24/10/2023
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৰম পূজনীয় সৰসংঘচালক মাননীয় ডাঃ মোহন ভাগৱতজীয়ে বিজয়া দশমী-২০২৩ উপলক্ষে প্ৰদান কৰা বৌদ্ধিক ৷
আজিৰ কাৰ্য্যক্ৰমৰ প্ৰমুখ অতিথি আদৰণীয় শ্ৰীশংকৰ মহাদেৱনজী, মঞ্চত উপবিষ্ট মাননীয় সৰকাৰ্যবাহদেৱ, বিদৰ্ভ প্ৰান্তৰ মাননীয় সংঘচালক, নাগপুৰ মহানগৰৰ মাননীয় সংঘচালক, নাগপুৰ মহানগৰৰ মাননীয় সহ সংঘচালক, অন্যান্য অধিকাৰীবৃন্দ, নাগৰিক সজ্জন, আই-মাতৃ-ভগিনী, তথা আত্মীয় স্বয়ংসেৱক ভাই সকল!
দানৱতাৰ ওপৰত মানৱতাৰ পূৰ্ণ বিজয়ৰ শক্তি পৰ্ব্ব হিচাপে প্ৰতিবছৰে বিজয়াদশমী উৎসৱ পালন কৰা হয়। এই বছৰ এই পৰ্ব্বই আমাৰ বাবে গৌৰৱ, আনন্দোল্লাস তথা উৎসাহ বৃদ্ধিৰ পূৰ্ণ আয়োজন লৈ আহিছে।
এই বছৰটোত আমাৰ দেশ জি-20 নামৰ মুখ্য ৰাষ্ট্ৰৰ সন্মিলনৰ পুৰোহিত আছিল। বছৰটোত সদস্য ৰাষ্ট্ৰ সমূহৰ ৰাষ্ট্ৰ প্ৰমুখ, মন্ত্ৰীবৰ্গ, প্ৰশাসক তথা প্ৰমুখ মনিষী সকলৰ অনেক কাৰ্যক্ৰম ভাৰতৰ ভিন ভিন স্থানত সম্পন্ন হয়। ভাৰতীয় সকলৰ আন্তৰিক আতিথ্যৰ অনুভৱ ভাৰতৰ গৌৰৱশালী অতীত তথা বৰ্ত্তমানৰ আশাপূৰ্ণ আকাশলংঙ্ঘী বিচৰণে সকলো দেশৰে সহযোগী সকলক প্ৰভাৱিত কৰিলে। আফ্ৰিকা ইউনিয়নক সদস্যভুক্ত কৰি স্বীকৃতিপ্ৰাপ্ত কৰোৱাত তথা প্ৰথম দিনটোতেই পৰিষদৰ ঘোষণা প্ৰস্তাৱ সৰ্বসন্মতি ক্ৰমে গ্ৰহণ কৰোৱাত ভাৰতৰ বিশ্বাসযোগ্য সদভাবনা তথা ৰাজনৈতিক বিচক্ষণতাক সকলোৱে অনুভব কৰিছে। ভাৰতৰ বিশিষ্ট বিচাৰ-বিবেচনা আৰু দৃষ্টিৰ কাৰণেই সম্পূৰ্ণ বিশ্বৰ চিন্তনত বসুধৈব কুটুম্বকমৰ দিশা নিৰ্দেশত উজলি উঠিছে। জি-20 ৰ অৰ্থকেন্দ্ৰিক বিচাৰ এতিয়া মানৱ কেন্দ্ৰিক হৈ পৰিছে। ভাৰতক বিশ্বৰ মঞ্চত এক প্ৰমুখ ৰাষ্ট্ৰ হিচাবে দৃঢ়তাৰে স্থাপন কৰাৰ অভিনন্দনীয় কাৰ্য এই প্ৰসঙ্গৰ জৰিয়তে আমাৰ নেতৃত্বই কৰিছে।
এইবাৰ আমাৰ দেশৰ খেলুৱৈসকলে এচিয়ান গেমছ্ত প্ৰথম বাৰৰ বাবে 100 তকৈ অধিক 107 টা পদক (28 স্বৰ্ণ, 38 ৰূপ, 41 ব্ৰঞ্জ) জিকি আমাৰ আটাইৰে উৎসাহ বৰ্দ্ধন কৰিছে। তেওঁলোকক আমি অভিনন্দন জনাইছো। উদীয়মান ভাৰতৰ শক্তি, বুদ্ধি তথা যুক্তিৰ চমকনি চন্দ্ৰযান প্ৰসঙ্গতো বিশ্বই দেখিছে। আমাৰ বৈজ্ঞানিক সকলৰ বিজ্ঞান আৰু প্ৰযুক্তি কুশলতাৰ সৈতে নেতৃত্বৰ ইচ্ছাশক্তি যুক্ত হৈ পৰিছে। চন্দ্ৰৰ দক্ষিন অংশত মহাকাশ যুগৰ ইতিহাসত প্ৰথম বাৰলৈ ভাৰতৰ বিক্ৰম লেণ্ডাৰে অৱতৰণ কৰিলে। ই সমগ্ৰ ভাৰতীয়ৰ গৌৰৱ আৰু আত্মবিশ্বাস বৃদ্ধি কৰিছে। এই কাৰ্য সম্পন্ন কৰোঁতা বৈজ্ঞানিক তথা তেওঁলোকক শক্তি প্ৰদান কৰোঁতা নেতৃবৃন্দক সমগ্ৰ দেশেই অভিনন্দন জনাইছে। এখন ৰাষ্ট্ৰৰ পুৰুষাৰ্থইহে সেই ৰাষ্ট্ৰৰ জাগতিক প্ৰয়োজন সফল কৰাব পাৰে। আৰু ই নিহিত থাকে ৰাষ্ট্ৰীয় আদৰ্শত। সেইবাবে আমাৰ মূল সংবিধানৰ পৃষ্ঠাত অকা ধৰ্মৰ মূৰ্ত্তমান প্ৰতীক শ্ৰীৰামৰ বালক ৰূপ মন্দিৰ অযোধ্যাত নিৰ্মিত হৈ আছে। অহা 22 জানুৱাৰীত মন্দিৰৰ গৰ্ভগৃহত শ্ৰীৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হব- এই ঘোষণা ইতিমধ্যে হৈ গৈছে। ব্যৱস্থাগত জটিলতা তথা সুৰক্ষাৰ সাৱধানতাৰ পৰিপ্ৰেক্ষিতত সেই পবিত্ৰ ক্ষণত অযোধ্যাত সীমিত সংখ্যক লোকহে উপস্থিত থাকিব পৰিব। শ্ৰীৰাম আমাৰ দেশৰ আচৰণৰ মৰ্যাদাৰ প্ৰতীক, কৰ্তব্য পালনৰ প্ৰতীক, স্নেহ আৰু কৰুণাৰ প্ৰতীক। নিজৰ নিজৰ ঠাইত এনে বাতাবৰণ নিৰ্মাণ হওক। ৰাম মন্দিৰত শ্ৰীৰামলালাৰ প্ৰবেশ মাত্ৰকে প্ৰত্যেকৰে হৃদয়ত, নিজৰ মনত ৰামক জাগৃত কৰি মনৰ অযোধ্যা সাজি সৰ্বত্ৰতে স্নেহ, পুৰুষাৰ্থ তথা সদ-ভাবনাৰ বাতাবৰণ উপন্ন হওক, এনে ধৰণৰ ভিন ভিন ঠাইত সৰু সৰু কাৰ্য়ক্ৰমৰ আয়োজন কৰিব লাগে। শতাব্দীজোৰা সঙ্কটক পৰম্পৰাৰে যুঁজি যশস্বী হৈ বত্তৰ্মান আমাৰ ভাৰত ভৌতিক আৰু আধাত্মিক উন্নতিৰ পথত নিশ্চিত ৰূপে অগ্ৰসৰ হৈ আছে। আমি আটায়ে এনে সঙ্কেত প্ৰদান কৰা এই ঘটনাসমূহৰ সৌভাগ্যশালী সাক্ষী হৈছো।
