Manjit Gogoi

Manjit Gogoi Life is to be accept the challenges.

বিদেশৰ পৰা বিপ্লৱ জানো সম্ভৱ– এক বিশ্লেষণ আলফা [স্বাধীন]য়ে আজিও অসমত কিয় বিপ্লৱ কৰিব লগা হৈছে সেয়া ন-কৈ দোহৰোৱাৰ নিষ্প্ৰ...
05/08/2023

বিদেশৰ পৰা বিপ্লৱ জানো সম্ভৱ– এক বিশ্লেষণ

আলফা [স্বাধীন]য়ে আজিও অসমত কিয় বিপ্লৱ কৰিব লগা হৈছে সেয়া ন-কৈ দোহৰোৱাৰ নিষ্প্ৰয়োজন৷ ১৯৭৯ চনৰ পৰা বহু উত্থান-পতনৰ মাজেৰে জাতীয় মুক্তি বিপ্লৱখন আগুৱাইছে সেয়া আমি সকলোৱে দেখিছো, শুনিছোঁ৷ বহু সময়ত আলফা নেতৃত্বই ভুল পন্থা অৱলম্বনো কৰিছিল সেয়া আমি সাধাৰণ ৰাইজেই নহয় স্বয়ং আলফা [স্বাধীন]ৰ সেনাপ্ৰধান পৰেশ অসম ডাঙৰীয়াই নিজেও স্বীকাৰ কৰিছে৷ আলফাৰ ভুল সিদ্ধান্ত আৰু কৰ্মপন্থাক বহু সময়ত প্ৰয়াত জাতীয় 'অমৰ মৃতক' পৰাগ কুমাৰ দাসদেৱৰ দৰে বিজ্ঞ ব্যক্তিয়ে ক্ষুৰধাৰ সমালোচনাৰে থকা-সৰকা কৰাও আমি বহুতেই শুনিছোঁ, দেখিছোঁ৷ পৰাগ কুমাৰ দাসদেৱে আজিৰ একাংশ বুদ্ধিজীৱী আৰু ফেচবুক ব্যৱহাৰকাৰী সকলৰ দৰে সমালোচনা কৰিব লাগে বাবেই সমালোচনা কৰা নাছিল৷ তেখেতে আলফা নেতৃত্বৰ ভুলবোৰৰ শুধৰণিৰ পথো দেখুৱাই দিছিল৷ আমাৰ লেখাটোৰে আমি আলফাক ধোৱা তুলসীৰ পাত সজাবলৈ যোৱা নাই৷ বিগত সময়ত এৰি অহা সত্যক অৱলোকনহে কৰিব বিচাৰিছোঁ৷

আজিৰ বুদ্ধিজীৱী আৰু ফেচবুক ব্যৱহাৰকাৰী পণ্ডিত সকলে আলফা [স্বাধীন] সংগঠন আৰু সন্মানীয় পৰেশ অসম মহাশয়ক সমালোচনা কৰিবলৈ গৈ নিজৰ নিকৃষ্ট মানসিকতাৰ পৰিচয় দাঙি ধৰাৰ উদাহৰণ অলেখ৷ কোনোবাই প্ৰশ্ন কৰে “বিদেশত বহি থাকি বিপ্লৱ জানো সম্ভৱ হ'ব পাৰে?” যোৱা ৪৪ বছৰে কিবা পৰিবৰ্তন দেখিলে নেকি? মানুহৰ হৃদয়ত স্থান ল'ব নোৱাৰিলে ইত্যাদি ইত্যাদি৷

আন এচামে আকৌ স্বাধীন অসমৰ ধাৰণাটোক অযুক্তিক, অলীক আৰু অবাস্তৱ বুলি ক'ব বিচাৰে৷ তেখেত সকলৰ স’তে বিতৰ্ক নকৰি মাথোঁ প্ৰত্যাহ্বান জনাই কওঁ- সঁচায়ে যদি স্বাধীন অসমৰ ধাৰণা অযুক্তিকৰ, অলীক স্বপ্ন আৰু অবাস্তৱ তেন্তে ঔপনিৱেশিক ভাৰতীয়ৰ জয়গান গোৱাসকলে দিল্লীক বাধ্য কৰোৱাওক সাৰ্বভৌমত্ব আৰু স্বাধীন অসমৰ সন্দৰ্ভত আনুষ্ঠানিক বিতৰ্কত ভাগ লৈ আলফা [স্বাধীন]য়ে আৰ্জি দিয়া স্বাধীন অসমৰ ধাৰণা অযুক্তিকৰ হিচাপে খণ্ডন কৰিবলৈ৷ বিপ্লৱৰ দুখনমান কিতাপ পঢ়ি কোনোবাই কোৱা কথাবোৰত যুক্তিতৰ্ক কৰাত আমি নাই৷ যুক্তিতৰ্ক কাৰ স’তে কৰিম, কেনেকৈ কৰিম সেয়া প্ৰতিপক্ষৰ চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰিব৷

