উত্তৰণ,প্ৰজ্ঞা প্ৰয়াসী মঞ্চ DKDC

  • Home
  • India
  • Dergaon
  • উত্তৰণ,প্ৰজ্ঞা প্ৰয়াসী মঞ্চ DKDC

উত্তৰণ,প্ৰজ্ঞা প্ৰয়াসী মঞ্চ DKDC Social group��

 #প্ৰিয়_সতীৰ্থবৃন্দ,সকলোকে প্ৰীতি সম্ভাষণ জনাইছো।🙏  উত্তৰণ প্ৰজ্ঞা প্ৰয়াসী মঞ্চ (এক্স ষ্টুডেণ্টচ অফ ডিকেদিচি ৱাটচ এপ গ্...
11/01/2025

#প্ৰিয়_সতীৰ্থবৃন্দ,
সকলোকে প্ৰীতি সম্ভাষণ জনাইছো।🙏

উত্তৰণ প্ৰজ্ঞা প্ৰয়াসী মঞ্চ (এক্স ষ্টুডেণ্টচ অফ ডিকেদিচি ৱাটচ এপ গ্ৰুপ)ত বিভিন্ন সময়ত অনুষ্ঠিত হৈ থকা সৃজনীমুলক প্ৰতিযোগিতাসমূহে গ্ৰুপটোক জীপাল কৰি ৰখাৰ লগতে উজ্জীৱিত কৰি আহিছে। #মেজিৰ জুইৰ উমাল স্পৰ্শত সকলো অপায় অমঙ্গল ,বিপদ বিঘিনি নাশ হোৱাৰ কামনাৰে লগতে আমাৰ পৰম্পৰা ঐতিহ্যক সন্মান জনাই ভোগালী বিহু উপলক্ষে এইবাৰো হেপাঁহৰ গ্ৰুপটিত শ্ৰদ্ধাৰ গোট প্ৰশাসক চিন্তামনি মহন্তৰ প্ৰস্তাৱ মৰ্মে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছো এখনি আটকধুনীয়া ফটো প্ৰতিযোগিতা।
আপোনালোকৰ সহযোগিতাৰ আশাৰে ..
আমি গোটৰ মজিয়াত অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছো বৰ্ষটোৰ প্ৰথমখন প্ৰতিযোগিতা ।

সকলোৰে দিহা পৰামৰ্শ আৰু সহযোগিতা কামনা কৰি ....

💖💖💖💖💖💖

ভোগালী বিহু ফটো প্ৰতিযোগিতা ২০২৫ৰ #নিয়মাৱলী
🙏🙏🙏🙏🙏🙏🙏
উত্তৰণ, প্ৰজ্ঞা প্ৰয়াসী মঞ্চৰ প্ৰতিগৰাকী সদস্যৰ সহযোগিতাৰ আশাৰে ..
আমি গোটৰ মজিয়াত অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছো বৰ্ষটোৰ প্ৰথমখন প্ৰতিযোগিতা ।
#ভোগালী_বিহু বিশেষ ফটো ২০২৫।
প্ৰতিযোগিতাখনিত
গ্ৰুপৰ সকলো সন্মাণীয় সদস্যৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰি ইয়াৰ *নিয়মাৱলী* সমূহ প্ৰকাশ কৰিব বিচাৰিছোঁ......,

🌷 ১)ভোগালীৰ লগত সংগতি থকা যি কোনো ফটো প্ৰতিযোগিতাৰ বাবে গ্ৰহন যোগ্য হব।
🌷২) পৰম্পৰাগত সাজপাৰ পৰিধান কৰি দিয়াটো বাধ্যতামূলক।
🌷৩)ফটো সমূহ মাঘ বিহুৰ দিনা অৰ্থাৎ -- ১৫/০১/২০২৫, তাৰিখ বুধবাৰে সন্ধিয়া ৫-০০বজাৰ পৰা নিশা ১১-০০ বজাৰ ভিতৰত পোৱাকৈ গ্ৰুপলৈ প্ৰেৰণ কৰিব লাগিব।
🌷৪) প্ৰতিযোগিতাৰ বাবে পঠোৱা ফটো কপিত --
নিজৰ সম্পূৰ্ণ নাম লিখি,
প্ৰতিযোগিতাৰ বাবে ..
বুলি লিখি পঠাব লাগিব।
🌷৫)কেৱল একপি ফটো হে প্ৰতিযোগিতাৰ বাবে পঠাব পাৰিব।
🌷৬)কেৱল উত্তৰণ, প্ৰজ্ঞা প্ৰয়াসী মঞ্চ/( Whats app group) গোটৰ সদস্য সকলৰ ফটোহে প্ৰতিযোগিতাৰ বাবে গ্ৰহনযোগ্য হব।
🌷৭) বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব।

আশা কৰিছো সকলোৱে আমাক সহাঁৰি জনাই প্ৰতিযোগিতা খনি সাফল্য মণ্ডিত কৰি তুলিব।

আপোনালোকৰ সহযোগিতাই আমাক উৎসাহিত কৰাৰ লগতে গ্ৰুপৰ মজিয়া জীপাল হৈ পৰিব।

পুনৰ সকলোলৈ মৰম আৰু শ্ৰদ্ধাৰে......🙏

#অনিতা_শইকীয়া
( পৰিচালিকা,
ভোগালী বিশেষ ফটো
প্ৰতিযোগিতা )
চিন্তামণি মহন্ত,
(গোট প্ৰশাসক,উত্তৰণ প্ৰজ্ঞা প্ৰয়াসী মঞ্চ )
১০/০২/২০২৫

 #ভোগালী_বিহুৰ_বিশেষ،،🎀🎀 যুগে যুগে সম্প্ৰীতিৰ বাৰ্তালৈ  ভোগৰ ভোগালী আহে অসমীয়া জনজীৱনক   সমন্বয়ৰে বান্ধি ৰাখিবলৈ        ...
10/01/2025

#ভোগালী_বিহুৰ_বিশেষ،،🎀🎀
যুগে যুগে সম্প্ৰীতিৰ বাৰ্তালৈ ভোগৰ ভোগালী আহে অসমীয়া জনজীৱনক সমন্বয়ৰে বান্ধি ৰাখিবলৈ

অসমীয়া জাতীয় উৎসৱৰ অন্যতম মাঘৰ বিহুৱে সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। প্ৰতিঘৰ অসমীয়াই আদৰৰ বিহুটিক উলহ মালহেৰে পালন কৰে। উত্তৰণ,প্ৰজ্ঞা প্ৰয়াসী মঞ্চও ইয়াৰ ব্যতিক্ৰম নহয় সেয়েহে সমূহ সন্মানীয় সদস্যলৈ নতুন বছৰৰ লগতে ভোগালী বিহুৰ ওলগ জনাই প্ৰতি বছৰৰ দৰে এইবছৰো বিশেষ ভাৱে আকৰ্ষণীয় ভোগালী বিহু বিশেষ ফটো প্ৰতিযোগিতা খনি গ্ৰুপৰ মজিয়াত অনুষ্ঠিত কৰিবলৈ মানস কৰা হৈছে। প্ৰতিযোগিতা খনি সুচাৰুৰূপে পৰিচালনা কৰিবলৈ গোটৰ এগৰাকী সন্মানীয় সদস্য #অনিতা_শইকীয়াক দায়িত্ব ভাৰ অৰ্পণ কৰিব বিচাৰিছোঁ।
আশাকৰো পৰিচালিকাই প্ৰতিযোগিতাখনি সফল কৰি গ্ৰুপৰ মজিয়া জীপাল কৰি তুলিব।
প্ৰতিযোগিতা খনিত সকলোৰে দিহা পৰামৰ্শ,সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ*।

