05/06/2022
🌎ৰেড এলাৰ্ত : একমাত্ৰ এখনেই পৃথিৱী🌎
ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী (ইউএনইপি)ৰ "প্ৰকৃতিৰ সৈতে শান্তি স্থাপন"শীৰ্ষক ২০২১চনৰ এক প্ৰতিবেদনে ‘পৰিৱেশ সম্পৰ্কীয় তিনিটা জৰুৰীকালীন বিষয়: জলবায়ু, জৈৱ বৈচিত্ৰ্যৰ ক্ষয় আৰু প্ৰদূষণ’ৰ ওপৰত আলোকপাত কৰিছে। আমি নিজেই চপাই লোৱা সমগ্ৰ পৃথিৱীৰ এই তিনিটা সংকটে বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ প্ৰতি অপ্ৰত্যাশিত ভাবুকি সৃষ্টি কৰিছে বুলি ইউএনইপিয়ে কৈছে। l
🔴পৰিৱেশ ধ্বংসৰ পৰিসৰ কিমান?🔴
এক আতংকজনক হাৰত পৰিৱেশতন্ত্ৰৰ অৱনতি ঘটিছে। ২০১৯ চনৰ পৰা জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশতন্ত্ৰ সেৱাৰ আন্তঃচৰকাৰী বিজ্ঞান-নীতিৰ মঞ্চ(আই পি বি ই এছ)ৰ প্ৰতিবেদনে ধ্বংসৰ পৰিসৰৰ কেইটামান চিন্তনীয় উদাহৰণ আগবঢ়াইছে:
১) আনুমানিক মুঠ আঠ মিলিয়ন প্ৰজাতিৰ উদ্ভিদ আৰু জীৱ-জন্তুৰ এক মিলিয়ন বিলুপ্তিৰ মুখত।
২) মানৱীয় কাৰ্য্যই ১৫০০ চনৰ পৰা কমেও ৬৮০ টা মেৰুদণ্ডী প্ৰাণীক বিলুপ্তিলৈ ঠেলি দিছে আৰু বিশ্বৰ মেৰুদণ্ডী প্ৰজাতিৰ জনসংখ্যা যোৱা ৫০ বছৰত ৬৮% হ্ৰাস পাইছে।
৩)বনৰীয়া পোক-পৰুৱাৰ প্ৰাচুৰ্য্য ৫০% হ্ৰাস পাইছে।
৪)খাদ্য আৰু কৃষিৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন প্ৰজাতিৰ পোহনীয়া স্তন্যপায়ী ৯% তকৈ অধিক ২০১৬ চনলৈকে বিলুপ্ত হৈছিল, বৰ্তমান আৰু হাজাৰ প্ৰজাতি বিলুপ্তিৰ সন্মুখীন হৈছে।
পৰিৱেশতন্ত্ৰৰ অৱক্ষয় পুঁজিবাদৰ দ্বাৰা ত্বৰান্বিত হয়। পুঁজিবাদে প্ৰদূষণ আৰু আৱৰ্জনা, বনাঞ্চল ধ্বংস, ভূমি ব্যৱহাৰৰ পৰিৱৰ্তন আৰু অধিক মাত্ৰাত ব্যৱহাৰ , আৰু কাৰ্বন-চালিত শক্তি ব্যৱস্থাৰ তীব্ৰতা বৃদ্ধি কৰে। উদাহৰণস্বৰূপে, জলবায়ু পৰিৱৰ্তন আৰু ভূমিৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় চৰকাৰী পেনেলৰ 'জলবায়ু পৰিৱৰ্তন আৰু ভূমিৰ প্ৰতিবেদন'-এ লক্ষ্য কৰিছে যে পৃথিৱীৰ বেছিভাগ জলাশয়ৰ অৱস্থা ইমানেই শোচনীয় যে সেইসমূহক উদ্ধাৰ কৰাৰ সম্ভাৱনা নাই আৰু মাত্ৰ ১৫% জলাশয়হে সুৰক্ষিত অৱস্থাত আছে । ২০২০ চনত ইউএনইপিয়ে মুকলি কৰা প্ৰতিবেদন অনুসৰি ২০১৪ চনৰ পৰা ২০১৭ চনলৈকে, প্ৰবাল প্ৰাচীৰসমূহ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। উষ্ণতা অধিক বৃদ্ধিৰ লগে লগে প্ৰবাল প্ৰাচীৰবোৰ ভয়ংকৰভাৱে হ্ৰাস পাব। যদি গোলকীয় উষ্ণতা ১.