Kamatapur Talks

Kamatapur Talks Official page of Kamatapur Talks, The first Koch-Rajbongshi news portal of Kamatapur.

20/04/2024
30/01/2023

28/01/2023

বঙাইগাঁও বি. এড কলেজৰ বৰ্ণাঢ‍্য সাংস্কৃতিক শোভাযাত্ৰা।




YoutubeLink--https://youtu.be/libgZYCRD6M

অবিভক্ত  গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী সকলক জনজাতিকৰণ কৰাৰ দাবীত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাক মেমোৰেণ্...
24/01/2023

অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী সকলক জনজাতিকৰণ কৰাৰ দাবীত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাক মেমোৰেণ্ডম দাখিল কৰিলে All India Kamata Koch Rajbongshi Mahasangha(AIKKRM)ৰ কেন্দীয় কমিটিয়ে।

পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু অসমৰ কোচ ৰাজবংশী সকলক জনজাতিকৰণৰ দাবীত অহাকালি ২২-জানুৱাৰী ২০২৩ ইং তাৰিখে বঙাইগাঁও জিলাৰ...
21/01/2023

পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু অসমৰ কোচ ৰাজবংশী সকলক জনজাতিকৰণৰ দাবীত অহাকালি ২২-জানুৱাৰী ২০২৩ ইং তাৰিখে বঙাইগাঁও জিলাৰ সিদলসতী জগদ্বাত্ৰী মন্দিৰেৰ বাখৰাত বিৰাট গণ সমাৱেশ।

KLO আৰু ভাৰত চৰকাৰৰ মাজত হবলৈ যোৱা শান্তি চুক্তিৰ অন‍্যতম সদস্য কুমাৰ দিলীপ নাৰায়ণ দেৱক সাক্ষাৎ বিশ্বজিৎ ৰায়'ৰ। ভাৰত চৰক...
19/01/2023

KLO আৰু ভাৰত চৰকাৰৰ মাজত হবলৈ যোৱা শান্তি চুক্তিৰ অন‍্যতম সদস্য কুমাৰ দিলীপ নাৰায়ণ দেৱক সাক্ষাৎ বিশ্বজিৎ ৰায়'ৰ। ভাৰত চৰকাৰ আৰু KLO -ৰ মাজত হবলৈ যোৱা শান্তি চুক্তিক লৈ বিতংভাৱে আলোচনা কৰে বুলি জানিব পৰা গৈছে দুয়োগৰাকী শান্তি আলোচনা কমিটিৰ সদস্যই।

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ উদ‍্যোগত ৫১৩-তম চিলাৰয় দিৱসৰ লগত সংগতি ৰাখি কমতাপুৰ উৎসৱ ২০২৩, অহা ৫ ফেব্ৰুৱাৰীৰ পৰা ১১-ফে...
19/01/2023

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ উদ‍্যোগত ৫১৩-তম চিলাৰয় দিৱসৰ লগত সংগতি ৰাখি কমতাপুৰ উৎসৱ ২০২৩, অহা ৫ ফেব্ৰুৱাৰীৰ পৰা ১১-ফেব্ৰুৱাৰীলৈ বঙাইগাঁও জিলাৰ দেৱানগাঁৱৰ নাককাটিত উদযাপন কৰিবলৈ গৈ আছে।

