Tafikuddin Ahmed unofficial

Tafikuddin Ahmed unofficial Tafik Uddin Ahmed unofficial Page
(3)

17/12/2023
30/11/2023

নাম বিভ্ৰাটৰ বাবে বাৰে বাৰে অসুবিধা পাইছো ৷ আজিৰ পৰা কেইবছৰমান আগতে জালুকবাৰীৰ তফিকউদ্দিন নামৰ চেটেলাইট চেনেল এটাৰ সংবাদদাতাৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে গোচৰ তৰিছিল ৷ এই নিউজটো কেইবাটাও চেনেলে অকল সাংবাদিক তফিকউদ্দিন আহমেদ বুলি প্ৰচাৰ কৰিছিল৷ সাংবাদিকজনে কোনটো চেনেলত কাম কৰে ক’ত ঘৰ একো স্পষ্ট নকৰাত মই অসুবিধাৰ সন্মুখীন হওঁ ৷ কিয়নো সাংবাদিক তফিকউদ্দিন বুলি ক’লে মোকেই চিনি পায় বিভিন্নজনে ৷ চিনাকি অচিনাকি বহুতে এই বিষয়ে সুধি ব্যতিব্যস্ত কৰিছিল ৷ আজিও সেইজন সাংবাদিকে আৰক্ষীৰ সৈতে বুজাবুজি কৰি হাৱালাৰ টকা আত্মসাতৰ এক গোচৰত গ্ৰেপ্তাৰ হৈছে, কিন্ত বিভিন্নজনৰ ফ’ন মোলৈ আহিছে ৷ লকডাউনৰৰ সময়ত শীৰ্ষ আৰক্ষীয়ে পানী জাহাজত বিনোদন কৰা ভিজুৱেল এইজন সাংবাদিকে সংগ্ৰহ কৰি নিউজ কৰাৰ পৰা বিৰত আছিল, পাছত ফ’ন আহাছিল মোলৈ ৷ মোৰ অৱশ্যে আৰক্ষীৰ সৈতে মিতিৰালি দূৰৰ কথা দূৰদূৰণিলৈ সম্পৰ্ক নাই ৷

দুটা দশক সংবাদ সাহিত্যৰ লগত জড়িত হৈ আছো, দৈনিক কাকত সম্পাদনাৰ পৰা ডিজিটেল সংবাদ মাধ্যমলৈ এক দীঘলীয়া যাত্ৰা ৷
অসমৰ বিভিন্ন প্ৰান্তত শুভকাঙ্খী আছে, সাংবাদিক বুলি দুই চাৰিজনে চিনি পায় ৷ আজি হয়তো দুই চাৰিবছৰৰ ভিতৰত মোৰ নামৰ স’তে মিল থকা সাংবাদিক সংবাদ মাধ্যমত জড়িত হ’ল, তাত একো আপত্তি নাই কিন্ত এই নাম বিভ্ৰাটৰ পৰা অসুবিধা হৈছে ৷ নিউজ কৰিলে সম্পূৰ্ণ বিবৰণ দিব লাগে, চেনেলৰ নামসহ উল্লেখ কৰিব লাগে ৷ ডিজিটেল বা প’ৰ্টেলৰ সাংবাদিক হ’লে যিদৰে ৰঙা চিন মাৰে, চেটেলাইটৰ হ’লেও মাৰিব লাগে ৷ নহ’লে কোনো অখ্যাতৰ পৰা আন কোনোবা সমস্যা বা অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় ৷ চেটেলাইট - প’ৰ্টেলৰ বিভাজনত কোনোবা হাৰাশাস্তি হ’বলগীয়া হয় !

আজিৰ পৰা কেইবছৰমান আগতে যোৰহাটৰ ফালৰ পৰা এজনে ফ’ন কৰি সুধিলে আপুনি তফিক হয়নে ! আপোনাৰ বিল্ডিঙৰ তলত আছো আপুনি নামি আহক, মই নামি গৈ দেখো কোনো নাই ৷ মানুহজন বিচাৰি নাপায় ফ’নতে ক’লো আপুনি ক’ত আছে আৰু মই আপোনাক চিনি পোৱা নাই ৷ মানুহজনে মোৰ উত্তৰ শুনি গেৰগেৰাই উঠিল আৰু ক’লে আপুনি আমাৰ ঘৰত থাকি গৈছে লীনাৰ লগত, এতিয়া পাহৰিলে! মোৰ যেন মূৰত সৰগ ভাঙি পৰিল! ক’ত কেতিয়া মই লীনাৰ লগত তেওঁৰ ঘৰত থাকি আহিলো! পিছতহে কলে, আপুনি অভিনেতা তফিকুৰ নহয় জানো! তেতিয়াহে মোৰ সম্বিত আহিল আৰু কলো ডাঙৰীয়া মই সাংবাদিক তফিক আহমেদহে !

