সদৌ অসম ছাত্ৰ সন্থা

সদৌ অসম ছাত্ৰ সন্থা জয় আই অসম
(1)

26/01/2024
সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱস
05/01/2024

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱস

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী 'হস্তীৰ কন্যা' পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি মৃত্যু দিৱস। সদৌ অসম ছাত্ৰ সন্থাই এই বৰ্ষ...
27/12/2023

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী 'হস্তীৰ কন্যা' পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি মৃত্যু দিৱস। সদৌ অসম ছাত্ৰ সন্থাই এই বৰ্ষৰ 'প্ৰতিমা বৰুৱা পাণ্ডে' বঁটা প্ৰদান কৰা হয় লোক কৃষ্টিৰ সাধক শ্ৰদ্ধাৰ ৰহেন্দ্ৰ নাথ ব্ৰহ্ম দেৱক। আজি হস্তীৰ কন্যাৰ মৃত্যুৰ দিনটোত আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

আজি 'শ্বহীদ দিৱস'ৰ পৱিত্ৰ ক্ষণত অসম আন্দোলনৰ জাতীয় শ্বহীদ সকলক শ্ৰদ্ধাৰে সুঁৱৰিছো । অসমৰ অস্তিত্ব ৰক্ষাৰ মহাসংগ্ৰাম অসম ...
09/12/2023

আজি 'শ্বহীদ দিৱস'ৰ পৱিত্ৰ ক্ষণত অসম আন্দোলনৰ জাতীয় শ্বহীদ সকলক শ্ৰদ্ধাৰে সুঁৱৰিছো । অসমৰ অস্তিত্ব ৰক্ষাৰ মহাসংগ্ৰাম অসম আন্দোলনত মাতৃভূমিৰ স্বাভিমান ৰক্ষা কৰিবলৈ ৮৬০ জন অসমীয়া সন্তান শ্বহীদ হৈছিল । আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে ১৯৭৯ চনৰ ১০ ডিচেম্বৰত চৰকাৰী বাহিনীৰ নিৰ্মম অত্যাচাৰৰ বলি হৈ মৃত্যুবৰণ কৰিছিল । তেখেতৰ মৃত্যুদিনটো প্ৰতিবছৰে সদৌ অসম ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত জাতীয় শ্বহীদ সকলৰ পৱিত্ৰ স্মৃতিত শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে । শ্বহীদসকলৰ ত্যাগ জাতিক জীয়াই ৰখাৰ সংগ্ৰামৰ পথ প্ৰদৰ্শক।
জয় আই অসম ।

06/12/2023

'সদৌ অসম ছাত্ৰ সন্থাই কাইলৈ নিজৰ পক্ষ ৰাখিব'। নাগৰিকত্বৰ ভিত্তিবৰ্ষক লৈ উচ্চতম ন্যায়ালয়ত দ্বিতীয় দিনৰ শুনানি সমাপ্ত। প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ

অসমৰ সংগীত জগতৰ অন্যতম এগৰাকী বিশিষ্ট কণ্ঠশিল্পী অৰুণ দাসৰ দেৱৰ বিয়োগত অতিশয় মৰ্মাহত হৈছো ৷ তেখেতৰ মৃত্যুত অসমীয়া সংগীত ...
03/12/2023

অসমৰ সংগীত জগতৰ অন্যতম এগৰাকী বিশিষ্ট কণ্ঠশিল্পী অৰুণ দাসৰ দেৱৰ বিয়োগত অতিশয় মৰ্মাহত হৈছো ৷ তেখেতৰ মৃত্যুত অসমীয়া সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি হ’ল । তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ ৷

বৰ অসমৰ ভেঁটি গঢ়োতা আৰু শান্তি-সম্প্ৰীতিৰ এনাজৰীৰে অসমৰ সকলো জাতি-জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধি ৰখাত বিশেষ ভূমিকা লোৱা চ...
02/12/2023

বৰ অসমৰ ভেঁটি গঢ়োতা আৰু শান্তি-সম্প্ৰীতিৰ এনাজৰীৰে অসমৰ সকলো জাতি-জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধি ৰখাত বিশেষ ভূমিকা লোৱা চাওলুং-ছ্যু-কাফাক আজি অসম দিৱসৰ বিশেষ দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷

22/11/2023

দুলাল নাৰায়ণ ডেকা সোঁৱৰণী প্ৰতিনিধি সভাগৃহত
সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ মৰিগাঁও অধিৱেশনৰ প্ৰতিনিধি সভা আৰম্ভ

সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ মৰিগাঁও অধিৱেশনৰ  দ্বিতীয় দিনৰ কাৰ্যসূচী আজি সন্থাৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰে আৰম্ভ ...
22/11/2023

সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ মৰিগাঁও অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আজি সন্থাৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰে আৰম্ভ হয় ৷

