Uttaron Digital Media

Uttaron Digital Media A Digital Media Unit of Uttaron Group

17/12/2022
17/12/2022
বহুপথাৰত অসমীয়া সাহিত্য সন্মিলনীৰ আঞ্চলিক সমিতি গঠনঅসমীয়া সাহিত্য সন্মিলনীৰ দেৰগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত বনগাঁওৰ নাম...
27/12/2020

বহুপথাৰত অসমীয়া সাহিত্য সন্মিলনীৰ আঞ্চলিক সমিতি গঠন

অসমীয়া সাহিত্য সন্মিলনীৰ দেৰগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত বনগাঁওৰ নামনি বহুপথাৰ হাইস্কুলত এখনি সভা অনুষ্ঠিত হৈ যায়। অৱসৰপ্ৰাপ্ত শিক্ষক ফনীধৰ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে অৱসৰপ্ৰাপ্ত শিক্ষক মানিক গগৈয়ে। অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্ৰীয় উপ-সভাপতি ৰাজেন পুজাৰী, দেৰগাঁও আঞ্চলিক সমিতিৰ সম্পাদক ৰাতুল বৰা, পত্ৰিকা সম্পাদক জ্যোতিজনাৰ্দন বৰা, শ্ৰীমন্তশঙ্কৰদেৱ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিজয় গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সভাখনত নামনি বহুপথাৰ হাইস্কুলৰ প্ৰধান শিক্ষক বীনা বৰুৱা ফুকন, কবি বিজয়া গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক লোকাৰাম গগৈ, পৰেশ গগৈ, কবি নেত্ৰজ্যোতি গগৈ হাজৰিকাকে ধৰি বহুকেইজন বক্তাই সাহিত্য সন্মিলনীৰ দৰে সংগঠনৰ অৱশ্যকতাৰ ওপৰত বক্তব্য আগবঢ়ায়। এই সভাতে মানিক গগৈক সভাপতি, বিজয় কুমাৰ গগৈক কাৰ্যকৰী সভাপতি, বীনা বৰুৱা ফুকন আৰু লোকৰাম গগৈক উপ-সভাপতি, ৰঞ্জিত গগৈক সাধাৰণ সম্পাদক, ৰক্তিম দুৱৰা আৰু অনুৰাধা গগৈ ক সহঃসম্পাদক, দীজেন গগৈক কোষাধ্যক্ষ আৰু বলীন দুৱৰাক পত্ৰিকা সম্পাদক হিচাপে লৈ অসমীয়া সাহিত্যৰ বহুপথাৰ আঞ্চলিক সমিতিখন গঠন কৰা হয়।

বিদ্যুৎ বিভাগৰ চৰম কাণ্ডজ্ঞানহীনতাৰ বাবে ঘিলামৰা বাটমাৰিত দেওবাৰে নিশা থিতাতে প্ৰাণ গ'ল এজন বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ ।ঘি...
12/10/2020

বিদ্যুৎ বিভাগৰ চৰম কাণ্ডজ্ঞানহীনতাৰ বাবে ঘিলামৰা বাটমাৰিত দেওবাৰে নিশা থিতাতে প্ৰাণ গ'ল এজন বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ ।

ঘিলামৰা বিদ্যুৎ সংমণ্ডল কাৰ্যালয়ৰ চৰম কান্ডজ্ঞানহীনতা আৰু কৰ্তব্যৰ গাফিলতিৰ বাবে দেওবাৰে নিশা প্ৰাণ গ'ল এজন বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ । মৃত্যু হোৱা কৰ্মচাৰীজনৰ ঘৰ ধেনুষণা পঞ্চায়তৰ গন্ধীয়া গাঁৱৰ পংকজ লামু বুলি জানিব পৰা গৈছে । ঘটনাৰ বিবৰণী মতে ঘিলামৰাৰ বাটমাৰিত এটা বিদ্যুৎ ট্ৰেন্সফৰমাৰ বিজুতিৰ বাবে বিদ্যুত সংযোগ কৰ্তন কৰি মেৰামতি কৰি থকা অৱস্থাত ঘিলামৰা বিদ্যুত সংমণ্ডল কাৰ্যালয়ৰ কোনো লোকে কাণ্ডজ্ঞানহীন ভাৱে বিদ্যুৎ সংযোগ কৰি দিয়াৰ ফলতে লোকজন মৃত্যু হয় । পিছত মৃত লোকজনৰ অঞ্চলৰ লোকে ঘিলামৰা বিদ্যুৎ সংমণ্ডলৰ কাৰ্যলয় ঘেৰাও কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় পৰিস্থিতি উত্তপ্ত কৰি তোলে ।

