যাযাবৰী জীৱন JaJabori Jibon

যাযাবৰী জীৱন  JaJabori Jibon A completely entertaining system with photos, videos, memes and motivational speech

31/03/2023

https://youtu.be/W-M72uCBlkA

মুক্তি পালে উদয়ীমান কন্ঠশিল্পী "নিতুল কুমাৰ মেধী"ৰ অসমীয়া কমেডি আধুনিক গীত "অ' মোৰ হিমানী"....ওপৰৰ you tube লিংকত ক্লিক কৰি গানটি শুনিব পাৰিব....গীতটিলৈ আমাৰ ফালৰ পৰা থাকিল বহুত বহুত শুভকামনা ॥
Nitul Kumar Medhi

#যাযাবৰী_জীৱন_jajabori_jibon

29/07/2022

#এটি_সঁচা_ঘটনাৰ_আধাৰত
মোৰ আত্মহত্যা কৰিবৰ আজি এবছৰ সম্পূৰ্ণ হল । মোৰ মৃত্যুৰ দিনা মোৰ পৰিয়ালৰ লগতে মোৰ শুভাকাংশী খিনিও কান্দিছিল । কিন্তু আজি এবছৰত সকলো আগৰ দৰে স্বাভাৱিক হল নে ??

যিবোৰ শুভাকাংশী মোৰ বাবে কান্দিছিল আজি তেওলোকৰ চকুত চকুপানী নাই । দুই এজনে মোৰ গুন গাই অলপ দূখ কৰিছে । কিন্তু মোৰ মা, ভ‍াইটি, বাইদেউজনী সকলো আগৰ দৰেই আছে নে ?

কৰবাৰ পৰা ঘৰলৈ আহি মাক বিচাৰি চিঞৰি থকাটো মোৰ পুৰণা অভ্যাস । আজিও চিঞৰি আহিছো । কিন্তু আজি কোনেও নুশুনে মোৰ কথা, কাৰণ মই এতিয়া মাথো এটি ছায়া । চোতালত মোৰ আত্মাৰ সদগতিৰ বাবে পূজা অৰ্চনা কৰি আছে ।

মাক চোতালত নেদেখি মাৰ কোঠালৈ দৌৰি গলো, মা শুই আছিল । মাৰ ছাগে আজি বহুত কষ্ট হল । লাহে লাহে মাৰ ওচৰত গৈ দেখিলো মা শুই থকা নাই । বুকুত মোৰ ফটোখন লৈ কান্দি আছে ।

মা য়ে মূখেৰে একো কব পৰা নাছিল,ওঠ দুটা কপি আছিল,মাজে মাজে মোৰ ফটোখনত কপা ওঠেৰে চুমা খাইছিল । মাৰ চকুলো মই মুচিব নোৱাৰো আৰু সহিবও নোৱাৰো ।

ও ভ‍াইটি কত আছে ?? বাৰান্দাৰ এচুকত চকী এখনত বহি আছে তেও । মাজে মাজে ডিঙিত লৈ থকা গামোচা খনেৰে চকুলো মচি আছে । সকলো দুখ বেদনা বুকুৰ মাজত জ্বলি পুৰি যাব দিছিল যদিও চকুলো ওলাই তেওৰ । এজন কান্ধসমনীয়া ভাইক হেৰুৱাৰ বেদনা তেওতকৈ কোনে ভালকৈ বুজিব ।

যিজনী ছোৱালীৰ বাবে আত্মহত্যা কৰিছিলো, তাই কেনে আছে এতিয়া ?? শুনিলো তাইৰ বোলে এতিয়া বিয়া গল । তাই এতিয়া বহুত সুখী, গিৰিয়েক জনে ভাল চাকৰি কৰে আৰু এটা ভাল খবৰ তাই এতিয়া মাক হবলৈ ওলাইছে । তাইৰ বাবে মই এতিয়া অতীত, এটা বেয়া সপোন, ভূল কৰিলো মই প্ৰেমৰ বাবে আত্মহত্যা কৰি ।

