04/02/2021
LIFE OF A DRIVER (প্ৰথম খণ্ড)
আলাপ অসমOctober 14, 2019
ASSAMESE NOVEL
গুৱাহাটীৰ পৰা শদিয়া লৈ আহি আছোঁ৷ ৰাতি ঠিক ৩ মান বজাত হেণ্ডিমেন আহি মোক জোকাৰি উঠালে, ক’লে গগৈ দাদাৰ টোপনি ধৰিছে আপোনাক মাতিছে৷ মই কেবিনত থকা ড্ৰাইভাৰ ৰ ওপৰৰ ছিট টোৰ পৰা ইঞ্জিনৰ ওপৰত নামি বহিলোঁ৷ নাইটচুপাৰখন প্ৰায় ৬০ মান স্পীডত গৈ আছে৷ চালোঁ, কুঁৱলী বৰ ডাঠকৈ পৰিছে। লাহেকৈ সোঁফালৰ চিগনেল লাইটটো জ্বলাই দি বাছখন ৰাস্তাৰ কাষত ৰখালে৷ ভিতৰৰ লাইট দুটা জ্বলাই দি গগৈ দা নামি গ’ল৷ “বাহিৰলৈ যায় যদি যাব পাৰে”- হেণ্ডিমেনে ভিতৰলৈ চাই চিঞৰি ক’লে৷ জোতাযোৰ পিন্ধি ময়ো নামি গ’লো৷ বাহিৰা কামকণ কৰি বাছ খনৰ আগলৈ আহি পাওঁতে হেণ্ডিমেনে পানীৰ বটল এটা দিলে৷ মুখ-হাত ধুই ড্ৰাইভাৰৰ ছিটত বহিলোঁ৷ Air pressure, Diesel metre, Battery metre, Trampreture metre ৰ ওপৰেদি চকুটো পাৰ হৈ গল, চব ঠিক আছে৷ হৰ্ণটো বজাই দিলোঁ, “যাবলৈ দিয়ক৷” বাছ চলিল। “দাদা, লওক“ খৈনি অলপ দিলে, ল’লো৷ “কঁকাল খামুছিয়া, গাল গুলপীয়া……“ music system বাজি উঠিল অকল কেবিনত৷ “দাদা, 7 নম্বৰ ছিট ত যে আহিছে ছোৱালীজনী, আপোনাৰ কথা কেইবাবাৰো সুধিলে৷“ “কি সুধিলেনো? তই খা-খবৰ লৈ আহিছনে নাই? ডিব্ৰুগড় পালে কেবিনলে মাতি দিবি৷ চাহ কাপ একেলগে খালেহে ভাল লাগিব৷”
“এ মই এতিয়ালৈ মাতিবলৈ বাকী আছেনে! আহিম বুলিও ক’লে৷”
মৰাণ পাৰ হ’লো৷ স্পীড অলপ বঢ়াই দিলোঁ…৮০ পালেগৈ। ভাল লাগে৷ চাৰিটা হেড লাইট upper ত দি থৈছোঁ, দিনৰ নিচিনা পোহৰ৷ দুই এখন আগৰ পৰা bolero pickup পাৰ হৈ গৈছে৷ upper-dipper৷
“চিগাৰেট এটা জ্বলা চোন।“
সোপাতো মাৰি ধোঁৱাখিনি এৰি দি ড্ৰাইভিং ৰ আমেজ লৈ গান শুনি শুনি আগ বাঢ়িবলৈ ধৰিলোঁ৷ এখন ট্ৰাক আগৰ ফালৰ পৰা আহি আছে লাইট ফুল কৰি, দুবাৰ মান মই upper-dipper দিলো, নাই সি dipper নিদিয়ে৷ বৰ অসুবিধা হয় dipper নিদিলে৷ উপায় নাই switch বৰ্ড লে হাতখন গল, নিৰ্দিষ্ট সেই switch টোত ধৰি টানি দিলো, তলৰ ফগ লাইট দুটা আৰু হেড লাইটৰ মাজত থকা pointed লাইট কেইটা একেলগে জ্বলি উঠিল৷ লগে লগে ওলোটা ফালৰ পৰা dipper পালো৷ অলপ খঙো উঠিছিল, মই upperতে থাকিলোঁ, আৰু নিৰ্দিষ্ট সেই switchটোও অফ নকৰিলোঁ৷ ট্ৰাকখন ৰাস্তাৰ তেনেই কাষেদি একেবাৰে slow কৰি পাৰ হৈ গ’ল৷ switchটো অফ কৰি দিলো৷“ চপাই দিয়ক না তাক, কুকুৰটো, চুৱৰৰৰ বাটচা“ হেণ্ডিমেনৰ খং উঠিছিল৷
