23/12/2022
আইনষ্টাইন আৰু তেখেতৰ গাড়ীচালক
আইনষ্টাইনৰ যিজন গাড়ীচালক আছিল, তেওঁ এদিন আইনষ্টাইনক কৈছিল - “আপোনাৰ প্ৰতিখন সভাত যে আপুনি ভাষণ দিয়ে, মই সেই আপোনাৰ সকলোবোৰ ভাষণ শুনি শুনি মোৰ মুখস্থ হৈ গৈছে ।” আইনষ্টাইনে গাড়ীচালকৰ কথা শুনি আচৰিত । আইনষ্টাইনে গাড়ী চালকক কলে - “ঠিক আছে, তেন্তে ইয়াৰ পিছত মোৰ যিখন সভা আছে, তাৰ মানুহখিনি মোক চিনি নাপায়, গতিকে তুমি মোৰ হৈ সভাত ভাষণ দিবা আৰু মই গাড়ীচালক হৈ তোমাৰ ঠাইত বহি থাকিম।”
ঠিক সেইদৰে পিছৰ সেই সভাখনত গাড়ীচালকজনে আইনষ্টাইনৰ হৈ আইনষ্টাইনৰ দৰে সলসলিয়াকৈ সভাত ভাষণ প্ৰদান কৰিলে আৰু সভাত অংশ গ্ৰহণ কৰা সকলো বিদ্যাৰ্থীয়ে তুমুল হাত চাপৰি বজাই সম্বোধন কৰিলে । তাৰ পিছত সেই সকল বিদ্যাৰ্থীয়ে গাড়ীচালকক আইনষ্টাইন বুলি ভাবি আগবঢ়াই দিবলৈ গাড়ীৰ ওচৰত আহিলে । ঠিক সেই সময়ত এজন অধ্যাপকে গাড়ীচালকক প্ৰশ্ন কৰিলে- “ছাৰ, আপুনি এই আপেক্ষিকৰ যিটো সংজ্ঞা দিলে, ঠিক মই ধৰিব পৰা নাই, আৰু এবাৰ সংক্ষেপত বুজাই দিবনে ?” তেতিয়া প্ৰকৃত আইনষ্টাইনে ভাবিলে যে এইবাৰ গাড়ীচালক শ'লঠেকত পৰিব, কাৰণ গাড়ীচালক কেনেকৈ উত্তৰ দিব ? কিন্তু গাড়ীচালকৰ উত্তৰ শুনি আইনষ্টাইন নিজেই আচৰিত হৈ গ'ল । গাড়ীচালক জনে উত্তৰত ক'লে - “অধ্যাপকক, আপুনি এই সহজ কথাটোৱে আপোনাৰ মগজুত নোসোমাল নে ? মোৰ গাড়ীচালকক সুধক, ভালকৈ বুজাই দিব ।
বিঃদ্ৰঃ জ্ঞানী মানুহৰ লগত থাকিলে আপুনিও এদিন এজন জ্ঞানী মানুহ হ'ব পাৰে । আপুনি যেনেকুৱা মানুহৰ লগত সদায় সংগ দিব ,আপুনিও তেনেকুৱাই হ'ব ।
(সংগৃহীত)