Lovin Assam

Lovin Assam আমাৰ চেনেলত প্ৰতিদিনে অসম তথা নৰ্থ-ইষ্টৰ শেহতীয়া খবৰ আপলোড কৰা হয়।
(1)

  | Anurag Doloi secured the 1st position in HSLC Examination 2024, Scored 593 Marks student of Pragya Academy Senior Se...
20/04/2024

| Anurag Doloi secured the 1st position in HSLC Examination 2024, Scored 593 Marks student of Pragya Academy Senior Secondary School, Jorhat District.

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ টুনিকাটি বন শিবিৰ এলেকাত উদ্ধাৰ হ'ল খৰ্গবিহীন মৃত গঁড়। বন বিভাগে গম নাপা...
25/03/2024

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ টুনিকাটি বন শিবিৰ এলেকাত উদ্ধাৰ হ'ল খৰ্গবিহীন মৃত গঁড়। বন বিভাগে গম নাপায়, পৰ্যটকেহে দেখা পালে মৃত গঁড়টো।

Indian football team captain Sunil Chhetri being welcomed upon his arrival at LGBI Airport ahead of the 2026 FIFA World ...
25/03/2024

Indian football team captain Sunil Chhetri being welcomed upon his arrival at LGBI Airport ahead of the 2026 FIFA World Cup qualifier match between India and Afghanistan, in Guwahati, Saturday, March 23, 2024.

Photos By : Hafiz Ahmed

22/03/2024

চিচিটিভিত বন্দী পাটৰ কাপোৰ চুৰিৰ দৃশ্য। ঘটনাৰ স্থান হাজো।

22/03/2024
🔴হাজোৰ বেজপাৰাত আকস্মিক পথ দুর্ঘটনা!🔴 হাজো সাতদলাৰ দুই  যুৱক পৰশজ্যোতি মালাকাৰ আৰু মনোজ মালাকাৰৰ মৃত্যু!
20/03/2024

🔴হাজোৰ বেজপাৰাত আকস্মিক পথ দুর্ঘটনা!
🔴 হাজো সাতদলাৰ দুই যুৱক পৰশজ্যোতি মালাকাৰ আৰু মনোজ মালাকাৰৰ মৃত্যু!

13 dead, over 30 injured in bus-truck collision in Assam's Dergaon Atleast 13 people died and several others were injure...
03/01/2024

13 dead, over 30 injured in bus-truck collision in Assam's Dergaon
Atleast 13 people died and several others were injured when a bus carrying 45 passengers collided with a truck at Balijan under Dergaon Police Station in Assam' Golaghat district Wednesday (3 January 2024 early hours.
According to report, the Bus bearing registration no. AS 02AC 5083 collided with a Truck bearing registration no.AS 01PC 0648 leaving 10 passengers dead on the spot. The bus was way to Bordubi Tilinka Mandir in Tinsukia district from Athkhelia Boroluwagaon in Golaghat district.
The injured were admitted to Jorhat Medical College Hospital.

হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ ঐতিহাসিক বুলবুলি চৰাইৰ খেলৰ বাকৰি পুনৰ প্ৰাণ পাই উঠিল। বিগত ৯ বছৰে বন্ধ হৈ থকা হাজোৰ ঐতিহাসি...
22/12/2023

হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ ঐতিহাসিক বুলবুলি চৰাইৰ খেলৰ বাকৰি পুনৰ প্ৰাণ পাই উঠিল। বিগত ৯ বছৰে বন্ধ হৈ থকা হাজোৰ ঐতিহাসিক বুলবুলি চৰাইৰ খেলখন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক কেবিনেটে অনুমোদন জনোৱা কাৰ্যক হাজোবাসীয়ে একেমুখে আদৰণি জনাইছে ।