বহুতেই আমাক প্ৰশ্ন কৰে, “বিদেশত বহি থাকি বিপ্লৱ জানো সম্ভৱ হ'ব পাৰে? যোৱা ৪৪ বছৰে কিবা পৰিবৰ্তন দেখিলে নেকি? মানুহৰ হৃদয়ত স্থান ল'ব নোৱাৰিলে৷”
হয়, আপোনালোকে ঠিকেই কৈছে, বিদেশত থাকি বিপ্লৱৰ সফল সমাপ্তি কেতিয়াও নহয়৷ কিন্তু আপোনালোকে যাক উদ্দেশ্যি কথাষাৰ কৈছে তেখেতেই হওক বা আন আন সদস্য সকলেই হওক, বিদেশত থাকিব লগা হৈছে কিয়? আপোনালোকে হয়তো যোৱা ১ জুলাই ২০২২ চনৰ কাকপথাৰৰ ঘটনাটোৰ কথা দুদিনতে পাহৰিলে৷ ৬জন আলফা সদস্যই কিবা কাৰণত তললৈ নামি আহি সহোদৰ জ্ঞান কৰা ককাইয়েকৰ ঘৰত দিনটোৰ বাবে আশ্ৰয় বিচাৰিলে৷ কিন্তু পৰিণাম কি পালে? অকাল মৃত্যু! সমুখ সমৰৰ কথা বাদেই দিলো, সাধাৰণভাৱে থকা ল’ৰাকেইজনকো ষড়যন্ত্ৰ কৰি মৃত্যু মুখলৈ ঠেলি দিলে৷ ভৰুণ পথাৰত বোকাৰে লুতুৰি-পুতুৰি হৈ পৰি থাকিল এজন সহোদৰৰ নিথৰ দেহ! আপোনালোকৰ মতে স্বদেশত থাকি বিপ্লৱ কৰিবলৈ গ’লে প্ৰতিদিনেই তেওঁলোকে এইদৰে একো একোজন সহোদৰক নিশ্চিতৰূপে হেৰুৱাব লাগিব৷ যিসকলক ইতিমধ্যে আমি হেৰুৱালোঁ, সেই মহান ত্যাগী সকলৰ বাবে আমি কেইদিন চকুলো টুকিলো? কেতিয়াবা নিজকে সুধি চাইছোঁনে তেওঁলোকক কিয় হেৰুৱালোঁ? আনহাতে, যোৱা ৪৪টা বছৰে কি কৰিলে? মানুহৰ হৃদয়ত স্থান ল'ব নোৱাৰিলে বুলি ক'ব বিচৰা সকলক কওঁ, দিন-মাহ-বছৰ হিচাপ কৰি ৪৪টা বছৰ বুলি সহজেই লিখি দিব পাৰি৷ সকলোৱে পাৰে৷ কিন্তু এই ৪৪টা বছৰত ক’ত কিমান কি কি ঘটনা-দুৰ্ঘটনা ঘটিল, কি কি বিপৰ্যয়ৰ সন্মুখীন হ’ল এই বিষয়ে কেতিয়াবা আমি বাৰু আলোচনা কৰিছোঁনে? কেতিয়াবা তেখেতসকলৰ খবৰ ৰাখিছোঁনে? যোৱা ৪৪টা বছৰে থলগিৰি ৰাইজৰ আজন্ম অধিকাৰৰ বাবে আমি কি কৰিলোঁ, সেই প্ৰশ্ন আমি নিজকে কেতিয়া কৰিম? যদিহে এইসমূহ প্ৰশ্ন নিজক কৰাৰ সাহস নাই তেন্তে ওপৰত উল্লিখিত প্ৰশ্ন কৰাৰো আপোনালোকৰ নৈতিক অধিকাৰ নাই নিশ্চয়৷

