Hashtag Cultural Media

Hashtag Cultural Media সংস্কৃতিৰ বৰপথাৰত সৃষ্টিশীল খবৰেৰে অ

⛔৪৬তম নাট্যবৰ্ষত ব্যতিক্ৰমী প্ৰযোজনা⛔কহিনুৰৰ মঞ্চত ৰাজদীপৰ "বিষ্ণুপ্ৰিয়া"
30/12/2021

⛔৪৬তম নাট্যবৰ্ষত ব্যতিক্ৰমী প্ৰযোজনা
⛔কহিনুৰৰ মঞ্চত ৰাজদীপৰ "বিষ্ণুপ্ৰিয়া"

⛔থিয়েটাৰ বিনাপানিৰ নাটকে আমোদ দিছে নাট্যপ্রেমী ৰাইজক
30/12/2021

⛔থিয়েটাৰ বিনাপানিৰ নাটকে আমোদ দিছে নাট্যপ্রেমী ৰাইজক

⛔আগন্তুক নাট্যবৰ্ষত উদয়ন থিয়েটাৰৰ অভিজাত প্ৰযোজনা
30/12/2021

⛔আগন্তুক নাট্যবৰ্ষত উদয়ন থিয়েটাৰৰ অভিজাত প্ৰযোজনা

⛔সগৌৰৱেৰে নাট্যপ্ৰেমী দৰ্শকৰ মাজত থিয়েটাৰ ভাগ্যদেৱী⛔জনপ্ৰিয় নাট্যকাৰ পল্লব পবনৰ "মহালয়া"ই সৃষ্টি কৰিছে আলোড়ন⛔চম্পক শৰ্মা...
30/12/2021

⛔সগৌৰৱেৰে নাট্যপ্ৰেমী দৰ্শকৰ মাজত থিয়েটাৰ ভাগ্যদেৱী
⛔জনপ্ৰিয় নাট্যকাৰ পল্লব পবনৰ "মহালয়া"ই সৃষ্টি কৰিছে আলোড়ন
⛔চম্পক শৰ্মাৰ বলিষ্ঠ অভিনয়ত আপ্লুত দৰ্শক

⛔নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছাৰে  নতুন সৃষ্টিৰ প্ৰতিশ্ৰুতিৰে আগন্তুক নাট্যবৰ্ষত ভ্ৰাম্যমাণৰ অন্যতম প্ৰতিষ্ঠিত নাট্যদল নয়নতৰা ...
30/12/2021

⛔নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছাৰে নতুন সৃষ্টিৰ প্ৰতিশ্ৰুতিৰে আগন্তুক নাট্যবৰ্ষত ভ্ৰাম্যমাণৰ অন্যতম প্ৰতিষ্ঠিত নাট্যদল নয়নতৰা থিয়েটাৰৰ বিশাল আয়োজন

