Darrang Live 24

Darrang  Live 24 সত্য আৰু নিৰ্ভীক খৱৰৰ বাবে চাওক দৰং লাইভ
(2)

13/09/2024
13/09/2024

13/09/2024

বিৰুধী ঐক্যৰ সংবাদ মেল

13/09/2024

মহাপ্ৰৱঞ্চক বিশাল ফুকনকো ঠগিব পাৰেনে কোনোবাই? কোনে মহাঠগ বিশাল ফুকনক ৰাম ঠগন দি লুটিলে ১কোটিৰো অধিক টকা?
চাওক এই প্ৰতিবেদনত...

𝐅𝐨𝐥𝐥𝐨𝐰 Darrang Live 24 Darrang Live

13/09/2024

সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত উচ্ছেদ অভিযান কালিলৈকে সহযোগিতামূলকভাৱে চলি থকা অৱস্থাত আজি পুৱাৰ পৰা কংগ্ৰেছ দলে বিৰোধিতা কৰিবলৈ লোৱাত তেতিয়া এচাম মানুহ উগ্ৰ হৈ পৰিল।
আপুনি মন কৰিব-- বিৰোধী দলপতিয়ে ১০ মান বজাৰ পৰা এই উচ্ছেদ অভিযানৰ বিৰোধিতা কৰা আৰম্ভ কৰিছিল।
কংগ্ৰেছ দলে জনা উচিত যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক তেওঁলোকেই অনা আৰু এতিয়া কংগ্ৰেছেই দুমুখীয়া চৰিত্ৰৰ প্ৰমাণ দি এই উচ্ছেদ অভিযানৰ বিৰোধিতা কৰিছে এইকথা সংবাদ যোগে অবগত কৰিলে ৰাজ্যৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

13/09/2024

বেশ্যালয়ৰ মাটি অবিহনে কিয় দুর্গা পূজা নহয়?
দুর্গা পূজাৰ মূৰ্তিৰ বাবে পতিতা নাৰীৰ মাটি কিয় লাগে?
Darrang Live 24

12/09/2024

দিল্লীৰ যন্তৰ-মন্তৰত আমছুৰ ধৰ্ণা কাৰ্য্যসূচী ৷

12/09/2024


দিল্লীৰ যন্তৰ-মন্তৰত আমছুৰ ২ ঘন্টীয়া অৱস্হান ধৰ্মঘট কাৰ্য্যসূচী ৷ শ-শ আমছুৰ কৰ্মীয়ে দেশৰ ৰাজধানী দিল্লীত সংখ্যালঘুৰ ন্যায় প্ৰতিষ্ঠাৰ দাবীত কৰিলে উত্তাল প্ৰতিবাদ ৷ কেতবোৰ গুৰুত্বপূৰ্ণ দাবী সম্ভলিত স্মাৰক পত্ৰ প্ৰদান কৰিলে দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধান মন্ত্ৰীক ৷

11/09/2024


মই পলুৱা নাই লুকাই হে আছো ৷ ন্যায়লয়ে বিচাৰ কৰাৰ আগতে নিউজ চেনেলে মোক ফাচি দি দিছে এই কথা কলে চুমি বৰাই ৷

07/09/2024

06/09/2024

ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই বিস্ফোৰক তথ্য চুমি বৰা আৰু বিশাল ফুকনৰ ওচৰত টকা জমা কৰা বেছি সংখ্যক ডিব্ৰুগড় মেডিকেল কলেজৰ ডক্তৰ তথা সন্মান থকা ক'লা ধন বগা কৰিবলৈ চেষ্টা কৰা ব্যক্তি।

এই বিস্ফোৰক তথ্য ফাদিল কৰিলে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই।

Courtesy-Satya the truth

দলগাঁও সমষ্টিৰ যুৱ নেতা ৰফিকুল ইছলাম ডাঙৰীয়ালৈ Darrang  Live 24 ৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ জন্মদিনৰ বহুত বহুত শুভেচ্ছা জন...
30/08/2024

