Dwaram দ্বাৰম্ (An Iinitiative of Mangaldaian)

Dwaram দ্বাৰম্ (An Iinitiative of Mangaldaian) A Quarterly Magazine published by Mangaldaian

ইতিমধ্যে যোৱা ইংৰাজী ১৬ জানুৱাৰী ২০১১ তাৰিখে 'দ্বাৰম'-ৰ শুভ উন্মোচন কৰা হৈছে । "দ্বাৰম" হৈছে বৃহত্তৰ দৰং জিলা সামৰি ফেচবুকৰ জৰিয়তে একগোট হোৱা কেইগৰাকী মান যুৱক-যুৱতীৰ সংগঠন "মংগলদৈয়ান" ( in Facebook Mangaldaian Rocks)- ৰ দ্বাৰা প্রকাশিত আলোচনী । আলোচনীখন তিনিমাহৰ বিৰতিৰ মূৰে মূৰে প্রকাশ কৰা হ'ব । "দ্বাৰম' যোগেদি নবীন সকলক নিজৰ নিজৰ প্রতিভা বিকাশৰ বাবে এখন মঞ্চ তৈয়াৰ কৰিব বিচৰা হৈছে । আলোচনী এটা

অনলাইন সংস্কৰণ প্রকাশৰ বাবে প্রস্তুতি চলোৱা হৈছে । আশাকৰো এই আলোচনী খনে অদূৰ ভৱিষ্যতে নবীন লেখক লেখিকা সকলৰ অনুভৱৰ দুৱাৰ (দ্বাৰ বা দ্বাৰম ) হিচাপে পৰিচিত হ'ব ।

26/03/2020
Assam Police

Assam Police

A piece of ‘ friendly advice’ for all criminals:

'Tis is the time to redeem yourself. Stay indoors & wash your hands off all criminal activity.

Or, you’ll end up in a ‘quarantine facility’, designed especially for you.

With watchful regards,

Assam Police

10/12/2015

দ্বাৰম ৮ম খণ্ডৰ বাবে লেখা আহ্বান

আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে , দীৰ্ঘদিন বিৰতিৰ পিছত "দ্বাৰম" পুনৰ ছপা আখৰৰ মাজেৰে আপোনালোকৰ মাজলৈ আহিবলৈ সাজু হৈছে ৷ ভোগালী বিহুৰ সময়তেই ইয়াক পুনৰ উজ্জীৱিত কৰাৰ মানস কৰিছো ৷
বিগত সময়ৰ দৰে আমি আশা কৰিছো "দ্বাৰম"ক আপোনালোকে আঁকোৱালি ল'ব, "দ্বাৰম"ক দীৰ্ঘজীৱি কৰাৰ প্ৰয়াসৰ এজন সক্ৰিয় সহযাত্ৰী হ'ব ৷
ইয়াৰ দ্বাৰা আপোনালোকক লেখা পঠিয়াবলৈ অনুৰোধ জনালো ৷
✔গল্প, কবিতা, প্ৰৱন্ধ, চুটি-গল্প ৰস-ৰচনা তথা ভ্ৰমণ কাহিনী পঠিয়াব পাৰে ৷
✔ পূৰ্ব প্ৰকাশিত লেখা প্ৰকাশ কৰা নহয় ৷
✔ স্পষ্ট হাতৰ আখৰ, ডিটিপি, স্কেন বা ইউনিকোডত টাইপ কৰি লেখাবোৰ ডাকযোগে বা ই-মেইলযোগে অন্তিম তাৰিখৰ আগতে পঠিয়াব লাগিব ৷
✔ অ-প্ৰকাশিত লেখা ওভটাই পঠোৱা নহয় ৷

অন্তিম তাৰিখ: ২৫ ডিচেম্বৰ, ২০১৫
ঠিকনা:
সম্পাদক, দ্বাৰম
মাৰফৎ- সাৰথি বুক ষ্টল
ডাকঘৰ- মঙ্গলদৈ
জিলা- দৰং
পিন- ৭৮৪১২৫
E-mail: [email protected]

