28/04/2022
#সাহিত্যৰ সংজ্ঞা
#অসমীয়া সাহিত্য পৰিবৰ্তনৰ মূল উপাদান
#অসমীয়া সাহিত্যৰ যুগ বিভাজন
# # # # # #
এক কথাত সাহিত্য বুলি কলে আমাৰ মনত আহে লিখন-শিল্প যাক (ইংৰাজীত: literature) বোলা হয়। গদ্য, পদ্য আৰু নাটক - এই তিনি ধাৰাত প্ৰাথমিকভাৱে সাহিত্যক ভাগ কৰা হৈছে। গদ্যৰ কিছুমান ভাগ হৈছে প্ৰবন্ধ, নিবন্ধ, গল্প ইত্যাদি। সমাজ জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্ৰকাশ কৰা হয় সেয়ে সাহিত্য।, সম’ আৰু ‘হিত’ – এই দুয়োটা শব্দৰ পৰাই সাহিত্য শব্দটোৰ সৃষ্টি হৈছে। সাহিত্যৰ লগত ভাষাৰ সম্পৰ্ক ওতঃপ্ৰত, দুয়ো দুয়োৰে পৰিপুৰক। সাহিত্য হ’ল সমাজৰ দাপোন স্বৰূপ। সমাজত বৰ্তি থকা আবেগ-অনুভূতি, বিদ্ৰোহ-আকাংক্ষা, মৰম-অত্যাচাৰ আদি বিভিন্ন দিশক সাহিত্যৰ যোগেদি প্ৰতিফলিত কৰা হয়। সামাজিক জনজীৱনৰ প্ৰতিটো দশকে ভাষাৰ সহায়ত সাহিত্যৰ যোগেদি প্ৰকাশ কৰিব পাৰি। সাহিত্য অবিহনে এটা ভাষা বা জাতি জীয়াই থাকিব নোৱাৰে । সাহিত্য চৰ্চাই ভাষা বা জাতিক উন্নতিৰ পথত আগুৱাই নিয়াত প্ৰত্যক্ষভাৱে সহায় কৰে।
অসমীয়া সাহিত্যক পৰিৱৰ্তনৰ দিশৰ পৰা লক্ষ্য কৰি কেইবাটাও ভাগত ভগাব পাৰি৷ যেনে-
চৰ্যাপদ
প্ৰাক বৈষ্ণৱ সাহিত্য
বৈষ্ণৱ সাহিত্য
পাঁচালী সাহিত্য
চৰিত পুথি আৰু বংশাৱলী
আহোম যুগৰ সাহিত্য
আধুনিক অসমীয়া সাহিত্য
চৰ্যা পদ-------
অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন চৰ্যাপদবোৰত পোৱা যায়। চৰ্যাপদবোৰ বৌদ্ধ ধৰ্মৰ মূল আচাৰ-নীতিবোৰ প্ৰচাৰ কৰিবলৈ গীতৰ আকাৰত ৰচনা কৰা হৈছিল। ৰাগ-ৰাগিনী অনুসৰি গোৱা এই গীতবোৰক চৰ্যাগীত, বৌদ্ধগান বা দোহাও বোলা হয়। চৰ্যাপদবোৰ অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত বুলি ঠাৱৰ কৰা হৈছে।
চৰ্যাপদসমূহ অধিকাংশই দহ শাৰীয়া; তাৰে ভিতৰত ১০,২৮, ৫০ নং চৰ্যা চৈধ্য শাৰীৰ; ২১, ২২ বাৰ শাৰীৰ; ৩৯ নং ঊনৈশ শাৰীৰ; ১৪ নংটি সাত শাৰীৰ; ২৩ নং ছয় শাৰীৰ; ২৫ নম্বৰটিৰ চাৰিটা শাৰীৰ নমুনাত ছয়টামান শব্দ আছে আৰু ২৪, ৪৮ নম্বৰ চৰ্যা দুটি লুপ্ত। সাধাৰণতে মাত্ৰাবৃত্ত ছন্দত লিখা চৰ্যাসমূহত অন্ত্যানুপ্ৰাসৰ প্ৰয়োগ বহুল। এই গীতসমূহ গাবৰ বাবে নিৰ্ধাৰণ কৰি দিয়া হৈছে সবৰ্মুঠ ১৭টি ৰাগ- পটমঞ্জৰী, গৱড়া (গউড়া), অৰু, গুঞ্জৰী, দেৱক্ৰী, দেশাখ (দ্বেশাখ), ভৈৰৱী, কামোদ, ধনসী, ৰামক্ৰী, বৰাড়ী (বলাড্ডী), শৱৰী, মল্লাৰী, মালশী, গবুড়া, কাহুগুঞ্জৰী আৰু বঙ্গাল। ইয়াৰে প্ৰায়বোৰেই পুৰণি অসমীয়া গীতত পোৱা যায়। বৰগীতৰ দৰে চৰ্যাটো ভণিতা আছে আৰু প্ৰত্যেক পদৰ দ্বিতীয় চৰণটোত ‘ধ্ৰং’ বা ‘ধ্ৰৱ’ বুলি নিৰ্দেশ কৰা হৈছে। ইতিমধ্যে উল্লেখ কৰা হৈছে যে চৰ্যাপদসমূহ বৌদ্ধ তান্ত্ৰিকসকলৰ ধৰ্মসাধনৰ গীত। এই বাবেই ইয়াৰ বিষয়বস্তু ৰহস্যময়ী। মূলতঃ নিৰ্বাণ লাভ কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই ইয়াক ৰচনা কৰা হৈছে। নিৰ্বাণ মানে বাসনাৰ পৰা নিবৃত্তি লাভ। ‘পাৰ্থিব স্থিতিৰ অনিত্যতা জ্ঞান লাভ কৰি অবিদ্যা-মোহ ধবংস কৰিব পাৰিলেই নিৰ্বাণ লাভ হয়।’ বৌদ্ধ ধৰ্মৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ কাৰণে নিৰ্বাণ লাভ কৰাৰ পথ দেখুৱাবৰ বাবে বিভিন্ন ধৰণৰ ৰূপক, প্ৰতীক, দ্ব্যৰ্থক পাৰিভাষিক শব্দ, বিবিধ উপমা আদি ব্যৱহাৰ কৰি এই চৰ্যাসমূহ ৰচনা কৰা হৈছে। ইয়াৰ অৰ্থ শুদ্ধভাৱে অনুধাৱন কৰিবলৈ হ’লে গুৰুৰ সহায় অপৰিহাৰ্য। সেইবাবেই প্ৰথম চৰ্যাটিত কোৱা হৈছে- ‘লুই ভণই গুৰু পুচ্ছিঅ জান।।’ চৰ্যাবোৰৰ মাজেদি সহজীয়া ধৰ্মৰ দাৰ্শনিক তত্ত্ব সম্বন্ধীয়, যোগ সম্বন্ধীয়, আৰু তন্ত্ৰ সম্বন্ধীয় দিশ প্ৰতীকি ভাষাৰে অৱগত কৰা হৈছে।
সাধাৰণতে চৰ্যাপদত ব্যৱহৃত ভাষাৰ ৰূপটি পূৰ্বী অৱহটঠ্। সিদ্ধাচাৰ্যসকলে দ্ব্যৰ্থক পাৰিভাষিক শব্দ, নানান উপমা-প্ৰতীক ব্যৱহাৰ কৰি ইয়াৰ ভাষা অধিক ৰহস্যময়ী কৰি তুলিছে। হৰপ্ৰসাদ শাস্ত্ৰীয় ইয়াৰ ভাষাক ‘সন্ধ্যা ভাষা’ আখ্যা দি মন্তব্য কৰিছে – ‘সন্ধ্যাভাষা মানে আলো-আঁধাৰি ভাষা, কতক আলো কতক অন্ধকাৰ, খানিক বুঝা যায় খানিক বুঝা যায় না।’ প্ৰাচ্যতত্ত্ববিদ মহেশ্বৰ নেওগেও ‘‘….ইচ্ছাকৃত জটিলতা বৰ্তমান, কাৰণ সেই ভাষা সাংকেতিক, যাৰে তাৰে বাবে নহয় – সি বোবা গুৰুৱে কলা শিষ্যক (গুৰু বোব সে সীস কাল) বুজোৱা কিছুমান ইংগিত মাত্ৰ। বৃত্তিকাৰে সেই ভাষাক সন্ধ্যাভাষা বা সন্ধ্যাবচন, সন্ধ্যাসংকেত বা সন্ধ্যা- যি ভাষাৰ অভীষ্ট মৰ্মাৰ্থ গভীৰভাৱে অনুধ্যান কৰিহে হৃদয়ঙ্গম কৰিব পৰা যায়।’’ বুলি মন্তব্য কৰিছে। আচাৰ্য মুনিদত্তইও ব্যাখ্যা কৰাৰ প্ৰসংগত ‘সন্ধ্যাবচন’, ‘সন্ধ্যাসংকেত’, ‘সন্ধা’ এনে শব্দৰে গূঢ়তত্ত্ব ব্যাখ্যা কৰিছে। গ্ৰন্থৰ পবিত্ৰতা, সাধন প্ৰণালীৰ গোপনীয়তা আৰু গূঢ়তত্ত্বৰ গুৰুত্ব সন্ধ্যাভাষাত সততে ৰক্ষা কৰা হয়। সেয়ে ইয়াৰ ভাষা দ্ব্যৰ্থক পাৰিভাষিক আৰু আলংকাৰিক। উল্লেখযোগ্য যে সৰ্বসাধাৰণ জনগণে ব্যৱহাৰ কৰা ভাষাৰ মাধ্যমেৰেই ইয়াত ধৰ্মৰ গূঢ়তত্ত্ব ব্যাখ্যা কৰা হৈছে।
আইসন চৰ্যা কুক্কুৰীপাএঁ গাই উ।
কোড়ি মাঝেঁ একু হিঅহিঁ সমাইউ।। (২ নং চৰ্যা)
