যেতিয়া এজন ইমানদাৰী ৰিক্সাৱালাৰ দিলটো ভাগে।
শুনকচোন কি কয়।
শৈশৱ কাললৈ মনত পৰেনে???
শেষৰ অংশৰ সোৱাদটো মিছ্ নকৰিব, প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ এটি সুন্দৰ কবিতা।
Like আৰু share কৰি উদগণি যোগাই যেন।
For best quality: https://youtu.be/Zpi_Dh8H_KE
কেতিয়াবা কেতিয়াবা সহজ সৰলকৈয়ে কৈ দিয়া কথাখিনিৰো যে কিমান গভীৰতা থাকিব পাৰে!!!
শুনকচোন তেনেকুৱা এটি কবিতা।
কথা ও কণ্ঠ: মধুস্মিতা দাস।
A very peaceful song. Must listen to it.
Title:Khoya khoya
Music: VS music
Original Composition by: Sawan Sarkar
YouTube link : https://youtu.be/qM8IjvPKQuc
"পৰিচয়" পৰিচালনাৰে স্বৰচিত কবিতা পাঠ প্ৰতিযোগিতাৰ, প্ৰতিযোগি নং- ২৯
উলুপী দত্ত কলিতা।
গুৰুগ্ৰাম
হাৰিয়ানা
কবিতা: পৃথিৱীৰ অসুখ
আৱদ্ধ উশাহৰ কোলাহলত
সময়ে উচূ্পি উঠে।
নিয়তিৰ তীক্ষ্ণ চাৱনি,
কঁপি উঠে দিশহাৰা জীৱন।
প্ৰাচুৰ্য, বিভূতি, অহংকাৰ আজিচোন ধূলিৰ স'তে একাকাৰ।
বতাহত প্ৰকৃতিৰ হুমুনিয়াহ।
আজি পৃথিৱীৰ অসুখ!
আকাশে আশা দিয়ে।
মৰমেৰে পৃথিৱীক বুজাই।।
দুদিন ৰ'বা হাঁহিবোৰ পুনৰ ওভতি আহিব।
পুনৰ খৰিকাজাইৰ সুবাসেৰে আমোলমোলাব নতুন দিনৰ
নতুন মন বোৰ।
"পৰিচয়" পৰিচালনাৰে স্বৰচিত কবিতা পাঠ প্ৰতিযোগিতাৰ, প্ৰতিযোগি নং- ২৮
নাম- ৰূপাঞ্জলী দাস
ঠিকনা- খাৰঘুলি, বেলৰতল।
"দেউতা"
২০১৯ ইং চনৰ ১৯ ফেব্ৰুৱাৰী, সেই দিনটো ভাবিলে যেন বুকুখন কপি উঠে অ দেউতা।
বগা চাদৰৰে মেৰিয়াই অনা তোৰ মৃত দেহটো, হথাৎ ভাবিব নোৱাৰা একুৰা জুই যেন আমাৰ মাজত দপ দপকৈ জ্বলি উঠিছিল।
দেউতাৰ জীৱনৰ অবসাৰ লোৱা, ভাগৰুৱা মৃতদেহটো দুটুকুৰা বাহৰ মাজত আছিল শ্মশান যাত্ৰা।
নৱগ্ৰহ শ্মশানৰ ৫ নং চিটাৰ অসাধাৰণ বিছনাখনত, চণ্ডালে বাৰে বাৰে হানি খুচি পঞ্চভূতত বিলীন কৰি দিছিল অ দেউতা।
সেইদিনটো বৰকৈ মনত পৰে অ দেউতা...... অ দেউতা।
"পৰিচয়" পৰিচালনাৰে স্বৰচিত কবিতা পাঠ প্ৰতিযোগিতাৰ, প্ৰতিযোগি নং- ২৭
নাম- নৱনীতা বৰা
ঠিকনা- লক্ষীমপুৰ জিলা,নাৰায়ণপুৰ(অসম)
কেনেকৈ বাৰু বুজাওঁ তোমাক?
হৃদয় গহ্বৰত কত যে অনামা ঢৌ তোমাৰ বাবে…
কেনেকৈ বাৰু বুজাওঁ তোমাক?
তুমি তুমি লগা সময়বোৰত গাভৰু হৈ উঠে শাওনৰ পথাৰ…চঞ্চলা হৈ পৰে তোমাৰ এই প্ৰেমিকা…
মেঘৰ ভাঁজতো আঁকে তোমাৰেই ছবিখনি,সংগোপনে…
তুমি জানো নুবুজা?
দৰকাৰ হ'লে হৃদয়খনৰ দৰেই দি দিম জীৱনটোও
মাথো তুমি মোৰ হৈ ৰোৱাৰ বিনিময়ত…।
লাগিলে ময়েই হ'ম আন্ধাৰ…তুমি হ'বা পোহৰৰ বৰ্ণমালা…
তথাপিও কপালখন সেন্দুৰীয়া কৰিব খোজো
তোমাৰ নামৰ সূৰুযৰঙী বিথীকাৰে…।
"পৰিচয়" পৰিচালনাৰে স্বৰচিত কবিতা পাঠ প্ৰতিযোগিতাৰ, প্ৰতিযোগি নং- ২৫
নাম- প্রিয়ংকা নাথ |
ঠিকনা- চাংসাৰি
ডাকঘৰ+থানা- চাংসাৰি
জিলা- কামৰূপ, অসম
পিন- ৭৮১১০১
*কবিতাৰ শব্দ*
কবিতা এটি লিখিম.. শুনিবনে?