৫ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পায়, তেন্তে মাত্ৰ ১০-৩০% প্রবাল প্ৰাচীৰ থাকিব, আৰু যদি গোলকীয় উষ্ণতা ২ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পায়, তেন্তে ১%তকৈও কম হ'ব।
বৰ্তমানৰ পৰিস্থিতি পৰিবতৰ্ন নহ'লে ২০৩৫ চনৰ ভিতৰত আৰ্কটিক মহাসাগৰ বৰফশূণ্য হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আৰ্কটিক পৰিৱেশতন্ত্ৰ আৰু সাগৰৰ সোঁতৰ প্ৰচলন দুয়োটা বিঘ্নিত হ'ব আৰু সম্ভৱতঃ সমগ্ৰ বিশ্বৰ লগতে স্থানীয় জলবায়ু আৰু বতৰৰ পৰিৱৰ্তন ঘটাব। আৰ্কটিক বৰফৰ আৱৰণৰ এই পৰিৱৰ্তনলৈ লক্ষ্য ৰাখি পৃথিৱীৰ উন্নত দেশসমূহে ইতিমধ্যে অঞ্চলটোত সামৰিক আধিপত্য আৰু তাত থকা মূল্যৱান খনিজ সম্পদ আৰু শক্তিৰ উৎসৰ ওপৰত নিয়ন্ত্ৰণৰ প্ৰতিযোগিতাত নামিছে আৰু ইয়ে পৰিৱেশ ধ্বংসৰ দুৱাৰখন আৰু অধিক মুকলি কৰি দিছে। ২০২১ চনৰ জানুৱাৰী মাহত "আৰ্কটিকত পুনৰ আধিপত্য স্থাপন" শীৰ্ষক এখন গৱেষণা পত্ৰত আমেৰিকাৰ সেনাই আৰ্কটিকক ‘প্ৰতিযোগিতাৰ এক ক্ষেত্ৰ, সংঘাত চলিলে আক্ৰমণৰ ৰেখা, আমাৰ দেশৰ বহুতো প্ৰাকৃতিক সম্পদ থকা এটা গুৰুত্বপূৰ্ণ অঞ্চল, আৰু শক্তি প্ৰদৰ্শনৰ এক বিশ্বমঞ্চ' হিচাপে বৰ্ণনা কৰিছিল।
সাগৰৰ উষ্ণতা বৃদ্ধি হোৱাৰ লগতে তেজস্ক্রিয় আৱর্জনাসমূহৰ উপৰি প্ৰতি বছৰে ৪০ কোটি টন গধুৰ ধাতু, দ্রাৱক, আৰু বিষাক্ত বোকা আৰু অন্য ঔদ্যোগিক আৱৰ্জনা সাগৰত পেলোৱা হয়৷ এয়া হৈছে আটাইতকৈ বিপজ্জনক আৱৰ্জনা, কিন্তু ই সাগৰত পেলোৱা মুঠ আৱৰ্জনাবোৰৰ এটা ক্ষুদ্ৰ অংশহে। সাগৰত লাখ লাখ টন প্লাষ্টিক আৱৰ্জনাও আছে। ২০১৬ চনৰ এটা অধ্যয়ন অনুসৰি ২০৫০ চনলৈকে, সম্ভৱতঃ সাগৰত মাছতকৈ ওজন অনুপাতত অধিক প্লাষ্টিকহে থাকিব।