যিটো সময়ত ঘৰৰ দায়িত্ব মাৰ চকুপানী মচি দিব পাৰিব লাগিছিল, ভাইটিৰ লগত একেলগে ঘৰখন চলাই নিব লাগিছিল সেই সময়ত মই পলালো । কাৰণ মই এজন কাপুৰুষ,অ মই এজন কাপুৰুষ । ঘৰখনৰ সকলো সুখ কাঢ়ি লৈ গলো মই । মই মৰি মৰি ও পাপ কৰি গলো ।

সংগৃহীত

25/07/2022

♦️ আজিকালি প্ৰায় সকলো ছোৱালীয়ে ফেচবুক ব্যৱহাৰ কৰে, অনলাইনত থাকিলে প্ৰফাইলত সেউজ সংকেত এটা অন্ হৈ থাকে । ইয়াত আপোনাৰ অথবা মোৰ সমস্যাটো ক'ত ?

কিন্তু দেখা যায় সামাজিক মাধ্যমত কিছুমান অসামাজিক প্ৰাণী আছে, যিসকলে ফেচবুকত ছোৱালীবোৰক অনলাইনত দেখিলেই মেচেজ কৰিবলৈ ধৰে, বিভিন্ন নগ্ন ছবি অথবা ভিডিঅ' শ্বেয়াৰ কৰিবলৈ ধৰে ! নিজৰ মানসিকতাৰ চৰম স্খলনৰ কথা এনেবোৰ কাণ্ড-কাৰখানাই উদঙাই নধৰেনে ?

এই ছোৱালীবিলাকৰ সকলোৱে কিন্তু প্ৰেম অথবা প্ৰেমিকক লৈ ব্যস্ত হৈ নাথাকে, ইহঁতৰ সকলোৱে কিন্তু মেচেঞ্জাৰত গল্পৰ মজলিচ নাপাতে; কোনো কোনো ছোৱালীয়ে অনলাইনত থাকিও এটি‌ কথাও নকয় কাৰো লগত, প্ৰয়োজনবোধো নকৰে । ইহঁতৰ কাম হৈছে নিউজফিডৰ ওপৰৰ পৰা তললৈ আৰু তলৰ পৰা ওপৰলৈ ঘূৰি ফুৰা ।

♦️ কিন্তু আমি সকলোৱে কি ভাৱো ?
এজনী ছোৱালী ফেচবুক ব্যৱহাৰ কৰিলেই দেখা যায় যে বহুতো শিক্ষিত লোকেও তাইলৈ প্ৰশ্নবোধক দৃষ্টি দিয়ে ? অনলাইনত অলপ বেছি সময় বিভিন্ন মনোৰঞ্জনমূলক লেখা, মিম, শিক্ষামূলক গল্প, কবিতা আদি পঢ়ি অতিবাহিত কৰিলেই প্ৰায় সকলোৱে ভাৱে তাই ভাল ছোৱালী নহয়, তাই হয়তো বহুতৰ লগত চ্যাট কৰে অথবা প্ৰেমত হাবুডুবু খাই আছে ! এয়া কেনে কথা ?

স্বাভাৱিকতে আমাৰ দৃষ্টিভংগী অলপ বেঁকা....
এনে বহু ছোৱালী আছে, যাক দহটা মেচেজ দিলেও আপুনি কোনো ৰিপ্লাই নাপাব । তেতিয়া হয়তো আপুনি ভাৱিব যে ছোৱালীজনী বৰ বেছি অহংকাৰী । কিন্তু নহয়, তাই স্বাভীমানী ।

♦️ কেতিয়াবা কি আপুনি ভাৱিছে ....
আপুনি যাক সুধিছে তাই কেনে আছে, সেইয়া জনাটো কি আপোনাৰ কাৰণে বহুত জৰুৰী ? তাই মেচেজৰ ৰিপ্লাই নিদিলে আপোনাৰ ক্ষতি হ'বনে ? নে আপোনাক ৰিপ্লাই নিদিলে তাইৰ ক্ষতি হ'ব ? আপোনাৰ লগত কথা পতাৰতো এটি বিহিত আৰু উপযুক্ত কাৰণ থাকিব লাগিব ।

