Pallab

27/06/2024

Nagaland to udalguri

25/06/2024

যোৱা নিশা পুনৰ সৰ্প দংশনৰ প্ৰিলি চহৰীয়া নামৰ পুনিয়া প্রাথমিক বিদ্যালয়ৰ মঙ্গলদৈৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী আছিল । এক দুখজনক বেদনা দায়ক খবৰ। প্ৰিলি চহৰীয়া ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিলো 🙏

24/06/2024

ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলোৱা চালক সকলৰ বাবে অতি গুৰুত্বপূৰ্ণ তথ্য।
টোল ৰচিদৰ মূল্য বুজিব আৰু ব্যৱহাৰ কৰিব।
‘টোল বুথত পোৱা এই ৰচিদখনত কি লুকুৱাই ৰখা হৈছে আৰু কিয় সুৰক্ষিত ৰাখিব লাগে?

ইয়াৰ অতিৰিক্ত সুবিধা কি কি?" আজি জনাওক।

১/ টোল ৰোডত যাত্ৰা কৰাৰ সময়ত যদি আপোনাৰ গাড়ীখন হঠাতে ৰৈ যায় তেন্তে টোল কোম্পানীয়ে আপোনাৰ গাড়ী টানি নিয়াৰ দায়িত্ব লয়।

২) এক্সপ্ৰেছ হাইৱেত যদি আপোনাৰ গাড়ীৰ পেট্ৰল বা বেটাৰী শেষ হয় তেন্তে টোল সংগ্ৰহ কোম্পানীয়ে আপোনাৰ গাড়ী সলনি কৰি পেট্ৰল আৰু এক্সটাৰ্নেল চাৰ্জিং দিয়াৰ দায়িত্ব লয়। ১০৩৩ নম্বৰত ফোন কৰিব লাগে। দহ মিনিটৰ ভিতৰত সহায়ৰ ব্যৱস্থা কৰা হ’ব আৰু ৫ৰ পৰা ১০ লিটাৰ পেট্ৰ’ল বিনামূলীয়াকৈ উপলব্ধ হ’ব। আপোনাৰ গাড়ী পাংচাৰ হ’লেও এই নম্বৰত যোগাযোগ কৰি সহায় ল’ব পাৰে।

৩/ আপোনাৰ গাড়ীখন দুৰ্ঘটনাত পতিত হ’লেও আপুনি বা আপোনাৰ লগত অহা কোনোবাই প্ৰথমে টোল ৰচিদত দিয়া ফোন নম্বৰত যোগাযোগ কৰিব লাগে।

৪) গাড়ীৰে যাত্ৰা কৰি থাকোঁতে যদি কাৰোবাৰ স্বাস্থ্যৰ অৱস্থা হঠাৎ বেয়া হয়, তেন্তে সেই ব্যক্তিজনক তৎক্ষণাত চিকিৎসালয়লৈ নিয়াৰ প্ৰয়োজন হব পাৰে। এনে সময়ত এম্বুলেন্সেৰে আপোনাৰ ওচৰলৈ যোৱাটো টোল কোম্পানীৰ দায়িত্ব।

যিসকলে এই তথ্য লাভ কৰিছে তেওঁলোকে যিমান পাৰে সিমান মানুহৰ মাজলৈ বিয়পাই দিব লাগে।
#টোলপ্লাজা

23/06/2024
23/06/2024

Bhairabkundha arunachal r Hotel and wine shop sortcerkit hoi

19/06/2024

Proud of Assam Bihu dance

18/06/2024
18/06/2024
17/06/2024

Jackfruit (কঁঠাল)

অতি মৰ্মাটিক   পশ্চিম বংগত ভয়ংকৰ ৰেল দুৰ্ঘটনা, এখন মালবাহী ট্ৰেইনৰ সৈতে মুখামুখি সংঘৰ্ষ কাঞ্চনজংঘা এক্সপ্ৰেছৰ, কেইবাজনো ...
17/06/2024