“তুমি জিলিকি জিলিকি থকা………..“ তৰুণ তন্ময় ৰ গানটো পুৱতি নিশা আৰু ৰোমাণ্টিক হৈ পৰে৷ বৰ মজা লাগে৷ স্কুল, কলেজ ৰ কিছুমান হেৰাই যোৱা মুহূৰ্ত এটা এটাকৈ মনলৈ আহি থাকে৷ বাছ চলি থাকে৷ “ দাদা, university নমা আছে, লাইটটো দিয়ক চোন৷“ ভিতৰৰ লাইট এটা জ্বলাই দিলো৷ “এই, university ওলাই আহিব দেই৷ “
দুজনী ছোৱালী নামি গল৷
“ দাদা, ঘৰলৈ গলে আপোনাক ফোন কৰিম, ছিট দিব দেই৷ “
“হ’ব, হ’ব কৰিবা।“
ডিব্ৰুগড়ৰ ৰেলৱে ষ্টেচন পাৰ হৈ গৈ বাছ ৰখালো৷
“এই, ডিব্ৰুগড় নামি ল’ব দেই৷ ডিব্ৰুগড়, ডিব্ৰুগড়।“
কেইবাজনো যাত্ৰী নামি গ’ল৷ শদিয়া যোৱা কেইবাজনো যাত্ৰী উঠিলে৷
“ছিট খালি আছে, সোমাই যাওক, লাষ্টৰ ফালে৷”
৭ নম্বৰ ছিট ৰ ছোৱালীজনীক মাতি আনিলে৷
“বাইদেউ বহক৷” বহিল ছোৱালীজনী, দৰ্জাৰ কাষৰ ছিটটোত৷ চাহ তিনি কাপ লৈ ’মন’ মানে হেণ্ডিমেনটো সোমাই আহিল৷
“যাব দিয়ক“
বাছ চলিল৷ বকুল পাৰ হ’লো৷
“ ৰূপ দাদা আপুনিয়ে ন? “
মই ছোৱালীজনীলে চালো
“ ও ও“
“ দাদা মই আজিয়ে ঘূৰিম, এই ৭ নম্বৰ ছিটটো লৈ দিব পাৰিবনে? “
“৭ নম্বৰটো পাম বুলি sure নহয়, কিন্তু এটা আগত single ছিট মই থৈ দিম৷ “
“ok, হ’ব৷ কিন্তু নাপাহৰিব দেই দাদা৷”
“ নাই, নাই, নাপাহৰোঁ।”
“ koho na pyar he” গান বাজি আছে৷ স্পীদ ৯০ পালেহি৷ ৫:২০ হ’ল৷ দূৰৰ আকাশখন ৰঙা হৈ উঠিছে৷ অলপ পাছতে পোহৰ হ’ব৷ এই সময়টো মই বৰ উপভোগ কৰোঁ৷ মনটো বহল হৈ যায়, বুকুখন খালি খালি হৈ যায়৷ নাজানো, বুজাবও নাজানো কেনেকুৱা লাগে৷ কিন্তু কিবা এটা বৰ বেলেগ লাগে৷ ডিকম পাৰ হৈ গ’লো৷ “তোমাৰ নামটো কি?” ছোৱালীজনীলে চাই সুধিলো৷ “ অঙ্কিতা৷“ তাই ও হয়তো এই আন্ধাৰ পোহৰৰ মায়াজালত উটি ভাঁহি ফুৰিছিল৷ হয়৷ এনে হয়৷ এই সময়টো এনেকুৱাই৷ নেদেখাজনে অনুভৱ কৰা টান৷
ডিকম ধাবাৰ আগৰ ধেনুভৰিয়া টাৰ্ণিংটো লওঁতেই ’মনে’ চিঞৰি ক’লে “দাদা, বৰ বেয়া একচিডেণ্ট হৈছে ৰে৷ আছতে আছতে৷” মই ব্ৰেক ত ভৰি থৈ হেঁচি ধৰিলোঁ৷
এখন bolero pickup গাড়ী আৰু truck ৰ মাজত মুখামুখি খুন্দা৷ ব্ৰইলাৰ কুকুৰা নিয়া bolero খনক truck খনে মহতিয়াই লৈ গল৷ গোটেই ৰাস্তাত ব্ৰইলাৰ সিঁচৰিত হৈ আছে৷ বাছখন ৰখাই হেণ্ড ব্ৰেক ডাল টানি দিলো৷ ফাউচ্চ কৰি বতাহৰ এটা শব্দ হৈ ব্ৰেক lock হৈ গ’ল৷ দৌৰি নামি গ’লো৷ পাছে পাছে মন৷
আগলৈ…………
Comment কৰি জনাৱ দ্ধিতীয় খণ্ড।
✍️ৰূপম দত্ত