আপোনাৰ আলাপ কৰাৰ চাহিদা সকলোৱে পূৰণ নকৰিব পাৰে, কাৰণ আপোনাৰ দৰে তেওঁৰ মনতো চাহিদা জাগ্ৰত নহ'বও পাৰে । কথাটো মনত ৰখা উচিত ।

♦️ মুঠতে কথা হৈছে,
ফেচবুক ব্যৱহাৰ কৰা মানেই প্ৰেম কৰা নহয়
অনলাইনত থকাৰ মানে অযথা মূল্যহীন নহয়
আপোনাৰ মেচেজৰ ৰিপ্লাই নিদিলেই অহংকাৰী নহয়

সকলোৱে যদি নিজৰ ইচ্ছামতে সময় অতিবাহিত কৰিব পাৰে, নিজৰ পছন্দমতে সময় ব্যয় কৰিব পাৰে তেন্তে কোনোৱে অহংকাৰী নহয় ।

ফেচবুক এটি সামাজিক মাধ্যম, ইয়াতো সামাজিকতা বজাই ৰখাটো উচিত ।

© নীল সমুদ্ৰৰ সাহিত্য চৰ্চা

25/06/2022

কিছুমানে আত্মহত্যা কৰাৰ আগতে এখন চিঠি লিখে, কিন্তু চিঠিখন নিলিখিব, প্ৰথমে এটা দীঘলীয়া উশাহ লব আৰু চিধাই এখন হস্পিতাললৈ যাৱ। মেনটাৰনিটি ৱাৰ্ড ক'ত আছে এবাৰ সুধি লৱ। দুৰৰ পৰায়ে শুনিব এজনী মাতৃৰ সন্তান জন্ম দিয়াৰ প্ৰসব বেদনা। দুৰৰ পৰায়ে চাব কেনেকৈ ইমান বেদনা লৈ অহাকালিৰ ভবিষ্যতক জন্ম দিছে।

যদি অন্তৰৰ পৰা চাইছে আপোনাৰ চকুৰ পৰা চকুপানী ওলাব, কেইটোপালমান মাটিত পৰিছে, কেইটোপালমান আপুনি হাতেৰে মুচিছে।

যদি পাৰে ওচৰলৈ গৈ ফুলকুমলীয়াটোৰ মাকক সুধিব, ইমান বেদনা কেনেকৈ সহ্য কৰিলে আপুনি !

উত্তৰ আহিব, মই বেদনা অনুভৱে কৰা নাছিলো, যেতিয়া মই কান্দোনৰ শব্দ, তাৰ প্ৰথম স্পৰ্শৰ অনুভুতি লৈছিলো, যেতিয়া তাক মই মোৰ বুকুৰ গাখীৰ খুৱাইছিলো তেতিয়া সমস্ত দুখ যন্ত্ৰণা পাহৰি গৈছিলো।

এতিয়াওঁ ৰৈ নিদিব আপুনি, এই কথাখিনি শুনাৰ পিচত হস্পিতালৰ পৰা বাহিৰলৈ আহিব আৰু চহৰৰ মাজলৈ যাব আপুনি, তাত থকা সৰু সৰু বেপাৰী, বনুৱাৰ লগত কথাবতৰা হব,।

প্ৰথমে শান্ত মনেৰে তেওঁলোকক চাব', দেখিব কাৰোবাৰ গাটো ঘামেৰে তিতি গৈছে, কাৰোবাৰ ককাল বেকা হৈ গৈছে গধুৰ বস্তু দাঙি।

তেওঁলোকক শুধিব ইমান বেয়া অবস্থাৰেওঁ কিয় কাম কৰি আছে,!

