✅ছত্তিশগড়ত নিৰ্বাচনী প্ৰচাৰ সভাত বিপুল আদৰণি ড০ হিমন্ত বিশ্ব শৰ্মাক
🔹কংগ্ৰেছৰ জিলা সভাপতি এজনে যদি ১২ কোটিৰ ঠিকাত বিজেপিলৈ আহে, তেন্তে ৰাজ্যিক সভাপতিজন ২৫ কোটিত আহিব
🔹জিলা সভাপতিয়ে ১২ কোটি টকাৰ ঠিকাত অহা বুলি ভূপেন বৰাই কৈছে, আমি কোৱা নাই
👉এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
🔴 "ইতি তোমাৰ"...
🔴 ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব নতুন অসমীয়া চলচ্চিত্ৰ "ইতি তোমাৰ"...। মঙলবাৰে ছবিখনৰ প্ৰম'চনৰ বাবে নগাঁৱত উপস্থিত হয় কলা-কুশলীসকল । নগাঁৱৰ কল্লোল ভৱনত সংবাদ মেল সম্বোধন কৰি সকলোকে ছবিগৃহত নতুন চলচ্চিত্ৰখন উপভোগ কৰিবলৈ আহ্বান জনায় প্ৰযোজনা গোষ্ঠীয়ে ।
নগাঁৱৰ পৰা মানৱ জ্যোতি বৰাৰ ৰিপৰ্ট
#NiyamiyaBarta #nagaon
🔴 নগাঁৱত খেল মহাৰণ ২০২৩ আৰম্ভ।
🔴 ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা খেল মহাৰণ ২০২৩ মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে বিধায়ক ৰূপক শৰ্মাই। নগাঁও নুৰুল আমিন খেলপথাৰত দুদিনীয়াকৈ জিলা পৌৰসভাৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ২৬টা ৱাৰ্ডৰ খেলুৱৈৰ মাজত অনুষ্ঠিত মহলা পৰ্য্যায়ৰ প্ৰতিযোগিতাখনত চহৰখনৰ কেইবাখনো বিদ্যালয়ে অংশগ্ৰহণ কৰে।
নগাঁৱৰ পৰা কনক হাজৰিকাৰ ৰিপৰ্ট
#NiyamiyaBarta #nagaon
🔴 ৰাষ্ট্ৰবাদী সংগঠন জনসংখ্যা সমাধান ফাউন্ডেচনৰ এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ দাবীত দেশজুৰি সজাগতা। অসমকে ধৰি প্ৰায়বিলাক ৰাজ্যত জনসংখ্যা নিয়ন্ত্রণ আইনৰ সমৰ্থনত গণসাক্ষৰ সংগ্ৰহ।
🔴 দেশজুৰি প্ৰায় ১ কোটি ২০ লাখ গণসাক্ষৰ সংগ্ৰহ কৰি যোৱা ২৯ অক্টোবৰত গাজিয়াবাদৰ পৰা প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ এটা ৰাষ্ট্ৰ ৰক্ষা ৰেলী আৰম্ভ কৰে, কিন্তু প্ৰশাসনে বাধা দিয়াত সংগঠনটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰীয়ে আমৰণ অনশনত বহে। এই অনশনৰ ১৬ দিনৰ পিছত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা নিমন্ত্রণ অহাৰ পৰিপ্ৰেক্ষিতত অনিল চৌধুৰীৰ সৈতে সংগঠনটোৰ ৰাষ্ট্ৰীয় কাৰ্যকৰ্তাই প্ৰধানমন্ত্ৰীৰ মূখ্য উপদেষ্টাৰ লগত আলোচনা কৰে। এই আলোচনা যোগাত্মক বুলি ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
#NiyamiyaBarta
🔴 ভূপেন বৰা নন-ছিৰিয়াছ পলিটিচিয়ান, বেলেগ গ্ৰহৰ পৰা অহা ব্যক্তিৰ নিচিনা কথা কয় : মন্ত্ৰী পীয়ূষ হাজৰিকা
#NiyamiyaBarta #PijushHazarika
➡️দেৱালীৰ আনন্দ-উল্লাসৰ মাজতে পুৰণিগুদামৰ মুঢ়ানী গাঁৱত উদ্ধাৰ প্ৰকাণ্ড অজগৰ।
➡️কেশৱ বৰদলৈৰ ঘৰত উদ্ধাৰ প্ৰায় ১২ফুট দৈৰ্ঘ্যৰ অজগৰডাল।
নগাঁৱৰ পৰা মানৱ জ্যোতি বৰাৰ ৰিপৰ্ট
#NiyamiyaBarta #nagaon
🔴 বঢ়মপুৰত ৰাসৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি।
