02/01/2025
শ্ৰদ্ধাৰ,
অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মহোদয়। জয়জয়তে আপোনালৈ অসম আৰক্ষীৰ ২০১৫ বৰ্ষৰ ১১০ নং প্ৰশিক্ষাৰ্থী গোটৰ তৰফৰ পৰা ২০২৫ খৃষ্টীয় নৱবৰ্ষৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ।মহোদয়, সন্মানসহকাৰে আপোনাক জনাওঁ যে বিভাগীয় পদোন্নতিৰ নিয়ম অনুসৰি আমি ১১০নং প্ৰশিক্ষাৰ্থী গোটে কৰ্ম জীৱনৰ ৮ টি বছৰ সম্পূৰ্ণ কৰি কনিষ্টবলৰ পৰা লেন্স নায়কলৈ পদোন্নতি লাভ কৰিবলৈ সক্ষম হওঁ।কিন্তু আপোনাক আমি অতি দুখেৰে জনাওঁ যে কিছুসংখ্যক বেটেলিয়নে পদোন্নতি অনুসৰি দৰমহা দিয়াৰ বিপৰীতে ভালেসংখ্যক বেটেলিয়নত পদোন্নতিৰ এবছৰ পাৰ হৈ যোৱাৰ পাছতো আজিকোপতি পদোন্নতিৰ দৰমহা বৃদ্ধি কৰা হোৱা নাই।গতিকে পদোন্নতি অনুসৰি একাংশৰ দৰমহা বৃদ্ধি আৰু একাংশই পূৰ্বৰ নিৰিখতে দৰমহা লাভ কৰাত আমি নোপোৱাসকলে বৃহৎ লোকচানৰ সন্মুখীন হোৱা যেন অনুভৱ কৰিছোঁ।সেয়ে, দয়া কৰি মহোদয়ে এই বিষয়টিৰ ওপৰত সু-বিৱেচনাৰে বঞ্চিতসকলৰ দৰমহা বৃদ্ধিৰ ব্যৱস্থা কৰি দিলে আমি কৃতাৰ্থ হ'ম।এয়ে মহোদয়ৰ ওচৰত আমাৰ ২০১৫ বৰ্ষৰ ১১০ নং প্ৰশিক্ষাৰ্থী গোটৰ তৰফৰ পৰা সৰল প্ৰাৰ্থনা।