সম্পূৰ্ণ বিশ্বক নিজৰ জীৱনেৰে অহিংসা, জীৱৰ প্ৰতি দয়া আৰু সদাচাৰ শিকোৱা, সত্য পথ প্ৰদান কৰোঁতা শ্ৰীমহাবীৰ স্বামীৰ 2550 তম নিৰ্বাণ বৰ্ষ, বিদেশীৰ 350 বছৰীয়া পৰাধীনতাৰ পৰা মুক্ত হৈ হিন্দু সাম্ৰাজৰ স্থাপনা তথা ন্যায়পূৰ্ণ জনহিতকাৰী পৰিচালনাৰ বাট দেখুওৱা ছত্ৰপতি শিৱাজী মহাৰাজৰ ৰাজ্যাভিষেকৰ 350 তম বৰ্ষ, তথা ইংৰাজৰ পৰাধীনতাৰ পৰা মুক্তি পাবৰ বাবে সম্পুৰ্ণ দেশৰ জনমানসক আমাৰ স্বৰূপৰ স্পষ্ট আৰু যথাযথ দৰ্শন সত্যাৰ্থ প্ৰকাশৰ জৰিয়তে কৰাওতা মহৰ্ষি দয়ানন্দ সৰস্বতীৰ 200 তম জয়ন্তী আমি পালন কৰি আছোৱেই। অহা বছৰ এনে প্ৰকাৰৰ ৰাষ্ট্ৰীয় পুৰুষাৰ্থৰ শ্বাশ্বত প্ৰেৰণাস্বৰূপ দুজন মহাপুৰুষৰ সোঁৱৰণী বৰ্ষও আহি আছে। অস্মিতা আৰু স্বতন্ত্ৰতাৰ হকে প্ৰাণ বলিদান দিওতা, উদ্যম, সাহস, ধৈৰ্য, বুদ্ধি, শক্তি আৰু পৰাক্ৰমৰ লগতে নিজৰ প্ৰশাসন কুশলতা আৰু প্ৰজাহিতকৰ দক্ষতাৰ বাবে আদৰ্শ মহাৰাণী দুৰ্ঘাবতীৰ এয়া 500 তম জয়ন্তী বৰ্ষ। ভাৰতীয় মহিলাৰ সৰ্বগামী কৰ্ত্তৃত্ব, নেতৃত্বক্ষমতা, উজ্জ্বল চৰিত্ৰ তথা জাজ্বল্যমান দেশভক্তিৰ তেওঁ দোদীপ্যমান আদৰ্শ আছিল। এনেকুৱা প্ৰজাহিত দক্ষতা তথা শাসন পটুতাৰ লগতে, সামাজিক অসমতাক শিপাৰে সৈতে নিৰ্মূল কৰাৰ বাবে আজীৱন নিজৰ সৰ্বশক্তি প্ৰয়োগ কৰা কোন্থাপুৰ(মহাৰাষ্ট্ৰ)ৰ শাসক ছত্ৰপতি শাহুজী মহাৰাজৰ এইটো 150 তম জয়ন্তীবৰ্ষ।
দেশৰ স্বাধীনতাৰ প্ৰেৰণা যোগোৱা কাম যিজনে নিজৰ যৌৱন কালতেই আৰম্ভ কৰিছিল, দুখীয়াক অন্নদান কাৰ্যক্ৰমৰ বাবে জ্বলোৱা প্ৰথম চৌকা যি আজিও তামিলনাডুত জ্বলি আছে আৰু নিজৰ কাম নিৰন্তৰ কৰি আছে, সেই তামিলসন্ত শ্ৰীমৎ ৰামলিংগ বল্ললাৰৰ 200 তম বৰ্ষ বৰ্ত্তমান এইমাহত সম্পন্ন হৈ গৈছে। স্বাধীনতাৰ লগে লগে সমাজৰ আধ্যাত্মিক সাংস্কৃতিক জাগৃতি তথা সামাজিক অসমতা সম্পূৰ্ণ নিৰ্মূল কৰাৰ বাবে তেওঁ গোটেই জীৱন কাৰ্যৰত আছিল।
এই প্ৰেৰণাদায়ী মহাপুৰুষ সকলৰ জীৱন সোঁৱৰণৰ যোগেদি আমি আটায়ে আমাৰ স্বতন্ত্ৰতাৰ অমৃত মহোৎসৱ সম্পন্ন হোৱা সময়ত সামাজিক সমতা, একাত্মতা তথা আমাৰ স্ব-ৰক্ষাৰ বাৰ্ত্তা লাভ কৰো। নিজৰ স্বকীয় পৰিচয় সুৰক্ষিত কৰি ৰখাতো মানুহৰ স্বাভাবিক ইচ্ছা আৰু সৰল প্ৰয়াস। দ্ৰুতগতিৰে পৰস্পৰ ওচৰ চপা বিশ্বত আজি-কালি সকলো ৰাষ্ট্ৰৰ এনে চিন্তা কৰাৰ প্ৰবৃত্তি বাঢ়িছে। সম্পুৰ্ণ বিশ্বক এক ৰঙেৰে ৰঙাই তোলা, একৰূপতাৰ যিকোনো প্ৰয়াস এতিয়ালৈ সফল হোৱা নাই, আগলৈও সফল হোৱাৰ সম্ভৱনা নাই। ভাৰতৰ পৰিচয়, হিন্দুসমাজৰ অস্মিতা সুদৃঢ় কৰি ৰখাৰ বিচাৰ নিশ্চয়কৈ স্বাভাবিক। বিশ্বৰ বৰ্ত্তমানকালীন সময়ৰ আবশ্যকতা সমূহ পূৰ্ণ কৰাৰ কাৰণে আমাৰ নিজৰ মূল্যবোধৰ আধাৰত সময়োচিত, নতুন ৰূপত ভাৰত থিয় হওক, এইটো বিশ্বয়ো আশা কৰে। মত সম্প্ৰদায়কলৈ উতপন্ন হোৱা কট্টৰতা, অহংকাৰ আৰু উন্মাদনাক বিশ্বই আজি ভূগিব লাগিছে। স্বাৰ্থৰ খকাখুন্দা তথা উগ্ৰবাদৰ কাৰণে উৎপন্ন হোৱা ইউক্ৰেইনৰ অথবা গাজাপট্টিৰ যুদ্ধৰ দৰে কাজিয়াৰ কোনো সমাধান দেখা পোৱা নাই। প্ৰকৃতিবিৰুদ্ধ জীৱনশৈলী, স্বেচ্ছাচাৰিতা তথা অবাধ উপভোগৰ কাৰণে ন ন শাৰীৰিক আৰু মানসিক ৰোগ উৎপন্ন হৈ আছে। বিকৃতি আৰু অপৰাধ বাঢ়ি গৈ আছে। অত্যধিক বক্তিবাদৰ কাৰণে পৰিয়াল ভাঙি পৰিছে। প্ৰকৃতিৰ সীমাহীন শোষণৰ কাৰণে প্ৰদুষণ, জাগতিক তাপমানবৃদ্ধি, ঋতুৰ ভাৰসাম্যহীনতা আদিৰ ফলত প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি হৈ গৈ আছে। আতঙ্কবাদ, শোষণ আৰু অতি ক্ষমতা মুকলিকৈ এৰি দিয়া হৈছে। নিজৰ আধা মুদা চকুৰে বিশ্বই এই সমস্যাবোৰৰ সন্মুখীন হব নোৱাৰিব, এইটো স্পষ্ট। সেইবাবে আমাৰ সনাতন মূল্যবোধ আৰু সংস্কাৰৰ আধাৰত ভাৰতে নিজৰ উদাহৰণেৰে সামগ্ৰিক সুখ-শান্তিৰ নৱপথ বিশ্বক দেখুৱাওক, এনে আশাৰ উদয় হৈছে।
এই পৰিস্থিতিৰ এক সৰু পুণৰাবৃত্তি ভাৰতবৰ্ষতো আমাৰ সন্মুখত বিদ্যমান হৈছে। উদাহৰণ স্বৰূপে, বৰ্ত্তমান অবস্থাত হিমালয় ক্ষেত্ৰত হিমাচল আৰু উত্তৰাখণ্ডৰ পৰা আৰম্ভ কৰি চিকিমলৈ অবিৰাম প্ৰাকৃতিক দুৰ্যোগৰ প্ৰাণঘাটি খেল আমি দেখা পাই আহিছো। ভবিষ্যতে কোনো গম্ভীৰ আৰু ব্যাপক সঙ্কটৰ পূৰ্বাভাষ এই ঘটনাসমূহৰ দ্বাৰা হৈ আছে আৰু এনে শঙ্কাক লৈ আলোচনাও হৈছে।
দেশৰ সীমা সুৰক্ষা, জল সুৰক্ষা, পৰ্যাবৰণৰ সুস্থতাৰ বাবে ভাৰতৰ উত্তৰ সীমা সুনিশ্চিত কৰা এই অঞ্চল অত্যন্ত মহত্বপূৰ্ণ আৰু যিকোনো মূল্যৰ বিনিময়ত সৰ্বকালৰ বাবে সুৰক্ষিত কৰিবলগীয়া। সুৰক্ষা, পৰ্যাবৰণ, জনসংখ্যা আৰু বিকাশৰ দৃষ্টিৰে এই সম্পূৰ্ণ অঞ্চলটো এক সমষ্টি বুলি ধৰি লৈ হিমালয় অঞ্চলৰ বিচাৰ বিবেচনা কৰিব লাগিব। প্ৰকৃতিৰ এই অঞ্চলটো ভূতত্ববিদ্যাৰ দৃষ্টিৰে নতুন, বৰ্ত্তমানো নিৰ্মাণৰত আৰু সেইবাবেই অস্থিৰ। তাৰ ভূ-পৃষ্ঠ, ভূ-গৰ্ভ, জৈৱ বিবিধতা আৰু জলসম্পদৰ বিশেষতা নজনাকৈ বিকাশৰ মনেগঢ়া যোজনা ক্ৰিয়ান্বিত কৰা হৈছে। এই ল'ৰা ধেমালীৰ ফলস্বৰূপেই এই অঞ্চলটো আৰু ইয়াকে লৈ সম্পুৰ্ণ দেশ সঙ্কটপূৰ্ণ অবস্থালৈ আহিব ধৰিছে। আমি আটায়ে জানো যে ভাৰত সহিতে পূৰ্ব আৰু দক্ষিণ-পূৰ্ব এচিয়াৰ সকলো দেশকেই পানীৰ যোগান ধৰোতা এই অঞ্চলটোৱেই। এই অঞ্চলতেই ভাৰতৰ উত্তৰ সীমাত চীনৰ প্ৰত্যাহ্বান কেবা বছৰৰ পৰা শুনা পোৱা গৈছে। সেইবাবে এই অঞ্চলেটাৰ বিশেষ ভূতাত্ত্বিক, সামৰিক আৰু ভূ ৰাজনৈতিক মহত্ব আছে। এইবোৰৰ প্ৰতি ধ্যান ৰাখি এই অঞ্চলটোক পৃথক দৃষ্টিৰে বিচাৰ কৰিব লাগিব।
যিহেতু এই ঘটনাসমূহ হিমালয় অঞ্চলত অধিক ঘটি আছে, সমগ্ৰ দেশৰ বাবে তাৰ এক স্পষ্ট সঙ্কেত দেখা পোৱা যায়। আধৰুৱা, অতি জড়বাদী তথা অত্যধিক উপভোগবাদী দৃষ্টি আধাৰত বিকাশপথৰ কাৰণে, মানৱতা আৰু প্ৰকৃতি ধীৰে ধীৰে কিন্ত নিশ্চিত ৰূপে বিনাশৰ দিশে অগ্ৰসৰ হৈ আছে। সমগ্ৰ বিশ্বতে এই চিন্তা বাঢ়িছে। সেই অসফল পথবোৰ ত্যাগ কৰি অথবা ধীৰে ধীৰে ওভোতাই যোৰাই দি ভাৰতীয় প্ৰমূল্যৰ ওপৰত তথা ভাৰতৰ সমগ্ৰ একাত্ম্য দৃষ্টিৰ ওপৰত আধাৰিত, সময়োচিত আৰু সম্পূৰ্ণ, আমাৰ পৃথক বিকাশ পথ ভাৰতে নিৰ্মাণ কৰিবই লাগিব। ই ভাৰতৰ বাবে সকলো প্ৰকাৰে উপযুক্ত তথা বিশ্বৰ বাবেও অনুকৰণীয় আৰ্হি হ'ব পাৰিব। ঘহা-পিহাৰ অসফল আশাত বন্দী হৈ থাকি, অন্ধানুকৰণ, জড়তা আৰু পুথিগত নিষ্ঠাৰ প্ৰবৃত্তি এৰিব লাগিব। উপনিবেশী মানসিকতাৰ পৰা মুক্ত হৈ, বিশ্বৰ পৰা যিখিনি অনুকুল সেইখিন ল'ব লাগিব। আমাৰ দেশত যিখিনি আছে তাকেই যুগানুকুল কৰি