চিঞাহীৰ প্ৰতিচ্ছবি by Susmita Borah

চিঞাহীৰ প্ৰতিচ্ছবি by Susmita Borah Welcome everyone to my page. Which I have created for my personal art gallery including my innovative design and ideas.. Thank you
(1)

Please share and support me to explore more. I also request you to share your experience and ideas with me.

অনুপ্ৰেৰণাৰ অন্য এক নাম"মোৰো এটা সপোন আছে"।  ড০ ৰুবুল মাউতদেৱৰ "মোৰো এটা সপোন আছে"নামৰ আত্মজীৱনীমূলক উপন্যাসখন বহুত বেছি...
27/06/2024

অনুপ্ৰেৰণাৰ অন্য এক নাম"মোৰো এটা সপোন আছে"। ড০ ৰুবুল মাউতদেৱৰ "মোৰো এটা সপোন আছে"নামৰ আত্মজীৱনীমূলক উপন্যাসখন বহুত বেছি অনুপ্ৰেৰণা মূলক আৰু ছাত্ৰ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ এখন উপন্যাস। কঠোৰ সংগ্ৰামেৰে পাৰ কৰা ড০ মাউতৰ শৈশৱ, কৈশোৰ তথা জীৱনৰ ঘাত-প্ৰতিঘাত, আমেৰিকাত কৰা বৈজ্ঞানীক উদ্ভাৱন আৰু শয্যাগত পিতৃৰ সৈতে সম্পৰ্কিত দেহ মন শিহৰিত কৰা এক বাস্তৱ কাহিনী। অমানুষিক কষ্ট তথা দৰিদ্ৰতাক কেনেকৈ তেওঁৰ পৰিয়ালৰ মানুহে (বিশেষকৈ মাক-দেউতাক, ককায়েক) মুখামুখি হৈ জীৱনৰ সেই দীঘলীয়া যাত্ৰাত ৰুবুল মাউতক আগবঢ়াই দিছিল এই গ্ৰন্থখনত খুউব সাৱলীলভাৱে তেওঁ বৰ্ণনা কৰিছে।মোৰ জীৱনৰ বহুত বেছি ভাললগা কিতাপৰ তালিকাত আজি এইখনকো অন্তৰ্ভূক্ত কৰিলোঁ। সঁচাকৈ কিতাপখনৰ প্ৰতিটো পৃষ্ঠাই মোৰ হৃদয়ত বাৰুকৈয়ে স্পৰ্শ কৰি গৈছে। আপোনালোক যিসকলে কিতাপখন পঢ়ানাই প্লিজ খুউব সোনকালে পঢ়কচোন এবাৰ, আপোনালোকেও কিন্তু আকৌ এবাৰ নিজৰ জীৱনটোক লৈ ভালকৈ, গভীৰভাৱে ভাবিবলৈ বাধ্য হ'ব। বিশেষকৈ আজিৰ নৱ প্ৰজন্ম এক ভয়ংকৰ দিশে ধাৱমান হোৱা পৰিলক্ষিত হৈছে,তেওঁলোকে এই কিতাপখনৰ জৰিয়তে নিজকে শুদ্ধ পথলৈ আনি জীৱনৰ হাজাৰটা প্ৰত্যাহ্বানকো নেওচি কেনেকৈ নিজকে সফলতাৰ দিশে আগবঢ়াই নিব পাৰি তাক ভালকৈ জানিব পাৰিব, উপলব্ধি কৰিব পাৰিব।এইখনেই সঠিক কিতাপ যিখনে জীৱনটোক নতুনকৈ চাবলৈ এবাৰ সুযোগ দিব।