অতি মৰ্মাটিক পশ্চিম বংগত ভয়ংকৰ ৰেল দুৰ্ঘটনা, এখন মালবাহী ট্ৰেইনৰ সৈতে মুখামুখি সংঘৰ্ষ কাঞ্চনজংঘা এক্সপ্ৰেছৰ, কেইবাজনো লোক হতাহত হোৱাৰ আশংকা। জানিব পৰা মতে কেইবা গৰাকী অসম যাত্ৰী আছে ।

17/06/2024

Dhansiripar, Dimapur, Nagaland

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি ১২২ সংখ্যক  ওপজা দিন।
17/06/2024

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি ১২২ সংখ্যক ওপজা দিন।

16/06/2024

Barbie

সকলোৰে চিনাকি কঠাল এবিধ ডাঙৰ আকৃতিৰ ফল। ইংৰাজীত ইয়াক জেক ফ্ৰুট(Jack fruit) নামেৰে জনা যায়। ইয়াৰ বৈজ্ঞানিক নাম হৈছে “হেটা...
15/06/2024

সকলোৰে চিনাকি কঠাল এবিধ ডাঙৰ আকৃতিৰ ফল। ইংৰাজীত ইয়াক জেক ফ্ৰুট(Jack fruit) নামেৰে জনা যায়। ইয়াৰ বৈজ্ঞানিক নাম হৈছে “হেটাৰোফাইলাচ”(Heterophyllus) আৰু ই মোৰেচি(Moraceae) গোত্ৰৰ(পৰিয়ালৰ) অন্তৰ্গত।

কঠাল বাংলাদেশ আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় ফল(National fruit)। আমাৰ দেশ ভাৰতবৰ্ষৰ কেৰেলা আৰু তামিলনাডু ৰাজ্যৰ ই ৰাজ্যিক ফল।

ভাৰতবৰ্ষৰ কেৰেলা ৰাজ্যতে সৰ্বাধিক কঠাল উৎপন্ন হয়। আমাৰ অসমৰো ই ঘৰুৱা ফল স্বৰূপ। প্ৰতি ঘৰ মানুহৰে বাৰী-বস্তিত এজোপা হ’লেও কঠালৰ গছ পোৱা যায়।

সাধাৰণতে আমাৰ ইয়াত ব’হাগ মাহত পূৰঠ হৈ পকাৰ উপক্ৰম হয়। এইবিধ ফল কুমলীয়া বা কেঁচা অৱস্থাতো তৰকাৰী কৰি খাব পাৰি আৰু পকা অৱস্থাত মলমলীয়া এক নিজস্ব গোন্ধেৰে ই মানুহক আকৰ্ষণ কৰে।

ই এনে এবিধ ফল য’ত একত্ৰে দেহৰ বাবে লাগতিয়াল বিভিন্ন খাদ্যপ্ৰাণ,
খনিজ লৱণ,
এন্টি অক্সিডেন্ট(জাৰণ প্ৰতিৰোধী),
আঁহ,
নানা ধৰণৰ অত্যাৱশ্যকীয় ৰাসায়নিক পদাৰ্থ তথা বিভিন্ন সূক্ষ্ম পোষক তত্ত্ব সমূহ পোৱা যায়।
সেইবাবে এই কঠালক ইংৰাজীত বুলি কোৱা হয় আৰু ইয়াক একে আষাৰতে পুষ্টি তথা ঔষধি গুণৰ ভঁৰাল বুলিব পাৰি।

কঠালৰ উপকাৰিতা তথা ঔষধি গুণসমূহ -
১)ৰোগ প্ৰতিৰোধী গুণ:

কঠালত যথেষ্ট পৰিমাণে ভিটামিন-চি আৰু এন্টি অক্সিডেন্ট পোৱা যায় আৰু এইবিলাক উপাদানে দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা সবল কৰি মানুহক সুস্থ-সবল কৰি ৰাখে।

২)প্ৰোটিনৰ ভঁৰাল:

কঠালৰ গুটিত যথেষ্ট পৰিমাণে প্ৰোটিন পোৱা যায়। মচুৰ দাইলত দি সিদ্ধ কৰা কঠালৰ গুটি খাবলৈ বৰ তৃপ্তিদায়ক আৰু ই যথেষ্ট পুষ্টিকাৰক প্ৰকৃতিৰ।