17/11/2023
অসমবাসী ৰাইজৰ সহযোগীতা কামনাৰেসাদৰ নিমন্ত্ৰণ
17/11/2023

অসমবাসী ৰাইজৰ সহযোগীতা কামনাৰে
সাদৰ নিমন্ত্ৰণ

৯৭ সংখ্যক জন্ম দিনত বৰেণ্য শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
08/09/2023

৯৭ সংখ্যক জন্ম দিনত বৰেণ্য শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানীত সদৌ অসম ছাত্ৰ সন্থাই অংশ ল‌য়। প্ৰয়োজনীয় সংশোধনীৰ দাবী উত্থাপন কৰোঁ। তাৰে কেতবোৰ-১) ধেমাজি,...
19/07/2023

সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানীত সদৌ অসম ছাত্ৰ সন্থাই অংশ ল‌য়। প্ৰয়োজনীয় সংশোধনীৰ দাবী উত্থাপন কৰোঁ। তাৰে কেতবোৰ-
১) ধেমাজি, লক্ষীমপুৰ, তিনিচুকীয়াত বৃদ্ধি হোৱা সমষ্টি তিনিটা কৰ্তন নকৰাকৈ আমগুৰি আৰু লাহোৱাল সমষ্টি পুনৰ বাহাল ৰাখক।
২) টিংখং, চাবুৱা, শিৱসাগৰ, যোৰহাট, হাজো, টিহু, বঙাইগাঁও, চতিয়াকে ধৰি অনেক সমষ্টিত সীমা নিৰ্ধাৰণক লৈ ৰাইজৰ আপত্তি আছে। সেইবোৰ বিৱেচনা কৰক।
৩) নামনি অসম আৰু মধ্য অসমৰ বহু ঠাইত য'ত জনবিন্যাসৰ বিশেষ পৰিৱৰ্তন হোৱা নাই, সেই ঠাইসমূহত ৰাইজৰ মাজত সৃষ্টি হোৱা সীমা কেন্দ্ৰিক সমস্যাসমূহ দূৰ কৰাৰ ব্যৱস্থা কৰক।
৪) অসমৰ খিলঞ্জীয়া অসমীয়া মুচলমানসকল খচৰাখনক লৈ অসন্তুষ্ট। গৰিয়া, মৰিয়া, দেশী, জোলহা, চৈয়দসকলৰ অভিযোগসমূহ গুৰুত্বসহকাৰে বিৱেচনা কৰক।
৫) ঐতিহাসিক গুৰুত্ব থকা স্থানসমূহৰ ইতিহাস বিঘ্নিত হ'ব নালাগে।
উদাহৰণ - জনিয়া সমষ্টিটোৰ নামৰ ঐতিহাসিক জনিয়া সত্ৰৰ আধাৰত উৎপত্তি। সমষ্টিটোৰ নাম বিলুপ্ত হ'ব নালাগে।
দিহিনা সত্ৰখন হাজো সমষ্টিত আছিল অতীজৰে পৰা। চৌপাশৰ মানুহখিনি অনুসূচিত জাতিৰ। এইবেলি হাজো সমষ্টিটো অনুসূচিত জাতিৰ বাবে স‌ংৰক্ষণ কৰা হ'ল, কিন্তু সত্ৰখন আৰু চৌপাশৰ মানুহখিনিক হাজো সমষ্টিৰ পৰা আঁতৰাই দিয়া হ'ল। পুনৰ অন্তৰ্ভুক্ত কৰিব লাগে।
৬) যিসমূহ সমষ্টিৰ নামৰ ঐতিহাসিক তাৎপৰ্য আছে তথা সেই অঞ্চলৰ ৰাইজৰ আৱেগ জড়িত হৈ আছে, তেনে সমষ্টিসমূহৰ নাম সলনি কৰিব নালাগে।
৭) বৰাক উপত্যকাৰ বিষয়সমূহত নজৰ দিব লাগে।
৮) স্বাধীনতাৰ পিছৰে পৰা আসন বৃদ্ধি নোহোৱা ডিমা হাচাওৰ ৰাইজৰ যুক্তিনিষ্ঠ আৱেগক উপলব্ধি কৰি তেওঁলোকৰ পৰামৰ্শসমূহ বিশেষভাৱে বিচাৰ কৰিব লাগে।

কেন্দ্ৰীয় ছাত্র সংহতি দিৱস
10/06/2023

কেন্দ্ৰীয় ছাত্র সংহতি দিৱস

13/03/2023

সমগ্ৰ ৰাজ্যতে দাহ কৰা হৈছে শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষৰ পুত্তলিকা। দুয়োজনে পদত্যাগ কৰক! ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকজনক গ্ৰেপ্তাৰ কৰক!
সমগ্ৰ ঘটনাৰ চিবিআই তদন্তৰ দাবী জনালোঁ!

Address

Golaghat

Website

Alerts

Be the first to know and let us send you an email when সদৌ অসম ছাত্ৰ সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share

Category