লাংহিনত ৭৬ সংখ্যক গণৰাজ্য দিৱস পালন । সমগ্ৰ দেশৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বিভিন্ন প্ৰান্তৰ লগতে লাংহিনত পালন কৰা হয় ৭৬ সংখ্য'ক গণৰাজ্য দিৱস ।
ডিগবৈ অসামৰিক চিকিৎসালয়খনক লৈ ডিগবৈ একাংশ ৰাইজৰ অভিযোগ :
ডিগবৈ অসামৰিক চিকিৎসালয়খনক লৈ দল সংগঠনৰ লগতে স্থানীয় ৰাইজে বছৰে বছৰে ধৰি বহু অভিযোগ কৰি আহিছে যদিও একাংশ ডাক্তৰে কেৰেপ নকৰে ৰোগী সকলক,কৰ্মৰত সময়ত নাথাকে উপস্থিত ।
লৰিংথেপিত দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰী আৰু ৰোগাক্ৰান্ত ব্যক্তিক মুখ্যমন্ত্ৰী সাহায্য পুঁজি আঁচনিৰ অধীনত চেক বিতৰণ ।
কাৰ্বি আংলং জিলাৰ ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লৰিংথেপিৰ বৰছিং ৰংহাং সোঁৱৰণী প্ৰেক্ষাগৃহত হাওৰাঘাট, ফুলনি, লাংফেৰ, কৰকাণ্ঠী, মহামায়া আৰু লাংহিন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত থকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ মুঠ ৫০৯ গৰাকী ছাত্ৰ-ছাত্ৰীক আৰু ১৩৮ গৰাকী ৰোগাক্ৰান্ত ব্যক্তিক মুখ্যমন্ত্ৰী সাহায্য পুঁজি আঁচনিৰ অধীনত চেক বিতৰণ কৰা হয় ।
৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষ্যে ৬০ বছৰৰ উৰ্ধ পুৰুষ আৰু মহিলাৰ মাজত খোজ কঢ়া প্ৰতিযোগিতা ১৮ কিলোমিটাৰ চাইকেল চলাই আহি প্ৰথম স্থান লাভ কৰিলে শিৱসাগৰ বানমুখৰ ঘনকান্ত সন্দিকৈয়ে আৰু মহিলা প্ৰথম স্থান লাভ কৰে তেঙাপুখুৰীৰ অঞ্জু সাধনিধৰে | প্ৰায় ৭০ গৰাকীতকৈ অধিক পুৰুষ মহিলা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে উক্ত প্ৰতিযোগিতাত ।
ৰূপহীমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ সফল সামৰণি
শিৱসাগৰ জিলাৰ আমগুৰিৰ সীমামূৰীয়া ৰূপহীমুখ উচ্চ মাধ্যমিক বিদ্যালয়ত ২১ আৰু ২২ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ সফল সামৰণি পৰে | প্ৰথম দিনা উষা কীৰ্তন, পৰিৱেশ পৰিষ্কৰণ পতাকা উত্তোলন, গুৰু সেৱা অনুষ্ঠানৰ পাছতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ অনুষ্ঠান অনুষ্ঠিত হয় | দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে বিয়লিলৈ অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত প্ৰাক্তন বিধায়ক কুশল দুৱৰী উপস্থিত থাকে | চেলফি পইণ্ট আছিল এই অনুষ্ঠানৰ এক ব্যতিক্ৰমী আকৰ্ষণ |
কাৰ্বি লামমেত আমেইৰ 33 সংখ্যক কেন্দ্ৰীয় অধিৱেশন বকলীয়াঘাট অসমৰ কলম্বাচ খ্যাত কাৰ্বি জনগোষ্ঠীৰ লোক কলা - কৃষ্টি - সংস্কৃতিক যেনেদৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে, একেদৰে কাৰ্বি লামমেত আমেই অৰ্থাৎ কাৰ্বি সাহিত্য সভায়ো কাৰ্বি সাহিত্যক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ প্ৰচেষ্টাত আপ্ৰাণ প্ৰয়াস অব্যাহত ৰাখিছে ।
