অসম চৰকাৰৰ কেবিনেটে গৰিয়া, মৰিয়া, দেশী, জোলহা আৰু ছৈয়দ জনগোষ্ঠীক খিলঞ্জীয়া হিচাপে ঘোষণা
আজি গোৱালপাৰা জিলা দেশী জনগোষ্ঠীয় মঞ্চৰ সভাপতি নুৰবখত শ্বেখ আৰু সম্পাদক মফিয়াল ৰহমানে এক সংবাদ মেল যোগে যোৱা ৫ তাৰিখে অসম চৰকাৰৰ কেবিনেটে গৰিয়া, মৰিয়া, দেশী, জোলহা আৰু ছৈয়দ এই পাঁচ মুছলমান জনগোষ্ঠীক খিলঞ্জীয়া হিচাপে ঘোষণা কৰাক আন্তৰিকতাৰে আদৰনি জনায় আৰু ইয়াৰ বাবে গৰিয়া, মৰিয়া, দেশী, জোলহা আৰু ছৈয়দ মুখ্য মত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।।
সাংবাদিকক জনোৱা মতে অসম চৰকাৰৰ ই এক ঐতিহাসিক ঘোষণা । কিয়নো গৰিয়া, মৰিয়া, দেশী, জোলহা আৰু ছৈয়দ সকলোক অসমৰ ভূমিপুত্ৰ কৰাৰ কাৰণে । ৭০ বছৰে কোনো চৰকাৰে এই সকল জনগোষ্ঠীক অসৰম ভূমিপুত্ৰ বুলি চিকৃতি দিয়া নাছিল আজি অসম চৰকাৰ তথা মুখ্য মত্ৰী হিমন্ত বিশ্ব শৰ্মা যি এই সকল জনগোষ্ঠীক অসৰম ভূমিপুত্ৰ হিচাপে ঘোষণা কৰাক লৈ আনন্দিত হৈ পৰে ।
গৌৰীপুৰৰ জুলাপাৰাত ছাগলি চোৰক আটক।
গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত টিয়ামাৰীৰ জুলাপাৰাত ছাগলী চোৰ কৰিবলৈ আহি আটক হল এজন চোৰ দুজন কৰিলে পলায়ন। বিলাসী গাড়ীখনত মুঠ ৩টা ছাগলী আছিল। আৰু গাড়ী নম্বৰ হৈছে AS-01R-7380 চোৰ জনৰ নাম হৈছে আজাহাৰ সেখ ঘৰ ধুবুৰীৰ নিউ মাৰকেটত বুলি জানিবলৈ দিয়ে। পিছত গৌৰীপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ছাগলী চোৰক আটক কৰি থানালৈ আনি সোধ-পোছ চলায়।
কৰ্ম সংস্থাপনৰ বাবে চেন্নাইলৈ যোৱা বালিজূৰিৰ হোমনাথ খাটিঅৰা নিখোজ ।
চতিয়া সমষ্টিৰ অন্তৰ্গত বালিজুৰি খীষ্টান বস্তীৰ এগৰাকী ৫০ উৰ্ধৰ হোমনাথ খতিঅড়া নামৰ ব্যক্তিজন কৰ্ম সংস্থাপনৰ বাবে ৰঙাপৰা ষ্টেচনৰ পৰা দিনৰ ১ বাজি ৪০ মিনিটত উঠি সুদুৰ চেন্নাইলৈ টমবাৰম এক্সপ্ৰেছ নম্বৰ 15930 নামৰ যাত্ৰী বাহী ৰেলেৰে গৈ থকা অৱস্থাত উৰিষ্যাৰ ৰাণী তাল নামৰ ষ্টেচনৰ পৰা বৰ্তমান পৰ্যন্ত নিখোজ হৈ থকাত পৰিয়াল বৰ্গ চিন্তিত হৈছে । উল্লেখযোগ্য যে যোৱা চাৰি জুন তাৰিখৰ দিনা কৰ্ম সংস্থাপনৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল উক্ত ব্যক্তিজন । কিন্তু মঙ্গলবাৰে সন্ধ্যা ৭ বাজি ৫৪ মিনিটট পৰিয়ালৰ সৈতে যোগাযোগ কৰাৰ পাছতেই মোবাইল নম্বৰ চুইচ অফ পোৱাত কিবা অঘটন ঘটিব পাৰে বুলি সন্দেহ কৰিছে পৰিয়াল বৰ্গই । ইতিমধ্যেই পৰিয়ালৰ লোকে নিখোজ হোৱাৰ সন্দৰ্ভত ইটাখোলা উপ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে । উল্লেখযোগ্য যে এখন টম টম চলাই চাৰিজনীয়া পৰিয়ালক পোহ পাল দিয়া মূল ব্যক