৩)শক্তিৰ ভঁৰাল:

কঠালত যথেষ্ট পৰিমাণে কাৰ্বোহাইড্ৰেট আৰু কেলৰি থাকে। ই ফ্ৰুকটজ আৰু চুক্ৰ’জতো চহকী বাবে খোৱাৰ লগে লগে দেহে তাৎক্ষণিক ভাৱে শক্তি লাভ কৰে।

৪)কৰ্কট প্ৰতিৰোধী গুণ:

কঠালত এন্টি অক্সিডেন্ট, ফাইটোনিউট্ৰিয়েন্টচ(Phytonutrients) আৰু ফ্লেভ’নয়ড(Flavonoid) থাকে,
যিবোৰে দেহত উৎপন্ন হোৱা ক্ষতিকাৰক ফ্ৰী-ৰেডিকেল(মুক্তমূলক) বোৰ নিষ্ক্ৰীয় কৰি শৰীৰক ক’লন কেন্সাৰ,
হাওঁফাওঁৰ কেন্সাৰ,
মুখ গহ্বৰৰ কেন্সাৰ আদি প্ৰতিৰোধ কৰাত সহায় কৰে।
৫)ৰক্তচাপ নিয়ন্ত্ৰণ:

কঠালত থকা পটাচিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদৰোগত বাধা দিয়ে।

৬)হজম শক্তিৰ উন্নতি:

পকা কঠালত থকা আঁহ(ফাইবাৰ)ৰ আধিক্যই কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰে আৰু হজম শক্তিৰ উন্নতি সাধন কৰে।

৭)থাইৰয়ডৰ সমস্যা দূৰ কৰে:

কঠালত যথেষ্ট পৰিমাণে “কপাৰ” থাকে, যিয়ে থাইৰয়ড গ্ৰন্থিক কৰ্মক্ষম কৰি তোলে আৰু থাইৰয়ড হৰমোনৰ শোষণ আৰু সংশ্লেষণত সহায় কৰে।

৮)দৃষ্টি শক্তিৰ উন্নয়ন:

কঠালত যথেষ্ট পৰিমাণে ভিটামিন-এ থাকে, যিয়ে দৃষ্টি শক্তিৰ উন্নতি সাধন কৰে আৰু কুকুৰিকণা ৰোগ প্ৰতিৰোধ কৰে।

৯)ৰক্তাল্পতা(এনিমিয়া) প্ৰতিৰোধ কৰে:

কঠালত পৰ্যাপ্ত পৰিমাণে -
ভিটামিন-এ,
ভিটামিন-চি,
ভিটামিন-কে,
ভিটামিন-ই,
ভিটামিন-বি৬,
নিয়াচিন,
ফলেট,
পেন্থ’থেনিক এচিড,
কপাৰ(তাম),
মেংগানিজ,
মেগনেচিয়াম থাকে।
এইবোৰে তেজত ৰক্ত কণিকা গঠনত সহায় কৰি ৰক্তল্পতা ৰোগ প্ৰতিৰোধ কৰে।

১০)হাড় শক্তিশালী কৰে:

পটাছিয়াম আৰু মেগনেছিয়াম সমৃদ্ধ কঠালে হাড়ৰ ঘনত্ব বঢ়াই হাড় শক্তিশালী কৰি তোলে।

১১)বাৰ্ধক্যৰ গতি লেহেমীয়া কৰে:

কঠালত থকা এন্টি অক্সিডেন্টে দেহৰ ক্ষতিকাৰক ‘ফ্ৰী-ৰেডিকেলচ’ বোৰ ধ্বংস কৰি বাৰ্ধক্যৰ গতি লেহেমীয়া কৰে।

১২)সৌন্দৰ্য্য চৰ্চাত কঠালৰ গুটি:

