25/12/2023
১৯১৬ চনৰ আজিৰ দিনটোতেই ঐতিহাসিক লতাশিল খেলপথাৰত চন্দ্ৰনাথ শৰ্মা প্ৰমুখ্যে ছাত্ৰ সমাজৰ উদ্যোগত আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সভাপতিত্বত অনুষ্ঠিত সভাত জন্ম লাভ কৰিছিল - অসমৰ প্ৰথমটো ছাত্ৰ সংগঠন 'অসম ছাত্ৰ সন্মিলন'য়ে। পাছৰ সময়ছোৱাত এই 'অসম ছাত্ৰ সন্মিলন'য়েই বাট কাটিছিল 'সদৌ অসম ছাত্ৰ সন্থা'ৰ। সেইবাবেই আজিৰ দিনটো প্ৰত্যেকগৰাকী জাতিটোক ভালপোৱা অসমীয়াৰ বাবে, অসমৰ ছাত্ৰ সমাজৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন।
১০৭ বছৰীয়া এই স্বৰ্ণিল যাত্ৰাৰ সৈতে জড়িত প্ৰতিগৰাকী মনীষীলৈ আজি এই পবিত্ৰ ক্ষণত আন্তৰিক শ্ৰদ্ধা যাচিলোঁ।
।।জয় আই অসম।।