এনেদৰে নামৰ বাবে বৰ আহুকালত পৰিছো৷ ফেচবুকত মোৰ নামৰ পিছত ঘৰত মতা নামটো সাঙুৰি দিছো ৷ তথাপিও এই নাম বিভ্ৰাটৰ পৰা মুক্ত হ’ব পৰা নাই !

কিবা যে এক শূন্যতা,উদাসীনতাৰ আৱৰণে হেঁপাহক হেচুকি ধৰিছে৷পুৱাৰে পৰা কিমান যে  ব্যস্ততা, কুঁহি তামোলৰ পৰা ৰবাবটেঙা,নাৰিকল ...
18/10/2023

কিবা যে এক শূন্যতা,উদাসীনতাৰ আৱৰণে হেঁপাহক হেচুকি ধৰিছে৷

পুৱাৰে পৰা কিমান যে ব্যস্ততা, কুঁহি তামোলৰ পৰা ৰবাবটেঙা,নাৰিকল সংগ্ৰহলৈকে..

গধূলি চোতালত ঢাৰিত বহি থাকোতে বতাহজাকে শীত ছটিয়াই দি গৈছিল শৰৎ অহাৰ বতৰা৷

ভঁৰাল, গোহালি,পথাৰত কলৰ ডোনাত চাকি (থকি)দিয়ালৈকে ৰৈ আছিলো, চাকি-বন্তি দিয়াৰ পাছতে মোৰ লোভ আছিল নাৰিকল আৰু চাউলৰ গুৰাৰে বনোৱা বিশেষ লাড়ুৰ বাবে৷

আজি মহানগৰীত থাকিও উভতি গৈছো শৈশৱৰ মোৰ ঘৰখনলৈ,বাৰেবাৰে গাঁৱৰ ঘৰখনৰ সেই পৰিৱেশটোৱে আমনি কৰিছে৷ কিবা যেন শূন্যতা, ইচ্ছা কৰিলেও বিচাৰি নাপাও সেই সময়৷ কৃত্ৰিমতাৰ মাজত নিভাঁজ গাঁৱৰ ছবিখন বিচাৰি আহত হৈছো বাৰেবাৰে!

এতিয়াও সেউজীয়া গাভিনী পথাৰখন আৰু গাখীয়তী ধানৰ গোন্ধটোৱে মতলীয়া কৰি তোলে৷

কঙালী হলেও আছে আশা, কাতিবিহুৱে দি যায় ভোগালী অহাৰ প্ৰতিশ্ৰুতি৷

বৈচিত্ৰ্যময় এই অসমীয়া কৃষ্টি-সংস্কৃতি সদায় জীয়াই থাকক,আধুনিকতাৰ ধামখুমীয়াত হেৰাই নাযাওক আমাৰ প্ৰাণৰ কঙালী!

12/10/2023

জনপ্ৰিয় অভিনেতা নয়ন নীলিম জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তীৰ স’তে আদ্দা ৷

পৰহিলৈ ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা মানুহজন হঠাৎ নাইকিয়া হ’ল ৷ কাকতখন মেলিলেই জিলিকি থকা লিখনিবোৰ হঠাৎ স্তব্ধ হ’ল ৷ সদা...
27/08/2023

পৰহিলৈ ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা মানুহজন হঠাৎ নাইকিয়া হ’ল ৷ কাকতখন মেলিলেই জিলিকি থকা লিখনিবোৰ হঠাৎ স্তব্ধ হ’ল ৷

সদায় নিষ্পেষিতসকলৰ সপক্ষে কলম চলোৱা অৰ্থনীতিবিদ, লিখক অনন্ত কলিতাৰ মৃত্যু অসমৰ বৌদ্ধিক জগতৰ বাবে অপূৰণীয় ক্ষতি ৷

