Mediahype Publication

Mediahype Publication We Publish & Distribute all types of books, including Fiction, nonfiction, school textbooks etc
(1)

We Provide following services * Book Publishing * Production Works including DTP, Editing * Compilation * Proofing * Translation * Distribution * Publicity * Book Review *Branding & Promotion etc.

প্ৰকাশ পালে 'পুৰণি অসমীয়া সাহিত্যৰ পটভূমি'-লেখকঃ ডঃ প্ৰফুল্ল কুমাৰ নাথ, অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়। এই কিতাপংখন মহা...
19/06/2024

প্ৰকাশ পালে 'পুৰণি অসমীয়া সাহিত্যৰ পটভূমি'-লেখকঃ ডঃ প্ৰফুল্ল কুমাৰ নাথ, অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়। এই কিতাপংখন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ স্নাতক, স্নাতকোত্তৰ আৰু পিএইছ ডি পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক অপৰিহাৰ্য প্ৰসংগ-পুথি।
আগ্ৰহীসকলে ঘৰতে পাবলৈ যোগাযোগ কৰকঃ ৭০০২০১৩৭৮৪

শীঘ্ৰেই প্ৰকাশ পাব নৱ প্ৰজন্মৰ প্ৰতিভাশালী লেখিকা আশ্ৰৱিকা বৰাৰ মনোৰম উপন্যাস 'নয়নতৰাৰ পৃথিৱী'ৰ সংশোধিত ষষ্ঠ প্ৰকাশ । যো...
18/06/2024

শীঘ্ৰেই প্ৰকাশ পাব নৱ প্ৰজন্মৰ প্ৰতিভাশালী লেখিকা আশ্ৰৱিকা বৰাৰ মনোৰম উপন্যাস 'নয়নতৰাৰ পৃথিৱী'ৰ সংশোধিত ষষ্ঠ প্ৰকাশ । যোগাযোগ কৰক ঘৰতে পাবলৈ ৭০০২০১৩৭৮৪

অমূল্য চক্ৰৱৰ্তী সোঁৱৰণী বঁটা প্ৰাপ্ত গ্ৰন্থখন
17/06/2024

অমূল্য চক্ৰৱৰ্তী সোঁৱৰণী বঁটা প্ৰাপ্ত গ্ৰন্থখন

২০২৩ বৰ্ষৰ অমূল্য কুমাৰ চক্ৰৱৰ্তী সোঁৱৰণী অনুবাদ সাহিত্য বঁটাপ্ৰাপ্ত "এজাক ফুলৰ ধুমুহা" ।

17/06/2024

অহা ৩ ফেব্ৰুৱাৰীত কবিৰ ওপজা দিনত প্ৰকাশ পাব

17/06/2024

This is the Assamese Translation of Proclaimed Urdu Writer Ismat Chugtai's 'Lifting the Veil'. This is translated from Md Asaduddin's English version of the book. প্ৰখ্যাত উৰ্দু লেখিকা ইছমত চুগতাইৰ Lifting the Veil নামৰ গ্ৰন...

17/06/2024

Lachit Borphukan was a famous Ahom Commander who cut the head of his own maternal uncle for irresponsibility towards duty. This is a novel based on the volent and dignified life of this great warrior. মহাবীৰ লাচিত বৰফুকনৰ মহান জীৱনৰ আধাৰ....