গঢ়ি আমি আমাৰ স্ব আধাৰত স্বদেশী বিকাশপথ গ্ৰহণ কৰিব লাগিব- এয়াই সময়ৰ আৱশকতা। এই দৃষ্টিৰে কিছু নীতিগত পৰিবৰ্ত্তন যে যোৱা দিনবোৰত হৈছে, ই বোধগম্য হয়। সমাজত কৃষি, উদোগ আৰু ব্যৱসায়ৰ সেই সম্বন্ধীয় সেৱা ক্ষেত্ৰত, সমবায় আৰু আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত, নতুন সফল প্ৰয়োগৰ সংখ্যা বৃদ্ধিও নিৰন্তৰহৈ আছে। কিন্তু প্ৰশাসনীয় সকলো ক্ষেত্ৰত চিন্তন কৰোঁতা আৰু দিশ-নিৰ্দেশনা দিওঁতা বুদ্ধিজীৱী সকলৰ এনে ধৰণৰ জাগৃতিৰ আৰু অধিক আৱশ্যকতা আছে। প্ৰশাসনৰ স্ব আধাৰিত যুগানুকুল নীতি, প্ৰশাসনৰ তৎপৰতা, সুসংগত আৰু জনকল্যাণমুখী কাৰ্য তথা সমাজৰ মন, বচন, কৰ্মৰে সহযোগ আৰু সমৰ্থনেহে দেশক পৰিবৰ্ত্তনৰ দিশে আগুৱাই নিব।
কিন্ত এইটো সম্ভৱ নহওক, সমাজৰ সামূহিকতা ছিন্ন-ভিন্ন হৈ পৃথকতা আৰু সংঘাত বাঢ়ক, এনে ধ্বংসকাৰী প্ৰয়াসো বৃদ্ধি হৈ গৈ আছে। নিজৰ অজ্ঞান, অবিবেক, পৰস্পৰ অবিশ্বাস উপদ্ৰব আৰু ফাট বাঢ়ি গৈ থকাও দেখা পোৱা গৈছে। ভাৰতৰ উত্থানৰ প্ৰয়োজনীয়তাই হৈছে বিশ্ব কল্যাণ। কিন্তু এই উত্থানৰ স্বাভাবিক পৰিণাম সম্পৰ্কে স্বাৰ্থপৰ, বিভেদকামী, তথা ছল-কপটৰ আধাৰত নিজৰ স্বাৰ্থ পূৰণ কৰোতা শক্তি সমূহে কিবা নহয় কিবা বিচাৰধাৰাৰ আবৰণ পিন্ধি লয়, কোনো মনোলোভা ঘোষণা অথবা লক্ষ্যৰ বাবে কাৰ্যৰত হোৱাৰ ছদ্মবেশ ধাৰণ কৰে, তেওঁলোকৰ বাস্তৱিক উদ্দেশ্য কিন্ত অইন কিবাহে থাকে। বিশ্বাসযোগ্যতা আৰু নিস্বাৰ্থভাবে কাম কৰালোক যি বিচাৰধাৰাৰেই হওক, যি কোনো ধৰণৰ কাৰ্যই হওক, তেওঁলোকৰ বাবে বাধা থাকেই।
আজি কালি এই সৰ্বভক্ষী শক্তিৰ লোকসকলে নিজেই নিজকে সাংস্কৃতিক মাৰ্ক্সবাদী বুলি কয়। কিন্তু মাৰ্ক্সকো তেওঁলোকে 1920 চনৰ পৰাই পাহৰাই ৰাখিছে। বিশ্বৰ সকলো সু-ব্যৱস্থা, মাঙ্গলিক, সংস্কাৰ তথা সংযমৰ প্ৰতি তেওঁলোকৰ বিৰোধ থাকে। এমুঠিমান লোকৰ নিয়ন্ত্ৰণ সম্পূৰ্ণ মানবজাতিৰ ওপৰত থাকক সেইবাবে অৰাজকতা আৰু স্বৈৰচাৰিতাৰ প্ৰতি, প্ৰশংসা, প্ৰচাৰ আৰু প্ৰসাৰ তেওঁলোকে কৰে।মাধ্যম তথা শিক্ষানুষ্ঠান সমূহক হাতলৈ দেশৰ শিক্ষা, সংস্কাৰ, ৰাজনীতি আৰু সামাজিক বাতাবৰণক ভ্ৰম আৰু ভ্ৰষ্টতাৰ চিকাৰ বনোৱা তেওঁলোকৰ কাৰ্যশৈলী। এনে বাতাবৰণত অসত্য, বিপৰ্যন্ত তথা অতিৰঞ্জিত তথ্যৰ দ্বাৰা ভয়, ভ্ৰম তথা দ্বেষ সহজতে বিয়পাই তোলে। নিজৰ ভিতৰৰ কাজিয়াত সাঙোৰ খাই অনৈক্য আৰু দূৰ্বলতাৰ ফান্দত পৰা আৰু ভাঙি পৰা সমাজ অনায়াসে এই সকলোতে অতিক্ষমতা বিচাৰ বিধ্বংশকাৰী শক্তিৰ লক্ষ্য হৈ পৰে। আমাৰ পৰম্পৰাত এনে প্ৰকাৰে কোনো ৰাষ্ট্ৰৰ জনতাৰ মাজত অনাস্থা, দিগভ্ৰম আৰু পৰম্পৰাত এনে প্ৰকাৰে কোনো ৰাষ্ট্ৰৰ জনতাৰ মাজত, দিগভ্ৰম আৰু পৰম্পৰ দ্বেষ উৎপন্ন কৰা কাৰ্যপ্ৰণালীক মন্ত্ৰ বিপ্লব বুলি কোৱা হয়।
দেশত ৰাজনৈতিক স্বাৰ্থৰ কাৰণে ৰাজনৈতিক প্ৰতিদ্বন্দীক পৰাজিত কৰাৰ বাবে এনে অবাঞ্চিত শক্তিবোৰৰ সৈতে গোটবন্ধন কৰাটো বিবেকহীনতা। সমাজ পূৰ্বৰে পৰাই আত্মবিস্মৃত হৈ অনেক প্ৰকাৰৰ ভেদাভেদেৰে জৰ্জৰিত হৈ স্বাৰ্থযুক্ত ধ্বংসাত্মক প্ৰতিযোগিতা, ঈৰ্ষা আৰু দ্বেষত লিপ্ত হৈ আছে। সেইবাবে এই আসুৰিক শক্তি সমূহে, সমাজ অথবা ৰাষ্ট্ৰক ভাঙিব বিচৰা শক্তি সমূহে, বাহিৰৰ শক্তিসমূহৰ সৈতেও লগ লাগে।