প্ৰতিখন সমাজে এনেকুৱা কঠোৰ ব্যৱস্থা ল’লে মাদক দ্ৰব্যৰ প্ৰচলন কিছু হ্ৰাস পাব পাৰে৷
17/08/2023

প্ৰতিখন সমাজে এনেকুৱা কঠোৰ ব্যৱস্থা ল’লে মাদক দ্ৰব্যৰ প্ৰচলন কিছু হ্ৰাস পাব পাৰে৷

সকলো অভিলেখ ভংগ কৰি ৰঘুপতিয়ে ১৩ কোটি ৩০ লাখৰ ব্যৱসায় কৰিলে৷
14/07/2023

সকলো অভিলেখ ভংগ কৰি ৰঘুপতিয়ে ১৩ কোটি ৩০ লাখৰ ব্যৱসায় কৰিলে৷

14/07/2023

🔴বাক্সাৰ দিৰিং নদীৰ তীব্ৰ সোঁতে উটুৱাই নিলে ফৰচুনাৰ বাহন

🔴বানে বাহনখন উটুৱাই নিয়া ভয়ংকৰ দৃশ্য বন্দী প্ৰতিবিম্ব লাইভৰ কেমেৰাত

আকৌ যেন ভ্ৰাম্যমাণৰ সুদিন উভতি আহিব, ৰাইজে হিলদলভাঙি প্ৰেক্ষাগৃহত ভিৰ কৰিব৷ পুনৰ নাটকৰ কাহিনীত নিজকে আৱিষ্কাৰ কৰি উচুপি ...
12/07/2023

আকৌ যেন ভ্ৰাম্যমাণৰ সুদিন উভতি আহিব, ৰাইজে হিলদলভাঙি প্ৰেক্ষাগৃহত ভিৰ কৰিব৷ পুনৰ নাটকৰ কাহিনীত নিজকে আৱিষ্কাৰ কৰি উচুপি উঠিব ৷ থিয়েটাৰ মানে আৱেগ, অসমীয়া সংস্কৃতিৰ লাইখুঁটা ভ্ৰাম্যমাণ থিয়েটাৰ ৷
ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰাজধানী নলবাৰীৰ ভাগ্যদেৱী থিয়েটাৰ এক ঐতিহ্য আছে ৷ সোণালী বৰ্ষ অতিক্ৰম কৰা ভাগ্যদেৱী থিয়েটাৰৰ এইবাৰ সিংহাসনৰ দায়িত্ব লৈছে দুই বন্ধু ক্ৰমে ৰূপেন লহকৰ আৰু হীৰকজ্যোতি কলিতাই ৷ সুবোধ মজুমদাৰৰ নেতৃত্বত এই দুই সাহসী যুৱকে এখন যুদ্ধ আৰম্ভ কৰিবলৈ ওলাইছে , এই যুদ্ধ অপসংস্কৃতি ৰোধেৰে সংস্কৃতি প্ৰতিষ্ঠাৰ যুদ্ধ ৷

আজি ভাগ্যদেৱী থিয়েটাৰৰ আখৰা মুকলি কৰা হয়।
এইবাৰ ভাগ্যদেৱী থিয়েটাৰত সমৰেন্দ্ৰ বৰ্মনৰ “ৰাজ ৰাণী” ৰাজদ্বীপৰ “বিদ্ৰোহীৰ প্ৰেমপত্ৰ” আৰু নৱৰত্ন পাটোৱাৰীৰ ৰচনা তৌফিক ৰহমানৰ পৰিচালনাৰে “মায়াবিনী ৰাতিৰ জোনাক” নাটককেইখনে খলকনি তুলিব বুলি আশা কৰিব পাৰি৷

বিশ্বাস কৰো এইবাৰ ভাগ্যদেৱীত অৰূপ বৰা,অন্বেষা প্ৰিয়দৰ্শিনী,মেঘনা কলিতাৰ অভিনয়ে ৰাইজৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হ’ব৷
ভ্ৰাম্যমাণৰ সুদিন আহিব এই বাটেৰে , ভাগ্যদেৱীয়ে খুলিব ভ্ৰাম্যমাণৰ ভাগ্যৰ দুৱাৰ৷