মোবাইল: ৯৭০৭৭১৯৮৪২, ৯৮৫৪০৫০৮৫১

27/10/2015

যোৱা ২৫ অক্টোবৰ,২০১৫ তাৰিখ ৰবিবাৰে "দ্বাৰম"ৰ জন্মলগ্নৰে পৰা ওত:প্ৰোতভাৱে জৰিয়ত ড· লিপি ফুকন বাৰ প্ৰথম খন গল্প সংকলন "নীড়মুখী পখাৰ গান " শিৱসাগৰ গ্ৰন্থমেলাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহদেৱে উন্মোচন কৰে ৷
আমি দ্বাৰম পৰিয়ালৰ তৰফৰপৰা তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে গ্ৰন্থখনে পাঠকৰ মন চুবলৈ সক্ষম হওঁক তাকেই কামনা কৰিলোঁ ৷

09/10/2015

Mangaldaian - মঙ্গলদৈয়ান

"Apul Da" - The name which is known to everyone in Darrang. A Man who stands for every social aspects and initiative of Darrang & Mangaldai selflessly. One of the core family member of SRD .
Your departure is one of the biggest lost for people of Darrang , specially for MANGALDAI from all the aspects.
From the starting Days of "MANGALDAIAN" you are one of the inspiration & promoter of our thoughts & dreams, On behalf of MANGALDAIAN, We pray to the Almighty that your departed soul may rest in Peace.

শ্ৰদ্ধাৰ তথা মৰমৰ অপুল দা আপোনাৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ |
আপোনাৰ সদা উদ্যমী তথা চিৰ তৰুণ মনটোৰ দৰে উজ্জীৱিত হৈ থাকক আপোনাৰ স্মৃতি | || মঙ্গলদৈয়ান ন্যাসৰ তৰফৰ পৰা আপোনালৈ একাঁজলি শ্ৰদ্ধাঞ্জলি ||

মঙ্গলদৈয়ানৰ আৰম্ভনিৰ পৰাই আপোনাৰ পৰা পাই আহিছিলো উত্সাহ তথা প্ৰয়োজনীয় সহায় | শিপাৰ সন্ধান প্ৰকল্পৰ অধীনত আৰম্ভ হোৱা " দৃষ্টিভঙ্গী" শীৰ্ষক ৰাষ্ট্ৰীয় ভিত্তিৰ আলোকচিত্ৰ তথা শিল্প প্ৰদৰ্শনী খন আপোনাৰ অবিহনে সদায় আমাৰ বাবে সপোন হৈয়েই থাকিল হয় |

আপোনাৰ আকস্মিক বিয়োগ আমাৰ লগতে সমগ্ৰ দৰং বাসীৰ বাবেই এক অপূৰণীয় ক্ষতি || আপোনাৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো |

মঙ্গলদৈয়ান ন্যাস

14/02/2015

Mobile Uploads

27/10/2014

|| ভাল খবৰ ||
দ্বাৰমৰ জন্মলগ্নৰে পৰা দ্বাৰমৰ লগত জড়িত হৈ থকা আৰু দ্বাৰমত প্ৰকাশ পাই থকা "নপামৰ স্বপ্নগাথা" শীৰ্ষক ধাৰাবাহিক উপন্যাস খনৰ লেখিকা,গল্পকাৰ লিপি ফুকনে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে | অভিনন্দন

20/06/2014

Timeline Photos

15/05/2014

প্ৰকাশ পাই ওলাল সপ্তম খণ্ডৰ দ্বাৰম
ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ কিছু জীয়া কাহিনীৰ সৈতে এইবাৰ দ্বাৰমত আপুনি পঢ়িব পাৰিব প্ৰৱন্ধ,চিন্তন,গল্প,ধাৰাবাহিক উপন্যাস,ভ্ৰমণ কাহিনী,কবিতা,এক মিনিটৰ গল্প,শেষ পৃষ্ঠাৰ চিন্তন আদি শিতানৰ লগতে নৱতম সংযোজন গ্ৰন্থ সমালোচনা..
আহক সকলোৱে পঢ়ক আৰু পঢ়ুৱাক আপোনাৰ পৰিয়ালৰ সদস্য তথা বন্ধু-বান্ধৱীকো আৰু জানক পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ জীয়া কাহিনীৰ কিছু নজনা কথা...

