Today Voice Barpeta Assam

Today Voice Barpeta Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Today Voice Barpeta Assam, Media/News Company, Barpeta Road, Barpeta Road.

15/11/2022
J যোৱা ৰাবিবাৰে ৰুৰেল  দেবলেপমেণ্ট সচাঁইটিৰ  ৰৌমাৰীৰ দ্বাৰা  প্ৰসাল্লাদ দাসৰ দৰিদ্ৰ পৰিয়ালক সৌচাগাৰ নিৰ্মান কৰি দিয়ে।
29/06/2021

J যোৱা ৰাবিবাৰে ৰুৰেল দেবলেপমেণ্ট সচাঁইটিৰ ৰৌমাৰীৰ দ্বাৰা প্ৰসাল্লাদ দাসৰ দৰিদ্ৰ পৰিয়ালক সৌচাগাৰ নিৰ্মান কৰি দিয়ে।

Today Voice Barpeta Assam ভৱানীপুৰ সমষ্টিৰ পথৰ শোচনীয় অৱস্থাত অতিষ্ঠ ৰাইজ- বজালী জিলা  #আমছুৰ স্মাৰক পত্ৰ প্ৰদান জিলা উপ...
15/06/2021

Today Voice Barpeta Assam
ভৱানীপুৰ সমষ্টিৰ পথৰ শোচনীয় অৱস্থাত অতিষ্ঠ ৰাইজ- বজালী জিলা #আমছুৰ স্মাৰক পত্ৰ প্ৰদান জিলা উপায়ুক্তলৈ
====================

গুৱাহগাছা- মাজগাঁও পৰা এছ, কে #মাইনুল হকৰ ৰিপৰ্ট ১৫ জুন, বজালী জিলা তথা ৪১ নং ভৱানীপুৰ বিধান সভা সমষ্টিৰ অন্তৰৰ্গত প্ৰায়বোৰ পঞ্চায়তৰ অধীনস্থ গ্ৰাম্য পথৰ
সপ্ৰতি শোচনীয় ৰূপ ধাৰণ কৰাৰ বাবে যাতায়তৰ যমৰ যাতনাত ভুগিছে সমষ্টিবাসি ৰাইজে।এজাক ডবাপিটা বৰষুণতে বাট পথৰ শোচনীয় অৱস্থাই যাতায়তৰ ব্যৱস্থা ব্যহত হোৱাটো সৰ্বজনবিদিত । বিশেষকৈ ১০৮ নং মাজগাঁও গাঁৱ পঞ্চায়তৰ অধীনস্থ ৰৌমাৰী মিলন বজাৰৰ পৰা সৰুপেটালৈ যোৱা ১ কিঃমিঃত কৈ আধিক পথ ভাঙি যোৱাত যাতায়ত ব্যহত হৈ পৰিছে ।তদুপৰি মাজগাঁও গাঁৱ পঞ্চায়তৰ আৰু ১০৯ নং শুকামানাহ গাঁৱ পঞ্চায়তৰ অন্তৰ্গত মাজগাঁওৰ পৰা শুকমনাহ লৈ যোৱা পল্লা নদীৰ মথাউৰি নিৰ্মাণৰ বাবে ব্যৱস্থা কৰি দিয়া আৰু পটা( উত্তৰ) মৃত মুছাউদ্দিন শিক্ষকৰ বাসভৱনৰ পৰা ভালাগুৰি পল্লা বজাৰলৈ যোৱা কেচা পথটোৰ তেনেই শোচনীয় অৱস্থাৰ বাবেই ৰাইজে জীয়াতু ভুগিছে।১০৫ নং গলীয়া গাঁৱ পঞ্চায়তৰ অধিনত এ,ডি,পি বজাৰৰ পূব পিনে ভবানীপুৰ লৈ যোৱা পথটো অতি শোচনীয় অৱস্থাত আছে যদিও ঠিকাদাৰে কাম কৰি আছে, সিয়ো শামুকীয়া গতিৰে । ১১৫ নং ধূমাৰপাথাৰ গাঁৱ পঞ্চায়তৰ অন্তৰ্গত চেংলীমাৰী ৰূপহী নদী দলংৰ পৰা বতিয়ামাৰী পহুমাৰা দলংৰ পথটো প্ৰায়, ২ কিঃমিঃ চলাচল অৱস্থা তেনেই পানীত হাঁহ নচৰা বিধৰ।লগতে উক্ত পঞ্চায়তৰে শিলাপাঠনি গাঁৱৰ পি, ডব্লিউ ডি, পথৰ পৰা দক্ষিণে ২ কিঃমিঃ পথ যাতায়তৰ অনুপযোগী । ১০৭ নং দাতিৰবড়ী গাঁৱ পঞ্চায়তৰ অধিনত ৰাজাখাট বৰশিমলা পথৰ ৰাজাখাটৰ পৰা কাটলা দলংলৈ পথটো অতি বিধ্বস্ত ৰূপ লৈছে।লগতে মাজগাঁও পশ্চিম পাৰা গাঁৱৰ পথটো ডুলিৰভীটা এমি স্কুল লৈ যোৱা পথটো নিম্ন মানদণ্ডৰ কাম কৰাৰ বাবে ঠায়ে ঠায়ে জহি খহি যোৱাৰ বাবে যাতায়ত ব্যৱস্থা ব্যহত হৈ পৰিছে। উক্ত দাবীসমূহ অতি শীঘ্ৰেই পূৰণ কৰিবলৈ অৰ্থাত বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে কৰিবৰ বাবে পথসমূহৰ কাম সম্পূৰ্ণ কৰি যাতায়তৰ উপযোগী কৰি দিয়াৰ বাবে বজালী জিলা আমছুৰ সভাপতি জাকিৰ হুছেইন তালুকদাৰ, সম্পাদকদ্বয় মুকুল ইছলাম,ৰফিকুল ইছলাম আৰু কায্যৰ্কৰী সভাপতি আশ্ৰফ আলীয়ে জিলা উপায়ুক্তলৈ স্মাৰক প্ৰত্ৰ প্ৰদান কৰে । উল্লেখ্য যে অতি শীঘ্ৰেই পথসমূহ মেৰামতি নকৰিলে ৰাইজৰ সহযোগত গনতান্ত্ৰিক আন্দোলনৰ গঢ়ি তুলিব বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে স্থানীয় সংবাদদাতাক জানিবলৈ দিয়ে।