মণিপুৰৰ বৰ্ত্তমান স্থিতিৰ প্ৰতি দৃষ্টি দিলেও এই কথাৰ সত্যাসত্য প্ৰতিপন্ন হয়। প্ৰায় এক দশক ধৰি শান্ত মণিপুৰত আচম্বিতে নিজৰ ভিতৰতে বিভেদৰ জুই কেনেকৈ লাগিল ? হিংসা কৰা লোকসকলৰ মাজত সীমাৰ সিপাৰৰ উগ্ৰবাদীও আছিল ? নিজৰ অস্তিত্বৰ ভয়াবহ ভবিষ্যতৰ প্ৰতি শঙ্কাত ভোগা মণিপুৰী মৈইতেই সমাজ আৰু কুকি সমাজৰ নিজৰ ভিতৰত সংঘৰ্ষক সাম্প্ৰদায়িক ৰূপ দিয়াৰ প্ৰয়াস কিয় আৰু কাৰ দ্বাৰা হল ? কেবা বছৰৰ পৰা তাত সকলোৰে প্ৰতি সমদৃষ্টি ৰাখি সেৱাকাৰ্যত ব্ৰতী সংঘৰ দৰে সংগঠনক বিনাকাৰণে ইয়াত টানি অনাৰ প্ৰয়াস কৰাত কাৰ স্বাৰ্থ ৰ্নিহিত হৈ আছে ? এনেকুৱা সীমাবৰ্ত্তী এলেকাত নগালেণ্ড আৰু মিজোৰামৰ মাজত অৱস্থিত মণিপুৰত এনেধৰণৰ অশান্তি আৰু অস্থিৰতা বৃদ্ধি কৰিবলৈ কোন বিদেশী ক্ষমতাৰ ৰুচি থাকিব পাৰে। এই ঘটনা সমূহৰ কাৰণ পৰম্পৰাত জানো দক্ষিণ-পূৰ্ব এচিয়াৰ ভূ-ৰাজনীতিৰো কোনো ভূমিকা আছে ? দেশত মজবুত চৰকাৰ থকাৰ পিচতো এই হিংসা কাৰ সহযোগত ইমান দিনে বিনা বাধাই চলি আছে ? যোৱা 9 বছৰে চলি থকা শান্তিপূৰ্ণ অৱস্থা অব্যাহত ৰাখিব বিচৰা চৰকাৰ থকাৰ পিচতো কেনেকৈ এই হিংসা ভমককৈ জ্বলি উঠিল আৰু চলি থাকিল ? আজিৰ অৱস্থাত যেতিয়া সংঘৰ্ষৰত দুয়ো পক্ষই শান্তি বিচাৰিছে, এই দিশত কোনো যোগাত্মক পদক্ষেপ লোৱা দেখিলেই কোনো দূৰ্ঘটনা ঘটাই, পুণৰ বিদ্বেষ আৰু হিংসাৰ প্ৰতি উচতোৱা সেই শক্তি কোন? এই সমস্যাবোৰৰ সমাধানৰ বাবে বহুমাত্ৰিক প্ৰয়াসৰ আৱশকতা আছে। এইকাৰণে যত ৰাজনৈতিক ইচ্ছাশক্তি, তদনুৰূপ সক্ৰিয়তা আৰু পাৰদৰ্শৰ্তা সময়ৰ দাবী, তেনেদৰে ইয়াৰ লগে লগে দুৰ্ভাগ্যপূৰ্ণ পৰিস্থিতিৰ কাৰণে উৎপন্ন হোৱা পৰস্পৰ অবিশ্বাসৰ ব্যৱধান দূৰ কৰাৰ কাৰণে সমাজৰ প্ৰবুদ্ধ নেতৃত্বয়ো এক বিশেষ ভূমিকা পালন কৰিব লাগিব। সংঘৰ স্বয়ংসেৱক সমাজৰ সকলো স্তৰতে অবিৰাম সকলোৰে সেৱা আৰু সাহায্য প্ৰদান কাৰ্য কৰি থকাৰ লগে লগে সমাজৰ সজ্জন শক্তিক শান্তিৰবাবে আহ্বান কৰি আছে। সকলোৱে নিজৰ বুলি ভাবি, সকলো প্ৰকাৰৰ মূল প্ৰদান কৰি বুজাই মেলি, সুৰক্ষিত, ব্যৱস্থিত, সদ্ভাৱেৰে পৰিপূৰ্ণ আৰু শান্তিপূৰ্ণ অৱস্থালৈ অনাৰ প্ৰয়াস সংঘই কৰি আছে। এনে ভয়ংকৰ আৰু উদ্বিগ্নপূৰ্ণ পৰিস্থিতিত চেঁচা মগজুৰে আমাৰ কাৰ্যকৰ্ত্তাসকলে যেনেদৰে তাত সকলোকে চম্ভালাৰ কাম কৰি আছে, তেওঁলোকৰ প্ৰতি তথা সেই স্বয়ংসেৱক সকলৰ প্ৰতি আমি গৰ্ববোধ কৰিছো।
এই মহাবিপ্লবৰ বিপৰীতে শুদ্ধ উত্তৰ সমাজৰ একতাৰ পৰাই পোৱা যাব। আমাৰ প্ৰতিটো পৰিস্থিতিতেই একতাৰ জ্ঞানেই সমাজৰ বিবেকক জগাই ৰখাৰ মূলবস্তু ৰূপে কাৰ্যসাধন কৰে। সংবিধানতো এই ভাৱাত্মক একতাৰ উল্লেখ নিৰ্দেশনাত্মক নীতিত আছে। প্ৰত্যেক দেশতে এই একতা ভাবৰ উদ্ৰেক ঘটোৱা নিজৰ নিজৰ পৃষ্ঠভূমি বেলেগ বেলেগ থাকে। ক'ৰবাত সেই দেশৰ ভাষা, ক'ৰবাত সেই দেশৰ বাসিন্দা সকলৰ একে পূজা পদ্ধতি অথবা বিশ্বাস, ক'ৰবাত সকলোৰে সমান ব্যৱহাৰিক স্বাৰ্থ, ক'ৰবাত এক প্ৰবল কেন্দ্ৰীয় শাসন বন্ধনে দেশৰ মানুহক এক সূত্ৰে বান্ধি ৰাখে। কিন্তু মানৱ নিৰ্মিত কৃত্ৰিম আধাৰৰ ওপৰত অথবা একে স্বাৰ্থৰ আধাৰত নিৰ্মান হোৱা একতাৰ জৰী বেছি দিন নিটিকে। আমাৰ দেশত ইমানেই বিবিধতা আছে যে এই দেশক এক দেশ বুলি ইয়াৰ অস্তিত্ব বুজি পাবলৈ মানুহক সময় লাগে। কিন্তু আমাৰ এই দেশ এক ৰাষ্ট্ৰ হিচাবে, এক সমাজ হিচাবে, বিশ্ব ইতিহাসৰ সমস্ত উত্থান-পতন পাৰ কৰি আজিও অতীতৰ সূতাৰ আঁতধৰি অবিছিন্ন সম্পৰ্ক বজাই ৰাখি জীৱন্ত থিয় হৈ আছে।
ইউনান মিস্ৰ সব মিট গত্ৰ জহাসে
অবতক মগৰ হেয় বাকী নামো নিশা হমাৰা,
কুছ বাত হোয় কি হস্তী মিটতী নহী হামাৰী
সদিয়ো ৰহা হেয় দুচমন দৌৰে জহা হমাৰা
ভাৰতৰ বাহিৰৰ লোকৰ বুদ্ধি ভ্ৰমিত হৈ যায়, কিন্তু মন আকৰ্ষিত হৈ পৰে। এনেকুৱা একতাৰ পৰম্পৰা আমি উত্তৰাধিকাৰ সূত্ৰে লাভ কৰিছো। ইয়াৰ ৰহস্য কি ? নিঃসন্দেহে ই আমাৰ সৰ্বসমাবেশক সংস্কৃতি। পূজা, পৰম্পৰা, ভাষা, প্ৰান্ত, জাত-পাত, আদি ভেদাভেদৰ উৰ্দ্ধত উঠি, নিজৰ কুটুম্বৰ পৰা সম্পূৰ্ণ বিশ্বকুটুম্বলৈকে আত্মীয়তা বিস্তাৰ কৰিব পৰা আমাৰ আচৰণৰ সেয়া জীৱন জীয়াৰ ৰীতি। আমাৰ পূৰ্ব্ব পুৰুষ সকলে অস্তিত্বৰ একতাৰ সত্য প্ৰত্যক্ষ কৰিছিল। তাৰ ফলস্বৰূপে শৰীৰ, মন, বুদ্ধিৰ একেলগে উন্নতি সাধন কৰি তিনিওটাকে সুখ প্ৰদান কৰোতা, অৰ্থ আৰু কাম একেলগে চলাই মোক্ষৰ পিনে আগুৱাই নিয়া ধৰ্মতত্ব তেওঁলোকে ধৰ্মতত্বৰ চাৰিটা শ্বাশ্বত মূল (সত্য, কৰুণা, শুচিতা আৰু তপস্যা) সমূহক আচৰণত অনাৰ সংস্কৃতিৰ বিকাশ সাধন কৰিছিল। চাৰিওফালৰ পৰা সুৰক্ষিত তথা সমৃদ্ধ আমাৰ মাতৃভূমিৰ অন্ন, জল বায়ুৰ কাৰণেই এয়া সম্ভৱ হৈছে। সেইবাবে আমাৰ মাতৃভূমিক আমাৰ সংস্কাৰৰ অধিষ্ঠাত্ৰী মাতৃ মানি তেওঁক আমি ভক্তি কৰো। আমাৰ স্বতন্দ্ৰতাৰ 75 বৰ্ষৰ নিমিত্তে সদহতে আমি স্বতন্ত্ৰতা সংগ্ৰামৰ মহাপুৰুষ সকলক স্মৰণ কৰিছো। আমাৰ ধৰ্ম, সংস্কৃতি, সমাজ আৰু দেশ ৰক্ষাত, সময়ে সময়ে তাত আবশ্যকীয় শুধৰণি তথা বৈভৱৰ সম্বৰ্দ্ধনা যি মহাপুৰুষৰ কাৰণে সম্ভৱ হৈছে, তেওঁলোক আমাৰ কৰ্ত্তৃত্ব সম্পন্ন পূৰ্বজ, আমাৰ সকলোৰে গৌৰৱৰ ভৰাল তথা অনুকৰণীয়। আমাৰ দেশত বিদ্যমান সকলো ভাষা, প্ৰান্ত, পন্থ, সম্প্ৰদায়, জাতি, উপজাতি ইতাদি বিবিধতাক একসূত্ৰে বান্ধি এক ৰাষ্ট্ৰ ৰূপে থিয় কৰোৱা এই তিনি তত্ব( মাতৃভূমিৰ প্ৰতি ভক্তি, পূৰ্বপুৰুষৰ প্ৰতি গৌৰৱ আৰু সকলোৰে এক সংস্কৃতি) একতাৰ অক্ষুন্ন সূত্ৰ।
সমাজৰ স্থায়ী একতা আপোনত্বৰ পৰা ওলায়, স্বাৰ্থৰ দৰ-দামৰ পৰা নহয়। আমাৰ সমাজখন বৰ ডাঙৰ। বহুত বিবিধতাৰে ভৰা। কালক্ৰমে বিদেশৰ কিছু আক্ৰামক পৰম্পৰাইও আমাৰ দেশলৈ প্ৰৱেশ কৰিছে, তথাপিও আমাৰ সমাজে এই তিনিটা কথাৰ আধাৰত এক সমাজ হিচাবে গঢ় লৈছে। সেই কাৰণে আমি এইটোৰ প্ৰতি ধ্যান দিব লাগিব যে, এই একতা কোনো লেন-দেনৰ কাৰণে নিৰ্মান নহয়।জোৰকৈ বনাব খুজিলেও ই বাৰে বাৰে বিনষ্ট হৈ যাব। আজিৰ বাতাবৰণত সমাজত কাজিয়া বিয়পাবলৈ চলোৱা প্ৰয়াসবোৰ দেখি স্বাভাবিকতে আমি চিন্তিত। নিজকে হিন্দু বুলি কোৱা ভদ্ৰলোক পোৱা যায়, যাক তেওলোকৰ পূজা পদ্ধতিৰ কাৰণে মুছলমান, খৃষ্টান বুলি কয়, এনেকুৱা লোকো লগ পোৱা যায়। তেওঁলোকে মানে যে প্ৰবঞ্চনা, উপদ্ৰব, আদি পৰিত্যাগ কৰি নিজৰ ভিতৰতে মিলা-মিছা, সহমতি আৰু শান্তিত চলাটোৱেই শ্ৰেষ্ঠতা আছে। এই আলোচনাবোৰত ধ্যান দিবলগীয়া কথা এইটোৱেই যে, সংযোগবশত: এক ভূমিত একগোট খোৱা বিভিন্ন সমুদায়ৰ লোক এক হোৱাৰ কথা নহয়। আমি একে পূৰ্বপুৰুষৰ বংশৰ, এক মাতৃভূমিৰ সন্তান, এক সংস্কৃতিৰ উত্তৰাধিকাৰী, পাৰস্পৰিক একতাক পাহৰি গৈছো। আমাৰ সেই মূল একত্বক বুজিলৈ তাৰ আধাৰত আমি পুণৰ যুক্ত হ'ব লাগিব।