17/06/2024

মোৰ মনৰ কিছু অনুভৱ আৰু কথা✍️
অপ্ৰিয় হ'লেও এটা কথা সঁচা যে আপুনি যেতিয়াই নিসংগ হৈ থাকে তেতিয়াই আপোনাৰ জীৱনলৈ সেই ভূল ব্যক্তিজনৰ প্ৰৱেশ ঘটে। অৱশ্যে কাৰোবাৰ ক্ষেত্ৰত হয়তো নহ'বও পাৰে কিন্তু বেছিভাগৰে ক্ষেত্ৰত এইটোৱেই সত্য, কাৰণ সেই অকলশৰীয়া সময়খিনিত আপোনাৰ বিচাৰ-বিবেচনা কৰা শক্তি একেবাৰে দূৰ্বল হৈ থাকে যাৰ কাৰণে আপুনি মানুহ চিনিব নোৱাৰা হৈ পৰে আৰু তাৰে ফলশ্ৰুতিত আপোনাক কোনোৱাই অলপমান গুৰুত্ব দিলেই বা অলপমান মৰম-ভালপোৱা দিলেই তেওঁক আপুনি চকু মুদি বিশ্বাস কৰি লয়।সময়ৰ লগে লগে আপুনি এনেকুৱা হৈ পৰে যে তেওঁৰ অবিহনে আপুনি একো ভাবিব নোৱাৰা হৈ য়ায়। একো নভবাকৈ,একো চিন্তা নকৰাকৈ লাহে-লাহে আপোনাৰ ব্যক্তিগত জীৱনৰ প্ৰতিটো ভাল-বেয়া পৃষ্ঠাৰ বিষয়ে তেওঁৰ আগত আপুনি উদঙাই কৈ যায়। কিন্তু আচৰিত কথা যে এদিন এই সকলোবোৰৰে সুবিধা লৈ তেওঁৱেই আপোনাৰ জীৱনত এক ভাবিব নোৱাৰা বিভীষিকা হৈ থিয় দিয়ে,যাৰ বাবে আপুনি জীৱনত জীয়াই থকাৰ কথাও পাহৰি পেলায়।আকৌ সেই একেই চকুপানী আৰু এন্ধাৰত আপোনাৰ জীৱনটো পুনৰ ডুবি যাবলৈ আৰম্ভ কৰে।
সেয়ে নিসংগতাই আপোনাৰ সমষ্ট জীৱন বেৰি থাকিলেও এনেকুৱা কাৰোবাক কেতিয়াও আপোনাৰ জীৱনত প্ৰশ্ৰয় নিদিব। কেতিয়াও এনেকুৱা মানুহৰ বাবে আপোনাৰ মনৰ দুৱাৰ খুলি নিদিব,যি নিকি আপোনাৰ থকাখিনিও ভাঙি-চিঙি শেষ কৰি পেলায়।
নিসংগতাক স্বীকাৰ কৰিবলৈ চেষ্টা কৰক।হতাশাত ভূগি আছে বুলিয়েই যাকে-তাকে আপোনাৰ জীৱনত আদৰি নলব তাৰ পৰিৱৰ্তে নিজক বহুত বেছি শক্তিশালী কৰি গঢ়ি তোলক। নিজক এনেকুৱাকৈ শক্তিশালী কৰি গঢ়ি তোলক যাতে আপোনাৰ জীৱনত বেয়া কৰিবলৈ অহা প্ৰতিজন লোকে আপোনাক বেয়া কৰাটোতো বহুত দূৰৰে কথা আপোনাৰ কাষ চাপিবলৈও যাতে হাজাৰবাৰ চিন্তা কৰে😊🙏

