Jnet Live

Jnet Live Jnet Live is an entertainment and informative based web channel of North East India.

We are sharing many kinds of people lifestyle, entertainment, business, culture, tradition, news etc.

♦️কাৰ্বি আংলং জিলাৰ ফুলনিত  কিছু সময় পূৰ্বে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা।♦️ফুলনি ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখতে ৩৬ ...
12/07/2023

♦️কাৰ্বি আংলং জিলাৰ ফুলনিত কিছু সময় পূৰ্বে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা।

♦️ফুলনি ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখতে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনাত ফুলনি দেছয় তেৰণ গাঁৱৰ ছিং ৰংফাৰৰ থিতাতে মৃত্যু হয়।

♦️জানিব পৰা মতে নগাঁও দিশৰ পৰা তীব্ৰ বেগেৰে আহি থকা 23-BH-4792 -A নম্বৰৰ বলেন' এখনে AS-02-5457 নম্বৰযুক্ত বাইকক খুন্দা মৰাৰ ফলত উক্ত পথ দুৰ্ঘটনাটো সংঘটিত হৈছে।

♦️দুৰ্ঘটনা সংঘটিত কৰাৰ পাছত চালকে গাড়ীখন লৈ কিছুদূৰ পলাই যায় যদিও আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

♦️ঘটনাস্থলীত উত্তৰ বৰবিল উপ-আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয় অাৰু মৰোনোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো ডিফুলৈ প্ৰেৰণ কৰে।



♦️কাকচাং কাইফলাংচ' জলপ্ৰপাতত পুনৰ অঘটন।♦️জলপ্ৰপাতটোত সাঁতুৰি থকা অৱস্থান সন্ধানহীন এজন যুৱক।♦️যুৱকজনৰ সন্ধানত  অব্যাহত আ...
26/05/2023

♦️কাকচাং কাইফলাংচ' জলপ্ৰপাতত পুনৰ অঘটন।
♦️জলপ্ৰপাতটোত সাঁতুৰি থকা অৱস্থান সন্ধানহীন এজন যুৱক।
♦️যুৱকজনৰ সন্ধানত অব্যাহত আছে অভিযান।


♦️ ভাৰতীয় মহিলা T20 ক্ৰিকেট দলত অসমৰ উমা ছেত্ৰীৰ স্থান লাভ।♦️হংকঙত অনুষ্ঠিত হ'ব লগা এছিয়া কাপ মহিলা T20 ক্ৰিকেট প্ৰতিযোগ...
25/05/2023

♦️ ভাৰতীয় মহিলা T20 ক্ৰিকেট দলত অসমৰ উমা ছেত্ৰীৰ স্থান লাভ।
♦️হংকঙত অনুষ্ঠিত হ'ব লগা এছিয়া কাপ মহিলা T20 ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে উমাই।
JnetLive

২০১৩ ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ।২০১৫ ত উচ্চতৰ মাধ্যমিকত স্থান লাভ।এতিয়া ২০২৩ UPSC ত পঞ্চম স্থান।অভিনন্দন ময়...
23/05/2023

২০১৩ ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ।
২০১৫ ত উচ্চতৰ মাধ্যমিকত স্থান লাভ।
এতিয়া ২০২৩ UPSC ত পঞ্চম স্থান।

অভিনন্দন ময়ূৰ হাজৰিকা!!

♦️খবৰ কাৰ্বি আংলঙৰ...♦️সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাহাৰীয়া জিলা তিনিখনৰ ভিতৰত প্ৰথম স্থান লাভ কৰে নিৰজ প্ৰিয...
23/05/2023

♦️খবৰ কাৰ্বি আংলঙৰ...
♦️সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাহাৰীয়া জিলা তিনিখনৰ ভিতৰত প্ৰথম স্থান লাভ কৰে নিৰজ প্ৰিয়ম গগৈয়ে।
♦️৯৬.৬৭ শতাংশ নম্বৰেৰে উজ্বলি উঠিল নিৰজ।
♦️ডেনগাঁৱৰ মাউন্ট চিনাই ইংৰাজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ তেওঁ।
♦️ অভিনন্দন নিৰজ!



♦️তিৰপালেৰে সেউজীয়া কৰা হৈছে ভৰলু নৈক।♦️গুৱাহাটীৰ সৌন্দৰ্য বৰ্দ্ধনৰ অভিনৱ ব্যৱস্থা।♦️বৰ্ষাপাৰাৰ IPL মেচক কেন্দ্ৰ কৰি এই...
05/04/2023

♦️তিৰপালেৰে সেউজীয়া কৰা হৈছে ভৰলু নৈক।
♦️গুৱাহাটীৰ সৌন্দৰ্য বৰ্দ্ধনৰ অভিনৱ ব্যৱস্থা।
♦️বৰ্ষাপাৰাৰ IPL মেচক কেন্দ্ৰ কৰি এই তৎপৰতা।
JnetLive

♦️অৰুণাচলৰ টিৰাপ জিলাত সেনাৰ অভিযান♦️বগা পানী অঞ্চলত আত্মগোপন কৰি থকা NSCN (K) ৰ দুধৰ্ষ কেডাৰক গ্ৰেপ্তাৰ♦️অস্ত্ৰ শস্ত্ৰস...
04/04/2023

♦️অৰুণাচলৰ টিৰাপ জিলাত সেনাৰ অভিযান
♦️বগা পানী অঞ্চলত আত্মগোপন কৰি থকা NSCN (K) ৰ দুধৰ্ষ কেডাৰক গ্ৰেপ্তাৰ
♦️অস্ত্ৰ শস্ত্ৰসহ গ্ৰেপ্তাৰ ৰকচেন হমচাক।
♦️বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ।
JnetLive

♦️চ'ত মহীয়া বৰদৈ চিলাই জোঁকাৰি গৈছে হাওৰাঘাট। ♦️হাওৰাঘাটৰ যমুনা গাঁৱত বিস্তৰ ক্ষতি। ♦️ধুমুহাই তচনচ কৰে মন্টু লস্কৰৰ দোক...
02/04/2023

