Udbhas News

Udbhas News Udbhas News one of the news portal of Assam dedicated to the people of Assam

24/12/2024
Golden opportunity for the Students of Barpeta Road Area .Learn computer for 3 months , 6 Months and one year with a hea...
23/12/2024

Golden opportunity for the Students of Barpeta Road Area .Learn computer for 3 months , 6 Months and one year with a heavy discount rate . For more details - Contact UDBHAS Institution ,Opp.Maa Ashram, Milan Nagar , Barpeta Road ,Contact -7002703101

23/12/2024

*মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰিত বনভোজৰ আনন্দ*

*নাচি-বাগি,লগে-ভাগে এসাজ খাই আনন্দত আত্মহাৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজকাৰী দল*

এতিয়া বনভোজৰ বতৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজস্থলী সমূহত ভিৰ বাঢ়িছে বনভোজকাৰী দলৰ। সমান্তৰালভাৱে বনভোজকাৰী দলেৰে ভৰি পৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বেঁকী নৈৰ পাৰৰ নাৰায়ণগুৰিৰ বনভোজস্থলী। নাচি-বাগি,লগে-ভাগে এসাজ খাই আনন্দত আত্মহাৰা হৈ পৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা বনভোজকাৰী দলসমূহে।আনহাতে বনভোজকাৰী দলসমূহৰ কিছুমানে যদি মানাহত আহি জীপ ছাফাৰি কৰিছে,আন কিছুমানে আকৌ বেঁকী নৈত ৰিভাৰ ৰাফটিং কৰি আনন্দিত হৈ পৰিছে। এক কথাত ক’বলৈ গলে মানাহৰ নাৰায়ণগুৰিৰ বনভোজস্থলীত বনভোজকাৰী দলসমূহৰ উপস্থিতিত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে।

বাইট--- ১) বনভোজকাৰী।
২) পৰিচালনা সমিতিৰ লোক।

22/12/2024

*বাক্সাৰ শালবাৰীৰ ফাতেমাবাদ চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিক্ৰিয়া।*

*শ্ৰম মন্ত্রী ৰূপেশ গোৱালাই বাগিচাখনৰ শ্ৰমিকৰ নামত ১৬,৫১,১১৩ টকা ধন মুকলি কৰি দিয়াৰ পাছতেই প্ৰতিক্ৰিয়া শ্ৰমিকৰ।*

*উল্লেখ্য যে, বাগিচাখনৰ ৫ সপ্তাহৰ প্ৰাপ্য মজুৰিৰ দাবীত স্বত্বাধিকাৰী ৰাজেশ জালানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল শ্ৰমিকসকলে।*

*শ্ৰমিকসকলে বাগিচা কতৃপক্ষৰ পৰা পাবলগীয়া মুঠ ৫৫,০১,০৩৪ টকাৰ দাবীত কেবাদিনো ধৰি অব্যাহত ৰাখিছিল প্ৰতিবাদ।*

*শ্ৰম মন্ত্রী ৰূপেশ গোৱালাই বাগিচাখনৰ শ্ৰমিকৰ বাবে কিছু ধন মুকলি কৰি দিয়াত তেওঁক ধন্যবাদ শ্ৰমিক সকলৰ।*

*শ্ৰমিক সকলে পাবলগীয়া আটাইসমূহ ধন স্বত্বাধিকাৰী ৰাজেশ জালানৰ পৰা মোকোলাই দিয়াৰ বাবে চৰকাৰক আহ্বান।*

*শ্ৰমিকসকলৰ পাবলগীয়া ধন শীঘ্ৰেই মুকলি কৰি নিদিলে আন্দোলন অব্যাহত থাকিব বুলিও জানিব দিয়ে শ্ৰমিক সকলে৷*

*স্বত্বাধিকাৰী ৰাজেশ জালানৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈও আহ্বান শ্ৰমিকসকলৰ।*