(আমি দু:খিত যে, এই সংখ্যাৰ দ্বাৰম আপোনালোকৰ মাজলৈ বহুপলমকৈ আহিল | তাৰ বাবে আমি “সম্পাদনা-সমিত”য়ে আপোনালোকৰ ওচৰত ক্ষমা ভিক্ষা মাগিলো |)

আপোনাৰ কপিটোৰ বাবে নিম্নোক্ত নাম্বাৰত যোগাযোগ কৰিব পাৰে অথৱা কমেণ্ট আকাৰে এই পেজত লিখি দিবও পাৰে |
কমল কিশোৰ হাজৰিকা (মূখ্য সম্পাদক-দ্বাৰম: 9864748191 ) ::: দীপজ্যোতি চহৰীয়া (কাৰ্যকৰী সম্পাদক-দ্বাৰম:9707719842)
শিৰোমণি শৰ্মা – 8724050172 ; চিন্ময় কলিতা – 9859305320; জ্যোতি প্ৰসাদ – 9707783398; কামাল হাচান – 9859634578 ; ৰাহুল চহৰীয়া - 8822606509

03/02/2014

Wishing You a Very Happy Birthday

30/01/2014

Mangaldaian - মঙ্গলদৈয়ান

মহামানৱক তেখেতৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছো ||

"You must not lose faith in humanity. Humanity is an ocean; if a few drops of the ocean are dirty, the ocean does not become dirty."-
Mahatma Gandhi

28/01/2014

"শ্বহীদ প্ৰণামো তোমাক"
কৃষক শ্বহীদ দিৱসৰ এই পৱিত্ৰ ক্ষণত পথৰুঘাটৰ কৃষক বিদ্ৰোহত শ্বহীদ হোৱা সাতকুৰি কৃষকক প্ৰণাম জনালোঁ ৷

17/01/2014
MANGALDAIAN-Flashback 2013

MANGALDAIAN-Flashback 2013

Mangaldaian...a name,which stands for creativity...A name which talks about new hope and idealism...for last few years, Mangaldaian has been appreciated for ...

17/01/2014

শিল্পী মই তিনিও কালৰ
অতীতৰ
বৰ্তমানৰ অনাগত ভৱিষ্যতৰ........

আজি শিল্পী দিৱস ,সৰ্বকালৰ এজন শ্ৰেষ্ঠ অসমীয়া, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক দ্বাৰম পৰিয়ালৰ সশ্ৰদ্ধ প্ৰনাম ||
১৭ জানুৱাৰী, শিল্পী দিৱস |

10/01/2014

Mangaldaian - মঙ্গলদৈয়ান

কুশল হওক, মঙ্গল হওক :: মাঘ বিহুৰ সময়ৰ এক দৰঙী লোকসংস্কৃতি
(হধ্ধেন দিয়া অৰ্থাৎ হৰিধ্ধনি দিয়া)
--------------------------------------------------------
পুহ আৰু মাঘ বিহুৰ সংক্ৰান্তিৰ দিনাই মাঘৰ দোমাহী বা মাঘ-দোমাহী | দোমাহীৰ কেইদিনমান আগৰপৰাই গৰখীয়া বা গাওৰ কিশোৰ বা যুৱকসকলৰ গোটে হধ্ধেন দিয়া নামৰ এক বিশেষ অনুস্থানত ঘৰে ঘৰে গৈ আশীৰ্বাদ সুচক গীত পদ গাই টকা, কড়ি লগতে মাহ কণী আই খুজি ফুৰে | গৰখীয়া বা চেমনীয়া সকলৰ গোটৰ এজনে এই গীত্বোৰ লগাই দিয়ে আৰু বাকী বোৰে " হ’ক হ’ক " বুলি বচন আবৃতি কৰি যায় | গীতটোৰ একাংশ