বিদায় মনজিত দা, এক বৈপ্লৱিক যাত্ৰাৰ পৰিসমাপ্তি ঘটিল৷ য’তেই আছে কুশলে থাকক৷
10/07/2023

বিদায় মনজিত দা, এক বৈপ্লৱিক যাত্ৰাৰ পৰিসমাপ্তি ঘটিল৷ য’তেই আছে কুশলে থাকক৷

19/06/2023

সততে প’ৰ্টেল সাংবাদিকৰ ভুল বিচাৰি বাতৰি অনুষ্ঠান কৰা দুজনমান শ্ৰদ্ধাৰ মুখ্য সম্পাদক/সম্পাদক আৰু জ্যেষ্ঠ সাংবাদিকলৈ এটি অনুৰোধ৷ কিছুদিনৰ পৰা ডিজিটেল মিডিয়াৰ সাংবাদিকক প’ৰ্টেলৰ সাংবাদিক বুলি ঠাট্টামস্কৰা কৰি আপোনালোকে ছ’চিয়েল মিডিয়া গেলাই পেলালে৷ কাৰোবাৰ ভুলৰ বাবে সকলো ডিজিটেল মিডিয়াৰ সন্মানীয় সাংবাদিকক কাঠগড়াত তুলিলে আপোনালোকে৷ এইকেইদিন কিন্ত আপোনালোক নীৰৱ, অলপ খা-খবৰ ল’বচোন! নে আপোনালোকৰ মেইনষ্ট্ৰীমৰ বাবে লুকুৱাব বিচাৰিছে?

ডিব্ৰুগড়, তিনিচুকীয়াৰ পাছত ডবকাৰ এটি ঘটনাই সকলোকে লজ্জিত কৰিছে৷ এই বিষয়ে কিবা এটা অনুষ্ঠান কৰিব বুলি আশা ৰাখিলো৷
ক্ষুদ্ৰ প্ৰতিষ্ঠানক তুচ্ছতাছিল্য কৰা আপোনাসবৰ কুণ্ডলীও জনা আছে বাৰু ৷ আশা কৰো মানসিকতা সলনি কৰিব , আনক ধ্বংসৰ ষড়যন্ত্ৰ কৰা আপোনালোক আজি দুৰ্নীতি ভ্ৰষ্টাচাৰ দেখিও মৌন ৷ পুঠিখলিহনাক টাৰ্গেট কৰা আপোনালোক যে একো একোটা টিমি মাছ সেয়া বহুতেই নাজানে৷

এতিয়াও সময় আছে কাকো ধ্বংসৰ আখৰা নকৰিব ৷ আপোনালোকে নিজকে উটপক্ষীৰ দৰে বালিত মূৰ গুজি পৃথিৱীয়ে একো দেখা নাই বুলি কিয় ভাবে? আপোনালোকক নগ্ন কৰিবলৈ এটি ক্ষুদ্ৰ প’ৰ্টেলে যথেষ্ট৷

I have reached 30K followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉
15/06/2023

I have reached 30K followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉

হোমেন বৰগোহাঞি ছাৰৰ এইখিনি কথাই মোৰ জীৱন সলনি কৰিছিল!@তফিকউদ্দিন আহমেদ@পৃথিৱীত কোনো মানুহ পাৰফেক্ট নহয়, দোষগুণৰ সমষ্টিয়ে...
12/05/2023

হোমেন বৰগোহাঞি ছাৰৰ এইখিনি কথাই মোৰ জীৱন সলনি কৰিছিল!
@তফিকউদ্দিন আহমেদ

@পৃথিৱীত কোনো মানুহ পাৰফেক্ট নহয়, দোষগুণৰ সমষ্টিয়েই জীৱন! মহান লোকৰ জীৱন অধ্যয়ন কৰিলে আমি দেখা পাও তেওঁলোকে নিজৰ দোষ ভুলৰ পৰা শিক্ষা লৈ জীৱন আগুৱাই নি মহত্ত্ব অৰ্জন কৰে৷ মহাত্মা গান্ধীৰ জীৱনৰ প্ৰথমছোৱা যথেষ্ট বিতৰ্কিত আছিল৷ নকৰিবলগীয়া কাম আৰু অখাদ্য গ্ৰহণ কৰা বুলি নিজেই মোৰ সত্য অন্বেষণৰ কাহিনীত উল্লেখ কৰিছিল৷