স্মৰ্ত্বব্য যে, আলফাৰ জন্ম যদিওবা ১৯৭৯ চনৰ ৭এপ্ৰিল, কিন্তু ই ৰাইজৰ মাজলৈ আহিছিল ১৯৮৩ ৰ মাজ ভাগতহে৷ কিয় কেনেকৈ আহিল সেয়া অসম আন্দোলনত ভাগ লোৱা সকলে ভালদৰে জানিব৷ ১৯৮৫ চনলৈ আলফাই এফালে নিজৰ ভেটিত সাৰ-পানী যোগান ধৰা আৰু আনফালে অসম আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিওঁতেই পাৰ হ’ল৷ সাংগঠনিক ভেটি নিৰ্মাণ, প্ৰশিক্ষণ শিবিৰ আদি নিৰ্মাণত ৫টা বছৰ গ’ল৷ এই পাঁচ বছৰত আপুনি মই ভাবিব নোৱাৰাকৈ আলফাই সমাজত এনে কিছুমান কাম কৰিছিল যিসমূহ বিগত চৰকাৰ কেইখনে কৰিব পৰা নাই৷ আলফাৰ জনপ্ৰিয়তাই কংগ্ৰেছৰ বাবে বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল৷ যাৰ পৰিপ্ৰেক্ষিতত প্ৰয়াত হিতেশ্বৰ শইকীয়াই আলফাত বিভাজন সৃষ্টি কৰিবলৈ উঠি-পৰি লাগিছিল৷ আলফাৰ একাংশ কেন্দ্ৰীয় নেতৃত্ব আৰু মাণ্ডলিক তথা জিলা পৰ্য্যায়ৰ অদূৰদৰ্শী নেতৃত্বৰ গুণহীনতাৰ সুযোগ লৈ এখিনি প্ৰতিবিপ্লবী আলফামুখী হ’ল৷ তেতিয়া আমি ক’ত আছিলোঁ? কিয় আমি তাৰ বিৰোধ নকৰিলোঁ? যি প্ৰতিবিপ্লৱীয়ে পৰৱৰ্তী সময়ত আলফাক জনমানসত হেয় কৰোৱাবলৈ সক্ষম হৈছিল৷ যাক য’ত পাই তাতে শাৰীৰিক, মানসিক নিৰ্যাতন চলাইছিল তেতিয়া আমি কি কৰিছিলোঁ? কিয় মাত মতা নাছিলোঁ সেইসকল প্ৰতিবিপ্লৱীৰ বিৰুদ্ধে? আপুনি, মই তথা আমি মৌনতা অবলম্বন কৰাৰ বাবে সেই প্ৰতিবিপ্লৱী সকলে সকলো সীমা চেৰাই গৈছিল যাৰ বাবে ১৯৯০ চনৰ শেষত অৰ্থাৎ ২৮নৱেম্বৰত আলফাক দিল্লীয়ে নিষিদ্ধ কৰিবলৈ বাধ্য হ’ল৷ তেতিয়া আমি কিয় মৌন আছিলোঁ? আশা ৰাখিছোঁ আপোনালোকৰ পৰা উত্তৰ পাম৷