শব্দৰ কিছু নাটনি হ'ব পাৰে,
অৰ্থৰ কিছু ওলট-পালট হ'ব পাৰে..
বুজি বাৰু ল'বনে?
সৌ দূৰণিৰ পাহাৰখনিলে চালেই মনত নানা শব্দৰ জোৱাৰ উঠিছিল |
কলম ধৰিলেই কলমৰ নিবত শব্দবোৰে তাল মান ৰাখি নাচি উঠিছিল |
সেয়া আছিল অতীত !
সেই নিব আজি এটা জেগাতেই স্তব্ধ |
এয়া হ'ল বৰ্তমান !
আৰু এয়াই মোৰ আজিৰ কবিতা |
উতলা ফাগুন
"পৰিচয়" পৰিচালনাৰে স্বৰচিত কবিতা পাঠ প্ৰতিযোগিতাৰ, প্ৰতিযোগি নং- ২৪
অনিমেষ সেন
সৰুপথাৰ, গোলাঘাট, অসম
উতলা ফাগুন
পচোৱাৰ বেগত আমৰ মল
চোতালত সৰি পৰি
ৰজন জনাই উঠিছে।
ফাগুনৰ পচোৱা জাকে
হেপাঁহ পলুৱাই গতি কৰিছে
এঠাইৰ পৰা সিঠাইলৈ,
বতাহৰ ঢৌবোৰে মনবোৰ চুই
চঞ্চল কৰি তুলিছে।
তোমাৰ কথা মনত পৰিছে
তোমাৰ তিতা চুলিৰ সেমেকা গোন্ধ
বতাহত বিয়পি পৰিছে
ফাগুনে আমনি কৰিছে
তোমালৈ মনত পৰিছে।
"পৰিচয়" পৰিচালনাৰে স্বৰচিত কবিতা পাঠ প্ৰতিযোগিতাৰ, প্ৰতিযোগি নং- ২৩
নাম- লক্ষী ফিল'বাৰী
ঠিকনা- গুজৰাট ।
"সুঁতি"
মনৰ নিৰ্জন কোঠাত মোৰ
বহুত সংলাপৰ সোঁত!
মোকতুল মোকতুল কৰা
ফাগুনৰ হিমশীতল সমলয়।
তোমাৰ পলাশী ওঁঠত
সেইয়া কিহৰ হাঁহিৰ সঁফুৰা!
তোমাৰ গোলাপী গালত
থুপি থুপি মুকুতাৰ ঘাম!!
চিৰযৌৱনে আমনি কৰা
তোমাৰ বুকুত
কি যে লাস্যময়ী আৱেদন!!
চকুত তোমাৰ সপোনৰ মায়া,
নিশাহত যেনফুলৰ ৰেণুৰ
সুৰভিৰে পূৰ মৃদু বা!!
জালিকটা চুলিটাৰিত
কোনে সানি দিলে
ৰাতিৰ বৰ্ণিল সুষমা!
কেতিয়ানো শিকালে কুলিটিয়ে
মন কিবা কৰা উৰুঙা মাত
তোমাৰ নিপোটল বুকু
লাটুমণি ওঁঠ সুৱগাচৰা
ডালিমগুটীয়া দাঁত।
স্বপ্নাহত মোৰ
জীৱন নাটৰ অনুৰাগ!
সহস্ৰ সুষমাৰে
বাউলী কৰা জ্যোতি,
তুমি মোৰ কবিতাৰ
একো একোটি সুঁতি।।
"পৰিচয়" পৰিচালনাৰে স্বৰচিত কবিতা পাঠ প্ৰতিযোগিতাৰ, প্ৰতিযোগি নং- ২২
নাম- দীপিকা দেৱী কলিতা
পো:অ:-বামুনীমৈদাম
জৌতিনগৰ, (ইন্দ্ৰপুৰ )
গুৱাহাটী -781021
প্ৰস্তৰ যুগৰ অৱতৰি
******************
দীপিকা দেৱী কলিতা
================
সপোনত ভাঁহি থকা
পখৰা পাখৰি ভবিষ্যতৰ
দিনবোৰ গনি গনি লালকাল
আঠুত মুখ গুজি গুজি ।
সপ্তৰ্ষি মন্ডলৰ
গ্ৰহ বিচাৰে/সলাব নোৱাৰা
জীৱন পৰিক্ৰমা
ভোক আৰু পিয়াহৰ দলিলত
আধুনিকতাৰে স্বাক্ষৰ নোহোৱা
তেওলোক প্ৰস্তৰ যুগৰ অৱতৰি।
××××××××