♦️চ'ত মহীয়া বৰদৈ চিলাই জোঁকাৰি গৈছে হাওৰাঘাট।
♦️হাওৰাঘাটৰ যমুনা গাঁৱত বিস্তৰ ক্ষতি।
♦️ধুমুহাই তচনচ কৰে মন্টু লস্কৰৰ দোকান।
♦️গাঁৱখনৰ বহু পৰিয়ালৰ ঘৰৰ টিনপাত উৰুৱাই নিয়ে কাল ধুমুহাই।
JnetLive

♦️ভূমি সংক্ৰান্তীয় ঘটনাই বিষম ৰূপ ধাৰণ কৰিছে ডকমকাত।  ♦️কাৰ্বি আংলঙৰ ডকমকাত ছুৰিকাঘাতত মহিলাৰ কৰুণ মৃত্যু।♦️হত্যাকাৰীৰ ...
01/04/2023

♦️ভূমি সংক্ৰান্তীয় ঘটনাই বিষম ৰূপ ধাৰণ কৰিছে ডকমকাত।
♦️কাৰ্বি আংলঙৰ ডকমকাত ছুৰিকাঘাতত মহিলাৰ কৰুণ মৃত্যু।
♦️হত্যাকাৰীৰ আত্মসমৰ্পণ।
♦️এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হয় কাৰ্বি আংলং জিলাৰ ডকমকাত।
♦️ডকমকা আৰক্ষী থানা অন্তৰ্গত ছামতাৰ' গাঁৱত আত্মীয়ৰ ছুৰিকাঘাতত মৃত্যু হয় এগৰাকী মহিলাৰ।
♦️নিহত মহিলা গৰাকীৰ নাম জয়া ৰংহাংপী।
♦️ঘটনাৰ বিৱৰণীত প্ৰকাশ যে পৈত্ৰিক সম্পত্তি হিচাপে জয়া ৰংহাঙপীয়ে লাভ কৰা ভূমি ষড়যন্ত্ৰমূলকভাৱে আন এজনক বিক্ৰী কৰে বাবু ৰংহাং নামৰ দূৰ সম্পৰ্কীয় এজন আত্মীয়ই। যিটো কথা সহজে মানি ল'ব পৰা নাছিল জয়াই।
♦️এই সন্দৰ্ভত আলোচনাৰ বাবে বাবু ৰংহাঙে ডকমকাৰ ভেলৌঘাটৰ পৰা আহি ছামতাৰ' গাঁৱত উপস্থিত হয় জয়াৰ ঘৰত।
♦️দুয়োৰে মাজত কথা কটাকটি হয় আৰু পলকতে বাবুৱে নিজৰ মোনাৰ পৰা ছুৰি এখন উলিয়াই জপিয়াই পৰে জয়াৰ ওপৰত।
♦️তেজেৰে লুতুৰি পুতুৰি জয়াক মুমূৰ্ষ অৱস্থাত ডকমকা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তাতেই কৰুণ মৃত্যুক আকোঁৱালি লয় জয়া ৰংহাংপীয়ে।
♦️ইপিনে হত্যাকাণ্ড সংঘটিত কৰি বাবু ৰংহাঙে নিজেই ডকমকা থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে।
JnetLive

BIG BREAKINGকাৰ্বি আংলং জিলাত নাই কোনো Food Safety Officer
31/03/2023

BIG BREAKING
কাৰ্বি আংলং জিলাত নাই কোনো Food Safety Officer

 ♦️ছাত্ৰৰ মৃত্যু, শোকৰ ছাঁ ♦️হাওৰাঘাটৰ চাউমিন কাণ্ড ♦️অসুস্থ এজন ছাত্ৰৰ অকাল মৃত্যু♦️ছাত্ৰজনৰ নাম তন্ময় বৰা ৰংপি ♦️ গুৱ...
31/03/2023


♦️ছাত্ৰৰ মৃত্যু, শোকৰ ছাঁ

♦️হাওৰাঘাটৰ চাউমিন কাণ্ড

♦️অসুস্থ এজন ছাত্ৰৰ অকাল মৃত্যু

♦️ছাত্ৰজনৰ নাম তন্ময় বৰা ৰংপি

♦️ গুৱাহাটী হেল্থ চিটিত চিকিৎসাধীন হৈ আছিল ছাত্ৰজন

♦️মংগলবাৰে চাউমিন খাই অসুস্থ হৈছিল ছাত্ৰজন

♦️ ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে হাওৰাঘাটৰ চাইমিন কাণ্ডই।
JnetLive

♦️BREAKING♦️ডবকাৰ শালনীত ভয়ংকৰ পথ দুৰ্ঘটনা।♦️পথ দুৰ্ঘটনাত মৃত্যু হাওৰাঘাটৰ সোণৰ ব্যৱসায়ী সঞ্জীৱ নাথ।♦️গাড়ীৰ খুন্দাত দ...
30/03/2023

♦️BREAKING

♦️ডবকাৰ শালনীত ভয়ংকৰ পথ দুৰ্ঘটনা।
♦️পথ দুৰ্ঘটনাত মৃত্যু হাওৰাঘাটৰ সোণৰ ব্যৱসায়ী সঞ্জীৱ নাথ।
♦️গাড়ীৰ খুন্দাত দুচকীয়া বাহনৰ পৰা চিটিকি পৰি গছত খুন্দা খাই অকাল মৃত্যুক আকোঁৱালি লয় নাথে।
JnetLive

♦️একাংশৰ অপকৰ্মৰ বাবে বিপদত পৰিছে দুখীয়া মীন পালক।♦️বৰপেটা জিলাৰ সৰ্থেবাৰীৰ মাজদিয়াত সংঘটিত হৈছে এক দুষ্কাৰ্য।♦️দুৰ্বৃ...
30/03/2023

♦️একাংশৰ অপকৰ্মৰ বাবে বিপদত পৰিছে দুখীয়া মীন পালক।
♦️বৰপেটা জিলাৰ সৰ্থেবাৰীৰ মাজদিয়াত সংঘটিত হৈছে এক দুষ্কাৰ্য।
♦️দুৰ্বৃত্তই নিশা পুখুৰীত বিহ ঢালি নিধন কৰিলে বহু কুইন্টল মাছ।
JnetLive