১/ ১৯৯০ চনৰ ২৮নৱেম্বৰ– “অপাৰেচন বজৰং” তাৰ পিছত ক্ৰমান্বয়ে–
২/ ১৯৯১ চনৰ ৯ মাৰ্চ– “অপাৰেচন শ্বেৰ-ই-ডিল”
৩/ ১৯৯১ চনৰ ১৩ চেপ্তেম্বৰ–“অপাৰেচন ৰাইনো”
৪/ ১৯৯২ চনৰ মাজভাগত– “অপাৰেচন কোব্ৰা”
৫/ ১৯৯৫ চনৰ মে’ মাহত–“অপাৰেচন গ’ল্ডেন বাৰ্ড”
৬/ ১৯৯৭ চনৰ ২০জানুৱাৰীৰৰ পৰা “ইউনিফাইড কামাণ্ড ষ্ট্ৰাকচাৰ"ৰ অধীনত চলোৱা অভিযান সমূহ
৭/ ২০০৩ চনৰ ১৫ডিচেম্বৰত ভূটানত “অপাৰেচন অল ক্লিয়াৰ”
৮/ ২০০৬ চনত “অপাৰেচন ক্লাউড নাইন”
৯/ ২০০৭ চনত “অপাৰেচন ব্লেজিং খুকুৰি”
১০/ ২০০৭ চনতেই “অপাৰেচন অৰ্কিড” ইত্যাদি সামৰিক অভিযানবোৰে আলফাক একেবাৰেই নিশকতীয়া কৰি পেলাইছিল৷ সেই বিপৰ্যয়ৰ সময়ত তেওঁলোকে নিজকে সুৰক্ষা কৰিব নে জনসাধাৰণৰ সৈতে সম্পৰ্ক ৰাখিব? কেইজন সাধাৰণ জনগণে ঔপনিৱেশিক ৰাষ্ট্ৰৰ এনে জঘন্যতম সিদ্ধান্তৰ বিৰুদ্ধে মুকলিকৈ মাত মাতিলোঁ?
১৯৯০ চনৰ পৰা ২০১১ চনলৈ মুঠ ২১বছৰ আলফাৰ বাবে আটাইতকৈ বেয়া সময়৷ আপোনালোকে জানেনে, ২৮বেটেলিয়নে আত্মসমৰ্পন কৰা পিছে পিছে সভাপতি ৰাজখোৱা ডাঙৰীয়াসকলে আত্মসমৰ্পন কৰি ওলাই অহা পিছত বিভিন্ন ঠাইত আলফাৰ কিমান সদস্য আছিল? সম্ভৱতঃ নাজানে৷ জনা হ’লে আপোনালোকে ওপৰৰ প্ৰশ্ন কেইটা নকৰিলে হয়৷ সভাপতি ৰাজখোৱা ডাঙৰীয়া ওলাই অহাৰ পিছত আলফা বুলিবলৈ ৭টা বন্দুকেৰে মাত্ৰ দুকুৰিমান সদস্যহে আছিলগৈ৷ এতিয়া আপুনি কওক, দুই তিনিশ গুলী, ৭টা বন্দুক আৰু দুকুৰি মানুহে কিদৰে আপুনি বিচৰা মতে এখন উন্নত সমাজৰ উপহাৰ দিব? সেনাপ্ৰধানৰ বাহিৰে সকলো কেন্দ্ৰীয় নেতৃত্ব ওলাই আহিলত আমিয়ে জানো ঢোলে-ডগৰে আদৰি আনি ডিঙিত এহাত দীঘল ফুলৰ গামোচা পিন্ধোৱা নাছিলোঁ? তেতিয়া আমি কিয় প্ৰশ্ন নকৰিলো তেওঁলোকক? তেওঁলোকে নিথৰুৱা কৰি এৰি যোৱা পৰেশ অসমদেৱৰ লগতে বাকী থকা বিষয়া-সদস্যসকলৰ বিষয়ে কিয় নাভাবিলোঁ এবাৰো?
পৃথিৱীৰ আটাইতকৈ সহজ কামটোৱেই হৈছে আনক সমালোচনা কৰা৷ কিন্তু যেতিয়া আপুনি সমালোচনা কৰা ব্যক্তিজনৰ ঠাইত নিজক ৰাখি বিচাৰ কৰিব তেতিয়া বুজিব যে তেনে সমালোচনা অনৰ্থক৷

