Pratham Khabar 24x7

Pratham Khabar 24x7 Pratham Khabar 24x7 is a satellite news channel in Assamese language from Assam
(2)

▶️কথা শিল্পী মনোজ কুমাৰ গোস্বামীৰ কিতাপ হাতত লৈ গ্ৰন্থমেলাৰ বাকৰিত মন্ত্ৰী পীযুষ হাজৰিকা।
05/01/2025

▶️কথা শিল্পী মনোজ কুমাৰ গোস্বামীৰ কিতাপ হাতত লৈ গ্ৰন্থমেলাৰ বাকৰিত মন্ত্ৰী পীযুষ হাজৰিকা।

05/01/2025

🟥শিৱসাগৰৰ বেতবাৰী কাকতি গাঁৱত চাঞ্চল্যকৰ ঘটনা। অবৈধভাৱে মজুত কৰি ৰখা এটা ডিজেলভৰ্তি টেংকিত উদ্ধাৰ ক্ষনিক বৰুৱা নামৰ এজন কম বয়সীয়া যুৱকৰ মৃ*ত*দে*হ। অঞ্চলটোৰ মনোজ দত্ত নামৰ এজন লোকৰ ঘৰৰ চৌহদত সংঘটিত হৈছে এই ঘটনা।

05/01/2025

🟥মহানগৰীৰ গীতা মন্দিৰৰ সমীপত শনিবাৰে নিশা সংঘটিত এক ভয়ংকৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। অঞ্চলটোৰ কৈলাশ নগৰত দুৰ্বৃত্তই জ্বলাই দিলে ৬খনকৈ মটৰচাইকেল। ঘটনাস্থলীৰ সমীপতে থকা এটা নামঘৰৰো ক্ষতি হয় জুইত।

05/01/2025

🟥খাকী পোছাকী ছাৰৰ মূৰত নাই হেলমেট। কিন্তু কোনে কৰিব ফাইন? Checkingত ছাৰ যে নপৰিল...

05/01/2025

▶️গল্পকাৰ ডঃ মৌচুমী কন্দলীৰ দুখনকৈ গ্ৰন্থ দেওবাৰে উন্মোচন কৰা হয়। কটন কলেজৰ এলামনাই ভৱনত আয়োজন কৰা হৈছিল গ্ৰন্থ উন্মোচনী অনুষ্ঠান। উন্মোচন কৰা হয় মৌচুমী কন্দলীৰ গ্ৰন্থ ‘বাতায়ন’ আৰু ‘কলা বীক্ষণ’।

05/01/2025

🟥অসম গ্ৰন্থ মেলাৰ বাকৰিত উপস্থিত মন্ত্ৰী পিযুষ হাজৰিকা। গ্ৰন্থ মেলাৰ বাকৰিত উপস্থিত হৈ কি আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে।

05/01/2025

🟥আজি নৱবৰ্ষৰ প্ৰথমটো দেওবাৰ। ৰাজ্যৰ প্ৰতিটো বনভোজস্থলীয়েই লোকাৰণ্য। নাচ গান, হাঁহি আনন্দৰ মাজেৰে বন্ধু বান্ধৱ, পৰিয়াল পৰিজন লৈ হেঁপাহৰ এসাঁজ। সমান্তৰালকৈ পৰ্যটনস্থলীসমূহতো দেখা গ’ল ভিৰ।

05/01/2025

▶️আন এক নতুন ভাইৰাছক কেন্দ্ৰ কৰি বিশ্বজুৰি সৃষ্টি হৈছে আতংকৰ। এই ভাইৰাছক নাম দিয়া হৈছে HMPV। ক’ভিডৰ দৰে এই ভাইৰাছৰ উৎপত্তিস্থল চীন। চীনৰ নৰ্ডান প্ৰভিন্সত এই ভাইৰাছে বৰ্তমানলৈকে প্ৰায় ২০০জনৰ প্ৰাণ লোৱাৰ বাতৰি।