19/01/2023



14/11/2022

৮১৪ নং ছেদামাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উদযাপন।

আজি সমগ্ৰ দেশৰ লগতে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ৮১৪ নং ছেদামাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত শিক্ষাৰ্থী সকলে শিশু দিৱস উপলক্ষে বিভিন্ন ধৰনৰ জনগোষ্ঠীয় নৃত্য,গীত প্ৰদৰ্শন কৰে ।
উক্ত অনুষ্ঠানত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে জেষ্ঠ সাংবাদিক কৃষ্ণ বৰ্মন,আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থাৰ সদস্য ভীস্ম সৰকাৰ,সোনাৰ কমতাপুৰ নিউজৰ মূখ্য সম্পাদক জনক ৰায়, দৈনিক অগ্ৰদূত কাকতৰ সাংবাদিক ধনকেশ বৰ্মন,ট্ৰাইব টিভিৰ সাংবাদিক চাহু মুৰ্মূৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ উপৰিও পৰিচালনা সমিতিৰ সদস্য সদস্যা সকল, বিদ্যালয়ৰ শিক্ষক সকল আৰু অভিভাৱক- অবিভা‌ৱিকা তথা ছাত্ৰ ছাত্ৰীসকল।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অহা ১৫-নৱেম্বৰ, ২০২২ ইং তাৰিখত ছয় জনগোষ্ঠীয় যৌথ মঞ্চ, অসম'ৰ ১২-ঘণ্টীয়া অসম বন্ধৰ আহ্বান।ছয়...
13/11/2022

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অহা ১৫-নৱেম্বৰ, ২০২২ ইং তাৰিখত ছয় জনগোষ্ঠীয় যৌথ মঞ্চ, অসম'ৰ ১২-ঘণ্টীয়া অসম বন্ধৰ আহ্বান।

ছয় জনগোষ্ঠীয় যৌথ মঞ্চৰ অসম বন্ধক আপোনালোকে সমৰ্থন কৰিব নে ?

কমেণ্টত জনাওঁক আপোনাৰ মতামত।

13/11/2022

সাংবাদিকৰ প্ৰশ্ন : গোসাঁইগাওঁ জিলা কেতিয়া ঘোষণা হব ?

গোসাঁইগাওঁ মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি গোসাঁইগাওঁ জিলাৰ বিষয়ে কি কলে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ?

YoutubeLink - https://youtu.be/Lc16GcxPwKg


13/11/2022

Union Territory Council নহয় Union Territory State হে হব, অনন্ত মহাৰাজৰ মন্তব্য।

আজি চিৰাং জিলাৰ ৰাজাচাৰাঙত গ্ৰেটাৰ কোচবিহাৰ পি'পলচ এছোছিয়েন চমুকৈ GCPA-ৰ উদাং আলোচনা সভা অনুষ্ঠিত হয়। উক্ত সভাত প্ৰায় পাঁচ হাজাৰতকৈও অধিক ৰাইজৰ লগতে চিৰাং জিলা আক্ৰাছুৰ বিষয়ববীয়া, বিটিচি কোচ ৰাজবংশী সন্মিলনীৰ লগতে বহুকেইটা কোচ ৰাজবংশী দল-সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে। আজিৰ সভাত অহা ২০২৪-ৰ লোকসভা নিৰ্বাচনৰ আগতে Coochbehar Union Territory State গঠন হব বুলি অনন্ত মহাৰাজে মন্তব্য আগবঢ়ায়।

YoutubeLink--
https://youtu.be/ZOH4FBekLRI


চিৰাং জিলা কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ নতুন কমিটি গঠন।সভাপতি নিৰ্মল ৰায় আৰু সাধাৰণ সম্পাদক অজয় ৰায়কে ধৰি ১২-জনীয়া নতুন জ...
26/09/2022

চিৰাং জিলা কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ নতুন কমিটি গঠন।

সভাপতি নিৰ্মল ৰায় আৰু সাধাৰণ সম্পাদক অজয় ৰায়কে ধৰি ১২-জনীয়া নতুন জিলা কমিটিখন গঠন হয়। কমিটি গঠনৰ সময়ত উপস্হিত আছিল কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়, কেন্দ্ৰীয় কমিটিৰ কাৰ্য্যবাহী সদস্য দিলীপ বৰ্মন কোচ , সম্পাদক সন্তোষ বৰ্মন আৰু লগতে ধুবুৰী জিলাৰ সভাপতি নিখিল ৰায়।

25/09/2022

বাসুগাঁও মহাবিদ্যালয়ত কোঁচ-ৰাজবংশী ভাষা অধ্যয়ন, গবেষণা আৰু উন্নয়ন সমিতিৰ সংবাদমেল।

