10/02/2024
দক্ষিন শালমাৰাৰ বন্দিহানা আৰক্ষী চকীৰ আৰক্ষী বিষয়া ইয়াকুৱ আলীৰ বিয়োগ ।
জৰুৱা বন্দিহানাত শোঁকৰ ছাঁ।
বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ।
মৃত্যু এক চিৰন্তন সত্য । জন্মিলে মৃত্যু হব । কিন্তু কিছুমান মৃত্যু মানি লবলৈ টান । হয় তেনে এক মৃত্যুৰ বাতৰিয়ে শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে জৰুৱা বন্দিহানা অঞ্চলত ।
বন্দিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইয়াকুৱ আলীৰ মৃত্যুৰ বাতৰিয়ে ব্যাথিত কৰিছে অঞ্চলবাসীক ।
গোৱালপাৰা জিলাৰ ময়না পথাৰ গাৱৰ ইয়াকুৱ আলী বন্দিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছিল। কালি হঠাৎ অসুস্থতা অনুভৱ কৰাত ততাতৈয়াকৈ গুৱাহাটী নেম কেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হয় । তাতেই আজি পূৱা ৫ বজাত শেষ নিঃশ্বাস ত্যাগ কৰে।
তেওঁ এজন সৎ,আৰু নিষ্ঠাবান, ব্যক্তি আছিল।
তেখেৰ মৃত্যুত জৰুৱা বন্দিহানা অঞ্চলৰ বিভিন্নি দল সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।