প্ৰথম হোমেন বৰগোহাঞি ছাৰৰ কিতাপ পঢ়িয়ে নিজৰ ওপৰত বিশ্বাস জন্মিছিল৷ নিজক সফলতাৰ শিখৰলৈ নিবলৈ যে নিজৰ আত্মাৰ পোহৰে যথেষ্ট সেয়া হোমেন বৰগোহাঞি ছাৰৰ কিতাপ পঢ়িয়ে উপলব্ধি কৰিছিলো৷ যিকোনো বিষয়বস্তু মনোগ্ৰাহী কৰি একেবাৰে সৰল ভাষাত লিখিব পৰা গুণ একমাত্ৰ ছাৰৰ আছিল৷ হোমেন বৰগোহাঞি ছাৰক বাদ দি অসমত দ্বিতীয়জন নিৰপেক্ষ কলম চলোৱা সাহিত্যিক -সাংবাদিক আছিল বা বৰ্তমানো আছে বুলি মনে নকয়৷

বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ দ্বাৰা পৰিচালিত কাকতত মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰিছিল বৰগোহাঞি ছাৰে ৷ এইক্ষেত্ৰত বহুতেই হোমেন বৰগোহাঞি ছাৰক সমালোচনা কৰাও দেখা গৈছিল৷ যিসময়ত একাংশ সাংবাদিক বা সংবাদপত্ৰৰ স্বত্বাধিকাৰীয়ে নিজ স্বাৰ্থৰ বাবে মন্ত্ৰীৰ তৈলমৰ্দনত ব্যস্ত হৈ পৰে সেইসময়ত পৰোক্ষভাৱে মন্ত্ৰীৰ মালিকানাৰ কাকত চেনেলত কাম কৰিও নিজৰ আদৰ্শ আৰু সাংবাদিকতাৰ ধৰ্ম বিসৰ্জন দিয়া নাছিল বৰগোহাঞি ছাৰে৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থাকোতে সংস্কৃত বিষয়ক পাঠ্যক্ৰমত বাধ্যতামূলক কৰিবৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰি নিয়মীয়া বাৰ্তাত প্ৰথম কলমত যুক্তিপূৰ্ণ শক্তিশালী লেখা লিখিছিল৷ বদৰুদ্দিন আজমলক লৈ ৰাজ্যজুৰি হৈচৈ সৃষ্টি হৈ থকাৰ সময়তো একেখন কাকতৰ প্ৰথম কলমত আজমলতকৈ ভাল অসমীয়া নাই বুলি লিখি আজমলৰ সামাজিক কামে অসমৰ পৰিৱেশ কেনেদৰে সলনি কৰিছে সেয়া লিখিছিল৷ মন্ত্ৰীৰ প্ৰতিষ্ঠানত কাম কৰাৰ পাছতো সেইগৰাকী মন্ত্ৰীকে সমালোচনা কৰাৰ সাহস একমাত্ৰ হোমেন বৰগোহাঞি ছাৰৰ আছিল৷ এই সাহস থকা সাহিত্যিক সাংবাদিক অসমত দ্বিতীয়জন নাই৷

এতিয়াতো দহহাজাৰ টকীয়া চৰকাৰী বঁটাৰ বাবেও চৰকাৰৰ গুণানুকীৰ্তনত ব্যস্ত থাকে একাংশ সাহিত্যিক-সাংবাদিক৷ ৰাজ্যৰ অন্য বহুজন সাহিত্যিক সাংবাদিকৰ দৰে নিগনি দৌৰত কোনোদিন দৌৰা নাছিল হোমেন বৰগোহাঞি ছাৰ৷ ছাৰৰ দেহাৱসানৰ পাছতে সকলোৱে দুঃখ প্ৰকাশ কৰিছিল৷ মৃত্যুৰ দিনটোত অসমৰ নিউজ চেনেলৰ পৰা ছ’চিয়েল মিডিয়ালৈকে সকলোতে ছাৰৰ গুণানুকীৰ্তন চলিছিল৷ কাকতবোৰত ছাৰৰ জীৱনৰ ওপৰত মূল্যায়ন কৰি লিখা লিখনিবোৰ প্ৰকাশ পাইছিল৷

