Right To Speak Guwahati

  • Home
  • Right To Speak Guwahati

Right To Speak Guwahati Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Right To Speak Guwahati, Media/News Company, .

27/09/2022

Anis Ahmed General Secretary. Popular Front of India

26/09/2022

Anis Ahmed General Secretary. Popular Front of India

26/09/2022

PFI ৰ বিৰুদ্ধে কিয় অন্যায় ভাৱে NIA আৰু ‌ED ক ব্যৱহাৰ কৰা হৈছে । Video ৰ কথাখিনি শুনিলে বুজি পাব যে Popular Front of India দেশৰ কাৰণে কিমান দৰকাৰী।

25/09/2022

PFIলৈ কোনো অসুবিধা নাই। PFI মুছলমানে বনোৱাৰ বাবেই অসুবিধা হৈছে।

24/09/2022

এখন সুস্থ দেশ গঢ়াৰ বাবে সংগ্রাম কৰাৰ প্রয়োজন।

24/09/2022

পপুলাৰ ফ্রন্ট অফ ইণ্ডিয়াৰ বিষয়লৈ AIUDFৰ মানকাচৰৰ বিধায়ক আমিনুল ইছলামৰ প্রক্রিয়া ।

24/09/2022

24/09/2022

24/09/2022

Anis Ahmed first reaction after Arrest.

"These are Fabricated cases & political vendetta by ( )"

22/09/2022

আজি পপুলাৰ ফণ্ট অফ ইণ্ডিয়া অসম ৰাজ্যিক সমিতিৰ সভাপতি আবুশ্বামা আহমেদ সম্পাদক ৰবিউল হুচেইনৰ লগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পপুলাৰ ফণ্ট অফ ইণ্ডিয়াৰ নেতৃত্বক অন্যায় ভাৱে NIA গ্ৰেপ্তাৰ কৰাৰ লগতে বিভিন্ন ঠাইত অন্যায় ভাৱে raids কৰা কাৰ্যৰ বিৰুদ্ধে নগৰবেৰা গোৱালপাৰা জিলাত পপুলাৰ ফণ্ট অফ ইণ্ডিয়াৰ প্ৰতিবাদ।

22/09/2022
21/09/2022

What is pfi ?


19/09/2022

যোৱা ১৭/০৯/২০২২ ইং তাৰিখে কেৰেলা কোঝিকোড জিলাত পপুলাৰ ফ্রন্ট অফ ইণ্ডিয়াৰ তৰফৰ পৰা এখন বিশাল জনসমাবেশ আয়োজন কৰা হয়। উক্ত জনসমাবেশে ভাষণ প্রদান কৰে ৰ ৰাষ্ট্ৰীয় সমিতিৰ সভানেত্রী লোবনাজ শিৰাজ ।






18/09/2022

Free Publicity From

18/09/2022

যোৱকালি কেৰেলা কোঝিকোড জিলাত পপুলাৰ ফ্রন্ট অফ ইণ্ডিয়াৰ তৰফৰ পৰা এখন বিশাল জনসমাবেশ আয়োজন কৰা হয়। উক্ত জনসমাবেশে ভাষণ প্রদান কৰে PFIৰ ৰাষ্ট্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আনিছ আহামেদ ছাহাব।





14/09/2022

Gyanvapi Masjid judgement will embolden fascist agenda to target minority places of worship

14/09/2022
  Supreme Court Grants Bail to journalist siddique Kappan in hathras conspiracy case.
09/09/2022


Supreme Court Grants Bail to journalist siddique Kappan in hathras conspiracy case.

