05/06/2021
■ শিৱসাগৰত বিশ্ব পৰিৱেশ দিৱস উদযাপন
●পৰ্যটন মন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰাজমাইৰ নিৰ্মীয়মান অসম পৰ্যটন প্ৰকল্প প্ৰাংগণত গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ●
দ্য পজিটিভ ৰিপ'ৰ্ট, শিৱসাগৰ, ৫ জুন : ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে শিৱসাগৰ জিলাতো আজি সম্পূৰ্ণ ক'ভিড নিৰ্দেশনা পালন কৰি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। উল্লেখ্য যে, অসম চৰকাৰৰ পৰ্যটন, ক্ৰীড়া আৰু যুৱকল্যাণ, সাংস্কৃতিক পৰিক্ৰমা তথা শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰাই যোৱা ২ জুন তাৰিখে ৰাজমাইস্থিত নিৰ্মীয়মান অসম পৰ্যটন প্ৰকল্পটি পৰিদৰ্শন কালত এই প্ৰকল্পৰ সৌন্দৰ্য্যবৰ্ধন আৰু ইয়াৰ প্ৰাংগণত বিভিন্ন থলুৱা ফল-মূল আৰু ঔষধিৰ গছপুলি ৰোপনৰ পোষকতা কৰে। তেওঁ ইয়াৰ দ্বাৰা নৱপ্ৰজন্মৰ মাজত থলুৱা ফল-মূল আৰু ঔষধিৰ বিষয়ে সজাগতা বৃদ্ধিৰ লগতে পৰ্যটকক আকৰ্ষিত কৰিব পৰা যাব বুলি মতপোষণ কৰিছিল। পৰ্যটন মন্ত্ৰীগৰাকীৰ ইচ্ছা মৰ্মে, আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাজমাইস্থিত নিৰ্মীয়মান অসম পৰ্যটন প্ৰকল্প প্ৰাংগণত গছপুলি ৰোপনৰ এক কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। শিৱসাগৰ জিলা প্ৰশাসন আৰু জিলা পৰ্যটন বিভাগৰ উদ্যোগত তথা সামাজিক বনানিকৰণ বিভাগ, টুৰিষ্ট গাইড এছোচিয়েচন, বেচৰকাৰী সংস্থা অৰণ্যম, স্থানীয় গাঁও পঞ্চায়তৰ সভাপতি- সম্পাদক সমন্বিতে স্থানীয় গাঁওবাসী ৰাইজৰ সহযোগত এই গছপুলি ৰোপন কাৰ্যসূচী আজিৰে পৰা আৰম্ভ কৰা হয়। আজিৰ অনুষ্ঠানত থলুৱা বিভিন্ন প্ৰজাতিৰ গছপুলি যেনে- বকুল, শেৱালি, কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু, লেটেকু, পনিয়ল, মধুৰীআম, মৌচুমী, বগীজামু, কলাজামু, হেলচ, বনপিঠা, বনলিচু, অমৰা, জলফাই, আমলখি, ভোমোৰা, শিলিখা, কুঁজি থেকেৰা, কৰ্জা টেঙা, থেৰেজু, মনিচাল, বগীপমা, নাহৰ আদি ৰোপন কৰা হয়। অনুষ্ঠানটিত লগতে সামাজিক বনানিকৰণ বিভাগৰ তৰফৰ পৰা স্থানীয় ৰাইজৰ মাজত গছপুলি বিতৰণ কৰা হয়। আজিৰ বিশ্ব পৰিবেশ দিৱসৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্ম, ডিমৌ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ফিলিছ ৰাংচাল, পৰ্যটক তথ্য বিষয়া মাধৱ দাস আৰু সামাজিক বনানিকৰণ বিভাগৰ উপ বন-সংপালক নৱ কুমাৰ নেওগ উপস্থিত থাকে। ইফালে, ৰুদ্ৰসাগৰৰ ৰাধিকা নগৰত কৈৱৰ্ত ছাত্ৰ সন্থাৰ ৰাধিকা নগৰ শাখা সমিতিৰ উদ্যোগত ক'ভিড প্ৰ'ট'কল ৰক্ষা কৰি অনুষ্ঠিত কৰা এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সংগঠনে স্থানীয় অঞ্চলৰ পথত কাষত এলানি গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰে। উক্ত গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কৈৱৰ্ত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰবি কাশ্যপে। গছপুলি ৰোপনৰ প্ৰাক মুহূৰ্তত সভাপতিজনে উপস্থিত সতীৰ্থ সকলক বিশ্ব পৰিৱেশ দিৱসৰ প্ৰয়োজনীয়তা আৰু তাৎপৰ্যৰ সন্দৰ্ভত এক বক্তব্য প্ৰদান কৰে। অন্যহাতে উক্ত অনুস্থানত সক্ৰিয় অংশগ্ৰহণ কৰি গাওঁবাসীক গছপুলি বিতৰণ কৰে ৰাধিকা নগৰ শাখা সমিতিৰ সভাপতি ৰুবুল দাস, সম্পাদক চিৰঞ্জীব দাস, সহকাৰী সম্পাদক পংকজ দাস, সাংস্কৃতিক সম্পাদক জোতিষ দাসৰ লগতে উপদেষ্টা অনন্ত দাসে। আনহাতে, স্বেচ্ছাসেৱী অনুষ্ঠান পৃথিবীৰ উদ্যোগত আৰু স্থানীয় গাওঁবাসীৰ সহযোগতো ৰুদ্ৰসাগৰত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এ টি ৰোডৰ পৰা দিছিয়াল সংযোগী গোহাঁই বৰুৱা পথত সম্পূৰ্ণ ক'ভিড প্ৰ'ট'কল ৰক্ষা কৰি শিশুসকলৰ দ্বাৰা গছপুলি ৰোপনেৰে এই দিৱস পালন কৰে। অনুষ্ঠানটোৰ আৰম্ভণিত বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য সন্দৰ্ভত স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সভাপতি মৃগাংক হাজৰিকাই শিশুসকলৰ আগত ব্যাখ্যা আগবঢ়ায়। তাৰপাছতে গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অসম সম্পদৰ অনুসূচীত জাতি-জনজাতিৰ কল্যাণ পৰিষদৰ সম্পাদক জগত হাজৰিকাই। স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সম্পাদক বিজয় ৰবি কাশ্যপে গছ-গছনিৰ উপকাৰিতাৰ সৰ্ম্পকত শিশুসকলৰ আগত চমু বক্তব্য প্ৰদান কৰাৰ লগতে গছপুলি ৰোপন কাৰ্যসূচীত সমাজসেৱক দেৱজিৎ মংগল বড়া, অঞ্জলি হাজৰিকা,পৰিস্মিতা হাজৰিকা, সুনিতা হাজৰিকাৰ আদিকে ধৰি বহুসংখ্যক ৰাইজ উপস্থিত থাকে। ইফালে, শিৱসাগৰৰ বি.জি. ৰোডৰ কৰ্মযোগী ভুৱন চন্দ্ৰ গগৈ মেম'ৰিয়েল অসম পলিটেকনিক হাইস্কুলৰ প্ৰাংগনত আজি শিৱসাগৰ নেচাৰ্চ বেকন আৰু ইলোৰা বিজ্ঞান মঞ্চ আৰু বিদ্যালয়খনৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰধান শিক্ষক দিলীপ বড়া, সহঃ প্ৰধান শিক্ষক ৰাজেন মিলি, সহঃ শিক্ষক অভিজিৎ মহন, নেচাৰ্চ বেকনৰ মুখ্য সমন্বয়ৰক্ষী জেহিৰুদ্দিন খান, ইলোৰা বিজ্ঞান মঞ্চৰ সম্পাদক ব্ৰজেন ফুকনে গছপুলি ৰোপণ কৰি এই দিৱস সম্পৰ্কত বক্তব্য আগবঢ়ায়। আনহাতে কোঁৱৰপুৰ টেপৰতল গোহাঁই গাঁৱৰ উদ্যমী আত্মসহায়ক গোট আৰু ৰাইজৰ সহযোগত পৰিৱেশ দিৱস উপলক্ষে ৬০ টা নাহৰৰ পুলি ৰোপণ কৰা হয়। প্ৰতিকূল বতৰৰ বাবে ২০০ টা পুলি ৰুব নোৱাৰি পৰৱৰ্তী পৰ্যায়ত ৰোপণ কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। একেদৰে কোঁৱৰপুৰৰ কৈজান আৰু নকটানি অঞ্চলত প্ৰকৃতি সুৰক্ষা সংস্থা 'বিহংগম'ৰ উদ্যোগত অঞ্চলটোৰ বিদ্যালয়সমূহৰ লগতে ঐতিহাসিক হাড়মতী গড়তো গছপুলি ৰোপন কৰা হয়। সংস্থাৰ সভাপতি ৰূপজ্যোতি বুঢ়াগোহাঁই আৰু সম্পাদক ঋতুপ্ৰিয়মৰ নেতৃত্বত হোৱা বৃক্ষ ৰোপণ কাৰ্যসূচীত বহু স্থানীয় লোকে সহযোগিতা আগবঢ়ায়। একেদৰে আজি বিশ্ব পৰিৱেশ দিনটোত জাঁজী খাটোৱাল গাঁৱৰ যুৱকসকলে খাটোৱাল গাঁৱৰ আলি মূৰৰ পৰা দুশ মিটাৰ বৃক্ষ ৰোপন কৰে ৷ পো্ন্ধৰ জন যুৱকে সহযোগ কৰা এই বৃক্ষ ৰোপন কাৰ্যসূচীত গাঁৱৰ বহুকেইজন জেষ্ঠ ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ প্ৰণৱ কুমাৰ দত্তই গছপুলি ৰোপন কৰা ব্যক্তিসকলক একাপ চাহেৰে আপ্যায়ন কৰে।