17/06/2024
অভিনন্দন কবি। https://www.facebook.com/share/5j8a2gzuCoKxm9U1/?mibextid=CTbP7E
17/06/2024

অভিনন্দন কবি।
https://www.facebook.com/share/5j8a2gzuCoKxm9U1/?mibextid=CTbP7E

বিশিষ্ট কবি আনিছ উজ জামানলৈ গণেশ গগৈ সোঁৱৰণী বঁটা
ষ্টাফ ৰিপ'ৰ্টাৰঃ
বিশিষ্ট কবি আনিছ উজ জামানলৈ ২০২৪ বৰ্ষৰ গণেশ গগৈ সোঁৱৰণী বঁটা আগবঢ়োৱা হৈছে। ৰাজ্য চৰকাৰে আগবঢ়োৱা এই বঁটা অহা ২০ জুনত কলাগুৰু বিষ্ণুৰাভা দিৱসৰ দিনা তেজপুৰত প্ৰদান কৰা হ'ব।
তেখেতৰ লগতে চৰকাৰে বিশিষ্ট সাহিত্যিক ডঃ কৰবী ডেকা হাজৰিকাক মামনি ৰয়চম গোস্বামী বঁটা, জয়ন্ত মাধৱ বৰাক চৈয়দ আব্দুল মালিক বঁটা, বিশিষ্ট সাহিত্যিক তৰেণ বড়োক আহমদ আলী বাঁশকান্দি বঁটা, জীৱেশ্বৰ মহনক ৰাঘৱ মৰান বঁটা, ডঃসুনীতা চাংকাকতিক চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা, বন্দনা দত্তক অমলপ্ৰভা দাস বঁটা আৰু বিশিষ্ট সংগীত শিল্পী শাশ্বতী ভট্টাচাৰ্যক গীতিকবি পাৰ্বতী প্ৰসাদ বঁটা প্ৰদান কৰিব।

We strive to connect ideas globally providing you one-Stop solutions. Feel free to connect us at 98642-04728/7002013784.
12/06/2024

We strive to connect ideas globally providing you one-Stop solutions. Feel free to connect us at 98642-04728/7002013784.

ভাল লাগে যে নতুন প্ৰজন্মৰ মাজত কিতাপৰ প্ৰতি আগ্ৰহ কমা নাই। আচলতে যিসকলে কিতাপ পঢ়ে, পঢ়িবই। এটা কথা সকলোৱে মনত ৰাখিব, কি...
12/06/2024

ভাল লাগে যে নতুন প্ৰজন্মৰ মাজত কিতাপৰ প্ৰতি আগ্ৰহ কমা নাই। আচলতে যিসকলে কিতাপ পঢ়ে, পঢ়িবই। এটা কথা সকলোৱে মনত ৰাখিব, কিতাপ লিখিবলৈ, ভাষণ দিবলৈ, জীৱনটো ভালদৰে জীয়াবলৈ কিতাপ পঢ়াৰ গত্যন্তৰ নাই। কিতাপ পঢ়িলেহে আপুনি জ্ঞানৰ অধিকাৰী হ'ব পাৰিব।
আকৰ্ষনীয় ৰেহাই মূল্যত আমাৰ পৰা যিকোনো কিতাপ সংগ্ৰহ কৰিব খুজিলে হোৱাটছআপ কৰকঃ ৯৮৬৪২-০৪৭২৮

এনেদৰে কোনোবা গুণগ্ৰাহী পাঠক অথবা লেখকৰ হাতত আমি প্ৰকাশ কৰা গ্ৰন্থ দেখিলে আনন্দ বাৰু নালাগিবনে? ধন্যবাদ  Khaund, আপুনি "...
10/06/2024

এনেদৰে কোনোবা গুণগ্ৰাহী পাঠক অথবা লেখকৰ হাতত আমি প্ৰকাশ কৰা গ্ৰন্থ দেখিলে আনন্দ বাৰু নালাগিবনে? ধন্যবাদ Khaund, আপুনি "বাক অনুবাক"খনক তুলি ধৰাৰ বাবে।

কিতাপখন এতিয়া আমাজনতো উপলব্ধ। তাৰ লিঙ্কটো তলত দিয়া হৈছে। পাণবজাৰৰ বৰ্ণ, বান্ধব আৰু আছাম বুক ট্ৰাষ্টৰ বিপণীতো কিতাপখন পাব...
06/06/2024