বাইট---

19/12/2024

*আজিৰেপৰা আনুষ্ঠানিকভাবে মুকলি কৰা হ’ল মানাহৰ বনভোজস্থলী*

বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা নাৰায়ণগুৰিৰ বেঁকী নৈৰ বনভোজস্থলী আজি বনভোজকাৰী দলৰ বাবে আনুষ্ঠানিকভাবে মুকলি কৰা হয়৷বনভোজস্থলীৰ মুখ্যদ্বাৰৰ কাষতে বিভিন্ন দল সংগঠনৰ কৰ্মকৰ্তাৰ উপস্থিতিত ৰঙাফিটা কাটি মুকলি কৰে মানাহৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাৰিন বড়োৱে৷ইফালে বনভোজস্থলী পৰিচালনা সমিতিৰ নেতৃত্বই মানাহৰ নাৰায়ণগুৰিস্থিত বনভোজস্থলীত প্ৰবেশৰ বাবে প্ৰতিখন সৰুবৰ বাহনৰ ক্ষেত্ৰত প্ৰবেশ মাছুলৰ নিৰিখ নিৰ্ধাৰণ কৰি দিছে৷সেইমতে বাছৰ ক্ষেত্ৰত ৫০০,ট্ৰেভেলাৰৰ ৪০০,উইংগাৰ-মেজিকৰ ৩০০,ব্যক্তিগত চাৰিচকীয়া বাহনৰ ২০০,ই ৰিক্সাৰ ১০০ আৰু দুচকীয়া বাহনৰ ক্ষেত্ৰত ৫০ টকাকৈ মাছুল নিৰ্ধাৰণ কৰিছে৷উল্লেখ্য যে মানাহৰ পৰ্যটনৰ লগত জড়িত ব্যক্তি বুবুল নাথে বনভোজস্থলী মুকলিৰ ক্ষেত্ৰত বিটিচি চৰকাৰক দোষাৰোপ কৰি কয় যে পূৰ্বৰ বছৰৰ তুলনাত এইবৰ্ষত বনভোজস্থলী মুকলিৰ সময়সীমা বহু পিছুৱাই গ’ল যাৰ পৰিণতিত অক্টোবৰ-নৱেম্বৰৰ পৰা মানাহলৈ অহা বনভোজকাৰী দল ঠাইৰ অভাৱত বনভোজ নোখোৱাকৈ উভতি যাবলগীয়া হৈছে৷

২০২৪ বৰ্ষৰ সাহিত্য অকাদেমি বঁটাৰ বাবে তিনিগৰাকীকৈ স্বনামধন্য অসম সন্তান নিৰ্বাচিত হৈছে ।এই গৌৰৱময় বাৰ্তাটিয়ে অসমৰ সাহিত...
18/12/2024

২০২৪ বৰ্ষৰ সাহিত্য অকাদেমি বঁটাৰ বাবে তিনিগৰাকীকৈ স্বনামধন্য অসম সন্তান নিৰ্বাচিত হৈছে ।এই গৌৰৱময় বাৰ্তাটিয়ে অসমৰ সাহিত্য জগতক নতুন মাত্ৰা প্ৰদান কৰিছে৷ আটাইকেইগৰাকী সন্মানীয় ব্যক্তিলৈ আন্ত অভিনন্দন জ্ঞাপন কৰিলোঁ৷

আজি ঐতিহ্যমণ্ডিত ভূটানত উপস্থিত হ’ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱ৷৷৷ ভুটানৰ ৰাষ্ট্ৰীয় দিৱসত কাইলৈ মু...
16/12/2024

আজি ঐতিহ্যমণ্ডিত ভূটানত উপস্থিত হ’ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱ৷৷৷
ভুটানৰ ৰাষ্ট্ৰীয় দিৱসত কাইলৈ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱে৷৷
মুখ্যমন্ত্ৰীগৰাকীৰ এই অংশগ্ৰহণে ভাৰত আৰু ভূটানৰ মাজত বিদ্যমান বৈদেশিক সম্পৰ্ক অধিক দৃঢ় কৰাৰ লগতে এক নতুন যুগৰ সূচনা হ’ব বুলি আশা কৰা যায়।

16/12/2024

*বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ*

*শ্ৰমিকৰ প্ৰাপ্য মজুৰি পাঁচ সপ্তাহ ধৰি আদায় নিদিয়াৰ বাবে এই প্ৰতিবাদ*

*বাগিচাখনৰ মালিক ৰাজেশ কুমাৰ জালানে শ্ৰমিক সকলক হাৰাশাস্তি দিয়া অভিযোগ*

*দৰমহা দিব নোৱাৰিলে বাগান এৰি গুচি যোৱাৰ হুংকাৰ প্ৰদান কৰে শ্ৰমিক সকলে।*

*বাগিচাত প্ৰতিবাদ কৰিলে পুলিচ প্ৰশাসনে ধৰি মাৰে।*

বাইট:-- চাহ শ্ৰমিক

বিখ্যাত তবলা বাদক ওস্তাদ জাকিৰ হুছেইনৰ দেহাৱসান।
15/12/2024

বিখ্যাত তবলা বাদক ওস্তাদ জাকিৰ হুছেইনৰ দেহাৱসান।

15/12/2024

ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা অসম চৰকাৰৰ সন্দৰ্ভত আছুৰ সভাপতিৰ প্ৰতিক্ৰিয়া

