
30/06/2023
কাৰ্গিল যুদ্ধৰ অপাৰেচন বিজয়ৰ সময়ছোৱাত ১৯৯৯ চনৰ ৩০ জুনৰ দিনটোতে শত্ৰুৰ বিৰুদ্ধে অদম্য সাহস আৰু বীৰত্বেৰে যুঁজ দি দেশমাতৃৰ কোলাত চিৰদিনলৈ ঢলি পৰিছিল কেপ্তেইন জিন্তু গগৈ। 'বীৰ চক্ৰ'ৰে বিভূষিত অমৰ শ্বহীদ, অসমৰ সুসন্তান জিন্তু গগৈৰ অতুলনীয় দেশপ্ৰেম, নিৰ্ভীকতা আৰু পৰাক্ৰমৰ গাথা দেশবাসীৰ বুকুৱে বুকুৱে প্ৰবহমান হৈ থাকিব।
যুগজয়ী বীৰ সৈনিকগৰাকীলৈ আজি স্মৃতি দিৱসত মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ।