22/02/2024
সৰাপাতত উচুপনি তুলি ধূলিয়ৰি বাটেৰে আকৌ আহিল ফাগুন ।আঘোণ যোৱা বাটেৰেই ফাগুনে আনে বসন্তৰ খবৰ ।
শীতৰ হাঁড় কপোৱা জাৰৰ মাজেৰেই সংগোপনে নামি আহিছে ফাগুন। কুঁৱলীয়ে সেমেকাই ৰখা ধৰাৰ বুকুত এতিয়া ফুলিছে তেজৰঙী পলাশ শিমলুৰ ফুল। কেইদিন মানৰ আগলৈকে মেঘাচ্ছন্ন হৈ থকা আকাশতো এতিয়া কেৱল আৰু কেৱল ফাগুনৰে বতৰা। কোৱা হয় ফাগুন দুষ্ট, ফাগুন ৰুক্ষ। কিন্তু লঠঙা ফাগুনৰো আছে এক সুকীয়া পৰিচয়। কিয়নো এই দুষ্ট ফাগুনেই কঢ়িয়াই আনে প্ৰেমৰ বতৰা। মতলীয়া ফাগুনত আকাশত চিলা হৈ উৰে মন। মৃদু বতাহজাকত অভিমানী ফাগুনে সৰাপাতৰ দলিচা পাৰে। ফাগুনৰ এই সময় চোৱাতে কবিৰ কাপেৰে নিগৰি আহে অলেখ-অযুত প্ৰেমৰ কবিতা।