13/12/2024

নেছৰ কাৰ্যনিৰ্বাহক সভা।মণিপুৰ, বিদেশী নাগৰিক সমস্যা, বাংলাদেশৰ মৌলবাদীৰ আগ্ৰাসনৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Registration is going on
12/12/2024

Registration is going on

11/12/2024

অহা ১২টা দিন আমি ৰাইজৰ বাবে উৎসৰ্গা কৰিম ।

08/12/2024

শোভাযাত্ৰা কাৰ্যসূচীত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ অংশগ্ৰহণ। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাবিদ্যালয়ত ৰূপা....

Registration open - Pl visit and register your name for computer Courses
07/12/2024

Registration open - Pl visit and register your name for computer Courses

07/12/2024

বৰপেটা জিলাৰ গোৱৰ্দ্ধনা খাৰিজা বিজনী কনিষ্ঠ মহাবিদ্যালয়ত ৰূপালী জয়ন্তীৰ শুভাৰম্ভ ।
****************************************

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জীপাল হব দুইদিনীয়া কাৰ্যসূচী।

আজি ৰাতিপুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পন লগতে বিভিন্ন কাৰ্যসূচীৰে প্ৰথম দিনৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়।

ৰূপালী জয়ন্তী উপলক্ষে ২৫খন পতাকা উত্তোলন কৰিলে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে।

মহাবিদ্যালয়ৰ শৈক্ষিক দিশ আগুৱাই নিয়াৰ লক্ষ্যৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হব ।

অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিতকুমাৰ দাস, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব অনুষ্ঠানত।

অহাকালি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা কাৰ্যসূচীৰে উজ্জিবিত হব মহাবিদ্যালয়ৰ চৌহদ।

বাইটঃ প্ৰাক্তন ছাত্ৰ তথা আদিবাসী নেতা মানচুক চানখাৰিকা

বৰপেটাৰোড চন্দনপুৰ নিবাসী তথা অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত কনিষ্ঠ অভিযন্তা প্ৰয়াত সুবল দাস আৰু সাৰদা বালা ...
28/11/2024

বৰপেটাৰোড চন্দনপুৰ নিবাসী তথা অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত কনিষ্ঠ অভিযন্তা প্ৰয়াত সুবল দাস আৰু সাৰদা বালা দাসৰ দ্বিতীয় পুত্ৰ সন্তান ফণীন্দ্ৰ চন্দ্ৰ দাসৰ যোৱা ২৬/১১/২৪ ইংৰাজী তাৰিখে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
হিতেশ দাস
সভাপতি, বৰপেটা ৰোড সাহিত্য সভা

Certificate distribution ceremony for Dairy Workers &Piggery farmers under Assam Skill Developement Mission.************...
26/11/2024

Certificate distribution ceremony for Dairy Workers &Piggery farmers under Assam Skill Developement Mission.
*************************************************
AISECT Barpeta Skill Center at Barpeta Road today distributed Skill Certificate to total 43 Nos of trainees under ASDM PLSDTP training programme . In the programme GM of DICC of Barpeta and Bajali District Mr. Pranjan Raimedhi , DPM (Training) Mr. Rafiqul Islam,Trainers Dr. Bodhan Tiwari, Dr. Narendra Pathak and Retd. Bank officer Mr.Manoj Sarma has interacted the trainees and suggested some valuable advice to them to become a successful entrepreneurs. Encouraging speech is given by the GM, DICC by explaining different schemes and programmes of Govt. Indukalpa Nath SPOC of the center expressing gratitude to all the trainees and invitees for giving valuable time and afford for successful completion of the training.

Address

Bapeta Road, Barpeta Road
Barpeta Road
781315

Alerts

Be the first to know and let us send you an email when Udbhas News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Udbhas News:

Share