NewZday assam

NewZday assam NewZday assam is a dedicated digital news media service from Assam that bringing you every day the m we the group of people carry the real fact towards you

17/11/2023

মঙ্গলদৈৰ বৈনাৰা সত্ৰৰ প্ৰতিষ্ঠা দিৱস আৰু মুখ্য তোৰণ উন্মোচন 

১৫৬৫ খৃষ্টাব্দতে প্ৰতিস্থিত পশ্চিম দৰঙৰ ধৰ্ম আৰু আধাত্মিক উপাসনাৰ স্থলি বৈনাৰা সত্ৰৰ প্ৰতিস্থা দিবস আৰু মূখ্য তোৰন উন্মোচনী অনুস্থান টি আজি অনুস্থিত হয়। স্বগীয় প্ৰফুল্ল ডেকা আৰু স্বগীয় মহেন্দ্ৰ কলিতা সোঁৱৰনী মূখ্য তোৰন উন্মোচন কৰে পাথৰিঘাট মণ্ডল বিজেপিৰ সভাপতি গজেন কলিতাই।
মূখ্য তোৰন টি দান কৰে কাহিতলিৰ দুই যুৱ ব্যবসায়ী উৎপল কলিতা আৰু লক্ষ্যধৰ ডেকাই। নিশা ছিপাঝাৰৰ প্ৰিংকা শইকীয়া আৰু হাজোৰ বৰষাৰানী দাসৰ নাগাৰা নাম প্ৰদৰ্শন কৰে। নাম উদ্বোধন কৰে কৃষ্ণ কান্ত ডেকাই।

দৰঙৰ পৰা ধ্ৰুৱজ্যোতি শৰ্মা
#

17/11/2023

ধুবুৰীত সদৌ অসম সাংবাদিক মঞ্চ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আৰু কাৰ্যালয়ৰ শুভ উদ্বোধন।

আজি ৰাজ্যৰ লগতে সমগ্ৰ দেশতে সংবাদকৰ্মী সকলে পালন কৰিছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ সমান্তৰালভাৱে ধুবুৰীতো সদৌ অসম সাংবাদিক মঞ্চ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ইয়াৰ লগে লগে ধুবুৰী ৯ নং ৱাৰ্ড চাৰ্চ ৰোড়ত সদৌ অসম সাংবাদিক মঞ্চৰ কেন্দ্ৰীয় সমিতি আৰু ধুবুৰী জিলা কমিটিৰ নতুন কাৰ্য্যলয়ৰ শুভ উদ্বোধন কৰা হয় । মুখ্য অতিথি হিচাপে উপস্থিত থাকে স্বাস্থ্য বিভাগৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডা° জে,বি ৰয়, জেষ্ঠ্য সাংবাদিক তথা ধুবুৰী সাংবাদিক সন্থাৰ সভাপতি প্ৰনৱাশীষ ৰয়,সদৌ অসম সাংবাদিক মঞ্চৰ কেন্দ্ৰীয় উপদেষ্টা তথা বিশিষ্ট সাহিত্যিক অহিদ খান পেৰিছ,সমাজকৰ্মী তথা কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ছিমুল সৰকাৰ, ধুবুৰী সাহিত্য সভাৰ আজীৱন সদস্য তথা সমাজকৰ্মী ছেলিম খান, সমাজকৰ্মী মোজামেল হক, সমাজকৰ্মী কাবিউৰ ৰহমান,ধুবুৰী এক নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত উমেশ কুমাৰ ৰয়,কেন্দ্ৰীয় সমিতিৰ সভাপতি,প্ৰশাসনিক সাধাৰণ সম্পাদকে ধৰি আটাইকেইজনে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ ওপৰত নিজ নিজ ভাষন আগবঢ়াই ।

ধুবুৰীৰ পৰা তাপস সৰকাৰৰ ৰিপ'ৰ্ট #

17/11/2023

কলিয়াবৰত ব্যতিক্ৰমী ভাবে উদযাপন ৰাষ্ট্ৰীয় প্ৰেছ দিৱস । কলিয়াবৰ জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সাংবাদিকলৈ অভিনন্দন আৰু আশীৰ্বাদ গ্ৰহণ ।

সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস । কলিয়াবৰ জিলা সাংবাদিক সন্থাই ব্যতিক্ৰমী ভাবে উদযাপন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটি । সংগঠনটিয়ে কলিয়াবৰৰ সাতগৰাকী প্ৰাক্তন সাংবাদিকক অভিনন্দন জ্ঞাপন কৰে । কাৰ্য্যালয়ত জ্যেষ্ঠ সাংবাদিক নৃপেন চন্দ্ৰ কেওটৰ পৰা আশীৰ্বাদ লৈ প্ৰাক্তন সাংবাদিক সকলৰ গৃহত গৈ গামোচা পিন্ধাই ,একোটাকৈ নিম পুলি উপহাৰ হিচাবে প্ৰদান কৰি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অভিনন্দন জনাই । অভিনন্দন গ্ৰহণ কৰি প্ৰাক্তন সাংবাদিক সকলে আশীৰ্বাদ প্ৰদান কৰে l

কলিয়াবৰৰ পৰা অনুপ বৰা #

17/11/2023

■ ধিঙৰ ধূপগুৰিত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ ।

■ হত্যা কৰি দূৰ্বিত্বই পেলাই থৈ গ'ল এগৰাকী ফুল কুমলিয়া যুৱতীক।

■নগাঁও ধিং সংযোগী গড়কাপ্তানী পথৰ ধূপগুৰি কলনি বস্তিত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ ।

■ কোনো দূৰ্বিত্বই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ ।

■ উদ্ধাৰ হোৱা মৃতদেহটো ধূপগুৰি পথাৰৰ বুলি জানিব পৰা গৈছে ।

■ ধৰ্ষণ কৰি যুৱতী গৰাকীক দূৰ্বিত্বই হত্যা কৰাৰ সন্দেহ ৰাইজৰ ।

■যুৱতী গৰাকীৰ শৰীৰত তেজৰ চেঁকুৰা।

■ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

■ যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ অঞ্চল জুৰি চাঞ্চল্য ।

নৱজ্যোতি বৰাৰ #

17/11/2023

বাক্সাৰ নিকাছিত গোৰ্খা সম্প্ৰদায়ৰ তিহাৰ উৎসৱ
ঘৰে ঘৰে গৈ ভৈলী নৃত্য পৰিৱেশন গাঁৱৰ মহিলাসকলৰ

গোৰ্খা সম্প্ৰদায়ৰ কৃষি ভিত্তিক উৎসৱ তিহাৰ। এই তিহাৰ উৎসৱৰ তৃতীয়টো দিন হিছাপে গাওঁৰ জীয়াৰী বোৱাৰীসকলে মিলি একেলগে ভৈলী খেলিবলৈ যোৱাৰ এক পৰম্পৰা আছে। সেই পৰম্পৰা অনুসৰি বাক্সাৰ গোৰ্খা অধ্যুষিত অঞ্চল নিকাছিত গৃহস্থৰ ঘৰে ঘৰে গৈ ভৈলী নৃত্য পৰিৱেশন কৰে এইসকল মহিলাই। এই ভৈলেনীত গীত গাই গাই গৃহস্থৰ কুশল মংগল কামনা কৰি পৰিয়ালটো ধনে ধানে পৰিপূৰ্ণ হওক তাৰবাবে আশিষ প্ৰদান কৰে।

বাক্সাৰ পৰা নিৰেণ কুমাৰ শৰ্ম্মা #

17/11/2023

কেনেকৈ সংঘটিত কৰিছিল দৰঙৰ বানেইকুছিৰ ভয়ংকৰ হত্যাকাণ্ড?