কিতাপখন এতিয়া আমাজনতো উপলব্ধ। তাৰ লিঙ্কটো তলত দিয়া হৈছে। পাণবজাৰৰ বৰ্ণ, বান্ধব আৰু আছাম বুক ট্ৰাষ্টৰ বিপণীতো কিতাপখন পাব। The book is now available in Panbazar book stalls of Barna, Bandhav and Assam Book Trust. It is also available in amazon. The link is

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে বহুতো পণ্ডিতে আগবঢ়োৱা ব্যাখ্যাক ভুল প্ৰতিপন্ন কৰি এই গ্ৰন্থত বহুতো ঐতিহাসিক ...

‘শ্বেইকছপীয়াৰৰ কাহিনী’হাতী মাৰি ভুৰুকাত ভৰোৱাক লৈ আমি সৰু কালতে এটা বৰ আমোদজনক কাহিনী পঢ়িছিলো। এবাৰ হেনো কোচৰজা নৰনাৰায...
01/06/2024

‘শ্বেইকছপীয়াৰৰ কাহিনী’

হাতী মাৰি ভুৰুকাত ভৰোৱাক লৈ আমি সৰু কালতে এটা বৰ আমোদজনক কাহিনী পঢ়িছিলো। এবাৰ হেনো কোচৰজা নৰনাৰায়ণে মহাপুৰুষজনাৰ পৰা ভাগৱত শুনি আছিল তেনেতে ৰজাই সভাত উপস্থিত পণ্ডিতসকলক পুথিখনি একেদিনাই পঢ়িব পৰাকৈ মহাভাগৱতৰ শাস্ত্ৰভাগ লিখি উলিয়াবলৈ আহ্বান জনালে। বাকীসকলে এই কাম সম্ভৱ নহ'ব বুলি কোৱাৰ বিপৰীতে গুৰুজনাই চেষ্টা কৰি চাব পৰা যাব বুলি ক’লে। তেওঁ ৰাতিটোৰ ভিতৰতে ১ ইঞ্চি × ২ ইঞ্চি জোখত সাঁচিপাতত ছয় আখৰীয়া কুসুমমালা ছন্দত ভাগৱতৰ সাৰ কথা ৰচনা কৰি গুণমালা নাম দি ৰজাক পিছদিনা ৰাজসভাত প্ৰদান কৰিলে। এই কাৰ্য্যক ভুৰুকাত হাতী ভৰোৱাৰ দৰে বুলি কোৱা হৈছিল। ইমান ক্ষুদ্ৰ পুথিখনত ভগৱান কৃষ্ণৰ সকলো গুণ মাহাত্ম্য দাঙি ধৰাটো সাধাৰণ কথা নহয়। ৰাজসভাত থকা আটাইবোৰ লোক গুৰুজনাৰ এনে ঐশ্বৰিক প্ৰতিভা দেখি আচৰিত হৈছিল।
এই কথাটো আচলতে মই আন এটা প্ৰসংগতহে উত্থাপন কৰিলো। গুৰুজনাৰ কথাটো মই কেৱল উদাহৰণ হিচাপেহে ইয়াত দাঙি ধৰিছো।
শ্বেইকছপীয়াৰৰ দৰে এগৰাকী সাহিত্যিকৰ মহৎ সৃষ্টিসমূহ তেনেই নিৰহ নিপানি কৰি সাধাৰণ পাঠকৰ বাবে দাঙি ধৰাটো সহজ কথা নহয়। আটাইতকৈ ডাঙৰ কথা সেই কামটো কৰিবলৈ সাহস গোটোৱাটো।