#ঘিলামৰাৰ পৰা দীপাংকৰ চেতিয়াৰ প্ৰতিবেদন, বাৰ্তা ২৪ ঘন্টা

04/10/2020

শাৰদীয় দুৰ্গোৎসৱৰ পূৰ্ব্বে চাহ শ্ৰমিকসকললৈ সুখবৰ

👉🏻শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী । তেনে অৱস্থাতে চৰাইদেউ জিলাৰ চাহ শ্ৰমিক সকললৈ আহিছে এটা ভাল খবৰ। জিলাখনত শান্তিপূৰ্ণভাৱে চলিছে চাহ শ্ৰমিকসকলৰ বোনাছ চুক্তিৰ প্ৰক্ৰিয়া। উল্লেখযোগ্য যে, চলিত বৰ্ষত জিলাখনৰ প্ৰায় সংখ্যক চাহ শ্ৰমিকেই ২০ শতাংশ বোনাছ পোৱাটো এতিয়া প্ৰায় নিশ্চিত হৈছে। জিলাখনৰ চাহ বাগিচা সমূহৰ মালিক পক্ষৰ লগত ইতিমধ্যে চাহ মজদুৰ সংঘই বোনাছ সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে কেইবালানি বৈঠক সম্পূৰ্ণ কৰিছে । লগতে এই বৈঠক সমূহৰ অন্তত জিলাখনৰ প্ৰায় সংখ্যক চাহ বাগিচাৰ মালিক পক্ষৰ লগত বোনাছ সম্পৰ্কীয় চুক্তি স্বাক্ষৰিতও হৈছে ।

👉🏻অসম চাহ মজদুৰ সংঘৰ সোণাৰি শাখাৰ অধীনত সৰ্বমুঠ ৫৬ খন চাহ বাগিচাৰ ভিতৰৰ মুঠ ৫৩ খনৰ মালিক পক্ষৰ সৈতে বোনাছৰ চুক্তি স্বাক্ষৰিত হৈছে। ইয়াৰে গৰিষ্ঠ সংখ্যক চাহ বাগিচাৰ কৰ্তৃপক্ষই দুৰ্গা পূজাৰ পূৰ্বে নিজ নিজ শ্ৰমিক সকলক ২০ শতাংশ বোনাছ প্ৰদান কৰাৰ সন্মতি প্ৰকাশ কৰি চাহ মজদুৰ সংঘৰ সৈতে চুক্তিত স্বাক্ষৰ কৰিছে । ইয়াৰ উপৰিও সংঘৰ সোণাৰি শাখাৰ অন্তৰ্গত ২২ খন চাহ বাগিচাৰ মালিক পক্ষই দুটা কিস্তিত মুঠ ২০ শতাংশ বোনাছ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইয়াৰে প্ৰথম কিস্তি দুৰ্গা পূজাৰ পূৰ্বে আৰু দ্বিতীয় কিস্তি দিপাৱলী বা ফাকুৱাত প্ৰদান কৰিব বুলি মজদুৰ সংঘৰ নেতাদ্বয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে । আনহাতে অহা দুই এদিনৰ ভিতৰত বাকী ৰৈ যোৱা ১৮ খন চাহ বাগিচাৰ মালিক পক্ষৰ সৈতে বোনাছৰ চুক্তি স্বাক্ষৰিত হ’ব বুলি দুজনে জানিবলৈ দিছে।