♦️ধেমাজিৰ চিলাপথাৰ থানাৰ অন্তৰ্গত কোলাজানত গাড়ীৰে ষ্টান্ট কৰি বিভীষিকাৰ সৃষ্টি কৰা ৯ জন কিশোৰক নিশা আটক কৰে ধেমাজি আৰক্ষ...
30/03/2023

♦️ধেমাজিৰ চিলাপথাৰ থানাৰ অন্তৰ্গত কোলাজানত গাড়ীৰে ষ্টান্ট কৰি বিভীষিকাৰ সৃষ্টি কৰা ৯ জন কিশোৰক নিশা আটক কৰে ধেমাজি আৰক্ষীয়ে।
JnetLive

♦️জনীয়াৰ কান্দুলীয়াত বিকল্প ৰাজ্যিক ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।♦️দুখন বাহনৰ সংঘৰ্ষ।♦️গতি নিয়ন্ত্ৰণৰ ব্যৱস্থা নথকাৰ বাবেই দ...
30/03/2023

♦️জনীয়াৰ কান্দুলীয়াত বিকল্প ৰাজ্যিক ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
♦️দুখন বাহনৰ সংঘৰ্ষ।
♦️গতি নিয়ন্ত্ৰণৰ ব্যৱস্থা নথকাৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ।
JnetLive


👉🏻সাৱধান!♦️আজি হাওৰাঘাটৰ ৰাজু হোটেলৰ চাউমিন খোৱাসকলে শীঘ্ৰেই চিকিৎসকৰ পৰামৰ্শ লওক! ♦️হাওৰাঘাটৰ চাউমিন কাণ্ডই গুৰুতৰ ৰূপ ...
28/03/2023

👉🏻সাৱধান!
♦️আজি হাওৰাঘাটৰ ৰাজু হোটেলৰ চাউমিন খোৱাসকলে শীঘ্ৰেই চিকিৎসকৰ পৰামৰ্শ লওক!
♦️হাওৰাঘাটৰ চাউমিন কাণ্ডই গুৰুতৰ ৰূপ ধাৰণ কৰিছে।
♦️এইবাৰ চাউমিন খাই অসুস্থ হোৱাৰ খবৰ আহিছে I. K. Automobiles ৰ পৰা।
♦️আই, কে, অট'মবাইলচৰ কৰ্মী "সন্মিলন হাজং" গুৰুতৰভাৱে অসুস্থ হৈ হাওৰাঘাট চিকিৎসালয়ত ভৰ্তি।
JnetLive

♦️হাওৰাঘাটত চাউমিন কাণ্ড...♦️অসুস্থ ১২ জন ♦️তিনিজনক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ ♦️চাউমিন খাই হাওৰাঘাট শংকৰদেৱ বিদ...
28/03/2023

♦️হাওৰাঘাটত চাউমিন কাণ্ড...
♦️অসুস্থ ১২ জন
♦️তিনিজনক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ
♦️চাউমিন খাই হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ পাঁচজন ছাত্ৰ আৰু সাতজন শিক্ষক-শিক্ষয়িত্ৰী-কৰ্মী গুৰুতৰভাৱে অসুস্থ হৈ পৰে।
♦️দৰাচলতে বিদ্যালয়ৰ এটি প্ৰজেক্টৰ কামত ব্যস্ত আছিল ছাত্ৰ, শিক্ষক আৰু নিকেতনৰ অন্যান্য কৰ্মচাৰীসকল। দুপৰীয়া ভোক লগাত হাওৰাঘাট বজাৰৰ ৰাজু হোটেলৰ পৰা চাউমিন আনি খায়।
♦️চাউমিন সেৱনৰ পাছতেই এজন এজনকৈ অসুস্থ হৈ পৰে ছাত্ৰ-শিক্ষকসকল।
♦️ততাতৈয়াকৈ হাওৰাঘাট চৰকাৰী হাস্পাতালত ভৰ্তি কৰা হয় তেওঁলোকক।
♦️তাৰে তিনিজনৰ স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়।
♦️ইপিনে, ঘটনাৰ তদন্ত আৰম্ভ কৰিছে হাওৰাঘাট আৰক্ষীয়ে।
♦️ইতিমধ্যে ৰাজু হোটেলৰ পৰা জব্দ কৰা হৈছে চাউমিনকে আদি কৰি বহু সামগ্ৰী।
♦️উল্লেখ্য ভেজাল খাদ্যৰ ৰমৰমীয়া বজাৰ এখন গঢ়ি উঠিছে সৰ্বত্ৰে তাৰ বিপৰীতে নীৰৱ নিৰ্বিকাৰ খাদ্য সুৰক্ষা বিভাগ।
Jnet Live


হাওৰাঘাটত হাতীৰ গচকত মৃত্যু মহিলাৰৰাজ্যত পুনৰ হস্তী মানৱৰ সংঘাত। এইবাৰ ঘটনাৰ স্থানঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট। হাওৰাঘাট...
04/02/2023

হাওৰাঘাটত হাতীৰ গচকত মৃত্যু মহিলাৰ

ৰাজ্যত পুনৰ হস্তী মানৱৰ সংঘাত। এইবাৰ ঘটনাৰ স্থানঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট। হাওৰাঘাটৰ পূৱ দিখাৰু দলৈ গাঁৱত সংঘটিত হয় এই শোকাবহ ঘটনা। খৰি কাটিবলৈ ওলাই যোৱা মহিলা বন্য হাতীৰ গচকত মৃত্যু হয়। হাতীৰ মুক্ত বিচৰণ থলী হিচাপে পৰিচিত পূৱ দিখাৰুত সঘনে চলে বন্যহস্তীৰ আক্ৰমণ। নিহত মহিলা গৰাকীৰ নাম সংগীতা তেৰণপী।

ইং 2/12/2022 তাৰিখে পুৱা ১১বজাৰ পৰা প্ৰায় এক ঘন্টা পৰ্যন্ত আন্তৰাষ্ট্ৰীয় এন জি অ’ জনিত্ৰীৰ মজিয়াত অসমৰ কেইবাগৰাকী বিশেষ ...
03/12/2022