শেহতীয়াকৈ যেতিয়া ড০ গোৱিন্দ প্ৰসাদ শৰ্মা ছাৰৰ ‘শ্বেইকছপীয়াৰৰ কাহিনী’খন হাতত পৰিলহি তেতিয়া মোৰ মনলৈকো ঠিক হাতী মাৰি ভুৰুকাত ভৰোৱাৰ কথাটোৱেই আহিল।
ইংৰাজী সাহিত্য পঢ়াৰ সময়ত মই ড০ গোৱিন্দ প্ৰসাদ শৰ্মা ছাৰৰ ছাত্ৰী আছিলো। ছাৰে শ্ৰেণীকোঠাতো সহজ ভাৱে তেনেই ঘৰুৱা ভাষাত কাহিনীবোৰ উপস্থাপন কৰিছিল। সাধু কথাৰ দৰে কাহিনীবোৰ শুনোতে মোৰ মাজে মাজে টোপনিৰ ভাৱো আহিছিল।
খুব কিতাপ পঢ়া বুলি ডাংকোপ মৰা এগৰাকী মহিলাক হেনো এবাৰ সোধা হৈছিল, তেওঁ ৰোমিও-জুলিয়েট পঢ়িছেনে নাই। তেতিয়া তেওঁ হেনো উত্তৰ দিছিল যে তেওঁ ৰোমিওখন পঢ়িছে, জুলিয়েটখনহে পঢ়া নাই। এই মহিলাৰ কথাৰেই ড০ গোৱিন্দ প্ৰসাদ শৰ্মাছাৰে তেওঁৰ শ্বেইকছপীয়াৰৰ কাহিনীৰ পাতনি মেলিছে।
প্ৰত্যেক লোকেই হয়তো ৰোমিও জুলিয়েটৰ বিষয়ে শুনিছে, কিন্তু গ্ৰন্থখন পঢ়া নাই বা প্ৰকৃত কাহিনীটো কি নাজানে।
‘শ্বেইকছপীয়াৰৰ কাহিনী’ত শ্বেইকছপীয়াৰৰ ১৩খন নাটৰ কাহিনী সন্নিবিষ্ট কৰা হৈছে। প্ৰত্যেক কাহিনী শৰ্মা ছাৰে নিজৰ ভাষাত বৰ্ণনা কৰি গৈছে। কাহিনীবোৰক নাটৰ সাৰাংশ বুলিব নোৱাৰি। ঠিক শ্ৰেণীকোঠাত কোৱাৰ দৰে তেওঁ তৃতীয় পুৰুষত কাহিনীবোৰ কৈ গৈছে। এক সাৱলীল গতিত কথনশৈলীৰ মধুৰতাৰে কাহিনীবোৰ গৈ আছে। অথেলো, হেমলেট, জুলিয়াচ চীজাৰ, ৰজা লীয়াৰ... ভুৰুকাত হাতী সোমাই গৈ আছে এইদৰে।
ইংৰাজী সাহিত্য পঢ়াৰ বাবে বুজিব পাৰিছো যে ইমান সৰল ভাষাত বিশ্ব বন্দিত এগৰাকী সাহিত্যিকৰ মহান কৰ্মৰাজিক এনেদৰে উপস্থাপন কৰাটো এক অসাধাৰাণ কাৰ্য ।
পাতনিত তেওঁ নিজেই কৈছে শ্বেইকছপীয়াৰ নহ’লেচোন পৃথিৱীৰ যি মনোমোহা ৰূপ সি আধা-আধিয়েই নাইকিয়া হৈ গ’লহেঁতেন। সেই মনোমোহা কাহিনীক সামৰি একে বহাতে পঢ়ি শেষ কৰিব পৰাকৈ এখন গ্ৰন্থ লিখি উলিওৱাটো তেওঁৰ দৰে এগৰাকী পণ্ডিত ব্যক্তিৰ দ্বাৰাহে সম্ভৱ।

✍️দিতিমণি গগৈ
৩০ মে, ২০২৪

Publisher
Pragya Mediahype
Uzanbazar, HC Road, H.N. 2
WhatsApp at 7002013784
Email: [email protected]