চিন্তামনি মহন্ত
প্ৰশাসক🙏
০৯/০১/২০২৫

 #বনভোজ ২০২৪গিতালী তামুলী আৰু প্ৰশান্ত কুমাৰ শৰ্মা দাৰ বলিষ্ঠ সঞ্চালনাত আৰু প্ৰশাসক মহোদয়ৰ আন্তৰিকতাৰ বাবে গ্ৰুপৰ সদস্য...
02/01/2025

#বনভোজ ২০২৪
গিতালী তামুলী আৰু প্ৰশান্ত কুমাৰ শৰ্মা দাৰ বলিষ্ঠ সঞ্চালনাত আৰু প্ৰশাসক মহোদয়ৰ আন্তৰিকতাৰ বাবে গ্ৰুপৰ সদস্য সকলে এটি সুন্দৰ দিন উদযাপন কৰিবলৈ পালে। বনভোজৰ দিনটোত উপস্থিত থকা আৰু বিভিন্ন অসুবিধাৰ বাবে উপস্থিত থাকিব নোৱাৰা সকলোকে আন্তৰিক মৰম, শুভেচ্ছা তথা শ্ৰদ্ধা জনাইছোঁ 🙏। অনাগত দিনবোৰতো যাতে আমি এনেকৈ আপোনত্বৰে আগবাঢ়ি যাব পৰো তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ 🙏

মমী দেৱী
কুৰালগুৰি দেৰগাঁও

 #বনভোজ!  #বনভোজ! #কাজিৰঙা২০২৪       নৱবৰ্ষক আদৰাৰ প্ৰাক মুহূৰ্তত প্ৰায় সকলোৱে আনন্দৰ বন্যা বোৱাব বিচাৰে। হয় এয়া যে বন...
02/01/2025

#বনভোজ! #বনভোজ!
#কাজিৰঙা২০২৪
নৱবৰ্ষক আদৰাৰ প্ৰাক মুহূৰ্তত প্ৰায় সকলোৱে আনন্দৰ বন্যা বোৱাব বিচাৰে। হয় এয়া যে বনভোজৰ সময়,এয়া যে বনভোজৰ নামত এদিনৰ বাবে নিজক পাহৰি যোৱাৰ সময়! দৈনন্দিন প্ৰাত্যহিক জীৱনৰ একঘেয়ামিৰ পৰা মুক্ত হৈ মুক্ত আকাশৰ তলত মুক্ত পৰিবেশত বন্ধু-বান্ধবীৰ সৈতে মুক্ত মনেৰে খোৱা এসাজেই হ'ল #বনভোজ। য'ত কেৱল আনন্দ আৰু আনন্দ... সঁচাকৈ বনভোজে দিয়ে ন-উৎসাহ আৰু ন-প্ৰেৰণা।
আচলতে আগৰ দিনত আঘোণৰ পথাৰৰ কাম সমাপ্ত হোৱাৰ পিছত পথাৰত বোটলা লেচেৰীৰ ধানৰ লগত আৰু অলপ ধান গোটাই গৰুৰ পাল মাৰোঁতে গৰখীয়াই পথাৰত ৰন্ধা-খোৱা কৰি আনন্দ স্ফূৰ্তি কৰা প্ৰথাৰ পৰাই হয়তো বনভোজ খোৱাৰ কথাটো প্ৰচলিত হ'ল।
কিন্তু বৰ্তমান সময়ত বনভোজে স্বকীয়তা হেৰুৱাই পেলোৱা যেন অনুভৱ হৈছে। কাৰণ বনভোজ থলী আৱৰ্জনাৰ থলী,দুৰ্ঘটনাৰ থলী আৰু কাজিয়াৰ থলীলৈ যেন ৰূপান্তৰিত হৈছে। আমি প্ৰত্যক্ষভাৱে লক্ষ্য কৰিছোঁ যে কিছু কিছু নৱ প্ৰজন্মৰ যুৱকে বনভোজ থলীলৈ গৈ মাংস আধা সিজাৰ পৰাই মাংস আৰু ৰঙীণ পানীয়ৰ গোলাপী নিচাত মত্ত হৈ পৰে। তেওঁলোকৰ খেয়াল নাই যে সেই বনভোজ থলীত তেওঁলোকৰ পিতৃ-মাতৃ স্বৰূপ আন এচাম মানুহো আছে! তদুপৰি ৰঙীণ পানীয়ৰ আধাৰ,প্লাষ্টিকৰ পেপাৰ প্লেট,গিলাচ,বটল আদিৰে লেতেৰা পৰিৱেশৰ সৃষ্টি কৰে। এয়া কেতিয়াও কাম্য নহয়।
বনভোজৰ দল গঠন কৰাজনে কিছু দায়িত্ব লৈ শৃংখলাবদ্ধভাৱে যাতে বনভোজলৈ যায় তাৰ বাবে কিছু পৰিকল্পনামতে আগবাঢ়িব লাগে। যেনে : কোনো লোকে ৰাজহুৱা স্থানত ৰঙীণ পানীয় সেৱন কৰিলে জৰিমনা বিহাৰ ব্যৱস্থা কৰিব পাৰে। দ্বিতীয়তে বনভোজ থলীৰ আৱৰ্জনা বনভোজ খোৱাৰ পিছত এঠাইত গোটাই জ্বলাই থৈ পৰিস্কাৰ কৰি থৈ আহিব লাগে(যিটো কাম আমাৰ গোটৰ মানুহে তাত সম্পন্ন কৰি আহিছে)। ইত্যাদি ইত্যাদি।

(এইখিনিতে এটা নিজৰ অভিজ্ঞতাৰ বিষয়ে ক'বলৈ মন গ'ল। ২০১৭ চনৰ শেষ আৰু ২০১৮ চনৰ প্ৰথম দিনকেইটাত আমি কেৰালা,চেন্নাইৰ মাজেৰে ট্ৰেইনত আহি আছিলোঁ কন্যাকুমাৰীৰ পৰা। আচৰিত কথা যে আমাৰ ৰাজ্যত ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰী পালনৰ নামত যি আকুলতা বাঢ়ে,তেনে কিন্তু অন্য ৰাজ্যত দেখা নাপালোঁ।)

