18/12/2022
মছজিদৰ ইমামৰ দায়িত্ব আৰু কৰ্তব্য
---------------------------------------------------
মুছলমান সমাজ আজি বিভিন্ন সমস্যাত জৰ্জৰিত। এই সমস্যা সমূহে ইছলামৰ আদৰ্শ, ঐক্য, সংহতি, সম্প্ৰীতিৰ প্ৰতি থকা অন্য ধৰ্মাৱলম্বীৰ বিশ্বাসক থানবান কৰি দিছে। কোনেও আজি ভাল বুলি মানি ল'বলৈ প্ৰস্তুত নহয়। এনে পৰিস্থিতিত মছজিদৰ ইমামৰ দায়িত্ব আৰু কৰ্তব্য অপৰিসীম।
প্ৰতিখন গাওঁ, মহল্লাৰ মছজিদত কমেও এজনকৈ ইমাম নিযুক্ত আছে। ইমাম সকলে বিচাৰিলে খুব কম সময়তেই সমাজৰ ব্যাধিসমূহ দূৰ কৰি নৱ ৰূপেৰে সঁজাই বিশ্বদৰবাৰত সুস্থ জাতি বুলি পৰিচয় দিব পাৰে। আজি আমাৰ সমাজত দেখা দিয়া ড্ৰাগছ, মদ-ভাং, জুৱা, সুদ এতিয়া আকৌ নববর্ষ উপলক্ষে পথাৰত গোটেই ৰাতি লাউডস্পিকাৰত গান বজাই খোৱা বনভোজ, এইবিলাকৰ পৰা মুক্ত কৰিব লাগিব। সমাজৰ বিশিষ্ট শিক্ষাবিদ, চিন্তাবিদ, শিক্ষক, কবি, লেখক, উকিল,হাকিম প্ৰফেচাৰ, কেৰাণী, গাওঁবুঢ়া, চিকিৎসক, হাফিজ, মৌলানা, মুফতি, পুলিচ, ছাত্রসমাজক আদি কৰি প্ৰভাৱশালী ব্যক্তি সকলে ইমাম সকলক সহযোগ কৰিব লাগিব। নহ'লে সহজতে সম্ভৱ নহয়।
যুগ যুগ ধৰি অসম তথা ভাৰতৰ চৰকাৰী, বেচৰকাৰী মাদ্রাছা, তাবলিগি জামাতকে আদি কৰি বিভিন্ন দল- সংগঠন সমূহৰ আলীম সমাজে সাধাৰণ মুছলমান সমাজক দ্বীনৰ পিনে আহ্বান কৰি আহিছে। তথাপিও প্ৰতিটো মহল্লাত পাঁচ-দশ শতাংশৰ বেছি মছজিদত উপস্থিত হোৱা পৰিলক্ষিত নহয়। এম ই মাদ্ৰাছা, এম ই স্কুল হ'ল। হাই মাদ্ৰাছা, হাই স্কুল হ'ল। ইয়াৰ পিছত আকৌ এচামে বিভিন্ন প্ৰলোভনেৰে কৌমি মাদ্ৰাছা সমূহকো ধ্বংস কৰিবলৈ উঠি-পৰি লাগিছে। এনে দুৰ্যোগে দেখা দিয়া সময়তো সচেতন মহলে নিজৰ গাদীত বহি থাকিলে সময়ত নিজেও নিজক ক্ষমা কৰিব নোৱাৰিব, মনত ৰাখিব এদিন বিচাৰ হ'ব। মহল্লাৰ প্ৰতিজন মানুহক ইমান-আমল, সঠিক ইছলামী আক্বীদা, ইছলামৰ নীতি শিক্ষা, ইছলামৰ আদৰ্শ প্ৰচাৰত আপোনালোকৰ দায়িত্ব আছে।
ইমাম শব্দৰ অৰ্থ হৈছে পথপ্ৰদৰ্শক । মহামানৱ হজৰত মোহাম্মদ (ছাঃ) আছিল ইছলাম ধৰ্মৰ প্ৰথম ইমাম। পিছত খুলাফায়ে ৰাশ্বিদীনৰ ওপৰত। ইছলামৰ সৰ্বশ্ৰেষ্ঠ ইবাদত (বান্দেগী) হ'ল নামাজ, সেই নামাজৰ গুৰুদায়িত্ব ইমামৰ ওপৰত। ইমাম সদায় মুক্তাদি(অনুসৰণ কাৰি) সকলৰ সন্মুখত থিয় হয়, তেখেতৰ সন্মুখত কোনেও থিয় হ'ব নোৱাৰে। জামাতত নামাজ পঢ়োৱাৰ সময়ত সম্পূৰ্ণ অনুসৰণ ইমামক কৰিব লাগিব, অগ্ৰসৰ হ'ব নোৱাৰিব।
এতিয়া আমাৰ দায়িত্ব হ'ল ইমাম সকলক সন্মান সহকাৰে সন্তোষ ৰখা। আৰ্থিক সংকটত যাতে ভুগিবলগীয়া নহয়। সসম্মানে পৰিয়াল-পৰিবাৰ লৈ জীৱন-যাপন কৰি ল'ৰা-ছোৱালীক উচ্চশিক্ষিত কৰি গঢ়ি তুলাত সম্পূর্ণ যত্ন কৰিব লাগিব। কথাত আছে নহয়, "ৰাইজে নখ জোকাৰিলে নৈ বৈ যায় " দশজনে দুই-চাৰিজনৰ দায়িত্ব লোৱা অসম্ভৱৰ একো নহয়। লাগিব কেৱল সদিচ্ছা আৰু সৎসাহস।
ইমাম চাহাব সকলৰ দায়িত্ব মুছল্লিসকলক আল্লাহৰ নৈকট্য লাভৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা, ছোবাহী মুক্তৱ সমূহৰ পৰাই ইছলামৰ আদৰ্শ, ঐক্য, সংহতি,নামাজ, ৰোজা, হজ্জ, জাকাতৰ ফজিলত সম্বন্ধে সুস্থ জ্ঞান দিয়া। প্ৰত্যেক জুমাবাৰ (শুক্ৰবাৰ) নামাজৰ আগত ড্ৰাগছ, মদ-ভাং, জুৱা, সুদত লিপ্ত হোৱা পাপৰ শাস্তি সম্পৰ্কে বক্তব্য দিয়া। ধৰ্মীয় শিক্ষাৰ লগতে আধুনিক শিক্ষাৰে শিক্ষিত হৈ কেনেকৈ বিশ্বদৰবাৰত প্ৰতিষ্ঠিত হ'ব পাৰোঁ তেনে বিষয়ৰ বক্তব্য দিয়া।
আল্লাহ পাকে সকলোকে সুস্থ জ্ঞান দান কৰক।
হাঃ #আসাদ_মদনী
#নাগাবন্ধা (নগাঁও)
তাং ০৯/১২/২২