প্ৰখ্যাত নাট্যকাৰ শ্বেইক্ ছ্পীয়াৰৰ প্ৰখ্যাত নাটকসমূহ চিৰন্তন মানুহৰ কৌতূহলৰ বিষয়। সেই নাটকসমূহৰ কেইখনমানৰ কাহিনী সহজ-সৰল...
28/05/2024

প্ৰখ্যাত নাট্যকাৰ শ্বেইক্ ছ্পীয়াৰৰ প্ৰখ্যাত নাটকসমূহ চিৰন্তন মানুহৰ কৌতূহলৰ বিষয়। সেই নাটকসমূহৰ কেইখনমানৰ কাহিনী সহজ-সৰল ভাষাত লিখি অসমৰ পাঠকসমাজলৈ আগবঢ়াই দিছে বিশিষ্ট সাহিত্যিক, অধ্যাপক ডঃ গোৱিন্দ প্ৰসাদ শৰ্মাই।
আমি প্ৰকাশ কৰা কিতাপখন সংগ্ৰহ কৰিবলৈ যোগাযোগ কৰক।
070020 13784

আমাৰ গ্ৰন্থসমূহ আপুনি ঘৰতে পাব পাৰে:১০০০ টকাৰ কিতাপ কিনক ২০ শতাংশ ৰেহাই লওঁক।ডাক খৰচ সুকীয়া।
23/05/2024

আমাৰ গ্ৰন্থসমূহ আপুনি ঘৰতে পাব পাৰে:
১০০০ টকাৰ কিতাপ কিনক ২০ শতাংশ ৰেহাই লওঁক।
ডাক খৰচ সুকীয়া।

17/05/2024

শীঘ্ৰেই নতুন প্ৰকাশৰ মুখ দেখিবঃ ডঃ সঞ্জীৱ কুমাৰ বৰকাকতীৰ 'শংকৰেদৱ অধ্যয়নত বিসংগতি' নামৰ এখন আলোড়ণকাৰী আৰু বিতৰ্কিত গ্ৰন্থই।
মহাপুৰুষজনাৰ সন্দৰ্ভত এই গ্ৰন্থখনে বহুতৰ চকু মুকলি কৰিব বুলি আমাৰ বিশ্বাস।
The cover is not final....It will be modified.

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিকেবি হলত অসমীয়া বিভাগৰ ৰজত জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত গ্ৰন্থমেলাত আমি...১০ আৰু ১১ মে,২০২৪
10/05/2024

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিকেবি হলত অসমীয়া বিভাগৰ ৰজত জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত গ্ৰন্থমেলাত আমি...
১০ আৰু ১১ মে,২০২৪

আজি আহি পালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ প্ৰফুল্ল কুমাৰ নাথৰ আমি প্ৰকাশ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অ...
09/05/2024

আজি আহি পালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ প্ৰফুল্ল কুমাৰ নাথৰ আমি প্ৰকাশ কৰা
ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অপৰিহাৰ্য দুখন গ্ৰন্থঃ
১. শ্ৰীমন্ত শংকৰদেৱ, (₹২৫০) আৰু
২. পুৰণি অসমীয়া সাহিত্যৰ পটভূমি, (₹৩০০)
অনানুষ্ঠানিকভাৱে আমাৰ কাৰ্যালয়ত (ফেচবুকৰ বাবে) আজি মুকলি কৰা হ'ল।
কিতাপ দুখন শীঘ্ৰেই এমাজনত এৰি দিয়া হ'ব। লগতে আমাৰ পৰা পোণপটীয়াকৈও সংগ্ৰহ কৰিব পাৰে। যোগাযোগঃ 070020 13784

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত শুকুৰবাৰে কিতাপদুখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ব।

An exceptional book by Dr Mitalee Dutta.
01/05/2024

An exceptional book by Dr Mitalee Dutta.

Its a Collection of poems in Assamese and Bengali written by Dr Mitalee Dutta.