প্ৰধান কথাটি হ’ল এই কথ্য ভাষাটি আছিল প্ৰাচীন কামৰূপ, মগধ, উৎকল, গৌড় আদি ঠাইৰ উমৈহতীয়া কথ্য ভাষা। চৰ্যাত এই সকলো ঠাইৰে আঞ্চলিক ভাষিক বৈশিষ্ট্য মিহলি হৈ আছে। সেয়ে প্ৰত্যেকেই চৰ্যাসমূহ নিজৰ নিজৰ প্ৰাচীন সম্পত্তি বুলি দাবী কৰে। তদপুৰি চৰ্যাবোৰৰ মাজেদি সমকালীন সমাজ জীৱনৰ বিভিন্ন চিত্ৰ; যেনে- তুলা বা কপাহ ধুনা কাৰ্য, শৱৰ ডোম প্ৰভৃতি কৰ্মজীৱীৰ ব্যৱসায়িক ভিত্তি, মাছমৰা, বিবাহ পদ্ধতি, নাৱৰীয়া আদিৰ উল্লেখেৰে ঘৰুৱা চিত্ৰক, দৈনন্দিক কৰ্মক ৰূপক হিচাপে ব্যৱহাৰ কৰি ধমৰ্তত্ত্বৰ ব্যাখ্যা আগবঢাইছে। এক কথাত ক’ব পাৰি যে চৰ্যাত ব্যৱহাৰিক জীৱনত সদায় দেখি থকা বা উপলব্ধি কৰা চিত্ৰৰ মাজেদি গভীৰ তাত্ত্বিক কথা এটি সহজ-সৰলভাৱে উপস্থাপন কৰিবলৈ বিচৰা হৈছে।
ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে ড০ বাণীকান্ত কাকতিয়ে চৰ্যাপদৰ ভাষাৰ লগত অসমীয়া ভাষাৰ সম্পৰ্কৰ কথা ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক বিশ্লেষণেৰে ফঁহিয়াই দেখুৱাইছে। তলত তাৰে কেইটিমান উল্লেখ কৰা হ’ল- হ্ৰস্ব আৰু দীৰ্ঘ বৰ্ণ অবিচাৰিতভাৱে ব্যৱহৃত যেনে- চুম্বি, চূম্বি, চূম্বী, পঞ্চ, পাঞ্চ। অসমীয়াৰ দৰে চৰ্যাত কৰ্তা- কৰ্ম, কৰণ আৰু অধিকৰণ কাৰক বাক্যত বিভক্তিযুক্ত নোহোৱাকৈ ব্যৱহাৰ হয়, যেনে- বাঢ়ই সো তৰু সুভাসুভ পানী (৪৫ নং), কামৰ ণাঅ (২নং)। অসমীয়াৰ দৰে ষষ্ঠী বিভক্তিৰ সম্বন্ধ পদৰ চিন ‘-ৰ’ ব্যৱহাৰ- হৰিণাৰ খুৰ ডোম্বীৰ সঙ্গে। স্ত্ৰী প্ৰত্যয় ‘ঈ’ আৰু ‘নী’ৰ ব্যৱহাৰ যেনে- হৰিনী, দেৱী, । পুৰণি অসমীয়াত প্ৰচলিত তৎসম, অৰ্ধ-তৎসম, তদ্ভৱ আৰু দেশী শব্দৰ ব্যৱহাৰ। যেনে- তৎসম শব্দ অৱকাশ, অভাব, আকাশ, গগণ, চৰণ, নাটক, নায়ক; অৰ্ধ-তৎসম শব্দ- গৰাহক < গ্ৰাহক, পৰস < স্পৰ্শ, পহাৰা < প্ৰহৰ; তৎভৱ শব্দ- সমধৰ < শশধৰ, সোণ < সুৱৰ্ণ, কামৰু < কামৰূপ; দেশী শব্দ টাকলি, ভিড়ি, খাল, ঘাট ইত্যাদি। পয়াৰ, অনুষ্টুভ, পাদাকুলক আদি মাত্ৰাবৃত্ত ছন্দসজ্জাৰে ৰচিত এই চৰ্যাবোৰৰ মাজেদি উদ্ভৱ কালৰ অসমীয়া ভাষাৰ সাহিত্যিক ৰূপ এটি ৰক্ষিত হৈছে। ক’ব পাৰি চৰ্যাপদসমূহ অসমীয়া ভাষাৰ লিখিত ৰূপৰ আদি নিদৰ্শন।
প্ৰাক বিষ্ণৱ সাহিত্য-------
চৰ্যাপদৰ পাছত চতুৰ্দশ শতিকালৈকে ধাৰাবাহিকভাৱে বিশুদ্ধ অসমীয়া সাহিত্যৰ নিদৰ্শন পোৱা নাযায়। ইয়াৰ পাছত চতুৰ্দশ শতিকাতে হেম সৰস্বতী, ৰুদ্ৰ কন্দলি, হৰিহৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু মাধৱ কন্দলিৰ দৰে কেইবা গৰাকীও প্ৰতিভাশালী কবিৰ আৱিৰ্ভাৱ হয়। এই সময়ছোৱাতে অসমীয়াতে অসমীয়া সাহিত্যত লিখিত সাহিত্যৰ আদৰ্শ স্থাপিত হয়। ইয়াৰ আগতে চৰ্যাপদৰ বাহিৰে বাকীবোৰ কেৱল মৌখিক সাহিত্যহে আছিল। সেই সময়ছোৱাত ৰচিত হেম সৰস্বতীৰ ৰচনাইঅকেই অসমীয়া ভাষাৰ প্ৰথম লিপিবদ্ধ সাহিত্য ৰুপে স্বীকৃতি দিয়া হৈছে। প্ৰাক বৈষ্ণৱ যুগৰ কবি সকলৰ ভিতৰত মাধৱ কন্দলিৰ নাম বিশেষভাৱে উল্লেখযোগ্য। চতুৰ্দশ শতিকাতে মাধৱ কন্দলিয়ে বাল্মীকিৰ ৰামায়ণ খন অসমীয়ালৈ ভাঙনি কৰে। আধুনিক ভাৰতীয় ভাষা তথা উত্তৰ ভাৰতৰ আঞ্চলিক ভাষাবোৰৰ ভিতৰত মাধৱ কন্দলিৰ এই অসমীয়া ৰামায়ণ খনেই প্ৰথম। মাধৱ কন্দলিৰ আগতে তামিল আৰু কানাড়ী ভাষালৈ ৰামায়ণ অনূদিত হৈছিল।
