The journal of Assam

  • Home
  • The journal of Assam

The journal of Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from The journal of Assam, Media/News Company, .

16/08/2022

বৰ্তমানৰ ৰক্তিম । আৰ্টজনে অকণমান সহায় কৰক ।আপোনাৰ অকণমান সহাঁৰিয়েই হয়তো ল'ৰাটোক পুনৰ সজীৱ কৰি তুলিব।

15/08/2022

প্ৰতিভা থাকিলে হেঙাৰ হ'ব নোৱাৰে আৰ্থিক দীনতা । এটা প্ৰতিভাৰ অকাল মৃত্যু নহওঁক । আমাৰ পেজৰ যি সকল সক্ৰিয় শুভাকাঙ্খী তেওঁলোকলৈ এটি অনুৰোধ পাৰিলে এবাৰ চেয়াৰ কৰক । আপোনাৰ অকণমান সহাঁৰিয়েই হয়তো ল'ৰাটোক পৰোক্ষভাৱে হ'লেও সহায় কৰিব। ধন্যবাদ

12/11/2021

ফেচবুকত প্ৰেমত পৰি প্ৰেমিকাৰ লটি-ঘটি

15/10/2021

শাৰদীয় দুৰ্গোৎসৱৰ সমান্তৰাল ভাৱে নামনি অসমৰ প্ৰতিখন জিলাৰ বিভিন্ন নামঘৰ তথা সত্ৰত আজি ৫৭৩তম শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী বিশেষ উলহ মালোহেৰে পালন কৰা হয়।
উল্লেখ যে নামনি অসমৰ বঙাইগাঁও ,বৰপেটা, বাক্সা ,চিৰাং , কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰা জিলাৰ প্ৰতিটো নামঘৰ সত্ৰকে সামৰি ব্যক্তিগত ভাবেও গুৰুজনাৰ জন্ম উৎসৱ আয়োজিত কৰি আজি পোৱাৰে পৰা বিভিন্ন কাৰ্য্যসূচীৰে সফল ৰূপায়ণ কৰে ভক্ত বৃন্দই । কাৰ্যসূচী অনুসৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিটো জিলাৰ প্ৰাথমিক শাখাৰ নামঘৰত ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছত নাম প্ৰসংগঃ ,ঘোষা, আলোচনা চক্ৰ আদি বিশেষঃ অনুষ্ঠান অনুষ্ঠিত কৰে।একেদৰে বঙাইগাঁও জিলা শাখাটো প্ৰতিটো প্ৰাথমিক শাখাৰ লগতে বঙাইগাঁও ৺অনিল পাঠক প্ৰাথমিক শাখাৰ কেতবোৰ কাৰ্যসূচী পালন কৰাৰ পিছত সভাপতি বিনয় সূত্ৰধৰ বাপৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এক আলোচনা চক্ৰত প্ৰাক্তন মন্ত্ৰী তথা অসমৰ জনপ্ৰিয় বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে অংশগ্ৰহণ কৰি এক সাৰুৱা আৰু হাস্যকৰ ভাষণ আগবঢ়ায় ।উক্ত আলোচনা চক্ৰত বঙাইগাঁও জিলা শাখাৰ সভাপতি অতুল চৰণ দাস বাপ আৰু জিলা সম্পাদক অজিত চৌধুৰী বাপ আদিয়ে অংশগ্ৰহণ কৰে। ইফালে বঙাইগাঁও পেট্ৰকেমিকেল আৰু শোধনাগাৰ ৰ ঢালিগাঁও প্ৰাথমিক শাখাটো ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছত নাম প্ৰসংগ: লগতে বিভিন্ন কাৰ্য্যসূচীৰে এই গুৰুজনাৰ জন্ম জয়ন্তী পালন কৰে। আৰু আতক ধুনীয়া এক ভাগৱত সাংস্কৃতিক শোভাযাত্ৰা ও উলিয়াই ৰাইজৰ মাজত আকৰ্ষণীয় কৰি তোলে একেদৰে জিলাখনৰ সৃজনগ্ৰাম আঞ্চলিক শাখাৰ লগতে অভয়াপুৰী আঞ্চলিক শাখাৰ পশ্চিম অভয়াপুৰী ,ৰামগড়, জ্যোতিনগৰ,দোলাইগাঁও,বিষ্ণুপুৰ আৰু কটাশবাৰী আদি প্ৰাথমিক শাখা সমূহতো অনুৰূপ জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ ৰ জন্ম জয়ন্তী পালন কৰা হৈছে। দিনযোৰা কাৰ্যসূচীৰে আয়োজিত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তীৰ সন্ধিয়া বন্তি প্ৰজ্বলনেৰে পৰিসমাপ্তি ঘটাব বুলি আয়োজক সকলে জানিবলৈ দিয়ে ।