'অই ঝেলো মাছ মাৰিবা যাংচ': বিনীতা ৰাভা                   'অই  ঝেলো মাছ মাৰিবা যাংচ' বিনীতা ৰাভাৰ ৰছতা গল্পৰ একক সংকলন । ...
30/04/2024

'অই ঝেলো মাছ মাৰিবা যাংচ'
: বিনীতা ৰাভা
'অই ঝেলো মাছ মাৰিবা যাংচ' বিনীতা ৰাভাৰ ৰছতা গল্পৰ একক সংকলন । লিখাৰ বাবে তেঁও বাছি লৈছে তাহানিতে এৰি থৈ অহা তেঁওৰ চিনাকী সমাজখন, সেইখন সমাজ ক'বলৈ গ'লে অসমীয়া জনজাতীয় ৰাভা সমাজ । লেখিকাই প্ৰায় প্ৰতিটো গল্পতে ৰাভা ভাষাৰ কিছুমান আপোন হৈ পৰিব বিচৰা ফকৰা যোজনা, প্ৰবচন, ডেকা-গাভৰুৰ ইংগীত ধৰ্মী পণয় গীত-মাত সুযোগ পালেই ব্যৱহাৰ কৰিছে, ঠায়ে ঠায়ে কিছুমান চুটি বাক্যৰ প্ৰয়োগো বুদ্ধিদীপ্ত । তেঁওৰ প্ৰতিটো গল্পতে সম্ভৱপৰ ক্ষেত্ৰত কিছুমান শুৱলা ৰাভা শব্দ উদ্দেশ্যপূৰ্ণ ভাৱে উলিয়াই আনিবলৈ চেষ্টা কৰিছে , যিবোৰে নেকি অসমীয়া বহুভাষিক আভিধানত নিঃসন্দেহে স্থান পাব পাৰে ।

' চৈতালি বৰষুণজাক' বিশ্ববিদ্যালয়ৰ চৌহদ আধাৰিত উপন্যাস যদিও ইয়াত প্ৰচলিত ধাৰাৰ বিপৰীতে নতুনত্বৰ আভাস আছে । যৌৱনৰ চুবুৰিত ...
30/04/2024

' চৈতালি বৰষুণজাক' বিশ্ববিদ্যালয়ৰ চৌহদ আধাৰিত উপন্যাস যদিও ইয়াত প্ৰচলিত ধাৰাৰ বিপৰীতে নতুনত্বৰ আভাস আছে । যৌৱনৰ চুবুৰিত প্ৰেম অৱধাৰিত । বন্ধুত্বৰ সৈতে হাতে হাত ধৰি খোজ দিছে প্ৰেমে । কিন্তু এই মহাজীৱনত প্ৰেমেই সৰ্বস্ব নহয় । জীৱনক প্লাৱিত কৰা অনেক মানৱীয় অনুভূতি সহমৰ্মীতা, সহযোগিতা, প্ৰতিযোগিতা ইত্যাদি দিশত সমানেই আলোকপাত কৰা হৈছে । উচ্চশিক্ষা গ্ৰহণ কৰিবলৈ আহি পোন-প্ৰথমবাৰৰ বাবে হোষ্টেল জীৱনৰ অংশীদাৰ হোৱা সকলৰ মানসিক যান্ত্ৰনা, বিষণ্ণতা আৰু ধীৰে ধীৰে এই জীৱনৰ সৈতে বিলীন হোৱাৰ প্ৰচেষ্টাক তুলি ধৰা হৈছে এনেদৰে - "একৈশটা বসন্ত গৰকি অহা এটা জীৱন উকা ন'টবুক হৈ নাথাকে‌ । তাত ইতিমধ্যে লিখা হৈছে অনেক চৰিত্ৰ। এতিয়া পুনৰ লিখিবলৈ যাওঁতে কিছু অসুবিধাৰ সন্মুখীন হোৱাটো স্বাভাৱিক ।"
বিশ্ববিদ্যালয় জীৱনে হঠাৎ আনিদিয়া অবাধ স্বাধীনতা আৰু ইয়াৰ সদ্-ব্যৱহাৰৰ দিশটোও উপস্থাপন হৈছে। এটি চৰিত্ৰৰ অপমৃত্যুৱে এক আকস্মিক আঘাটৰ লগতে মনত কৌতুহলৰ সঞ্চাৰ কৰে ।
প্ৰকৃতাৰ্থত বিশ্ববিদ্যালয় জীৱনে শিকোৱা মানবীয়তা, বন্ধুত্ব আৰু জীৱনমুখিতাৰ মন্ত্ৰকেই সামগ্ৰিকভাৱে উপস্থাপন কৰা হৈছে উপন্যাসখনত ।