29/12/2021

⛔নতুন ধাৰাবাহিক মৰমৰ জোনাকৰ শুভ মহুৰত অনুষ্ঠানসম্পন্ন

কুলদ্বীপ বৰ্মনৰ ৰিপোৰ্ট: এ.ডি প্ৰডাকচনৰ বেনাৰত ব্যৱসায়ী তথা সাংস্কৃতিক কৰ্মী অমল ডেকাৰ প্ৰযোজনাত মৰমৰ জোনাক শীৰ্ষক এখনি মেগা চিৰিয়েল আজি গুৱাহাটী গীতা মন্দিৰ প্ৰাংগনত শুভ মহুৰত অনুষ্ঠানটো সুকলমে অনুষ্ঠিত হৈ যায়। অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে আমাৰ অসম কাকতৰ জেষ্ঠ সাংবাদিক মন্টু শইকীয়া, বিশিষ্ট প্ৰযোজক বাচ্চু ৰয়ে। তদুপৰি কেমেৰাত মালাৰ্পন কৰে ।অমল ডেকাৰ সহধৰ্মিনী মিনাক্ষী ডেকাই।
সুদৰ্শন অভিনেতা অৰূপ বৈশ্য ই আতঁ ধৰা অনুষ্ঠানটোত ধাৰাবাহিকখনৰ বহুকেইজন অভিনেতা আৰু অভিনেত্ৰীৰ লগতে সাংস্কৃতিক কৰ্মী দীপক কুমাৰ ৰয়, সাংবাদিক কুলদ্বীপ কাশ্যপ ,অসীম ভাগৱতী, সাংস্কৃতিক কৰ্মী সীমান্ত চৌধুৰীৰ লগতে বহুকেইজন সাংস্কৃতিক প্ৰেমী লোক উপস্থিত আছিল। ধাৰাবাহিকখনৰ চিত্ৰনাট্য আৰু সংলাপ অৰূপ বৈশ্য আৰু মেঘৰানি দত্তৰ। ধাৰাবাহিকখনৰ পৰিচালনা কৰিব হিমাংশু শৰ্মা। ধাৰাবাহিকখনৰ সহ পৰিচালনা মনোজ কাশ্যপ বৰুৱাৰ। সংগীত অহিৰ ভৈৰৱৰ। ধাৰাবাহিকখনত নবীন প্ৰবীন বহুকেইগৰাকী অভিনেতা আৰু অভিনেত্ৰীয়ে অভিনয় কৰিব তাৰ ভিতৰত অৰূপ বৈশ্য,জ্বলেন ভূঞা, সত্যেন শৰ্মা,মুহি বৰা, ৰূপজ্যোতি দাস, চেতনা দাস,সংগীতা ডেকা,মিনা ইংতি,গীতাশ্ৰী ভট্টাচাৰ্য্য, চন্দন বৰা, জিতু বৰগোহাঁই,মুন শইকীয়া, বিপ্লৱ দত্ত, অমৃত প্ৰান আৰু শিশু শিল্পী জোনাক মৰম ডেকা, জাহ্নৱী ডেকা আৰু সৃষ্টি ৰয়। ইতিমধ্যে সোনাপুৰৰ মনোমোহা লোকেচনত ধাৰাবাহিকৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰা হৈছে।

⛔দ্বাদশ নাট্যবৰ্ষৰ বাবে নয়নতৰা থিয়েটাৰৰ প্ৰস্তুতি আৰম্ভ⛔চলিত নাট্যবৰ্ষত সমৰেন্দ্ৰ বৰ্মনৰ "গুৰুদেৱ"লৈ বিপুল সঁহাৰি ,দিবাক...
09/12/2021

⛔দ্বাদশ নাট্যবৰ্ষৰ বাবে নয়নতৰা থিয়েটাৰৰ প্ৰস্তুতি আৰম্ভ
⛔চলিত নাট্যবৰ্ষত সমৰেন্দ্ৰ বৰ্মনৰ "গুৰুদেৱ"লৈ বিপুল সঁহাৰি

,দিবাকৰদেৱ চৌধুৰী➡️ অসমৰ ভ্ৰাম্যমাণ নাট্য জগতৰ আগশাৰীৰ নাট্যদল বাক্সা জিলাৰ অঞ্চলীৰ নয়নতৰা থিয়েটাৰে(২০২২-২৩)
দ্বাদশ নাট্যবৰ্ষৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।একাদশ নাট্যবৰ্ষত ( ২০২১-২২) নাট্যবৰ্ষত বিশিষ্ট নাট্যকাৰ সমৰেন্দ্ৰ বৰ্মনৰ 'গুৰুদেৱ' , নাট্যকাৰ ৰঞ্জিত দাসৰ " কলংক",দৰদী নাট্যকাৰ পংকজ চৌধুৰীৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বুঢ়ী আইৰ সাধুৰ আধাৰত নাট্যৰূপ "তেজিমলা" মঞ্চস্থ কৰি দৰ্শকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। দ্বাদশ নাট্যবৰ্ষত নয়নতৰা থিয়েটাৰে মঞ্চস্থ কৰিবলগীয়া নাট তিনিখন হৈছে বিশিষ্ট অভিনেতা,নাট্যকাৰ, পৰিচালক সমৰেন্দ্ৰ বৰ্মন ৰচিত "ৰামনৱমী" নাট্যকাৰ ৰঞ্জিত দাসৰ "দেউতা তুমি ক'ত আছা" আৰু ডা: সৰলা ভূঞাৰ "শ্বহীদ কনকলতা"। অভিনয় কৰিবলৈ চুক্তিবদ্ধ হোৱা শিল্পী সকল হৈছে বিশিষ্ট অভিনেতা জয়ন্ত দাস, কৌতুক অভিনেতা নাজিমূল ইছলাম, উদিয়মান খলনায়ক ৰুপেন লহকৰ, সুদৰ্শন নায়ক বিপ্লৱ শইকীয়া, যুৱ অভিনেতা ৰাজীৱ দাস (মুনা) টিংকু বৰকাকতী ,মোহময়ী অভিনেত্ৰী অন্বেষা প্ৰিয়দৰ্শিনী,বিউটীৰেখা বৰুৱা(ভায়োলিনা) আদি বহুতো ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে।নয়নতৰা থিয়েটাৰৰ প্ৰযোজক হৈছে নিকুঞ্জ দাস(নৱ) আৰু সম্পাদকৰ দায়িত্বত আছে ৰূপেন লহকৰ। সমূহ অসমবাসী নাট্যপ্ৰেমী দৰ্শক ৰাইজ আৰু আহ্বায়ক কমিটী সমূহৰ আশীৰ্বাদ কামনা কৰিলো।

