BNO News 24 Assamese

  • Home
  • BNO News 24 Assamese

BNO News 24 Assamese Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BNO News 24 Assamese, Media/News Company, .

19/09/2023
তিনিচুকীয়াত আছুৰ যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পুত্তলিকা দাহ কায্যসূচী ।BNO news 24  বুধবাৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ ...
23/03/2022

তিনিচুকীয়াত আছুৰ যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পুত্তলিকা দাহ কায্যসূচী ।

BNO news 24 বুধবাৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনাই তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যলয়ৰ সমীপত অসমৰ যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এক পুত্তলিকা দাহ কায্যসূচী ৰূপায়ন কৰা হয় । উল্লেখযোগ্য যোৱা কিছুদিনৰ পৰা ৰন্ধন গেছকে , ধৰি অত্যাৱশ্যকীয় সামগ্ৰী পেট্ৰল ডিজেল আদিৰ মুল্যবৃদ্ধিয়ে গ্ৰাহকৰ মূৰত ৰামটাঙোন মাৰিছে । উত্তৰ প্ৰদেশ আৰু বিভিন্ন ৰাজ্যৰ পৌৰসভা নিৰ্বাচনৰ পিছতেই ৰন্ধন গেছকে ধৰি বিভিন্ন সামগ্ৰীৰ মুল্যবৃদ্ধিয়ে জনসাধাৰণক ইতিমধ্যে জুৰুলা কৰিছে ।তাৰেই প্ৰতিবাদ জনাই বুধবাৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পুত্তলিকা দাহ কৰে । উক্ত প্ৰতিবাদৰ সময়ত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই যোগান মন্ত্ৰী মূর্দাৱাদ ,অসম চৰকাৰ মূর্দাৱাদ ধ্বনি দি চৰকাৰ তথা প্ৰশাখনক সকীয়াই দিয়ে যে অতি সোনকালে ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্যবৃদ্ধি ৰোধ কৰি জনসাধাৰণক আৰ্থিক সকাহ দিয়ে ।

৷৷আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি গছপুলি ৰোপণ, বিতৰণ পৰিৱেশ সুৰক্ষা সমিতি, অসমৰ ৷৷আজি...
08/03/2022

৷৷আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি গছপুলি ৰোপণ, বিতৰণ পৰিৱেশ সুৰক্ষা সমিতি, অসমৰ ৷৷

আজি ইংৰাজী ৮ মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰীদিৱসৰ লগত সংগতি ৰাখি মটক মহিলা কোষ বৰুৱাহোলা পানীতোলা আঞ্চলিক সমিতিৰ উদ্যোগত বৰুৱাহোলা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত আৰু উদীপ্ত ক্লাৱৰ নাৰী কল্যান বিভাগৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। নাৰী দিৱসৰ উপলক্ষে মটক মহিলা কোষেপুৱা১০ বজাত পতকা উত্তোলন কৰে মটক মহিলা কোষৰ কেন্দ্ৰীয় সভানেত্ৰী হিমাদ্রি গোহাঁই স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সভাপতি বিপুল দত্ত। কাৰ্যসূচীত উপস্থিত থাকে নাৰী দিৱসৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভানেত্ৰী ক্ৰমে স্নেহলতা চেতিয়া, কাজললতা বৰুৱা, নন্দিতা চেতিয়া যুটীয়া সম্পাদিকা ক্ৰমে লিপিকা চেতিয়া বৰুৱা, নিহাৰিকা চেতিয়া উপস্থিত থাকে। আনহাতে নাৰী দিৱস উপলক্ষে উদীপ্ত ক্লাৱৰ নাৰী কল্যাণ বিভাগৰ দিমৰুগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ময়ূৰৰাখী চেতিয়াৰ সভাপতিত্বত সজাগতা সভা আয়োজন কৰা হয়। সভাত নাৰীৰ সৱলীকৰণ, সুৰক্ষা আৰু মৰ্যদা বিষয়ে আলোচনা কৰা হয়।সভাত বিশিষ্ট লেখক, শিক্ষক কিৰণ ৰাজখোৱা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সভাপতি প্ৰাঞ্জল নেওগ, লাইপুলি সাহিত্য সভাৰ সভাপতি সুৰেন বৰুৱা, দিমৰুগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী জিনা শইকীয়া, উদীপ্ত ক্লাৱৰ সভাপতি শীৰ্ষজ্যোতি নেওগ, সম্পাদক গ্ৰীণ বৰপাত্ৰগোহাঁই আৰু উদীপ্ত ক্লাৱৰ নাৰী কল্যাণ বিভাগৰ সম্পাদিকা প্ৰতিভা গগৈ চেতিয়া উপস্থিত থাকে। উল্লেখযোগ্য যে নাৰী দিৱসৰউভয় কায্যসূচীতে পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি বৰ্ষজোৰা গছপুলি ৰোপণ , বিতৰণ আৰু সংৰক্ষণ অন্তৰ্গত গছপুলি ৰোপণ আৰু বিতৰণ কৰা হয়।গছপুলি ৰোপণ আৰু বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভ কৰে পৰিৱেশ সুৰক্ষা সমিতি , অসমৰ কেন্দ্ৰীয় সভাপতি ঋতু ৰাজ বৰুৱাই সহযোগিতা আগবঢ়োৱাই সমিতিৰ কেন্দ্ৰীয় সদস্য অপূৰ্ব কুমাৰ দাস।

09/02/2022

Address


Website

Alerts

Be the first to know and let us send you an email when BNO News 24 Assamese posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share