কিন্তু তাৰ মাজতে ব্যতিক্ৰম আছিল দেওবাৰে(২৯/১২/২০২৪ তাৰিখে) আমি উত্তৰণ প্ৰজ্ঞা প্ৰয়াসী মঞ্চৰ প্ৰায়খিনি সতীৰ্থই মিলি কাজিৰঙাৰ বাকৰিত হৰহৰি বিলৰ পাৰৰ মনোৰম পৰিৱেশত বনভোজ খোৱাটো। উত্তৰণ প্ৰজ্ঞা প্ৰয়াসী মঞ্চৰ মাননীয় প্ৰশাসক চিন্তামণি মহন্ত ডাঙৰীয়াৰ নেতৃত্বত গীতালি তামুলী আৰু প্ৰশান্ত কুমাৰ শৰ্মাৰ সু-পৰিচালনাত বনভোজ থলীত আমি আনন্দত আত্মহাৰা হৈ পৰিলোঁ। আশীষ দত্তৰ চকলেটেৰে যাত্ৰাৰম্ভ হোৱা অনিমেষ শইকীয়া আৰু চন্দ্ৰ প্ৰকাশ নাথৰ সৌহাৰ্দ্যপূৰ্ণ আতিথ্যৰে আপ্যায়ন কৰা ৰাতিপুৱাৰ আহাৰে বুজাইছিল বন্ধুত্বৰ অময়া অনুভৱ তথা সুখৰ বাখৰ! মনত ৰ'ব স্বৰ্ণালী বা,স্বপ্নালী বাৰ সৈতে কটোৱা মধুৰ সময়বোৰ। স্মৃতিৰ পটত সাঁচি ৰাখিম কুঞ্জ, ৰূপালী,স্পনানী,নৱমল্লিকা, ৰূপাঞ্জলি,নিৰ্মালি,উৎপলা,জ্যোতিমালা,বৰ্ণালী,সংগীতা, চুমি, চুমকি,মমী হঁতৰ সতে উমলি থকা সময়ৰ কথা। ভাল লাগিল পঁচিশটা খণ্ডত সমাপ্ত হোৱা অণুগল্প প্ৰতিযোগিতাৰ অন্যতম সহযোগী পৰিচালক প্ৰশান্ত আৰু প্ৰশান্তৰ পৰিয়ালক প্ৰথম বাৰৰ বাবে লগ পাই। স্ফুৰ্তি কৰাৰ মাজে মাজে মনত পৰিছিল অংশুমালী,জয়শ্ৰী,প্ৰণামিকা, চবনম,সাৱিত্ৰী, প্ৰান্তিকা,অঞ্জু, ৰূপা,নমিতা,ৰীতা, নিবেদিতা আদি অনুপস্থিত প্ৰিয় সকললৈ...

জীৱন জীৱন বৰ অনুপম!

জয়তু #উত্তৰণ, প্ৰজ্ঞা প্ৰয়াসী মঞ্চ 🙏

#জ্যোতিমণি_শইকীয়া
যোৰহাট
30-12-2024

 #চি_এম_দা_আমাৰএই যে গৈ আছে সময়গৈ আছো আমিও গৈ আছে আপুনিওকালি হাঁহি হাঁহি আপোনাক স্বাগতম জনাইছিলোআজি সেমেকা চকুৰে বিদায়...
01/01/2025

#চি_এম_দা_আমাৰ
এই যে গৈ আছে সময়
গৈ আছো আমিও
গৈ আছে আপুনিও
কালি হাঁহি হাঁহি
আপোনাক স্বাগতম জনাইছিলো
আজি সেমেকা চকুৰে
বিদায় দিবলৈ সাজু হৈছো
এয়া চিৰাচৰিত এয়া শাশ্বত।

অহাৰ পৰা যোৱাৰ পৰলৈ
গোটৰ প্ৰতি আপোনাৰ হেঁপাহ
আপোনাৰ ভালপোৱা
আপোনাৰ দায়বদ্ধতা
শব্দই শব্দই বহ্নিমান হ'ল।
প্ৰতি সদস্যৰ মন মগজুত
আকৌ এবাৰ যেন অনুভূত হ'ল
গোটক জীৱনী শক্তি দিয়াৰ বাবে কৰা
আপোনাৰ নীৰৱ অংগীকাৰ
এই মমতা এই দক্ষতা সদায় থাকক
সদায় থাকক সজীৱতা
সদায় থাকক অভিন্নতা

সুখৰ দৰে দুখৰ দিনতো
আজিৰ দৰেই
ধৰি থাকক হাতবোৰ
ধৰি থাকক
শিপা বিচাৰি, সোঁৱৰণী বিচাৰি
গোটৰ মজিয়াত নিস্বাৰ্থতাৰে খোজ দিয়া
অকৃত্ৰিম আবেগ বিহ্বল বুকুবোৰ।

কুশলে থাকক কুশলে ৰাখক
🥰🙏

প্ৰণামিকা শৰ্মা
গুৱাহাটী
১জানুৱাৰী,২০২৫

31/12/2024

উত্তৰণ, প্ৰজ্ঞা প্ৰয়াসী মঞ্চত
২৯/১২/২০২৪ বৰ্ষৰ শেষৰটি দেওবাৰে
অতি আশাৰে বাট চাই থকা এই ধুনীয়া দিনটোতে আমি সকলো লগো হ’লো কাজিৰঙাৰ বাকৰিত ,লগে ভাগে এসাঁজ খাবলৈ।
আপোন পাহৰা হৈ ফূৰ্তি কৰিলোঁ ,নাছিলোঁ,গান গালোঁ
আৰু কত যে কি ৷
এনে এটি ধুনীয়া দিন আমাক একগোট কৰি উপহাৰ দিয়াৰ বাবে শ্ৰদ্ধাৰ প্ৰশাসক চিএম দাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷ প্ৰথমৰ পৰা শেষলৈকে আমাৰ লগত সকলো সময়তে থাকি সহায় কৰা সখী নৱমল্লিকাক আৰু পৰিচালক প্ৰশান্ত দাক বিশেষ ভাৱে মৰমেৰে ধন্যবাদ জনাইছো।
আন্তৰিক ধন্যবাদ জনাইছোঁ অনিমেষ দা চন্দ্ৰপ্ৰকাশ দাক৷
দুয়োজনৰে পুৱাৰ সুস্বাদু পুৰী ,তৰকাৰী ,পেৰা আৰু কফিৰ আপ্যায়ণে পিকনিকটো সুন্দৰ কৰি তুলিলে৷আৰম্ভণিতে দাফুৰ চকলেট,
মৰমৰ স্বৰ্ণালীবাৰ লাডু ,পিঠাকে মূখ্য কৰি তিনি ভগ্নীবা ,নৱমল্লিকা , জ্যোতিমণি বা,ৰূপালী বা নিৰ্মালি , মমী,ববী,জ্যোতিমালা,কুঞ্জ ,সংগীতা,স্পনানী ,স্বপ্নালী বা , চুমি বৌ,
সত্যজিত, জয়ন্ত,তীৰ্থ দা সকলোলৈকে মৰমেৰে আন্তৰিক ধন্যবাদ জনালোঁ হাঁহি ধেমালি আৰু সহায়-সহযোগিতাৰে দিনটো জীপাল কৰি তোলাৰ বাবে৷
মৰম দিলো ৰূপাঞ্জলী বা,হিমালয়া আৰু উৎপলাক৷
মৰমৰ ভাগিনী চুমকীলৈকো বহুতো মৰম যাঁচিলো ৷
ৰঞ্জন দা, যোগানন্দ, অঞ্জু,বিন্দু,ৰাজীৱ আৰু অংশুমালি,প্ৰণামিকাৰ অনুপস্থিতিয়ে আমাৰ দূখ দিলে।
শেষত অনাগত নৱবৰ্ষত নতুন উৎসাহ আৰু উদ্দিপনাৰে ২০২৫ চনত বিভিন্ন কাৰণত উপস্থিত থাকিব নোৱাৰা সকলকো লগ পোৱাৰ আশাৰে সকলোকে মৰম আৰু শ্ৰদ্ধাৰে ধন্যবাদ জনাই সামৰিছো।