MGNREGA আচঁনি ৰূপায়ণৰ নামত বটদ্ৰৱা উন্নয়ণ খণ্ডত ব্যাপক অনিয়ম।নাম মাত্ৰ কাম কৰিয়ে লাখ লাখ টকা লুণ্ঠনৰ অভিযোগ।উন্নয়ন খণ্ডৰ অন্তৰ্গত ভোমোৰা গুৰি পঞ্চায়তত একাংশ ঠিকাদাৰ, পঞ্চায়তৰ জি আৰ এছ আৰু উন্নয়ন খণ্ডৰ একাংশ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ ।কাম কৰাৰ নামত ফলক আৰিয়ে ধন লুণ্ঠনৰ ফন্দি পাতিছে একাংশ দূৰ্নীতি পৰায়ণ ঠিকাদাৰ আৰু বিষয়াই ।বটদ্ৰৱা উন্নয়ণ খণ্ডত চৰকাৰী অভিলাষী আঁচনি বিশেষকৈ MGNREGA ত সংঘটিত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ তথ্য পোহৰলৈ আনিছে গঞা ৰাইজে।
জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ উদ্দেশ্যে শদিয়ালৈ ৰাওনা পশ্চিম যোৰহাটৰ এক সজাতি দল যোৰহাট, ২২ জানুৱাৰী:* সমগ্ৰ ৰাজ্যবাসিক কন্দুৱাই ভোগালী বিহুৰ মাজতে চিৰ বিদায় লোৱা বিপ্লবী কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত ম্রিয়মান ৰাজ্যবাসী।
বিশ্ব অভিলেখৰ বাবে মেকিপুৰ চাহ বাগিছা খেলপথাৰত ঝুমুৰ প্ৰশিক্ষণ
ঝুমুৰৰ আখৰাত ব্যস্ত ঝুমুৰ শিল্পীসকল
২৪ ফেব্ৰুৱাৰীত বিশ্ব অভিলেখৰ বাবে সাজু ৰাজ্যৰ ঝুমুৰ শিল্পীসকল | আঠ হাজাৰ চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীয়ে প্ৰদৰ্শন কৰিব ঝুমুৰ নৃত্য | নাজিৰাৰ মেকিপুৰ চাহবাগিছা খেলপথাৰত ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণত ব্যস্ত চাহ জনগোষ্ঠীৰ যুৱক-যুৱতী তথা ঝুমুৰ শিল্পীসকল | ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ঝুমুৰৰ বিশ্ব অভিলেখত নাজিৰা সমজিলা তথা নাজিৰা সমষ্টিৰ পৰা মুঠ ১২৬ গৰাকী ঝুমুৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব
গৌৰীসাগৰত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা।শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ ত্ৰিলোচন সাংস্কৃতিক মঞ্চৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত মথুৰাদাস বুঢ়াআতা সমন্বয় ক্ষেত্ৰ, ন দিছিয়ালত ১৭ জানুৱাৰীৰপৰা ২৩ জানুৱাৰীলৈ সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।
‘ঈশান নিউজ’ৰ বিশ্বনাথৰ সাংবাদিক আবুল মাজানক গ্ৰেপ্তাৰ চতিয়া আৰক্ষীৰ
বিধায়ক পুত্ৰৰ HIT&RUN অভিযোগৰ বাতৰি পৰিৱেশনৰ 'গুৰুতৰ অপৰাধ’ত গ্ৰেপ্তাৰ সাংবাদিক গৰাকীক অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ
ফুলনিত APHLC ৰাজনৈতিক দলৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন ।
কাৰ্বি আংলং জিলাৰ আঞ্চলিক ৰাজনৈতিক দল ALL PARTY HILL'S LEADER CONFERENCE চমুকৈ APHLC দলৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি এদিনীয়া কাৰ্যসূচীৰে ফুলনিৰ ক'মাৰ তিছু গাঁওৰ খেলপথাৰত উদযাপন কৰা হয় ।