দলগাঁও সমষ্টিৰ যুৱ নেতা ৰফিকুল ইছলাম ডাঙৰীয়ালৈ Darrang Live 24 ৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ ৷ আশা ৰাখিছো তেখেতৰ জীৱনত আহিব লগীয়া দিন কেইটা যে তেখেতৰ বাবে সদায় এক বিশেষ দিন হিচাপে চিহ্নত হওক তাৰে কামনা কৰিছোঁ ৷

28/08/2024

26/08/2024

খিলঞ্জীয়া আমছু নেতা বাবুল আলী হাজৰিকা ফেচবুক লাইভ

24/08/2024

খাৰুপেটীয়াত আমছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

ৰাজ্যত চলি থকা নাৰী নিৰ্যাতনৰ বিৰুদ্ধে খাৰুপেটিয়াত আমছুৰ প্ৰতিবাদ

অপৰাধীৰ জাত নাই পাত নাই আদি বিভিন্ন শ্লোগানৰে উত্তাল খাৰুপেটিয়া।

শৃংখল চলিহাক আমছুৰ সকীয়নি

অপৰাধীৰ ধৰ্মীয় মেৰকৰণ নকৰিবলৈ আহব্বান।

মিঞাক এসপ্তাহৰ ভিতৰত উজনি অসম এৰিবলৈ দিয়া দল সংগঠণৰ নিৰ্দেশক লৈ আমছুৰ প্ৰতিক্ৰিয়া।

অপৰাধীক আইনী ভাবে শাস্তি দিয়ক, ধৰ্মীয় দৃষ্টিকোনে কোনো সমাধান নকৰে ,অপৰাধীৰ কোনো জাত পাত নাই বুলি মন্তব্য আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদৰ।