তেওঁলোকে উত্তৰ দিব, মই ভাগৰা নাই, ঘামেৰে তিতি যাওঁ বা তেজেৰে তিতি গলেওঁ মই ভাগৰিব নোৱাৰিম, মোৰ কাৰণে মোৰ লৰা ছোৱালী হালে ৰৈ থাকিব, মই বজাৰ কৰি নিয়াৰ পিচতহে মোৰ ঘৰৰ চৌকা জ্বলিব। মই সিহতৰ কাৰণে কাম কৰিবলৈ আহো, হয় অলপ ভাগৰ অনুভৱ কৰো কিন্তু গধুলী সিহতৰ মুখকেইখন চোৱাৰ পিচত সকলো পাহৰি যাওঁ।

এইবোৰ চাই আকৌ ঘৰলৈ আহিব, ঘৰলৈ আহি নিজৰ মা দেউতাৰ মুখত বাহিৰত চাই অহা মা দেউতাকৰ চবিখন চাব।

ইয়াৰ পিচত নিজৰ ৰূমলৈ যাব আৰু সেই চিঠিখন লিখিবলৈ আৰম্ভ কৰক, চাব আপোনাৰ শব্দবোৰ নিজে নিজে সলনি হৱ।

মই মৰিবলৈ বিচাৰিছিলো, কিন্তু এতিয়া মই প্ৰতিটো মুহুৰ্ত আপোনাৰ লগত সুখেৰে কটাব বিচাৰো।

ভুল হৈ গৈছিল মোৰ, এটা অপৰাধ কৰিবলৈ গৈছিলো কিন্তু মই এতিয়া জীয়াই থাকিবলৈ বিচাৰো।

আত্মহত্যা কাপুৰুষালী হয়, কোনো বাহাদুৰিৰ কাম নহয়।
আত্মহত্যা নহয়, এনেকুৱা কাম কৰক আপুনি যোৱাৰ পিচতো যেন মানুহে আপোনাক মনত কৰি দুখ কৰে।

Credit - Anjan N Thakuria
২৫-৬-২০২২

18/06/2022

বানপানীত মানুহৰ ঘৰ ডুবি যায়, উস...! কি যে অসহায় অৱস্থা হয় মানুহৰ; যাৰ ঘৰত পানী সোমাই তেওঁৰ বাহিৰে উপলব্ধি কৰা সম্ভৱ নহয় । অঞ্চলে-অঞ্চলে মানুহবোৰ পানীবন্দী হৈ আছে; কৰ্মলৈ যাব নোৱাৰে, ছাত্ৰ-ছাত্ৰীয়ে পাঠগ্ৰহণ কৰিব নোৱাৰে, নিবনুৱাই চাকৰিৰ কাৰণে আবেদন কৰা পৰীক্ষাসমূহ বাতিল হ'ল ! তাতে আকৌ কিছুমান মানুহৰ চিন্তা দুদিন পিছত কি খাব ?

হাঁহ, কুকুৰা, গৰু-ছাগলী, গৃহপালিত জীৱ-জন্তুৰ অৱস্থা উদ্বেগজনক, ক'ত আশ্ৰয় ল'ব ! ঘৰত গেছ নাথাকিব, খোৱা পানীৰ অনাটন হ'ব, বিদ্যুৎ কৰ্তন হ'ব, যাতায়ত বিকল হ'ব ! ভাৱি চাওকচোন, এনে সময়ত মানুহৰ কেনে তীব্ৰ অসহায়বোধ হ'ব পাৰে !

বানপীড়িত এলেকাত মানুহৰ ভিৰ হয়, অনা-বানপীড়িত ঠাইৰ পৰা মানুহবোৰ গৈ ভিৰ কৰে ! ফটো উঠে, আপলোড কৰে, হেজটেগ ব্যৱহাৰ কৰে । এইবোৰ মই আগে-পিছে স্বচক্ষে প্ৰত্যক্ষ নকৰা নহয় ।

এয়া আৰম্ভণিহে, বৰ্ষাকাল এতিয়াও বহুত বাকী ! আৰু কিমান যে বৰষুণ হ'ব, বান হ'ব ! এফালে কৰোণাই আধা মৰা মানুহ নামৰ জীৱবিধ এইবাৰ আকৌ বানত হাবু-ডুবু খাব । মানুহৰ জীৱন ধাৰণাৰ ন্যূনতম সুবিধাকণ থাকিব জানো ?

