12/06/2024
Copy
অলপ আগত মোক অনলাইন বস্তু দিয়া ল'ৰাজনে ফোন কৰি ক'লে দাদা আপোনাৰ পাৰ্চেল এটা আছে, মই সচৰাচৰ কিছুমান বস্তু অনলাইনকে লওঁ। গতিকে তেওঁক বস্তুটো দিব কলোঁ। তেও আহিয়েই মোক ক'লে আজি Myntra ত অৰ্ডাৰ দিলে নেকি? তেতিয়াহে মই দেখিলোঁ বস্তুটো myntra ৰ পৰা আহিছে। মই তেওঁক কলোঁ মই myntra ত একো অৰ্ডাৰ কৰা নাইচোন। ছোৱালীয়ে টিপিলে নেকি নাইবা মানুহজনীয়েও অৰ্ডাৰ দিব পাৰে তুমি দি যোৱা নহ'লে মই ঘূৰাই দিম। তেওঁ বস্তুটো দি গ'ল, মই খুলি চায় আচৰিত, কিবা পেন্ট এটা আহিছে U.S.POLO ৰ। মই লগে লগে ঘূৰাব খুজি এপটোত অৰ্ডাৰটো বিচাৰি দেখো, মোৰ পৰা একো অৰ্ডাৰ নাই, মই myntra customer care ত ফোন কৰিলো লাইন busy আহিল। অলপ পাছত এটা call আহিল। মই ৰিছিভ কৰা লগে লগে মোক myntra ৰ পৰা কৈছো কৈ মোৰ সমস্যাৰ কথা সুধিলে, মই গোটেই কথাখিনি ক'লো। এতিয়া কেনেকৈ ঘূৰাম তাৰ উপায় বিচাৰিলোঁ। তেতিয়া বিপৰীত দিশৰ জনে লগালগ উত্তৰ দিলে, একো নাই আপোনাক আমি আমাৰ ফালৰ পৰা যিমান পাৰো সহায় কৰিম আপুনি মাত্ৰ প্লে ষ্টৰত গৈ avvaldesk app টো down load কৰক। মই তেতিয়া আচল কথাটো বুজি পালো, avvaldesk app টো হৈছে এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ গোটেই data খিনি এই app ৰ জৰিয়তে অতি সহজে Gpay, phone pay বা অনান্য যিমান digital pay পদ্ধতি আছে সকলো খিনি অতি সহজেই আপোনাৰ account খালি কৰি দিব পাৰে। গতিকে আপোনালোকো যাতে এনে fraud ত নপৰে তাৰ বাবেহে কথা খিনি লিখি দিলো।
আপুনি সকলোৰে সহায়ৰ বাবে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব🙏