গীতালী তামুলী 🙏
৩০/১২/২০২৪
Bora Jyoti Mala

30/12/2024

#বনভোজ ২০২৪💖💖
অনুভৱৰ একেষাঁৰ

কালি দিনটো মোৰ মনৰ একোণত সজীৱ হৈ ৰ'ল। ব্যস্ততাৰ মাজতো এটা দিন আমি সকলোৱে নিজৰ নিজৰ দায়িত্ব এৰি গীত, মাত নৃত্যৰে প্ৰকৃতিৰ বুকুত বিলীন হৈ অন্তৰংগ ভাৱে এসাঁজ তৃপ্তিৰে খালো। বনভোজ মানেই হ'ল বয়স ভেদি কৰা এক আনন্দময় উল্লাস। প্ৰকৃতিৰ সান্নিধ্যতাই ইয়াক অতি মধুৰ কৰি তোলে। প্ৰথমেই ধন্যবাদ জনাইছো এই আনন্দ কন কৰিবলৈ সুবিধা কৰি দিয়া আমাৰ মৰমৰ চিন্তা মণি দাদাক। এসাগৰ মৰমেৰে ধন্যবাদ যাঁচিলো সখী গীতালীজনীলৈ। বহু কষ্ট কৰি , বলিষ্ঠ পৰিচালনাৰে সুন্দৰ ভাৱে অনুষ্ঠানটি আগবঢ়াই নিলে। পূৱাৰ গাড়ীৰ ভিতৰতে সকলোকে Dairy milk চকলেটেৰে মৰম যঁচা আশীষ দাদাই আমাৰ যাত্ৰা শুভ কৰি তুলিছিল ।আশীষ দাদালৈ মোৰ ফালৰ পৰাও যাঁচিলো অশেষ ধন্যবাদ। অনুষ্ঠানটিত পূৱাৰ আহাৰ আগবঢ়োৱা সন্মানীয় অনিমেষ দাদা আৰু চন্দ্ৰ প্ৰকাশ দাদাৰ আতিথ্য‌ই আমাক সন্ত্তষ্টি প্ৰধান কৰিলে। তেখেত সকলৰ সুন্দৰ আপ্যায়নত আমি ধন্য হ'লো। কফি , তিলপিঠা , ইটলি, পেৰা , লুচি-ভাজি বৰ সোৱাদ ভৰা আছিল। লগতে স্পনানী বাই দিয়া লাডু খাই বৰ ভাল লাগিল। ধন্যবাদ জনালো দাদা আপোনালোক। "স্ব" যুক্তাক্ষৰ মৰমৰ তিনি গৰাকী বাইদেউৱে ইমান আন্তৰিকতাৰে হাতে -কামে লাগি আমাৰ লগত সহযোগ কৰিলে দেখি অভিভূত হ'লো। ধন্যবাদৰ লগতে বহুতো মৰম থাকিল বা আপোনালোকলৈ। বহুত ভাল লাগিল প্ৰশান্ত দাদাৰ বৌক। বান্ধৱী দৰেই অনুভৱ কৰিলো মই বৌক। আপুনি সদায়ে আমাৰ মাজত এনেদৰে থাকে যেন। ভাল লাগে জ্যোতিমণি বা আৰু সখী নৱমল্লিকাৰ গোটৰ প্ৰতি থকা মৰম, ভাল পোৱা আৰু দায়িত্ববোৰ দেখি। উৎপলাকো মৰম দিলো ম‌ই আমাৰ গোটৰ প্ৰতি থকা আন্তৰিকতা খিনি দেখি। ধন্যবাদ দিছো উপস্হিত থাকি ইমান আন্তৰিকতাৰে সহযোগিতা আগবঢ়োৱা সকলো সদস্যকে। তাৰ মাজতে বৰকৈ মনত পৰিছিল বান্ধৱী অংশু, নমিতা, অঞ্জু, ৰাজীৱ, বিন্দু, যোগানন্দনক। যোগানন্দনক কেমেৰা মেন হিচাপে বৰকৈ মিচ কৰিলোঁ। শেষত সকলোলৈকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা যাঁচিলো। সকলো ভালে থাকক , হাঁহি থাকক। ২০২৫ বৰ্ষতো আকৌ এইদৰেই লগ হোৱাৰ আশা কৰিলোঁ 🙏🙏

জ্যোতিমালা হাজৰিকা
৩০/ ১২/ ২০২৪

২৯/১২/২০২৪ বনভোজ..অতি আশাৰে বাট চাই থকা এই ধুনীয়া দিনটোতে আমি সকলো লগো হ’লো কাজিৰঙাৰ বাকৰিত ৷ আপোন পাহৰা হৈ ফূৰ্তি কৰিল...
30/12/2024

২৯/১২/২০২৪ বনভোজ..
অতি আশাৰে বাট চাই থকা এই ধুনীয়া দিনটোতে আমি সকলো লগো হ’লো কাজিৰঙাৰ বাকৰিত ৷
আপোন পাহৰা হৈ ফূৰ্তি কৰিলোঁ ,নাছিলোঁ,গান গালোঁ
আৰু কত যে কি ৷
এনে এতি ধুনীয়া দিন আমাক উপহাৰ দিয়াৰ বাবে শ্ৰদ্ধাৰ প্ৰশাসক চি এম দাক আন্তৰিক ধন্যবাদ জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৷
ধন্যবাদ জ্ঞাপন কৰিলোঁ মৰমৰ সখী গীতালি আৰু প্ৰশান্ত দাক৷ গীতালিয়ে বৰ সুন্দৰভাৱে আৰম্ভণিৰ পৰা শেষলৈকে তাইৰ দায়িত্ব পালন কৰিলে ৷ সেইবাবে বিশেষভাৱে ধন্যবাদ আৰু মৰম গীতালিলৈ৷
আন্তৰিক ধন্যবাদ জনাইছোঁ অনিমেষ দা চন্দ্ৰপ্ৰকাশ দাক৷
দুয়োজনৰে সহায় আৰু সহযোগিতাই পিকনিকটো সুন্দৰ কৰি তুলিলে৷
মৰমৰ স্বৰ্ণালী বাকে মূখ্য কৰি জ্যোতিমণি বা,ৰূপালী বা নিৰ্মালি ,মমী,ববী,জ্যোতিমালা,কুঞ্জ ,সংগীতা,স্পনানী ,স্বপ্নালী বা ,চুমি,বন্ধু আশীষ,
সত্যজিত,জয়ন্ত সকলোলৈকে মৰমেৰে আন্তৰিক ধন্যবাদ জনালোঁ হাঁহি ধেমালি আৰু সহায়-সহযোগিতাৰে দিনটো জীপাল কৰি তোলাৰ বাবে৷
মৰম দিলো ৰূপাঞ্জলি বা,হিমালয়া আৰু উৎপলাক৷
মৰমৰ ভাগিনী চুমকীলৈকো বহুতো মৰম যাচিলোঁ ৷
ৰঞ্জন দা,বিন্দু,ৰাজীৱ আৰু অংশুমালিক আমাৰ মাজত নাপাই বেয়া লাগিল৷
শেষত ২০২৫ চনত আকৌ এবাৰ সকলোকে এনেদৰেই লগ পোৱাৰ আশাৰে....