09/09/2022

Great Leader

05/09/2022
মুছলমানক বদনাম কৰিবলৈ মাদ্ৰাছা সমুহক টাৰ্গেট কৰা হৈছে: ক্যাম্পাচ ফ্ৰণ্ট অফ ইণ্ডিয়াCampus Front of India - Assam State C...
03/09/2022

মুছলমানক বদনাম কৰিবলৈ মাদ্ৰাছা সমুহক টাৰ্গেট কৰা হৈছে: ক্যাম্পাচ ফ্ৰণ্ট অফ ইণ্ডিয়া
Campus Front of India - Assam State
Campus Front Baksa

মাদ্রাছা উচ্ছেদৰ প্রক্রিয়া পি এফ আইৰ মাদ্রাছা সন্ত্রাসবাদীৰ  ঘাটি নহয়, ভৱিষ্যতেও নহব।
02/09/2022

মাদ্রাছা উচ্ছেদৰ প্রক্রিয়া পি এফ আইৰ মাদ্রাছা সন্ত্রাসবাদীৰ ঘাটি নহয়, ভৱিষ্যতেও নহব।

 #প্ৰেছ_বিবৃতি মাদ্ৰাছা সন্ত্ৰাসবাদৰ ঘাটি নহয়, নাছিল আৰু ভৱিষ্যতেও নহব: পপুলাৰ ফ্ৰণ্ট১ছেপ্টেম্বৰ২০২২,গুৱাহাটীঃ ৰাজ্যখনত ...
01/09/2022

#প্ৰেছ_বিবৃতি

মাদ্ৰাছা সন্ত্ৰাসবাদৰ ঘাটি নহয়, নাছিল আৰু ভৱিষ্যতেও নহব: পপুলাৰ ফ্ৰণ্ট

১ছেপ্টেম্বৰ২০২২,গুৱাহাটীঃ ৰাজ্যখনত বিজেপি চৰকাৰ তথা প্ৰশাসনে যোৱাকালি আকৌ যোগীঘোপা মাদ্ৰাছাত বুলডোজাৰ চলাই ধ্বংস কৰা কাৰ্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ ৰাজ্যিক সভাপতি আবুশ্বামা আহমেদে এক বিবৃতিযোগে কয় যে "মাদ্ৰাছা সন্ত্ৰাসবাদৰ ঘাটি নহয়, নাছিল আৰু ভৱিষ্যতেও নহব । মাদ্ৰাছা হৈছে পৱিত্ৰ শিক্ষানুষ্ঠান, য'ত সদায় নৈতিকতাৰ শিক্ষা প্ৰদান কৰা হয়। সন্ত্ৰাসবাদী কাৰ্য্যকলাপৰ সৈতে জড়িত কোন ব্যক্তি অজ্ঞাতসাৰে যিকোনো অনুষ্ঠানত ছদ্মবেশত থাকিব পাৰে, যদি সচাকৈয়ে থাকেও তাক বিচাৰি ওলোৱা প্ৰশাসনৰ দায়িত্ব। সেই দায়িত্ব পালন কৰক,ধৰক আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা চৰকাৰে কৰক তাত অসমৰ কোনো মাদ্ৰাছা কৰ্তৃপক্ষ বা মুছলমান সমাজে তিলমানো বিৰোধ নকৰে । আজিৰ তাৰিখলৈকে মুছলমান সম্প্ৰদায়ৰ তেনে ধৃষ্টতাৰ নিদৰ্শন নাই, সেয়া কেৱল সন্ত্ৰাসবাদীৰ ক্ষেত্ৰতে নহয় যিকোনো সমাজ বিৰোধী বা অনৈতিক কাৰ্যৰ ক্ষেত্ৰতো। কিন্তু যুগ যুগ ধৰি ৰাইজৰ দান-বৰঙণিৰে গঢ়ি উঠা মাদ্ৰাছাসমূহক টাৰ্গেট কৰি সন্ত্ৰাসবাদৰ ঘাটি বুলি একাংশ সংবাদ মাধ্যম(গোদী মেডিয়া)ৰ জৰিয়তে প্ৰচাৰ চলোৱা আকৌ স্থানীয় প্ৰশাসনে মাদ্ৰাছা গৃহক দুৰ্বল তথা অবৈধ নিৰ্মাণ বুলি কৈ বুলডোজাৰ চলাই ধ্বংস কৰি দিয়া কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয়, ই তীব্ৰ গৰিহণাৰ যোগ্য।"

