Sahid geming

Sahid geming चलो� #मुस्कुराने की� ढुंढते हैं,

�हमें ढुंढो.. �तुम्हे ढुंढते हैं!

১মিনিট সময়লৈ এবাৰ পঢ়িবলৈ চেষ্টা কৰিব 🙏                            প্ৰথম খণ্ড                  #ভালপোৱাৰ_শেষ_উপহাৰএজনী ...
13/12/2023

১মিনিট সময়লৈ এবাৰ পঢ়িবলৈ চেষ্টা কৰিব 🙏
প্ৰথম খণ্ড
#ভালপোৱাৰ_শেষ_উপহাৰ
এজনী ১৯ বছৰীয়া ছোৱালী তাইৰ প্ৰেমিকৰ ওচৰত গৈ সুধিলে,,,,

ছোৱালী: মোৰ ২০তম জন্মদিনত তুমি মোক কি উপহাৰ দিবা?
ল'ৰাজনে মিচিকিয়া হাঁহিৰে উত্তৰ দিলে,,,

ল'ৰা: এতিয়া লৈকে বহুত সময় আছে আৰু সময় হ'লে তুমি তোমাৰ জন্ম দিনৰ উপহাৰ পাই যাবা।

কেইদিনমান যোৱাৰ পিছত ছোৱালী জনী হঠাৎ অসুস্থ হৈ পৰে!
ঘৰৰ সকলোঁ অস্থিৰ হৈ পৰে! কোনেও একো বুজি পোৱা নাছিল যে হঠাৎ ছোৱালী জনীৰ কি হৈ গ'ল?
তেতিয়া একো উপায় নাপাই, সকলো মিলি ছোৱালী জনীক হস্পিতাললৈ লৈ যায়।

হস্পিতালত ডক্টোৰে বহুত পৰীক্ষা নিৰীক্ষণ কৰাৰ পিছত তেঁওলোকৰ পৰিয়ালক জনাই যে,,,,

প্ৰিয়াৰ, হাৰ্টত এটা ফুটা ধৰা পৰিছে! অতি সোনকালে যদি প্ৰিয়াৰ হাৰ্ট পৰিবৰ্তন কৰা নহয় তেতিয়া হ'লে প্ৰিয়াক বচোৱাটো সম্ভৱ নহবও পাৰে!!

পৰিয়ালে এই কথা শুনি মৰ্মান্তিক হৈ পৰিল!! এতিয়া কি কৰিব? কি নকৰিব? একোৱেই বুজি পোৱা নাছিল!!
প্ৰিয়াৰ মাক-দেউতাকে কোনো পৰ্যায়েই এই মৰ্মান্তিক ঘটনাটো মানি লব পৰা নাছিল!!

প্ৰিয়াৰ প্ৰেমিক বিক্ৰম। প্ৰিয়াৰ বিষয়ে ডাক্তৰৰ পৰা সকলোবোৰ শুনি মনে মনে ভাঙি পৰিল, যে এইটো কোনো পৰ্যায়েই হব নোৱাৰে!!

তাৰ পিছত বিক্ৰম অলপ শান্ত হৈ প্ৰিয়াৰ ৰোমত গ'ল! ৰোমত দেখিলে যে তাৰ ভাল পোৱা মানু্হজনী বিচনাত শুই আছে।।

বিক্ৰম ওচৰত যোৱাৰ লগে লগে ছোৱালীজনীয়ে ক'লে,,,

প্ৰিয়া: বিক্ৰম মই চাগে আৰু জীয়াই নাথাকোঁ।
প্ৰিয়াৰ চকুৰ পানী মুচি বিক্ৰমে প্ৰিয়াক ক'লে,,,

বিক্ৰম: কোনে কলে তুমি জীয়াই নথকা বুলি, তুমি অতি সোনকালে ভাল হৈ যাবা!!!
তেতিয়া প্ৰিয়াই প্ৰশ্নৰে সুধিলে,,,

প্ৰিয়া: তুমি কেনেকৈ গম পোৱা, ডক্টৰে দেখোন কলেই যে মোৰ হাৰ্টত এটা ফুটা আছে আৰু মোক বছোৱাটো সম্ভৱ নহয়!!