গৌৰীপুৰত ড্ৰগ্ছ সহ এজন যুৱকক আটক।
যোৱা ৰাতি বালাজান I.C বিশ্বজিৎ ৰাভাৰ নেতৃত্বত গোপন সূএে বালাজান বজাৰত অভিযানত চলাই ড্ৰাগ্ছ সহ হাতে লটে আটক কৰে এজন যুৱকক।
আৰক্ষীয়ে যুৱক জনৰ পৰা বৃহত পৰিমানৰ ব্ৰাউন ছুগাৰৰ আৰু কফছিৰাপ জব্দ কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীয়ে আটক কৰা যুৱক জনৰ ঘৰ বালাজানত যুৱক জনৰ নাম প্ৰনৱ চক্ৰৱৰ্তী বুলি জনিবলৈ দিয়ে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে যুৱক জনক থানালৈ আনি সোধ-পোছ চলায় ৷
গৰীয়া ,মৰীয়া , দেশী, জলাহ,আৰু চৈযদক খিলঞ্জীয়া মুছলমান হিচাপে অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰে ৷
গৰীয়া ,মৰীয়া , দেশী, জলাহ,আৰু চৈযদক খিলঞ্জীয়া মুছলমান হিচাপে অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰে ৷এই খবৰে সমগ্ৰ অসমৰ লগতে ধুবুৰী জিলা গৰীয়া-মৰীয়া দেশীও জনগোষ্ঠীয়ে উৎফুল্লিত হৈ পৰে ৷ আজি গৌৰীপুৰ পাৱলিক লাইব্ৰৰীত ধুবুৰী জিলা গৰীয়া মৰিয়া জনগোষ্ঠিয়ে এই সন্দৰ্ভত এখন সভা অনুষ্ঠিত কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷
দীৰ্ঘদিন ধৰি চলি থকা অন্দলোনৰ অৱসান ঘটাই অসম চৰকাৰে ৫ টা জনগোষ্ঠীক খিলঞ্জীয়া মুছলমান হিচাৱে স্বকৃতি প্ৰদান কৰাৰ বাৱে ধুবুৰী জিলা গৰীয়া মৰিয়া দেশী জনগোষ্ঠীয়ে অসম চৰকাৰক আশেষ ধন্যবাদ জনায় ৷
গোৱালপাৰা মহাবিদ্যালয় বিজ্ঞান শাখাৰ অট্টালিকা নিৰ্মাণত গাফিলটি ।।
২০১৪ চনৰ ১২ এপ্ৰিল মাহত ধুবুৰীৰ সাংসদ মোলনা বজুৰুদ্দিন আজমলে ১ কৌটি টকাৰ আধাৰ শিলা স্থাপন কৰে ।।
কিন্তু এটিয়াৰ লৈকে সম্পূৰ্ণ হৈ উঠা নাই অট্টালিকাটো কাম।। চাৰি বচৰত কেৱল নাম মাথোঁ কাম কৰি বাঁহ বাঁহ লোৱাৰ প্ৰচেষ্টা। জিলা প্ৰসাশনৰ পৰা আৰম্ভ কৰি জড়িত থকা সকলো বোৰ বিষয়া আৰু নেতা পালি নেতাৰ গাফিলটি কাৰণে আজিৰ লৈকে সম্পূৰ্ণ হৈ নুঠিল চাৰি বচৰত অট্টালিকাৰ কাম।।
গোৱালপাৰাত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত।
