SUNMOON ASAM

SUNMOON ASAM আপোনাৰ মঞ্চ আপোনাৰ
কণ্ঠ
(1)

 #১৯এপ্রিলত_বিনামূলীয়া_কেৰিয়াৰ_কাউন্সেলিং_ৱেবিনাৰ  #গুৱাহাটী, ১৭ এপ্রিলঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজী...
17/04/2024

#১৯এপ্রিলত_বিনামূলীয়া_কেৰিয়াৰ_কাউন্সেলিং_ৱেবিনাৰ

#গুৱাহাটী, ১৭ এপ্রিলঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা আয়োজন কৰা হৈছে । ১৯ এপ্রিলত সন্ধিয়া ৬.৩০ বজাৰ পৰা ৮বজাৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই । এই কৰ্মশালাখনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱৰ্তীণ হোৱা শিক্ষাৰ্থীসকল তথা আন শ্রেণীত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলেও অংশগ্রহণ কৰিব পাৰিব । এই কৰ্মশালাখনি গুগল মিটৰ যোগেদি অনুষ্ঠিত হ’ব আৰু ইয়াত যোগদান কৰিবৰ বাবে ক’ড (code) হ’ল hny-oetj-rqs । এই কৰ্মশালাখনিৰ সবিশেষ জানিব বিচৰা আগ্রহী শিক্ষাৰ্থী তথা অভিভাৱকসকলে ই-মেইল ([email protected]) বা ফোনত (৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰিব।

 #বিহুৰ_ওলগ_আৰু_শুভেচ্ছা
13/04/2024

#বিহুৰ_ওলগ_আৰু_শুভেচ্ছা

https://www.youtube.com/live/C6kS3MIe5Mg?si=h1VrXblbas70AHq4
12/04/2024

https://www.youtube.com/live/C6kS3MIe5Mg?si=h1VrXblbas70AHq4

ূৰ্যত উত্তাপ বিচাৰি আমাৰ যাত্ৰা। চন্দ্ৰৰ পোহৰৰ দৰে আমি দিম স্বচ্ছ বাৰ্তা। আপোনাৰ মঞ্চ আপোনাৰ কণ.....

11/04/2024

অসমৰ থলুৱা বাদ্য

 #অসম ডন বস্ক’  বিশ্ববিদ্যালয়ত উদ্ভাৱন, ৰূপাঙ্কন আৰু উদ্যমিতা শীৰ্ষক প্ৰশিক্ষণ শিবিৰ সম্পন্ন #গুৱাহাটী, ১০ এপ্ৰিলঃ অসম ...
10/04/2024

#অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত উদ্ভাৱন, ৰূপাঙ্কন আৰু উদ্যমিতা শীৰ্ষক প্ৰশিক্ষণ শিবিৰ সম্পন্ন

#গুৱাহাটী, ১০ এপ্ৰিলঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ টেপেচিয়া প্ৰাংগণত ৯ আৰু ১০ এপ্ৰিলত উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ বিদ্যালয়সমূহৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ বাবে “উদ্ভাৱন, ৰূপাঙ্কণ আৰু উদ্যমিতা” [Innovation, Design and Entrepreneurship (IDE)] শীৰ্ষক এক প্ৰশিক্ষণ শিবিৰ সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ (এআইচিটিই), শিক্ষা মন্ত্ৰালয়ৰ উদ্ভাৱন কোষ (এমআইচি), কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড (চিবিএছই) আৰু ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এনচিইআৰটি)ৰ যৌথ পদক্ষেপত অনুষ্ঠিত হয় । দুদিনীয়া আবাসিক প্ৰশিক্ষণ শিবিৰটোত স্কুল ইনোভেচন কাউন্সিল, কনটেষ্ট, জুনিয়ৰ হেকাথন, এ টি এল ইনোভেচন চেলেঞ্জ আৰু পি এম এছ এইচ আৰ আই স্কুলৰ অধীনত উৎসাহী অংশগ্ৰহণকাৰীসকলে ৰূপাঙ্কণৰ চিন্তাধাৰা, ব্যৱসায়ৰ সম্পৰ্কীয় অভিজ্ঞতাভিত্তিক শিক্ষণ গ্ৰহণ কৰে । এই প্ৰশিক্ষণ শিবিৰত উত্তৰ পূৰ্ব্বাঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায় ২০০ শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে । এই দুদিনীয়া শিবিৰত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাস, সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ ময়ুৰ বৰকাৰ, আৰোহণ ফুডছৰ অনাবিল গোস্বামী, অৰিন্দম হাজৰিকা, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান শিলচৰৰ ড° সুমিত ভৌমিক, ট্ৰানছ ভাৰ্চুৱেল প্ৰাইভেট লিমিটেডৰ কাৰ্যবাহী সঞ্চালক বিশ্বজিত হাজৰিকা, ৱাধৱানি ফাউণ্ডেচনৰ বিষ্ণুপ্ৰিয়া বিষ্ণুপ্ৰসাদ আৰু ড° আৰ সুজাতাই সমল ব্যক্তি হিচাপে উপস্থিত থাকি উদ্ভাৱন, ৰূপাঙ্কন আৰু উদ্যমিতা সন্দৰ্ভত ভাষণ প্ৰদান কৰে । ১০ এপ্ৰিলত শিক্ষাৰ্থীসকলে প্ৰশিক্ষণ শিবিৰটোত লাভ কৰা অভিজ্ঞতা প্রকাশ কৰে ।

