News Axom

News Axom Local news,Assam news, breaking news in Assamese

12/12/2021
17/08/2021
জকাই চেঁচা নদীৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা।। এই দুৰ্ঘটনাত কোনো লোক আহত হোৱা নাই।।
01/03/2021

জকাই চেঁচা নদীৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা।। এই দুৰ্ঘটনাত কোনো লোক আহত হোৱা নাই।।

09/10/2020
 ডিব্ৰুগড় জিলাৰ অন্তৰ্গত জকাই হাৰকপথাৰ সমিপত ৫২ নং(বি) ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় , থিতাতে নিহত...
14/09/2020


ডিব্ৰুগড় জিলাৰ অন্তৰ্গত জকাই হাৰকপথাৰ সমিপত ৫২ নং(বি) ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় , থিতাতে নিহত হয় এজন ব্যক্তি, বৰ্তমান এজন ব্যক্তি সংকট জনক অবস্থাত আছে, বাকী আহত ব্যক্তি কেইজনক স্হানীয় ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰন কৰে, জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত ব্যক্তি কেইজন অৰুণাচলৰ সমিপবতি কোনো এখন অঞ্চলৰ আছিল বুলি গম পোৱা গৈছে....নিহত আৰু আহত ব্যক্তি কেইজনৰ নাম আৰু ঠিকনা সঠিককৈ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

ডিব্ৰুগড় জিলাৰ ১১৭ নং লাহোৱাল সমষ্টিৰ অন্তৰ্গত জকাই ২নং মহমাৰী ফুলামপুৰ সংযোগী পথৰ উন্নয়নৰ দাবীত স্থানীয় ৰাইজৰ ভূঁই ৰুই...
14/09/2020

ডিব্ৰুগড় জিলাৰ ১১৭ নং লাহোৱাল সমষ্টিৰ অন্তৰ্গত জকাই ২নং মহমাৰী ফুলামপুৰ সংযোগী পথৰ উন্নয়নৰ দাবীত স্থানীয় ৰাইজৰ ভূঁই ৰুই প্ৰতিবাদ

ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ জকাই ২নং মহমাৰী পৰা ফুলামপুৰ তিনি আলি টিমনা হৈ সোণাৰী তিনি আলি ৰাজগড় ফুলামপুৰ সংযোগী শোচনীয় পথটোৰ উন্নয়নৰ দাবী জনাই যোৱা শনিবাৰে স্থানীয় ৰাইজে পথৰ মাজত ভূঁই ৰুই প্ৰতিবাদ সাৱস্ত্য কৰে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অতিকৈ যাতায়াতৰ অনুপযোগী জকাই ২নং মহমাৰী ফুলামপুৰলৈ সংযোগী পথটো একাঠু বোকাপানীৰে ভৰি ৰোৱনী পথাৰ সদৃশ ৰূপ ধাৰণ কৰাৰ ফলত স্থানীয় জকাইৰ ২নং মহমাৰী, ১নং মহমাৰী, টেমটো, ৰিঙাজান, টিমনা আৰু ফুলানপুৰবাসী জনসাধাৰণে জীয়াতু ভূগিবলগীয়া হৈছে। লাহোৱাল সমষ্টিৰ অন্তৰ্গত জকাই ২নং মহমাৰীৰ ফুলামপুৰ সংযোগী পথটোত আজিকোপতি শিলগুটি এটাও নপৰিল বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে।বাৰম্বাৰ আবেদন নিবেদন আৰু ৰাজহুৱাকৈ স্মাৰক পত্ৰ যোগে জকাই ২নং মহমাৰী ফুলাম পুৰ সংযোগী পথৰ উন্নয়নৰ হকে ইতিমধ্যে কে'বাবাৰো অসম চৰকাৰৰ গড়কাপ্টানি পথ সংমণ্ডলক অৱগত কৰি আহিছে যদিও অদ্য পৰিমতি নিৰ্মাণ নকৰাক লৈ স্থানীয় ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষোভ প্ৰকাশ কৰিছে।বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কেচাপাত কঢিওৱা গাড়ী চলাচল কৰাৰ ক্ষেত্ৰতো ২নং মহমাৰী ফুলামপুৰ সংযোগী পথৰ দুৰৱস্থাই যমৰ যান্ত্ৰনা ভোগাইছে বুলি জানিবলৈ দিছে।বিগত কং(ই) চৰকাৰৰ শাসন কালৰ পৰা বৰ্তমানৰ বিজেপি চৰকাৰৰ শাসন পৰ্যন্ত জকাই ২নং মহমাৰী ফুলামপুৰ সংযোগী পথটোৰ উন্নয়নৰ দাবীত আবেদন নিবেদন জনাই আহিছে যদিও সুফল পোৱা নাই বুলি ৰাইজৰ অভিযোগ। বৰ্তমান অধিক শোচনীয় দুৰৱস্থালৈ পৰিণত জকাই ২নং মহমাৰী ফুলামপুৰ সংযোগী লাহোৱাল সমষ্টিৰ এই পথটো ধান ৰুৱ পৰা পথলৈ ৰূপান্তৰিত হৈ পৰাত যাতায়াতৰ অধিক শোচনীয় হৈ পৰাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰি মহিলা সকলে ভূঁই ৰুই প্ৰতিবাদ জনায়। স্থানীয় ৰাইজে বৰ্তমানৰ লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই জকাই ২নং মহমাৰী ফুলাম সংযোগী পথটো অতিশীঘ্ৰে পৰিদৰ্শন কৰি নিৰ্মাণৰ সন্দৰ্ভত প্ৰয়োজনীয় আচঁনি গ্ৰহণৰ দাবী জনাইছে। অন্যথা আগন্তক বিধান সভাৰ ২০২১বৰ্ষৰ নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ দিছে স্থানীয় ৰাইজে।