নিজা প্ৰতিবেদক:
প্রফুল্ল কুমাৰ দাস; বঙাইগাঁও

24/09/2021

HOJAI AAMSU Protest

হোজাইত আমছুৰ উত্তাল প্ৰতিবাদ। দৰঙৰ গৰুখুটিৰ উচ্ছেদথলীত অমানৱীয়ভাৱে গুলিবর্ষণ কৰি তিনিজনক হত্যাৰ প্ৰতিবাদ আমছুৰ। মূখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰিলে প্ৰতিবাদকাৰীয়ে।উচ্ছেদিত পৰিয়ালৰ পুনৰ সংস্থাপনৰ দাবী লৈ আজিৰ এই প্ৰতিবাদ।

হোজাই জিলাৰ হোজাই চহৰৰ মাজমজিয়াত হোজাই জিলা আমছুৰ উদ্যোগত দৰঙৰ গৰুখুটিৰ উচ্ছেদ থলীত অমানৱীয়ভাৱে গুলিবর্ষণৰ প্ৰতিবাদত আমছুৰ প্ৰতিবাদ। প্ৰতিবাদকাৰীয়ে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উচ্ছেদিত পৰিয়ালৰ পুনৰ সংস্থাপন, আগত সংস্হাপন দি, তাৰ পিছত উচ্ছেদ কৰক, নহ'লে উচ্ছেদ বন্ধ কৰক আদিকৰি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। আৰক্ষীৰ গুলীত নিহত তিনিজনৰ পৰিয়ালক ক্ষতি পূৰণৰো দাবী উত্থাপন কৰে আমছুৱে। উপায়ুক্তৰ কাৰ্যালয়ত কাম কৰা ফটো গ্ৰাফাৰ জনে যি অমানৱীয় কাৰ্য সংঘটিত কৰিছে সেই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা লগতে কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰে আমছুৱে।

Byte: প্ৰতিবাদকাৰীৰ মন্তব্য

ষ্টাফ ৰিপোৰ্টাৰ : হোজাই
24 ছেপ্টেম্বৰ/21

24/09/2021

নগাওঁ সদৰ মণ্ডলৰ উদ্যোগত শুকুৰবাৰে অনুষ্ঠিত হ'ল বিনামূলীয়া চকু পৰীক্ষা শিবিৰ

22/09/2021

গোলাঘাট প্ৰেছ ক্লাৱত চুতীয়া যুৱ সন্মিলনীৰ গোলাঘাট জিলা সমিতিৰ বিস্ফোৰক সংবাদ মেল । ৰাজ্যিক সভাপতি বিতোপন শইকীয়ৰ বিৰুদ্ধে সৰৱ ১৬ খন জিলা সমিতি । ১২ বছৰে নতুনকৈ ৰাজ্যিক সমিতি গঠন নকৰাৰ অভিযোগ ।

নিজা প্ৰতিবেদক :
প্ৰকাশ বৰা , গোলাঘাট

22/09/2021

সোমবাৰে নিশাৰ ভাগত অসমৰ বিভিন্ন ৰাজহ চক্ৰত সুদীৰ্ঘকাল মাটিৰ কিনা-বেছাৰ ক্ষেত্ৰত এচাম অসাধু লোকে দালালৰাজ চলাই অহাৰ পৰিপ্ৰেক্ষিতত অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ ভিত্তিত ৪৫৩ টা মাটিৰ দালালক আটক কৰা দেখিবলৈ পোৱা গৈছে।
ইতিমধ্যে মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ পৰা ২৭ টা দালালক আটক কৰা সন্দৰ্ভত আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজনৰ সংবাদমেল

Byte:: Morigaon S.P. Arpana Natarajan

নিজা প্ৰতিবেদক:
ভৰত কুমাৰ নাথ, মৰিগাঁও।

22/09/2021

বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্তৰ এজাহাৰৰ ভিত্তিত বঙাইগাঁও আৰক্ষীৰ ভূ-মাফিয়াৰ বিৰূদ্ধে অভিযান ।

জিলা খনৰ বিভিন্ন স্থানৰ পৰা ১৫ টা মাফিয়াক আটক কৰে বঙাইগাঁও আৰক্ষীয়ে ।

ধৃত ভূ-মাফিয়া কেইটাৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত ১২০বি,৪২০,৪৬৭,৪৭১,৪০৯ ধাৰাত গোচৰ ৰুজু কৰে ।

বাইট বঙাইগাঁও আৰক্ষী অধীক্ষক।

নিজা প্ৰতিবেদক : প্রফুল্ল কুমাৰ দাস , বঙাইগাঁও

22/09/2021
22/09/2021
সংবাদ ক্ষেত্ৰখনৰ নৱজাতক আমি। আশা কৰোঁ সকলোৱে আদৰি ল'ব । জনসাধাৰণৰ স্বাৰ্থত আমি মাত মাতি যাম ।
22/09/2021

সংবাদ ক্ষেত্ৰখনৰ নৱজাতক আমি। আশা কৰোঁ সকলোৱে আদৰি ল'ব । জনসাধাৰণৰ স্বাৰ্থত আমি মাত মাতি যাম ।

Address


Alerts

Be the first to know and let us send you an email when The journal of Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The journal of Assam:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share