সাগৰত সৃষ্টি হোৱা কিছুমান ঘূৰ্ণীবতাহত প্লাষ্টিক জমা হয়। ইয়াৰে এটা হ’ল 'প্ৰশান্ত মহাসাগৰীয় জাবৰৰ অঞ্চল' । ১৬ লাখ বৰ্গ কিলোমিটাৰ(ইৰাণৰ আকাৰ প্ৰায়) ত ঘনীভূত অঞ্চলটোত ৭৯হাজাৰ টন প্লাষ্টিক ভাঁহি থাকে। সূৰ্য্যৰ পৰা অহা অতিবেঙুনীয়া পোহৰে ধ্বংসাৱশেষবোৰক ‘মাইক্ৰ’প্লাষ্টিক’লৈ ৰূপান্তৰ কৰে, যিটো পৰিষ্কাৰ কৰিব নোৱাৰি, আৰু যিয়ে খাদ্য শৃংখলত ব্যাঘাত জন্মায় আৰু জীৱজন্তুৰ বাসস্থান ধাংস কৰে। নদী আৰু অন্যান্য মিঠা পানীৰ উৎসত ঔদ্যোগিক আৱৰ্জনা পেলোৱাৰ ফলত বছৰি কমেও ১৪ লাখ লোকৰ মৃত্যু হয়। মৃত্যু হোৱা লোকসকলৰ হোৱা ৰোগ প্ৰতিৰোধমূলক ৰোগ যিসমূহ প্ৰদূষিত খোৱাপানীৰ সৈতে জড়িত।
পানীত থকা আৱৰ্জনাৰ পৰিমাণ প্ৰায় বছৰি ২.০১ বিলিয়ন টন আৰু এয়া মানুহে উৎপন্ন কৰা আৱৰ্জনাবোৰৰ এটা অংশহে।এই আৱৰ্জনাসমূহৰ মাত্ৰ ১৩.৫% পুনঃব্যৱহাৰ কৰা হয়, আনহাতে মাত্ৰ ৫.৫%হে পচন হয়; বাকী ৮১% লেণ্ডফিলত পেলাই দিয়া হয়, জ্বলাই দিয়া হয় (যিটোৱে সেউজগৃহ আৰু অন্যান্য বিষাক্ত গেছ নিৰ্গত কৰে), বা সাগৰত পেলাই দিয়া হয়। বৰ্তমানৰ আৱৰ্জনা উৎপাদনৰ হাৰত ২০৫০ চনৰ ভিতৰত এই সংখ্যা ৭০% বৃদ্ধি হৈ ৩.৪ বিলিয়ন টন হোৱাৰ সম্ভাৱনা আছে।
কোনো অধ্যয়নতে প্ৰদূষণৰ হ্ৰাস হোৱা দেখা হোৱা নাই। ইয়াত আৱৰ্জনা উৎপাদন, বা উষ্ণতা বৃদ্ধিৰ গতিও অন্তৰ্ভুক্ত। উদাহৰণস্বৰূপে, ইউএনইপিৰ 'নিৰ্গমনৰ ব্যৱধানৰ প্ৰতিবেদন(ডিচেম্বৰ ২০২০)'এ দেখুৱাইছে যে বৰ্তমানৰ নিৰ্গমনৰ হাৰত ২১০০চনলৈ বিশ্বখন প্ৰাক-ঔদ্যোগিক স্তৰৰ তুলনাত কমেও ৩.২ ডিগ্ৰী চেলছিয়াছৰ ওপৰত উষ্ণতা বৃদ্ধি পাব। এই সংখ্যা পেৰিছ চুক্তি নিৰ্ধাৰণ কৰা ১.৫°-২.০°চেলচিয়াছত কৈ বেছি। গোলকীয় উষ্ণতা আৰু পৰিৱেশৰ অৱক্ষয় ইটো আনটোৰ পৰিপূৰক
২০১০ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ভূমিৰ অৱক্ষয় আৰু ৰূপান্তৰ – বনাঞ্চল ধ্বংস আৰু খেতি কৰা মাটিত মাটিৰ কাৰ্বন হেৰুৱাকে ধৰি – আদিয়ে এক চতুৰ্থাংশ সেউজ গৃহ গেছৰ নিৰ্গমনত অৰিহণা যোগাইছিল আৰু জলবায়ু পৰিৱৰ্তনে মৰুভূমিকৰণ কৰাৰ লগতে মাটিৰ পুষ্টিৰ চক্ৰত ব্যাঘাত জন্মাইছিল।
🔴সাধাৰণ আৰু পৃথক দায়িত্ব কি কি?🔴