মনত পৰিছে, জীয়াই থাকোতে এইগৰাকী প্ৰথিতযশা সাহিত্যিক সাংবাদিককো কিন্ত অলপ নগুৰনাগতি কৰা নাছিল অসমৰ সংবাদ মাধ্যমে৷ বহুবছৰ আগতে হোমেন বৰগোহাঞি ছাৰৰ বিৰুদ্ধে আনিছিল যৌন নিৰ্যাতনৰ অভিযোগ৷ ঘটনা গৈ আদালত পাইছিলগৈ৷ সেইসময়ত অসমৰ সংবাদ মাধ্যমৰ একাংশই নামি পৰিছিল সাহিত্যিকগৰাকীৰ চৰিত্ৰহননত৷ হোমেন বৰগোহাঞি ছাৰৰ বিৰুদ্ধে ধাৰাবাহিক ৰহণ সানি বাতৰি প্ৰকাশ কৰিছিল একাংশ সংবাদপত্ৰই ৷ আনকি এজন লম্পট প্ৰকৃতিৰ দালাল নীলা শিয়ালসদৃশ সাংবাদিকে হোমেন বৰগোহাঞি ছাৰৰ বিৰুদ্ধে কিতাপ লিখি প্ৰচাৰ চলাই নিজকে প্ৰতিষ্ঠা কৰাৰ অপচেষ্টা কৰিছিল ৷ সকলোফালৰ পৰা মানুহজনক অত্যাচাৰ কৰা হৈছিল৷ ব্যক্তিগত চৰিত্ৰহনন কৰিবলৈ গৈ মনেসজা বাতৰি প্ৰচাৰ চলাইছিল৷ আনকি আমাৰ অসমত মুখ্য সম্পাদক হিচাপে থকা সময়ত অনাঅসমীয়া মালিকৰ তলত কাম কৰা বাবে তাচ্ছিল্য কৰিছিল৷ ভাগ্য কলিতাৰ মালিকানাত প্ৰকাশ পোৱা কাকতত মুখ্য সম্পাদকৰ দায়িত্ব লোৱাৰ সময়তো বহুতেই সমালোচনাৰ নামত সকলো সীমা অতিক্ৰম কৰিছিল৷

মানুহজনৰ প্ৰতি ইমান অন্যায় হোৱাৰ পাছতো কিন্ত নিজক নিৰ্দোষিতা প্ৰমাণ কৰিবলৈ একলম নিলিখিলে৷ এটা সাক্ষাৎকাৰত হোমেন বৰগোহাঞি ছাৰক সোধা হৈছিল আপোনাৰ বিৰুদ্ধে বাতৰি কৰিলে বা অভিযোগ আনিলে প্ৰত্যুত্তৰ কিয় নিদিয়ে৷ তেতিয়া তেওঁ কৈছিল মই কোনোদিনে নিজক চাফাই দিবলৈ গৈ মোৰ কলমৰ চিঞাহী নষ্ট নকৰো৷ বৰগোহাঞি ছাৰৰ এই কথাষাৰে মোৰ জীৱন সলনি কৰি দিছিল৷ মই নিৰ্বাক হৈ পৰিছিলো ইমান আক্ৰমণ ভৎসনা নিন্দা কৰাৰ পাছতো কেনেকৈ এজন মানুহ সুস্থ হৈ হাঁহি থাকিব পাৰে৷ তেতিয়াৰ পৰা মই মানুহৰ সমালোচনাক গুৰুত্ব দিবলৈ এৰিলো৷

আগতে কোনোবাই কিবা কলে ভাত নোখোৱাকৈ থকা মোক এতিয়া হাজাৰ সমালোচনাই স্পৰ্শ কৰিব নোৱাৰে৷ কাকো নিজৰ নিৰ্দোষিতাৰ প্ৰমাণ দিয়াৰ প্ৰয়োজন নকৰা হ’লো৷ সামাজিক জীৱনত ভুল হয় সেই ভুলৰ শুধৰণিও কৰা হয়৷ কিন্ত কেতিয়াবা আক্ৰোষমূলক আক্ৰমণে বিচলিত কৰিব ধৰিলেও হোমেন বৰগোহাঞি ছাৰৰ কথাষাৰলৈ মনত পৰে৷ একপ্ৰকাৰ বৰগোহাঞি ছাৰৰ এষাৰ কথাই জীৱন সলনি কৰি দিলে৷ দ্বিতীয় মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰিছো ছাৰক৷ @তফিকউদ্দিন আহমেদ৷