তেওঁ আৰু কয় যে ইমান দিনে হিন্দুত্ববাদী সংঘ পৰিবাৰে মুছলমান সম্প্ৰদায়টোক টাৰ্গেট কৰি কেৱল মিছা অপবাদ দি আহিছিল। ক্ষমতাত আহি এতিয়া বিজেপি শাসিত ৰাজ্য চৰকাৰসমূহে ক্ষমতাৰ অপ-ব্যৱহাৰ কৰি অসৎ উপায়ে সেই অপবাদক অন্ততঃ কিছুদিনৰ বাবে সত্য বুলি ভক্তসকলক সান্তনা দিব বিচাৰিছে। তাৰোপৰি বিশেষকৈ আৰএছএছ-ৰ প্ৰিয় পাত্ৰ হৈ অধিক ক্ষমতা পোৱাৰ আশাত এক অঘোষিত প্ৰতিযোগিতাত সফল হোৱাৰ বাবে বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে এনে নিকৃষ্ট পথ বাছি লৈছে যে কোনে কিমান বেছি মুছলমানৰ ওপৰত আক্ৰমণ কৰিব পাৰে। অতি দুৰ্ভাগ্যজনক আৰু উদ্বেগজনক বিষয়টো হৈছে যে চৰকাৰৰ ৰোষত পৰাৰ ভয়ত বা স্বাৰ্থৰ ব্যাঘাত হোৱাৰ ভয়ত তথাকথিত ধৰ্মনিৰপেক্ষ গোটসমূহ বিশেষকৈ বিৰোধী পক্ষৰ প্ৰায় সংখ্যক নিৰ্বাচিত প্ৰতিনিধিয়ে যেন নীৰৱ দৰ্শকৰ প্ৰতিযোগিতাত নামিছে । ক্ষমতাসম্পন্ন সকলো লোকে এই কথাটো মনত ৰখা উচিত যে ক্ষমতা‌ কোনো দিন চিৰস্থায়ী নহয়। ইতিহাস সাক্ষী যে কিদৰে ফেৰাউন, নমৰুদ, হিটলাৰৰ দৰে মহাপ্ৰতাপী শাসকসকলেও নিঃশেষ হৈ গৈছে।

দেশৰ যিকোনো ধৰ্মাৱলম্বী সম্প্ৰদায়ে নিজ ধৰ্মৰ শিক্ষাদানৰ বাবে শিক্ষানুষ্ঠান নিৰ্মাণ কৰা সাংবিধানিক অধিকাৰ । কিন্তু মুছলমানৰ ক্ষেত্ৰত ইতিমধ্যে চৰকাৰৰ সহযোগিতাত চলা শিক্ষানুষ্ঠানবোৰ বন্ধ কৰা হ'ল, এতিয়া সম্পূৰ্ণৰূপে ৰাইজৰ সহযোগিতাত চলা শিক্ষানুষ্ঠানবিলাকো বন্ধ কৰাৰ চক্ৰান্ত চলিছে। এইক্ষেত্ৰত বিভিন্ন সমাজকৰ্মী,ছাত্র সংগঠন, সামাজিক সংগঠন, ৰাজনৈতিক দল আদিৰ প্ৰতিক্ৰিয়া, প্ৰেছ মিট বা বিবৃতিক এই হিন্দুত্ববাদী ফেচিষ্ট বিজেপি চৰকাৰে গুৰুত্ব নিদিয়ে সেয়া ইতিমধ্যে অন্যান্য ক্ষেত্ৰত প্ৰমাণ হৈছে। যিহেতু দেশৰ সংবিধান আৰু ইয়াৰ মৰ্যদা ৰক্ষা কৰা প্ৰতিজন নাগৰিকৰ দায়িত্ব। যেতিয়ালৈকে সকলোৱে মিলি গণতান্ত্ৰিকভাৱে বুলডোজাৰ প্ৰতিৰোধী এক গণ আন্দোলন গঢ়ি তুলিব পৰা নাযাব তেতিয়ালৈকে চৰকাৰৰ এনে স্বেচ্ছাচাৰী কাৰ্য বন্ধ নহয়।সেয়েহে চৰকাৰৰ এনে অসাংবিধানিক, অমানৱীয় আৰু পক্ষপাতমূলক কামৰ পৰা মুক্তি পাবলৈ তথা সংখ্যালঘুসকলৰ মৌলিক সাংবিধানিক অধিকাৰ ৰক্ষা কৰিবলৈ ধৰ্ম নিৰপেক্ষ আৰু গণতন্ত্ৰত বিশ্বাসী সকলো দল -সংগঠনক ঐক্যবদ্ধ হৈ বুলডোজাৰ প্ৰতিৰোধী গণ আন্দোলন গঢ়ি তোলাৰ বাবে তেওঁ আহ্বান জনায়।