✍️ সুস্মিতা

17/06/2024

মোৰ মনৰ কিছু অনুভৱ আৰু কথা✍️
প্ৰত্যেক মূহুৰ্ততে আনৰ মন ভাল লগাবৰ বাবে নিজক সলনি কৰাতকৈ বা নিজক আনৰ বাবে বিশেষ কৰিব বিচৰাতকৈ নিজক নিজৰ বাবে বিশেষ কৰি তোলক যাতে নিজক সুখী বুলি ক'ব পাৰে। মানুহে আপোনাৰ বিষয়ে কি ভাৱিব, কি ক'ব সেইবোৰ বাদ দিয়ক, জীৱনটো আপোনাৰ নিজৰ,গতিকে নিজৰ ভাললগা কামবোৰ কৰি গৈ থাকক,মাএ এটা কথাই লক্ষ্য ৰাখিব সদায় আপোনাৰ কামবোৰে যাতে আপোনাৰ নিজৰ সন্মানত কেতিয়াও আঘাত নকৰে।
মই বিশেষকৈ নাৰী সকলৰ কথা ক'ব বিছাৰিছো 👉কিছুমান নাৰীয়ে বৈবাহিক জীৱনত বান্ধ খোৱা পিছত বা সন্তানৰ মাক হোৱাৰ পিছত নিজৰ ভাললগা-বেয়ালগা, নিজৰ ভৱিষ্যত আশা-আকাংক্ষাৰ উপৰিও নিজৰ যে এটা সপোন আছিল এই সকলোবোৰ পাহৰি পেলায়,জলাঞ্জলি দিয়ে কিছুমানে তেওঁলোকৰ সুপ্ত প্ৰতিভাবোৰো। মোৰ দৃষ্টিত নিজৰ সকলো ত্যাগ কৰি আনৰ মন ভাল লগাবলৈ যোৱাটো ভূল।প্ৰথমে নিজক ভাল পাবলৈ শিককচোন। আপুনি যদি গান গায় বহুত বেছি ভাল পায়, নৃত্য যদি আপোনাৰ প্ৰিয়,গান গালে বা নাছিলে আপুনি যদি ফূৰ্তিত থাকিব পাৰে, কেতিয়াবা যদি ৰিলছ এটা বনাই আপোনাৰ মনটো কিবা এটা ভাল লাগে, যদি আপোনাৰ বন্ধু-বান্ধৱীৰ লগত কথা পাতিলে হেঁপাহ পলুৱাই আপুনি হাহিব পাৰে, আপোনাৰ নিজৰ মানুহজনৰ সৈতে আবেলি পাৰ্কত গৈ বা আপোনাৰ বিশেষ কোনোবা ভাল ঠাইত এডোখৰত গৈ অকণমান একেলগে সময় কটালে যদি আপোনাৰ মনটোৱে বহুত বেছি ৰিলেক্স অনুভৱ কৰে, নিজকে ধুনীয়াকৈ সজাই-পৰাই এখন ফটো উঠি নিজৰ মনটোক যদি জীপাল কৰি ৰাখিব পাৰে তেন্তে তাকেই কৰক।আনে বেয়া পাব বুলি আনে বেয়া দেখিব বুলি নিজৰ ভাললগাবোৰ এৰাই চলাৰ প্ৰয়োজন আছে বুলি মই নাভাৱো।
মোৰ মতে নিজৰ সমস্ত ত্যাগ কৰি এগৰাকী আদৰ্শ বোৱাৰী, পত্নী,এগৰাকী গৃহিণী অথবা এগৰাকী আদৰ্শ নাৰী হোৱাৰো কোনো প্ৰয়োজন নাই। কেতিয়াবা ঘৰৰ বান্ধোনৰ পৰা ওলাই নিজক অলপ সময় দিয়ক, নিজৰ শৰীৰৰ যত্ন লওক, নিজৰ প্ৰিয় খাদ্যবোৰ খাওক, নিজৰ ভাললগা কাপোৰবোৰ পিন্ধক, কেতিয়াবা নিজৰ ভাললগা এখন চিনেমা চাওক, আপোনাৰ ভাল লগা কিতাপবোৰ পঢ়ক কেৱল নিজৰ বাবে।কি দৰকাৰ আনৰ বাবে ইমানখিনি ত্যাগ কৰাৰ।আনে কি বুলি ভাবিব,আনে কি ক'ব এইবোৰ ভাবি আমাৰ ভাললগা বোৰৰ পৰা আঁতৰি থকাৰ কোনো প্ৰয়োজনেই নাই,আমি এনেকুৱা এখন সমাজত বাস কৰি আছোঁ য'ত আপুনি আপোনাৰ সকলো ত্যাগ কৰি মানুহে কি ক'ব বুলি ভাৱি যদি মানুহৰ ভালপোৱা-বেয়াপোৱা মতে সকলো কৰিও যায় তথাপিও কিন্তু এই সমাজখনৰ কিছুমান মানুহে আপোনাৰ বদনাম ক'বলৈ এৰি নিদিয়ে। প্ৰথমে নিজক সুখী কৰিবলৈ চেষ্টা কৰক, কেতিয়াও আনৰ কাৰণে নিজৰ ভাললগাবোৰক, নিজৰ প্ৰতিভাবোৰক বিসৰ্জন নিদিব,নিজক ফুলিবলৈ দিয়ক,ভীৰৰ পৰা নিজকে উলিয়াই আনক, প্ৰতিদিনে নিজৰ ভাললগা এটা এটা কাম কৰক, মানুহ মানসিক ভাৱে শান্তিত নাথাকিলে জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰে।মানসিকভাৱে অলপ শান্তি পাবলৈ আৰু নিজৰ প্ৰতিভাৰে আনৰ আগত এক সুকীয়া পৰিচয় দিবৰ বাবে কেতিয়াবা আপুনি নিজৰ ভাললগাবোৰক অলপ বেছি গুৰুত্ব দিওঁতে যদি কোনোবাই আপোনাক স্বাৰ্থপৰ বুলিও কয় তেন্তে কবলৈ দিয়ক।নিজক নিজে সুখী কৰি ৰখাৰ স্বাৰ্থত,কুশলে ৰখাৰ স্বাৰ্থত নিজৰ ভাললগা কামবোৰত সময় দিয়ক। জীৱনটো কেৱল এবাৰেই পাব সেয়ে অকনমান নিজৰ বাবেও জীৱনটো উদযাপন কৰকচোন🙏😊
✍️ সুস্মিতা