অহাকালি আক্ৰাছুৰ ২৪-ঘণ্টীয়া অসম বন্ধৰ আহ্বান।
22/09/2022

অহাকালি আক্ৰাছুৰ ২৪-ঘণ্টীয়া অসম বন্ধৰ আহ্বান।

11/09/2022

কোচ ৰাজবংশী মান‍্য ভাষাক লৈ পুনৰ বিতৰ্ক।

কোচ ৰাজবংশী মান‍্য ভাষাৰ লিপি হিচাপে অসমীয়া ভাষাৰ লিপিটোকে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত নতুনকৈ গঠন হোৱা -
কোচ ৰাজবংশী লেংগুৱেজ অ'ফ ৰিচাৰ্ছ এণ্ড ডেভলপমেণ্ট কমিটিৰ।

যোৱা কিছুদিন পূৰ্বে গৌৰিপুৰৰ কোচ ৰাজবংশী ভাষাটোক কোচ ৰাজবংশী সাহিত্য সভাই ৰাজবংশী ভাষা হিচাপে স্বীকৃতি দিছিল। কোচ ৰাজবংশী সাহিত্য সভাৰ এই সিদ্ধান্তক বিৰোধীতা কৰি কেবাটাও প্ৰস্তাব গ্ৰহণ নতুনকৈ গঠন হোৱা কোচ ৰাজবংশী লেংগুৱেজ অ'ফ ৰিচাৰ্ছ এণ্ড ডেভলপমেণ্ট কমিটিৰ।

কোঁচৰাজবংশী কনভেনৰ কমিটি অন ৰাজবংশী লেংগুৱেজৰ সমিতি ভঙ্গ : কোঁচৰাজবংশী লেংগুৱেজ অ'ফ ৰিৰ্চাচ এণ্ড ডেভলপমেণ্ট কমিটি গঠন । ...
11/09/2022

কোঁচৰাজবংশী কনভেনৰ কমিটি অন ৰাজবংশী লেংগুৱেজৰ সমিতি ভঙ্গ : কোঁচৰাজবংশী লেংগুৱেজ অ'ফ ৰিৰ্চাচ এণ্ড ডেভলপমেণ্ট কমিটি গঠন ।