প্ৰেৰক---
ৰবিউল হুছেইন
সাধাৰণ সম্পাদক,
পি এফ আই, অসম

01/09/2022

মাদ্ৰাছাত প্ৰশাসনৰ বুলডজাৰ: আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ প্রক্রিয়া।

30/08/2022

Anis Ahmed National General Secretary.

29/08/2022

MK Faizey National President SDPI.

26/08/2022

অসম চৰকাৰে ৰাজহুৱা ৩৪ খন শিক্ষানুষ্ঠান বন্ধ কৰিবলৈ গৈ আছে। ইয়াৰ বিৰুদ্ধে কেম্পাচ ফ্রন্টৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি খুৰশেদ আলম চৌধুৰীৰ প্রতিক্রিয়া।

 #প্রেছ_বিবৃতিদিল্লী পুলিচে আদালতক বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টাক পপুলাৰ ফ্ৰণ্টৰ গৰিহণা২৪ আগষ্ট ২০২২,নতুন দিল্লীঃ পপুলাৰ...
25/08/2022

#প্রেছ_বিবৃতি

দিল্লী পুলিচে আদালতক বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টাক পপুলাৰ ফ্ৰণ্টৰ গৰিহণা

২৪ আগষ্ট ২০২২,নতুন দিল্লীঃ পপুলাৰ ফ্ৰন্ট অফ ইণ্ডিয়াৰ সাধাৰণ সম্পাদক আনিছ আহমেদে তেওঁৰ শেহতীয়া বিবৃতিত দিল্লী উচ্চ ন্যায়ালয়ত দিল্লী পুলিচে সংগঠনটোৰ বিষয়ে মিছা বিৱৰণ যুগুতাই দিয়া কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে।

আনিছ আহমেদে তেওঁৰ বিবৃতিত কয়, "JNU ৰ ছাত্ৰনেতা উমৰ খালিদৰ জামিন আবেদনৰ বিৰোধিতা কৰি দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা মন্তব্যত দিল্লী পুলিচে পপুলাৰ ফ্ৰণ্ট সম্পৰ্কে কেইবাটাও মিছা দাবী উত্থাপন কৰিছে। দিল্লী আৰক্ষীয়ে সদায় ভুৱা কাহিনী সৃষ্টি কৰি আদালতক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰি আহিছে। আনকি উত্তৰ-পূব দিল্লীৰ হিংসাক আৰক্ষীয়ে কেনেদৰে চম্ভালিছিল তাক লৈ আদালতসমূহে একাধিক গোচৰত সমালোচনাও কৰিছিল।"

তেওঁ আৰু কয় যে শ্বাহিন বাগৰ প্ৰতিবাদ আছিল ৰাইজৰ প্ৰতিবাদ, ই কোনো এটা নিৰ্দিষ্ট দল বা গোটৰ দ্বাৰা পৰিচালিত হোৱা নাছিল, বৰঞ্চ ইয়াৰ আৰম্ভণি, ইয়াৰ নেতৃত্ব আৰু ইয়াক ধৰি ৰখাৰ দায়িত্ব বিভিন্ন ধৰ্মীয় আৰু মতাদৰ্শৰ বিশ্বাসী লোকে মিলি গ্ৰহণ কৰিছিল।