নৱমল্লিকা বৰুৱা🙏🏻

অনিমেষ শইকীয়া দাদা আৰু চন্দ্ৰপ্ৰকাশ নাথ দাদাআপোনালোকে আগবঢ়োৱা সহযোগিতাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকক 🙏আপোনালোকে ব...
30/12/2024

অনিমেষ শইকীয়া দাদা আৰু চন্দ্ৰপ্ৰকাশ নাথ দাদা
আপোনালোকে আগবঢ়োৱা সহযোগিতাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকক 🙏
আপোনালোকে বোকাখাটৰ পুৰী আৰু পেৰাৰে আয়োজন কৰা breakfast বৰ জুটি লগা আছিল৷
অনিমেষ দাৰ হোটেলৰ আপ্যায়ন লগতে কফি, ইডলী, আৰু তিলপিঠাৰ সোৱাদ সদায়ে মনত থাকিব৷
আপোনালোকে selection কৰা কাজিৰঙাৰ
পিকনিকৰ জেগাও বৰ ধুনীয়া আছিল যাৰবাবে আমি আপোনমনেৰে দিনটো উপভোগ কৰিব পাৰিলোঁ ৷
পুনৰবাৰ আপোনালোকক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏🏻

নৱমল্লীকা...🙏🙏

 #আজিৰ_দিপিৰ_নিবেদন،،،،،،،🙏🙏উত্তৰণ , প্ৰজ্ঞা প্ৰয়াসী মঞ্চৰ পৰা ধন্যবাদৰ একেষাৰ🙏🙏🙏🙏হৃদয় যেতিয়া সুখৰ অনুভূতিৰে ওপচি পৰে  ,...
20/12/2024

#আজিৰ_দিপিৰ_নিবেদন،،،،،،،🙏🙏
উত্তৰণ , প্ৰজ্ঞা প্ৰয়াসী মঞ্চৰ পৰা ধন্যবাদৰ একেষাৰ
🙏🙏🙏🙏
হৃদয় যেতিয়া সুখৰ অনুভূতিৰে ওপচি পৰে ,তেতিয়া তাক প্ৰকাশ কৰিবলৈ নাথাকে কোনো ভাষা। থাকে মাথো আন্তৰিক অনুভৱ ।
ওপজা দিনটোতে মোৰ দিপি দি বিশেষ কৰি ৰাখি কালিৰে পৰা সকলোৱে দিয়া সুন্দৰ সুন্দৰ মন্তব্য বোৰে মোক পুনৰ এবাৰ জীপাল কৰি তুলিলে।
সময়ৰ গতিত আগুৱাই যোৱা আমাৰ সকলো সদস্যবৃন্দ সমুহক প্ৰশাসক মহোদয় চিন্তামনি মহন্তদায়ে এই মঞ্চত এদিনৰ বাবে ৰাখি যি বিশেষ সন্মান দি সকলোৰ মাজত আমাৰ মনবোৰ সজীৱ কৰি তোলাৰ যি প্ৰচেষ্টাৰে প্ৰয়াস কৰি আহিছে তাৰ বাবে তেখেতক মই হৃদয়ৰ পৰা #আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। অনাগত দিনবোৰত গোটৰ সকলো সদস্যৰ সু - স্বাস্থ্যৰ গৰাকী হৈ থাকে যেন আৰু মৰমৰ এনাজৰী ডাল নৈ গতি দৰে এনেকৈয়ে নিৰন্ত বৈ থাকক।
সময় গতিশীল । সুন্দৰ এটা মধুৰ দিনৰ মিঠা অনুভবেৰে বিদায় বেলা‌ সমাগত। আহিবলগীয়া দিপিক স্বাগতম জনালো। শেষত গোটৰ কুশল কামনা কৰিলো ।শুভৰাত্ৰী।
🌹🌹🌹🌹🌹🌹🌹
অনিতা শইকীয়া
গুৱাহাটী =০৬
১৯/১২/২০২৪

 #অভিনন্দন_সমীৰ_তাঁতী_দাদা ৷ মন ভাল লগা খবৰ৷ #সাহিত্য_অকাডেমি_বঁটা_২০২৪ ৷আমি গোটত তেখেতৰ কবিতা আবৃত্তি কৰিছোঁ।তেখেত আমাৰ...
18/12/2024

#অভিনন্দন_সমীৰ_তাঁতী_দাদা ৷
মন ভাল লগা খবৰ৷
#সাহিত্য_অকাডেমি_বঁটা_২০২৪ ৷
আমি গোটত তেখেতৰ কবিতা আবৃত্তি কৰিছোঁ।
তেখেত আমাৰ গোটৰ কবিতা আবৃত্তি প্ৰতিযোগীতাৰ এগৰাকী বিচাৰক আছিল ॥

সবাতোকৈ ভাল লগা খবৰটো হৈছে সমীৰ তাঁতী দাদা প্ৰাক্তন #ডিকেডিয়ান

 #আজিৰ দিপিৰ নিবেদন... 🙏🙏কালি ৰাতিৰে পৰা আজিলৈকে উত্তৰণ প্ৰজ্ঞা প্ৰয়াসী মঞ্চত সকলোৰে মৰমৰ ডিপি হৈ থাকি সুন্দৰ দিন এটা ক...
15/12/2024