বৈষ্ণৱ সাহিত্য----------
মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ আগ ভাগৰ পৰা, অৰ্থাৎ পঞ্চদশ শতিকাৰ শেষ ভাগৰ পৰা সপ্তদশ শতিকাৰ শেষ লৈকে ৰচিত সাহিত্য ৰাজিক বৈষ্ণৱ সাহিত্যৰ ভিতৰত সামৰিব পাৰি। এই যুগৰ কবি সকলৰ গুৰু আছিল শংকৰদেৱ আৰু সেয়ে বহুতে এইছোৱা সময়ত শংকৰী যুগ বুলিও অভিহিত কৰিছে। শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯-১৫৬৮) আছিল এই যুগৰ প্ৰতিষ্ঠাতা। শংকৰদেৱেই পোনতে অসমীয়া গদ্যক সাহিত্যিক মৰ্যাদা দান কৰে। অসমীয়া সাহিত্যলৈ শংকৰদেৱৰ আটাইতকৈ ডাঙৰ অৱদান হ’ল কীৰ্তন আৰু দশম। আকৰ্ষণীয় বিষয়বস্তু আৰু শুৱলা বৰ্ণনাৰ বাবে কীৰ্তন খন ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৰে অতি প্ৰিয়। গীত, ভাগৱত, পুৰাণ আদিৰ সাৰ ভাগেৰে এই পুথি খন ৰচনা কৰা হৈছে। শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থৰ ভিতৰত দশম খনেই শ্ৰেষ্ঠ। ‘দশম’ বুলিলে দৰাচলতে ভাগৱতৰ সমগ্ৰ দশন স্কন্ধৰ ভাঙনিকে বুজায় যদিও, অসমীয়া মানুহে শংকৰদেৱে ৰচনা কৰা অংশহে সাধাৰণতে ‘দশম’ বুলিলে বুজে। ইয়াৰ শ্ৰীকৃষ্ণৰ জন্ম আৰু বাল্য লীলাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাহিনীৰ মনোৰম বৰ্ণনা আছে। শংকৰদেৱে ৰচনা কৰা আন গ্ৰন্থ সমূহ হ’ল : ৰাম বিজয়, পাৰিজাত হৰণ, পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, চিহ্ন যাত্ৰা (এই খন শংকৰদেৱে ৰচনা কৰা প্ৰথম কবিতা পুথি ; এই খন কাব্যক প্ৰথম অসমীয়া নাটক বুলিবও পাৰি), হৰিশ্চন্দ্ৰ উপাখ্যান, ভক্তি প্ৰদীপ, অজামিল উপাখ্যান, বলিচলন, গুণমালা, ভক্তি ৰত্নাকৰ, নিমি-নৱসিদ্ধ সংবাদ আদি। শংকৰদেৱ আছিল বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাতা আৰু প্ৰচাৰক। শংকৰদেৱে ৰচনা কৰা গীতবোৰক বৰগীত আৰু ভতিমা – এই দুই শ্ৰেণীত ভাগ কৰিব পাৰি। শংকৰদেৱে ২৫০ (আঢ়ৈশ) মান বৰগীত ৰচনা কৰিছিল। কিন্ত গীতবোৰ ঘৰ পোৰা জুইত জাহ যোৱাত মানুহৰ মুখত ৩৫ টা মানুহে ৰ’লগৈ। বিষয়বস্তুৰ মহত্ত্ব, বচন ভংগীৰ সৌষ্ঠৱ, শাস্ত্ৰীয় সুৰৰ গাম্ভীৰ্য আৰু কল্পনাৰ সংযমেৰে এই গীতবোৰৰ কেতবোৰ সুকীয়া বৈশিষ্ট্য আছে, যাৰ কাৰণে গীতবোৰক ‘বৰ’ অৰ্থাৎ ‘শ্ৰেষ্ঠ’ বুলি প্ৰতিপন্ন কৰিব পাৰি। অংকীয়া নাট তথা ভাওনাৰ যোগেদি শংকৰদেৱে অসমীয়া নাট্য সাহিত্য আৰু নাট্যাভিনয়ৰো