28/05/2024

প্ৰতিশ্ৰুতিৰ মাজেৰে গঢ়ি উঠা সম্পৰ্ক এটাতকৈ প্ৰতিশ্ৰুতি বিহীন সম্পৰ্ক এটাহে মোৰ দৃষ্টিত বেছি ওপৰত,কিয়নো সম্পৰ্ক এটাত ইজনে সিজনক প্ৰতিশ্ৰুতি দিওঁতে ঠিকেই দিয়ে কিন্তু যেতিয়াই যিকোনো এজনৰ জীৱনলৈ কোনো কঠিন পৰিস্থিতি আহি পৰে তেতিয়াই এজনে আনজনক অকলশৰীয়া কৰি এৰি থৈ গুচি যায়, আৰু তেওঁ দিয়া সেই প্ৰতিশ্ৰুতি বোৰৰ কথা ভাবি-ভাবি এদিন আমিয়েই কান্দিব লগা হয় যে- তেওঁ কিয় মোৰ লগত এনেকুৱা কৰিলে বুলি,,,, মোৰ মতে যিজনে কোনো প্ৰতিশ্ৰুতি নিদিয়াকৈ তোমাৰ জীৱনৰ প্ৰতিটো সুখ-দুখৰ মূহুৰ্তত তোমাৰ লগত ছা টোৰ দৰে থাকিব, কোনো প্ৰতিশ্ৰুতি নিদিয়াকৈ যিজনে নিজে হাজাৰ কষ্টত থাকিও তোমাক প্ৰতিটো মূহুৰ্তত হহুৱাই ৰাখিবলৈ চেষ্টা কৰিব তেওঁৱেই হৈছে প্ৰকৃত প্ৰেমিক, কোনো কথা নিদিয়াকৈ নিয়াৰিকৈ সম্পৰ্ক এটা চলাই নিয়া জনেহে আচলতে প্ৰতিশ্ৰুতিৰ মূল্য ভালকৈ বুজি পায়❤️
✍️ সুস্মিতা