অমৃত কুমাৰ শৰ্মাৰ প্ৰতিবেদন, বাৰ্তা২৪ঘন্টা

02/10/2020
01/10/2020

সুন্দৰপুৰ চাহ বাগিচাত আটছাৰ ধৰ্ণা কাৰ্যসূচী

অসম চাহ জনজাতি ছাত্ৰ সন্থা সাপেখাটি শাখাৰ বৰুৱানগৰ উপ-শাখা সমিতিৰ উদ্যোগত চৰাইদেউ জিলাৰ অন্তৰ্গত সুন্দৰপুৰ চাহ বাগিচাত আজি দুই(২) ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ লগতে দেওবৰীয়া ছুটি সহঃ হাজিৰা দিয়া, ২০ শতাংশ বোনাছ, চাহ বাগিচাৰ আৱাসগৃহ মেৰামতি, শৌচাগাৰ, বিশুদ্ধ খোৱা পানী যোগান, নিবনুৱা সমস্যা সমাধান, বাগিচাৰ জৰাজীৰ্ণ পথসমূহ নিৰ্মাণৰ দাবীত বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । উক্ত কাৰ্যসূচীত অসম চাহ জনজাতি ছাত্ৰ সন্থা সাপেখাটি শাখাৰ সভাপতি নবীন কুৰ্মী, সহকাৰী সম্পাদক অমৃত কয়া, কাৰ্যনিবাহক সদস্য দেৱনাথ টুডু, শিক্ষা আৰু সাহিত্য সম্পাদক গনেশ কৈৰী, সাপেখাতী উপ-শাখাৰ জান্টু কুৰ্মি, সঞ্জয় তাঁতীৰ উপৰিও সুন্দৰপুৰ চাহ বাগিচা চাহ মজদুৰ সংঘৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে। অসম চাহ জনজাতি ছাত্ৰ সন্থা বৰুৱানগৰ উপ-শাখা সমিতিৰ সভাপতি কমল গড়, সম্পাদক শংকৰ উৰাঙে তেওঁলোকৰ দাবী সম্বলিত ৫ দফীয়া স্মাৰক পত্ৰ বাগিচাৰ মুখ্য পৰিচালকক প্ৰদান কৰে ।৷

শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ প্ৰতিবেদন, বাৰ্তা২৪ঘন্টা

ঘিলামৰা উচ্চ মাধ্যমিক (বৰ্তমান ঘিলামৰা মডেল উচ্চতৰ মাধ্যমিক) বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক, অসম সচিবালয়ৰ প...
28/09/2020

ঘিলামৰা উচ্চ মাধ্যমিক (বৰ্তমান ঘিলামৰা মডেল উচ্চতৰ মাধ্যমিক) বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক, অসম সচিবালয়ৰ প্ৰাক্তন কৰ্মচাৰী, তথা শিক্ষাবিদ, সফল অভিভাৱক, গনতান্ত্ৰিক ব্যক্তি , ঘিলামৰাৰ জগত চন্দ্ৰ গগৈৰ পৰলোকপ্ৰাপ্তি । অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত গগৈৰ কালি (অৰ্থাৎ ২৭ চেপ্তেম্বৰ, ২০২০ ) সন্ধ্যা প্ৰায় ৭টা বজাত ৯৬ বছৰ বয়সত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতে তিনিজন পুত্ৰ, বোৱাৰী, এগৰাকী কন্যা আৰু জোঁৱাইসহ নাতি-নাতিনীৰ লগতে বহু গুনমুগ্ধক এৰিথৈ যায়। উল্লেখযোগ্য যে তেখেত নিখিল ভাৰত কৃষক সভা ঘিলামৰা আঞ্চলিক কমিটিৰো এজন বিশেষ সদস্য আছিল । দেশ আৰু সমাজৰ প্ৰতিটো ঘটনাক বিশ্লেষণ কৰি সঠিক, বাস্তৱ আৰু বিজ্ঞান সন্মত সিদ্ধান্ত লোৱাত তেখেতে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । নিখিল ভাৰত কৃষক সভাৰ ঘিলামৰা আঞ্চলিক কমিটিয়ে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।

#ঘিলামৰাৰ_পৰা_দীপাংকৰ_চেতিয়াৰ_প্ৰতিবেদন, #বাৰ্তা২৪_ঘন্টা

22/09/2020

ঘিলামৰাৰ এখন আদৰ্শ বিদ্যালয়। কেৱল যেন নামতে আদৰ্শ নহয়, কামতো আদৰ্শ বিদ্যালয়খন ...