১৯৯২ চনৰ ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন সন্মিলনত উপনীত হোৱা ঘোষণাপত্ৰৰ সপ্তম নীতিত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে সহমতত উপনীত হোৱা ‘সাধাৰণ কিন্তু পৃথক দায়িত্ব’ অনুসৰি সকলো দেশে নিৰ্গমন হ্ৰাস কৰাৰ বাবে কিছুমান ‘সাধাৰণ’ দায়িত্ব গ্ৰহণ কৰাটো প্ৰয়োজন, কিন্তু উন্নত দেশসমূহে অধিক পৃথক বা ভিন্ন দায়িত্ব বহন কৰে যিহেতু জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত মুঠ গোলকীয় নিৰ্গমনৰ ক্ষেত্ৰত তেওঁলোকৰ অংশীদাৰীত্ব ঐতিহাসিকভাৱে বেছি। কাৰ্বন ডাই অক্সাইড তথ্য বিশ্লেষণ কেন্দ্ৰৰ গ্ল'বেল কাৰ্বন প্ৰকল্প অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে ১৭৫০ চনৰ পৰা কাৰ্বন ডাই অক্সাইড নিৰ্গমনৰ আটাইতকৈ ডাঙৰ উৎস। ঐতিহসিকভাৱে উপনিবেশ স্থাপন কৰা দেশসমূহ বিশেষকৈ ইউৰোপীয় ৰাষ্ট্ৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে কাৰ্বন নিৰ্গমনৰ মূল হোতা ।১৮ শতিকাৰ পৰা এই দেশসমূহে কেৱল বায়ুমণ্ডললৈ কাৰ্বনৰ মূল অংশ নিৰ্গত কৰাই নহয়, তেওঁলোকৰ জনসংখ্যাৰ অনুপাতে বিশ্বৰ কাৰ্বন বাজেটত যোগ কৰা গ্ৰহণযোগ্য অংশকো অতিক্ৰম কৰি আহিছে। অন্যহাতে জলবায়ুৰ বিপৰ্যয় সৃষ্টিৰ বাবে কমকৈ দায়ী হোৱা দেশসমূহে – যেনে সৰু দ্বীপ ৰাষ্ট্ৰসমূহ ইয়াৰ ভয়ানক পৰিণতিৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা দেশ।
ঔপনিৱেশিক শক্তিৰে প্ৰাকৃতিক সম্পদৰ লুণ্ঠন আৰু লুটপাত কৰি ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ দেশসমূহে কয়লা আৰু হাইড্ৰ’কাৰ্বনৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা সস্তীয়া শক্তিৰে নিজৰ জনসংখ্যাৰ উন্নয়ন সাধন কৰিবলৈ সক্ষম হ'ল । আজিৰ তাৰিখত ইউৰোপীয় (৭৪৭ মিলিয়ন লোক) আৰু ভাৰতীয় (১.৩৮ বিলিয়ন ) সাধাৰণ লোকৰ জীৱনধাৰণৰ মানদণ্ডৰ মাজৰ চৰম বৈষম্যও এক শতিকাৰ আগৰ দৰেই গম্ভীৰ। চীন, ভাৰত আৰু অন্যান্য উন্নয়নশীল দেশসমূহে কাৰ্বন, বিশেষকৈ কয়লাৰ ওপৰত সাংঘটিকভাৱে নিৰ্ভৰশীল হোৱাটো সঁচা; কিন্তু চীন আৰু ভাৰতৰ দ্বাৰা শেহতীয়াকৈ কাৰ্বন ব্যৱহাৰ কৰাৰ পৰিমান আমেৰিকাৰ তুলনাত বহু তলত। ২০১৯ চনৰ তথ্য অনুসৰি অষ্ট্ৰেলিয়া (১৬.৩ টন) আৰু আমেৰিকা (১৬ টন)ৰ জনমূৰি কাৰ্বন নিৰ্গমনৰ পৰিসংখ্যা চীন(৭.১ টন) আৰু ভাৰত (১.৯ টন)ৰ দুগুণতকৈও অধিক।