#আজিৰ দিপিৰ নিবেদন... 🙏🙏
কালি ৰাতিৰে পৰা আজিলৈকে উত্তৰণ প্ৰজ্ঞা প্ৰয়াসী মঞ্চত সকলোৰে মৰমৰ ডিপি হৈ থাকি সুন্দৰ দিন এটা কটাই নিজকে পৰম ভাগ্যৱান বুলি অনুভৱ হৈছে।
বন্ধুত্বৰ এখন সুবিশাল মঞ্চ এইটো এটা ব্যতিক্ৰমী গ্ৰুপ! সদায় এনেদৰেই থাকক গ্ৰুপৰ সতীৰ্থসকলৰ সহজ-সৰল মৰম-চেনেহ বোৰ।
ব্যস্ততাৰ বাবেই হেঁপাহৰ গ্ৰুপটোত সময় দিব নোৱাৰোঁ , তথাপিও সকলোৰেই আদৰৰ আৰু সকলোৱেই মোৰ মৰমৰ ।
উত্তৰণ, প্ৰজ্ঞা প্ৰয়াসী মঞ্চৰ সতীৰ্থসকলৰ অসমীয়া সাহিত্যৰ উত্তৰণৰ প্ৰতি যি দায়বদ্ধতা , সামূহিক প্ৰয়াস ... সেয়া সঁচাই প্ৰশংসনীয়।আপোনালোকৰ এই প্ৰচেষ্টা অবিৰত থাকক 🙏💐
সম্পূৰ্ণ এটা দিন আপোনালোকে সস্নেহ ডিপি কৰি ৰাখি যি সুখানন্দ দিলে তাৰ বাবে শ্ৰদ্ধাৰ মুখ্য প্ৰশাসককে প্ৰমুখ্য কৰি সমূহ সন্মানীয় সদস্যকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ 🙏🙏
সকলো কুশলে থাকক ..., সুখ আৰু আনন্দৰে ভৰি পৰক আপোনালোকৰ অনাগত দিনবোৰ ...🙏🙏
নতুন ডিপিক স্বাগতম জনাই আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিলোঁ🙏🙏

ধন্যবাদ 🙏

মৌচুমী বড়া বৰুৱা
কলাইগাঁও, দৰং

 #বনভোজা_কাজিৰঙালৈ..২০২৪প্ৰিয় সতীৰ্থ সকল,     বছৰ শেষ হ'বলৈ হ'ল...,শেষ হ'বৰ হল জীৱন পুথিৰ অন্য এক পৃষ্ঠাৰ । আৰম্ভ কৰিব ও...
14/12/2024

#বনভোজা_কাজিৰঙালৈ..২০২৪

প্ৰিয় সতীৰ্থ সকল,
বছৰ শেষ হ'বলৈ হ'ল...,শেষ হ'বৰ হল জীৱন পুথিৰ অন্য এক পৃষ্ঠাৰ । আৰম্ভ কৰিব ওলাইছো এই পুথিৰ এক নতুন অধ্যায়ৰ নতুনৰ উৎসাহ আৰু উদ্দীপনাৰে .....।
প্ৰতিটো বৰ্ষৰ দৰেই এই বৰ্ষটো উত্তৰণ, প্ৰজ্ঞা প্ৰয়াসী মঞ্চৰ সদস্য সকলৰ আগ্ৰহ আৰু সহযোগত এটি ধুনীয়া দিনত সকলো মিলি বনভোজ থ'লিত #মিলিজুলি_এসাঁজ আয়োজন কৰিব বিচাৰিছো।
চলিত মাহৰ ২৯/১২/২০২৪ তাৰিখ #দেওবাৰে আমি সকলোৱে ঐতিহ্য মণ্ডিত #কাজিৰঙাত এসাঁজ খোৱাৰ সিদ্ধান্ত লৈছো। আপোনালোক সকলোৰে দিহা-পৰামৰ্শ ,সহায় সহযোগ আৰু উপস্থিতি কামনা কৰি ইচ্ছুক সদস্য সকলক নিজৰ নাম সমূহ দিবৰ বাবে অনুৰোধ কৰিলো।
আলোচনাৰ মৰ্মে #বনভোজৰ মাছুল প্ৰতি জনৰ --৮০০ টকাকৈ (সদস্যৰ সংখ্যা বঢ়িলে মাছুল কমিব।)
নতুন বৰ্ষক আদৰাৰ প্ৰাগ ক্ষণত আহক আমি এটা দিন আনন্দৰে অতিবাহিত কৰো

সেৱাৰে.....

#গীতালী_তামুলী
#ডঃ_প্ৰশান্ত_কুমাৰ_শৰ্মা
(পৰিচালকদ্বয়,উত্তৰণ প্ৰজ্ঞা প্ৰয়াসী মঞ্চ।)

চিন্তামনি মহন্ত
গোট প্ৰশাসক, উত্তৰণ প্ৰজ্ঞা প্ৰয়াসী মঞ্চ, গুৱাহাটী, অসম

 #পিকনিক ২০২৪...💖💖প্ৰিয় সতীৰ্থবৃণ্দ,,কোমল ৰ'দালিক বোকোচাত লৈ শীত নামে ধৰালৈ....আঘোণৰ সীমাহীন ব্যস্ততাৰ অন্তত শীতৰ  আমেজ ...
10/12/2024

#পিকনিক ২০২৪...💖💖
প্ৰিয় সতীৰ্থবৃণ্দ,,

কোমল ৰ'দালিক বোকোচাত লৈ শীত নামে ধৰালৈ....

আঘোণৰ সীমাহীন ব্যস্ততাৰ অন্তত শীতৰ আমেজ লৈ প্ৰকৃতিৰ কোলাত সমজুৱাকৈ বালিভাত খাই আনন্দ কৰাৰ এক অঘোষিত পৰম্পৰাহে যেন চলি আহিছে। উত্তৰণ, প্ৰজ্ঞা প্ৰয়াসী মঞ্চও ইয়াৰ ব্যতিক্ৰম নহয়। প্ৰতিটো বৰ্ষৰ দৰেই এই বৰ্ষটো বনভোজৰ আয়োজনে প্ৰতি সদস্যক উল্লাসিত কৰি তুলিব। চলিত বৰ্ষৰ -২০২৪ চনৰ, ডিচেম্বৰ মাহৰ শেষৰ সপ্তাহত বনভোজৰ তাৰিখ আৰু স্থান নিৰ্দ্ধাৰণ কৰিবলৈ আমাৰ মাজৰে সন্মানীয় সদস্যকলৈ এখন কমিতি গঠন কৰি দায়িত্ব অৰ্পণ কৰিব বিছাৰিছো। তেওঁলোক যথাক্ৰমে....

১) #গিতালী_তামুলী
২) #ডঃ_প্ৰশান্ত_কুমাৰ_শৰ্মা

আশাকৰো তেওঁলোকে আলোচনাৰ মাধ্যমেৰে খুব সোনকালেই বনভোজৰ তাৰিখ আৰু স্থানৰ বিষয়ে গোটৰ মজিয়াত অৱগত কৰি বনভোজৰ অনুষ্ঠানটি সফল কৰি তুলিব।
আহক আমি এটা দিন আনন্দৰে অতিবাহিত কৰো*

চিন্তামনি মহন্ত
(গোট প্ৰশাসক, উত্তৰণ প্ৰজ্ঞা প্ৰয়াসী মঞ্চ)
১০.১২.২০২৪

 #কবিতাঃ-"হামদৈ পথাৰৰ কৃষকজন গ'লগৈ" #কবি -সাহিত্য প্ৰাণ স্বৰ্গীয় প্ৰফুল্ল চন্দ্ৰ বৰা দেৱ #বিচাৰকঃ-  ন্যায়াধীশ দাৰাক উল...
01/12/2024