সূচনা কৰিছিল। শংকৰদেৱৰ পাছত আন এজন লেখত ল’ব লগীয়া কবি-সাহিত্যিক হ’ল শংকৰদেৱৰ প্ৰিয়তম শিষ, অনুগত সেৱক আৰু প্ৰধান সংগী মাধৱদেৱ (১৪৮৯-১৫৯৬)। মাধৱদেৱেও নানা গ্ৰন্থ, বৰগীত আৰু ভটিমা ৰচনা কৰিছিল। মাধৱদেৱৰ ৰচনাৱলীৰ ভিতৰত নামঘোষা, চোৰধৰা পিম্পৰা গুচোৱা, ভূমি লেটোৱা আদি উল্লেখযোগ্য। শংকৰদেৱ আৰু মাধৱদেৱৰ পিচৰে পৰাই অসমীয়া সাহিত্য চহকী হৈ উঠে। সেই সময়ৰ আন কেইজনমান বিখ্যাত কবি-সাহিত্যিক হ’ল : অনন্ত কন্দলি, ৰাম সৰস্বতী, ৰত্নাকৰ কন্দলি, সাৰ্বভৌম ভট্টাচাৰ্য, গোপাল আতা, শ্ৰীধৰ কন্দলি, কলাপ চন্দ্ৰ, ভট্টদেৱ আদি। এই সকলৰ ভিতৰৰে ৰাম সৰস্বতীয়ে বধকাব্য নামেৰে এক কাব্যশ্ৰেণীৰ সৃষ্টি কৰে আৰু ভট্টদেৱে প্ৰথমবাৰৰ বাবে সাহিত্য ৰচনাত গদ্যক একমাত্ৰ প্ৰকাশ মাধ্যম হিচাপে গ্ৰহণ কৰে। সেয়ে ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা হিচাপে আখ্যা দিয়া হয়।
পাঁচালী সাহিত্য-------------
বৈষ্ণৱ যুগৰ প্ৰায়বোৰ কবিয়ে বৈষ্ণৱ ভাবাদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ সাহিত্য সৃষ্টি কৰিছিল যদিও তাৰ মাজতে কেইবাজনো কবিৰ উদ্ভৱ হৈছিল, যিকেইজনক বৈষ্ণৱ আন্দোলনে বিশেষ প্ৰভাৱাম্বিত কৰা নাছিল। এই কেই জন কবিক বৈষ্ণৱ যুগৰ অবৈষ্ণৱ কবি বুলিও কোৱা হয় আৰু তেওঁলোকৰ দ্বাৰা ৰচিত গীত-পদক পাঁচালী সাহিত্য আখ্যা দিয়া হয়। পাঁচালী শব্দটো সংস্কৃত পাঞ্চালী বা পাঞ্চালিকা (অৰ্থ পুতলা) শব্দৰ উৎপত্তি হৈছে। সম্ভৱতঃ পুতলা নাচৰ আৰ্হিত যি কাব্য বা গীত বিভিন্ন মুদ্ৰা, নৃত্য আৰু বাদ্যৰ যোগেদি সুৰ ধৰি আবৃত্তি কৰা হৈছিল, সেই কাব্য-গীতেই পাঁচালী নাম পালে। এই ধাৰাৰ বিশিষ্ট কবি কেইজন হ’ল : পীতাম্বৰ, মনকৰ, দুৰ্গাবৰ আৰু সুকবি নাৰায়ণদেৱ।
চৰিত পুথি আৰু বংশাৱলী----------
ষষ্ঠদশ শতিকাৰ শেষ দশকৰ পৰা অষ্টাদশ শতিকাৰ প্ৰাৰম্ভ লৈকে – এই সময় ছোৱাত চৰিত পুথি নামেৰে এক বিশেষ শ্ৰেণীৰ সাহিত্য সৃষ্টি হয়। চৰিত পুথি হৈছে মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ আৰু আন বৈষ্ণৱ ধৰ্ম গুৰু সকলৰ জীৱনী মূলক গ্ৰন্থ। চৰিত পুথিবোৰৰ কেই খনমান গদ্যত আৰু বাকী সৰহ ভাগেই পদ্যত ৰচিত। এতিয়া লৈকে জানিব পৰা মতে চৰিত পুথিৰ সংখ্যা ৩০ খন মান হ’ব। ইয়াৰ ভিতৰত শংকৰ-মাধৱৰ জীৱন চৰিত পাঁচ-ছখনমান। অসমৰ কেইখন মান উল্লেখযোগ্য চৰিত পুথি হ’ল : কথা গুৰু চৰিত, দামোদৰ চৰিত, লক্ষীপতি চৰিত, বৰদোৱা চৰিত, বনমালী দেৱৰ চৰিত, আই কনকলতা চৰিত, গুৰু বৰ্ণনা আদি।
চৰিত পুথিৰ দৰেই বংশাৱলীবোৰো সেই সময়ৰ আন এক শ্ৰেণীৰ বিশিষ্ট পদপুথি। বংশাৱলীবোৰত একো একোটা ৰাজবংশ বা গোঁসাই-মহন্ত পৰিয়ালৰ বংশানুক্ৰমিক বিৱৰণ পোৱা যায়।