World Cup current Points Table 2023 - League
27/10/2023

World Cup current Points Table 2023 - League

26/09/2023

সমগ্ৰ নামনী অসমত আজি নাম প্ৰসংগৰে মুখৰিত হল শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ আৱিৰ্ভাৱ তিথি।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৱিৰ্ভাৱ তিথি আজি সমগ্ৰ ৰাজ্য খনৰ লগতে নামনী অসমতো বঙাইগাঁও, বৰপেটা,বাক্সা,চিৰাং,কোকৰাঝাৰ, ধুবুৰী,গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলা সমূহত নামঘৰ,সত্ৰ আৰু ৰাজহুৱা স্থানত মুখৰিত হল নাম প্ৰসংগ ,দিহানাম,ভাগৱত পাঠ আদিৰে। প্ৰাপ্ত তথ্যমতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ অন্তৰ্গত দোলাইগাঁও ,জ্যোতিনগৰ ,স্বৰ্গীয় অনিল পাঠক ,ৰামগড়, চুকানী আদি প্ৰাথমিক শাখাত ৰাতিপুৱা পৰিৱেশ নিকাকৰণ কৰাৰ পিছত নাম প্ৰসংগ ,ধৰ্ম ধবজা উত্তোলন ,ঘোষনাম,আইনাম আৰু ভাগৱত পাঠ আদি অনুষ্ঠিত কৰে।একেদৰে ইয়াৰে সত্ৰ সমূহতো অনুৰূপ নাম প্ৰসংগ আদি পালিত হয় বুলি বাতৰিটোত প্ৰকাশ।একেদৰে ধুবুৰী দুমৰদহৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰকল্পতো পালিত হয় উক্ত শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি।

বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।

26/09/2023

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ কোটি কোটি টকা দুৰ্নীতি কেলেংকাৰী ৰ তদন্ত নকৰি KAC প্ৰধানৰ চালে বেৰে কোবোৱাৰ প্ৰত্যুত্তৰ কোঁচ ৰাজবংশী জাতীয় পৰিষদৰ।

সমগ্ৰ কোঁচ ৰাজবংশী জনগোষ্ঠীটোৰ উন্নয়নৰ নামত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত কোটি কোটি টকা দুৰ্নীতি কেলেংকাৰী ৰে লুণ্ঠন ৰাজ চলোৱাকলৈ বঙাইগাঁও জিলা অসম আৰক্ষীয়ে তিনিগৰাকী দুৰ্নীতিৰ অভিযুক্তক আটক কৰাৰ পিছত KAC ৰ মুখ্য কাৰ্য্যবাহী সদস্যই তদন্তৰ ব্যৱস্থা কৰাৰ বিপৰীতে এক সংবাদমেলত গকুল বৰ্মনে KAC ৰ বাহিৰৰ মানুহে দুৰ্নীতি আৰু বিশেষ ষড়যন্ত্ৰ কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিয়ে আজি কোঁচ ৰাজবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা আক্রছু ৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি বিশ্বজিৎ ৰায়ে।এই নেতা বিশ্বজিৎ ৰায়ে আজি এক সংবাদমেল আয়োজন কৰি কেতবোৰ অতি গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে।তেওঁ কি কৈছে পাঠক ৰাইজলৈ আগবঢ়ালো শুনকচোন।

বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস@Lovin Assam

12/09/2023

এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ ভাৰত। ভাৰতীয় দলটোৱে শ্ৰীলংকাক জয়ৰ বাবে ২১৪ ৰাণৰ লক্ষ্য দিছিল। কিন্তু ১৭২ ৰানতে ইনিংছ সমাপ্ত হয় শ্ৰীলংকাৰ।

A Good Confidence Booster For Indian Openers Ahead Of The Big Game
04/09/2023

A Good Confidence Booster For Indian Openers Ahead Of The Big Game

Jasprit Bumrah and Sanjana Ganesan have been blessed with a baby boy.
04/09/2023

Jasprit Bumrah and Sanjana Ganesan have been blessed with a baby boy.