অসম আৰক্ষীৰ শিশুমিত্ৰ আঁচনিৰ অধীনত আৰক্ষীসকলৰ বাবে শক্তিশালী বিশেষ শিশু আৰক্ষী গোটৰ শুভ উদ্বোধনৰ বাবে উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান মহন্ত। গোৱালপাৰাৰ নটসূৰ্য ফণী শৰ্মা ভৱনত আয়োজিত এক অনুষ্ঠানত অসম আৰক্ষীৰ বাবে প্ৰতিখন থানাৰ বাবে শক্তিশালী বিশেষ শিশু আৰক্ষী গোটৰ প্ৰতিকীৰূপত শুভ উদ্বোধন কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত।বন্তি প্ৰজ্বলনৰ অন্তত প্ৰতীকিৰূপত ডিজিপি ভাস্কৰজ্যোতি মহন্তই শক্তিশালী বিশেষ শিশু আৰক্ষী গোটৰ শুভ উদ্বোধনৰ পাছতে দিয়া ভাষণত শিশু নিৰ্যাতনৰ ঘটনা ৰাষ্ট্ৰীয় পৰ্যায়ৰ তালিকাখনত অসমৰ স্থান সন্তোষজনক নহয় বুলি উল্লেখ কৰে।
জামুগুৰিহাটৰ সমিপবৰ্তী ডেলাইশ্ৰীত পুনৰ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী ।
চতিয়া আৰক্ষী বিষয়া শ্যামলজ্যোতি শইকীয়া আৰু ইটাখোলা আৰক্ষী বিষয়া ভাস্কৰজ্যোতি শইকীয়াৰ লগত যোৱা আৰক্ষী দলৰ সহযোগত গোপনসূত্ৰৰ পম খেদি ড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় ।
ইটাখোলা আৰক্ষী থানাৰ অন্তৰ্গত ডেলাইশ্ৰীত আটক কৰা হয় ড্ৰাগছ সৰবৰাহকাৰীক ।
আটক কৰা লোক দুজন হুলভ নেওগ আৰু কামা তুল্লা বুলি জানিব পৰা গৈছে ।
আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ১৫ টা কন্টেইনাৰত ২১ গ্ৰাম হিৰ’ইন জব্দ কৰা হয় ।
ইতিমধ্যে চতিয়া আৰক্ষীয়ে ধৃত লোক দুজনক অধিক তথ্যৰ বাবে সোধপোছ আৰম্ভ কৰিছে ।
জামুগুৰিহাটৰ সমিপবৰ্তী ডেলাইশ্ৰীত পুনৰ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী ।
চতিয়া আৰক্ষী বিষয়া শ্যামলজ্যোতি শইকীয়া আৰু ইটাখোলা আৰক্ষী বিষয়া ভাস্কৰজ্যোতি শইকীয়াৰ লগত যোৱা আৰক্ষী দলৰ সহযোগত গোপনসূত্ৰৰ পম খেদি ড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় ।
👉ইটাখোলা আৰক্ষী থানাৰ অন্তৰ্গত ডেলাইশ্ৰীত আটক কৰা হয় ড্ৰাগছ সৰবৰাহকাৰীক ।
👉আটক কৰা লোক দুজন হুলভ নেওগ আৰু কামা তুল্লা বুলি জানিব পৰা গৈছে ।
👉আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ১৫ টা কন্টেইনাৰত ২১ গ্ৰাম হিৰ’ইন জব্দ কৰা হয় ।
👉ইতিমধ্যে চতিয়া আৰক্ষীয়ে ধৃত লোক দুজনক অধিক তথ্যৰ বাবে সোধপোছ আৰম্ভ কৰিছে ।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ ১০টা স্থানৰ ভিতৰত ষষ্ঠ স্থান লাভ BITUPAN MEDHIক আজি সম্ভধনা দিয়া হয়।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ ১০টা স্থানৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰি গোৱালপাৰা জিলালৈ গৌৰৱ কঢ়িয়াই অনা ST.SEBASTIAN' SCHOOL, MATIAৰ ছাত্ৰ BITUPAN MEDHI ক গোৱালপাৰা চহৰৰ মাজমজিয়াত থকা ব্যক্তিগত খণ্ডৰ ছেভেন চিষ্টাৰ হস্পিতাৰ এণ্ড ৰেছাৰ্চ চেণ্টাৰ নামৰ চিকিৎসাললৈ পৰা আজি সম্ভধনা দিয়া হয়।