বানেইকুছিত শৌচালয় টেংকিত মৃতদেহ উদ্ধাৰৰ ঘটনা সন্দৰ্ভত দৰং আৰক্ষীৰ মন্তব্য।

দৰঙৰ পৰা ধ্ৰুৱজ্যোতি শৰ্মা #

17/11/2023

বাক্সাৰ নিকাছীত জাৰ্নেলিষ্ট ইউনিয়ন অৱ আসামৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন
সত্য নিষ্ঠ সংবাদ পৰিবেশনেৰে সমাজ উন্নতি কৰিবলৈ আহ্বান

সমাজৰ উন্নতি হোৱাকৈ বাতৰি পৰিৱেশন কৰিব লাগে । যি বাতৰিয়ে সমাজৰ উন্নতি হোৱাকৈ সত্য, শুদ্ধ বাতৰি পৰিৱেশন কৰিব লাগে বুলি মন্তব্য কৰে জাৰ্নেলিষ্ট ইউনিয়ন অৱ আসাম, বাক্সা জিলাৰ
সম্পাদক মনোহৰ ৰাজবংশীয়ে । আজি বাক্সা জিলাৰ নিকাছিত গোৰ্খা ছাত্ৰ সন্থাৰ (আগছুৰ) বাস্কা আঞ্চলিক সমিতিৰ কাৰ্যালয়ত জাৰ্নেলিষ্ট ইউনিয়ন অৱ আসামৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত তেওঁ নৈতিক অৱক্ষয় হোৱা সাংবাদিকক সত্য নিষ্ঠ সংবাদ পৰিবেশন কৰিবলৈ প্ৰেছ দিৱসৰ পৰাই সংকল্প ল'বলৈ আহ্বান জনায় । বাক্সা জিলাৰ সভাপতি দামোদৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত অংশগ্ৰহণ কৰি জ্যোষ্ঠ সাংবাদিকদ্বয় ক্ৰমে বদ্ৰী গুৰাগাঞী আৰু মহেশ্বৰ বৰ্মন, আগছুৰ বাক্সা জিলা সমিতিৰ সভাপতি ৰাজু চুবেদী, আগছুৰ বাস্কা আঞ্চলিক সমিতিৰ সম্পাদক এম কান্ত পৌড়েল আদি‌য়ে ভাষণ দিয়ে । জাৰ্নেলিষ্ট ইউনিয়ন অৱ আসাম, বাক্সা জিলাৰ সম্পাদক মনোহৰ ৰাজবংশীয়ে আঁত ধৰা এই অনুষ্ঠানত সাংবাদিক বিনয় বড়ো আদি উপস্থিত থাকে ।

বাক্সাৰ পৰা নিৰেণ কুমাৰ শৰ্ম্মা #

16/11/2023

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস । পূৱ ওদালগুৰি সাংবাদিক মঞ্চৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ।শ্বহীদ সাংবাদিক সকলক শ্ৰদ্ধাৰে সুঁৱৰি অনুষ্টুপিয়াকৈ অনুষ্ঠিত কৰে দিৱসটি। সমান্তৰালকৈ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি পূৱ ওদালগুৰি সাংবাদিক মঞ্চৰ অস্থায়ী কাৰ্যালয়খনো ওৰাঙত শুভ উদ্বোধন কৰা হয় । কাৰ্যালয়ৰ ফিতা কাটি শুভ উদ্বোধন কৰে মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মিন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে । তেখেতৰ লগত সংগ দিয়ে বিটিচিৰ পাচনৈ ছেৰফাং পৰিষদীয় সমষ্টিৰ পাৰিষদ(MCLA) দিপক মৌৰ, বিজেপি যুৱ মৰ্চাৰ জিলা সভাপতি সমৰ হাজৰিকাকে আদি কৰি মঞ্চৰ অৰ্ধ শতাধিক জেষ্ঠ-কণিষ্ঠ সাংবাদিক উপস্থিত থাকে ।

ওদালগুৰিৰ পৰা যতীন নাথৰ ৰিপ'ৰ্ট #

16/11/2023

নিশা নগাঁৱৰ জুৰীয়াত আৰক্ষী আৰু ডকাইতৰ সংঘৰ্ষ।

আৰক্ষীৰ গুলীত আহত ৰাজু আহমেদ নামৰ দুধৰ্ষ ডকাইত।

নগাঁও আৰক্ষীৰ এটা বৃহৎ দলে গোপন সূত্ৰৰ পম খেদি চলাইছিল অভিযান।

আৰক্ষীৰ দললৈ লক্ষ্য কৰি গুলীয়াইছিল ৰাজু আহমেদে।

প্ৰত্যুত্তৰত আৰক্ষীৰ দলটোৱে চলাইছিল গুলী।

ভৰিত গুলী লাগিছে ৰাজু আহমেদৰ।

আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা 7.65MMপিষ্টল।

গুলীবিদ্ধ ৰাজু আহমেদক ভৰ্তি কৰা হৈছে নগাঁৱৰ BPCHত

#

16/11/2023

নিশা দৰঙৰ বানেকুছিত চাঞ্চল্যকৰ ঘটনা ৷

শৌচালয়ৰ টেংকিৰ বস্তাৰ ভিতৰত উদ্ধাৰ মহিলাৰ অৰ্ধগলিত মৃতদেহটো ৷

গাঁওখনৰ কিশোৰ কলিতা নামৰ লোকজনৰ শৌচালয়ৰ টেংকিত উদ্ধাৰ অৰ্ধগলিত মহিলাৰ মৃতদেহ ৷

পৰিয়ালৰ লোকে শৌচালয়লৈ যোৱাত দূৰ্গন পোৱাত বিছাৰ-খোছাৰ কৰি শৌচালয়ৰ টেংকিত প্ৰত্যক্ষ কৰে মৃতদেহটো ৷

এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃত মহিলা গৰাকীৰ পৰিচয় ৷

হত্যাকাণ্ডৰ সন্দেহ স্থানীয় ৰাইজৰ ৷

ঘটনাস্থলীত নিশা দৰঙৰ উচ্চপদস্থ আৰক্ষী উপস্থিত হৈ মৰনোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ মৃতদেহটো ৷

যুৱতী গৰাকীক কোনে হত্যা কৰি এইদৰে শৌচালয়ৰ টেংকিত সুমুৱাই ৰাখিছিল এই লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

এতিয়ালৈকে কোনো লোকক আটক কৰিব পৰা নাই আৰক্ষীয়ে ৷

আৰক্ষীৰ তদন্তত সমগ্ৰ ঘটনা পোহৰলৈ আহিব ৷

তাৎপয্য বিষয় যে পুৱাৰ ভাগত বানেইকুছি গাওৰ ৰাইজে ৰাইজ মেল পাতি দোষিক কৰায়ত্ত কৰি উচিত শাস্তি দিবৰ বাবে দাবী জনায়।

দৰঙৰ পৰা ধ্ৰুৱজ্যোতি শৰ্মা #

16/11/2023

সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্র সন্থাৰ কেন্দ্ৰীয় কুমাৰীকাটা দ্বি-বাৰ্ষিক অধিৱেশনৰ অভ্যৰ্থনা সমিতি গঠন

