FOCUS Live

FOCUS Live "ফ'কাছ লাইভ"
(1)

28/01/2025

শিৱসাগৰত অনুষ্ঠিত আছুৰ সাধাৰণ সভাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা।

27/01/2025

সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক সমীৰণ ফুকনক জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ লগতে বাসগৃহত উষ্ম আদৰণি।

27/01/2025

শিৱসাগৰত অনুষ্ঠিত আছুৰ সাধাৰণ সভাত সাধাৰণ সম্পাদক পদত নিৰ্বাচিত সমীৰণ ফুকন।

27/01/2025

শিৱসাগৰত আজিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা। আজি আছুৰ নেতৃবৰ্গই এন চি চি স্কাউট গাইড সকলৰ অভিবাদন গ্ৰহণৰ লগতে ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্টীৰ বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন।

27/01/2025

শিৱসাগৰত অনুষ্ঠিত আছুৰ সাধাৰণ সভাৰ বিভিন্ন কার্যসূচীত অংশগ্ৰহণ কৰিলে ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

27/01/2025

উদুলি-মুদুলি শিৱসাগৰ।

আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে আছুৰ সাধাৰণ সভা।

শিৱসাগৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ আৰু পৰাগ চলিহা ষ্টেডিয়ামত ২৭ আৰু ২৮ তাৰিখে দুদিনীয়কৈ অনুস্থিত কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা।

27/01/2025

অসমীয়া যুৱ মঞ্চৰ আমগুৰি আঞ্চলিক সমিতিৰ কাৰ্যালয়ত কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক আকাশ শইকীয়াৰ সংবাদমেল।

26/01/2025

শিৱসাগৰ হাঁহচৰাৰ শ্ৰীশ্ৰী খাটপাৰা সত্ৰৰ সত্ৰাধিকাৰ, মুখা শিল্পী ৰেৱকান্ত মহন্তলৈ ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান ঘোষণা।

ইয়াকে লৈ উৎফুল্লিত হাঁহচৰাৰ লগতে শিৱসাগৰ জিলাবাসী ৰাইজ। মুখা শিল্পৰ লগত জড়িত এইগৰাকী বিশিষ্ট ব্যক্তিয়ে পূৰ্বে ৰাষ্ট্ৰপতিৰ দ্বাৰা কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

26/01/2025

স্বেচ্ছাসেৱী অনুষ্ঠান "পোহৰ ক্লাৱ"ৰ উদ্যোগত ডিমৌ কাষৰীয়া ৰাজমাই পাখিমূৰীৰ গণেশ পূজা ফিল্ডত বিভিন্ন কাৰ্যসূচীৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস পালন।

26/01/2025

ডিমৌত কুকুঁৰা যুঁজ আৰু জুৱা খেলৰ বিৰুদ্ধে ডিমৌ আৰক্ষীৰ অভিযান। আৰক্ষী অহাৰ উমান পাই জুৱাৰীৰ মাৰাথান দৌৰ।

26/01/2025

ডিমৌ সমজিলা আয়ুক্ত কাৰ্য্যালয়ৰ উদ্যোগত আৰু ডিমৌবাসী ৰাইজৰ সহযোগত ডিমৌ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত ৭৬ সংখ্যক গণৰাজ্য দিৱসত আৰক্ষী, অৰ্ধ সামৰিক বাহিনী, গৃহৰক্ষী বাহিনীৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ পেৰেড প্ৰদৰ্শন।

25/01/2025

নাজিৰা মেকিপুৰ পাতঘৰ চাৰিআলিত চাঞ্চল্যকৰ ঘটনা৷ সপ্তম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীক দুবৃৰ্ত্তই কু*কা*ণ্ড সংঘটিত কৰি হ*ত্যা কৰাৰ সন্দেহ ৰাইজৰ।