#কবিতাঃ-"হামদৈ পথাৰৰ কৃষকজন গ'লগৈ"
#কবি -সাহিত্য প্ৰাণ স্বৰ্গীয় প্ৰফুল্ল চন্দ্ৰ বৰা দেৱ
#বিচাৰকঃ- ন্যায়াধীশ দাৰাক উল্লা মহাশয়।

২০০৮ চনৰ এটি বিভীষিকাময় দিন আছিল ৩০ অক্টোবৰ। নিৰীহজনৰ তেজৰ ফাকু খেলি অট্টহাস্যত ফাটি পৰিছিল নিষিদ্ধ উগ্ৰপন্থী! সেই বিশেষ দিনটো সুঁৱৰি #উত্তৰণ , প্ৰজ্ঞা প্ৰয়াসী মঞ্চত প্ৰত্যেক বছৰে অনুষ্ঠিত কৰা হয় একোখন কবিতা #আবৃত্তি_প্ৰতিযোগিতা। এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল। এইবাৰ লোৱা হয় দেৰগাঁও কমল দুৱৰা #মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, সাহিত্য প্ৰাণ তথা সাহিত্যিক #প্ৰফুল্ল_চন্দ্ৰ_বৰা_ছাৰৰ এটি সুন্দৰ কালজয়ী কবিতা " #হামদৈ_পথাৰৰ_কৃষকজন_গ'লগৈ"।
৪২ জন প্ৰতিযোগীয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱা আবৃত্তি প্ৰতিযোগিতা খনিৰ বিচাৰ কৰে বিশিষ্ট #ন্যায়াধীশ_শ্ৰদ্ধাৰ_দাৰাক_উল্লা_মহাশয়_দেৱে। তেখেতৰ বহুমূলীয়া সময় প্ৰদান কৰি আমাৰ এই বিচাৰ কাৰ্য সম্পাদন কৰি দিয়াৰ বাবে তেখেতলৈ যাঁচিছো ভক্তিভৰা কৃতজ্ঞতা। তেখেত একাধাৰে #সাংবাদিক, শিৱসাগৰ প্ৰেছ ক্লাবৰ অবৈতনিক আইন পৰামৰ্শ দাতা, শিৱসাগৰৰ অগ্ৰণী অনুষ্ঠান তৰুণ সংঘ ৰিডিং ক্লাবৰ সম্পাদক তথা সাহিত্যিক আছিল।
তেখেতে সৰু কালৰে পৰা কবিতা, তৰ্ক, আবৃত্তি,বক্তৃতাৰে মেধাৰ পৰিচয় বহন কৰিছিল। চিভিল ইঞ্জিনীয়াৰিং ডিপ্লমা, #আইনৰ স্নাতক, অৰ্থনীতিত স্নাতকোত্তৰ আৰু মানৱ অধিকাৰ বিষয়ত স্নাতকোত্তৰ ডিপ্লমাধাৰী মেধাৱী ব্যক্তিজন বৰ্তমান গুৱাহাটীৰ স্থায়ী বাসিন্দা। তেখেতে শিৱসাগৰ আদালতৰ অধিবক্তা হিচাপে আঠ বছৰ ওকালতি কৰাৰ পিছত অসম ন্যায়িক সেৱাৰ পদত অধিষ্ঠিত হৈ পৰ্য্যায় ক্ৰমে #কামৰূপ গ্ৰাম্য আৰু কাছাৰ জিলাৰ জিলা সত্ৰ ন্যায়াধীশ, গুৱাহাটী মটৰ দুৰ্ঘটনা দাবী আদালত ১নং আৰু ২নং আদালতৰ মুখ্য বিচাৰপতি আছিল। ইয়াৰ উপৰিও তেখেতে গুৱাহাটী উচ্চ ন্যায়ালয়তো কৰ্মৰত হৈছিল। তেখেতে শোণিতপুৰ জিলাৰ অতিৰিক্ত চেচন #ন্যায়াধীশ হিচাপে থকাৰ উপৰিও কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত সফলতাৰে কাৰ্য নিৰ্বাহ কৰিছিল। তেখেতৰ বহু কেইটা জাজমেন্টে ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছে। যোৱা ইংৰাজী ৩১/১০/২০২৪ তাৰিখে #দাৰাক_উল্লা মহাশয়ে কৰ্ম জীৱনৰ পৰা আনুষ্ঠানিক ভাবে অৱসৰ গ্ৰহণ কৰে।
আনহাতে সাহিত্যৰ ক্ষেত্ৰখনতো তেখেতৰ অৱদান কম নহয়। তেখেতৰ #প্ৰবন্ধ সংকলন অনুভৱৰ ফুলনিত সৰু সৰু কথাৰে, #উপন্যাস ৰিক্ত হৃদয়ৰ সিক্ত সপোন ৰ উপৰিও তেখেত Guwahati Law Times আৰু Judicial একাডেমীৰ জাৰ্ণেলৰ নিয়মীয়া লেখক। উল্লেখযোগ্য যে তেজপুৰৰ বাণ থিয়েটাৰত তেখেতৰ ৰিক্ত হৃদয়ৰ সিক্ত সপোন উপন্যাসখনৰ নাট্যৰূপ দি #থিয়েটাৰ হিচাপে মঞ্চস্থ কৰিছিল। বৰ্তমান তেখেতৰ কেইখন মান গ্ৰন্থ প্ৰকাশৰ পথত ।
ইমান ব্যস্ততাৰ মাজতো তেখেতে আমাৰ গোটক সময় দি এটি সুন্দৰ ফলাফল প্ৰকাশ কৰি আমাক চিৰকৃতজ্ঞ কৰি তোলাৰ বাবে আমি তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।
কবিতাৰ অনুষ্ঠানটি সুকলমে চলাই নিয়াত সহায় কৰা বাবে গোটৰ সকলো সন্মানীয় সদস্যৰ ওচৰত #চিৰকৃতজ্ঞ হৈ ৰোৱাৰ ওপৰিও আমাক বিশেষ ভাবে *সহায় আগবঢ়োৱা সদস্যা #জ্যোতিমণি_শইকীয়া বৰুৱা আৰু #গীতালী_তামুলীক ধন্যবাদ জনালো ।
বিজয়ী প্ৰতিযোগী সকলক আন্তৰিক অভিনন্দন জনাই সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী প্ৰতিযোগীক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো i

ধন্যবাদেৰে......

