Prime Time National

Prime Time National Prime Time National India Based News Channel

24/06/2022

NDA's Presidential candidate reaches Parliament House ahead of her nomination filing.

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ঊনবিংশ সংখ্যক দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয়। এই দীক্ষান্ত সমাৰোহত  দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ...
26/02/2022

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ঊনবিংশ সংখ্যক দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয়। এই দীক্ষান্ত সমাৰোহত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি গৰাকীৰ আগমনকলৈ উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে বিশ্ববিদ্যালয়খনত। অনুষ্ঠানত ৰাষ্ট্ৰপতি গৰাকীৰ লগতে ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই দীক্ষান্ত সমাৰোহত ১২১০ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী আৰু ডিপ্লমা প্ৰদান কৰা হয়। লগতে, ৪৫ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হয় সোণৰ পদক। ৩ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হয় বিশ্ববিদ্যালয়ৰ বিশেষ পদক।

অসম আৰক্ষীৰ DSP পদত যোগদান অসমৰ গৌৰৱ, টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনা বৰগোহাঁইৰঅসম আৰক্ষীৰ DSP পদত যোগদান কৰি...
12/01/2022

অসম আৰক্ষীৰ DSP পদত যোগদান অসমৰ গৌৰৱ, টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনা বৰগোহাঁইৰ

অসম আৰক্ষীৰ DSP পদত যোগদান কৰিলে অসমৰ গৌৰৱ, টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনা বৰগোহাঁই (Lovlina Borgohain)য়ে। আজি জনতা ভৱনত আয়োজিত এক কাৰ্যসূচীত DSP পদত যোগ দিয়ে লাভলিনা বৰগোহাঁইয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ উপস্থিতিত লাভলিনাক প্ৰদান কৰা হয় এই সন্মান।
উল্লেখ্য যে লাভলিনা বৰগোহাঁই হৈছে অলিম্পিকত পদক জয় কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ। টকিঅ’ অলিম্পিকত বক্সাৰ লাভলিনাই ব্ৰঞ্জৰ পদক জয় কৰি অসমৰ ক্ৰীড়া ইতিহাসত ৰচনা কৰিছিল নতুন অধ্যায়ৰ।

31/12/2021

তেজপুৰত শোণিতপুৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান।

অসম বিধান সভাত লোকসভাৰ অধ্যক্ষ ঔম বিৰলা।Himanta Biswa Sarma  Om Birla
24/12/2021

অসম বিধান সভাত লোকসভাৰ অধ্যক্ষ ঔম বিৰলা।

Himanta Biswa Sarma Om Birla

আজি তেজপুৰ দোলাবাৰীত নিৰ্মাণ হবলগীয়া Science City আৰু Planetariumৰ ভূমি উন্নয়নৰ কামৰ শুভাৰম্ভ কৰে শোণিতপুৰ জিলাৰ উপায়ুক্...
24/12/2021

আজি তেজপুৰ দোলাবাৰীত নিৰ্মাণ হবলগীয়া Science City আৰু Planetariumৰ ভূমি উন্নয়নৰ কামৰ শুভাৰম্ভ কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত শ্ৰী ভূপেশ চন্দ্ৰ দাসে।

আজিৰ এই অনুষ্ঠানত শোণিতপুৰ জিলাৰ উপায়ুক্ত শ্ৰী ভূপেশ চন্দ্ৰ দাসৰ লগতে তেজপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পংকজ বৰা,গাভৰু খণ্ড উন্নয়ন বিষয়া হেমকান্ত বৰা, শোণিতপুৰ জিলা পৰিষদৰ কাৰ্য্যবাহী অভিযন্তা অম্লান শৰ্মা, লোক নিৰ্মান বিভাগৰ সহকাৰী অভিযন্তা অনুজ শৰ্মা, গাভৰু উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তা মঞ্জিত সিং, ভোমোৰাগুৰি জিলা পৰিষদৰ সদস্য ৰফিজ উদ্দিন আহমেদৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰীৰ উপস্থিতিত ভূমি উন্নয়নৰ কামৰ শুভাৰম্ভ কৰে।

Deputy Commissioner, Sonitpur Ranjeet Kumar Dass

15/12/2021

তেজপুৰত পুনৰ হব উচ্ছেদ

14/12/2021

ভয়ংকৰ দূর্ঘটনা

CDS বিপিন ৰাৱাত আৰু নাই...
08/12/2021

CDS বিপিন ৰাৱাত আৰু নাই...