তামুলপুৰ জিলাৰ কুমাৰীকাটাত অহা ২০২৪ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হ'ব সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্র সন্থাৰ দ্বিতীয় দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন। এই উপলক্ষে বুধবাৰে বিয়লি কুমাৰীকাটা হাই মাদ্ৰাছাত সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্র সন্থাৰ কেন্দ্ৰীয় সভাপতি হাচিম আলীৰ সভাপতিত্বত বৃহত্তৰ কুমাৰীকাটা অঞ্চলৰ বিভিন্ন স্তৰৰ নাগৰিক আৰু বিভিন্ন জাতীয় ছাত্র সংগঠনৰ নেতৃবৃন্দৰ উপস্থিতিত অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্যে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্র সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰিজুল হকে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা আৰু কেন্দ্ৰীয় সহকাৰী সম্পাদক বাপধন আহমেদে আঁঁতধৰা ৰাজহুৱা সভাতেই ডুলুজিৎ ভৰালীক সভাপতি, মঃ মইনুল হ'ক চৌধুৰীক কাৰ্যকৰী সভাপতি আৰু বাপধন আহমেদক সম্পাদক হিচাপে লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়।

#

16/11/2023

ভাতৃ- ভগ্নীৰ প্ৰেমৰ উৎসৱ ভাই টিকা

উলহ- মালহেৰে পালন কৰিলে গোৰ্খা জনগোষ্ঠীয়ে

ভাতৃ দ্বিতীয়া ৷ ভাই- ভনীৰ পবিত্ৰ প্ৰেমৰ দিন ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাতো উদযাপন কৰা হৈছে প্ৰেমৰ উৎসৱ ভাতৃদ্বিতীয়া ৷ জিলাখনৰ নিকাছী, ভূটানখুটি, সূৱণখাটা, চাউলকাড়া আদি স্থানত সিচৰিত হৈ থকা গোৰ্খা জনগোষ্ঠীৰ লোকসকলৰ মাজত দেখা গৈছে বিশেষ উচাহ ৷ বিশ্বাস অনুসৰি আজিৰ দিনটোত ভনীয়েকৰ ঘৰত ভায়েকে খাদ্য খালে আয়ুস বৃদ্ধি হয় ৷ ইতিমধ্যে পৰম্পৰা অনুসৰি গোৰ্খা জনগোষ্ঠীৰ প্ৰতিটো পৰিয়ালতে আৰম্ভ হৈছে ভাতৃ পুজন ৷ সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা অনুসৰি ভগ্নী সকলে নিজৰ নিজৰ ভাতৃ সকলক তিলক পিন্ধাই বিভিন্ন খাদ্য সামগ্ৰী আগবঢ়ায় ৷ শাস্ত্ৰ অনুসৰি দ্বিতীয় কাৰ্তিক শুক্লাৰ দিনা যমুনাই তেওঁৰ ভায়েক যমক তেওঁৰ ঘৰলৈ মাতি নি সম্বৰ্ধনা দিয়াৰ লগতে বিভিন্ন খাদ্যৰে আপ্যায়ন কৰিছিল ৷ তেতিয়া যমৰাজে সন্তুষ্ট হৈ তেওঁক আশীৰ্বাদ দিছিল যে যিজনে আজিৰ দিনটোত যমুনা নদীত গা ধোৱে আৰু যমৰ উপাসনা কৰে তেওঁৰ মৃত্যুৰ পিচত যমলোকলৈ যাব নালাগে ৷ সেই কাৰণে এই উৎসৱটোক য়ামা বুলিও কোৱা হয় ৷ ইতিমধ্যে এই উৎসৱক লৈ গোৰ্খা জনগোষ্ঠীটোৰ লোকসকলৰ মাজত এক আনন্দ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷

বাক্সাৰ পৰা নিৰেণ কুমাৰ শৰ্ম্মা #

15/11/2023

আলিটাঙনি মাৰ্কাজ একাডেমিত চিৰাতুন নবী উদযাপন।
ইছলাম ধৰ্মৰ প্ৰবৰ্তক হজৰত মুহাম্মদ ছল্ললাহুআলাইহি ওৱা ছল্লামৰ জীৱন আদৰ্শ পৰ্যালোচনা তথা ছাত্ৰ ছাত্ৰীক তেখেতৰ জীৱন আদৰ্শত গঢ় দিয়াৰ লক্ষ্যৰে মাৰ্কাজুল মা আৰিফৰ তত্বাৱধানত চলি থকা নগাওঁ জিলাৰ পশ্চিম অঞ্চলৰ ইংৰাজী মাধ্যমৰ প্ৰতিষ্ঠান আলিটাঙনি মাৰ্কাজ একাডেমিত আজি দিনযোৰা কাৰ্য্যসূচীৰে চিৰাতুন নবী উদযাপন কৰা হয়। আজি পোৱাৰে পৰা আৰম্ভ হোৱা অনুষ্ঠানত নবীজীৰ জীৱন আদৰ্শৰ ওপৰত ৰচনা প্ৰতিযোগিতা, ইছলামী কুইজ, কোৰাণ প্ৰতিযোগিতা, আৰু জীৱন দৰ্শনত নবীজীৰ আদৰ্শ ও ধৰ্মপ্ৰচাৰৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। একাডেমিৰ অধ্যক্ষ ইফটীকাৰ হুছেইনে আঁত ধৰা অনুষ্ঠান সমূহৰ শেহত বটা বিতৰণী সভা পৰিচালনা কৰে একাডেমিৰ সভাপতি অধ্যাপক বজলুৰ ৰহমানে। জুৰিয়া মহাবিদ্যালয়ৰ প্ৰৱক্তা আনোৱাৰ হুছেইন আৰু জামুগুৰি কে এন ছোৱালী উচ্চ মাধ্যমিকৰ বিজ্ঞান শিক্ষক জিয়াবোৰ ৰহমান মুখ্য বিচাৰক হিচাপে উপস্থিত থকা অনুষ্ঠানৰ মুকলি সভাত ছাত্ৰ ছাত্ৰীৰ লগতে অবিভাৱক অবিভাৱিকা সকল উপস্থিত আছিল। উল্লেখ্য যে বিদ্যালয় খনৰ পৰা বক্তৃতা প্ৰতিযোগিতাত প্ৰথম হোৱা ছাত্ৰ ছাত্ৰী কেইজনক হোজাইস্থিত মাৰ্কাজ একাডেমীত অহা 28 আৰু 29 তাৰিখে হব লগীয়া প্ৰতিযোগিতা সভাত অংশগ্ৰহণ কৰিব বুলি একাডেমিৰ পৰা জানিব পৰা গৈছে।

বটদ্ৰৱাৰ পৰা মাজিদুল ইছলাম #

15/11/2023

দৈগ্ৰোঙত অসম সাংস্কৃতিক মহাসংগ্ৰামত সংগীতৰ মহাৰণত কনমানি প্ৰতিভা তনয়া দত্তৰ সংগীত পৰিৱেশন

অসম চৰকাৰৰ বিশেষ পদক্ষেপ গ্ৰামাঞ্চলৰ প্ৰতিভা সংগীতৰ মহাৰণৰ জৰিয়তে ৰাজ্যবাসীৰ মাজলৈ উলিয়াই অনাৰ মহান প্ৰয়াস

সমগ্ৰ অসমতে বৰ্তমান প্ৰতিখন পঞ্চায়তত অনুষ্ঠিত হৈ আছে অসম চৰকাৰৰ ঐতিহাসিক খেল মহাৰণ আৰু সংগীতৰ মহাৰণ।