হৰিবল হৰিবল:হৰিয়ে হে

হৰি বোলা: হ’ক
মঙ্গল : হ’ক
কুশল : হ’ক
বাৰীত তামোলপাণ : হ’ক
গলিত গৰু: হ’ক
পুখুৰীত মাছ : হ’ক
বেটা-পুত্ৰ : হ’ক
ভাখেৰিত ধান : হ’ক
হাহকণী মাহকণী : হ’ক
গৰখীয়া চলিক
দুইচাৰনা পইচা দিয়াৰ শক্তিকন : হ’ক

(গোৱালপাৰা অঞ্চলত প্ৰচলিত "এউৰি মগা গীত"ৰ লগত হধ্ধেন দিয়া গীতৰ সাদৃশ্য পৰিলক্ষিত হয় | )

দোমাহীৰ দিনা ৰাতি পুৱাই পুৱাই , গছ বিৰিখ বোৰলৈ লক্ষ কৰি কৰি কিছুমান মন্ত্ৰধৰ্মী গীত বা বচন আবৃতি কৰি নৰা বা কলগছৰ লোচনীৰে গছত মঙ্গল গাঠি দিয়া হয় |

ঐ লাগ্ লাগ্ লাগ্ ঐলাগ্,
আম, কঠল, লেতুক, পইনাল, টেঙা, জৰা
লাগ্ লাগ্ লাগ্ ঐলাগ্,
নালগা যদি কাটি পেলামৈ |
---------------------------------------------------

06/01/2014

Mangaldaian - মঙ্গলদৈয়ান

অংকীয়া ভাওনা - অসমৰ লোক সংস্কৃতিৰ এক আপুৰুগীয়া সম্পদ || দৰঙৰ ছিপাঝাৰ অঞ্চলৰ ৰামগাও - বোৰাপথাৰ মহলীয়াপৰাত শ্ৰী মন্ত শংকৰদেৱ সংঘৰ উদ্যোগত ৫ তাৰিখ ২০১৪ ত সহস্ৰাধিক শিল্পীয়ে একেলগে অংকীয়া ভাওনা পৰিবেশন কৰে | এই অনুষ্ঠানে সুকীয়া বাতাবৰন সৃষ্টি কৰাৰ লগতে সেইদিনা মহলীয়াপাৰাত এক অপূৰ্ব পৰিবেশৰ সমাহাৰ ঘটায় | অসমীয়া লোক-সংস্কৃতিৰ দুৰ্বল ক্ষনত এনে প্ৰচেষ্টাই এক আশাৰ সঞ্চাৰ কৰে | উদ্যোক্তা তথা সমূহ কলা কুশলীক মঙ্গলদৈয়ানে এনে প্ৰশংশনীয় কাৰ্যসূচী হাতত লোৱাৰ বাবে সেৱাঁ জনাইছো ||