🔴 সমাগত ৰাস মহোৎসৱ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাৰ বঢ়মপুৰতো এতিয়া কেন্দ্ৰীয় ৰাসৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। প্ৰতি বছৰৰ দৰে এই বছৰো ঐতিহ্যমণ্ডিত বঢ়মপুৰ কেন্দ্ৰীয় ৰাসৰ মঞ্চত একেলগে মঞ্চস্থ কৰা হ'ব ১৬গৰাকীকৈ ৰাধা-কৃষ্ণৰ নৃত্যাভিনয়ৰ যুগলবন্দী। ১৮ বছৰত উপনীত হোৱা বঢ়মপুৰ কেন্দ্ৰীয় ৰাস ২ ডিচেম্বৰত অতি আড়ম্বৰপূৰ্ণভাৱে ধৰ্মীয় পৰম্পৰাৰ মাজেৰে অনুষ্ঠিত কৰিবৰ বাবে উদ্যোক্তাসকলে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে।
নগাঁৱৰ পৰা মানৱ বৰাৰ ৰিপৰ্ট
#NiyamiyaBarta #nagaon
🔴 গ্ৰাহকক লুণ্ঠন কৰি পলায়ন অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ! চৰাইদেউৰ চফ্ৰাইত গ্ৰাহকৰ মাজত হাহাকাৰ।
🔴 গ্ৰাহকে জমা কৰা দহ লক্ষাধিক টকা আত্মসাৎ কৰি পলায়ন কৰাৰ অভিযোগ উঠিছে বিত্তীয় প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীৰ বিৰুদ্ধে। অভিযোগ অনুসৰি অসম বহুমুখী সমবায় সমিতি লিমিটেড নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৱে গ্ৰাহকৰ জমাধন আত্মসাৎ কৰি পলায়ন কৰিছে অঞ্চলটোৰ পৰা।
সোণাৰিৰ পৰা আব্দুল জাব্বাৰৰ ৰিপৰ্ট
#NiyamiyaBarta #sonari
🔴 দীপাৱলীৰ সন্ধিয়া মানকাচৰ চহৰৰ মাজমজিয়াত ভয়াৱহ অগ্নিকাণ্ড। কেইবালক্ষ টকাৰ সামগ্ৰী ভস্মীভূত।
🔴 মানকাচৰ ইউকো বেংকৰ সমীপত সন্ধিয়া বিজু জালান নামৰ এগৰাকী ব্যৱসায়ীৰ কপাহ তথা কাপোৰৰ গুদামত আকস্মিকভাৱে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।
মানকাচৰৰ পৰা ফাৰহাদ আহমেদৰ ৰিপৰ্ট
#NiyamiyaBarta
🔴 কলিয়াবৰৰ ইটাভাতাত অঘটন।
🔴 বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাবটিলে এজন শ্ৰমিকে। উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ তলত কয়লাভৰ্তি ট্ৰাকখন ৰখাই ট্ৰাকৰ পৰা কয়লা আনলোড কৰাৰ সময়ত সংঘটিত হয় দুৰ্ঘটনাটি। সংকটজনক অৱস্থাত আহত শ্ৰমিকজনক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে বদৰুদ্দিন ইছলামক মৃত ঘোষণা কৰে।
নগাঁৱৰ পৰা কনক হাজৰিকাৰ ৰিপৰ্ট
#NiyamiyaBarta #nagaon
🔴 পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে সোণাৰিৰ বিধায়কৰ সামগ্ৰী বিতৰণ। সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সাপেখাতীত পোহৰৰ উৎসৱ দীপাৱলীত মাটিৰ চাকি, শলিতা, তেল আদি ৰাইজৰ মাজত বিতৰণ কৰে।
🔴 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ vocal for local আহ্বানলৈ সঁহাৰি জনাই তথা মৃৎশিল্পীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে ভাৰতীয় জনতা যুৱ মৰ্চা চৰাইদেউ জিলাৰ উদ্যোগত লগতে সাপেখাতী আৰু বৰহাট মণ্ডলৰ সহযোগত সাপেখাতী চাৰিআলিত ৰাইজৰ মাজত বিতৰণ কৰে সামগ্ৰী।
সোাণাৰিৰ পৰা আব্দুল জাব্বাৰৰ ৰিপৰ্ট
#NiyamiyaBarta #sonari
🔹 ৯০সংখ্যক ৰাস মহোৎসৱ উদযাপন সন্দৰ্ভত নলবাৰী হৰিমন্দিৰত জয়ন্ত মল্ল বৰুৱাৰ সংবাদ মেল।
#NiyamiyaBarta #jayantamallabaruah
🔴 প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ বাম্পাৰ অফাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ!