আহোম যুগৰ সাহিত্য-------------
আহোম ৰাজত্বৰ দিনতে অসমীয়া সাহিত্যৰ পৰিসৰ আৰু পৰিধি বৃদ্ধি হয়। অসমীয়া ভাষাক ৰজা ঘৰীয়া ভাষালৈ তোলাত আহোম সকলৰেই বৰঙণি বেছি। বৈষ্ণৱ যুগৰ দৰে এই যুগতো পদ, কাব্য, নাট, গীত আদি ৰচিত হয়। তদুপৰি এই যুগত চৰিত সাহিত্য, বুৰঞ্জী সাহিত্য, শাক্ত সাহিত্য, ব্যৱহাৰিক জ্ঞানৰ সাহিত্য, ইছলামী সাহিত্য আদিৰো বিকাশ হয় ; গদ্য সাহিত্যয়ো পূৰ্ণৰুপ লাভ কৰে। তদুপৰি এই সময়তে সংস্কৃতত ৰচিত ভেষজ, জ্যোতিৰ্বিদ্যা, অংক, নৃত্য আৰু স্থাপত্য সম্পৰ্কীয় বহু ৰচনা অসমীয়ালৈ অনূদিত হয়। অসমীয়া সাহিত্যলৈ আহোম সকলৰ এক অভিনৱ আৰু একচেটিয়া বৰঙণি হ’ল বুৰঞ্জী নামেৰে জনাজাত এক শ্ৰেণীৰ ঐতিহাসিক সাহিত্য। বুৰঞ্জী পোনতে আহোম ভাষাতহে লিখা হৈছিল যদিও আহোম সকল স্থানীয় সমাজত মিলি যোৱাৰ লগে লগে বুৰঞ্জীৰ মাধ্যম অসমীয়ালৈ পৰিৱৰ্তিত হয়। ‘পুৰণি অসম বুৰঞ্জী’ নামৰ পুথি খনেই এতিয়ালৈকে পোহৰলৈ অহা বুৰঞ্জী সমূহৰ ভিতৰত পুৰণি। আধুনিক অৰ্থত এই বুৰঞ্জীবোৰ বিজ্ঞান সন্মত ইতিহাস নহ’লেও এইটো ঠিক যে এই বুৰঞ্জীবোৰত আধুনিক ইতিহাসৰ ভালেখিনি সমল আছে।
আধুনিক অসমীয়া সাহিত্য--------
১৮২৬ চনত ইংৰাজে অসম অধিকাৰ কৰি লোৱাৰ পাছত আৰু অসমৰ শিক্ষা আৰু সাহিত্য জগতত পশ্চিমীয়া প্ৰভাৱ আহি পৰাৰ পৰা অসমীয়া সাহিত্যৰ আধুনিক যুগ আৰম্ভ হয়। আধুনিক অসমীয়া সাহিত্যৰ সৃষ্টিত আমেৰিকান মিছনেৰী সকলৰ অৱদানেই আটাইতকৈ বেছি। এওঁলোকৰ চেষ্টাতেই ১৮৪৬ চনত অসমৰ প্ৰথম খন সংবাদ পত্ৰ ‘অৰুনোদই’ প্ৰকাশ হয়। ইয়াৰ আগতে ১৮১৩ চনত মিছনেৰী সকলৰ উদ্যোগতে আত্মৰাম শৰ্মাই বাইবেল খন অসমীয়ালৈ অনুবাদ কৰিছিল। শ্ৰীৰামপুৰত ছপা কৰা এই বাইবেল খনেই (ধৰ্ম পুস্তক) প্ৰথম অসমীয়া ছপা পুথি। মিছনেৰী সকলৰ উদ্যোগতেই কেইবাখনো লেখৰ অসমীয়া কিতাপ সেই সময়ত ৰচিত আৰু প্ৰকাশিত হয়। তাৰ ভিতৰত ‘এ গ্ৰামাৰ অব্ আছামিজ লেংগুৱেজ’, ‘আসাম বুৰঞ্জী’, ‘গ্ৰামাটিকেল নটিচেছ অব্ দি আছামিজ লেংগুৱেজ’, ‘অসমীয়া লৰাৰ মিত্ৰ’, ‘এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ’ আদিৰ নাম উল্লেখযোগ্য। ইয়াৰ উপৰি ১৮৬৭ চনত মাইলছ ব্ৰনছনে ‘অসমীয়া আৰু ইংৰাজী অভিধান’ নামেৰে এখন অভিধানো সংকলন কৰে। প্ৰায় ১৪,০০০ শব্দ সম্বলিত এই খনেই আছিল প্ৰথম অসমীয়া অভিধান আৰু ১৯০০ চন পৰ্যন্ত ইয়ে অসমীয়া ভাষাৰ একমাত্ৰ পথ প্ৰদৰ্শক আছিল। ইয়াৰ আগতে ১৮৩৯ চনতে যাদুৰাম ডেকা বৰুৱাই এখন অসমীয়া অভিধান সংকলন কৰিছিল যদিও সেই খন হাতে লিখা অৱস্থাতে অপ্ৰকাশিত হৈ ৰয়।