বিশ্বৰ প্ৰতিখন দেশেই কাৰ্বন ভিত্তিক শক্তিৰ ওপৰত নিৰ্ভৰশীলতাৰ পৰা আঁতৰি পৰিৱেশৰ বৃহৎ পৰিসৰৰ অৱক্ষয় ৰোধ কৰিবলৈ অগ্ৰগতি লাভ কৰিব লাগিব, কিন্তু উন্নত দেশসমূহক দুটা মূল জৰুৰী কাৰ্য্যৰ বাবে জবাবদিহি কৰিব লাগিব:
১) ক্ষতিকাৰক নিৰ্গমন হ্ৰাস কৰা: উন্নত দেশসমূহে ২০৩০ চনৰ ভিতৰত ১৯৯০ চনৰ স্তৰৰ কমেও ৭০-৮০% নিৰ্গমন কৰ্তন কৰিব লাগিব আৰু ২০৫০ চনৰ ভিতৰত এই কৰ্তনসমূহ আৰু বৃদ্ধি কৰাৰ প্ৰতি দায়বদ্ধ হ’ব লাগিব।
২) প্ৰশমন ক্ষমতা অৰ্জন আৰু পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খোৱা : উন্নত দেশসমূহে নবীকৰণযোগ্য শক্তি সৃষ্টিৰ বাবে প্ৰযুক্তি হস্তান্তৰ কৰাৰ লগতে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কমোৱা আৰু পৰিবৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খুৱাবলৈ বিত্তীয় সাহায্য প্ৰদান কৰি উন্নয়নশীল দেশসমূহক সহায় কৰিব লাগিব। ১৯৯২ চনত 'জলবায়ু পৰিৱৰ্তনৰ সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ কাঠামোগত সন্মিলন'-এ বিশ্বৰ উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ মাজৰ ঔদ্যোগিক পুঁজিবাদৰ ভৌগোলিক বিভাজনক স্বীকাৰ কৰাৰ লগতে দেশসমূহৰ বিশ্ব কাৰ্বন বাজেটৰ অ-সম অংশৰ ওপৰত ইয়াৰ প্ৰভাৱক স্বীকৃতি দিছিল।
সেইবাবেই বহু জলবায়ু সন্মিলনত সকলো দেশেই আলোচনা কৰি ২০১৬ চনৰ কেনকুন সন্মিলনত 'সেউজ জলবায়ু পুঁজি' সৃষ্টি কৰিবলৈ সন্মত হয়।২০২০ চনৰ ভিতৰত বছৰি ১০০ বিলিয়ন ডলাৰ সংগ্ৰহ কৰাৰ লক্ষ্য স্থিৰ কৰিছিল। ২০২৪ চনৰ ভিতৰত বিত্তীয় অৱদান দুগুণ কৰা আৰু অভিযোজনৰ বাবে ইয়াৰ অৱদান তিনিগুণ কৰিবলৈ আমেৰিকাৰ বিদেন চৰকাৰে অংগীকাৰ গ্ৰহণ কৰিছিল কিন্তু এইটো অতিশয় অপৰ্যাপ্ত। আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাই প্ৰতি বছৰে নিজৰ 'বিশ্ব শক্তিৰ দৃষ্টিভংগী'ত পৰামৰ্শ দিয়ে যে আন্তঃৰাষ্ট্ৰীয় জলবায়ু বিত্তীয় সাহায্যৰ প্ৰকৃত সংখ্যা ট্ৰিলিয়নত হ’ব লাগে। পশ্চিমীয়া শক্তিবোৰৰ কোনোটোৱেই সেই লক্ষ্য গ্ৰহণ কৰাৰ ইংগিত দিয়া নাই।