ইতিহাস ৰচিলে ভাৰতে 🇮🇳 ভাৰতৰ প্ৰথম সূৰ্য অভিযান আদিত্য এল-1 ৰ সফল উৎক্ষেপন , চন্দ্ৰযান - 3 সফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱে...
03/09/2023

ইতিহাস ৰচিলে ভাৰতে 🇮🇳

ভাৰতৰ প্ৰথম সূৰ্য অভিযান আদিত্য এল-1 ৰ সফল উৎক্ষেপন , চন্দ্ৰযান - 3 সফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ'ই আজি সফল উৎক্ষেপন কৰে আদিত্য এল -1

জয় হিন্দ 🇮🇳

IND VS PAK, Asia Cup 2023 Cricket Updates: Match abandoned post rain delays, after India set Pakistan target of 267 runs...
03/09/2023

IND VS PAK, Asia Cup 2023 Cricket Updates: Match abandoned post rain delays, after India set Pakistan target of 267 runs at Kandy

India Vs Pakistan, Asia Cup 2023 LIVE Cricket Scorecard and Updates: Match was abandoned without a single ball being bowled in the second innings, after India set Pakistan a target of 267 runs.

Earlier: Indian skipper Rohit Sharma won the toss and opted to bat first. Hardik Pandya top-scored with 87, while Ishan Kishan scored 82 runs in a 138-run-partnership that resurrected India's chances after they found themselves tottering at 66 runs for the loss of 4 wickets at one stage.

Shaheen Afridi picked 4 wickets, while Haris Rauf and Naseem Shah picked 3 wickets each to limit India to 266 runs in 48.5 overs.

Follow Lovin Assam for LIVE Asia Cup 2023 News

Competition, but healthy ❤️
03/09/2023

Competition, but healthy ❤️

Pakistan v/s Indian SquadsBoth Teams are GreatTherefore Don't make laugh to each other CommentsGive Respect and take Res...
01/09/2023

Pakistan v/s Indian Squads
Both Teams are Great
Therefore Don't make laugh to each other Comments
Give Respect and take Respect

31/08/2023

২০০ টকাকৈ কমিল গেছ চিলিণ্ডাৰৰ দাম, ইয়াতকৈও কমত লাগে নেকি? এইদৰে বুকিং কৰিলে পাব পাৰে আৰু সস্তাত....

সম্প্ৰতি সাধাৰণ জনতাৰ বাবে এক স্বস্তিৰ বাৰ্তা আনিছে কেন্দ্ৰীয় চৰকাৰে। মঙলবাৰে মোদী চৰকাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ২০০ টকাকৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ ফলত দিল্লীত ১৪.২ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ দাম ১১০৩ টকাৰ পৰা কমি ৯০৩ টকা হৈছে। বহুতেই ভাবিছে আসন্ন নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। কিন্তু কাৰণ যিয়েই নহওক, মোদী চৰকাৰৰ এই সিদ্ধান্তৰ ফলত উপকৃত হ’ব মধ্যবিত্ত আৰু দৰিদ্ৰ লোকসকল। আনহাতে, উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীসকলে মুঠ ৪০০ টকা কমত লাভ কৰিব চিলিণ্ডাৰ। বৰ্তমান এই আঁচনিত ১০.৩৫ কোটি লোক কিন্তু ইয়াৰ লগতে আছে আন এটা সুখবৰ। আপুনি জানেনে যে অনলাইনত নিৰ্দিষ্ট কিছুমান পদক্ষেপ মানি গেছ চিলিণ্ডাৰ বুকিং কৰিলে আৰু অধিক ৰেহাই পাব পাৰি। অনলাইনত এইদৰে বুকিং কৰক গেছ চিলিণ্ডাৰ – আপোনাৰ ওচৰত ভাৰত গেছৰ কানেকশ্যন থাকিলে সেয়া তেওঁলোকৰ ৱেবছাইটত গৈ এইদৰে গেছ চিলিণ্ডাৰ বুকিং কৰক।
-ভাৰত গেছৰ ৱেবছাইটত 'Quick Book & Pay' ছিলেক্ট কৰক
– এপিজি আইডি আৰু ম’বাইল নম্বৰ দি ৰেজিষ্টাৰ কৰক
– গেছ চিলিণ্ডাৰ বুকিং কৰাৰ বাবে পিছৰ পেজত দিয়া ষ্টেপছবোৰ ফলো কৰিব লাগিব।
Paytmৰ জৰিয়তে অনলাইন গেছ বুকিং কৰিব পাৰিব। এপত কোনো কেছবেকৰ সুবিধা থাকিলে আপুনি বহু কমত লাভ কৰিব গেছৰ চিলিণ্ডাৰ। কিদৰে বুকি কৰিব জানি লওক।
– পেটিএম এপ্লিকেচনলগইন কৰক
– ৰিচাৰ্জ আৰু বিল পেমেণ্টলৈ যাওক
– বুক গেছ চিলিণ্ডাৰত ক্লিক কৰক
– গেছ চিলিণ্ডাৰ বুকিং কৰক আরু গেছ প্ৰভাইডাৰ ছিলেক্ট কৰক
– ইয়াকৰ পিছত এলপিডি আইডি বা ম’বাইল নম্বৰ দিব লাগিব
– ম’বাইল স্ক্ৰীণত বুকিঙৰ টকাৰ এমাউণ্ট দেখিব
– ‘পে’ত ক্লিক কৰি ফাষ্ট ফৰৱাৰ্ড ছিলেক্ট কৰিব লাগিব
–ফাষ্ট ফৰৱাৰ্ড ক্লিক কৰিলে পেটিএমৰ পৰা পোনে পোনে টকা কৰ্ত কৰা হ’ব।