বিক্ৰম: ধুৰ পাগলী!!
তোমাৰ একো নহয়! চাবা তুমি অতি সোনকালে ভাল হৈ যাবা।

এনেদৰে কিছু দিন যোৱাৰ পিছত প্ৰিয়া সম্পুৰ্ণ ৰূপে সুস্থ হৈ উঠিল আৰু ঘৰলৈ উভতি আহিল।

ঘৰত আহিয়েই তাই বিক্ৰমক বিছাৰি ফুৰিছিল।
কতো নাপাই, উপায় হীন হৈ বিক্ৰমৰ ঘৰত গৈ উঠিল।
বিক্ৰমৰ ঘৰত কোনো নাছিল, অৱশেষত তাই বিক্ৰমৰ সৰু ভণ্টিক দেখা পালে!!

প্ৰিয়া: কি হ'ল? তোমাৰ ককাইক যে নাই দেখা।

বিক্ৰমৰ ভন্টিয়ে মুখেৰে মাত নকৰি, হাতৰ ভাষাৰে বিক্ৰমৰ ৰোমৰ ফালে দেখাই ক'লে যে টেবুলৰ ওপৰত আপোনাৰ কাৰণে এখন চিঠি আছে!!

এই কথাটো শুনি প্ৰিয়াই বিক্ৰমৰ ৰোম লৈ দৌৰি গৈ টেবুলত থকা চিঠিখন পঢ়িবলৈ আৰম্ভ কৰিলে।

চিঠিখনত লিখা আছিল যে,,,,,,

মৰমৰ প্ৰিয়ত্তমা,
মই জানো যিদিনাখন তুমি মোৰ এই চিঠিখন পাবা, মোৰ বিশ্বাস সেইদিনাখন তুমি সম্পুৰ্ণ সুস্থ হৈ যাবা। সকলো ঠিক হৈ যাব আগৰ নিচিনা কৈ, যেনেদৰে মই তোমাক কৈছিলো!! মই কোৱা নাছিলোঁ জানো যে তোমাৰ একোয়েই নহয় বুলি, চালানে ঠিক তেনেকুৱাই হ'ল।
তুমি মোৰ ওচৰত তোমাৰ ২০ তম জন্মদিনৰ উপহাৰ কি দিম বুলি সুধিছিলা নহয় জানো!! মই বহুত ভাবিলো, চিন্তা কৰিলো যে তোমাক কি উপহাৰ দিম কিন্তু একো ভাল বস্তু পোৱা নাই। সেই সময়ত মোৰ মনলৈ এটা ভাৱ আহিল, যেতিয়া ডাক্তৰৰ পৰা তোমাৰ বেমাৰৰ কথা সুধিছিলোঁ তেতিয়া তোমাৰ হাৰ্টৰ কথা কৈছিল আৰু লগতে কৈছিল যে এটা হাৰ্টৰ প্ৰয়োজন, তোমাৰ হাৰ্ট পৰিৱৰ্তন কৰিব পাৰিলে তোমাৰ জীয়াই থকাৰ সম্ভাৱনা আছে। তেতিয়া মোৰ অনুভৱ হ'ল যে তোমাৰ কাৰণে পৃথিৱীৰ ভিতৰত ইয়াতকৈ ডাঙৰ উপহাৰ আৰু হব নোৱাৰে। মোৰ হাৰ্ট টোৱেই আছিল তোমাৰ কাৰণে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ। এইটোয়েই মই তোমাক দি থৈ গ'লোঁ।
মন বেয়া নকৰিবা!! মই সদায় তোমাৰ কাষতে আছোঁ আৰু মই আকাশৰ পৰা সদায় তোমাক চাই থাকিম।

ইতি
তোমাৰ ভালপোৱা
🙏🙏

✍️✍️ চাইদুল

08/03/2023

হাঁহিৰ খোৰাক

28/02/2023

Address

Tangla
Ramtek
784523

Telephone

+919957435708

Website

Alerts

Be the first to know and let us send you an email when Sahid geming posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sahid geming:

Videos

Share

Nearby media companies


Other Gaming Video Creators in Ramtek

Show All