গোলাঘাট জিলাৰ মৰঙি মৌজাৰ মৰঙি উন্নয়ন খণ্ডৰ অন্তৰ্গত দৈগ্ৰোং পঞ্চায়তৰ প্ৰেক্ষাগৃহত আজিৰে পৰা অনুষ্ঠিত হৈছে

সাংস্কৃতিক মহাসংগ্ৰাম-২০২৩-২৪ -- দৈগ্ৰোং পঞ্চায়তৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰী সকলৰ অংশগ্ৰহণেৰে সংগীতৰ মহাৰণৰ কাৰ্যসূচী সুন্দৰভাৱে অনুষ্ঠিত হৈ আছে।

ৰন্টু বৰা #

15/11/2023

গৌৰীপুৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷

যাত্ৰীবাহী বাছ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ।

কথমপি প্ৰাণৰক্ষা বহু যাত্ৰীৰ।

গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গৈবজাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

বহিঃৰাজ্য পশ্চিম বংগৰ কোচবিহাৰৰ পৰা বৰপেটা অভিমেখে AS—15 AC 2956 নম্বৰৰ "পুনাম" নামৰ যাত্ৰীবাহী বাছখনৰ সৈতে বিপৰীত দিশৰ পৰা অহা AS—17F 7450 বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

ফলত দুজন বাইক আৰোহীৰ লগতে আন কেইবাজনো যাত্ৰী হতাহত হয় বুলি জানিব পৰা গৈছে।

আহত সকলক ধুবুৰী মেডিকেল কলেজ হস্পিটালত ভৰ্তি কৰিছে বুলি জানিব পৰা গৈছে।

ঘটনা স্থলীত গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

ধুবুৰীৰ পৰা তাপস সৰকাৰৰ ৰিপ'ৰ্ট #
PAGE LIKE & SHARE

15/11/2023

ধিঙৰ নিউ জ্ঞান দ্বীপ বিদ্যাপীঠৰ নৱাগত আদৰণি সভা ।

ধিঙৰ বেচামাৰী নিউ জ্ঞান দ্বীপ বিদ্যাপীঠৰ নৱাগত আদৰণি সভা আজি বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায় । পুৱাই পতাকা উত্তোলন, সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা বৰ্ণাঢ্য কাৰ্য্যসূচীৰ পাছতে‌ বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয় মুকলি সভা । যত মুখ্য অতিথি হিচাপে উপস্থিত থাকে NE Talks ৰ কাৰ্যবাহী সম্পাদক নেত্ৰজিৎ বৰা । কাৰ্যবাহী সম্পাদক নেত্ৰজিৎ বৰাই ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰি ছাত্ৰ ছাত্ৰী সকলক নিদিষ্ট লক্ষ্যৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় ।

ধিংৰ পৰা নবজোতি শইকীয়া #

15/11/2023

গুৱাহাটী মহানগৰৰ চছলত আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ উদ্যাগত চিত্ৰাংকন প্ৰতিযোগিতাৰ সফল সামৰণি

শিশু দিৱসৰ লগত সংগতি ৰাখি নন্দি মিকিৰ প্ৰাথমিক বিদ্যালয়ত আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ উদ্যোগত দিনযোৰা এক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত ৷

চাৰিটা শাখাত সীমাবদ্ধ থকা এই প্ৰতিযোগিতাত
ক- শাখাত প্ৰথম স্থান কে. বি. খানাপাৰাৰ উৰসিতা দত্ত, দ্বিতীয় স্থান গুৰুকূল গ্ৰামাৰ ছেকেণ্ডাৰী স্কুলৰ সনভি মহন্ত , তৃতীয় স্থান গ্ৰীণ মীড'অছ স্কুলৰ নোৱাৰিয়া ইকবাল হাজৰিকা আৰু উদগনিমূলক বঁটা যথাক্ৰমে চেন্ট ৰ'জ স্কুলৰ নিলাভ হাজৰিকা আৰু দ্যা নৰ্থ ইষ্ট একাডেমীৰ ৰাহুল ৰয়ে লাভ কৰে ৷ খ- শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান ক্ৰমান্বয়ে কে. বি খানাপাৰাৰ ইমান দাস, শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰিয়া মালৌ, বি. আৰ. দাস স্কুলৰ লালভানু বেগম আৰু উদগনিমূলক বঁটা ক্ৰমান্বয়ে মাৰিয়া পাব্লিক স্কুলৰ অভিজ্ঞা ভৰদ্বাজ, বি. আৰ. দাস স্কুলৰ ছকিনা খাটুনে লাভ কৰে ৷ গ- শাখাত দিশপুৰ চৰকাৰী ছেকেণ্ডাৰী স্কুলৰ অভিজিৎ বিশ্বাসে প্ৰথম স্থান, শংকৰদেৱ বিদ্যা নিকেতনৰ বিকাশ নাথে দ্বিতীয় স্থান আৰু এন. ই. একাডেমীৰ উৎপলাক্ষী তালুকদাৰে তৃতীয় স্থান লাভ কৰে। লগতে উদগনিমূলক বঁটা শংকৰদেৱ বিদ্যা নিকেতনৰ ৰিকিতা অনুপম, ইহিত কাশ্যপে যুটীয়াভাৱে লাভ কৰে । ঘ- শাখাত শংকৰদেৱ বিদ্যা নিকেতনৰ অপৰূপা ভূঞাই প্ৰথম স্থান লাভ কৰে ৷

প্ৰতিযোগিতাত বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী গণেশ ছেত্ৰী, শতদ্ৰু চৌধুৰী আৰু ভৈৰৱ মেধীয়ে বিচাৰক হিচাপে অংশগ্ৰহণ ৷

আনুপূৰ্বিক আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ পৰিচলানা সমিতিৰ সভাপতি ধনঞ্জয় তালুকদাৰে সঞ্চালনা কৰা সভাত অসম চৰকাৰৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া ফটিক চন্দ্ৰ শৰ্মা, নন্দি মিকিৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ টেৰণ, দৈনিক পূৰ্বোদয় কাকতৰ ষ্টাফ ৰিপোৰ্টাৰ সন্তোষ দাস, আমাৰ অসম কাকতৰ চিফ ৰিপৰ্টাৰ সাম্য ভৰদ্বাজ , প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ উপ-সভাপতি ভূপেন দাস আৰু যুটীয়া সম্পাদক পাৰ্থ প্ৰতিম গৌতম বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিজয়ী প্ৰতিযোগীসকলক বঁটা আৰু মানপত্ৰ প্ৰদান কৰে ৷

শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহন কৰা প্ৰতিযোগীতাত প্ৰতিজন প্ৰতিযোগিকে অংশগ্ৰহণৰ মানপত্ৰ প্ৰদান কৰা হয় । প্ৰতিযোগিতাৰ সফল ৰূপায়নৰ বাবে বিদ্যালয়ৰ প্ৰধান অধ্যাপিকা জোনাকী কলিতা তালুকদাৰে প্ৰতিযোগী ,বিচাৰকমণ্ডলী , বিশিষ্ট অতিথি আদি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷

#

15/11/2023

বটদ্ৰৱাৰ ধূপগুৰিত ক্ৰিকেট খেলৰ আয়োজন।

নগাঁও জিলাৰ বটদ্ৰৱাৰ ধূপগুৰিত অহা ২৭,২৮,২৯ নৱেম্বৰ পৰা আৰম্ভ হব প্ৰাইজমানী ক্ৰিকেট প্ৰতিযোগিতা। ধূপগুৰি ফখৰুদ্দিন আলি আহমেদ হাইস্কুল খেলপথাৰত নক আউট ক্ৰিকেট খেল ধূপগুৰি আঞ্চলিক যুৱক সংঘৰ উদ্যোগত আয়োজন কৰা লীগ খনত ইতিমধ্যে কেবাখনো জিলাৰ ক্ৰিকেট দলে যোগাযোগ কৰিছে বুলি আয়োজক সমিতিয়ে জানিব দিয়ে। ২৭,নৱেম্বৰ সোমবাৰৰ পৰা আৰম্ভ হব লগিয়া লীগ খনত প্ৰথম পুৰস্কাৰ ট্ৰফী ও নগদ ৭০,০০০ হাজাৰ টকা, দ্বিতীয় পুৰস্কাৰ ট্ৰফী ও নগদ ৪০,০০০ হাজাৰ টকা ধাৰ্য্য কৰিছে। উল্লেখ্য যে খেল খনৰ আৰম্ভণিৰে পৰাই টিকটৰ ব্যৱস্থা কৰিছে।টিকটৰ মূল্য ৫০ ধায্য কৰিছে।সদাহয় অসম তথা অসমৰ বাহিৰৰ কোনো দলে যদি উক্ত খেলত অংশগ্ৰহণ কৰিব বিছাৰে তেন্তে ইস্কিনত দিয়া 7002744528,9957050934 নাম্বাৰত যোগাযোগৰ বাবে খেল পৰিচালনা সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছে।

বটদ্ৰৱাৰ পৰা মাজিদুল ইছলাম #

14/11/2023

■ ধুবুৰীৰ ভাৰত , বাংলাদেশ সীমান্তৰ বেৰভাঙী দ্বিতীয় খণ্ড গাওঁত ৰাইজে আটক কৰিলে দুইগৰাকী বাংলাদেশী গৰু চোৰক

■স্হায়ানীয় ৰাইজে আটক কৰিলে দুজন বাংলাদেশী গৰু চোৰক।

■ৰাইজে গতাই দিলে গোলকগঞ্জ আৰক্ষী থানাৰ আৰক্ষীক।

■দীৰ্ঘ দিনৰ পৰা ভাৰত বাংলাদেশ সীমান্তত অব্যাহত আছে বাংলাদেশী গৰু চোৰৰ সন্ত্ৰাস।

■সীমান্তবাসী ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি।

■ নিশাও মোজাফৰ হুছেইন আৰু আব্দুল জলিল নামৰ দুজন বাংলাদেশী গৰু চোৰ কৰিবলৈ আহিছিল গোলকগঞ্জ থানাৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্তৰ বেৰভাঙী দ্বিতীয় খণ্ড গাওঁত।

■গাওঁখনৰ মোজাহাৰ আলীৰ ঘৰৰ গোহালিত সোমাইছিল বাংলাদেশী চোৰ দুজন।

■চোৰ দুজনে গৰু লৈ সীমান্ত লৈ যাওতে গম পায় মোজাহাৰ আলীয়ে ৷

■পিছত মোজাহাৰ আলী চিঞৰ—বাগৰ কৰি খেদি লৈ যায়।

■মোজাহাৰ আলীৰ সেই চিঞৰ— বাগৰ শুনি গাওঁবাসী ওলাই আহি ঘেৰি ধৰে চোৰ দুজনক।
■ পিছত উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে।

■চোৰ দুয়োজনৰ ঘৰ বাংলাদেশৰ কুড়িগ্রাম জিলাৰ কেদাৰ ইউনিয়নৰ সোবাৰকুটিত বলি জানিৱ পৰা গৈছে ৷

■উল্লেখ্য যে সীমান্তত বি ,এছ এফৰ কটকটীয়া নিৰাপত্তাৰ পিছতো বাংলাদেশী চোৰ কেনেকৈ আহিব পাৰে তাকে লৈ সৃষ্টি হৈছে গাওঁবাসীৰ মাজত প্ৰতিক্ৰিয়া ৷

ধুবুৰীৰ পৰা তাপস সৰকাৰৰ ৰিপ'ৰ্ট

14/11/2023

■এইবাৰ খেদি —খেদি যোৱা নিশা গৌৰীপুৰৰ ধোৰাৰঘাটত গৰু চোৰক আটক কৰিছে ৰাইজেঃ এগৰাকী গৰু চোৰ , দুটাকৈ চোৰাং গৰু আৰু এখন দুচকীয়া বাহনঃ বাহনখনত লিখা আছে পুলিচ বুলি

■ চোৰৰ কি মহিমা পুলিছ লিখি দুচকীয়া বাহন দি কৰে ৰাতিৰ ভাগত গৰু চোৰ

■বাহনখনৰ নমৰ নম্বৰ হৈছে AS—17D—1423

■গৌৰীপুৰৰ আৰক্ষীয়ে উদ্ধাৰ কৰা বাইকখনৰ নম্বৰ প্লেটত লিখা আছে পুলিচ

■এই দৃশ্যলৈ মন কৰক গাড়ীত লিখা আছে পুলিচ বুলি

■আচলতে পুলিচৰ দুচকীয়া বাহনখন ব্যৱহাৰ কৰিছিল নেকি? চোৰে

■ৰহস্যৰ আৰত কি ?

■জানিৱ পৰা মতে গৰু চোৰজনৰ নাম- ছানোৱাৰ আলী

■চোৰক চাবলৈ হেতাওপৰা গাওঁবাসীৰ

■নিশা ২ মান বজাত চোৰাং গৰু সৰবৰাহ কৰি থকাৰ সময়তে ৰাইজে আটক কৰে l

ধুবুৰীৰ পৰা তাপস সৰকাৰৰ ৰিপ'ৰ্ট #

14/11/2023

বাক্সাৰ জালাহত জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগানেৰে গঠন হোৱা অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিষ্ঠা দিৱস পালন l

বাক্সাৰ পৰা নিৰেণ কুমাৰ শৰ্ম্মা #

14/11/2023

ধুবুৰী আদাবাৰীত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত নৈশ ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত।

ধুবুৰী আদাবাৰী অঞ্চলত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবেলিওঁ ড্ৰাগছ আৰু বাল্য বিবাহৰ পৰা যুৱ নৱপ্ৰজন্মক সজাগ কৰাৰ উদ্দেশ্যে এই নৈশ ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

এই ফুটবল খেল প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে ধুুবুৰী আৰক্ষীৰ উপ আৰক্ষী অধিক্ষক, সহযোগ কৰে আয়োজক কমিটিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক জাহান উদ্দিন আৰু সাধাৰণ সম্পাদক কাশেম আলী সেখয়ে। অনুষ্ঠানৰ আৰম্ভণিতে দেশী জনগোষ্ঠীয় গীত- নৃত্যৰে অতিথি সকলক আদৰণি জনোৱা হয়।

শুভাৰম্ভ অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে সমাজকৰ্মী ছিমুল সৰকাৰ,কেইবাটাও গাৱঁ পঞ্চায়তৰ সভাপতিকে ধৰি আন কেইবাজনো অতিথিৰ উপস্থিতিত এই খেলৰ শুভাৰম্ভ কৰা হয়।

খেলখনৰ প্ৰথম দিনে আদাবাৰী বনাম ঝগৰাৰপাৰ দলৰ মাজত খেল অনুষ্ঠিত হয়। খেলখনৰ অন্তত আদাবাৰী দলে গোলৰ ব্যৱধানত জয়ী হয়।