কোঁচৰাজবংশী সাহিত্য সভাই গৌৰীপুৰ অঞ্চলৰ ভাষাটিক মান্যভাষা হিচাপে স্বীকৃতি দিয়ে । গৌৰিপুৰ অঞ্চলৰ ভাষাটোক বিশেষকৈ বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, গোৱালপাৰা আদি জিলাৰ বহুকেইজন কোঁচ ৰাজবংশী ভাষা-সাহিত্য চৰ্চা কৰা, কোঁচৰাজবংশী ভাষা প্ৰেমী, জাতি প্ৰেমী সকল ঐক্যবদ্ধ হৈ কোঁচৰাজবংশী সাহিত্য সভাৰ এনে হঠকাৰী সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰি কেন্দ্ৰীয় সমিতিক পুণৰ বিবেচনাৰ বাবে আহ্বান জনায় । কোঁচ ৰাজবংশী সাহিত্য সভা কেন্দ্ৰীয় সমিতিয়ে কোনো গুৰুত্ব আৰোপ নকৰাত যোৱা ২৭ আৰু ২৮ আগষ্টত মান্য ভাষা ৰূপদান বিষয়ৰ ওপৰত বঙাইগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বিশিষ্ট গৱেষক-পণ্ডিতৰ উপস্থিতিত চেমিনাৰ অনুষ্ঠিত হয় । উক্ত চেমিনাৰৰ পৰ্যালোচনা, খৰচৰ হিচাপ-নিকাচ ইত্যাদি আলোচনা-পৰ্যালোচনা খৰা হয় । বঙাইগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত মানিক দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে কনভেনৰ কমিটি অন ৰাজবংশী লেংগুৱেজ চেমিনাৰ সমিতিৰ আহ্বায়ক হৰমোহন মেধিয়ে । অনুষ্ঠানটিত কনভেনৰ কমিটি অন ৰাজবংশী লেংগুৱেজ চেমিনাৰ সমিতিৰ সভাপতি দীপ নাৰায়ণ ৰায়, জেষ্ঠ বিশিষ্ট ব্যক্তি প্ৰভাত বৈষ্ণৱ, পবিত্ৰ কুমাৰ ৰায়, বাণীকান্ত ৰায়, বিকাশ ৰায়, জ্যোৎস্না প্ৰিয়া ৰায়, বিশ্বজিৎ ৰায় ইত্যাদি উপস্থিত থাকি বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায় । বহু আলোচনা-বিলোচনাৰ অন্ততঃ পূৰ্বৰ সমিতি খন ভঙ্গ কৰি দিয়া হয় । ইয়াৰ অন্তত প্ৰভাত বৈষ্ণবৰ সভাপতিত্বত অনুষ্ঠিত সভাত কোঁচৰাজবংশী লেংগুৱেজ ৰিৰ্চাচ এণ্ড ডেভলপমেণ্ট কমিটি নামাকৰণেৰে হৰমোহন মেধিক সভাপতি, ধীৰাজ ৰায় আৰু নৃপেন ৰায়ক উপসভাপতি, উৎপল সিংহক সম্পাদক, বিকাশ ৰায় আৰু শৰৎ চন্দ্ৰ ৰায়ক সহ সম্পাদক হিচাপে লৈ কোঁচৰাজবংশী ভাষা চৰ্চা আৰু গৱেষণা কমিটি গঠন কৰা হয় বুলি আমাক জানিবলৈ দিয়ে ।

31/08/2022

শুভ মুক্তি লাভ কৰিল #কবা_খুজুং কোচ ৰাজবংশী ৰোমাণ্টিক গানেৰ অফিচিয়েল ভিডিও।

বহু প্ৰতিক্ষাৰ অন্তত আজি উদিয়মান পৰিচালক জন স্মিথৰ পৰিচালনাত আৰো বিপুল ৰায়েৰ প্ৰযোজনাত মুক্তি লাভ কৰিলে "কবা খুজুং" শীৰ্ষক কোচ ৰাজবংশী ৰোমান্টিক গানেৰ অফিচিয়েল ভিডিও। গানখানত কণ্ঠদান কৰিছে ডিজেল্ভ কোচে,গানখানেৰ কথা আৰু সুৰ ডিজেল্ভ কোচেৰ,আৰো সংগীত ব্যৱস্থাপনা ছোৰাংচাত বসুমুতাৰীৰ।
সাথতে গানখানেৰ ভিডিওত অভিনয় কৰিছে কোচ ৰাজবংশী জনপ্ৰিয় কন্ঠশিল্পী ডিজেল্ভ কোচে আৰো সাথতে সহ শিল্পী তথা অভিনেত্ৰী হিচাপে অভিনয় কৰিছে সূদূৰ নেপালৰ কোচিল্যা ৰাজবংশীয়ে।
সম্পূর্ণ গানেৰ ভিডিও JND production নামৰ YouTube channel ত পাইবেন।

সম্পূৰ্ণ গানেৰ লিংক-
https://youtu.be/bVSyADG-ZL4

26/08/2022

কোনো কাৰণতে বিটিআৰৰ এক ইঞ্চি মাটি কোচবিহাৰ ৰাজ্য গঠন হলে এৰি দিয়া নহব -নিখিল বড়ো ছাত্র সন্থা।

শেহতীয়াকৈ যোৱা দুদিনমান পূৰ্বে অনন্ত ৰায় মহাৰাজে ঘোষণা কৰিছিল যে ২০২৪-ৰ লোকসভা নিৰ্বাচনৰ আগতে কোচবিহাৰ এখন নতুন ৰাজ্য নাইবা কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ভাৰত চৰকাৰে ঘোষণা কৰিব। আজি নিখিল বড়ো ছাত্র সন্থাই অনন্ত ৰায় মহাৰাজৰ বক্তব্যক লৈ সংবাদমেল আয়োজন কৰি তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