31/08/2023

মঙলদৈৰ হাতীপোতাত অচিনাক্ত মৃতদেহ উদ্ধাৰ

মঙলদৈত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মঙলদৈৰ চহৰৰ সমীপৰ হাতীপোতাত উদ্ধাৰ হয় মৃতদেহটো। স্থানীয় ৰাইজে এটা পুখুৰীত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। মঙলদৈ সদৰ থানাৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিনাক্ত কৰাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ মৰ্গত মৃতদেহটো ৰখা হয় ।

31/08/2023

এছিয়া কাপৰ আজিৰ খেল : শ্রীলংকা-বাংলাদেশ

পাল্লিকেল, ৩০ আগষ্ট ঃ কেইবাজনো তাৰকা খেলুৱৈ অবিহনে এছিয়া কাপত অভিযান আৰম্ভ কৰিব আয়োজক শ্রীলংকা আৰু বাংলাদেশে। দলটোৰ তাৰকা খেলুৱৈ লিটন দাস প্রতিযোগিতাখনৰ পৰা বাহিৰ হৈছে। ভাইৰেল জুৰৰ বাবে তাৰকা বেটাৰগৰাকীয়ে প্রতিযোগিতাখনত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি আজি বাংলাদেশ ক্রিকেট ব'র্ডে সদৰী কৰিছে। লিটনৰ স্থানত এনামুল হকক দলটোত অন্তৰ্ভুক্ত কৰা হৈছে। ইফালে শ্রীলংকাই ৱানিও হাছাৰাংগা, দুষ্মন্ত চমীৰা, লাহিৰু চিৰপ্ৰতি কুমাৰা আৰু দিলছান মধছানাকা অবিহনে ঘৰুৱা দলটোৱে হোৱাৰ প্ৰতিযোগিতাখনত অংশ ল'ব। হোটেল ইফালে, কুশল পেৰেৰাও আঘাতৰ চি চি পৰা সম্পূৰ্ণ সুস্থ হৈ উঠা নাই। ফলত সিংহলী বাহিনীয়ে নবাগত খেলুৱৈৰে এছিয়া কাপত অংশ ল'ব। উল্লেখ্য যে ২০২২ চনত টি-২০ ৰূপত অনুষ্ঠিত এছিয়া কাপত পাকিস্তানে চেম্পিয়নৰ সন্মান অৰ্জন কৰিছিল। কাইলৈৰ মেচখনত শ্ৰীলংকা দলটোৰ গুরুদায়িত্ব থাকিব পাথুম নিছানকা, ডিমুথ কৰুণাৰত্নে আৰু চৰিথ আছালাংকাৰ ওপৰত। খেলৰ সময় : দিনৰ ৩ বজা।