মাজগাঁও মডেল হস্পিটালত  ৫ গৰাকী লোক কোৰোনা ভাইৰাছত আক্ৰান্ত====================Today voice: গুৱাগাছাঃ ২১মেবৰপেটা জিলাৰ ভ...
21/05/2021

মাজগাঁও মডেল হস্পিটালত ৫ গৰাকী লোক কোৰোনা ভাইৰাছত আক্ৰান্ত
====================
Today voice: গুৱাগাছাঃ ২১মে

বৰপেটা জিলাৰ ভবানীপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত- মাজগাঁও মডেল হস্পিটালত কেইবাগৰাকী- কোভিড-১৯ ৰোগী চিনাক্ত কৰণ হৈছে। যোৱা শুক্ৰবাৰে তিনিগৰাকী আৰু বৃহস্পতিবাৰে দুগৰাকী- কৈ কোভিড-১৯ ৰোগী চিনাক্ত কৰণ হৈছে। যোৱা বৃহস্পতিবাৰে পোৰাভাড়ালৰ নিবাসী- ই ৰিক্সা চালক কায়েম উদ্দিন আৰু এ,ডি,পি,ৰ ফকৰ উদ্দিন নামৰ যুবক গৰাকীৰ দেহত কোভিড-১৯ চিনাক্ত কৰণ হৈছে।বৰ্তমান মাজগাঁও মডেল হস্পিটেলত কৰোনা- ভাইৰাছ -১৯ টেষ্ট আৰু ভেকচিন দিয়া কাম সুচাৰুৰূপে চলি থকা পৰিলক্ষিত হৈছে।
গুৱাগাছাৰ পৰা, এচ, কে মাইনুল হকৰ ৰিপৰ্ট

Today Voice- মাজগাঁও_ মাজগাঁও আঞ্চলিক প্ৰেছ ক্লাৱৰ উদ্যোগত ৭৪ তম স্বাধীনতা দিৱস উদযাপন---------------------------       ...
15/08/2020