সেই সময় ছোৱাৰ কেই গৰাকীমান উল্লেখযোগ্য কবি-সাহিত্যিক হ’ল : আনন্দৰাম ঢেকিয়াল ফুকন, নিধিলিবাই ফাৰৱেল, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা, ভোলানাথ দাস, লম্বোদৰ বৰা, বিষ্ণুপ্ৰিয়া দেৱী, পদ্মাৱতী দেৱী ফুকননী আদি।
আধুনিক অসমীয়া সাহিত্যৰ উত্তৰণত ‘জোনাকী’ৰ আৱিৰ্ভাৱ এক অতি তাৎপৰ্যপূৰ্ণ ঘটনা। ১৮৮৯ চনত এখন মাহেকীয়া আলোচনীৰ ৰুপত চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত ‘জোনাকী’ প্ৰকাশ হয়। ‘জোনাকী’য়ে অসমীয়া সাহিত্যলৈ ইংৰাজী ৰোমাণ্টিক ভাবাদৰ্শ আৰু ৰুপ (form) কঢ়িয়াই আনে। ইয়াৰ পাছত প্ৰকাশিত ‘ৰামধেনু’ আৰু ‘আৱাহন’ আলোচনীয়েও অসমীয়া সাহিত্যৰ বিকাশৰ ধাৰাটো অধিক সমৃদ্ধ কৰি তোলে।
আধুনিক অসমীয়া সাহিত্যৰ বিকাশত যি সকল কবি-সাহিত্যিকে স্মৰণীয় বৰঙণি যোগাই আহিছে সেই সকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, পদ্মনাথ গোহাঞি বৰুৱা, আনন্দ চন্দ্ৰ আগৰৱালা, বেণুধৰ শৰ্মা, ৰঘুনাথ চৌধাৰী, অম্বিকাগিৰী ৰায় চৌধুৰী, শৈলধৰ ৰাজখোৱা, যতীন্দ্ৰনাথ দুৱৰা, পাৰ্বতি প্ৰসাদ বৰুৱা, ডিম্বেশ্বৰ নেওগ, জ্যোতিপ্ৰসাদ আগৰৱালা, সত্যনাথ বৰা, কমলাকান্ত ভট্টাচাৰ্য, ৰত্নকান্ত বৰকাকতি, সূৰ্য কুমাৰ ভূঞা, নীলমণি ফুকন, দণ্ডিনাথ কলিতা, বাণীকান্ত কাকতি, ভগৱতী প্ৰসাদ বৰুৱা, অতুল চন্দ্ৰ হাজৰিকা, গণেশ গগৈ, সীতানাথ ব্ৰহ্মচৌধুৰী, অমূল্য বৰুৱা, নৱকান্ত বৰুৱা, চৈয়দ আব্দুল মালিক, অজিৎ বৰুৱা, হোমেন বৰগোহাঞি, মহেন্দ্ৰ বৰা, হীৰেন গোহাঁই, বিৰিঞ্চি কুমাৰ বৰুৱা, ৰমা দাস, তীৰ্থনাথ শৰ্মা, মহেশ্বৰ নেওগ, সত্যেন্দ্ৰ নাথ শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নলিনীবালা দেৱী, মফিজুদ্দিন আহমেদ হাজৰিকা, বিনন্দ চন্দ্ৰ বৰুৱা, স্নেহ দেৱী, ভবেন্দ্ৰ নাথ শইকীয়া, লাক্ষ্মীনন্দন বৰা, নিৰুপমা বৰগোহাঞি আদিৰ নাম উল্লেখযোগ্য।
*****************
অসমীয়া সাহিত্যৰ যুগ বিভাজন---
# # # # # # # # # # # # # # # # # # # # #
যিকোনো জাতিৰ সাহিত্য পৰিক্ৰমাত প্ৰথমে মৌখিক সাহিত্যৰ সৃষ্টি হয়৷ মৌখিক সাহিত্যই ক্ৰমবিৱতৰ্নেৰে পৰৱৰ্তী কালত লিখিত সাহিত্যৰ ৰূপ পৰিগ্ৰহ কৰে৷ অসমীয়া সাহিত্যও ইয়াৰ ব্যতিক্ৰম নহয়৷ আজিৰ অসমীয়া সাহিত্যয়ো বিভিন্ন অৱস্থাৰ মাজেদি আহি বতৰ্মানৰ অৱস্থাত উপনীত হৈছেহি৷ প্ৰণিধানযোগ্য যে অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ ক্ষেত্ৰত সাহিত্যৰ বুৰঞ্জীকাৰসকলৰ মাজত মতৰ মিল থকা দেখা নাযায়৷ তথাপিও সকলোৰে মত পৰ্যালোচনা কৰি অসমীয়া সাহিত্যক মূলতঃ তিনিটা প্ৰধান ভাগত বিভাজন কৰি আলোচনা কৰিব পাৰি৷ যথা-
(ক) আদি যুগঃ উদ্ভৱ কালৰ সাহিত্য (আৰম্ভণিৰ পৰা চতুদৰ্শ শতিকা)
