Itz.me baby girl

Itz.me baby girl no data~♪(◍•ᴗ•◍)❤☜ (↼_↼):^)♥╣[-_-]╠♥(ʘᴗʘ✿)(☞ ಠ_ಠ)☞:^)(◍•ᴗ•◍)❤(っ˘з(˘⌣˘ )(๑˙❥˙๑)(◍•ᴗ•◍)✧*。(*˘︶˘*).。*♡←_

26/06/2023

এজন ল'ৰাই পৰীক্ষাত ৯০শতাংশ নম্বৰ পাই পাছ কৰিলে। দেউতাকে মাৰ্কশ্বিটখন দেখি আনন্দতে তেওঁৰ পত্নীক ক'লে-শুনা আজি পায়স বনোৱা পৰীক্ষাত আমাৰ ল'ৰাই ৯০শতাংশ নম্বৰ পাইছে।

মাকে পাকঘৰৰ পৰা দৌৰি আহি ক'লে-
-মোকো দেখুওৱা ল'ৰাটোৰ মাৰ্কশ্বিটখন

মাকৰ কথাষাৰ শুনা লগে লগে লৰাটোৱে ঘপককে ক'লে-"কি দেউতা ,কাক ৰিজাল্ট দেখুৱাবলৈ লৈছা?মায়ে পঢ়াশুনা জানে জানো ? তেওঁতো অশিক্ষিত।

ল'ৰাটোৰ কথা শুনি চকুপানী চাদৰৰ আগটোৰে মোহাৰি মাক পায়স বনাবলৈ পাকঘৰলৈ সোমাই গ'ল।

দেউতাকে কথাটো শুনি পুতেকক ক'লে
"হা বোপাই সঁচা কৈছানে তুমি?"
জানানে তুমি, তোমাৰ মাই গাখীৰ খাই বেয়াপাইছিল।তথাপিও মাৰে তোমাৰ স্বাস্থ্যৰ কাৰণে প্ৰত্যেক দিনে ৯মাহলৈকে গাখীৰ খাইছিল। কাৰণ মা অশিক্ষিত আছিল নহয় জানো।

তুমি ৰাতিপুৱা ৭টা বজাত স্কুল যাব লাগে, এই কাৰণেই ৰাতিপুৱা ৫টা বজাত উঠি তোমাৰ কাৰণে ভাত আৰু টিফিন বনাইছিলে। জানানে কিয়?
কাৰণ তেওঁ অশিক্ষিত আছিল নহয়নে বাৰু?

যেতিয়া তুমি ৰাতি পঢ়োতে পঢ়োতে শুই যোৱা তেতিয়া তেওঁ আহি তোমাৰ বহি কিতাপ বেগত ভৰাই টেবুলত থৈছিল।
আৰু তোমাৰ গাৰ ওপৰত কাপোৰ ঢাকি দি তাৰ পিছত নিজে শুইছিল ।
কিয় জানানে ?
কাৰণ তেওঁ অশিক্ষিত আছিল।

সৰুতে তোমাৰ যেতিয়া বেমাৰ হৈছিল।তেতিয়া তোমাৰ মায়ে ৰাতিটো জাগি ৰাতিপুৱা সোনকালে উঠি কামত লাগি গৈছিল। জানানে কিয়? তেওঁ অশিক্ষিত আছিল নহয় জানো?

তোমাৰ বাবে ব্ৰেণ্ডেড কাপোৰ কিনিবৰ বাবে মোৰ পিছত পৰিছিলে ,
আৰু গোটেই বছৰটো নিজে এযোৰ কাপোৰতেই পাৰ কৰিছিলে,
কাৰণ তেওঁ সঁচাকৈয়ে অশিক্ষিত আছিল নহয় নে বাৰু?

বোপাই, পঢ়া শুনা লোকে প্ৰথমে নিজৰ স্বাৰ্থ দেখে কিন্তু তোমাৰ মায়ে আজিলৈকে একো নাই দেখা কাৰণ তেওঁ সচাকৈয়ে অশিক্ষিত।
তেওঁ ভাত বনাই আমাক খুৱাই নিজে খাবলৈও পাহৰি গৈছিলে।এই কাৰণে গৰ্ব কৰি কবলৈ যাও যে তোমাৰ মা অশিক্ষিত।

এই কথাবিলাক শুনি লৰাটোৱে কান্দি কান্দি মাকক সাৱটি ধৰি ক'লে-
-মা মই কাগজৰ পৃষ্ঠাত ৯০%অংক পালো।
কিন্তু আপুনি মোৰ জীৱনটো ১০০% বনোৱাৰ প্ৰথম শিক্ষক। মা মই আজি ৯০%নম্বৰ পালো তথাপিও মই অশিক্ষিত আৰু আপোনাৰ ওচৰত Phd কৈও ওপৰৰ ডিগ্ৰী আছে ।

কাৰণ আজি মই মাৰ গাত লুকাই থকা সকলো ৰূপ বোৰ দেখিলো । ডাক্তৰ, শিক্ষক, উকিল, ডিজাইনাৰ, কুক আদি কৰি সকলো ৰূপ দেখিলো।
মা মোক ক্ষমা কৰি দিয়ক...।

মাকে ল'ৰাটোক বুকুত সাৱটি লৈ ক'লে- নাকান্দিবা,আজি আনন্দৰ দিন ।চাও হাঁহি দিয়া এই বুলি কৈ মাকে পুতেকক চুমা দিলে__😊__।

#সংগ্ৰহ

Mama vaginr stayle
20/06/2023

Mama vaginr stayle

Address

Dibrugarh

Opening Hours

Monday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Itz.me baby girl posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Itz.me baby girl:

Share


Other Digital creator in Dibrugarh

Show All