31/08/2023

এছিয়া কাপত বৃহৎ জয় পাকিস্তানৰ

মুলতান, ৩০ আগষ্ট: বৃহৎ জয়েৰে এছিয়া কাপত অভিযান আৰম্ভ কৰিলে পাকিস্তানে। আজি পাকিস্তানৰ মুলতানত অনুষ্ঠিত প্ৰথমখন মেচত পাকিস্তানে নেপালক ২৩৮ ৰানত পৰাস্ত কৰে। পাকিস্তানে জয়ৰ বাবে বান্ধি দিয়া ৩৪৩ বানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি বেটিং বিপর্যয় হৈ নেপালে ২৩.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১০৪ ৰানহে কৰে। সোমপাল কামীয়ে সর্বাধিক ২৮ বান কৰে। দলটোৰ তিনিগৰাকী বেটাৰে দহকৰ ঘৰ স্পৰ্শ কৰে। পাক দলটোৰ হৈ ছাদাব খানে সৰ্বাধিক চাৰিটা উইকেট লাভ কৰে। ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি প্ৰাৰম্ভিক বিপর্যয় সত্ত্বেও অধিনায়ক বাবর আজমৰ বিস্ফোৰক ১৫১, ইফটিকাৰ আহমেদৰ অপৰাজিত ১০৯ আৰু ৰিজৱানৰ ৪৪ ৰানৰ সহায়ত পাকিস্তানে নির্ধারিত ৫০ অ'ভাৰত ৬টা উইকেট হেৰুৱাই ৩৪২ ৰান কৰে। বাবৰে আজি এদিনীয়া কেৰিয়াৰত ১৯সংখ্যক শতক অৰ্জন কৰি এক বিশ্ব অভিলেখ ৰচে। এদিনীয়াত দ্রুতগতিত ১৯সংখ্যক শতক অৰ্জন কৰে বাববে। ১০২টা ইনিংছত এই কৃতিত্বতো গঢ়ে বাবৰে। ইয়াৰ পূৰ্বে এই কৃতিত্বৰ অধিকাৰী আছিল দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেটাৰ হাছিম আমলাৰ । আমলাই ১০৪টা ইনিংছত এই অভিলেখটো ৰচিছিল।

Maligaon flyover night view
28/08/2023

Maligaon flyover night view

24/08/2023

বিক্ৰমে কৰি দেখুৱালে, এতিয়া প্ৰজ্ঞানে দেখুৱাব চমক! ১৪ দিন ধৰি নিৰীক্ষণ কৰিব চন্দ্ৰৰ ৰহস্য, আৰু কি কি কৰিব?

চন্দ্ৰযান–৩য়ে চন্দ্ৰপৃষ্ঠত সফলভাৱে ছফ্ট লেণ্ডিং কৰাৰ পিছত এতিয়া ৰ’ভাৰ প্ৰজ্ঞানে আৰম্ভ কৰিব নিজৰ কাম। ISROৰ বিজ্ঞানীয়ে নিৰ্ধাৰণ কৰা ১৪ দিনীয়া কাৰ্যসূচী আৰম্ভ কৰিব প্ৰজ্ঞানে। চন্দ্ৰপৃষ্ঠৰ বিষয়ে বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰিব প্ৰজ্ঞানে। টাইম্ছ অব ইণ্ডিয়াৰ ৰিপ’ৰ্ট অনুসৰি, বৈজ্ঞানিকসকলে প্ৰয়াস কৰিব যাতে ৰ’ভাৰৰ জৰিয়তে চন্দ্ৰৰ পৰা অধিক তথ্য সংগ্ৰহ কৰিব পাৰি।

ৰ’ভাৰ ‘প্ৰজ্ঞান’ হ’ল এখন ৬ চকীয়া ৰব’টিক বাহন, যিয়ে চন্দ্ৰপৃষ্ঠত ঘূৰিব আৰু ফটো সংগ্ৰহ কৰিব। প্ৰজ্ঞানত ইছৰ’ৰ LOGO আৰু ত্ৰিৰংগা সংলগ্ন হৈ আছে। লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ চাৰি ঘণ্টা পিছত প্ৰজ্ঞান বাহিৰলৈ ওলাই আহে। প্ৰজ্ঞান ১ ছেণ্টিমিটাৰ প্ৰতি ছেকেণ্ড গতিবেগত চলিব। কেমেৰাৰ সহায়ত ৰ’ভাৰে চন্দ্ৰত থকা সামগ্ৰীৰ স্কেনিং কৰিব। প্ৰজ্ঞানে চন্দ্ৰৰ জলবায়ু কেনেকুৱা তাৰো সন্ধান কৰিব। ইয়াত এনে ধৰণৰ পে’লোড লগোৱা হৈছে, যিয়ে চন্দ্ৰপৃষ্ঠৰ বিষয়ে অধিক তথ্য প্ৰেৰণ কৰিব পাৰিব। ৰভাৰে চন্দ্ৰপৃষ্ঠত থকা আয়ন আৰু ইলেক্ট্ৰনৰ পৰিমাণো চিনাক্ত কৰিব।