প্ৰবীণ গান্ধীবাদী নেতা মহেন্দ্ৰ বৰুৱাৰ মৃত্যুঘিলামৰাৰ প্ৰবীণ গান্ধীবাদী নেতা মহেন্দ্ৰ বৰুৱাৰ(৯১) বাৰ্ধক্যজনিত কাৰণত কালি...
22/09/2020

প্ৰবীণ গান্ধীবাদী নেতা মহেন্দ্ৰ বৰুৱাৰ মৃত্যু

ঘিলামৰাৰ প্ৰবীণ গান্ধীবাদী নেতা মহেন্দ্ৰ বৰুৱাৰ(৯১) বাৰ্ধক্যজনিত কাৰণত কালি নিশা প্ৰায় ১১ বজাত মৃত্যু ঘটে । এইজন মহেন্দ্ৰ বৰুৱাই কোনো দিন নিজৰ ব্যক্তিগত লাভৰ কথা নাভাবি আজীৱন জাতীয় কংগ্ৰেছ দলৰ হৈ কাম কৰি গৈছিল । জীৱনৰ বিয়লি বেলাও এটা সৰু জুপুৰিত নানানটা ব্যাধিৰে যুঁজি জীৱন অতিবাহিত কৰিবলগা কৰি কেৱল ত্যাগ আৰু আদৰ্শৰ নীতিৰে নিজক উদ্বুদ্ধ কৰি ৰখা বৰুৱাই সকলোকে কন্দুৱাই কালি শেষ নিশ্বাস ত্যাগ কৰে । উল্লেখযোগ্য যে তেখেত ঘিলামৰাৰ বিভিন্ন সামাজিক কামটো ওতঃপ্ৰোতভাৱে জড়িত হৈ নিস্বাৰ্থভাবে সেৱা আগবঢ়াই আহিছিল । স্থানীয় কান্ত খনিকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰএকালৰ পৰিচালনা সমিতিৰ সভাপতি তথা অন্যান্য ভালেমান অনুষ্ঠানৰ সৈতেও জড়িত এইজন বৰ্ষীয়ান নেতাৰ মৃত্যুত ঘিলামৰাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোকশন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।

ঘিলামৰাৰ পৰা দীপাংকৰ চেতিয়াৰ প্ৰতিবেদন,
বাৰ্তা ২৪ঘন্টা

20/09/2020

শিৱসাগৰত CPI ৰ নিৰ্বাচনী কুচকাৱাজ.....

19/09/2020

প্ৰায় দুকুৰি পাঁচ বছৰীয়া এখন বজাৰ...
কেন্দ্ৰীয় চৰকাৰে লক্ ডাউন প্ৰত্যাহাৰ কৰাৰ লগে লগে আজি পুনৰ বজাৰখন আৰম্ভ হোৱাত যথেষ্ট উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ...

টীয়কৰ কাকজানত টুৰিজিম এন্দ হোটেল মেনেজমেণ্টৰ ওপৰত অ'ৰিয়েণ্টেশ্যন প্ৰগ্ৰাম সম্পন্ন সূৰ্যোদয় সংস্থা(মাকুম) আৰু অমৰজ্যোতি স...
19/09/2020

টীয়কৰ কাকজানত টুৰিজিম এন্দ হোটেল মেনেজমেণ্টৰ ওপৰত অ'ৰিয়েণ্টেশ্যন প্ৰগ্ৰাম সম্পন্ন