Tribute to the great social reformer bharat Ratan Dr. Bhimrao Ambedkar on his death anniversary.
06/12/2021

Tribute to the great social reformer bharat Ratan Dr. Bhimrao Ambedkar on his death anniversary.

01/12/2021

দৰঙৰ মুদৈবাৰীত বাঘৰ সন্ত্ৰাস।

◆ যোৰহাট কাণ্ডৰ মূল অভিযুক্ত নিৰজ দাস ওৰফে কলা গুণ্ডাৰ মৃত্যু।◆ কলা গুণ্ডাই পুলিচৰ গাড়ীৰ পৰা পলায়নৰ চেষ্টা কৰিছিল কলা গু...
01/12/2021

◆ যোৰহাট কাণ্ডৰ মূল অভিযুক্ত নিৰজ দাস ওৰফে কলা গুণ্ডাৰ মৃত্যু।

◆ কলা গুণ্ডাই পুলিচৰ গাড়ীৰ পৰা পলায়নৰ চেষ্টা কৰিছিল কলা গুণ্ডাই।

◆ পলায়নৰ সময়তেই আনএখন পুলিচৰ গাড়ীয়ে খুন্দিয়ায় নীৰজ দাসক।

◆ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত কলা গুণ্ডাক JMCH মৃত বুলি ঘোষণা কৰে।

◆ দুৰ্ঘটনাত আন তিনিজন আৰক্ষী বিষয়াও আঘাতপ্ৰাপ্ত হয়।

যোৰহাটত আছু নেতাক হত্যাৰ প্ৰসংগত  মুখ্যমন্ত্ৰীৰ মন্তব্যআৰক্ষী অধীক্ষকৰ সৈতে কথা পাতি ব্যৱস্থা গ্ৰহণ কৰিম। ক্ষিপ্ৰতাৰে হব...
29/11/2021

যোৰহাটত আছু নেতাক হত্যাৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্য

আৰক্ষী অধীক্ষকৰ সৈতে কথা পাতি ব্যৱস্থা গ্ৰহণ কৰিম। ক্ষিপ্ৰতাৰে হব তদন্ত : মুখ্যমন্ত্ৰী

আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শোণিতপুৰ জিলাৰ বিহগুৰিস্থিত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নৱনিৰ্মিত ৩০খন বিছনাযুক...
28/11/2021

আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শোণিতপুৰ জিলাৰ বিহগুৰিস্থিত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নৱনিৰ্মিত ৩০খন বিছনাযুক্ত পেডিয়াট্ৰিক আই চি ইউ, ৩০খন বিছনাযুক্ত ক’ভিড আই চি ইউ আৰু শিক্ষক আৱাসিক কলনী উদ্বোধন কৰে। উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, এই নতুন সংযোজনে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়ন অধিক ত্বৰান্বিত কৰিব। উদ্বোধনী অনুষ্ঠানত মাননীয় মন্ত্ৰীসকল ক্ৰমে শ্ৰীকেশৱ মহন্ত, শ্ৰীঅশোক সিংহল, শ্ৰীঅজন্তা নেওগ আৰু মাননীয় সাংসদ শ্ৰীপল্লৱ লোচন দাসকে ধৰি স্থানীয় মাননীয় বিধায়কসকল উপস্থিত থাকে।

27/11/2021

তেজপুৰত লুৰিনজ্যোতি গৈগৈ Live

26/11/2021

কলিয়াভোমোৰা দলঙত পুনৰ দূৰ্ঘটন

প্ৰধান মন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা অন্তৰ্গত ২০২২ চনৰ মাৰ্চ মাহলৈকে হিতাধিকাৰীয়ে অতিৰিক্ত চাউল অথবা ঘেঁহু লাভ কৰিব ।  ...
24/11/2021