গুৱাহাটীত বানপানী, নদী কাষৰীয়া এলেকাত বানপানী । মাথাউৰিবিলাকৰ ভিতৰত থকা মানুহবোৰৰ অৱস্থা বেয়া । সংগ্ৰাম কৰিবলৈ জন্মগ্ৰহণ কৰা মানুহে বানপানীৰ লগত সংগ্ৰাম কৰি যাব, জীয়াই থকাৰ আপ্ৰাণ চেষ্টাত ব্ৰতী সকলো । কিন্তু জীৱনে যদি পদে-পদে মানুহক হাৰা-শাস্তি কৰি থাকে তেন্তে আজীৱন সংগ্ৰাম কৰাৰ মানসিকতা মানুহৰ থাকিব জানো ? মূল্য বৃদ্ধিৰ মাধমাৰৰ কথা এইখিনিতে নক'লোৱেইবা !

এটা সময়ত হয়তো চৰকাৰী সাহাৰ্যবোৰ মানুহৰ ওচৰ গৈ পাব, মিডিয়া কভাৰেজ হ'ব । পাঁচ কেজি চাউল, আধা লিটাৰ মিঠাতেল, এক পেকেট নিমখ, এক-দুই কেজি আলু, আধা কেজি দালি বানপীড়িত সকলোৰে ঘৰে-ঘৰে হাজিৰ কৰাব চৰকাৰে । তাৰ পিছত....? এইখিনিতে মানুহৰ জীৱন চলিব পাৰেনে ? তাৰ পিছত তেওঁলোকৰ খবৰ কোনে ৰাখিব ?

যাৰ বেংক বেলেঞ্চ আছে, তেওঁলোকে লেকামহীন মূল্যত বিক্ৰী হোৱা সামগ্ৰী হয়তো কিনি খাব পাৰিব, কিন্তু কিনিবলৈ ঘৰৰ পৰা ওলাই যাব পাৰিবতো লাগিব ! এয়াও এক সমস্যা । যাৰ বেংক বেলেঞ্চ নাই ? সমস্যা তেওঁলোকৰ কাৰণে সাগৰসম । ঘৰৰ দুৱাৰ খিৰিকী আধালৈকৈ ডুবি যোৱা, সেই আধা মুক্ত খিৰিকীৰে বাহিৰলৈ চাই থাকিব যদি এখন নাও আহি সহায়ৰ হাত আগবঢ়াই থৈ যায় ! তেওঁলোকৰ প্ৰয়োজন মাথো সামান্য খাদ্য-সামগ্ৰী ।

অনা-বানপীড়িত এলেকাত বহি, বিশাল অট্টালিকাৰ ওপৰত উঠি নিৰাপদ আছো বুলি ভাৱি; আৰু অলপ বেছি বানপানী হ'লে কাৰ কাৰ বেছি ক্ষতি হ'ব সেই আশা কিমান ভয়ানক....? বৰষুণত গুৱাহাটী ডুব যোৱাৰ কথা কৈ ইতিকিং কৰা ব্ৰক্ষ্মপুত্ৰৰ কাষৰীয়া জিলাসমূহৰ বহুতেই এতিয়া বানৰ কবলত কিম্বা বানপানী হ'ব পাৰে বুলি ভয়ত জীয়াই আছে ।

সি যি কি নহওক, দুই-চাৰিজন মানুহ মৰিলে কি হ'ব ? পৃথিৱীৰ নিয়মতো সলনি নহয় ! দুই-চাৰিজন নাখাই মৰিলে কি হ'ব ? প্ৰাকৃতিক দুৰ্যোগতো ৰোধ নহয় ! দুই-চাৰিমাহ নাখাই থাকিলে জানো কিবা হ'ব ? চকুৰ পানীতো শুকাই নাযায় !

একো নহয়, নহ'বও ! আজিলৈকে অসমৰ বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা বুলি বিবেচিত হোৱা নাই ।

বানপানীত পীড়িত হৈ দৰিদ্ৰজন মৰেহে, মানুহ মৰাৰ উদাহৰণ নাই !!