সূৰ্যোদয় সংস্থা(মাকুম) আৰু অমৰজ্যোতি সাংস্কৃতিক উন্নয়ন কেন্দ্ৰৰ উদ্যোগত তথা অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক কৰ্ম সংস্থাপন দিয়াৰ মানসেৰে সংস্থাপনকেন্দ্ৰিক সম্পূৰ্ণ বিনামূলীয়া "টুৰিজিম এন্দ হোটেল মেনেজমেণ্ট" (Tourism and Hotel Management Course)পাঠ্যক্ৰমত প্ৰশিক্ষণ দিয়াৰ ওপৰত কাকজান কমাৰ খাতোৱাল গাঁওস্থিত অমৰজ্যোতি সাংস্কৃতিক উন্নয়ন কেন্দ্ৰৰ প্ৰাঙ্গনত যোৱাকালি দিনৰ ১১.০০ বজাত এটা অৰিয়েণ্টটেশ্যন প্ৰগ্ৰাম(Orientation Programme) অনুষ্ঠিত কৰা হয়।এই অনুষ্ঠানত যোৰহাটৰ বিভিন্ন ঠাইৰ পৰা যুৱক-যুৱতী উপস্থিত থাকি অনুষ্ঠানটোক এক অনন্য মাত্ৰা প্ৰদান কৰে।এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসমৰ শৈক্ষিক তথা বৌদ্ধিক জগতৰ উল্লেখযোগ্য ব্যক্তি , টীয়কৰ সু-সন্তান ড° ৰাণা কুমাৰ চাংমাই।তেখেতে আমাৰ গ্ৰামাঞ্চলৰ শিক্ষিত যুৱক-যুৱতীসকলক সুনিশ্চিত কৰ্মনীতিৰ মাধ্যমেৰে নিবনুৱা সমস্যা কিদৰে সমাধান কৰিব পাৰি তাৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে।উক্ত অনুষ্ঠানত যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ড° অনন্ত তামূলী ,দৈনিক জনমভূমি কাকতৰ স্তম্ভলেখক তথা কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড° পংকজ গোস্বামী , বিশিষ্ট কবি-সমালোচক তথা কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক শ্ৰদ্ধাৰ টুফেল জিলানী ডাঙৰীয়া উপস্থিত থাকি শিক্ষিত যুৱচামক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে। টীয়কৰ প্ৰতিটো সামাজিক অনুষ্ঠানৰ লগত ওত:প্ৰোতভাৱে জড়িত থকা অধিবক্তা,বিশ্বজিত নাথ ডাঙৰীয়া উক্ত অনুষ্ঠানত উপস্থিত থাকি নিবনুৱা সমস্যাৰ ভয়াৱহতাৰ ওপৰত বক্তব্য আগবঢ়ায়।ইয়াৰোপৰি পূব-যোৰহাট প্ৰেছ ক্লাৱৰ সন্মানীয় সভাপতি ৰামপ্ৰসাদ ফুকন ডাঙৰীয়া, টীয়কৰ সাংবাদিক দিগন্ত হাজৰিকা,কাকজান ক্ৰীড়া সন্থাৰ সম্পাদক , সমাজকৰ্মী ৰূপক ৰঞ্জন শইকীয়া , বিশিষ্ট কবি তথা শিক্ষক অপূৰ্ব কুমাৰ বৰাই সভাত উপস্থিত থকা নৱপ্ৰজন্মক উদ্দেশ্য কৰি সাৰুৱা বক্তব্য আগবঢ়ায় ।সূৰ্যোদয় সংস্থাৰ পৰিচালক অখিল চন্দ্ৰ বৰুৱা , প্ৰজেক্ট ক’দিনেটৰ মাধূৰ্য বৰুৱা ,চাইল্ড লাইনৰ ক’দিনেটৰ ননী গোপাল দত্ত , দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ সাংবাদিক প্ৰসেনজিৎ গগৈ উপস্থিত থাকি সংস্থাপনৰ দিশটোৰ ওপৰত যুৱক-যুৱতীসকলক উদ্দেশ্যি ভাৱৰ আদান-প্ৰদান কৰে।অমৰজ্যোতি সাংস্কৃতিক উন্নয়ন কেন্দ্ৰৰ সন্মানীয় উপসভাপতি তথা বিশিষ্ট শিক্ষাবিদ ড° ৰাজেন বৰা, প্ৰাক্তন সম্পাদক মাখন চন্দ্ৰ বৰা, বৰ্ত্তমানৰ সম্পাদক খগেন হাজৰিকা, সহকাৰী সম্পাদক ৰাতুল বৰুৱা, সদস্য ৰাজীৱ ভূঞা ডাঙৰীয়া আজিৰ সভাত উপস্থিত থাকি গঠননমূলক দিহা-পৰামৰ্শৰে আমাক উদ্বুদ্ধ কৰাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হ'ল। কমাৰ খাতোৱাল শাখা ছাত্ৰ সন্থাৰ সভাপতি বিতু বৰা, সাধাৰণ সম্পাদক ৰমেশ বৰা প্ৰমুখ্যে সকলো সদস্যলৈ সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰা হ'ল।অসীম কুমাৰ হাজৰিকাই আঁত ধৰা এই অনুষ্ঠানৰ শলাগৰ শৰাই জ্ঞাপন কৰে প্ৰত্যুষ প্ৰতীম বৰাই ।

