Achyut kumar

Achyut kumar About poetry & my views regarding some random current situation

15/10/2022

উপাই নাই (অনুগল্প )
ইমান দিনৰ মূৰত আহিছা ভাত খাই যাবা । অনিতাৰ মাকে জয়ক ক'লে ।
হয় নেকি আনটি । (জয়ে মনে মনে ভাবিলে ছোৱালীৰ মাকে কৈছে যেতিয়া হয় ভৰ দিয়াই ভাল বেয়া পোৱাতকৈ ।)
হব দিয়ক কৈছে যেতিয়া ।
অনিতা আৰু মাক পাকঘৰলৈ গ'ল - অ ' মা ই দেখোন একে কোবেই খাম বুলিয়ে হয়ভৰ দিলে । কি কৰা যায় এতিয়া লাজ মান যাব । তুমি হে বৰ ভাত খাই যাবা ভাত খাই যাবা কৰিছা । একো এটা নাই ঘৰত ।
হ'ব ৰবা কিবা এটা কৰিম ।
মাক পাকঘৰৰ পৰা উধাতু খাই আহি জয়ক কলে । দেখিছা নে জয় এই মেকুৰীটোৰ পৰা উপাই নোহোৱা হৈছে । কিমান যতনেৰে তুমি আহিবা বুলি মাছ ভাত বনালো । মুখ দি গোটেই নষ্ট কৰিলে ।
জয় - এহ হয় নেকি । অইন এদিন খাম দিয়ক ।
অনিতাৰ মাক - ইছ্ নহ'ব বোপাই । তুমি সাউট কৰে গৈ যোগেনৰ দোকানৰ পৰা লোকেল মুৰ্গী এটা গেলামালৰ দোকানী তগৰৰ পৰা জহা চাউল ১ কেজি আনিলে হল । মোৰ কথা কৈ বাকীত আনিবা ।
জয় - হ'ব আনটি । ছোৱালীৰ মাকে বস্তু অলপ আনিব দিছে বাকীত আনিম নে ।
বাটে বাটে জ্য়ে হিচাপ কৰিছে ৫০০ + ৭০ =৫৭০ টকা । হৈ যাব ।
ইপিনে জয়ৰ বন্ধু কেইজনে ৰৈ ৰৈ খঙে উঠি গৈছে । আজি জয়ে খানা এটা দিয়াৰ কথা আছিল সিহঁতক ।
কি হ'ল জয় - জয় আহি পোৱাত বন্ধু কেইজনে সুধিলে - ইমান দেৰি কৰিলি যে । দে টকা সোনকালে দোকানে বন্ধ হ'ব এতিয়া ।
জয়- আজি থাক দে । মোৰ খানাৰ পইচাটো বেলেগত খৰছ হল অ' ।
বন্ধু কেইজন- (খঙত) ফাঁকিবাজ , তোক কোনে বিশ্বাস কৰে । গোটেই কেইজন বন্ধু আতৰি গ'ল ।
জয় - উপাই নাই ।

11/10/2022

চাইদ বিজনেচ (অনুগল্প )
Night চুপাৰ গাড়ী খন গুৱাহাটীৰপৰা আহি ৰৈ গ'ল আমনিত । সকলোৱে ভোকৰ প্ৰয়োজন অনুসৰি খাদ্য খায় ললে । আকৌ গাড়ী খনে যাত্ৰা আৰম্ভ কৰিলে । বহুসময়ৰ নিৰৱতা ভাঙি প্রথম ব্যক্তিজনে আনজনক উদ্দেশ্যি আৰম্ভ কৰিলে এটি দুটি কথা । একদম মনে মনে গৈ ভাল নালাগে দে চোন ।
১ ম ব্যক্তি আপুনি ক'লৈ যাব?
২য় ব্যক্তি তিনিচুকীয়ালৈ । আপুনি ক'লৈ যাব ?
১ ম ব্যক্তি - জাগুনলৈ ।
২ য় ব্যক্তি- ও হয় নেকি ।
আপুনি তাত কি কৰে চাকৰি নে বিজনেচ ।
১ ম ব্যক্তি - মোৰ এটা চাইদ বিজনেচ আছে । মাহে ৫০ হাজাৰ মান আহে ।
২ য় ব্যক্তি - ঐ বাপৰে ! চাইদ বিজনেচ ৰ পৰা ৫০ হাজাৰ - মেইন বিজনেচটো তু ডাঙৰে হ'ব চাগে । সুধো নসুধো কৈ সুধিলে ।
আপোনাৰ মেইন বিজনেচটো নো কি?
১ ম ব্যক্তি - মেইন বিজনেচ টো বিচাৰি হে আছো ।

ছাঁয়া ছবি
06/10/2022

ছাঁয়া ছবি

05/10/2022

অলপ কথা
এডাল গছ এশ সন্তান সমান কথাটো এই বাবে কোৱা হয়- গছ অক্সিজেনৰ ভান্ডাৰ । লগতে পৰিবেশ শীতল ৰখাৰো । এডাল ডাঙৰ গছে এদিনত প্রায় সাতশ লিটাৰ পানী এৰে । অক্সিজেনোও সেই অনুপাতে মানুহৰ প্ৰয়োজন পূৰণ কৰি থাকে । জনসংখ্যা আৰু গাড়ী-মটৰৰ পৰা ভাবিব নোৱাৰাকৈ দৈনন্দিন কাৰ্বন - ডাই- অক্সাইড , কাৰ্বন - মন- অক্সাইড ওলাই আছে। এশ বছৰ পুৰণি গছ এডাল কোনোঠাইত কাটিব লগা হলে এশ বাৰ ভাবক । গছ বচাওক মানুহ বাচিব । গছেহে কাৰ্বন- ডাই - অক্সাইড আৰু অক্সিজেনৰ সমতা ৰক্ষা কৰি থাকে ।

01/10/2022

মেজেংকৰী
গৰু গাড়ীৰ পিছফালে ধুলি ধুলি কিজে মজা লাগিছিল । গৰুৰ গলধনত টিলিং টিলিং টিলিঙা বাজিছিল । গাৰোৱানে লৰু দালেৰে আমালৈ বুলি কোব এটা মাৰি ভয় খুৱাইছিল - এবাৰ এৰি দি আকৌ ধুলিছিলো । সেয়া অতীত মাথোন ৰোমন্থন কৰিছো । ভাল লাগে দেচোন ।

20/09/2022

Address

Mirza
Guwahati

Website

Alerts

Be the first to know and let us send you an email when Achyut kumar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Achyut kumar:

Share

Category