🔴কি কৰিব পাৰি?🔴
১) শূন্য কাৰ্বন নিৰ্গমনলৈ গতি কৰা : বিশ্বৰ দেশসমূহে সামগ্ৰিকভাৱে জি-২০ (যিটো বিশ্বৰ সকলো কাৰ্বন নিৰ্গমনৰ ৭৮% বাবে দায়ী)ৰ নেতৃত্বত সৰ্বমুঠ শূন্য কাৰ্বন নিৰ্গমনলৈ আগবাঢ়ি যাবলৈ বাস্তৱসন্মত পৰিকল্পনা প্ৰণয়ন কৰিব লাগিব।অৰ্থাৎ ২০৫০ চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্য অৰ্জন কৰিব লাগিব।
২) আমেৰিকাৰ সামৰিক উপস্থিতি কমাই দিয়ক:
বৰ্তমান আমেৰিকাৰ সেনাবাহিনী হৈছে সেউজ গৃহ গেছৰ একক বৃহত্তম প্ৰতিষ্ঠানিক নিৰ্গমনকাৰী। আমেৰিকাৰ সামৰিক উপস্থিতি হ্ৰাস কৰিলে ৰাজনৈতিক আৰু পৰিৱেশগত সমস্যা যথেষ্ট হ্ৰাস পাব।
৩)উন্নয়নশীল দেশসমূহৰ বাবে 'জলবায়ুৰ ক্ষতিপূৰণ' প্ৰদান কৰা: উন্নত দেশসমূহে জলবায়ুৰ নিৰ্গমনৰ ফলত হোৱা লোকচান আৰু ক্ষতিৰ বাবে জলবায়ুৰ ক্ষতিপূৰণ প্ৰদান কৰাটো নিশ্চিত কৰিব লাগিব। এওঁলোকে যিসমূহ দেশৰ পানী, মাটি আৰু বায়ু প্ৰদূষিত কৰিছিল,তাৰ পাৰমাণৱিক আৱৰ্জনাকে ধৰি বিষাক্ত আৰু বিপজ্জনক আৱৰ্জনা– পৰিষ্কাৰ কৰাৰ খৰচ দিব লাগিব; বিষাক্ত আৱৰ্জনা উৎপাদন আৰু ব্যৱহাৰ বন্ধ কৰাৰ দাবী উত্থাপন কৰিব লাগিব
৪) উন্নয়নশীল দেশসমূহক প্ৰশমন আৰু অভিযোজনৰ বাবে বিত্ত আৰু প্ৰযুক্তি প্ৰদান কৰা: উন্নত দেশসমূহে উন্নয়নশীল দেশসমূহৰ প্ৰয়োজনীয়তাসমূহ(য’ত জলবায়ু পৰিৱৰ্তনৰ প্ৰকৃত আৰু বিপৰ্যয়জনক প্ৰভাৱৰ প্ৰতি অভিযোজন আৰু স্থিতিস্থাপকতাও অন্তৰ্ভুক্ত)ৰ সমাধানৰ বাবে প্ৰতি বছৰে অতিৰিক্ত ১০০ বিলিয়ন ডলাৰ যোগান ধৰিব লাগিব। জলবায়ু প্ৰভাৱসমূহ ইতিমধ্যে উন্নয়নশীল দেশসমূহে,বিশেষকৈ নিম্নগামী দেশ আৰু সৰু দ্বীপ ৰাষ্ট্ৰসমূহে বহন কৰে, সেয়ে প্ৰশমন আৰু অভিযোজনৰ বাবেও উন্নয়নশীল দেশসমূহলৈ প্ৰযুক্তি স্থানান্তৰ কৰিব লাগিব।
( ট্ৰাইকণ্টিনেন্তেল সামাজিক গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা www.thetricontinental.org ত প্ৰকাশিত ) Tricontinental: Institute for Social Research