ইং 2/12/2022 তাৰিখে পুৱা ১১বজাৰ পৰা প্ৰায় এক ঘন্টা পৰ্যন্ত আন্তৰাষ্ট্ৰীয় এন জি অ’ জনিত্ৰীৰ মজিয়াত অসমৰ কেইবাগৰাকী বিশেষ মহিলা গুৱাহাটীৰ পৰা ৰাজলক্ষী শইকীয়া,সঙ্গীতা শইকীয়া ,গোলাঘাটৰ পৰা ঊষাৰাণী দেৱীৰ সৈতে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত হোৱা কিছুমান সমস্যা আৰু তাৰ সমাধান তথা কেনেদৰে আমাৰ অসমৰ মহিলা সকলক দেশৰ বা ৰাষ্ট্ৰৰ আন মহিলাসকলৰ দৰে আগবঢ়াই নিব পাৰি,সেই বিষয়ে এক গুৰুত্বপূৰ্ণ আলোচনা হয় ৷আলোচনাৰ আঁত ধৰে জনিত্ৰী অসমৰ মহিলা সৱলীকৰণৰ ক্ষেত্ৰত সভানেত্ৰী হিচাপে কাম কৰা মমী বৰাই ৷আলোচনাত প্ৰতিগৰাকী মহিলাই নিজৰ পৰিচয়েৰে মহিলা সৱলীকৰণৰ ক্ষেত্ৰতঅসমৰ প্ৰতিগৰাকী মহিলাই নিজৰ স্থিতিত অটল থাকি ইচ্ছাৰ ওপৰত গুৰুত্ব দিয়া আৰু নিজক কোনফালে আগুৱাই নিব তাক নিয়ন্ত্ৰণ কৰাৰ সুবিধা নিজৰ হাতৰ মুঠিত ৰাখি আগবাঢ়ি গ’লে নিশ্চয় অসমত মহিলা সৱলীকৰণৰ প্ৰচেষ্টা সফল হ’ব বুলি সদৰি কৰে ৷ জনিত্ৰীৰ জন্মদাত্ৰী তথা মুখ্য কাৰ্যবাহী সন্মানীয়া ৰুমী বৰাই সকলোৰে মতামতৰ ওপৰত বিশেষ বিশ্লেষণ দাঙি ধৰি অসমৰ মহিলা সকলক ,যিসকল অৰ্থনৈতিকভাৱে টনকীয়াল নহয় সেইসকলক জনিত্ৰীৰ তৰফৰ পৰা যৎপৰোনাস্তি সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ আলোচনা সমাপ্ত কৰে ৷

➡️ ৰাছিয়াই ইউক্ৰেইনৰ দখলীকৃত চাৰিটা অঞ্চল উভতাই দিয়ক : ৰাষ্ট্ৰসংঘ➡️ ১৯৩ জনীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ১৪৩-৫ ভোটত ৰাছ...
13/10/2022

➡️ ৰাছিয়াই ইউক্ৰেইনৰ দখলীকৃত চাৰিটা অঞ্চল উভতাই দিয়ক : ৰাষ্ট্ৰসংঘ

➡️ ১৯৩ জনীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ১৪৩-৫ ভোটত ৰাছিয়াৰ বিপক্ষে গৃহীত প্ৰস্তাৱ

➡️ ভাৰত সহ ৩৫ জন ৰাষ্ট্ৰ প্ৰতিনিধি ভোটদানৰ পৰা বিৰত থাকিল

১৯৬৭ চনৰ ৮ অক্টোবৰত মহান বিপ্লৱী চে গুৱেভাৰাক বলিভিয়াৰ সামৰিক বাহিনী আৰু আমেৰিকাৰ চিআইএৰ এজেণ্টে বন্দী কৰে। পিছদিনা অৰ্...
09/10/2022

১৯৬৭ চনৰ ৮ অক্টোবৰত মহান বিপ্লৱী চে গুৱেভাৰাক বলিভিয়াৰ সামৰিক বাহিনী আৰু আমেৰিকাৰ চিআইএৰ এজেণ্টে বন্দী কৰে। পিছদিনা অৰ্থাৎ আজিৰ দিনটোত তেওঁক ফাঁচী দিয়া হয়, তেওঁৰ মৃতদেহ সংবাদ মাধ্যমৰ আগত প্ৰদৰ্শন কৰা হয়। কিন্তু বীৰ গেৰিলাক বদনাম কৰাৰ সাম্ৰাজ্যবাদী পৰিকল্পনাই বিৰূপ ফল দিলে -- চেৰ বীৰত্ব বিশ্বজুৰি বিপ্লৱী প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰ'ল।

গুজৰাটত দিল্লীৰ মুখ্যমন্ত্ৰী  অৰবিন্দ কেজৰিৱালৰ মন্তব্য " ভগৱানে মোক কংসৰ সন্তানক মাৰিবলৈ পঠিয়াইছে" গুজৰাটত অনুষ্ঠিত নিৰ...
09/10/2022

গুজৰাটত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মন্তব্য " ভগৱানে মোক কংসৰ সন্তানক মাৰিবলৈ পঠিয়াইছে"

গুজৰাটত অনুষ্ঠিত নিৰ্বাচনী সমাৱেশৰ সময়ত কেজৰিৱালে তেওঁ জন্মাষ্টমীৰ দিনা জন্ম হোৱা বুলি উল্লেখ কৰি কয় যে তেওঁ এজন ধৰ্মীয় মানুহ। আৰু তেওঁক ভগৱান শ্ৰীকৃষ্ণই এটা কাম দি পঠিয়াইছে।

কালি অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত  অনুষ্ঠিত উত্তৰ-পূব মহাকাশ এপ্ল...
09/10/2022

কালি অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত উত্তৰ-পূব মহাকাশ এপ্লিকেচন কেন্দ্ৰৰ দশম সংখ্যক সভাত অনুষ্ঠিত হয়। সভাত মহাকাশ এপ্লিকেচন ক্ষেত্ৰৰে জড়িত বিভিন্ন বিষয়ত আলোচনা হয়।