ভাষাটো আৰু জাতিটো জীয়াই থাকিলেহে বিহু পাতিব পাৰিব, কৃষি খেতিপথাৰ চিনি নোপোৱা আৰু মাটিভেঁটি ৰক্ষা কৰিব নোৱাৰাসকলৰ বিহুৰ ন...
08/05/2023

ভাষাটো আৰু জাতিটো জীয়াই থাকিলেহে বিহু পাতিব পাৰিব, কৃষি খেতিপথাৰ চিনি নোপোৱা আৰু মাটিভেঁটি ৰক্ষা কৰিব নোৱাৰাসকলৰ বিহুৰ নামত আবেগিক হোৱাৰ নৈতিক অধিকাৰ নাথাকে৷ বিহু চহা জীৱনৰহে উৎসৱ, কৃষকৰ উৎসৱ৷

নলবাৰীৰ বৰশিমলুৱাৰ মুকলি বিহুত এই মন্তব্য জ্যেষ্ঠ সাংবাদিক তফিকউদ্দিন আহমেদৰ৷

07/05/2023

দুচকুৰে নেদেখিলেও হৃদয়ৰে অনুভৱ কৰিব পাৰি৷
জন্মান্ধ এজন যুৱকৰ কণ্ঠত জুবিনৰ গীত৷

09/04/2023

ইথানেল মিহলি কৰাৰ পাছত পেট্ৰলৰ মূল্য হ্ৰাস হ’ব লাগিছিল কিন্ত দাম বৃদ্ধিহে হৈ থাকিল৷ ইফালে ইথানেল মিহলি পেট্ৰলৰ বাবে সাংঘাতিকভাৱে গাড়ীৰ মাইলেজ কমিছে আৰু ইঞ্জিনত ইয়াৰ কুপ্ৰভাৱ পৰিবলৈ আৰম্ভ হৈছে৷

বিদ্যুত মাচুল বৃদ্ধিয়ে ৰাইজক জ্বলাকলা খুৱাই থকাৰ সময়তে ভূতৰ ওপৰত দানহ পৰাদি স্মাৰ্ট প্ৰি পেইড মিটাৰে মানুহক ভিক্ষাৰী কৰিবলৈ ওলাইছে৷

ৰাইজক এনেকুৱা পৰিস্থিতিৰ মাজলৈ লৈ যোৱা হ’ব যে ৰাইজে খাইবৈ জীয়াই থকাটোৱেই জীৱনৰ প্ৰাপ্তি বুলি ভাবিব লাগিব৷

এই পৰিৱৰ্তন ভয়াবহ! এফালে হিতাধিকাৰী সৃষ্টি কৰিব আনফালে নিম্ন মধ্যবিত্তৰ মানুহখিনিক জীয়াই থাকিব নিদিব৷

08/04/2023

চৌদিশে যেন কৰিশ্মাৰ জ্বৰ৷

26/03/2023

সুপ্ৰভাত৷ স্বাস্থ্যই পৰম ধন, এনেদৰে স্বাস্থ্যৰ যতন লৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷

23/03/2023

ৰমজান মোবাৰক৷

যিখন ৰাজ্যত ৰাইজে ৰূপজ্যোতিৰ নিচিনা মানুহক বিধায়ক নিৰ্বাচিত কৰে আৰু সুশাসন আশা কৰে, সেইখন ৰাজ্যত বিবেকবুদ্ধি থকা মানুহে ...
13/03/2023

যিখন ৰাজ্যত ৰাইজে ৰূপজ্যোতিৰ নিচিনা মানুহক বিধায়ক নিৰ্বাচিত কৰে আৰু সুশাসন আশা কৰে, সেইখন ৰাজ্যত বিবেকবুদ্ধি থকা মানুহে ঘৰত দুৱাৰ খিৰিকী বন্ধ কৰি থকাৰ বাদে বেলেগ একো পথ নাথাকে৷

Address

Gauhati

Telephone

+919854318734

Website

Alerts

Be the first to know and let us send you an email when Tafikuddin Ahmed unofficial posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share

Nearby media companies


Other Gauhati media companies

Show All