02/04/2024

#হেৰাই_যাব_মুগাৰ_ৰং_ৰূপ 

29/03/2024

অসমৰ ৰাজপথত বিমানঘাটি

অহা ১৯ এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ 'লোকসভা নিৰ্বাচন-২০২৪' ডিব্ৰুগড় নিৰ্বাচনী জিলাত নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ভাৰতৰ...
27/03/2024

অহা ১৯ এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ 'লোকসভা নিৰ্বাচন-২০২৪' ডিব্ৰুগড় নিৰ্বাচনী জিলাত নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে ২০০২ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া জয় প্ৰকাশ শিৱহাৰেক (Jai Prakash Shivahare) সাধাৰণ পৰ্যবেক্ষক (General Observer) হিচাপে নিয়োগ কৰিছে। সাধাৰণ পৰ্যবেক্ষকগৰাকীয়ে ৰাইজলৈ গোহাৰি জনাই কয় যে নিৰ্বাচন সংক্ৰান্তীয় কোনো ওজৰ-আপত্তি থাকিলে তেওঁক পোনপটীয়াকৈ দূৰভাষ নম্বৰ ৮৬৩৮৫৪৫০৫৭ ত ফোন কৰি জনাব পাৰিব। তেওঁ ভোটদাতাসকলক কোনো প্ৰলোভনৰ বশৱৰ্তী নহৈ নিজৰ বিবেকেৰে বিচাৰ-বিবেচনা কৰি ভোটদান কৰিবলৈ আহ্বান জনায়। তেওঁ নিৰ্বাচন নিকা আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰে ।

of Information and Public Relations, Assam , Assam

24/03/2024

#আটাইতকৈ_ডাঙৰ_পিৰামিডটো

 #বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ বাৰ্ষিক বক্তৃতা অনুষ্ঠানত  ড° বুলজিৎ বুঢ়াগোহাঁই #গুৱাহাটী,২৩ মাৰ্চঃ বি বৰুৱা মহা...
23/03/2024

#বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ বাৰ্ষিক বক্তৃতা অনুষ্ঠানত ড° বুলজিৎ বুঢ়াগোহাঁই
#গুৱাহাটী,২৩ মাৰ্চঃ বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ বাৰ্ষিক বক্তৃতা অনুষ্ঠানটো ২৩ মাৰ্চত অনুষ্ঠিত হয় আৰু বক্তৃতা অনুষ্ঠানটোৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই । বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী ড° ৰূপা বৰুৱাই আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰে শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ড° দেৱীকা ফুকনে । ড° বুলজিৎ বুঢ়াগোহাঁয়ে ‘শিক্ষা’ বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্রীধাৰীসকলৰ বাবে থকা কেৰিয়াৰৰ সুযোগৰ বিষয়ে আলোচনা কৰে । তেওঁ বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ প্রয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে। লগতে তেওঁ ইন্টাৰনেটৰ জৰিয়তে কেৰিয়াৰ বিষয়ৰ তথ্য কেনেকৈ শুদ্ধৰূপত সংগ্রহ কৰিব পাৰি সেই বিষয়েও আলোচনা কৰে । বি বৰুৱা মহাবিদ্যালয় আৰু আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ শিক্ষাৰ্থীসকলৰ লগতে অধ্যাপকসকলেও অংশগ্ৰহণ কৰা অনুষ্ঠানটোত ড° বুঢ়াগোহাঁয়ে বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে । কেৰিয়াৰ পৰামৰ্শদাতা ড° বুঢ়াগোহাঁয়ে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) বিনামূলীয়াকৈ আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে ।

21/03/2024

একেডৰা মাটিত ভিন্ন খেতি

19/03/2024

#তামোলৰ ঠোক পৰাৰ নতুন কৌশল

16/03/2024

১৯ এপ্লিলৰ পৰা লোসভাৰ নিৰ্বাচন

 #অসম ডন বস্ক’  বিশ্ববিদ্যালয়ত 'বিদেশত শিক্ষাৰ সুযোগ' শীৰ্ষক বক্তৃতা  অনুষ্ঠান #গুৱাহাটী,১৫ মাৰ্চঃ অসম ডন বস্ক’  বিশ্বব...
15/03/2024

#অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত 'বিদেশত শিক্ষাৰ সুযোগ' শীৰ্ষক বক্তৃতা অনুষ্ঠান
#গুৱাহাটী,১৫ মাৰ্চঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ কেৰিয়াৰ গাইডেন্স চেলৰ উদ্যোগত 'বিদেশত শিক্ষাৰ সুযোগ' শীৰ্ষক এক বক্তৃতা অনুষ্ঠান ১৫ মাৰ্চত অনুষ্ঠিত হয় । বক্তৃতা অনুষ্ঠানটোৰ সমল ব্যক্তি আছিল এস্পাইৰ এবৰ্ড এডুকেচনৰ সহ-প্ৰতিষ্ঠাপক তথা সঞ্চালক প্ৰাণজিৎ শইকীয়া । সমল ব্যক্তি গৰাকীক আদৰণি জনায় মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ গাইডেন্স চেলৰ চেয়াৰমেন ড° বুলজিৎ বুঢ়াগোহাঁয়ে । শিক্ষাৰ্থীসকলৰ লগতে অধ্যাপকসকলেও অংশগ্ৰহণ কৰা অনুষ্ঠানটোত সমল ব্যক্তি প্ৰাণজিৎ শইকীয়াই বিদেশত বিভিন্ন বিশ্ববিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়াৰ বিষয়ে বৰ্ণনা দিয়ে। লগতে বৃত্তি, ঋণ, ভিছা প্ৰক্ৰিয়া, থকাৰ ব্যৱস্থা আদিৰ বিষয়েও আলোচনা কৰে। সমল ব্যক্তি গৰাকীয়ে বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে।

15/03/2024

দিহিং পাটকাই বৰ্ষাৰণ্য

 #অসম ডন ব’স্ক’  বিশ্ববিদ্যালয়ত ড° জয়ন্ত বি শৰ্মাৰ সৈতে মত বিনিময় অনুষ্ঠান #গুৱাহাটী,১৩ মাৰ্চঃ অসম ডন ব’স্ক’  বিশ্ববি...
13/03/2024

#অসম ডন ব’স্ক’ বিশ্ববিদ্যালয়ত ড° জয়ন্ত বি শৰ্মাৰ সৈতে মত বিনিময় অনুষ্ঠান
#গুৱাহাটী,১৩ মাৰ্চঃ অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ উদ্যোগত ড° জয়ন্ত বি শৰ্মাৰ সৈতে “কেৰিয়াৰ আৰু জীৱন” শীৰ্ষক এখন মত বিনিময় অনুষ্ঠান ১৩ মাৰ্চত অনুষ্ঠিত হয় । সমল ব্যক্তি ড° জয়ন্ত বি শৰ্মাক গামোছাৰে আদৰণি জনায় মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ গাইডেন্স চেলৰ চেয়াৰমেন ড° বুলজিৎ বুঢ়াগোহাঁয়ে । ড° বুঢ়াগোহাঁয়ে মত বিনিময় অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে। সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰে মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক পল্লৱ গগৈয়ে । অসম ডন ব'স্কো বিশ্ববিদ্যালয় স্কুল অৱ টেকন'লজীৰ সহকাৰী সঞ্চালক পি জোচেফ উপস্থিত থকা মত বিনিময় অনুষ্ঠানটোত মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ শিক্ষাৰ্থীসকলৰ লগতে অধ্যাপকসকলেও অংশগ্ৰহণ কৰে। ড° জয়ন্ত বি শৰ্মাই কৃত্ৰিম বুদ্ধিমত্বা (এ.আই.)ৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ বিষয়ে আলোচনা আগবঢ়োৱাৰ লগতে আপেক্ষিকতাবাদ আৰু তাপগতিবিজ্ঞানৰ দ্বিতীয় সূত্রক জীৱনৰ সৈতে উদাহৰণ দি ব্যাখ্যা দাঙি ধৰে। তেওঁ দক্ষতা ভিত্তিক শিক্ষা আৰু জীৱনজোৰা শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ড° শৰ্মাই পৰিৱেশ বহনক্ষমতাৰ বিষয়েও ব্যাখ্যা কৰে। মত বিনিময় অনুষ্ঠানটোত ড° বুলজিৎ বুঢ়াগোহাঁয়ে শলাগৰ শৰাই আগবঢ়ায়।

11/03/2024

ঐতিহাসিক ৰংঘৰৰ আয়ুস কিমান দিনলৈ?

09/03/2024

যোৰহাটত প্ৰধানমন্ত্ৰী

09/03/2024

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্মৃতি তৰ্পণ কৰি লাচিত বৰফুকনৰ ১২৫ ফুট উচ্চতাৰ প্ৰতিমৃৰ্তি উন্মোচন

https://www.youtube.com/live/k3x9_c0xNPo?si=eJtRKq-RGyoY-nDT
08/03/2024

https://www.youtube.com/live/k3x9_c0xNPo?si=eJtRKq-RGyoY-nDT

News & Media Websiteসূৰ্যত উত্তাপ বিচাৰি আমাৰ যাত্ৰা। চন্দ্ৰৰ পোহৰৰ দৰে আমি দিম স্বচ্ছ বাৰ্তা। আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ ‘SUNMOON অ....

Address

Dibrugarh

Alerts

Be the first to know and let us send you an email when SUNMOON ASAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to SUNMOON ASAM:

Videos

Share


Other News & Media Websites in Dibrugarh

Show All