05/01/2025

🟥মৰিগাঁৱৰ দুজনকৈ শিক্ষকৰ বিৰুদ্ধে বিদেশী ন্যায়াধীকৰণৰ ৰায়। শিক্ষক দুজন ভাৰতীয় নাগৰিক নহয় বুলি বিদেশী ন্যায়াধীকৰণৰ ৰায়ৰ পিছত ইতিমধ্যে দুয়োকে শিক্ষা বিভাগে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। ইফালে নিজকে বিদেশী নহয় বুলি দাবী কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ খাইৰুল ইছলাম।

05/01/2025

🟥দেওবাৰে নমো ভাৰত কৰিড’ৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ লগে লগে বিশ্বৰ তৃতীয় বৃহত্তম মেট্ৰ’ নেটৱৰ্কৰ অভিলেখৰ গৰাকী হ’ল ভাৰত। ৰাজধানী দিল্লী সংযোজিত হ’ল নমো ভাৰত ৰে’ল সেৱাৰে।

05/01/2025

🟥বিহুৰ পাছত ঝুমুৰৰ দ্বাৰা বিশ্ব ৰেকৰ্ড গঢ়াৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ। ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সৰুসজাই ষ্টেডিয়ামত ৮ হাজাৰ যুৱক যুৱতীয়ে প্ৰদৰ্শন কৰিব ঝুমুৰ নৃত্য। ইতিমধ্যে ইয়াৰ বাবে বাণীবদ্ধ কৰা হৈছে ঝুমুৰৰ গীত।

05/01/2025

🟥গভীৰ সংকটত পৰাৰ দিশে নদীদ্বীপ মাজুলীলৈ অহা পৰিভ্ৰমী পক্ষী। ভাবুকি নামিছে ঐতিহাসিক ভেৰেকী বিলৰ প্ৰতি। ভেৰেকী বিলৰ কাষতে অবৈধভাৱে নিৰ্মাণ কৰা হৈছে এটা ইটাভাটা। যাৰ ফলত অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি আহিছে ভাবুকি।

05/01/2025

🟥পুনৰ তুংগত উঠিছে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ মাজৰ বাকযুদ্ধ। সুযোগ পালেই প্ৰমোদ বড়োক গাদীচ্যুত কৰাৰ হুংকাৰ BPFপ্ৰধান হাগ্ৰামা মহিলাৰীৰ। ইফালে প্ৰতি মুহূৰ্ততে BTRৰ মুৰব্বী হোৱাৰ সপোন দেখা হাগ্ৰামাক কটাক্ষ প্ৰমোদ বড়োৰ।

05/01/2025

🟥পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি ইতিমধ্যে তৎপৰতা আৰম্ভ কৰিছে কংগ্ৰেছে। ভোগালী বিহুৰ পিছতেই দলটোৰ ব্লক পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে বিষয়ববীয়াৰ মাজত ব্যাপক ৰদবদলৰ ঘোষণা সভাপতি ভূপেন বৰাৰ।

05/01/2025

🟥ৰাজ্য চৰকাৰে লোৱা হাজাৰ হাজাৰ কোটিৰ ঋণৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ৰেডিট মংগাৰ আখ্যাৰে দেওবাৰে কটাক্ষ ভূপেন বৰাৰ।

05/01/2025

▶️দেওবাৰে প্ৰথম খবৰৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে মুকলি ৱেব চিৰিজ বাপুকণৰ বিলৈৰ টাইটেল ট্ৰেক। ২৮ জানুৱাৰীৰ সন্ধিয়া ৫ বজাত ইউটিউবযোগে মুকলি কৰা হ’ব ৱেব চিৰিজখন।

05/01/2025

🟥ঘোষণা কৰা হ’ল ২০২৫ বৰ্ষৰ শিল্পী বঁটাসমূহ। বিশিষ্ট কণ্ঠশিল্পী ডঃ অনিমা চৌধুৰী আৰু লোকশিল্পী মুকুল ৰাভালৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ শিল্পী বঁটা। ১৭ জানুৱাৰীত গোলাঘাটত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ শিল্পী দিৱসত প্ৰদান কৰা হ’ব বঁটাসমূহ।

Address

Ulubari
781007

Alerts

Be the first to know and let us send you an email when Pratham Khabar 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pratham Khabar 24x7:

Share