কেইটামান কঠালৰ শুকান গুটি অলপমান গাখীৰ আৰু মৌত কিছুসময় তিয়াই থৈ পিছত সেইখিনি মিহিকৈ পিহি পেষ্ট তৈয়াৰ কৰি মুখ-মণ্ডলত সানি কিছুসময় ৰৈ শুকাবলৈ দিব লাগে আৰু তাৰ পিছত পৰিষ্কাৰ পানীৰে ধুই পেলাই কেইমিনিট মানৰ ভিতৰতে মুখৰ ছাল নিমজ আৰু মসৃণ কৰি তুলিব পাৰি।

১৩)ছালৰ সৌন্দৰ্য্য:

পৰিমিত ৰূপত নিয়মিত ভাৱে কঠাল খালে দেহৰ ছাল মসৃণ হয় আৰু ছালত সহজে বলিৰেখা নপৰে।

১৪)হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে:

কঠালত থকা ভিটামিন-বি৬(vitamin-B-6) এ হৃদপিণ্ড সুৰক্ষিত কৰি হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

১৫)আলচাৰ প্ৰতিৰোধী:

কঠাল আলচাৰ প্ৰতিৰোধী গুণেৰে ভৰা। ই পেটৰ আলচাৰ নিৰাময় কৰে আৰু পাচন প্ৰণালী শক্তিশালী কৰি হজম প্ৰক্ৰিয়াৰ আসোঁৱাহ দূৰ কৰে।

১৬)কঠাল এজমা ৰোগীৰ বাবেও উপকাৰী।

কীটনাশক আৰু কৃত্ৰিমতাৰ পৰা মুক্ত এই হেন থলুৱা বতৰৰ ফল কঠাল পৰিমিত ৰূপত নিয়মিতভাৱে গ্ৰহণ কৰি নিঃসন্দেহে আমি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰাত অৰিহনা যোগাব পাৰো।

মধুৰী আমৰ উপকাৰীতা :-●ফলমূলে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেতাৰে ভিতৰত এবিধ সকলোৰে প্রিয় ফল মধুৰীআম।●ইয়াত আছে ...
15/06/2024

মধুৰী আমৰ উপকাৰীতা :-

●ফলমূলে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
তাৰে ভিতৰত এবিধ সকলোৰে প্রিয় ফল মধুৰীআম।
●ইয়াত আছে প্ৰচুৰ পৰিমাণে ভিটামিন C
●চাৰিটা কমলাত থকা ভিটামিন C পোৱা যায় এটা মধুৰী আমত
●মধুৰী আমৰ ব্যৱহাৰে চকুৰ ৰশ্মি বৃদ্ধি কৰাত সহায় কৰে
●মধুৰীআমে আমাৰ শৰীৰত থকা চডিয়াম আৰু প্ৰ’টেছিয়ামৰ পৰিমাণ সমান্তৰ কৰি ৰাখে
●দিনে এটাকৈ মধুৰি খালে High BP সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে
●মধুৰীআমৰ লগতে মধুৰী গছৰ পাতৰো বিভিন্ন ঔষধি গুন আছে
●দাঁতৰ সমস্যাৰ থকা লোকে মধুৰী পাত খুন্দি খালে দাঁতৰ সমস্যা ভাল হয়
●বদহজমৰ লগতে পেটৰ বিভিন্ন সমস্যাৰ বাবে ডালিমৰ পাত অতিকৈ উপকাৰী
●ডালিমৰ পাত চাহ বনাই খালে মানসিক চাপ দূৰ হয়
●দিনে এটাকৈ মধুৰী খালে প্ৰেচাৰ নিয়ন্ত্ৰণ থাকে আৰু তেজ পৰিস্কাৰ কৰাত সহায় কৰে
●হজম শক্তি বৃদ্ধি কৰাটো সহায় কৰে মধুৰী আমে।

With Digital Sahay – I just made it onto their weekly engagement list by being one of their top engagers! 🎉
05/06/2024

With Digital Sahay – I just made it onto their weekly engagement list by being one of their top engagers! 🎉

25/05/2024

Dimapur train station To

Address

Udalguri
Udalguri
784509

Alerts

Be the first to know and let us send you an email when Pallab posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pallab:

Videos

Share