Today Voice- মাজগাঁও_ মাজগাঁও আঞ্চলিক প্ৰেছ ক্লাৱৰ উদ্যোগত ৭৪ তম স্বাধীনতা দিৱস উদযাপন--------------------------- সদ্য গঠিত মাজগাঁও আঞ্চলিক প্ৰেছ ক্লাব (বৰপেটা জিলা)ৰ উদ্দোগত আজি ৭৪ তম স্বাধীনতা দিৱস উদযাপন কৰা হয়।
ৰাতিপুৱা পতাকা উত্তোলন কাৰ্য্যসূচীত মাজগাঁওৰ বিশিষ্ট সমাজ কৰ্মী তথা প্ৰাক্তন কাউন্সিলৰ আব্দুছ ছাত্তাৰে পতাকা উত্তোলন কৰে। লগতে পতাকা উত্তোলন কাৰ্যসূচীত সহায় কৰে মাজগাঁও প্ৰেছ ক্লাৱৰ কাৰ্য্যকৰী সভাপতি তথা বিশিষ্ট লেখক সাহিত্যিক
কোৰবান আলী চৌধুৰীয়ে। আজি এই অনুষ্টানত অথিতি হিচাপে উপস্থিত থাকে জামাত ই ইছলামী হিন্দৰ নামনি অসমৰ সংগঠক তথা সাপ্তাহিক মুজাহিদ কাকতৰ কাৰ্যবাহী সম্পাদক ছফিকুল ইছলাম। এছ,আই,অ, মাজগাঁও চাৰ্কুলৰ তত্বাৱধায়ক ইনামুল হক। লগতে নৱশক্তি মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মাজগাঁও, প্ৰেছ ক্লাৱৰ উপদেষ্টা জেহেৰুল ইছলাম, গুৱাগাছা উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা প্ৰেছ ক্লাৱৰ উপদেষ্টা আবুল কালাম চৌধুৰী, সদৌ অসম সংখ্যালঘুৰ উন্নয়ন বোর্ডৰ প্ৰাক্তন অধ্যক্ষ তথা মাজগাঁও প্ৰেছ ক্লাৱৰ উপদেষ্টা আতাব আলী আহমেদ। আৰু বহুত বিশিষ্ট ৰাইজ উপস্থিত থাকে। এই অনুষ্টানত প্ৰাক্তন কাউন্সিলৰ আব্দুছ ছাত্তাৰে স্বাধীনতা দিৱসৰ তাৎপৰ্যৰ বহল ব্যখ্যা দাঙি ধৰে। লগতে প্ৰেছ ক্লাৱৰ উপদেষ্টা জেহেৰুল ইছলামে স্বাধীনতা দিৱসৰ বিষয়ে তেওঁৰ বক্তব্যত বহল ব্যখ্যা দাঙি ধৰাৰ লগতে প্ৰেছ ক্লাৱৰ বিষয়ে বিস্তৃত ভাবে বহল ব্যখ্যা দাঙি ধৰে। সাপ্তাহিক মুজাহিদ কাকতৰ কাৰ্যবাহী সম্পাদক ছফিকুল ইছলামে স্বাধীনতা দিৱসৰ বিষয়ে বক্তব্য প্ৰদান কৰাৰ লগতে প্ৰেছ ক্লাৱৰ গুৰুত্ব আৰু ভুমিকা সমাজ তথা দেশ এখনত উন্নয়নৰ এক চাবি কাঠি বুলি কয়।লগতে তেওঁ ইয়াকো দোহাৰে যে সমাজ তথা দেশ এখন, দুৰ্নীতিমুক্ত, নিকা, আৰু অন্ধ কুসংস্কাৰ আদি দুৰ কৰাৰ ক্ষেত্ৰত এনেকুৱা প্ৰেছ ক্লাৱৰ ভুমিকা নিত্যান্তই প্ৰয়োজন। পতাকা উত্তোলন কাৰ্যসূচীত সংগতি ৰাখি উত্তোলক গৰাকীক এখন ফুলাম গামোচাৰে মাজগাঁও আঞ্চলিক প্ৰেছ ক্লাৱৰ সম্পাদক তথা স্থানীয় সাংবাদিক শ্বেইখ মাইনুল হকে সম্বৰ্ধনা প্ৰদান কৰে। লগতে প্ৰেছ ক্লাৱৰ সভাপতি নজৰুল ইছলাম প্ৰেছ ক্লাৱৰ কাৰ্য্যকৰী সদস্য ইনামুল হকে এখন ফুলাম গামোচা সম্বৰ্ধনা প্ৰদান কৰে।সদৌ শেষত প্ৰেছ ক্লাৱৰ স্বাধীনতা দিৱসৰ বহল বহল বক্তৃতা প্ৰদান কৰে।

সমূহ অসম বাসীলৈ পবিত্র ঈদুল আজহাৰ আগতীয়াকৈশুভেচ্ছা জানালো। আশা কৰো এই পবিত্র ঈদৰ জৰিয়তে সকলো জাতি ধৰ্ম নিৰ্বিশেষে ঐক্য...
28/07/2020

সমূহ অসম বাসীলৈ পবিত্র ঈদুল আজহাৰ আগতীয়াকৈ
শুভেচ্ছা জানালো। আশা কৰো এই পবিত্র ঈদৰ জৰিয়তে সকলো জাতি ধৰ্ম নিৰ্বিশেষে ঐক্য, শান্তি,সম্প্রীতি, ভাতৃত্ববোধ গঢ়ি উঠক----------------- দৈনিক গন অধিকাৰ আৰু সাপ্তাহিক মুজাহিদ কাকতৰ স্থানীয় সাংবাদিক । শ্বেইখ মাইনুল হক। গুৱাগাছা- মাজগাঁও( বৰপেটা) অসম।

Address

Barpeta Road
Barpeta Road

Website

Alerts

Be the first to know and let us send you an email when Today Voice Barpeta Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share


Other Media/News Companies in Barpeta Road

Show All

You may also like