24/05/2024
27/04/2024

মোৰ একো দৰকাৰ নপৰে বুলি কোৱা কথাবোৰ কেতিয়াবা বেছিকৈ দৰকাৰত আহি যায়, মোৰ একো আহে নাযায় বুলি কোৱা কথাবোৰত কেতিয়াবা বেছিকৈহে আহে যায়, এইবাৰ সচাকৈ কৈ দিম বুলি ভাৱি থকা কথাবোৰো হাজাৰ চেষ্টা কৰিও মুখৰ পৰা ওলাই নাহে,মোৰ একো দৰকাৰ নপৰে বুলি কোৱা কথাবোৰ কেতিয়াবা বেছিকৈ দৰকাৰত আহি যায়, মোৰ একো আহে নাযায় বুলি কোৱা কথাবোৰত কেতিয়াবা বেছিকৈহে আহে যায়, এইবাৰ সচাকৈ কৈ দিম বুলি ভাৱি থকা কথাবোৰো হাজাৰ চেষ্টা কৰিও মুখৰ পৰা ওলাই নাহে,
কাৰোবাক দেখিব মন নাযায় বুলি কোৱাৰ পিছটো বাৰে-বাৰে সেইজনৰ মুখখনেহে মনলৈ আহি থাকে,ভাল নাপাওঁ বুলি কোৱাজনকো ভাল নাপায় থাকিব নোৱাৰি,ঠিক তেনেদৰে কেতিয়াবা কাৰোবাক পাহৰো বুলিও যে পাহৰিব নোৱাৰি, হাজাৰ অভিমানত ডুব গৈ থাকিলেও ফোনটো আহিলে ৰিচিভ নকৰাকৈ জানো থাকিব পাৰি, আপোনাৰ আতাইতকৈ প্ৰিয় গানটো যেতিয়া কলাৰ টিউনত থৈ দিয়ে তেতিয়া তেওঁক হাজাৰ বেয়া পাই থাকিলেও বাৰে বাৰে তেওঁলৈ ফোনটো লগাবলৈ মন নাযায়নে???
কি আচৰিত ন,,,
কেতিয়াবা কাৰোবাক পাহৰি যাও বুলিও পাহৰি যাব পৰা নাযায়,,,
আচলতে মানুহবোৰ এনেকুৱাই, কোনোবাই ভালপাবলৈ শিকায় যায় আৰু কোনোবাই বেয়া পাবলৈ আৰু কোনোবাই হাহিবলৈ শিকায় যায় আৰু কোনোবাই বহুত বেছি কান্দিবলৈ....😥
✍️ সুস্মিতা বৰা

25/04/2024

কেতিয়াবা বিষাদৰ যন্ত্ৰণা অনুভৱ কৰি পাইছেনে,,,
নাইপোৱা ন...
ৰাতিপুৱা নিয়ৰৰ টোপালবোৰ পৰি ক্ষন্তেকৰ বাবে মুকুতাৰ দৰে জিলিকি থকা সৰু সৰু দুৱৰিবনবোৰ যেতিয়া মানুহৰ ভৰিৰ গছকত মাটিৰ লগত মিলি যায়, সেই দুৱৰিবোৰক এবাৰ সুধি চাব বিষাদৰ যন্ত্ৰণা কি?
শৰৎৰ নিশা ফুলি থকা শেৱালী ফুলবোৰ যেতিয়া ৰাতিপুৱালৈ চোতাল ভৰি সৰি থকা দেখা পায় তেতিয়া সেই সৰি থকা শেৱালীবোৰক এবাৰ প্ৰশ্ন কৰি চাব আচলতে বিষাদৰ অনুভৱ কেনেকুৱা???
উত্তৰ নিজেই পাব....✍️ সুস্মিতা বৰা

13/04/2024

আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা হেঁপাহৰ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা❤️🙏বাপতিসাহোন ৰঙালী বিহুটোক লৈ মোৰ মনৰ কিছু অনুভৱ আপোনালোকৰ আগত কবিতাৰ আকাৰে প্ৰকাশ কৰিছো,আশা কৰিছোঁ সকলোৱে ভাল পাব 🙏

নিৰৱ-নিস্তদ্ধ পৰিৱেশত কেতিয়াবা নিজৰ লগতো কথা পাতি চাবচোন, কেতিয়াবা নিজকো কিছুমান প্ৰশ্ন কৰি চাবচোন, কোনেও নুশোধা, কোনে...
03/04/2024