আমাৰ জানো নিজৰ ভিতৰতে কোনো সমসা নাই? আমাৰ জানো নিজৰ বিকাশৰ বাবে কোনো আবশ্যকতা, আশা নাই ? আমাৰ জানো বিকাশৰ বাবে নিজৰ ভিতৰতে প্ৰতিযোগিতা নচলে? আমি জানো আটায়ে মন, বচন, কৰ্মৰে এই একাত্মতা সূত্ৰ মানি ব্যবহাৰ কৰো? সকলোৱে জানে যে, সকলোৱে এনেকুৱা নহয়। কিন্ত এনেকুৱা হওক, এই ইচ্ছা পোষণ কৰা সকলে এনেকৈ ক'লে নহ'ব যে প্ৰথমে সমস্যাসমূহ সমাপ্ত হওক, প্ৰথমে প্ৰশ্নবোৰৰ সমাধান হওক, পিচত আমি একতাৰ কথাৰ প্ৰতি ধ্যান দিম। আটায়ে এইটো বুজিব লাগিব যে, আপোনাৰ দৃষ্টি গ্ৰহণ কৰি বৱহাৰ কৰিলে হয়তো তাৰপৰাই সমসাৰ সমাধনো ওলাব। অ'ত ত'ত ঘটা ঘটনাবোৰত বিচলিত নহৈ শান্তি আৰু সংযমেৰে কাম কৰিব লাগিব। সমস্যাসমূহ বাস্তবিক, কিন্ত সেয়া কেৱল এটা জাতি, বৰ্গৰ বাবেই নহয়। তাক সমাধান কৰাৰ প্ৰয়াসৰ লগে লগে আত্মীয়তা আৰু একতাৰ মানসিকতাও নিৰ্মান কৰিব লাগিব। ভূক্তভোগী সকলৰ মানসিকতা, এজনে আনজনক অবিশ্বাসৰ দৃষ্টিৰে চোৱা অথবা ৰাজনৈতিক ক্ষমতাধাৰী সকলৰ পাশাখেলৰ পৰা পৃথক হৈ চলিব লাগিব। এনে কামবোৰত ৰাজনীতি বাধাস্বৰূপ হৈ পৰে। ই কোনো শৰণাগত বা বাধ্যবাধকতা নহয়। যুদ্ধৰত দুটা পক্ষৰ চীজফায়াৰো নহয়। ভাৰতৰ সকলো বিবিধতাৰ মাজত পৰস্পৰ একতাৰ যি সূত্ৰ বিদ্যমান, সেই সূত্ৰৰ আপোনত্বৰ ই আহ্বান। আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰো 75 তম বৰ্ষ চলি আছে। এই সংবিধানে আমাক এই দিশলৈকে আঙুলিয়াই। পূজনীয় ডাঃ বাবাচাহেব আম্বেদকাৰদেৱে সংবিধান প্ৰদান কৰাৰ সময়ত সংবিধান সভাত যি দুটা ভাষণ দিছিল, তাৰ প্ৰতি ধ্যান দিলে এই সাৰমৰ্ম বোধ হব।
এইটো আচম্বিতে হ'ব লগা কাম নহয়। পুৰণি সংঘৰ্ষৰ কটু স্মৃতি সমূহীয়াভাৱে আজিও আছে। দেশ বিভাজনৰ নিৰ্মম বিভীষিকাৰ আঘাট বৰ গভীৰ। তাৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ কাৰণে যি ক্ষোভ মনত ওপজে, তাৰ শোক কথা আৰু ব্যৱহাৰত প্ৰকট হয়। এজনে আনজনৰ চুবুৰীত ঘৰ নোপোৱাকে আৰম্ভ কৰি এজনে আনজনৰ প্ৰতি উচ্চ-নীচৰ, তিৰস্কাৰৰ দৰে বৱহাৰলৈকে কটু অনুভব আমাৰ আছে। হিংসা, সংঘৰ্ষ, প্ৰতাৰণা আদি ঘটনা দোষ এজনে আনজনৰ ওপৰত জাপি দিয়াৰ প্ৰসঙ্গও ঘটে। কিছুলোকে কৰাটো সম্পুৰ্ণ সমাজে কৰা, এনে বিবেচনাৰে বক্তব্য, মত প্ৰকাশ কৰে। আহ্বান, প্ৰতি- আহ্বান দিয়া হয়, যিটোৱে উচতনিৰ কাম কৰে।
আমাৰ মাজত কাজিয়া লগাই দেশখন থান-বান কৰিব বিচৰা শক্তি সমূহেও ইয়াৰ সম্পুৰ্ণ লাভ লয়। চাওতে চাওতে সৰু ঘটনা এটাক ডাঙৰ কৰি প্ৰচাৰ কৰা হয়। দেশ বিদেশৰ পৰা চিন্তা ব্যক্ত কৰা আৰু সাৱধানবাণী শুনোৱা বক্তব্য প্ৰকাশ কৰা হয়। হিংসা বিয়পোৱা টুল কিটস সক্ৰিয় হৈ পৰে আৰু পৰম্পৰা অবিশ্বাস আৰু দ্বেষ অধিক বঢ়াই তোলা হয়।
সমাজত সমৰসতা বিচৰা সকলোৱেই এই প্ৰাণনাশক খেলৰ মায়াৰ পৰা ৰক্ষা পৰিব লাগিব। এই সকলোবোৰ সমস্যা নিদান ধীৰে ধীৰেহে ওলাব। তাৰ বাবে দেশত বিশ্বাসৰ তথা সৌহাৰ্দৰ বাতাবৰণ নিৰ্মান কৰাটোৱে হব পূৰ্বচৰ্ত্ত। নিজৰ মন স্থিৰ কৰি, বিশ্বাস ৰাখি পৰম্পৰা কথা বতৰা বাঢ়ে, পৰস্পৰ বুজা বুজি বাঢ়ে, পৰম্পৰাৰ মাজত শ্ৰদ্ধা সন্মন উৎসৱ হয় আৰু সকলোৰে মিলা-জুলা বাঢ়ে এনে ধৰণে আমাৰ মন, বচন, কৰ্ণৰে আমি চলিব লাগিব। প্ৰচাৰ অথবা ধাৰণাৰে নহয় বাস্তবিকতা চাই কাম কৰিব লাগিব। ধৈৰ্যৰে, সংযম আৰু সহনশীলতাৰ সৈতে নিজৰ কথা বতৰা তথা কামৰ উগ্ৰতা, ক্ৰোধ তথা ভয় পৰিতাগ কৰি দৃঢ়তাৰে সংকল্পবদ্ধ হৈ, দীঘলীয়া সময়লৈ সততে প্ৰয়াস কৰি থকাৰ অনিবাৰ্যতা আছে। বিশুদ্ধ মনেৰে কৰা সংকল্প তেতিয়াহে পূৰ্ণ হয়।