প্ৰধান মন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা অন্তৰ্গত ২০২২ চনৰ মাৰ্চ মাহলৈকে হিতাধিকাৰীয়ে অতিৰিক্ত চাউল অথবা ঘেঁহু লাভ কৰিব ।

24/11/2021

তেজপুৰ চিত্ৰলেখা উদ্যানত নতুন সংযোজন
নতুনকৈ শিশুৰ বাবে আৰম্ভ কৰা খেলা ঘৰ অথবা Game House

ফটোখনৰ ওপৰত আপোনাৰ মন্তব্য কি ???
24/11/2021

ফটোখনৰ ওপৰত আপোনাৰ মন্তব্য কি ???

24/11/2021

সত্যৰঞ্জন বৰাক সমালোচনা অসম জাতীয় পৰিষদৰ পাছমাইল আঞ্চলিক সভাপতিৰ ।

24/11/2021

কি সুন্দৰ বাহিৰ সুৰ

23/11/2021

অৱশেষত কলিয়াভোমোৰা দলঙৰ ভয়ংকৰ দুৰ্ঘটনাৰ সন্ধান লাভ কৰিলে আৰক্ষীয়ে ।

23/11/2021

তেজপুৰ কলিয়াভোমোৰাৰ পৰা Live

লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ উত্তম যুদ্ধ সেৱা পদক।
22/11/2021

লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ উত্তম যুদ্ধ সেৱা পদক।

22/11/2021

কলিয়াভোমোৰা দলঙৰ তলত পৰিল ট্ৰাক

21/11/2021

অহা ২৮ নভেম্বৰৰ পৰা ৩০ নভেম্বৰলৈ ৰাজ্যৰ দহখন জিলাৰ মহিলা আত্মসহায়ক গোটক এনে ৰাজ সাহাৰ্য্য প্ৰদান পক্ৰিয়া আৰম্ভ হ'ব

 #স্বচ্ছ_চহৰ_তেজপুৰতেজপুৰে চহৰে  উত্তৰ পূৰ্বাঞ্চলৰ চহৰসমূহৰ ভিতৰত স্বচ্ছ সৰ্বেক্ষণ 2021 ত 'আটাইতকৈ পৰিষ্কাৰ চহৰ' জিকিছেভ...
20/11/2021

#স্বচ্ছ_চহৰ_তেজপুৰ

তেজপুৰে চহৰে উত্তৰ পূৰ্বাঞ্চলৰ চহৰসমূহৰ ভিতৰত স্বচ্ছ সৰ্বেক্ষণ 2021 ত 'আটাইতকৈ পৰিষ্কাৰ চহৰ' জিকিছে

ভাৰত চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে কৰা এক ডিজিটেল জৰীপ স্বচ্ছ সৰ্বেক্ষণ 2021-ত উত্তৰ-পূব মণ্ডলৰ চহৰসমূহৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে জ্যোতিৰে প্ৰথম স্থান লাভ কৰিছে।

৫০,০০০ ৰ পৰা ১ লাখৰ ভিতৰত জনসংখ্যা থকা চহৰসমূহৰ শ্ৰেণীত তেজপুৰে প্ৰথম স্থান লাভ কৰিছিল।

ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি আয়োজিত স্বচ্ছ মহোৎসৱত এই বঁটা প্ৰদান কৰে।

President of India Deputy Commissioner, Sonitpur

Guru Nanak Jayanti
19/11/2021

Guru Nanak Jayanti

ৰাস পূৰ্ণিমাৰ আন্তৰিক শুভেচ্ছাৰে...
18/11/2021

ৰাস পূৰ্ণিমাৰ আন্তৰিক শুভেচ্ছাৰে...