ধুবুৰীৰ পৰা তাপস সৰকাৰৰ ৰিপ'ৰ্ট #

14/11/2023

■খেল মহাৰণ ২০২৩/২৪ বৰ্ষৰ খেল পথাৰক লৈ প্ৰতিবাদ ।

■নিৰ্বাচিত খেল পথাৰত খেল নোহোৱাকলৈ ৰাইজৰ ক্ষোভ

■জিলা আয়ুক্তৰ হস্তক্ষেপৰ দাবী ।

■চলিত অসম চৰকাৰৰ বিভিন্ন জিলাৰ লগতে গোৱালপাৰা জিলাৰ ২০২৩/২৪ বৰ্ষৰ খেল মহাৰণ চলি থকাৰ সময়তে আজি লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পানিশালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ফুটবলৰ লগতে অন্যান্য খেল সমূহ হোৱাৰ কথা আছিল । সেই অনুসৰি উল্লেখিত খেল পথাৰত খেল হোৱাৰ কথা হিচাপে আজি বহু সংখ্যক ছাত্ৰ ছাত্ৰী উক্ত খেলপথাৰত উপস্থিত হৈছিল কিন্তু খেল পথাৰত আহি খেল মহাৰণৰ কোনো ধৰণৰ আয়োজন নেদিখি সকলোৱে আচৰিত হৈ পৰে । আনপিনে এই কাৰ্যত খেল চাবলৈ উপস্থিত হোৱা স্থানীয় সমাজ সচেতন ব্যক্তি , আই মাতৃ , ডেকাচামৰ লগতে বিদ্যালয় খনৰ শুভাকাংশী সকলোৱে যথেষ্ট দুখ আৰু ক্ষোভ প্ৰকাশ কৰে । তেওঁলোকৰ মতে যিহেতু জিলা প্ৰশাসনে এইক্ষেত্ৰত ইতিমধ্যে পত্ৰ যোগে উক্ত স্থান নিৰ্ণয় কৰা হৈছিল কি কাৰণত উক্ত স্থানত খেল মহাৰণ ২৩/২৪ অনুষ্ঠিত নহল ইয়াৰ উচিত বিচাৰ কৰিবলৈ স্থানীয় সচেতন মহলে জিলা আয়ুক্ত খনিন্দ্ৰ চৌধুৰীক দাবী জনায় ।

গোৱালপাৰা চিন্টু নাথ
#

14/11/2023

নগাঁৱৰ সন্দিপনী বিদ্যা মন্দিৰ শিশু দিৱস উপলক্ষ্যে উদযাপন কৰা অনুষ্ঠানত এটি শিশুৰ সুন্দৰ নৃত্য প্ৰদৰ্শনে আপ্লুত কৰিলে দৰ্শকক।
#
PAGE LIKE & SHARE

নগাঁৱৰ বিশিষ্ঠ নাগৰিক জেষ্ঠ অধিবক্তা দেৱব্ৰত শৰ্মাৰ কিছু সময়ৰ আগতে গুৱাহাটীৰ এক্সেল কেয়াৰত শেষ নিশ্চাশ ত্যাগ কৰে।  #
14/11/2023

নগাঁৱৰ বিশিষ্ঠ নাগৰিক জেষ্ঠ অধিবক্তা দেৱব্ৰত শৰ্মাৰ কিছু সময়ৰ আগতে গুৱাহাটীৰ এক্সেল কেয়াৰত শেষ নিশ্চাশ ত্যাগ কৰে।
#

14/11/2023

নগাঁৱৰ পৰা শোণিত কুমাৰ বৰাৰ Live
পৰিচালনা : পাৰৱেজ আহমেদ আৰু "ইতি তোমাৰ" পৰিয়ালৰ লগত l

'ৰে'ড ৰিভাৰ ফাণ্ড' আৰু 'মনচুন স্ক্ৰিপ্টচ্ এণ্টাৰটেইনমেণ্ট' ৰ নিবেদন
ইতি তোমাৰ(Yours Truly)
পৰিচালনা – পাৰৱেজ আহমেদ
কাৰ্যবাহী প্ৰযোজক – অনুপম হাজৰিকা
কাহিনী – নীলকণ্ঠ
চিত্ৰনাট্য আৰু সংলাপ – অৰিন্দম বৰকটকী আৰু পাৰৱেজ আহমেদ
চিত্ৰগ্ৰহণ – ৰূপমজ্যোতি শইকীয়া
সম্পাদনা – ধ্ৰুৱজিৎ কলিতা (ধীৰু)
সংগীত – হীৰকজ্যোতি নাথ আৰু যুতিমালা বুঢ়াগোঁহাই
কলা নিৰ্দেশনা – জ্যোতি শংকৰ ভট্টাচাৰ্য
ৰূপসজ্যা :
গৌতম চৌধুৰী
Cast:
অৰুণ নাথ
লিপিকা বৰা মেধি7
ড° অনুপম কৌশিক বৰা
দৰথী ভৰদ্বাজ
হৰ্ষদ দি কাশ্যপ
বৰেণ্যা বৰা
ড° আকাশীতৰা
নৰ্মদা দাস
ড° জয়ন্ত দাস
মলয়া গোস্বামী
মণীষা হাজৰিকা
অসীম শৰ্মা
পাৰ্থ প্ৰতিম বৰা
ৰবীন কলিতা
বিবিকা বৰা

14/11/2023

বটদ্ৰৱাৰ নুৰুণ নেহাৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ আদৰণি সভাত উপস্থিত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। ছাত্ৰ ছাত্ৰীক সফল হোৱাৰ প্ৰেৰণাদায়ক ভাষণ।

নগাওঁ জিলাৰ উত্তৰ পশ্চিম অঞ্চলৰ অগ্ৰণী ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান নুৰুণ নেহাৰ আদৰ্শ জাতীয় বিদ্যালয় চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ২০২৩-২৪ শিক্ষাবৰ্ষৰ নৱাগত ছাত্ৰ ছাত্ৰীৰ আজি আদৰণি সভা দিনযোৰা কাৰ্যসূচীৰে বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয়। ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ আলাপ, ন পুৰণি ছাত্ৰ ছাত্ৰীৰ চিনাকি পৰ্বৰ পিছত দুপৰীয়া অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ বিশিষ্ট সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। বিদ্যালয়ৰ প্ৰতিষ্ঠাপক ডাঃ আনোৱাৰ হুছেইন চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিতুমণি শইকীয়াই কয় যে ছাত্ৰ ছাত্ৰী জীৱনৰ লক্ষ্যত উপনীত হবলৈ লক্ষ্যত স্থিৰ থাকি আত্ম বিশ্বাসেৰে আগুৱাই যাব লাগিব, জীৱনৰ সকলো বাধা অতিক্ৰম কৰি আগুৱাই গলেহে সকলোৱে সফলতা লাভকৰিবলৈ সক্ষম হব। উল্লেখ্য যে ইতিমধ্যে বিদ্যালয় খনে দশক ধৰি এশ শতাংশ উত্তীৰ্ণৰে সফলতা অব্যাহত ৰখাৰ লগতে ইতিমধ্যে কেবাগৰকী ছাত্ৰ ছাত্ৰীয়ে বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আদৰণি সভাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ গীতৰ শৰাইয়ে সকলোকে আপ্লুত কৰি তোলে।