উল্লেখযোগ্য যে ৰ’ভাৰ প্ৰজ্ঞান যেতিয়া চন্দ্ৰপৃষ্ঠত আগবাঢ়িব তেতিয়া, চন্দ্ৰপৃষ্ঠত ভাৰতীয় ত্ৰিৰংগা আৰু ইছৰ’ৰ LOGO অংকন হ’ব। ইছৰ’ৰ মুৰব্বী এছ সোমনাথে কয় যে পৃথিৱীৰ ১৪ দিনত প্ৰজ্ঞানে কিমান দূৰ অতিক্ৰম কৰিব সেয়া এতিয়াই অনুমান কৰিব নোৱাৰি। ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ (ISRO)ৰ মতে, লেণ্ডাৰ আৰু ৰ’ভাৰত পাঁচটা বৈজ্ঞানিক পে’লোড আছে যাক লেণ্ডাৰ মডিউলৰ ভিতৰত ৰখা হৈছে। লেণ্ডাৰ আৰু ৰ’ভাৰ দুয়োৰে জীৱন কাল এক এক চন্দ্ৰদিন, যিটো পৃথিৱীৰ ১৪ দিনৰ সমান। ইছৰ’ৱে কয় যে চন্দ্ৰপৃষ্ঠত বৈজ্ঞানিক প্ৰয়োগ কৰাৰ বাবে ৰ’ভাৰে চন্দ্ৰ অভিযানক নতুন মাত্ৰা প্ৰদান কৰিব।

24/08/2023

কাৰ নামেৰে নামাকৰণ হ'ব মালিগাঁৱৰ নিৰ্মীয়মান উৰণ সেঁতুৰ? নিশা দলংখনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি কি ক’লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই?