16/09/2020

তেওঁৰ অবিহনে ঢকুৱাখনাৰ যিকোনো সাংস্কৃতিক অনুষ্ঠান আধৰুৱা যেন লাগে। তেওঁৰ নামেই তেওঁৰ পৰিচয়। চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন।

https://youtu.be/gfs253Yti_I

15/09/2020

ঘিলামৰাত টাই আহোম সংস্কৃতিৰ চৰ্চা

সমগ্ৰ অসমৰ লগতে মৰিয়নিটো উদযাপন সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ ৯৪ সংখ্যক জন্মদিন। নৱজাগৰণৰ (NGO) উদ্যোগত মৰিয়নিৰ ৫নং ৱাৰ্ড...
09/09/2020

সমগ্ৰ অসমৰ লগতে মৰিয়নিটো উদযাপন সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ ৯৪ সংখ্যক জন্মদিন। নৱজাগৰণৰ (NGO) উদ্যোগত মৰিয়নিৰ ৫নং ৱাৰ্ডত উদযাপন কৰা হ'ল সুধাকন্ঠৰ জন্মদিন। অনুষ্ঠানত সভাপতিত্ব কৰে কুনাল বিশ্বাসে।

মৰিয়নিৰ পৰা নিলেশ দে'ৰ ৰিপ'ৰ্ট
বাৰ্তা-২৪ঘন্টা

https://youtu.be/Jbs30T6VspI
09/09/2020

https://youtu.be/Jbs30T6VspI

ঘিলামৰা প্ৰেছ ক্লাৱ আৰু সাহিত্য সাংস্কৃতিক অনুষ্ঠান "জোনাকী মেল" ৰ উদ্যোগত সুধাকন্ঠ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ ৯...

08/09/2020

৮ ছেপ্তেম্বৰ....
সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ওপজা দিন উপলক্ষ্যে
বিশিষ্ট কবি-লেখিকা ৰেখা বৰকটকীৰ কবিতা আৰু আবৃত্তিৰে সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য...

(সংগ্ৰহঃ অমৃত কুমাৰ শৰ্মা)

08/09/2020

ঢেকীয়াখোৱা বৰনামঘৰত উদযাপন কৰা হয় মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি।

06/09/2020

চতুৰ্দশ ফুলবাৰী অধিবেশনৰ সফল সামৰণি

06/09/2020

ঘিলামৰাত ভয়ঙ্কৰ পথ দূৰ্ঘটনা

মুকলি কৰা হ'ল গ' গ্ৰীণ অৰ্গেনাইজেশ্বন যোৰহাট, অসম সংস্থাৰ ৱেবচাইট। গ' গ্ৰীণ অৰ্গেনাইজেশ্বন যোৰহাটৰ এক অন্যতম স্বেচ্ছাসেৱ...
06/09/2020

মুকলি কৰা হ'ল গ' গ্ৰীণ অৰ্গেনাইজেশ্বন যোৰহাট, অসম সংস্থাৰ ৱেবচাইট।

গ' গ্ৰীণ অৰ্গেনাইজেশ্বন যোৰহাটৰ এক অন্যতম স্বেচ্ছাসেৱী সামাজিক অনুষ্ঠান।
কালি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় যোৰহাট জিলাৰ স্বেচ্ছাসেৱী অনুষ্ঠান গ' গ্ৰীণ অৰ্গেনাইজেশ্বন সংস্থাৰ ৱেবচাইট।
বিশ্বত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰা কভিদ ১৯ ৰ সংক্ৰমণৰ কাৰণে সংস্থাৰ সদস্যসকলে গ'গল মিটৰ জৰিয়তে অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।
বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক মাধ্যম গ'গল মিটযোগে অনুষ্ঠিত হোৱা অনুষ্ঠানটিত বিশেষভাৱে যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা ড° নীলিমা বৰা, যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ ড° গায়ত্ৰী চুতীয়া ,বিশিষ্ট সমাজকৰ্মী শ্ৰী যুতা লক্ষ্যহীৰা ৰাজখোৱা পাটোৱাৰী, সমাজকৰ্মী হেমকান্ত বৰা, অধ্যাপিকা অাৰাধনা চৌধুৰীকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সংস্থাৰ সম্পাদক অন্তৰীপ কাকতিয়ে অাতঁধৰা অনুষ্ঠানটিত ৱেবচাইটি মুকলি কৰে লক্ষ্যহীৰা ৰাজখোৱা পাটোৱাৰীয়ে। লগতে সংস্থাৰ দ্বাৰা প্ৰকাশিত অসমীয়া প্ৰকৃতি বিষয়ক অালোচনী "চিন্তাবৃক্ষ" ৰ দ্বিতীয় সংস্কৰণটিও মুকলি কৰা হয় উক্ত অনুষ্ঠানতে।

