকী সম্পূৰ্ণ আদৰ্শৱান মানৱ হিচাপে জীৱন অতিবাহিত কৰিব পাৰিব৷ হাদিছত কৈছে--সেইজন মুছলমান নহয় যিয়ে নামাজ নপঢ়ে আৰু জাকাত নিদিয়ে৷ কিন্তু বাস্তৱত দেখা যায় বৰ্তমান খুব নগণ্য সংখ্যক মুছলমানেহে এই ইচলামৰ পাঁচটা স্তম্ভ ৰক্ষা কৰি চলিছে৷ যাৰ বাবে বহুতো বিভ্ৰান্তিৰ সৃষ্টি হৈছে লগতে বিভিন্ন সময়ত জীৱন ধাৰণ প্ৰক্ৰিয়াত সংকটৰ সন্মুখীন হ’বলগীয়াত পৰিছে৷ সেয়েহে আমি সকলোৱে নিজৰ ধৰ্মটিৰ বুনিয়াদী কথাখিনি অধ্যয়ন কৰাটো আৰু নীতি নিৰ্দেশনা সমূহ মানি চলাতো অতি প্ৰয়োজনীয় নহ’লে নিজকে মুচলিম বুলি পৰিচয় দিয়াৰ আৰু গৰ্ব কৰাৰ আমাৰ কোনো অধিকাৰ নাই৷
©নাজিয়া চুলতানা
ছিপাঝাৰ, দৰং
৩০-০৪-২০২০
(টোকাঃ
১)দঃ/ছঃ-
দৰুদ/ছল্লালাহু- আলাই-হিওৱা চালাম-
অৰ্থ- আল্লাহে তেখেতৰ ওপৰত শান্তি বৰষক৷
২) আঃ- তেখেতৰ ওপৰত শান্তি বৰষক৷
৩)হাদিছ- (আৰবীত الحديث) হ'ল মূলত ইছলাম ধৰ্মৰ শেষ বাণীবাহক হজৰত মুহাম্মাদ চাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ বাণী আৰু জীৱনাচৰণ। হাদিছৰ উপদেশ মুছলিম সকলৰ জীৱনাচৰণ আৰু ব্যৱহাৰ বিধি অন্যতম পথ নিৰ্দেশ।
৪) ওমৰাহ-- হজৰ সময়ৰ বাহিৰে অন্য সময়ত মুচলিম ব্যক্তিয়ে কৰা মক্কা ভ্ৰমণ যি বাধ্যতামূলক নহয়৷)
প্ৰসংগ পুথি :
১) মৌলানা মনজুৰ নো’মানী চাহাবৰ মূল গ্ৰন্থ “ইচলাম ক্যা হে" ৰ হাফিজ বশ্বিৰ আহমদ কাছিমী চাহাবৰ অনুবাদ গ্ৰন্থ
"ইছলাম কি"
২)মঃ ফৰমুদ আলী চৌধুৰী চাহাবৰ "দ্বীনিয়াত"
#সংযোজন :
লিখনিটোত হোৱা অবাঞ্চিত ভুলৰ বাবে বিজ্ঞজনৰ ওচৰত মাৰ্জনা বিচাৰিছো ৷লিখনিটো পঢ়ি কোনো ব্যক্তি উপকৃত হ’ব বুলি ভাবিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব৷