24/08/2024

অপৰাধ প্ৰৱণতা আৰু সংখ্যালঘু সমাজ।

In depth ত কোনেও এইবোৰ কথা আলোচনা কৰা দেখা নাপালো।ধৰ্ষণ হৈছে,ৰাইজৰ প্ৰতিক্ৰিয়া হৈছে,সমগ্ৰ জনগোষ্ঠীটোক কাঠগঢ়াত থিয় হ’ব লগা হৈছে যাৰ কাৰণে স্বগোষ্ঠীয় লোক সকলে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।কথা সিমানেই নহয়।অকল ধৰ্ষণ কিয় প্ৰায় প্ৰতিটো অপৰাধতে সংখ্যালঘু সকলে প্ৰথম আসন দখল কৰি আহিছে।এই কথা বিলাক এসময়ত আমি খোলামেলাকৈ আলোচনা কৰাক লৈ আমাক বহুতেই তিৰস্কাৰ কৰিছিল,গালি পাৰিছিল।আজি সেই সকল বাধ্য হৈ আত্মসমালোচনা অন্ততঃ ফে’চবুকত কৰি আহিছে।এতিয়া আৰু Expose হোৱাৰ বাকী নাই।
নাৰী জনিত অপৰাধ আৰু সংখ্যালঘু সমাজ: অকল ধৰ্ষণেই নাৰীজনিত অপৰাধ নহয় ।সংখ্যালঘু সমাজত নাৰীৰ বিৰুদ্ধে ব্যাপক অন্যায় হয়।সেইবোৰ স্বগোষ্ঠীয় নাৰীয়ে নিৰৱে সহ্য কৰি আহিছে।নাৰীৰ প্ৰতি এক ঋণাত্মক ধাৰণা ঘৰৰ পৰাই সৃষ্টি হয়।পুত্ৰ সন্তান জন্ম নহৈ কন্যা সন্তান জন্ম হ'লেই ইয়াৰ উমান পোৱা যায়।কন্যা সন্তান মানেই বোজা।বহু বছৰ লৈকে দায়িত্ব লোৱাৰ পক্ষপাতী পিতৃ–মাতৃ বা ঘৰ খন নহয়।যাৰ কাৰণে কিশোৰী ছোৱালী অপ্ৰাপ্তবয়স্কতে বিয়া দিয়াৰ প্ৰৱণতা এই সমাজত বেছি।অসমত সংঘটিত হৈ থকা বাল্য বিবাহৰ নব্বৈ শতাংশ সংখ্যালঘু সমাজক প্ৰতিনিধিত্ব কৰে।কোনো শত্তি নাছিল ইয়াক ৰুধিব কাৰণে।আমছুৱে চেষ্টা এটা কৰিছিল যদিও লুকঢাক কৈ ব্যাপক হাৰত এনে বিবাহ সম্পন্ন হৈ আছিল।এই ব্যাধিটো নোহোৱা কৰিব কাৰণে সমাজ খন ব্যৰ্থ হ'ল।প্ৰয়োজন হৈ পৰিল কঠোৰ দমনৰ ব্যৱস্থা। হিমন্ত বিশ্ব শৰ্মাৰ দৰে কঠোৰ মুখ্যমন্ত্ৰীয়ে বাল্য বিবাহ ৰোধ কৰিবলৈ দুবছৰতে সক্ষম হ'ল।তাতো মুখ্যমন্ত্ৰীৰ এনে পদক্ষেপক এই সমাজ খনৰে ভাগ্য বিধাতা সকলে বিৰোধ কৰিলে।যদিও ফল নধৰিল।এতিয়া ভয়ৰ বিনিময়ত কোনেই বাল্য বিবাহ সম্পন্ন নকৰে।সমাজ কৰ্মী নতুবা কিছু শিক্ষিত,অৰ্ধ–শিক্ষিত,সংগঠনৰ সৈতে জড়িত,দেৱানী সকলৰ ওচৰলৈ যাওঁক যে এই সমাজৰ নাৰী সকলে পুৰুষৰ দ্বাৰা নিৰ্যাতিত হৈ বিচাৰ লৈ তেওঁলোকৰ ওচৰলৈ আহে।ওকিল সকলক সুধিলেই গম পাব কিমান নাৰীয়ে ন্যায় বিচাৰি আদালতত বছৰ বছৰ ধৰি আহি আছে।পুলিচক সুধিলেই গম পাব এই সমাজৰ দ্বাৰা নাৰীৰ অধিকাৰ কিদৰে ভূ-লুণ্ঠিত হয়।নিয়ন্ত্ৰণ বিহীন সমাজ খনত ন্যায়ৰ কাৰণে ভাৰতীয় ন্যায় ব্যৱস্থাই একমাত্ৰ ভৰষা।সমাজ ব্যৱস্থা বা ধৰ্মীয় ৰীতি–নীতি,ধৰ্মীয় ভয় এইবোৰৰ কোনো ভুমিকা নাই।অথচ এই সমাজ খনে দেখাবলৈ ধৰ্মৰ কাৰণে মৰিও যাব পাৰে।ধৰ্মান্ধতাই চৰম পৰ্যায়ত বিদ্যমান। আপুনি ৰাজহ চক্ৰ কাৰ্যলয়ত যাওঁক গম পাব কিদৰে নাৰী সকলে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিব লগা সম্পত্তিৰ অধিকাৰ বিচাৰি কাৰ্যলয়ত পাইচাৰি কৰি আছে।অথচ হাদিছ মতে পুত্ৰৰ আধা অংশ কন্যাই পায়।নাৰী সকল বন্দিত্বৰ জীৱনতকৈ কম নহয়।অন্যায়–অত্যাচাৰ চৰম সীমাত কৰা হয়।ধৰ্মান্ধতাই মন–মগজুত চৰম পৰ্যায়ত শিপাই থকা সকলে ধৰ্মীয় বাণী এটাও নামানে।অকল বোৰ্খাৰ মাজত ৰাখি ধৰ্মৰ আদেশ পালনৰ চেষ্টা কৰা হয়।সেই কাৰণে কোৱা হয় "ইছলাম ধৰ্মটো পূৰ্ববংগীয় মুছলমানৰ মাজত নায়েই"।ইছলাম এক জীৱন পন্থা।ইয়াত জীৱনৰ প্ৰতিটো খোজ পেলোৱাৰ পৰা আৰম্ভ কৰি সকলো খিনি বিষয় প্ৰণালীবদ্ধ ভাৱে দেখুওৱা আছে।কিন্তু অকল আৰু অকল নামাজ,ৰোজা,হজতে ইছলামক সীমাবদ্ধ কৰা হৈছে।নবীৰ শ্ৰেষ্ঠ উম্মত,শ্ৰেণী ধৰ্ম অনুসৰণ কাৰী বুলি এক বৃথা গৌৰৱ বুকুত লৈ চৰম অপমান সহ্য কৰি জীয়াই থকা হৈছে।ইছলামৰ নীতি–নিৰ্দেশনা দহ শতাংশও মানি চলিলে এনে ধৰণৰ পৰিস্থিতি কেতিয়াও সৃষ্টি নহ'লেহেতেন।