বঙাইগাঁও মহাবিদ্যালয়ত "পাটানী"। বঙাইগাঁও মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ ইউনিফৰ্ম হিচাপে কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সাজ পোছাক "...
08/08/2022

বঙাইগাঁও মহাবিদ্যালয়ত "পাটানী"। বঙাইগাঁও মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ ইউনিফৰ্ম হিচাপে কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সাজ পোছাক "পাটানী"ক মান‍্যতা প্ৰদান।

কোচ ৰাজবংশী জনগোষ্ঠীটোৰ বাবে এয়া এক শুভ লক্ষণ।

08/08/2022

পৃথক ৰাজ্য বড়োলেণ্ডৰ দাবীত দিল্লীৰ যন্তৰ-মন্তৰত নতুনকৈ গঠন হোৱা বড়ো ছাত্র সংগঠন Bodo National Students' Union ( BONSU)-ৰ আন্দোলন।।

সদৌ কোচ ৰাজবংশী ছাত্র সন্থা পুনৰ আন এটা গোটত বিভাজন হব নেকি ?ইতিমধ্যে সদৌ কোচ ৰাজবংশী ছাত্র সন্থা চমুকৈ আক্ৰাছু ৬-টা গোট...
06/08/2022

সদৌ কোচ ৰাজবংশী ছাত্র সন্থা পুনৰ আন এটা গোটত বিভাজন হব নেকি ?

ইতিমধ্যে সদৌ কোচ ৰাজবংশী ছাত্র সন্থা চমুকৈ আক্ৰাছু ৬-টা গোটত বিভক্ত হৈ আছে। পুনৰ আহ্বায়ক সমিতিৰ সভাপতি বিক্ৰম সিংহ, সম্পাদক গিৰি ৰায় আৰু সহ সম্পাদক প্ৰবীণ ৰায়ৰ নেতৃত্বত অবিভক্ত গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্র সন্থা নামেৰে নতুনকৈ আন এটা আক্ৰাছুৰ গোট গঠন কৰাৰ উদ্দেশ্যৰে অহাকালি ০৭ আগষ্ট ২০২২ ইং তাৰিখে গোলকঞ্জত সাধাৰণ সভাৰ আহ্বান।

প্ৰশ্ন হয় কোচ ৰাজবংশী জনগোষ্ঠীটোৰ মুখ্য সংগঠন তথা মেৰুদণ্ডস্বৰূপ আক্ৰাছুক কিমানটা ভাগত বিভক্ত কৰি নিজৰ নিজৰ সংসাৰ চলোৱাৰ বাবে ব্যৱহাৰ কৰিব ?

কোচ ৰাজবংশী ৰাইজ কেতিয়া সজাগ হব ?

আপোনালোকে বিচাৰ কৰক।

12/05/2022

#সোণাৰ_চান্দ
#গায়ক_প্ৰবীৰ_সৰকাৰ
#বিষুৱা_বিদায়_উৎসৱ
#ফকিৰাগ্ৰাম

YoutubeLink--https://youtu.be/9QD-YqZPju8

12/05/2022

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত অনুষ্ঠিত কৰা বিষুৱা বিদায় উৎসৱত কোচ-ৰাজবংশী জনগোষ্ঠীৰ জনগোষ্ঠীয় নৃত্য "বাশ নৃত্য" প্ৰদৰ্শন।

YoutubeLink---https://youtu.be/A9SHhBHZN3o

12/05/2022

অসমৰ ফকিৰাগ্ৰামত অনুষ্ঠিত কৰা বিষুৱা বিদায় উৎসৱত যি সন্মান পাইছোঁ, বিশ্বৰ কোনো এখন দেশতেই এই সন্মান পোৱা নাছিলোঁ -বলিউডৰ জনপ্ৰিয় অভিনেতা আশ্ৰানীৰ মন্তব্য।