#চিন্তামনি_মহন্ত
পৰিচালক ও প্ৰশাসক
(৩০ অক্টোবৰ কবিতা আবৃত্তি প্ৰতিযোগিতা -২০২৪)
উত্তৰণ, প্ৰজ্ঞা প্ৰয়াসী মঞ্চ,দিশপুৰ , গুৱাহাটী অসম
০১/১২/২০২৪

🙏🙏🙏🙏🙏🙏

29/11/2024

#কবিতা_আবৃত্তি_প্ৰতিযোগিতাৰ_ফলাফল..
#কবিতাঃ-"হামদৈ পথাৰৰ কৃষকজন গ'লগৈ"
#কবি -সাহিত্য প্ৰাণ স্বৰ্গীয় প্ৰফুল্ল চন্দ্ৰ বৰা দেৱ
#বিচাৰকঃ- ন্যায়াধীশ দাৰাক উল্লা মহাশয়।

২০০৮ চনৰ এটি বিভীষিকাময় দিন আছিল ৩০ অক্টোবৰ। নিৰীহজনৰ তেজৰ ফাকু খেলি অট্টহাস্যত ফাটি পৰিছিল নিষিদ্ধ উগ্ৰপন্থী! সেই বিশেষ দিনটো সুঁৱৰি #উত্তৰণ , প্ৰজ্ঞা প্ৰয়াসী মঞ্চত প্ৰত্যেক বছৰে অনুষ্ঠিত কৰা হয় একোখন কবিতা #আবৃত্তি_প্ৰতিযোগিতা। এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল। এইবাৰ লোৱা হয় দেৰগাঁও কমল দুৱৰা #মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, সাহিত্য প্ৰাণ তথা সাহিত্যিক #প্ৰফুল্ল_চন্দ্ৰ_বৰা_ছাৰৰ এটি সুন্দৰ কালজয়ী কবিতা " #হামদৈ_পথাৰৰ_কৃষকজন_গ'লগৈ"।
৪২ জন প্ৰতিযোগীয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱা আবৃত্তি প্ৰতিযোগিতা খনিৰ বিচাৰ কৰে বিশিষ্ট #ন্যায়াধীশ_শ্ৰদ্ধাৰ_দাৰাক_উল্লা_মহাশয়_দেৱে। তেখেতৰ বহুমূলীয়া সময় প্ৰদান কৰি আমাৰ এই বিচাৰ কাৰ্য সম্পাদন কৰি দিয়াৰ বাবে তেখেতলৈ যাঁচিছো ভক্তিভৰা কৃতজ্ঞতা। তেখেত একাধাৰে #সাংবাদিক, শিৱসাগৰ প্ৰেছ ক্লাবৰ অবৈতনিক আইন পৰামৰ্শ দাতা, শিৱসাগৰৰ অগ্ৰণী অনুষ্ঠান তৰুণ সংঘ ৰিডিং ক্লাবৰ সম্পাদক তথা সাহিত্যিক আছিল।
তেখেতে সৰু কালৰে পৰা কবিতা, তৰ্ক, আবৃত্তি,বক্তৃতাৰে মেধাৰ পৰিচয় বহন কৰিছিল। চিভিল ইঞ্জিনীয়াৰিং ডিপ্লমা, #আইনৰ স্নাতক, অৰ্থনীতিত স্নাতকোত্তৰ আৰু মানৱ অধিকাৰ বিষয়ত স্নাতকোত্তৰ ডিপ্লমাধাৰী মেধাৱী ব্যক্তিজন বৰ্তমান গুৱাহাটীৰ স্থায়ী বাসিন্দা। তেখেতে শিৱসাগৰ আদালতৰ অধিবক্তা হিচাপে আঠ বছৰ ওকালতি কৰাৰ পিছত অসম ন্যায়িক সেৱাৰ পদত অধিষ্ঠিত হৈ পৰ্য্যায় ক্ৰমে #কামৰূপ গ্ৰাম্য আৰু কাছাৰ জিলাৰ জিলা সত্ৰ ন্যায়াধীশ, গুৱাহাটী মটৰ দুৰ্ঘটনা দাবী আদালত ১নং আৰু ২নং আদালতৰ মুখ্য বিচাৰপতি আছিল। ইয়াৰ উপৰিও তেখেতে গুৱাহাটী উচ্চ ন্যায়ালয়তো কৰ্মৰত হৈছিল। তেখেতে শোণিতপুৰ জিলাৰ অতিৰিক্ত চেচন #ন্যায়াধীশ হিচাপে থকাৰ উপৰিও কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত সফলতাৰে কাৰ্য নিৰ্বাহ কৰিছিল। তেখেতৰ বহু কেইটা জাজমেন্টে ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছে। যোৱা ইংৰাজী ৩১/১০/২০২৪ তাৰিখে #দাৰাক_উল্লা মহাশয়ে কৰ্ম জীৱনৰ পৰা আনুষ্ঠানিক ভাবে অৱসৰ গ্ৰহণ কৰে।
আনহাতে সাহিত্যৰ ক্ষেত্ৰখনতো তেখেতৰ অৱদান কম নহয়। তেখেতৰ #প্ৰবন্ধ সংকলন অনুভৱৰ ফুলনিত সৰু সৰু কথাৰে, #উপন্যাস ৰিক্ত হৃদয়ৰ সিক্ত সপোন ৰ উপৰিও তেখেত Guwahati Law Times আৰু Judicial একাডেমীৰ জাৰ্ণেলৰ নিয়মীয়া লেখক। উল্লেখযোগ্য যে তেজপুৰৰ বাণ থিয়েটাৰত তেখেতৰ ৰিক্ত হৃদয়ৰ সিক্ত সপোন উপন্যাসখনৰ নাট্যৰূপ দি #থিয়েটাৰ হিচাপে মঞ্চস্থ কৰিছিল। বৰ্তমান তেখেতৰ কেইখন মান গ্ৰন্থ প্ৰকাশৰ পথত ।
ইমান ব্যস্ততাৰ মাজতো তেখেতে আমাৰ গোটক সময় দি এটি সুন্দৰ ফলাফল প্ৰকাশ কৰি আমাক চিৰকৃতজ্ঞ কৰি তোলাৰ বাবে আমি তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।
কবিতাৰ অনুষ্ঠানটি সুকলমে চলাই নিয়াত সহায় কৰা বাবে গোটৰ সকলো সন্মানীয় সদস্যৰ ওচৰত #চিৰকৃতজ্ঞ হৈ ৰোৱাৰ ওপৰিও আমাক বিশেষ ভাবে *সহায় আগবঢ়োৱা সদস্যা #জ্যোতিমণি_শইকীয়া বৰুৱা আৰু #গীতালী_তামুলীক ধন্যবাদ জনালো ।
বিজয়ী প্ৰতিযোগী সকলক আন্তৰিক অভিনন্দন জনাই সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী প্ৰতিযোগীক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো i

ধন্যবাদেৰে......

#চিন্তামনি_মহন্ত
পৰিচালক ও প্ৰশাসক
(৩০ অক্টোবৰ কবিতা আবৃত্তি প্ৰতিযোগিতা -২০২৪)
উত্তৰণ, প্ৰজ্ঞা প্ৰয়াসী মঞ্চ,দিশপুৰ , গুৱাহাটী অসম
২৯/১১/২০২৪

🙏🙏🙏🙏🙏🙏

Address

Dergaon

Telephone

+918638461941

Alerts

Be the first to know and let us send you an email when উত্তৰণ,প্ৰজ্ঞা প্ৰয়াসী মঞ্চ DKDC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to উত্তৰণ,প্ৰজ্ঞা প্ৰয়াসী মঞ্চ DKDC:

Videos

Share