নিৰৱ-নিস্তদ্ধ পৰিৱেশত কেতিয়াবা নিজৰ লগতো কথা পাতি চাবচোন, কেতিয়াবা নিজকো কিছুমান প্ৰশ্ন কৰি চাবচোন, কোনেও নুশোধা, কোনেও নোকোৱা কিছুমান প্ৰশ্ন আৰু প্ৰশ্নৰ উত্তৰ আপোনা-আপুনি ওলাই আহিব আপোনাৰ মনৰ পৰা,কি ঠিক কিজানিবা বিছাৰিয়েই পায় নিজক, আগতকৈ শুদ্ধ ৰূপত,✍️সুস্মিতা বৰা

ৰংবোৰ মোৰ খুউব প্ৰিয়, কেতিয়াবা এনেকুৱা লাগে যেন সাতোৰঙী ৰামধেনু খনৰ গোটেই ৰংবোৰ থপিয়াই আনি গোটেই পৃথিৱী খনতেই ছতিয়াই...
26/03/2024

ৰংবোৰ মোৰ খুউব প্ৰিয়, কেতিয়াবা এনেকুৱা লাগে যেন সাতোৰঙী ৰামধেনু খনৰ গোটেই ৰংবোৰ থপিয়াই আনি গোটেই পৃথিৱী খনতেই ছতিয়াই দিম, কিন্তু পাৰিম জানো🤔? আমি যে মানুহবোৰ পৰিস্থিতিৰ দাস, জীৱনৰ জটিল পৰিস্থিতিত কেতিয়াবা যে জীৱনটোৱেই বৰণহীন হৈ যায়, তেতিয়া বৰ কষ্ট হয়😔,কাৰণ ৰং যে মই বৰ ভাল পাও,কষ্ট পাওঁ মই ৰঙহীন সপোন দেখিবলৈ, কষ্ট পাওঁ মই ৰঙহীন জীৱনৰ কল্পনা কৰিবলৈ, কাৰণ ৰঙবোৰ মোৰ বহুত বেছি প্ৰিয়,সেয়ে জীৱনৰ প্ৰতিটো মূহুৰ্ত ফাকুৱাৰ ৰঙৰ দৰে ৰঙীন কৰি ৰাখিব বিছাৰো,খঙেৰে নহয় মৰমৰ ৰঙেৰে ৰঙীন কৰিব বিচাৰোঁ জীৱনৰ প্ৰতিটো মূহুৰ্ত,প্ৰতাৰণা নহয় ত্যাগৰ ৰঙেৰে ৰঙীন কৰিব বিচাৰোঁ ভালপোৱা ঠিক ৰাধা- কৃষ্ণৰ দৰে, স্বাৰ্থবোৰৰ ম্লান কৰি নিঃস্বাৰ্থৰে পৰিপূৰ্ণ কৰিব বিচাৰোঁ প্ৰেম❤️
আপোনালোকেও মনৰ পৰা খং,জেদ,অভিমান,বেয়া ভাৱ, ঘৃণা,দম্ভ- অহংকাৰ এই সকলোবোৰ পৰিত্যাগ কৰি মিলাপ্ৰিতিৰে আৰু প্ৰেমৰ ডোলেৰে জীৱনৰ প্ৰতিটো মূহুৰ্ত উপভোগ কৰক আৰু ফাকুৱাৰ ৰঙৰ দৰে ৰঙীন কৰি পেলাৱক জীৱন 😊😊😊 ✍️ সুস্মিতা বৰা

Legend Kishore Kumar🙏🎨🖌️
29/08/2023

Legend Kishore Kumar🙏🎨🖌️

Happy Independence Day✊🧡🤍💚My New Creative Art🧡🤍💚
15/08/2023

Happy Independence Day✊🧡🤍💚My New Creative Art🧡🤍💚

Stone💜🤍🖤
14/08/2023

Stone💜🤍🖤

Address

Majuli-Bongaon

Alerts

Be the first to know and let us send you an email when চিঞাহীৰ প্ৰতিচ্ছবি by Susmita Borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to চিঞাহীৰ প্ৰতিচ্ছবি by Susmita Borah:

Videos

Share