বৌদ্ধিকতা বিহীন সমাজ:শিক্ষাৰ অভাৱ এই সমাজত সুস্পষ্ট। নাৰী শিক্ষাৰ অৱস্থা আৰু পুতৌজনক।নাৰী যেতিয়ালৈকে শিক্ষিত নহব তেতিয়া লৈকে প্ৰজন্ম শিক্ষিত নহব।খুৱ গভীৰ ভাৱে চিন্তা কৰিব পৰা মানুহৰ অভাৱ।যথেষ্ট সংখ্যক শিক্ষিত মানুহ ওলাইছে যদিও বৌদ্ধিক পৰিপক্কতা থকা লোক খুৱ কম সংখ্যক আছে।নাই বুলিয়েই কব পাৰি।লিখা–মেলা,সাহিত্য–সংস্কৃতি নথকা জাতি এটাই কিদৰে উত্তৰণৰ কথা চিন্তা কৰিব পাৰে?অসমীয়া সমাজ খনক বৌদ্ধিক ভাৱে প্ৰতিনিধিত্ব কৰা ডেইৰ মানুহ ওলাব কিন্তু সংখ্যালঘু সমাজৰ নাই বুলিয়েই কব লাগিব।এনে কিয় হৈছে তাৰ ওপৰতো গৱেষণা কৰাৰ স্থল আছে।আচলতে সংখ্যালঘু সমাজ খনে অসমীয়া ভাষাটোক বাধ্যবাধকতাৰ কাৰণে মাধ্যম হিচাপে ব্যৱহাৰ কৰি আহিছে।ভাষাৰ ওপৰত দখল মুঠেই নাই।সেই কাৰণে ডাক্তৰ–ইঞ্জিনিয়াৰ ওলাইছে কিন্তু ভাষাৰ বিশাৰদ ওলোৱা নাই।বৌদ্ধিকতাৰ দিশত যদি এখন সমাজ শূন্য হৈ থাকে সেই সমাজ কেতিয়াও আগনাবাঢ়ে।পৃথিৱীৰ কিতাপ–পত্ৰ নপঢ়া জাতিৰ শ্ৰেষ্ঠতম বঁটা আমিয়েই দাবীদাৰ।

অবাধ জনসংখ্যা, শিক্ষা বিহীন অপদাৰ্থ মানুহৰ ব্যাপক পয়োভৰ,আৰ্থিক অনগ্ৰসৰতা আৰু আন আন বহু কেইটা কাৰক আলোচনাৰ কৰিব লগীয়া আছে যদিও লিখনি দীঘল হোৱাৰ কাৰণে ইয়াতেই সামৰিলোঁ।
মোছাবিৰুল হক।
7002646625

29/07/2024

খাৰুপেটীয়াৰ ঘটনা সন্ধৰ্ভত আমছুৰ প্ৰতিক্ৰিয়া ৷

16/07/2024

Live from New Delhi Rahul Gandhi

16/07/2024

ঝাৰখণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ--

08/07/2024


বান পৰিস্হিতি নিয়ন্ত্ৰণ হোৱাৰ লগে লগেই অসমত আৰম্ভ হব নতুন চাকৰি নিযুক্তি প্ৰক্ৰিয়াৰ কাম আজি এই কথা প্ৰকাশ কৰিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma মহোদয়ে ৷

বিভিন্ন কলেজে ছাত্ৰ-ছাত্ৰীৰ পৰা ৬৫০ টকা কৈ লোৱা ধন ঘূৰাই দিবলৈ কঠোৰ আহব্বান জনালে মুখ্যমন্ত্ৰী মহোদয়ে ৷

Address

Mangaldai
784125

Telephone

+917002377220

Website

Alerts

Be the first to know and let us send you an email when Darrang Live 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Darrang Live 24:

Videos

Share

Nearby media companies


Other Media/News Companies in Mangaldai

Show All