যিকোনো অৱস্থাত, যিমানেই উচতনিমূলক হওক, আইন বৱস্থা, নাগৰিক অনুশাসন তথা সাংবিধানিক নিয়ম পালন কৰি চলাটো অনিবাৰ্য। স্বতন্ত্ৰ দেশত এনে ব্যৱহাৰেই দেশভক্তিৰ অভিব্যক্তি বুলি মনা হয়। মাধ্যমক ব্যৱহাৰ কৰি কৰা উত্তেজক অপ প্ৰচাৰত তথা তাৰ ফলস্বৰূপে উৎপন্ন হব পৰা আৰোপ প্ৰত্যাৰোপৰ প্ৰতিযোগিতাৰ জালত যাতে নপৰে, সমাজত মাধ্যমৰ ব্যৱহাৰ সৎ আৰু আত্মীয়তাৰ প্ৰসাৰৰ কাৰণে হওক। হিংসা আৰু গুণ্ডাবাজীৰ ক্ষেত্ৰত সঠিক উপায় হল সংগঠিত শক্তি সম্পন্ন সমাজৰ আইন আৰু সুবৱস্থা ৰক্ষাত তপৰ হৈ শাসন প্ৰশাসনক উচিত সহযোগ কৰাটো।
অহা বছৰৰ আৰাম্ভনীতেই লোকসভাৰ নিৰ্বাচন আছে। নিৰ্বাচনী পাশাখেলত ভাবনাক উচতাই ভোট সংগ্ৰহ কৰাৰ প্ৰয়াস আমি নিবিচাৰিলেও ই হয়। সমাজক বিভাজন কৰা এনে কথাৰ পৰা আমি সাৱধান হব লাগে। ভোট দিয়াটো প্ৰতিজন নাগৰিকৰে কৰ্ত্তব্য। তাক নিশ্চয়কৈ পালন কৰিব লাগে। দেশৰ একাত্মতা, অখণ্ডতা, অস্মিতা তথা বিকাশৰ বিষয়ত বিচাৰ বিবেচনা কৰি ভোট দিব লাগে।
2025 ৰ পৰা 2026 লৈ সংঘৰ 100 বছৰ পূৰ্ণ হোৱাৰ পিচৰ বছৰ। ওপৰত বৰ্ণোৱা সকলো কথাতেই সংঘৰ স্বয়ংসেৱকে নিজৰ খোজ পেলাব, তাৰ প্ৰস্তুতি কৰি আছে। সমাজৰ আচৰণত, উচ্চাৰণত সম্পূৰ্ণ সমাজ আৰু দেশৰ প্ৰতি আপোনত্বৰ ভাব প্ৰকট হব লাগে। মন্দিৰ, পানী, শ্মশানত যদি কৰবাত ভেদভাব অৱশিষ্ট আছে, তাক সমাপ্ত কৰিব লাগে। পৰিয়ালৰ সকলো সদস্যৰ মাজত সদায় মঙ্গলজনক কথা বতৰা সংস্কাৰযুক্ত বৱহাৰ আৰু সংবেদনশীলতা অটুত থাকে, বৃদ্ধি হৈ গৈ থাকে আৰু তেওলোকৰ দ্বাৰা সমাজৰ সেৱা হৈ থাকে। সৃষ্টিৰ সৈতে সম্বন্ধৰ আচৰণ নিজৰ ঘৰখনত পানী বচাই, প্লাষ্টিক আতৰাই আৰু ঘৰৰ চোতালত তথা আশে পাশে সেউজ আবৰণ বৃদ্ধি কৰি হওঁক। স্বদেশী আচৰণৰ দ্বাৰাই স্ব-নিৰ্ভৰতা আৰু স্বাবলম্বনৰ বৃদ্ধি হওক। আজে-বাজে খৰচ বন্ধ হওক। দেশৰ ৰোজগাৰ বাঢ়ক আৰু দেশৰ পইচা দেশতেই কামত আহক। সেইবাবে স্বদেশীৰ আচৰণো ঘৰৰ পৰাই আৰম্ভ হব লাগে। আইন বৱস্থা আৰু নাগৰিকতাৰ নিয়ম সমূহ পালন হওক তথা সমাজত পৰস্পৰ সদ্ভাব আৰু সহযোগৰ প্ৰবৃত্তি সৰ্বত্ৰ ব্যপ্ত হওক এই পাচটা আচৰণাত্মক কথা হোৱাটো সকলোৱেই বিচাৰে। কিন্ত সৰু সৰু কথাৰে আৰম্ভ কৰি তাৰ অভাসৰ দ্বাৰা এই আচৰন নিজৰ স্বভাবলৈ অনাৰ বাবে সতত প্ৰয়াসৰ আবশকতা আছে। সংঘৰ স্বয়ংসেৱকে অহা দিনবোৰত সমাজৰ অবাগ্ৰস্ত ভাইসকলক সেৱা কৰাৰ লগতে এই পাচ প্ৰকাৰৰ সামাজিক কৰ্ত্তবৰ আচৰণ নিজে কৰি সামজকো তাত সহভাগী আৰু সহযোগী কৰাৰ প্ৰয়াস কৰিব। সমাজহিতৰ প্ৰতি শাসন, প্ৰশাসন তথা সামজৰ সজ্জন শক্তিয়ে যি কৰি আছে, অথবা কৰিব বিচাৰে, তাত সংঘৰ স্বয়ংসেৱকৰ যোগদান সদায়ে চিল থাকিব।
সমাজৰ একতা, সজাগতা আৰু সকলো দিশতেই নিস্বাৰ্থ উদ্যম, জনহিতকাৰী শান আৰু জনমুখী প্ৰশাসন স্ব অধিষ্ঠানত থিয় হৈ পৰস্পৰ সহযোগিতাৰে প্ৰয়াসৰত হৈ থাকিলেহে ৰাষ্ট্ৰ শক্তিমন্ত, বৈভব সম্পন্ন হব পাৰে। বল আৰু বৈভবেৰে সম্পন্ন ৰাষ্ট্ৰৰ লগত যেতিয়া আমাৰ সনাতন সংস্কৃতিৰ দৰে সকলোকে নিজৰ কুটুম্ব বুলি ভবা, এন্ধাৰৰ পৰা পোহৰলৈ লৈ যোৱা, অসত্যৰ পৰা সত্যৰ পিনে লৈ যোৱা তথা মৰ্ত্ত জীৱনৰ পৰা সাৰ্থকতাৰ অমৃত জীৱনৰ পিনে লৈ যোৱাৰ সংস্কৃতি থাকে, তেতিয়া সেই ৰাষ্ট্ৰই বিশ্বৰ হেৰাই যোৱা ভাৰসাম্যতা ওভোতাই আনি বিশ্বক সুখ-শান্তিময় নবজীৱনৰ বৰদান কৰে। বৰ্ত্তমান সময়ত আমাৰ অমৰ ৰাষ্ট্ৰৰ নবোত্থানৰ এয়াই প্ৰয়োজন।
চক্ৰবৰ্তিয়ো কি সন্তান, লেকৰ জগত গুৰু কা জ্ঞান,
বঢ়ে চলে তো অৰূপ বিহান, কৰনে কো আত্ৰ অভিষেক,
প্ৰশ্ন বহুত সে উত্তৰ এক ৷
ভাৰত মাতা কী জয়।