বটদ্ৰৱাৰ পৰা মাজিদুল ইছলাম #

14/11/2023

■মুছলপুৰত উদযাপন হ'ব কেন্দ্ৰীয় মদাহি কছাৰী বৰমানী পূজা আৰু সাংস্কৃতিক মহোৎসৱ ।

■গাৰামদেউ হাইস্কুল খেলপথাৰত লাইখুটা স্থাপন উদযাপন সমিতিৰ ।

বাক্সাৰ পৰা নিৰেণ কুমাৰ শৰ্ম্মা
#

13/11/2023

নগাঁৱৰ মুকুট শৰ্মা চাৰিয়ালিত ভয়ংকৰ অগ্নিকাণ্ড অগ্নিকাণ্ডত জাহ গৈছে বহুতো সামগ্ৰী
জানিব পৰা মতে কোনো লোকৰ ক্ষতি সাধন হোৱা নাই

#

13/11/2023

ধুবুৰী চিকিৎসা মহাবিদ্যালয়,হস্পিতালে ৰাইজৰ বাবে মুকলি কৰিলে মতামত বাকচ ৷

এতিয়াৰে ৰাইজৰ অভিযোগ,অসুবিধা তথা ৰাইজৰ মত বিনিময়ৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়,হস্পিতালৰ কতৃপক্ষই মুকলি কৰে মতামত বাকচ ৷

আজি ধুবুৰী চিকিৎসা মহাবিদ্যালয়,হস্পিতালৰ অধক্ষ্যা অংকুমণি শইকীয়া এক সংবাদমেল পাতি জনাই এই কথা ৷ ৰাইজৰ অভিযোগ আৰু মতামত গ্ৰহণ কৰাৰ পাছতে লগে লগে লোৱা হব পদক্ষেপ ৷

ধুবুৰীৰ পৰা তাপস সৰকাৰৰ ৰিপৰ্ট #

13/11/2023

অসম চৰকাৰৰ ঐতিহাসিক পদক্ষেপ 'খেল মহাৰণ' মুৰফুলনী গাওঁ পঞ্চায়তৰ খেল মহাৰণ বালিজান শংকৰজ্যোতি হাই স্কুলত সফলতাৰে সম্পন্ন

সমগ্ৰ অসমত বৰ্তমান অসম চৰকাৰৰ এক ঐতিহাসিক পদক্ষেপ খেল মহাৰণ অনুষ্ঠিত হৈ আছে।

মৰঙি মৌজাৰ মুৰফুলনি গাওঁ পঞ্চায়ততো এই খেল মহাৰণ যোৱা ৭ নৱেম্বৰ তাৰিখৰ পৰা উৎসাহ-উদ্দীপনাৰে অনুষ্ঠিত হৈ আছে।মুৰফুলনি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১০ টা ৱাৰ্ডৰ শিক্ষানুষ্ঠান সমূহৰ শিক্ষাৰ্থী, মুৰফুলনি গাও পঞ্চায়তৰ ক্ৰীড়াৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতী, আত্মসহায়ক গোটৰ মহিলা সকল আদিয়ে বালিজান শংকৰজ্যোতি হাই স্কুলত অনুষ্ঠিত এই খেল মহাৰণৰ বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি খেল মহাৰণৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলে।
খেল মহাৰণৰ প্ৰতিযোগিতা সমূহৰ ভিতৰত আকৰ্ষণীয় আছিল--খো-খো প্ৰতিযোগিতা,কাবাডী,দৌৰ, ফুটবল আৰু ভলীবল।

গ্ৰামাঞ্চলৰ ক্ৰীড়াৰ প্ৰতি আগ্ৰহী নৱপ্ৰজন্ম সকলক উৎসাহিত কৰি তোলাৰ লক্ষ্যৰে খেল মহাৰণৰ এই পদক্ষেপ সচাকৈয়ে প্ৰশংসনীয়।

মুৰফুলনি পঞ্চায়তৰ সভাপতি চন্দন কাকতি দেৱৰ লগতে বালিজান শংকৰজ্যোতি হাই স্কুলৰ সমূহ শিক্ষাগুৰু, মুৰফুলনি গাওঁ পঞ্চায়তৰ অন্তৰ্গত বিদ্যালয় সমূহৰ শিক্ষাগুৰু সকল, ক্ৰীড়া প্ৰেমী ৰাইজৰ উপস্থিতিত ক্ৰীড়া প্ৰতিযোগী সকলক অধিক উৎসাহিত কৰি তোলা পৰিলক্ষিত হয়। এই খেল মহাৰণত গোলাঘাট জিলাৰ ক্ৰীড়া বিষয়া গৰাকীও উপস্থিত থাকি মুৰফুলনি পঞ্চায়তৰ সুন্দৰ পৰিকল্পনাৰে অনুষ্ঠিত খেল-মহাৰণৰ শলাগ লয় লগতে খেল মহাৰণৰ লক্ষ্য-উদ্দ্যেশ্যৰ বিষয়ে সকলোৰে সন্মূখত ব্যক্ত কৰে।

ৰন্টু বৰা #

12/11/2023

■বাক্সাৰ জিলা কেন্দ্ৰত পুতিগন্ধময় পৰিৱেশ

■গুৰুত্ব নাই কেন্দ্ৰটোত থকা কোনো এটা বিভাগৰ

বাক্সাৰ পৰা নিৰেণ কুমাৰ শৰ্ম্মা #

12/11/2023

বিটিআৰত নতুনকৈ গাওঁ অন্তৰ্ভুক্ত কৰাক লৈ বাক্সাৰ মুছলপুৰত অবড়ো নেতা জোন দাসৰ প্ৰতিক্ৰিয়া ।

বাক্সাৰ পৰা নিৰেণ কুমাৰ শৰ্ম্মা #

11/11/2023
11/11/2023

■কটহগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত। ইউ ডি এচ এফৰ বৃহৎ জয়লাভ।

■দেশত এতিয়া নিৰ্বাচনৰ বতৰ। ৰাজনৈতিক নেতা সকলে ব্যস্ত নিৰ্বাচনী ৰণ কৌশলত। ইয়াৰ মাজতেই এটা বিশেষ নিৰ্বাচনে নগাঁও জিলাৰ পশ্চিম অঞ্চলত ব্যাপক চৰ্চা লাভ কৰিছে। বিশেষকৈ নগাঁও ও মৰিগাঁও জিলাৰ সীমামূৰীয়া সংখ্যালঘূ বসতি প্ৰদান অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান কটহগুৰি মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন। ষোল্ল টা পদেৰে গঠিত মহাবিদ্যালয়ৰ ছাত্ৰ সংসদত নটা পদত বিনা প্ৰতিদ্বন্দিতাৰে এ আই ইউ ডি এফ দলৰ ভগ্নী সংগঠন ইউ ডি এছ এফে জয় লাভ কৰে যদিওঁ বাকী সাত টা পদৰ বাবে দশ নৱেম্বৰত অনুষ্ঠিত হয় বেলট বাকচ যোগে ভোট। ভোটিং পদ্ধতিৰে সভাপতি পদত ইউ ডি এচ এফৰ প্ৰাৰ্থী ধৰাশায়ী হয় যদিওঁ বাকী ভিপি জি এচকে আদিকৰি সকলো পদতেই ইউ ডি এচ এফৰ প্ৰাৰ্থীয়ে বৃহৎ জয়লাভেৰে মহাবিদ্যালয় খন নিজৰ দখলত আনিবলৈ সক্ষম হয়। উল্লেখ্য যে ইউ ডি এছ এফৰ বিজয়ী প্ৰাৰ্থী সকলক এ আই ইউ ডি এফ ছুপ্ৰীমু বদৰুদ্দিন আজমলে ভিডিও কল যোগে অভিনন্দন জ্ঞাপন কৰে।