নিৰ্মীয়মান মালিগাঁও উৰণ সেঁতু (Maligaon Flyover) পৰিদৰ্শনৰ বাবে বুধবাৰে নিশা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মালিগাঁৱত উপস্থিত হয়। নিশা প্ৰায় ১১ বাজি ৩০ মিনিটত উপস্থিত হৈ মুখ্যমন্ত্ৰীজনে নিৰ্মীয়মান দলংখনৰ এটা মূৰৰ পৰা আনটো মূৰলৈকে খোজ কাঢ়ি নিৰ্মাণৰ বিভিন্ন দিশ চোৱাচিতা কৰে। দলঙৰ নিৰ্মাণৰ দায়িত্বত থকা গৌতম কনষ্ট্রাকছন আৰু অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডৰ ঠিকাদাৰ, অভিযন্তা তথা অন্যান্য বিষয়ববীয়াৰে গুৰুত্বপূৰ্ণ আলোচনাও কৰে মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে, আগন্তুক ৰাখী পূৰ্ণিমাৰ দিনা অৰ্থাৎ ৩০ আগষ্টত মালিগাওঁ উৰণ সেঁতু আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই। সেই হেতুকে দলঙৰ নিৰ্মাণৰ দায়িত্বত থকা শ্ৰমিক, ঠিকাদাৰ সকলোৱে দিনে–নিশাই যৎপৰোনাস্তি চেষ্টা চলাইছে। দলঙখন মুকলিৰ আগমুহূৰ্তত বিশেষভাৱে সজাই তোলাৰো চেষ্টা কৰা হৈছে। ইয়াৰ বাবে দলংখনৰ ওপৰত বিশেষ আকৃতিৰ লাইট পোষ্ট লগোৱা হাছে। ইয়াৰোপৰি দলংখনৰ খুঁটাবোৰত বিভিন্ন ছবি অঁকা হৈছে যাৰ দ্বাৰা অসমৰ কৃষ্টি, সংস্কৃতি, কলা আদি বিভিন্ন দিশক দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। মুকলিৰ আগতে সকলো কাম সুকলমে হৈছে নে নাই তাকে চাবলৈ মুখ্যমন্ত্ৰীয়ে বুধবাৰে নিশা খোজকাঢ়ি গোটেই দলঙৰ কাম পৰ্যবেক্ষণ কৰে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে দলং পৰিদৰ্শনৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘২ বছৰ ৪ মাহ ধৰি মালিগাঁও উৰণ সেঁতুৰ নিৰ্মাণৰ কাম-কাজ চলি আছিল। এই দলংখন মই নিজেই ঘূৰি চালো। ৩০ আগষ্টৰ সন্ধিয়া ৫ বজাত এই সেঁতুখন অসমবাসী ৰাইজৰ বাবে আমি উচৰ্গা কৰিম।’’ তেখেতে লগতে কয় যে, উৰণীয়া সেঁতুৰ ওপৰত ৰামধেনুৰ বিভিন্ন আকৃতি নিৰ্মাণ কৰা হৈছে। তিনিআলিৰ জাংছনত সাংকেতিক দৃষ্টিৰে পৃথিৱীৰ গ্লোব এটা নিৰ্মাণ কৰা হৈছে। তলৰ খুঁটাসমূহত অসমীয়া বাদ্যযন্ত্ৰ, অৰণ্যত থকা বন্যপ্ৰাণীসমূহ অংকিত কৰাৰ চেষ্টা কৰা হৈছে। ইয়াৰোপৰি, উৰণীয়া সেঁতুখনত কোনোধৰণৰ অঘটন যাতে সংঘটিত নহয় তাৰ বাবে দুয়োটো লেণ্ডিং পইন্টত স্পীডব্ৰেকাৰ থাকিব বুলিও তেওঁ জনায়। আনহাতে, উৰণ সেঁতুখনৰ নামাকৰণ সন্দৰ্ভত সাংবাদিকে মুখ্যমন্ত্ৰীগৰাকীক সোধা এক প্ৰশ্নৰ উত্তৰত তেখেতে কয়, ‘‘উৰণ সেঁতু আদি নামাকৰণ কৰা যিটো পৰম্পৰা মই সেইটোৰ পৰা আঁতৰি আছো। কাৰণ এজনৰ নাম ল’লে আন এজনে বেয়া পায়। গতিকে এইখন উৰণীয়া সেঁতুৰ নাম মালিগাঁও উৰণীয়া সেঁতু।’’ ইয়াৰোপৰিও তেওঁ কয়, ‘‘এজন সাহিত্যিকৰ ফ্লাইঅভাৰৰ সৈতে কোনো সম্পৰ্ক নাথাকে। সাহিত্যিকজনৰ নাম কলেজ এখনত দিলে ভাল। ফ্লাইঅভাৰৰ নাম দিলে কোনোবা ইঞ্জিনিয়াৰৰ নামত দিব লাগিব। কাৰণ এইটো এটা ইঞ্জিনিয়াৰিঙৰ কাম। সেইকাৰণে আমি কিছু পুৰণি পদ্ধতিৰ পৰিৱৰ্তন কৰিছো।’’

21/08/2023

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে, লুইতৰ বুকুত জাপ দি বচাবলৈ অনুৰোধ....

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে। মাইজান ঠাকুৰবাৰীৰ এইচ এম ৰিজৰ্টৰ সমীপত এই ঘটনা সংঘটিত হয়। লুইতৰ বুকুত জাপ দিয়ে ৫৪ বছৰীয়া বিজয় নাগ নামৰ এজন লোকে। লোকজনে পানীত জঁপিয়াই পুনৰ বচাবলৈ চিঞৰি অনুৰোধ কিৰিছিল বুলি স্থানীয় লোকে মন্তব্য কৰে। বৰ্তমানলৈ সন্ধান নাই ব্ৰহ্মপুত্ৰত জাপ দিয়া লোকজনৰ। লোকজনৰ সন্ধানত অভিযান এছ ডি আৰ এফ বাহিনীৰ।

Address


Telephone

+918453247106

Website

Alerts

Be the first to know and let us send you an email when Lovin Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Lovin Assam:

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share