: লাঁ-লেৎ : অমিয় কুমাৰ দাস                             অসমীয়া জাতীয় জীৱনৰ বীৰ চৰিত্ৰ সেনাপতি লাচিত বৰফুকনৰ জীৱনভিত্তিক উ...
24/04/2024

: লাঁ-লেৎ
: অমিয় কুমাৰ দাস

অসমীয়া জাতীয় জীৱনৰ বীৰ চৰিত্ৰ সেনাপতি লাচিত বৰফুকনৰ জীৱনভিত্তিক উপন্যাস লাঁ-লেৎ । লাঁ-লেৎ ৰ পৰা লাচিতলৈ উত্তৰণৰ এই সময়ছোৱাত অসমৰ জাতীয় জীৱনৰ যি সামাজিক, ৰাজনৈতিক পৰিক্ৰমা, ধৰ্মীয় আৰু সাংস্কৃতিক এক দোদুল্যমান অৱস্থা, যি অৱস্থাই লাচিতৰ দৰে বীৰ চৰিত্ৰৰ সৃষ্টিত সহায় কৰিছিল । অসমৰ জাতীয় আৱেগৰ সমষ্ট দিশসমূহ উপন্যাসিক উপস্থাপন কৰা হৈছে লাঁ-লেৎ ত ।

অৰিহণা- ২৮০

: কেনেকৈ শিকিম আৰু শিকাম : ডঃ যুগল বৰা                          'কেনেকৈ শিকিম আৰু শিকাম' পুথিখনি প্ৰধানকৈ বিদ্যালয় শিক্ষ...
24/04/2024

: কেনেকৈ শিকিম আৰু শিকাম
: ডঃ যুগল বৰা

'কেনেকৈ শিকিম আৰু শিকাম' পুথিখনি প্ৰধানকৈ বিদ্যালয় শিক্ষাৰ লগত জড়িত । ইয়াত মূলতঃ শিক্ষাৰ্থীসকলৰ প্ৰতি জ্ঞান আহৰণৰ ক্ষেত্ৰত Hard study ৰ পৰিৱৰ্তে Smart study কৰাৰ উপৰিও অধ্যয়নৰ মূল নীতি সমূহ মানি চলাৰ পৰামৰ্শ দিয়া হৈছে । শিক্ষাৰ মাধ্যম কি হোৱা উচিত আৰু বৰ্তমানৰ পৰীক্ষা পদ্ধতিৰ লগত শিক্ষাৰ্থীসকল কেনেদৰে অভিযোজিত হ'ব লাগিব সেই বিষয়ে অভিভাৱক সকলৰ সজাগতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।

অৰিহণা: ১৭০

Address

Ground Floor, H. N. 2, Hem Chandra Baruah Road, Uzan Bazar
Guwahati
781001

Opening Hours

Monday 10am - 6pm
Tuesday 10am - 6pm
Wednesday 10am - 6pm
Thursday 10am - 6pm
Friday 10am - 6pm
Saturday 10am - 6pm

Telephone

+917002013784

Alerts

Be the first to know and let us send you an email when Mediahype Publication posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Mediahype Publication:

Videos

Share

Category