🔴 নগাঁৱৰ জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই বিজেপিত যোগদান কৰা কাৰ্যত দলটোৰ সভাপতিগৰাকীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।
#Niyamiyabarta #jayantamallabaruah
🔴 নেমকেয়াৰ হাস্পতালত জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল'লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
🔴 বিগত কেইবাদিনো ধৰি চিকিৎসাধীন হৈ আছে জুবিন গাৰ্গ।
#NiyamiyaBarta #keshavmahanta
🔴 পুৱাতেই ৰঙীন হৈ পৰিল ঢকুৱাখনাৰ ৰাজপথ।
🔴 ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৮৬সংখ্যক বাৰ্ষিক যুৱ মহোৎসৱ উপলক্ষে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা।
🔴 অসমীয়া কৃষ্টি-সংস্কৃতিৰ সমাহাৰেৰে উলিওৱা হয় এই বৰ্ণিল শোভাযাত্ৰা।
ঢকুৱাখনাৰ পৰা পুলকজ্যোতি বৰাৰ ৰিপৰ্ট
#NiyamiyaBartaNiya #dhakuakhana
🔴 ৰাজ্যৰ বিভিন্ন প্ৰান্তত পোহৰৰ উৎসৱ দীপাৱলীক আদৰাৰ প্ৰস্তুতি।
🔴 নগাঁও চামগুৰি ফ্লুৰেঞ্চ একাডেমী বিদ্যালয়ত ব্যতিক্ৰমী পৰিৱেশ।
🔴 চীনা সামগ্ৰীৰ বিপৰীতে দেখা গ'ল প্ৰস্তুত কৰা থলুৱা মাটি চাকি আৰু হস্তনিৰ্মিত বিভিন্ন সামগ্ৰী।
নগাঁৱৰ পৰা মানৱ বৰাৰ ৰিপৰ্ট
#NiyamiyaBarta #Nagaon
🔴 বিলাসীপাৰাবাসীৰ বাবে এক সুখবৰ। সদ্যঘোষিত অসম ক্ৰিকেট দলত বিলাসীপাৰাৰ দুগৰাকী কন্যা সন্তানে স্থান লাভ কৰিছে। উল্লেখ্য যে অহা ১৭ নৱেম্বৰত কলকাতাত অনুষ্ঠিত হ'ব বি চি চি আইৰ ১৫ বছৰ অনূৰ্ধ্বৰ ক্ৰিকেট লীগ। লীগখনত অসমৰ হৈ খেলিব বিলাসীপাৰাৰ অক্ষিতা দাস আৰু লাভলী খানে। এই খবৰত খেলুৱৈ দুগৰাকীৰ পৰিয়ালৰ লগতে বিলাসীপাৰা জিলা ক্ৰীড়া সন্থা তথা বিলাসীপাৰাবাসী উৎফুল্লিত হৈ পৰিছে।
বিলাসীপাৰাৰ পৰা সমৰেশ শীল শৰ্মাৰ ৰিপৰ্ট
#NiyamiyaBarta #bilashipara
🔴 কংগ্ৰেছৰ সহযোগী পাৰ্টীক লেং মৰাৰ উদাহৰণ বহু পুৰণা।- পীয়ূষ হাজৰিকা
#NiyamiyaBarta #PijushHazarika
🔴 নাওবৈচাত নতুন সমষ্টি হ'ল, নতুন বিধায়ক হ'ব, কিন্তু নতুন বিধায়কজন বিজেপিৰ হ'ব-পীয়ূষ হাজৰিকা।
#NiyamiyaBarta #PijushHazarika
🔴 বিলাসীপাৰা চহৰত চোৰৰ সন্ত্ৰাস। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে লুটপাত। চহৰখনৰ ৫নং ৱাৰ্ড নাথপাৰাৰ ধ্ৰুৱ নাথৰ ঘৰত সংঘটিত হৈছে চুৰি কাণ্ড।