এই আপাহতে সেই সকলক আমি সোঁৱৰাই দিব বিচাৰোঁ যে, আপোনালোকে আজি নিজকে মহান ভাৰতীয় বুলি পৰিচয় দি যি প্ৰশান্তি লাভ কৰিছে, সেই তথাকথিত ভাৰতৰ স্বাধীনতা[প্ৰকৃততে ক্ষমতা হস্তান্তৰহে]ও বিনা ৰক্তপাতে হোৱা নাছিল৷ সহস্ৰজনৰ আত্মত্যাগ আৰু পৰিশ্ৰমৰ ফলতহে বৃটিছে ক্ষমতা হস্তান্তৰ কৰিছিল৷
আনহাতে, তথাকথিত ভাৰতৰ স্বাধীনতাতো সশস্ত্ৰ সংগ্ৰামৰ ভূমিকা উল্লেখনীয়৷ পাহৰি যোৱা উচিত নহয় যে, তথাকথিত ভাৰতৰ স্বাধীনতাৰ সশস্ত্ৰ সংগ্ৰামৰ বীজ অঙ্কুৰিত হৈছিল বিদেশ[জাৰ্মানী]ৰ ভূমিতহে আৰু সেই সংগ্ৰাম পৰিচালনাও হৈছিল বিদেশ[চিঙ্গাপুৰ, ম্যানমাৰ, জাপান]ৰ ভূমিৰ পৰাই৷ যি সংগ্ৰামৰ পক্ষত এদিন ভূ-ৰাজনীতিয়ে সৌভাগ্য হৈ থিয় দিছিল৷ আৰম্ভ হৈছিল দ্বিতীয় বিশ্ব-যুদ্ধৰ৷ যাৰ ফলশ্ৰুতিত বিশ্বৰ বিভিন্ন প্ৰান্তত ঔপনিৱেশিক ঘাটি পাতি শাসন কৰা গ্ৰেট-ব্ৰিটেইনে বাধ্য হৈছিল সেই অঞ্চল সমূহৰ পৰা ঔপনিৱেশিক কৰ্তৃত্ব প্ৰত্যাহাৰ কৰিবলৈ৷ তেনে এক সুবাদতেই আজি তথাকথিত ভাৰতৰ কংগ্ৰেছ নেতৃত্বই শাসনৰ ভাৰ হাতত তুলি ল'বলৈ সুবিধা পাইছিল৷

অসমৰ বেলিকাও তেনে সুযোগ পাইছিল যদিও, সেই সময়ৰ ৰাজনৈতিক নেতৃত্বৰ উচ্চাকাংক্ষা আৰু স্বাৰ্থপৰায়ণ মানসিকতাৰ বাবে সেই সুযোগ হাততে পাই বাটতে হেৰুৱালে; যদিও তেনে সুযোগৰ পথ ৰুদ্ধ হৈ যোৱা নাই সেই সুযোগ পুনৰ আহিব, আৰু সেই সময়ত সুযোগ সদ্ব্যৱহাৰ কৰিবলৈ হ’লে অসমৰ হেৰুৱা স্বাধীনতা পুনঃপ্ৰতিষ্ঠাৰ বাবে চলাই থকা সংগ্ৰামখনৰ নেতৃত্বই নিজকে সুৰক্ষিত কৰি ৰাখিবই লাগিব৷ স্বদেশৰ ভূমিত ই কিমান সুৰক্ষিত সেয়া ওপৰত উল্লেখ কৰা হৈছে৷ গতিকে সময় আৰু সুযোগৰ সদ্ব্যৱহাৰৰ বাবে মুক্তি সেনানী সকলে পৰিস্থিতি সাপেক্ষে স্বদেশ আৰু বিদেশৰ পৰা কৌশলী স্থিতিৰে স্বাধীনতা বিপ্লৱৰ নেতৃত্ব প্ৰদান কৰাটো কেতিয়াও অহেতুক সমালোচনাৰ বিষয় হ’ব নোৱাৰে৷

-মনজিৎ গগৈ

25/07/2023

যোৱা ৪৫ বছৰে ভাৰতীয় বিশাল সেনা শক্তি, ৰাজনৈতিক শক্তি আৰু কূটনৈতিক শক্তিয়ে যি আলফাক শেষ কৰিব পৰা নাই সেই আলফাক বাদুলী সদৃশ ডিম্বেশ্বৰ গগৈৰ অল্পজ্ঞানী ভক্তই কি ক্ষতি কৰিব। গতিকে ইহঁতবোৰৰ স'তে মুখ-চুপতি মাৰি সময় অপৱ্যয় নকৰাই শ্ৰেয়।
ডিম্বেশ্বৰ গগৈৰ সন্দৰ্ভত বিতৰ্ক যদি কোনোবাই বিচাৰে তেন্তে প্ৰয়াত গগৈদেউ বুৰঞ্জী জানি বুজি আহিব। ভাগ লম তেনে বিতৰ্কত।

Address


Website

Alerts

Be the first to know and let us send you an email when Manjit Gogoi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share