06/11/2021
অসমীয়া টিংকল্ ৰ পুনঃ মুদ্ৰন আৰু ইয়াৰ অনলাইন অগ্ৰিম বুকিং (Pre-booking) সম্পৰ্কীয় কিছুমান প্ৰশ্ন/আসোঁৱাহ আৰু তাৰ উত্তৰ :
১) ক'ত অগ্ৰিম বুকিং (Pre-booking) কৰিম?❓
উত্তৰ : ইয়াত - - > www.nostalgicassam.com
২) কেনেকৈ অৰ্ডাৰ কৰিম বুজা নাই, জনাব।
উত্তৰ : তলত দিয়া ভিডিঅ' দুটাত তাৰ সবিশেষ বৰ্ণনা কৰা হৈছে -
নং ১: ৱেবছাইট, বুকিং, ৰিফাণ্ড সম্পৰ্কীয় তথ্য আৰু সাধাৰণ বিবৰণী
https://www.facebook.com/100009466866840/videos/934716704141418/
নং২: কেনেকৈ বুকিং কৰিব তাৰ step by step বৰ্ণনা আৰু লগতে কি কি নকৰিব তাৰ সতৰ্কবাণী : https://www.facebook.com/100009466866840/videos/972216930030171/
৩) মই অসমৰ বাহিৰত থাকোঁ, কি কৰিম? ❓
বা
মোক বেছি পৰিমানে/ একাধিক টোপোলা লাগিছিল, কি কৰোঁ?❓
উত্তৰ : www.nostalgicassam.com ৰ হ'মপেজলৈ গৈ scroll down কৰক । দেখিব Are you residing outside Assam? OR Are you in need of multiple sets?
সেই ফৰ্মখন ফিলআপ কৰক। ৭ দিনৰ ভিতৰত আপুনি [email protected]ৰ পৰা এখন ইমেইল পাব। তাত পেমেন্ট কিদৰে, ক'ত, আৰু কিমান ধনৰাশি জমা দিব লাগিব তাৰ সম্পৰ্কে সবিশেষ জনোৱা হ'ব। তেতিয়া তাত ধন জমা কৰিব পাৰিব।
😧😱☠️🚫🚫সতৰ্কবাণী🚫🚫⚠️: [email protected] এই ইমেইলক বাদ দি আন ইমেইল/ফোন নম্বৰৰ পৰা যোৱা তথ্যত ভৰষা নকৰিব আৰু তেওঁলোকক কোনো তথ্যৰ যোগান নধৰিব।
কোনোবাই যদি আপোনাক [email protected]ৰ পৰা যোৱা মেচেজ ফৰৱাৰ্ড কৰে তেনে ইমেইলৰো উত্তৰ নিদিব আৰু তাৰ ভিত্তিত ধনৰাশি জমা নকৰিব। [email protected] ৰ পৰা পোনে পোনে আপোনালৈ যোৱা ইমেইলকহে প্ৰশ্ৰয় দিয়ক।
Nostalgic Assam য়ে কেতিয়াও আপোনাৰ কাৰ্ড ডিটেইল, বেংক ডিটেইল, OTP, CVV ইত্যাদি নিবিচাৰে। সাম্ভাব্য ঠগ আৰু জালিয়াতিৰ পৰা নিজকে বচাই ৰাখক। 🚫🚫🚫
৪) অৰ্ডাৰ কৰিলোঁ। এতিয়া টিংকল্ কেতিয়া পাম?❓
উত্তৰ : ৱেবছাইটত সবিশেষ জনোৱা হৈছে। তলৰ লিংকত গৈ চাব পাৰিব -
https://www.nostalgicassam.com/pricing
৫) গোটৰ বাহিৰৰ লোকে অৰ্ডাৰ কৰিব পাৰেনে? ❓
উত্তৰ: নিশ্চয়। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো লোকেই অৰ্ডাৰ কৰিব পাৰে। (আনেহে নালাগে আমাৰ তেলেগু বন্ধু এজনেও এটা টোপোলা অৰ্ডাৰ কৰিছে।)
৬) আগতে প্ৰী-ৰেজিষ্ট্ৰেছন (অগ্ৰিম পঞ্জীয়ন) কৰিছিলোঁ, আকৌ অগ্ৰিম বুকিং কৰিব লাগিব নেকি?❓
উত্তৰ: হয়। প্ৰী ৰেজিষ্ট্ৰেছন ৫০০০ গ্ৰাহক হ'বগৈ নে নাই তাৰ সমীক্ষা এটা পাবলৈ কৰা হৈছিল। প্ৰীৰেজিষ্ট্ৰেছনত আপোনালোকৰ পৰা পোৱা অভূতপূৰ্ব সহযোগিতাৰ ফলস্বৰূপে এই প্ৰী বুকিং খুলিব পৰা গৈছে। এতিয়া প্ৰী বুকিঙত পেমেন্ট কৰি আপুনি নিজৰ টোপোলাটো ক্ৰয় কৰিব পাৰিব।
৭) মই প্ৰী ৰেজিষ্ট্ৰেছন কৰা নাই, প্ৰী বুকিং কৰিব পাৰিম নে?❓
উত্তৰ: নিঃসন্দেহে পাৰিব।
৮) মোৰ পেমেন্ট failed হৈছে কিন্তু বেংকৰ পৰা টকা কৰ্তন হ'ল। কি কৰোঁ?❓
উত্তৰ : বেংকে আপোনাৰ টকা refund কৰিব। ৭/১০ দিন ৰৈ দি চাওকচোন।
৯) এটা টোপোলাত কেইখন টিংকল্ থাকিব? প্ৰতিটো টোপালত ভিন ভিন টিংকল্ থাকিব নেকি বাৰু?❓
উত্তৰ: এটা টোপোলাত চাৰিখন ভিন ভিন টিংকল্ থাকিব। আটাইবোৰ টোপোলা এটা আনটোৰ সতে হুবহু একে হ'ব।
উদাহৰণস্বৰূপে, এটা টোপোলাত যদি ক, খ, গ, ঘ নামে চাৰিটা সংখ্যা থাকে আন সকলোঁ টোপোলাতেই ক,খ, গ, ঘ টিংকল্ কেইখনেই থাকিব। বেলেগ টিংকল্ নাথাকে।
১০)অগ্ৰিম বুকিং কেতিয়ালৈ খোলা থাকিব?❓
উত্তৰ: ২৪ নবেম্বৰ, ২০২১ ৰ সন্ধিয়া ৬ বজালৈ।
১১) টিংকল্ কিদৰে মোৰ হাতত পৰিব? অলপ জনাব নেকি?❓
উত্তৰ: প্ৰকাশ পোৱাৰ পিছত আটাইবোৰ টিংকল্ অমৰ চিত্ৰ কথা ই এটা বৃহৎ টোপোলা হিচাপে Nostalgic Assam লৈ পঠিয়াব। আপুনি ক্ৰয় কৰা অংশটো নষ্টালজিক অসমৰ তৰফৰ পৰা ডাক বা কোৰিয়াৰ যোগে আপোনালৈ প্ৰেৰণ কৰা হ'ব।
ইয়াত বাহিৰে আন কিবা প্ৰশ্ন থাকিলে অনুগ্ৰহ কৰি [email protected] এই ইঠিকনাত জনাওক।
ধন্যবাদ।
Nostalgic Assam, partnering with Amar Chitra Katha, brings to you the new Assamese ti**le in paper form. Book your copy now.