⛔আগন্তুক নাট্যবৰ্ষত ইতিহাস থিয়েটাৰৰ বিশাল প্ৰস্তুতি⛔ব্যতিক্ৰমী ৰূপত মৃদুল ভূঞা,শৰ্মিষ্ঠা চক্ৰৱৰ্তী ,অপূৰ্ব তালুকদাৰ➡️আকৌ...
09/12/2021

⛔আগন্তুক নাট্যবৰ্ষত ইতিহাস থিয়েটাৰৰ বিশাল প্ৰস্তুতি
⛔ব্যতিক্ৰমী ৰূপত মৃদুল ভূঞা,শৰ্মিষ্ঠা চক্ৰৱৰ্তী

,অপূৰ্ব তালুকদাৰ➡️
আকৌ আন এক নাট্যবৰ্ষলৈ সাজু অসমৰ জনপ্ৰিয় আগশাৰীৰ নাট্যদল ইতিহাস থিয়েটাৰ । চলিত নাট্যবৰ্ষত দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰি আগন্তুক নাট্যবৰ্ষৰ বাবে ব্যয়বহুল প্ৰস্তুতি ইতিহাস থিয়েটাৰৰ।ভ্ৰাম্যমাণ মঞ্চৰ ট্ৰেজেদি কিং বলিষ্ঠ অভিনেতা মৃদুল ভূঞাৰ দুৰ্দান্ত অভিনয়ত মোহাচ্ছন্ন দৰ্শক।ইতিহাসৰ নাট উপভোগ কৰি সন্তুষ্টিৰ হাঁহি লৈ আপ্লুত দৰ্শক ৰাইজ।ভুল নুবুজিবা ভূপেন দা আৰু সোণৰ খাৰু নালাগে মোক নাটখনৰ অভূতপূৰ্ব সাফল্যৰ পাছত সুস্থ ৰুচিৰ ভাল নাটক,অভিনয়ৰ প্রত্যাহ্বান লৈ আগন্তুক ২০২২-২৩ নাট্যবৰ্ষত সুভাষ চন্দ্ৰ দাস প্রযোজিত ইতিহাস থিয়েটাৰৰ আন এক ব্যয়বহুল মহা আয়োজন স্বনামধন্য নাট্যকাৰ,পৰিচালক,গীতিকাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ শক্তিশালী কলমৰ অনবদ্য সৃষ্টি মৰম_বিচাৰি_যাওঁ_বলা । লগতে মহাত্মা গান্ধীৰ বৰপুত্ৰৰ জীৱন কাহিনীৰে অভিজিত ভট্টাচাৰ্যৰ মই_গান্ধীৰ_পুত্ৰ। জনপ্ৰিয় তাৰকা অভিনেতা মৃদুল ভূঞাৰ লগতে অহা নাট্যবৰ্ষত ইতিহাস থিয়েটাৰৰ বিলাসী মঞ্চত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে জনপ্ৰিয় মোহময়ী অভিনেত্ৰী শৰ্মিষ্ঠা চক্ৰৱৰ্তী,মঞ্চজগতৰ বৰসিয়ান অভিনেতা পদ্ম বৰা,বীৰেন ভূঞা,প্ৰমোদ চুতীয়া,ননী দেৱী,চম্পক মেধি,অমৰেন্দ্ৰ অলমান, ভৈৰৱজ্যোতি ভূঞা,অংকুৰ শইকীয়া আদিকৰি এদল সফল মঞ্চযোদ্ধা।

Address

Nalbari

Telephone

+919678312081

Website

Alerts

Be the first to know and let us send you an email when Hashtag Cultural Media posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share