আনিছ আহমেদে কয়, "পপুলাৰ ফ্ৰণ্ট নেতৃত্বই প্ৰতিবাদৰ সময়তে স্পষ্ট কৰি দিছিল যে সংগঠনটোৱে ইয়াৰ নেতৃত্ব দিয়া নাই, কিন্তু নাগৰিক অধিকাৰ সুৰক্ষাৰ প্ৰতি থকা দায়বদ্ধতাৰ অংশ হিচাপে, আমি NRC আৰু CAA ৰ দৰে জনবিৰোধী আইনৰ বিৰুদ্ধে শ্বাহিন বাগৰ জনগণৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ অধিকাৰৰ প্ৰতি সমৰ্থন জনাইছো। কিন্তু আৰক্ষীয়ে আৰম্ভণিৰে পৰা শ্বাহিন বাগৰ সেই ঐতিহাসিক গণতান্ত্ৰিক প্ৰতিবাদক অপৰাধমূলক কাৰ্য হিচাপে ৰং দিবলৈ অধীৰ হৈ আছিল। দিল্লী আৰক্ষীয়ে পপুলাৰ ফ্ৰণ্টক এটা দেশবিৰোধী সংগঠন হিচাপে চিত্ৰিত কৰি আৰু পিছলৈ কেৱল পপুলাৰ ফ্ৰণ্টৰ সৈতে সংযুক্ত কৰি যিকোনো গণতান্ত্ৰিক আন্দোলনক অবৈধ হিচাপে দেখুৱাই অপৰাধী সজাবৰ বাবে একেটা গুলীত দুটা চিকাৰৰ লক্ষ্য কৰি লৈছিল।"

তেওঁ আৰু কয় যে দিল্লী আৰক্ষীয়ে আনকি দিল্লী পপুলাৰ ফ্ৰণ্টৰ ৰাজ্যিক নেতাসকলক ২০২০ চনত মিছা গোচৰত জৰিত কৰি লক্ষ্য কৰি লোৱাৰ চেষ্টা কৰিছিল।

পৰিচালক,
প্ৰচাৰ ও জনসংযোগ
পপুলাৰ ফ্ৰণ্ট মুখ্য কাৰ্যালয়, নতুন দিল্লী

25/08/2022

পপুলাৰ ফ্রন্ট অফ ইণ্ডিয়া ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আনিচ আহমেদৰ ভাষন।

 #প্ৰেছ_বিবৃতি 'জেহাদ' শব্দক 'সন্ত্ৰাস'ৰ প্ৰতিশব্দ বা সমাৰ্থক হিচাপে ব্যৱহাৰ কৰা উচিত নহয়: পপুলাৰ ফ্ৰণ্ট ২৩ আগষ্ট ২০২২,গ...
24/08/2022

#প্ৰেছ_বিবৃতি

'জেহাদ' শব্দক 'সন্ত্ৰাস'ৰ প্ৰতিশব্দ বা সমাৰ্থক হিচাপে ব্যৱহাৰ কৰা উচিত নহয়: পপুলাৰ ফ্ৰণ্ট

২৩ আগষ্ট ২০২২,গুৱাহাটীঃ আজি গুৱাহাটীৰ হাতীগাও‍ঁ-ভেটাপাৰা ৰোডস্থিত পপুলাৰ ফ্ৰণ্টৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংগঠনটোৰ ৰাজ্যিক কাৰ্যবাহী পৰিষদৰ বৈঠকে 'জেহাদ' শব্দটোক 'সন্ত্ৰাস'ৰ প্ৰতিশব্দ বা সমাৰ্থক হিচাপে ব্যৱহাৰ কৰা উচিত নহয় বুলি কয়। কিয়নো, 'জেহাদ' এটি আৰবী শব্দ যাৰ আভিধানিক অৰ্থ সংগ্ৰাম , পৰিশ্ৰম, সাধনা, কষ্ট , চেষ্টা--ই কোনো এটা মহৎ উদ্দেশ্য সফল কৰাৰ বাবে সমগ্র শক্তিৰ প্ৰয়োগ কৰাকে বুজায়। সমাজৰ সকলো ধৰণৰ অন্যায় নিৰ্মূল কৰি সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যিকোনো প্ৰচেষ্টাই জিহাদ। বৰ্তমান এই শব্দটোৰ ভুল অৰ্থত ব্যাপক প্ৰয়োগৰ বাবে সমগ্ৰ বিশ্বত জেহাদ শব্দটো দেশ বিৰোধী বা সন্ত্ৰাস শব্দৰ সমাৰ্থক হৈ পৰিছে। সেয়েহে ৰাজ্যিক কাৰ্যবাহী বৈঠকে সংবাদ মাধ্যমৰ লগতে সকলো পক্ষকে সন্ত্ৰাসৰ সমাৰ্থক শব্দ হিচাপে জেহাদক ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়।

ৰাজ্যিক পৰিষদৰ এক প্ৰস্তাৱত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ৰাজ্যখনৰ মাদ্ৰাছা শিক্ষক বা মছজিদৰ ইমাম নিয়োগৰ ক্ষেত্ৰত বিশেষকৈ ৰাজ্যৰ বাহিৰৰ লোক হলে যি এপ পৰ্টৈলত পঞ্জীয়নৰ কথা কৈছে, সেয়া সময়োপযোগী এটা ভাল পদক্ষেপ, কিন্তু ইয়াক কেৱল মাদ্ৰাছা-মছজিদ লৈকেই সীমাবদ্ধ নাৰাখি অন্যান্য ধৰ্মীয় অনুষ্ঠান বা ধৰ্মগুৰুসকলকো সামৰি লোৱাৰ আহ্বান জনায়।

আন এক প্ৰস্তাৱত ৰাজ্যিক পৰিষদে অসমৰ সৰ্বস্তৰৰ জনগণ বিশেষকৈ মুছলমান সম্প্ৰদায়ক সন্দেহজনক বা ৰহস্যজনক কাম কাজৰ সৈতে জড়িত দল সংগঠন বা ব্যক্তি বিশেষৰ সৈতে সম্পৰ্ক নৰখা তথা তেনে ব্যক্তিক আশ্ৰয় নিদিবলৈ আহ্বান জনায়।

আন এক প্ৰস্তাৱত ৰাজ্যখনত এটাৰ পিছত এটাকৈ সন্ত্ৰাসী গ্ৰুপৰ গ্ৰেপ্তাৰ আৰু তেওঁলোকৰ সৈতে স্থানীয় লোকৰ সংযোগৰ প্ৰাপ্ত খবৰত উদ্বিগ্নতা প্ৰকাশ কৰে। স্থানীয় কোনো লোকে যাতে তেনে কোনো সন্ত্ৰাসী বা ৰহস্যজনক গোটৰ সৈতে জৰিত নহয় তাৰ বাবে পপুলাৰ ফ্ৰণ্টে বিশেষকৈ সংখ্যালঘু অঞ্চলত ইয়াৰ ভয়াৱহতা সম্পৰ্কে সজাগতা অনাৰ বাবে অহা সপ্তাহৰ পৰা এক প্ৰচাৰাভিযান আৰম্ভ কৰিব বুলি কয়।

প্ৰেৰক --
ৰবিউল হুছেইন
সাধাৰণ সম্পাদক,
পিএফ‌আই,অসম।

22/08/2022

অৰুণাচলত কাম কৰিবলৈ গৈ নিৰুদ্দেশ হোৱা ১৯ জন শ্রমিকৰ ১০ লাখকৈ টকা সাহায্য প্রধান কৰাৰ দাবী।

 #প্ৰেছ_বিবৃতি পপুলাৰ ফ্ৰণ্টে ভাৰত চৰকাৰক গণৰাজ্যৰ মূল মূল্যবোধলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে ২০ আগষ্ট ২০২২, নতুন দিল্লীঃ ...
21/08/2022