প্ৰায় চাৰিদিন ধৰি নিৰুদ্দেশ হৈ আছিল নাজিৰাৰ মেঠনচোৱাৰ ওড়িয়া বস্তিৰ ছাত্ৰীগৰাকী৷ নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে গেলেকী আৰক্ষী থানাত অৱগত কৰিছিল যদিও ছাত্ৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল আৰক্ষী৷

আজি নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত নাজিৰা পাতঘৰ চাৰিআলিৰ M/S AHMED STONE CRUSHER নামৰ প্ৰতিষ্ঠানটোত দম কৰি থোৱা শিলৰ মাজত ছাত্ৰীগৰাকীৰ মৃ*ত*দেহ উদ্ধাৰ কৰা হয়৷

ঘটনাস্থলীত স্থানীয় নাজিৰা আদৰ্শ আৰক্ষী থানাৰ লোক উপস্থিত হৈ মৃ*ত*দেহটো মৰুণোত্তৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

25/01/2025

শিৱসাগৰ নগৰৰ সমীপৰ আমগুৰি গাঁৱত স্থানীয় ৰাইজৰ প্ৰতিবাদ। ONGCৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ অঞ্চলবাসী ৰাইজৰ।

এটি ৰোডৰ পৰা আমগুৰি গাওঁ সংযোগী দিখৌ নদীৰ মথাউৰিৰ বিপদাপন্ন অৱস্থাক লৈ ৰাইজৰ এই প্ৰতিবাদ।

25/01/2025

শিৱসাগৰ বকতাত চতুৰ্থ বাৰ্ষিক সমন্বয় গ্ৰন্থ উৎসৱ উদযাপন।

বৌদ্ধিক জাগৰণৰ দিশত এখোজ সংকল্প লৈ ২৪ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰী তাৰিখলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ বকতাৰ নঙলামৰা গড়মূৰ ৰাজহুৱা খেল পথাৰৰ সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱা ক্ষেত্ৰত চতুৰ্থ বাৰ্ষিক সমন্বয় গ্ৰন্থ উৎসৱ উদযাপন কৰা হৈছে।

24/01/2025
24/01/2025

শিৱসাগৰৰ আহোম ৰাজত্ব কালৰ ঐতিহাসিক চেংমুন বুঢ়াগোঁহাই পুখুৰী বেদখল কৰাকলৈ উত্তপ্ত পৰিস্থিতি।

ঐতিহাসিক পুখুৰীটোত অবৈধভাৱে দেৱাল নিৰ্মাণ, মাটি পেলাই পুখুৰী পুতিবলৈ লোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সচেতন ৰাইজ তথা জাতীয় দল সংগঠন সমূহে।

24/01/2025

ৰক্তদান মহান দান। এই বাণীক শিৰোগত কৰি সৰ্বভাৰতীয় ঔষধ ব্যৱসায়ী সন্থাই শিৱসাগৰৰ জয়দয়াল খেমকা মাতৃ সেৱা সদনত ৰক্তদান শিৱিৰৰ আয়োজন কৰিছে।

অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অৱ কেমিষ্ট এণ্ড ড্ৰাগিষ্টৰ ৫০ বছৰ পূৰ্তি উপলক্ষে ৭৫০০০ ইউনিট ৰক্তদানৰ লক্ষ্যৰে উদ্যোক্তা সকলে এক বিশ্ব ৰেকৰ্ডৰ পৰিকল্পনা কৰিছে।

24/01/2025

অসমৰ ভূমিত পুনৰ নগালেণ্ডৰ দপদপনি।

শিৱসাগৰৰ হালোৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত অসম-নগালেণ্ড সীমান্তত নগাই খান্দিছে বিবদমান এলেকাৰ ভূমি।

অসমীয়া যুৱ মঞ্চৰ এক সঁজাতি দলে উক্ত বিবদমান এলেকা পৰিদৰ্শন কৰি মাটি খনন কাৰ্য বন্ধ কৰিবলৈ দাবী জনাইছে।

Address

Sibsagar
785662

Telephone

+916000273076

Website

Alerts

Be the first to know and let us send you an email when FOCUS Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to FOCUS Live:

Videos

Share