© নীল সমুদ্ৰৰ সাহিত্য চৰ্চা

অবশেষত চিকিৎসা বিজ্ঞানৰ ইতিহাসত প্ৰথমবাৰলৈ কেন্সাৰ ৰোগৰ সফল প্ৰতিষেধক ৰূপত Dostarlimab নামৰ ঔষধ আমেৰিকা যুক্তৰাষ্ট্ৰত আব...
09/06/2022

অবশেষত চিকিৎসা বিজ্ঞানৰ ইতিহাসত প্ৰথমবাৰলৈ কেন্সাৰ ৰোগৰ সফল প্ৰতিষেধক ৰূপত Dostarlimab নামৰ ঔষধ আমেৰিকা যুক্তৰাষ্ট্ৰত আবিষ্কাৰ হ'ল।পৰীক্ষাগাৰত নিৰ্মিত ঔষধবিধত থকা এটা মলিউকুলে মানব শৰীৰত এণ্টিবডিৰ বিকল্প হিচাপে কাম কৰিবলৈ সক্ষম হৈছে।আমেৰিকাত ১৮ জন ৰেকটেল কেন্সাৰ(গুহ্যদ্বাৰৰ কেন্সাৰ) আক্ৰান্ত ৰোগীক পৰীক্ষা কৰিবলৈ প্ৰায় ছমাহ ধৰি এই একেবিধ ঔষধকে ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিল।কেইমাহমান যোৱাৰ পিছতে দেখা গ'ল আটাইকেইজন ৰোগীৰ শৰীৰৰ কেন্সাৰ প্ৰায় উধাও।চিকিৎসাবিজ্ঞানৰ ইতিহাসত নিসন্দেহে ই এক ঐতিহাসিক ঘটনা।এই আবিস্কাৰে কেন্সাৰ-চিকিৎসাত এক আশাৰ ৰেঙণি দেখা পোৱা গৈছে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰে।
উল্লেখযোগ্য যে আটাইকেইজন ৰোগীয়ে আছিল কেন্সাৰৰ advanced stage ত।ঔষধবিধ প্ৰয়োগ কৰাৰ আগতে ৰোগীকেইজনক কেমোথেৰাপি আৰু ৰেডিয়েচন দিয়া হৈছিল।কেইজনমানক অস্ত্ৰোপচাৰো কৰা হৈছিল যদিও আশানুৰূপ সফলতা লাভ কৰিব পৰা হোৱা নাছিল।কেইবাজনৰো পাকস্থলী আৰু মূত্ৰনলীৰ সমস্যাই দেখা দিছিল।দুই এজনে যৌণ সক্ষমতাও হেৰোৱাই পেলাইছিল।
২০১৯ চনত Glaxo Smithkline ৰ দ্বাৰা অধিগ্ৰহণ কৰাৰ পূৰ্বে মাচাচুচেটচৰ এটি বায়'টেক কোম্পানীয়ে টেচাৰো ডষ্টাৰলিমাব(ব্ৰেণ্ড নাম-জেমপেৰলি) ঔষুধবিধ তৈয়াৰ কৰিছিল।আমেৰিকাৰ Memorial Sloan Kettering Cancer Centre (এম, এস,কে)-মেডিকেল অঙ্কোলোজিষ্ট ড°লুইস ডায়াজ জুনিয়ৰে ফলাফলৰ প্ৰতিবেদন জনাবলৈ গৈ Newyork Times ৰ আগত কয়," মই বিশ্বাস কৰো,কেন্সাৰৰ ইতিহাসত এইটো প্ৰথমবাৰলৈ ঘটিছে।" ২০২১ চনৰ ১৭ আগষ্টত আমেৰিকাৰ FDA,Dostarlimab-gxly (ব্ৰেণ্ড নাম-Jemperli)ক চিকিৎসাৰ ক্ষেত্ৰখনত ব্যবহাৰৰ অনুমোদন দিছে।---(কৃতজ্ঞতা -"বিজ্ঞান কথা")
সংগ্ৰহীত: Haren Gogoi

Address

Pathsala
781325

Website

Alerts

Be the first to know and let us send you an email when যাযাবৰী জীৱন JaJabori Jibon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other Pathsala media companies

Show All