এই সভাত কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী, অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, ছিকিম আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীসকল, ইছৰোৰ অধ্যক্ষ এছ সোমনাথ, কেন্দ্ৰীয় গৃহ সচিব শ্ৰীঅজয় ভাল্লাকে ধৰি অন্যান্যসকল উপস্থিত থাকে।

শিৱসেনাৰ উদ্ধৱ থাকৰে আৰু একনাথ সিন্ধেৰ দুয়োটা ফৈদৰ বিবাদক কেন্দ্ৰ কৰি তেওঁলোকৰ মাজত নিৰ্বাচনী প্ৰতীক লৈও অৰিয়াঅৰি অব্যা...
09/10/2022

শিৱসেনাৰ উদ্ধৱ থাকৰে আৰু একনাথ সিন্ধেৰ দুয়োটা ফৈদৰ বিবাদক কেন্দ্ৰ কৰি তেওঁলোকৰ মাজত নিৰ্বাচনী প্ৰতীক লৈও অৰিয়াঅৰি অব্যাহত আছে। ইয়াৰ মাজতে আজি অন্তৱৰ্তীকালীন নিৰ্দেশ মৰ্মে নিৰ্বাচন আয়োগে শিৱসেনাৰ সংৰক্ষিত নিৰ্বাচনী প্ৰতীক "ধনু আৰু কাঁড়" সাময়িক ভাৱে নিষিদ্ধ কৰিলে। আয়োগে বিবাদৰ সিদ্ধান্ত নোলোৱালৈকে উদ্ধৱ ঠাকৰে বা একনাথ সিন্ধেৰ কোনোৱেই দলৰ নাম বা প্ৰতীক ব্যৱহাৰ কৰিব নোৱাৰিব। ইচিয়ে কয় যে ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আন্ধেৰী ইষ্টৰ উপ-নিৰ্বাচনত দুয়োটা গোটৰ কোনো এটাকে "শিৱসেনা"ৰ বাবে সংৰক্ষিত চিহ্নটো ব্যৱহাৰ কৰাৰ অনুমতি দিয়া নহ'ব। দুয়োটা গোটকে আগন্তুক উপ-নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে মুক্ত প্ৰতীক তালিকাৰ পৰা নিজৰ প্ৰতীক নিৰ্বাচন কৰিবলৈ নিৰ্দেশ দিছে।

♦️অসমৰ বানপীড়িত অঞ্চলত বানগ্ৰস্থসকলক  সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যে আজি, ২৯ মে', দেওবাৰে নগাঁও ননৈ বানপীড়িত অঞ্চলত  বিশেষ...
29/05/2022

♦️অসমৰ বানপীড়িত অঞ্চলত বানগ্ৰস্থসকলক সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যে আজি, ২৯ মে', দেওবাৰে নগাঁও ননৈ বানপীড়িত অঞ্চলত
বিশেষভাৱে ক্ষতিগ্ৰস্ত হোৱা লোক সকলৰ কাষত থিয় হৈছেগৈ আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠন “জনিত্ৰী”ৰ মুখ্য কাৰ্যবাহী তথা সদস্যসকল ৷তেওঁলোকে ক্ষতিগ্ৰস্থ লোকসকলৰ লগত মত বিনিময় কৰি তেওঁলোকৰ
অভাৱ-অভিযোগৰ বিষয়ে জানিবলৈ চেষ্টা কৰাৰ লগতে কেনেদৰে সহায়-সহযোগ আগবঢ়াব পাৰি, সেই বিষয়েও চিন্তা-চৰ্চা কৰে আৰু এইসকল লোকৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ কৰাৰ লগতে জনিত্ৰীৰ উদ্যোগত এক বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় ৷
নগাঁও পশ্চিম ননৈ উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা এই চিকিৎসা শিবিৰত Narayana Super speciality Hospital ৰ কেইবাজনো চিকিৎসকে ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে তেওঁলোকক স্বাস্থ্যসজাগতা সম্বন্ধীয় দিহা-পৰামৰ্শ আগবঢ়ায়৷ আনহাতে এই চিকিৎসা শিবিৰত অংশগ্ৰহণ কৰা ৰোগীসকলক বিনামূলীয়াকৈ ঔষধো যোগান ধৰা হয়। উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰথমটো বানত ননৈ অঞ্চলৰ প্ৰায় কুৰিখনৰো অধিক গাঁৱত বানৰ বিভীষিকাত বহু লোক নানা ৰোগত আক্রান্ত হৈছিল।জনিত্ৰী টীমৰ মুখ্য কাৰ্যবাহী ৰুমী বৰাই কয় যে বানগ্ৰস্থলোকসকলৰ সাহায্যৰ পিছৰ পদক্ষেপসমূহ ইতিমধ্যে পৰিকল্পনা কৰা হৈছে আৰু তেনেকৈ আগবাঢ়ি যোৱাৰ সংকল্প লোৱা হৈছে৷ অনুষ্ঠানটোত Kaustav Engineering অংশগ্ৰহণ কৰে আৰু এই মহৎ কামত জনিত্ৰী টীমৰ লগত আংশিকভাৱে সক্ৰিয় সহযোগ কৰে ।
Assam Vision

21/05/2022

🔴 বটদ্ৰৱাত উত্তপ্ত পৰিস্থিতি, থানাত অগ্নি সংযোগ

⭕ বটদ্ৰৱা আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি।

⭕ আৰক্ষীৰ জিম্মাত মৃত্যু যুৱকৰ। যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ।

⭕ একাংশ উত্তেজিত লোকে প্ৰহাৰ কৰে আৰক্ষীকো। মৃত যুৱকজনৰ নাম ছফিকুল ইছলাম।

⭕৩ দিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত কেন্দ্ৰীয় ‌ গৃহমন্ত্ৰী অমিত শ্বাহ⭕  আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ দিনজোৰা কাৰ্যসূচী⭕ গৃ...
09/05/2022