বিলাসীপাৰাৰ পৰা সমৰেশ শীল শৰ্মাৰ ৰিপৰ্ট
#NiyamiyaBarta #bilashiparapolice
🔹 এগৰাকী শিক্ষিত যুৱতীয়ে বাছি লৈছে স্বাৱলম্বিতাৰ পথ।
🔹 স্ব-নিয়োজনৰ লগতে নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈ সক্ষম হোৱা যুৱতীগৰাকী সোণাৰিৰ চফ্ৰাই অঞ্চলৰ পৰিস্মিতা দত্ত।
🔹 সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে ঘৰতে তৈয়াৰী চাবোন। তদুপৰি বেকাৰীৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে নিজ ঘৰতে।
সোণাৰিৰ পৰা আব্দুল জব্বৰৰ ৰিপৰ্ট
#NiyamiyaBarta
🔴নিৰ্বাচনৰ সময়লৈ বিৰোধী ঐক্য নাথাকে।
🔴কংগ্ৰেছে সহযোগী দলক লেং মৰাত ওস্তাদ।
🔴কংগ্ৰেছক বিশ্বাসত লব নোৱাৰি।
👉এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰীকাৰ
🔴ইছলামিক ৰাষ্ট্ৰৰ সপোন দেখা শক্তিক সমৰ্থন কৰে কংগ্ৰেছে।
✅সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা আফতাব উদ্দিন মোল্লাৰ বিৰুদ্ধে সৰৱ বিধায়ক ভুৱন পেগু।
👉জোনাইৰ পৰা কৰবী দলেৰ ৰিপৰ্ট
🔴চিলাপথাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
✅ডিমাপুৰৰ পৰা পাছিঘাটলৈ লৈ যাওঁতে কুলাজানত কন্টেইনাৰসহ ১.৪০৭ গ্ৰাম হেৰ'ইন জব্দ।
✅হেৰ'ইন সৰবৰাহকাৰী জোনাইৰ মুৰ্কংচেলেকৰ মফিজুল হক।
👉চিলাপথাৰৰ পৰা কৰবী দলেৰ ৰিপৰ্ট
🔴৬১সংখ্যক গোৰেশ্বৰ আঞ্চলিক ৰাস মহোৎসৱৰ পবিত্ৰ লাইখূটা স্থাপন।
🟢গোৰেশ্বৰ আঞ্চলিক ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন।
🟢লাইখুঁটা স্থাপন কৰে বিজেপিৰ সভাপতি ভৱেশ কলিতাই।
🟢২৬ নৱেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ অনুষ্ঠিত হব গোৰেশ্বৰ আঞ্চলিক ৰাস মহোৎসৱ।
👉গোৰেশ্বৰৰ পৰা বিজয় ৰাজবংশীৰ ৰিপৰ্ট
👉বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।
👉কাজাইকাটাৰ ঝেল্টুৰ চৰ প্ৰথম খণ্ড গাঁৱত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।
👉অগ্নিকাণ্ডত নিমিষতে ধ্বংসস্তূপত পৰিণত একেটা পৰিয়ালৰ চাৰিটা বাসগৃহ।
✅বিলাসীপাৰাৰ পৰা সমৰেশ শীল শৰ্মাৰ ৰিপৰ্ট
🔴হোজাইত আজিৰে পৰা সদৌ অসম ভিত্তিত বাস্কেটবল প্ৰতিযোগিতা
✅উপস্থিত থাকে সদৌ অসম বাস্কেট বল এছ'চিয়েচনৰ মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শৰ্মা