23/04/2022

বলদিয়াবাথানত ২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বিষুৱা উৎসৱক প্ৰথম বিষুৱা উৎসৱ বুলি দাবী উদযাপন সমিতিৰ উপদেষ্টা লক্ষীন্দ্ৰ ৰায়ৰ।

সমগ্ৰ অসমৰ লগতে কোকৰাঝাৰ জিলাৰ বলদিয়াবাথানত কোচৰাজবংশী জনগোষ্ঠীয় লোকসকলে ২ দিনীয়া কাৰ্যসূচীৰে জাতীয় উৎসৱ বিষুৱা উদযাপন কৰে । উক্ত বিষুৱা উৎসৱত ৰাতিপুৱাৰ কাৰ্যসূচী অনুসৰি মন্দিৰত বন্তি প্ৰজ্বলন কৰে টিকি ৰাম ৰায়ে, বিষুৱাৰ পতাকা উত্তোলন কৰে বিষুৱা সমিতিৰ সভাপতি বৃন্দাবন ৰায়ে, সাংস্কৃতিক পতাকা উত্তোলন কৰে বিষুৱা উদযাপন সমিতিৰ উপদেষ্টা লক্ষীন্দ্ৰ ৰায়ে, সাত বিষুৱাৰ পতাকা উত্তোলন কৰে বলদিয়াবাথানৰ সাতজনী ছোৱালীয়ে, শ্বহীদ তৰ্পন কৰে বিষুৱা সমিতিৰ সম্পাদক দ্বীপজ্যোতি ৰায়ে, বৃক্ষৰোপন কৰে সাংবাদিক কৃষ্ণ বৰ্মনে। উক্ত বিষুৱাৰ কাৰ্যসূচী অনুসৰি দুপৰীয়া লৰা ছোৱালীসকলৰ মাজত বিভিন্ন খেলৰ প্ৰতিযোগিতাৰ উদ্বোধন কৰে বিজেপিৰ কোকৰাঝাৰ জিলাৰ সাধাৰণ সম্পাদক মানস প্ৰতীম ৰায়,ছবি অকাঁ প্ৰতিযোগীতাৰ উদ্বোধন কৰে শক্তিআশ্ৰম ভিচিডিচিৰ সভানেত্ৰী মীনা বৰ্মনে আৰু ৰাতি অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰে কেএচিৰ ই এম কৰ্মেশ্বৰ ৰায়ে। ইপিনে ২৪ তাৰিখে আবেলি পুৰস্কাৰ বিতৰণিৰ লগতে সাংস্কৃতিক মঞ্চ মুকলি কৰিব বিটিআৰৰ ই এম অৰূপ কুমাৰ দেই এই কথা সদৰি কৰে বলদিয়াবাথান বিষুৱা উৎসৱ উদযাপন সমিতিয়ে। বিষুৱা উদযাপন সমিতিয়ে আৰু জানিবলৈ দিয়ে যে ২৪ তাৰিখৰ সাংস্কৃতিক অনুষ্ঠানত কণ্ঠশিল্পী হিচাপে উপস্থিত থাকিব গাৰ্গী দাস আৰু জনপ্ৰিয় কৌতুক শিল্পী পুলক নিশাচৰ। সকলো ৰাইজক উপস্থিত থাকিবলৈ বিষুৱা উদযাপন সমিতিয়ে আহ্বান জনায়।

কোকৰাঝাৰৰ পৰা ভীস্ম সৰকাৰৰ ৰিপোৰ্ট।

YoutubeLink--https://youtu.be/24VBiHDM9Uc

Address

NEAR NH31
Bongaigaon
783380

Telephone

+916000866081

Website

Alerts

Be the first to know and let us send you an email when Kamatapur Talks posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kamatapur Talks:

Videos

Share


Other Media/News Companies in Bongaigaon

Show All