⭕৩ দিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত কেন্দ্ৰীয় ‌ গৃহমন্ত্ৰী অমিত শ্বাহ
⭕ আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ দিনজোৰা কাৰ্যসূচী
⭕ গৃহমন্ত্ৰীয়ে পৰিদৰ্শন কৰিব ভাৰত-বাংলাদেশ সীমান্ত
⭕ অংশগ্ৰহণ কৰিব আন আন কাৰ্যসূচীত

"জনিত্ৰীৰ দ্বাৰা মাতৃদিৱস পালন"  "জনিত্ৰী" হৈছে এনেকুৱা এটা সংগঠন য'ত মাতৃ আৰু মাতৃহৃদয়ৰ লোকসকলক  এনে এখন প্লেটফৰ্ম দিয়া...
09/05/2022

"জনিত্ৰীৰ দ্বাৰা মাতৃদিৱস পালন"

"জনিত্ৰী" হৈছে এনেকুৱা এটা সংগঠন য'ত মাতৃ আৰু মাতৃহৃদয়ৰ লোকসকলক এনে এখন প্লেটফৰ্ম দিয়া হয় যাৰ যোগেদি নিজকে বিচাৰি পাবলৈ, নিজৰ ভিতৰত থকা অসীম শক্তিক চিনি পাবলৈ সহায় কৰা হয় আৰু দয়া, সহানুভূতিৰে এখন সুন্দৰ পৃথিৱী গঢ়াৰ লক্ষ্য লোৱা হয়৷ শিক্ষা, স্বাস্থ্য আৰু নাৰীশক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি সুখী মাতৃসকলৰ সৈতে লগলাগি মাতৃদিৱস উপলক্ষে জনিত্ৰীয়ে ৯ মে' পৰা ৩১ মে'লৈকে ৱেবিনাৰ আদি মাধ্যমৰ যোগেদি বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লৈছে৷

নিসন্দেহে নাৰীয়ে নেতৃত্ব ল'ব পৰাটো অতিশয় গুৰুত্বপূূৰ্ণ কথা৷ নাৰী মহিমাময়ী,দয়াশীলা,ৰচনাত্মক গুণেৰে বিভূষিতা৷ এগৰাকী মাতৃয়ে এখন ঘৰ,এটি পৰিয়াল পৰিচালনা কৰে৷ "জনিত্ৰী"তো নাৰীৰ সেই প্ৰতিবিম্বিত ৰূপ দেখিবলৈ পোৱা যায়৷

এগৰাকী নাৰীয়ে এন্ট্ৰাপ্ৰেনিয়ৰশ্চিপ জগতত খোজ দি অসাধাৰণ প্ৰতিভা, ৰচনাত্মক দৃষ্টিভংগীৰে কৰ্ম-কুশলতাৰ সমাধানৰ পথৰ সন্ধান দিব পাৰে৷ জনিত্ৰীয়ে আগবঢ়োৱা নাৰী এন্ট্ৰাপ্ৰেনিয়ৰশ্চিপ ৱৰ্কশ্বপসমূহ হ'ল - শাৰীৰিক স্বাস্থ্য, ষ্টাৰ্টআপ, নাৰীৰ অৰ্থনৈতিক সবলীকৰণ, টীম গঠন, ৰচনাত্মকতা আৰু কাৰ্যকুশলতা, ভ্ৰমন ব্যৱসায়, কেক বনোৱা ৱৰ্কশ্চপ ইত্যাদি৷

"মাতৃদিৱস উপলক্ষে আমি গোটেই মাহটো মাতৃসকলৰ উদ্দেশ্যে ৱৰ্কশ্বপৰ জড়িয়তে বিভিন্ন কাৰ্যপন্থা হাতত ল'বলৈ পায় অতিশয় সুখী হৈছো আৰু মই ভাবো যে সকলো মাতৃ আৰু জনিত্ৰীয়ানসকল ইয়াৰ দ্বাৰা উপকৃত হ'ব৷ লগতে জনাব বিচাৰোঁ যে আমি ৫০ গৰাকী মাতৃক ডিজিটেল মাধ্যমৰ যোগেদি সন্মান জনাম৷" -- সফল মমপ্ৰেনিয়ৰ শ্ৰীযুতা ৰুমী বৰাই কয়৷

"জনিত্ৰীৰ জড়িয়তে নাৰীসকলক প্ৰকৃত শিক্ষা আৰু সুস্বাস্থ্যৰে সফলতাৰ পথ দেখুওৱা হ'ব৷ এই মাতৃদিৱসত চলিত ৱৰ্কশ্বপসমূহৰ জড়িয়তে নাৰীসকলৰ ভিতৰত থকা অসীম শক্তিক বুজাবলৈ যত্ন কৰা হ'ব৷ - জনিত্ৰী টীমৰ শ্ৰীযুতা বন্দনা তেজীয়ে এনেদৰে কয়৷

"জনিত্ৰীৰ জড়িয়তে আমাৰ লক্ষ্য হৈছে যিমান সম্ভৱ মাতৃসকলৰ কাষলৈ যোৱা আৰু তেওঁলোকৰ শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাবে স্বাস্থ্যকৰ তথা সুস্থ পৰিৱেশ প্ৰদান কৰা৷ জনিত্ৰীয়ে মাতৃদিৱসত নাৰীসকলক তেওঁলোকৰ স্বাস্থ্যকৰ আৰু সুস্থ জীৱনপ্ৰণালীৰ কাহিনী শুনাবৰ বাবে আগবাঢ়ি আহিবলৈ প্ৰেৰণা আৰু সাহস দিব৷ -- আহম আৰোগ্যমৰ ড৹শক্তিয়ে এনেদৰে কয়৷