06/09/2020

সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে শিৱসাগৰতো ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে শিক্ষক দিৱস উদযাপন কৰা হয়।

শিৱসাগৰ জিলাৰ শিক্ষা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত স্থানীয় যুৱ দলত অনুষ্টুপীয়াকৈ আয়োজন কৰা শিক্ষক দিৱসৰ এই কাৰ্যসূচী আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে জিলা উপায়ুক্ত লক্ষীনন্দন গগৈ মহোদয়ে। অনুষ্ঠানত সভাপতিত্ব কৰি প্ৰদান কৰা ভাষণত তেওঁ জিলাখনৰ শিক্ষক সমাজলৈ শিক্ষক দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে জিলাখনৰ শৈক্ষিক উত্তৰণৰ তেওঁলোকে আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ শিক্ষক আৰু বিদ্যাৰ্থীৰ সু-সমন্বয়েহে শিক্ষাৰ মহত্ব তথা উৎকৰ্ষ সাধন হয় বুলি উল্লেখ কৰে। নিজ বক্তব্যত তেওঁ মহান দাৰ্শনিক, শিক্ষক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ আদর্শৰে অনুপ্ৰাণিত হ'বলৈ শিক্ষক সমাজক আহ্বান জনায়।

উল্লেখযোগ্য যে, সাম্প্ৰতিক ক'ভিড-১৯ ৰোগে সৃষ্টি কৰা ভয়াবহতা তথা ইয়াৰ সাম্ভাব্য গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানটি স্বাস্থ্য বিভাগে জাৰি কৰা নিয়মাৱলী মানি যেনে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাটো সুনিশ্চিত কৰি আয়োজন কৰা হয়।

অনুষ্ঠানত শিৱসাগৰ জিলাৰ প্ৰাক প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ ২৩ গৰাকী বিশেষ সেৱা আগবঢ়োৱা শিক্ষকক কৃতী শিক্ষক বঁটা প্ৰদান কৰা হয়। লগতে শিক্ষা বিভাগত কৰ্মৰত হৈ উল্লেখনীয় সেৱা আগবঢ়োৱা কৰ্মচাৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

শিৱসাগৰ জিলাৰ সমূহ শিক্ষা খণ্ডৰ প্ৰতিনিধি শিক্ষক উপস্থিত থকা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি মৰাণ মহিলা মহাবিদ্যালয়ৰ প্ৰৱক্তা অজয় কুমাৰ গগৈয়ে সাম্প্রতিক সময়ত শিক্ষাৰ মহত্বৰ উল্লেখনিৰে বিশ্বৰ আগশাৰীৰ দেশসমূহৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে আলোচনা আগবঢ়ায়। অনুষ্ঠানটিত উপস্থিত থাকি শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত জুনুমণি সোনোৱালে তেওঁৰ বক্তব্যত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱন আৰু কৰ্মৰ ওপৰত আলোকপাত কৰে।

শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক আব্দুল জেলিলে অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰি শিক্ষক সকলক সমাজৰ নমস্য ব্যক্তি বুলি উল্লেখ কৰি তেওঁলোকৰ অৱদানৰ ফলতে ভৱিষ্যত প্ৰজন্মৰ সুদৃঢ় ভেঁটি নিৰ্মাণ হয় বুলি কয়। লগতে তেওঁ জিলাখনৰ শিক্ষক সকলৰ কৰ্তব্যনিষ্ঠা আৰু দায়বদ্ধতাৰ শলাগ লয়।

শিক্ষক দিৱসৰ লগত সংগতি ৰাখি e-Flipped নামৰ এটি শিক্ষা সহায়ক এপ মুকলি কৰা হয় য'ত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিভিন্ন পাঠ্যক্ৰম সামৰি লোৱা হৈছে।

শিৱসাগৰৰ পৰা চাহিল হাজৰিকাৰ ৰিপৰ্ট
বাৰ্তা-২৪ঘন্টা

Address

Dergaon
785614

Alerts

Be the first to know and let us send you an email when Uttaron Digital Media posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Uttaron Digital Media:

Share

Nearby media companies


Other Media/News Companies in Dergaon

Show All

You may also like