(খ) মধ্যযুগঃ
(১) প্ৰাক্-শংকৰী যুগ (চতুদৰ্শ শতিকাৰ পৰা পঞ্চদশ শতিকাৰ শেষ ভাগলৈ)
(২) শংকৰী যুগ (পঞ্চদশ শতিকাৰ শেষ ভাগৰ পৰা সপ্তদশ শতিকাৰ আদি ভাগলৈকে)
(৩) শংকৰোত্তৰ যুগ (সপ্তদশ শতিকাৰ আদি ভাগৰ পৰা ঊনবিংশ শতিকাৰ আদি ভাগলৈ)
(গ) বতৰ্মান যুগঃ
(১) অৰুণোদয় যুগ (১৯২৬ৰ পৰা ১৮৮৯)
(২) জোনাকী যুগ (১৮৮৯ৰ পৰা ১৯৪০)
(৩) সাম্প্ৰতিক যুগ (১৯৪০ৰ পৰা বতৰ্মান কাললৈ)
ইয়াৰে সাম্প্ৰতিক যুগটিক পুনৰ কেইবাটিও সৰু সৰু ভাগত বিভাজন কৰাও দেখা যায়৷
ইতিমধ্যেই উল্লেখ কৰা হৈছে যে সাহিত্যই লিখিত ৰূপ পৰিগ্ৰহ কৰাৰ আগতে মৌখিকভাৱে বা মুখে মুখে প্ৰচলিত হৈ থাকে৷ কোনো ভাষাৰ লিখিত সাহিত্য সম্পৰ্কে অধ্যয়ন কৰাৰ পূৰ্বে সেই ভাষাৰ মৌখিক বা লোকসাহিত্য সম্পৰ্কে সম্যক ধাৰণা থকাৰ প্ৰয়োজনীয়তা আছে৷ অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন হিচাপে চিহ্নিত ‘চৰ্যাপদ’সমূহ অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত বুলি পণ্ডিতসমাজে মত পোষণ কৰে৷ এই চৰ্যাপদসমূহৰ আগতেও অসমীয়া লোকসমাজত অলিখিতভাৱে বিভিন্ন সাহিত্য প্ৰচলন হৈ থকাৰ প্ৰমাণ পোৱা যায়৷ এই সকলোবোৰকে মৌখিক সাহিত্য বা লোকসাহিত্য বুলি কোৱা হয়৷ অসমীয়া সমাজ সংস্কৃতি পৰম্পৰাৰ বিষয়ে জানিবলৈ হ’লে আমি এই মৌখিক সাহিত্যসমূহ অধ্যয়ন কৰাৰ প্ৰয়োজন আছে৷ অতীত কালৰে পৰা পৰম্পৰাগতভাৱে মুখে মুখে চলি অহা বিবিধ গীত-মাত, সাধুকথা, ফকৰা-যোজনা, প্ৰবাদ-পটন্তৰ, সাঁথৰ, সামাজিক ৰীতি-নীতি, জনবিশ্বাস, ধৰ্মীয় আচাৰ-বিচাৰ আদিকে আধাৰ হিচাপে লৈ ৰচনা কৰা ৰসাল আৰু অথৰ্ব্যঞ্জক কমৰ্ৰাজিয়েই লোকসাহিত্যৰ অন্তভুৰ্ক্ত৷
অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত ‘চৰ্যাপদ’সমূহেই অসমীয়া লিখিত সাহিত্যৰ আদি নিদৰ্শন৷ চৰ্যাপদসমূহত অসমীয়াৰ উপৰি হিন্দী, মৈথিলী, বাংলা, উড়িয়া আদি আধুনিক ভাৰতীয় ভাষাসমূহৰো আদি স্তৰৰ ভাষাৰ নিদশৰ্ন আছে৷ এই চৰ্যাপদসমূহৰ সমসাময়িকভাৱে অসমীয়া আৰু বাংলা ভাষাৰ নিদশৰ্ন থকা আৰু এক শ্ৰেণীৰ সাহিত্যও সৃষ্টি হৈছিল৷ সেই সাহিত্যসমূহত উভয় ভাষাৰে কিছুমান লক্ষণ পৰিদৃষ্ট হৈছে৷ সেইবাবে এই সাহিত্যৰাজিক সমপূৰ্ণৰূপে অসমীয়া বা সমপূৰ্ণৰূপে বাংলা ভাষাৰ সাহিত্য হিচাপে চিহ্নিত নকৰি ‘মিশ্ৰ অসমীয়া সাহিত্য’ বুলি কোৱা হয়৷ ‘শ্ৰীকৃষ্ণ কীতৰ্ন’ আৰু ‘শূন্যপুৰাণ’ ‘মিশ্ৰ অসমীয়া সাহিত্য’ৰ অন্তৰ্ভুক্ত৷ বিবিধ মৌখিক সাহিত্য, চৰ্যাপদ আৰু এই মিশ্ৰ অসমীয়া সাহিত্যৰাজিক লৈয়েই অসমীয়া সাহিত্যৰ উদ্ভৱ কালটি সৃষ্টি হৈছে; অৰ্থাৎ উদ্ভৱ কালৰ অসমীয়া সাহিত্যত এই তিনি শ্ৰেণীৰ সাহিত্য অন্তৰ্ভুক্ত হৈ আছে৷
✍ডিম্পী শৰ্মা