"সন্তানৰ লক্ষ্যসমূহ পূৰণ কৰাৰ কামত লাগি থাকোতে এগৰাকী মাতৃয়ে নিজৰ ইচ্ছা,সপোন আদি পাহৰি যায়৷এগৰাকী মাতৃয়ে সন্তানক সিহঁতৰ ভাললগা খাদ্য ৰান্ধি খুৱায় আৰু নতুন নতুন কাহিনী কয়৷ মাতৃ এগৰাকীয়ে সন্তানৰ স্কুলৰ প্ৰজেক্ট বনোৱাত আৰু পঢ়াশুনাত সন্তানক সহায় কৰে৷ মাতৃয়ে সন্তানক চৰিত্ৰৱান,নীতি আদৰ্শ,মানৱীয়তা আদি গুণৰ শিক্ষা প্ৰদান কৰে৷ প্ৰতিগৰাকী মাতৃ সন্তানৰ বাবে আটাইতকৈ আদৰ্শৱান মাতৃ হয়৷ সেয়ে মাতৃদিৱসত সেইসকল মাতৃলৈ আন্তৰিক অভিনন্দন থাকিল যিসকল মাতৃয়ে নিজৰ সন্তানক জীৱনৰ বাটত আগবাঢ়ি যাবলৈ শক্তি,সাহস আৰু পথ দেখুৱাইছে৷ -- জনিত্ৰী টীমৰ অনুশ্ৰী ভট্টাচাৰ্যই কয়৷

""ভৱতীৰ" যোগেদি মাতৃ আৰু নাৰীৰ সবলীকৰণৰ কামত আগভাগ লোৱা হৈছে৷ নাৰীসকলে যাতে নিজৰ ভিতৰৰ শক্তিক বুজি পায় আৰু এগৰাকী সঁচা নেতৃত্বৰ অধিকাৰীৰূপে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে৷ জনিত্ৰীয়ে মাতৃ আৰু নাৰীসকলক "ভৱতী"ৰ সৈতে হাতত ধৰি আগবাঢ়ি আহিবলৈ আহবান জনাইছে৷" - ৰেখা পাণ্ডেই কয়৷

"মাতৃত্ব এটা কঠিন কাম কিন্তু ই এটা পৰমানন্দৰ অনুভূতি" -ড৹ ৰেইনা খত্ৰী টেন্ডনে কয়৷ তেওঁ পুনৰ কয় যে - "নতুন জীৱন গঢি সঠিক দিশত লৈ যোৱা কামটো কলা আৰু কুশলতাৰ অৰ্ন্তভূক্ত৷ মই সদায়ে শ্ৰেষ্ঠ অভিভাৱক আৰু উৎসৰ্গিত মাতৃ হ'বলৈ চেষ্টা কৰি আহিছো৷কিন্তু কেতিয়াবা মাজেসময়ে অসফল হওঁ তথাপি মাতৃত্বৰ এই সংগ্ৰাম অব্যাহত আছে৷

আগন্তুক মাতৃ দিৱসৰ প্ৰাক ক্ষণত “জনিত্ৰী অসম” তথা দেশৰ প্ৰতিগৰাকী মাতৃলৈ যাচিছোঁ মোৰ অলেখ শুভকামনা ৷জনিত্ৰীৰ মুখ্য উদ্দেশ্য মহিলা সৱলীকৰণ,সু-স্বাস্থ্য, শিশুৰ গুণগত শিক্ষাৰ লগত জড়িত হৈ আহক আমি সকলো মাতৃয়েই এখন সুস্থ সমাজ গঢ়োঁ আৰু শিৰ তুলি জীয়াই থকাৰ প্ৰয়াস কৰোঁ ৷ধন্যবাদ ৷- জনিত্ৰী অসমৰ সভানেত্ৰী ঊষাৰাণী দেৱীয়ে এনেদৰে কয়৷

"মাতৃদিৱস উপলক্ষে জনিত্ৰীয়ে লোৱা কাৰ্যপন্থাসমূহৰ শলাগ লৈছো আৰু জনিত্ৰীৰ এই মহান উদ্দেশ্য সফলতাৰে আগবাঢ়ি এজোপা বটবৃক্ষত পৰিণত হওক বুলি আশা কৰিছোঁ৷" - লেখিকা মৌচুমী বৰিয়ে এনেদৰে কয়৷

মাতৃ আৰু নাৰীসকল জৈৱিকভাৱেই দয়াশীলা,সাহসী আৰু পৰিচৰ্যাকাৰী৷ এগৰাকী নাৰীৰ নেতৃত্বশীলতাই পৃথিৱীখনক শান্তিপূূৰ্ণ,আনন্দময় আৰু সুস্বাস্থ্যকৰ কৰি তোলাত অৰিহনা যোগায়৷ জনিত্ৰীয়ে ভাৰতীয় নাৰী এন্ট্ৰাপ্ৰেনিয়ৰসকলক প্ৰশিক্ষণ আৰু ক'চিঙৰ জড়িয়তে তেওঁলোকৰ ব্যৱসায় যাত্ৰাত সফল হ'বৰ বাবে পৰিশ্ৰমী পদক্ষেপ লৈ আহিছে ৷
JNet Assam Vision

⭕ সমাগত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন⭕ ১৭৪৭ কোটি টকাৰ বাজেটেৰে পৰিষদৰ চমকনিউজ ডেস্কঃ কাৰ্বি আংলং স্বায়ত্তশা...
23/03/2022

⭕ সমাগত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন

⭕ ১৭৪৭ কোটি টকাৰ বাজেটেৰে পৰিষদৰ চমক

নিউজ ডেস্কঃ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আজি বিশেষ বাজেট অধিবেশনখন পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিৰ অধ্যক্ষতাত সম্পন্ন হয়৷ এই বাজেট অধিবেশনত ১৭৪৭ কোটি টকাৰ বাজেট গৃহীত হয় ৷ আসন্ন পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে এইখনেই শেষ অধিবেশন! আসন্ন নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা বাজেটখনে বহু কেইটা দিশ সামৰি লোৱা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত পৰিষদবৰ্গই মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে৷ উল্লেখ্য যে পূৰ্বে পৰিষদৰ বাজেট ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হয় ৰাজ্য চৰকাৰে বাজেট পৰ্যালোচনা তথা কৰ্তন কৰি অনুমোদন দিয়াৰ নিয়ম আছিল। কিন্তু এতিয়াৰে পৰা পৰিষদৰ বাজেট পৰিষদে গ্ৰহণ কৰা ধৰণে কাৰ্যকৰী হ’ব৷ চৰকাৰে পৰিষদক এই ক্ষমতা অৰ্পণ কৰিছে।