■সমান্তৰাল কৈ ইউ ডি এচ এফৰ কেন্দ্ৰীয় সভাপতি নচিম আহমেদ, এ আই ইউ ডি এফৰ নগাঁও জিলা সভাপতি অধিবক্তা বদৰুদ্দুজা চৌধুৰীয়ে সদল বলে মহাবিদ্যালয়ত উপস্থিত হৈ বিজয়ী প্ৰাৰ্থী সকলক আদৰণি জনায় সম্বৰ্ধনা জ্ঞাপন কৰে।

■ বিজয়ী সভাপতি, সম্পাদকে মহাবিদ্যালয়ৰ সৰ্বাঙ্গীন উন্নয়ন কৰিব বুলি মত পোষণ কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলক ধন্যবাদ জ্ঞাপন কৰে।

■উল্লেখ্য যে এই নিৰ্বাচন শান্তিপূৰ্ণ বাবে সমাধা হোৱাত নৱ নিৰ্বাচিত ছাত্ৰ সংসদক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ খাইৰুল ইছলাম, অধ্যাপক ফাইজুদ্দিন আহমেদ আৰু এলুমনি এচচিয়েচনৰ সম্পাদক মতিওৰ ৰহমানে শুভেচ্ছা জ্ঞাপন কৰে।

বটদ্ৰৱাৰ পৰা মাজিদুল ইছলাম #

10/11/2023

●নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা পদত্যাগ সুৰেশ বৰাৰ।

●বৰ্তমানলৈকে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই নেতাগৰাকীয়ে

●কিমান সঁচা ????

#

10/11/2023

ফলঙনিত উমেশ দত্ত দেৱক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শেষ শ্ৰদ্ধাঞ্জলি

আজি মৰঙি মৌজাৰ বৃহত্তৰ ফলঙনি অঞ্চল শোকত ম্ৰিয়মাণ।

সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে প্ৰিয় এগৰাকী মহান ব্যক্তিৰ আকস্মিক বিয়োগত সমগ্ৰ ফলঙনি অঞ্চল আজি বাকৰুদ্ধ হৈ পৰিছে।

মৰঙি মৌজাৰ ২ নং ফলঙনি গাৱৰ শ্ৰদ্ধাৰ উমেশ দত্ত দেৱৰ নিজা বাসগৃহত আজি লোকে-লোকাৰণ্য। সকলোৱে অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে প্ৰিয় ব্যক্তি গৰাকীক।

বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানটো উমেশ দত্ত দেৱৰ নশ্বৰ দেহত সকলোৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

উল্লেখ্য যে যোৱা ২ নৱেম্বৰ তাৰিখে নিজা কৰ্মস্থলী ফলঙনি নৱজ্যোতি হাই স্কুললৈ বাইকত গৈ থকা অৱস্থাত আকস্মিকভাৱে এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে পতিত হয় ফলঙনি অঞ্চলৰ বিশিষ্ট সমাজপ্ৰিয়, অনুষ্ঠান প্ৰিয় আদৰ্শ শিক্ষাগুৰু উমেশ দত্ত দেৱ।

প্ৰায় এসপ্তাহ গুৱাহাটীত জীৱন-মৃত্যুৰ সৈতে সংগ্ৰাম কৰাৰ পিছত অৱশেষত ৯ নৱেম্বৰত তেখেতে নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে।

তেখেতৰ নশ্বৰ দেহ আজি পুৱাই নিজ বাসগৃহত উপস্থিত হোৱাত অজস্ৰ গুণমুগ্ধ আহি সমবেত হয় তেখেতক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ।--তেখেতৰ নিজা কৰ্মস্থলী ফলঙনি নৱজ্যোতি হাই স্কুল, তেখেতৰ বাসগৃহৰ কাষতে থকা ফলঙনি হাই স্কুল, তাৰ উপৰিও ফলঙনি বাপুজী হায়াৰ ছেকেণ্ডেৰী স্কুল, ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘ, পূৱ মুৰফুলানী সাংস্কৃতিক সংঘ, ফলঙনি সূত্ৰধাৰ নাট্য গোষ্ঠী, ফলঙনি শাখা সাহিত্য সভা, ২ নং ফলঙনি সুৰ সন্ধানী সংগীত কলা একাডেমিৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান,ব্যক্তি বিশেষে আজি পুৱাই তেখেতৰ নশ্বৰ দেহত অন্তিত শ্ৰদ্ধাঞ্জলি জনায়।

মৰঙিৰ লগতে বৃহত্তৰ ফলঙনি অঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত থকা, সমাজপ্ৰিয়, সাহিত্য-সংস্কৃতিৱান আদৰ্শ শিক্ষাগুৰু, সকলোৰে প্ৰিয় ব্যক্তি গৰাকীৰ আকস্মিক বিয়োগত সমগ্ৰ ফলঙনি বাসী আজি শোকত ম্ৰিয়মাণ হৈ পৰিছে।

তেখেত শিক্ষকতাৰ উপৰিও সাহিত্য-সংস্কৃতিৰ সাধক, সু বক্তা,সু লেখক, বুদ্ধিজীৱী,ভাওনা সংস্কৃতিক অন্তৰত ঠাই দিয়া মহান এগৰাকী ব্যক্তি আছিল।--ফলঙনি অঞ্চলত পোনপ্ৰথম সূত্ৰধাৰ নাট্যগোষ্ঠী নামৰ প্ৰতিযোগিতামূলক ভাওনা দল এটিৰ প্ৰথম তেখেতেই প্ৰতিষ্ঠা কৰিছিল।

সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে প্ৰিয় ব্যক্তি গৰাকীক এনেদৰে পুৱাই আজি সকলোৱে অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হয়।

সচা অৰ্থত উমেশ দত্ত দেৱৰ বিয়োগ বৃহত্তৰ ফলঙনিৰ এক অপূৰণীয় ক্ষতি।

আজি এজন ব্যক্তি নহয় এক মহান অনুষ্ঠান নোহোৱা হ'ল বৃহত্তৰ ফলঙনি অঞ্চলৰ মাজৰ পৰা।--তেখেতৰ অন্তিম যাত্ৰাত আমিও শেষ শ্ৰদ্ধা জ্ঞাপন কৰিলো।

ৰন্টু বৰাৰ #

10/11/2023

ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷

ধুবুৰী আদাবাৰীত ডাম্পাৰৰ খুন্দাত আহত যুৱক ৷

পথ দুৰ্ঘটনাত কেন্দ্ৰ ঘণ্টা ঘণ্টা ধৰি পথ অৱৰোধ কৰি ৰাখিলে স্থানীয় ৰাইজ ।

ৰাইজৰ অভিযোগ অনুসৰি ধুবুৰী ফৰলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ঠিকা লাভ কৰা ঝাণ্টু কোম্পানীৰ ডাম্পাৰৰ তলত পৰি আমিনুৰ ইছলাম নামৰ এগৰাকী যুৱক গুৰুতৰভাৱে আহত হয় । আহত আমিনুৰ ইছলামক ততাতৈয়াকৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্ত্তি কৰোঁৱা হয় ৷

WB 73F4413 নম্বৰৰ ডাম্পাৰে AS 17 M 1036 নম্বৰৰ বাইকৰ খুন্দিয়াই বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ।

ধুবুৰীৰ পৰা তাপস সৰকাৰৰ ৰিপ'ৰ্ট #

Address

Gauhati
ASSAM

Alerts

Be the first to know and let us send you an email when NewZday assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other News & Media Websites in Gauhati

Show All

You may also like