শোণিতপুৰত প্লাষ্টিক ব্যৱস্থাৰ সন্দৰ্ভত বিশেষ নিৰ্দেশনাশোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা তেজপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়...
17/11/2021

শোণিতপুৰত প্লাষ্টিক ব্যৱস্থাৰ সন্দৰ্ভত বিশেষ নিৰ্দেশনা

শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা তেজপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়াই পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্ত্তন মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা, পৰিবেশ সংৰক্ষণ আইন ১৯৮৬ আৰু বৰ্ত্তমানৰ প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা (সংশোধনী) নিয়মাৱলী ২০২১ ৰ অধীনত এক চৰকাৰী অধিসূচনা অনুসৰি জাৰি কৰা জাননী যোগে সকলো পৰিয়াল, দোকানী, ব্যৱসায়ী, বাণিজ্যিক প্ৰতিষ্ঠান আদিক প্লাষ্টিক তথা প্লাষ্টিকৰ মোনা আদি ব্যৱহাৰ সন্দৰ্ভত বিশেষ নিৰ্দেশনা জাৰি কৰিছে।
সেই অনুসৰি যোৱা ৩০ চেপ্তেম্বৰ, ২০২১ ৰ পৰাই ৭৫ মাইক্ৰনতকৈ কম ঘনত্বৰ প্লাষ্টিক কেৰি বেগ নিষিদ্ধ কৰা হৈছে আৰু পৰবৰ্ত্তী সময়ত অৰ্থাৎ ৩১ ডিচেম্বৰ, ২০২২ তাৰিখৰ পৰা ১২০ মাইক্ৰন ঘনত্ব বা তাৰ ওপৰৰ প্লাষ্টিকহে ব্যৱহাৰ কৰিব পাৰিব।

অহা ১ জুলাই, ২০২২ তাৰিখৰ পৰা পলিষ্টাৰিন আৰু সম্প্ৰসাৰিত পলিষ্টাৰিন সামগ্ৰীৰ লগতে এবাৰ ব্যৱহৃত প্লাষ্টিকৰ প্ৰস্তুতকৰণ, আমদানি, মজুতকৰণ, বিতৰণ, বিক্ৰী তথা ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব।

ইয়াৰ ভিতৰত প্লাষ্টিকৰ কাণ-খৰিকা, বেলুনৰ বাবে ব্যৱহৃত প্লাষ্টিকৰ লাঠী, প্লাষ্টিকৰ পতাকা, কেণ্ডি ষ্টিক, আইচক্ৰীম ষ্টিক, দেকৰেচনৰ বাবে থাৰ্মোকল ব্যৱহাৰ আদি উক্ত নিয়মৰ অধীনত অৰ্ন্তভুক্ত হ’ব।

তদুপৰি প্লেট, কাপ, গ্লাছ, চামুচ, ছুৰী, প্লাষ্টিকৰে মেৰিওৱা মিঠা খাদ্যৰ বাকচ, নিমন্ত্ৰণী কাৰ্ড আৰু চিগাৰেটৰ পেকেটৰ আৱৰণ আদি, ১০০ মাইক্ৰনতকৈ কম ঘনত্বৰ প্লাষ্টিকৰ পিভিচি বেনাৰ আদিও উপৰোক্ত নিষেধাজ্ঞাৰ আওতাত পৰিব।

আনহাতে ৬০ গ্ৰাম প্ৰতি বৰ্গ মিটাৰ (জি এচ এম) তকৈ কম নন-ৱভেন প্লাষ্টিক কেৰী বেগৰ ব্যৱহাৰ ইতিমধ্যে যোৱা ৩০ চেপ্তেম্বৰ, ২০২১ পৰাই নিষিদ্ধ কৰিছে।‌এই নিৰ্দেশ তৎকালীন ভাৱে জিলাখনত কাৰ্যকৰী কৰা হৈছে আৰু ‌কোনো লোক তথা ব্যৱসায়ীয়ে এই নিৰ্দেশ উলংঘা কৰিলে পৌৰ আইনৰ নিয়মৰ অধীনত জৰিমনা ভৰিব লাগিব ।

From DIPRO. SONITPUR

Address

Tezpur

Website

Alerts

Be the first to know and let us send you an email when Prime Time National posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other News & Media Websites in Tezpur

Show All