⭕ বকলীয়াঘাট প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন⭕ উন্মোচন কৰা হ'ল মুখপত্ৰ 'বকলীয়াঘাট' আৰু কাব্যগ্ৰন্থ 'ভালপোৱাৰ ব...
10/03/2022

⭕ বকলীয়াঘাট প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

⭕ উন্মোচন কৰা হ'ল মুখপত্ৰ 'বকলীয়াঘাট' আৰু কাব্যগ্ৰন্থ 'ভালপোৱাৰ বেজেৰুৱা নৈ'

⭕ প্ৰদান কৰা হ'ল গ্ৰাম্য সাংবাদিকতাৰ লগতে কেইবাটাও বঁটা

নিউজ ডেক্সঃ বুধবাৰে বকলীয়াঘাট প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিৱেশনখনি বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। কাৰ্যক্ৰমণিকা অনুসৰি পুৱা ৯ বজাত বকলীয়াঘাট প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে সভাপতি ৰাধেশ্যাম গুপ্তাই ৷ শ্বহীদ তৰ্পন কৰে বকলীয়াঘাট প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক লম্বোদৰ বৰাই, গছপুলি ৰোপণ কৰে প্ৰতিষ্ঠাপক সম্পাদক ভূৱন চন্দ্ৰ দত্তই ৷ ইয়াৰ পিছত সাধাৰণ সম্পাদক লম্বোদৰ বৰাই আমন্ত্ৰিত অতিথিৰ লগতে কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তৰ সাংবাদিকসকলক চিনাকি কৰাই দিয়াৰ লগতে একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ পৰৱৰ্তী সময়ত বকলীয়াঘাট প্ৰেছ ক্লাৱৰ সভাপতি ৰাধেশ্যাম গুপ্তাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে বিধায়ক বিদ্যাছিং ইংলেঙে৷
সভাত বিশ্বজ্যোতি হাজৰিকাৰ সম্পাদনাত বকলীয়াঘাট প্ৰেছ ক্লাৱৰ মুখপত্ৰ "বকলীয়াঘাট"ৰ লগতে কবি ময়ূৰী দেৱনাথৰ কাব্য সংকলন "ভালপোৱাৰ বেজেৰুৱা নৈ" উন্মোচন কৰা হয়। গ্ৰন্থ দুখন উন্মোচন কৰে ক্ৰমে বিশিষ্ট শিক্ষাবিদ বীৰেণ বৰা আৰু বালিমাহীৰ কবি ৰূপে খ্যাত পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে। এই অনুষ্ঠানৰ মাজতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক বলোৰাম হাজৰিকা সোঁৱৰণী 'যমুনাপৰীয়া' বঁটা, সুকণ্ঠী গায়িকা জয়মতী নাৰ্জাৰীক সুভাষ দাস সোঁৱৰণী 'ইংলং আতুৰ' বঁটা আৰু সাংবাদিক নাৰায়ণ বৰুৱাক শংকৰ দত্ত সোঁৱৰণী 'গ্ৰাম্য সাংবাদিকতা' বঁটা প্ৰদান কৰা হয়। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই বৰ্তমান সময়ত সাংবাদিকসকলৰ ব্যক্তিগত আৰু অৰ্থনৈতিক নিৰাপত্তাৰ ওপৰত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰে৷ অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ বহু সাংবাদিক নিগ্ৰহ হোৱাৰ কথাও দোহাৰে৷ অৰ্থনৈতিক অভাৱৰ বাবেই মফচলীয়া গ্ৰাম্য সাংবাদিক আৰু ক্ষুদ্ৰ কাকতগোষ্ঠীও বহু অভাৱৰ-অনাটনৰ সন্মুখীন হ’বলগীয়া হৈছে বুলিও তেখেতে দোহাৰে ৷ আনহাতে 'ভালপোৱাৰ বেজেৰুৱা নৈ' শীৰ্ষক কাব্যগ্ৰন্থখনৰ উন্মোচক পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে নিজৰ ভাষণত কয় যে কবিতা হৃদয়ৰ পৰা সৃষ্টি হয়৷ হৃদয়ৰ পৰা সৃষ্টি হোৱা কবিতা অমৰ হয়৷ ময়ূৰী দেৱনাথৰ কবিতা পুথিখনৰো যথেষ্ট উচ্চ প্ৰশংসা কৰে ইংতিয়ে।
ইপিনে গ্ৰাম্য সাংবাদিক বঁটা গ্ৰহণ কৰি পাৰখোৱাৰ নাৰায়ণ বৰুৱাই কয় যে এয়া এক সামাজিক স্বীকৃতি। সুদীৰ্ঘ ২০ বছৰে এজন মফচলীয়া সাংবাদিক হিচাপে যি কাম কৰি গৈছিলো এয়া তাৰ আনুষ্ঠানিক স্বীকৃতি। এই বঁটাই দায়িত্ব আৰু অধিক বঢ়ালে।
আনহাতে ইংলং আতুৰ বঁটা গ্ৰহণ কৰি সংগীত জেউতি জয়মতী নাৰ্জাৰীয়ে বকলীয়াঘাট প্ৰেছ ক্লাৱৰ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰি কয় যে সুদীৰ্ঘ ৩১ বছৰে সাংস্কৃতিক জগতখনৰ সৈতে জড়িত হৈ ৰাইজৰ যি মৰম পাইছোঁ সেয়া অনস্বীকাৰ্য। নিজৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি কয় যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতসমূহক বড়ো ভাষালৈ অনুবাদ কৰাৰ প্ৰস্তুতি চলাই আছে।

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিভিন্ন প্ৰেছ ক্লাৱৰ সভাপতি-সম্পাদক, শিক্ষাবিদ, কবি, শিল্পী প্ৰমূখ্যে বহু বিশিষ্ট নাগৰিক উপস্থিত থাকে।

Address

Howraghat Bazaar
Karbi Anglong
782481

Alerts

Be the first to know and let us send you an email when Jnet Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other News & Media Websites in Karbi Anglong

Show All

You may also like