আলমগঞ্জৰ ডাইনামিক একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ফলাফল সন্তোষজনক।
উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত সাফল্য কঢ়িয়াই আনিছে আলমগঞ্জৰ ডাইনামিক একাডেমী নামৰ ব্যক্তিগত খণ্ডৰ চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়খনে।
এইবেলি ব্যক্তিগত খণ্ডৰ বিদ্যালয় খনৰ পৰা ৩৪গৰাকী ছাত্র ছাত্ৰীয়ে বৰকান্দা পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
পেট্ৰল পাম্পত কাম কৰি দ্ৰৰিদ্ৰ পৰিয়ালৰ লৰাই ৪টা লেটাৰ লৈ সুনাম অৰ্জন কৰিলে গোৱালপাৰাত
গোৱালপাৰা জিলাৰ এখন ভিতৰুৱা গাওঁৰ অতি দৰিদ্ৰ পৰিয়ালৰ মনোজ দাসে লাভ কৰিলে ৪ টা বিষয়ত লেটাৰ ।।
গোৱালপাৰাৰ শোলমাৰীৰ পেট্রোল পাম্পত কাম কৰি ঘৰখন পোহপাল দি ৭৯শতাংশ নম্বৰৰ লগতে ৪ টা বিষয়ত লেটাৰ সহ উৰ্ত্তীণ হয়।।
জানিব পৰা মতে মনোজ দাসে ঘৰখনত একমাত্র উপাৰ্জন কৰি লৰাজনে মাকক পোহপাল দিয়ে।।
#জামুগুৰিহাটত নাট্য মঞ্চস্থ কৃপাল কলিতাৰ কাব্যান্তৰৰ পদাতিক
ৰাজ্যখনৰ এগৰাকী স্বনামধন্য শিল্পী জামুগুৰিহাটৰ প্ৰয়াত লক্ষী বৰঠাকুৰ দেৱৰ স্মৃতি দিৱস উপলক্ষে ১৮ জুনৰ সন্ধিয়া জামুগুৰিহাটৰ বাপুজী ভৱন ৰঙ্গমঞ্চত নাৰায়ণপুৰৰ ‘মকুৱা— দ্য থিয়েটাৰ কালাৰ’ৰ শিল্পীসকলে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক কৃপাল কলিতাৰ পৰিচালনাৰে জামুগুৰিহাটৰ ‘ধ্বনি— দ্য থিয়েটাৰ চাউণ্ড’ৰ সহযোগত মঞ্চায়ন কৰে নাট্যকাৰ মৃণাল দত্তৰ ‘কাব্যান্তৰৰ পদাতিক’ নাটকখন৷
জামুগুৰিহাটত আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন ।
বানপানীত উত্তৰ মুঢ়াদল গাঁও পঞ্চায়তৰ ক্ষতিগ্ৰস্থ অঞ্চল পৰিদৰ্শন সভাপতি দিপক নেৱাৰ ।
নদুৱাৰৰ অন্তৰ্গত উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ অধিনৰ বহু পিছপৰা অঞ্চলত বানপানীত বেয়াকৈ ক্ষতিগ্ৰস্থ হোৱা কেইবাখনো গাঁৱত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নিৰ্দেশমৰ্মে পৰিদৰ্শন কৰে উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিপক নেৱাৰে ।