ফ’ট : Avijit Kumar Axomia

27/12/2013

অসম সাহিত্য সভাৰ সভাপতি মাননীয় ইমৰাণ শ্বাহ দেৱৰ সৈতে মঙলদৈয়ানৰ সদস্য

25/12/2013

দ্বাৰম ৰ পৰা এটা চুটি গল্প

24/12/2013

এটি বিশেষ ঘোষণা:
আপোনোলোকক জনাবলৈ পাই সুখী হৈছো যে মঙ্গলদৈয়ানৰ দ্বাৰা প্ৰকাশিত "দ্বাৰম" য়ে সাফল্যৰ দ্বিতীয় বছৰ অতিক্ৰম কৰিব ওলাইছে ৷ মাঘবিহুত প্ৰকাশ পাবলগীয়া সংখ্যাটিৰ সৈতে "দ্বাৰম"য়ে তৃতীয় বৰ্ষত ভৰি দিব ৷
এই শুভক্ষণটিক যুগমীয়া কৰি ৰাখিবলৈ লগতে সাতকুৰি কৃষকে বুকুৰ শোণিতেৰে সৃষ্টি কৰা পথৰুঘাট গৰ্বিত ইতিহাসক শ্ৰদ্ধা জনাই সপ্তম তথা ২য় বৰ্ষপূৰ্তি সংখ্যাটি বিশেষভাৱে পথৰুঘাট গৰ্বিত ইতিহাসৰ ওপৰত সজোৱাৰ পৰিকল্পনা কৰা হৈছে ৷
গতিকে এই সংখ্যাৰ "দ্বাৰম"ৰ বাবে পথৰুঘাট কৃষক বিদ্ৰোহ সংলগ্ন লেখা প্ৰেৰণ কৰিবলৈ আহ্বান জনালো ৷
লেখনি প্ৰেৰণ কৰাৰ অন্তিম তাৰিখ: ৫ জানুৱাৰী,২০১৪

যোগাযোগ:
৯৭০৭৭১৯৮৪২
৯৮৬৪৭৪৮১৯১
৯৮৫৪০৫০৮৫১

ধন্যবাদেৰে
দ্বাৰম প্ৰকাশণ পৰিষদ

24/12/2013

আজি এই বতৰাই দ্বাৰম পৰিয়াল তথা সমগ্ৰ পাঠক বৃন্দলৈ কঢ়িয়াই আনিছে এক অনাবিল আনন্দ || আজি দ্বাৰমে ISSN (International Standard Serial Number) স্বীকৃতি লাভ কৰিলে | নতুন বছৰটোত অধিক উচ্ছাসেৰে কাম কৰাৰ এক প্ৰেৰনা দিলে || সকলোলৈ ধন্যবাদ ||

ISSN 2347 – 873X ---- Dwaram

24/12/2013

Mangaldaian - মঙ্গলদৈয়ান

দৰং জিলা সাহিত্য সভাৰ উদ্যোগত ৫০০০ মহিলা শিল্পীয়ে ২৭ ডিচেম্বৰ ২০১৩ তাৰিখে মঙ্গলদৈত একেলগে পৰিবেশন কৰিব মিত্ৰদেৱ মহন্ত দেৱৰ “চিৰ চেনেহী মোৰ ভাষা জননী” গীতটি

২৭ ডিচেম্বৰ ২০১৩
মঙ্গলদৈ ষ্টেডিয়াম

আয়োজক
দৰং জিলা সাহিত্য সভা

সমূহ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলো

29/11/2013

মামনি বাইদেউৰ সোঁৱৰণ-ত ‘দ্বাৰম’-ৰ প্ৰথম সংখ্যাটোত অৰ্চনা বৰঠাকুৰে লিখা ‘মই লগ পোৱা আটাইতকৈ কোমল মনৰ মানুহ গৰাকী....’ শীৰ্ষক এটি লেখা আপোনালোকলৈ আগবঢ়ালো |

24/11/2013

সূচীপত্ৰ-২
দ্বাৰম ষষ্ঠ সংখ্যা

24/11/2013

সূচীপত্ৰ-১
দ্বাৰম ষষ্ঠ সংখ্যা

23/11/2013

অসম সাহিত্য সভাৰ সভাপতি মাননীয় ইমৰাণ শ্বাহ দেৱলৈ যাচিলোঁ ওপজাদিনৰ আন্তৰিক শুভকামনা

02/11/2013

Dwaram দ্বাৰম্ (An Iinitiative of Mangaldaian)'s cover photo

26/10/2013

পঢ়ক আৰু পঢ়ুৱাওক

20/10/2013

Address

NH15
Mangaldai

Website

Alerts

Be the first to know and let us send you an email when Dwaram দ্বাৰম্ (An Iinitiative of Mangaldaian) posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dwaram দ্বাৰম্ (An Iinitiative of Mangaldaian):

Share

Category


Other Mangaldai media companies

Show All