#প্ৰেছ_বিবৃতি

পপুলাৰ ফ্ৰণ্টে ভাৰত চৰকাৰক গণৰাজ্যৰ মূল মূল্যবোধলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে

২০ আগষ্ট ২০২২, নতুন দিল্লীঃ কেৰেলাৰ মালাপপুৰমৰ মালাবাৰ হাউছত অনুষ্ঠিত হোৱা পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ ৰাষ্ট্রীয় কাৰ্যবাহী পৰিষদ(NEC)ৰ বৈঠকে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক ভাৰতীয় সংবিধানত সন্নিৱিষ্ট ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক মূল্যবোধলৈ ঘূৰি আহিবলৈ দাবী জনায়। ২০১৬ চনৰ পৰা বিজেপি চৰকাৰৰ অধীনত ভাৰতক ধৰ্মনিৰপেক্ষতা আৰু সৰ্বাংগীনতাৰ সাংবিধানিক নীতিৰ পৰা আতৰাই ৰখা হৈছে, একে সময়তে আমাৰ জাতীয় আন্দোলনৰ ওপৰত বিচ্ছিন্ন হিন্দুত্ববাদী এজেণ্ডা কাৰ্যকৰী কৰাৰ প্ৰয়াস চলাইছে।

এন ই চিৰ বৈঠকত গৃহীত এক প্ৰস্তাৱত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰদান কৰা স্বাধীনতা দিৱসৰ ভাষণ দেশৰ জনসাধাৰণৰ চাৰিওফালে থকা বাস্তৱতাৰ পৰা বহু দূৰৈত আছিল। এন ই চিয়ে কয়, "৭৬ সংখ্যক স্বাধীনতা দিৱসৰ দিনা প্ৰধানমন্ত্ৰীয়ে দেশৰ জনগণক সম্বোধন কৰি দিয়া ভাষণ অতি হতাশাজনক, য'ত জনসাধাৰণৰ বাবে কোনো গুৰুত্বপূৰ্ণ কথা নাছিল। সম্প্ৰতি মূল্য বৃদ্ধি, দৰিদ্ৰতা, নিবনুৱা আৰু বৰ্ধিত সাম্প্ৰদায়িক ঘৃণাই বেছিভাগ নাগৰিকৰ জীৱন কঠোৰ কৰি তুলিছে। বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ চৰকাৰৰ মুৰব্বী হিচাপে প্ৰধানমন্ত্ৰীয়ে মানুহৰ জীৱন প্ৰণালী উন্নত কৰা আৰু দেশৰ পৰিস্থিতি সলনি কৰাৰ বাবে লোৱা পদক্ষেপৰ বক্তব্য হোৱাৰ কথা, কেৱল
উচ্চস্বৰে অলংকৃত শব্দৰ সৈতে ফোঁপোলা বক্তব্য দিয়াৰ কথা নহয়।” প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে যে ২০৪৭ চনৰ ভিতৰত ভাৰতক আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ আমাৰ দৃষ্টিভংগী, বিকাশ আৰু বিকাশৰ ক্ষেত্ৰত বিশ্বক নেতৃত্ব দিয়া, যেতিয়ালৈকে সমাজ সহনশীল নহয় আৰু চৰকাৰে সৰ্বাংগীনতাৰ অনুসৰণ নকৰে তেতিয়ালৈকে প্ৰাপ্ত কৰিব নোৱাৰি।

আন এটা প্ৰস্তাৱত পপুলাৰ ফ্ৰণ্টৰ এন ই চিয়ে বৰ্তমানৰ সাংবিধানিক গণৰাজ্যৰ বিৰোধী হিন্দু ৰাষ্ট্ৰৰ বাবে সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ কথা মুকলিকৈ ঘোষণা কৰা হিন্দুত্ববাদী নেতা আৰু দৰ্শকৰ ওপৰত চৰকাৰৰ মৌনতা আৰু নিষ্ক্ৰিয়তাক লৈ প্ৰশ্ন উত্থাপন কৰে।

প্ৰস্তাৱটোত কোৱা হৈছে যে, "এয়া ভাৰতীয় সংবিধান আৰু ইয়াৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ প্ৰতি মুকলি ভাবুকি, যাক উপযুক্ত আইনী ব্যৱস্থাৰে মোকাবিলা কৰা উচিত আছিল। দুৰ্ভাগ্যজনকভাৱে ইয়াৰ আঁৰৰ লোকসকলে কোনো আইনী ব্যৱস্থা বা কোনো সংবাদ মাধ্যমৰ পৰ্যালোচনাৰ সন্মুখীন হোৱা নাই। কিন্তু একাংশ সংবাদ মাধ্যমে যোৱা কেইসপ্তাহমানৰ পৰা সাম্প্ৰদায়িক বিভাজনৰ সৃষ্টি কৰি মুছলমান সংগঠনসমূহক তথাকথিত ইছলামিক ৰাষ্ট্ৰ গঠনৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলি দানৱী ৰূপ দিবলৈ চেষ্টা কৰিছে। তদন্তকাৰী সংস্থাসমূহে এতিয়াও বিভিন্ন ৰাজ্যত একে ভুৱা আৰু হাস্যকৰ অভিযোগ আনি বহু মুছলমান যুৱকক বিচাৰি ফুৰিছে।"

আন এক প্ৰস্তাৱত পপুলাৰ ফ্ৰণ্টৰ এন ই চিয়ে সংগঠনটোৰ ‘Save the Republic’ নামৰ ছমাহজোৰা অভিযানৰ সফলতাৰ বাবে সমগ্ৰ ভাৰতৰ জনসাধাৰণক প্ৰশংসা কৰে।

পপুলাৰ ফ্ৰণ্টৰ এন ই চিয়ে কয়,"পপুলাৰ ফ্ৰণ্টৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া এই অভিযানৰ লক্ষ্য আছিল দেশৰ সংবিধানক ভেঙুচালি কৰাৰ বাবে চলি থকা প্ৰচেষ্টাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা। ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক মূল্যবোধৰ শত্ৰুসকলে দেশখনক স্বৈৰাচাৰীতাবাদ আৰু ধৰ্মান্ধতাৰ দিশত আগুৱাই নিব বিচাৰে। ৰাজহুৱা সমাৱেশ, গেট-টুগেদাৰ, কৰ্ণাৰ মিটিং আদি কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৰ স্বেচ্ছাসেৱক আৰু সদস্যসকলে বিভিন্ন ৰাজ্যৰ জনসাধাৰণৰ কাষ চাপে। লাখ লাখ লোকৰ কাষ চপাত আৰু গণতান্ত্ৰিক সংগ্ৰামত তেওঁলোকক দৃঢ় কৰি ৰখাত এই অভিযান সফল হৈছে ।”

সঞ্চালক,
মেডিয়া আৰু জনসংযোগ,
পপুলাৰ ফ্ৰণ্ট মুখ্য কাৰ্যালয়,
নতুন দিল্লী।

20/08/2022

গোৱৰ্দ্ধনা বিদ্যুৎ কাৰ্য্যালয়ত উত্তপ্ত পৰিস্থিতি৷ ৰাইজৰ উত্তাল প্ৰতিবাদ৷

20/08/2022

হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰি মুছলমান যুৱকৰ লগত বিবাহ।
এয়া কোনো লাভ জেহাদ নহয়!

18/08/2022

সকলোৱে বাইক আৰু চাইকেল চলোৱাতে সাৱধান অবলম্বন কৰক।

17/08/2022

ক্যাম্পাচ ফ্ৰণ্টৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি খুৰশেদ আলম চৌধুৰীয়ে শেহতীয়াকৈ অসম চৰকাৰে চৰকাৰী আদৰ্শ বিদ্যালয়ত মাহিলী মাছুল লোৱাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে।

Address


Website

Alerts

Be the first to know and let us send you an email when Right To Speak Guwahati posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share