খোৱাঙত বিজেপি ভেৰণীয়া গুণ্ডাই সাংবাদিক যুগান্ত দিহিঙীয়াক প্ৰাণে মৰাৰ অপচেষ্টাঃ গৰিহণা সাংবাদিক সুৰক্ষা মঞ্চৰডিব্ৰুগড়ঃ ৰা...
14/09/2020

খোৱাঙত বিজেপি ভেৰণীয়া গুণ্ডাই সাংবাদিক যুগান্ত দিহিঙীয়াক প্ৰাণে মৰাৰ অপচেষ্টাঃ গৰিহণা সাংবাদিক সুৰক্ষা মঞ্চৰ

ডিব্ৰুগড়ঃ ৰাজ্যত এতিয়া যেন নিৰাপত্তা নাইকিয়া হৈছে সাংবাদিকৰ। দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰাৰ বাবেই দেওবাৰে দৈনিক জনমভূমি কাকতৰ সাংবাদিক যুগান্ত দিহিঙীয়াক বিজেপিৰ এজন ভেৰুণীয়া গুণ্ডাই আক্ৰমণৰ অপচেষ্টা চলায়। মৰাণৰ সমীপৰ খোৱাঙৰ এটা পথত হোৱা দুৰ্নীতিৰ সন্দৰ্ভত দুদিনৰ পূৰ্বে মৰাণৰ দৈনিক জনমভূমি কাকতৰ সাংবাদিক যুগান্ত দিহিঙীয়াই বাতৰি পৰিৱেশন কৰাৰ পিছত আজি সাংবাদিক গৰাকীক বিজেপি কৰ্মী তথা ঠিকাদাৰ পন্থী ভেৰুণীয়া গুণ্ডা খোৱাঙৰ দিলিপ বাইলুং নামৰ লোকজনে সাংবাদিক জনে বাতৰিৰ সক্ৰান্তত ঘৰৰ পৰা ওলাই যাওতে বাটত আগুছি ধৰি চোকা অস্ত্ৰৰে প্ৰাণে মৰাৰ অপচেষ্টা চলায়। উপায়ন্ত হৈ সাংবাদিকজনে প্ৰাণৰ মমতাত দৌৰি পলায় আহিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে পথটোত সংঘটিত হোৱা এই দুৰ্নীতিৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছতে খণ্ড উন্নয়ণ বিষয়াই তাৎক্ষণিক ভাৱে তদন্ত ঘোষণা কৰে। আজি পথটো পুনৰ মেৰামতি কৰিছে ঠিকাদাৰজনে। কিন্তু এই ভেৰুণীয়া গুণ্ডাজনে সাংবাদিক জনক পথটোৰ সন্দৰ্ভত ঠিকাদাৰ পক্ষলৈ কালি মেনেজ কৰিবলৈ সাংবাদিক জনৰ ঘৰলৈ আহিছিল। সাংবাদিকজনে লোকজনক ঘৰৰ পৰা উঠাই পথাই দিয়াত আজি সাংবাদিক যুগান্ত দিহিঙীয়াক আক্ৰমণৰ লক্ষ্য কৰি লয়। ইফালে এই ঘটনাৰ সন্দৰ্ভত সাংবাদিকজনে ব্যক্তিজনৰ বিৰুদ্ধে খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে খোৱাং আঞ্চলিক ছাত্ৰ সন্থাইও খোৱাং থানাত দোষীক গ্ৰেপ্তাৰ আৰু শাস্তিৰ দাবীত স্মাৰক পত্ৰ দাখিল কৰিছে। এই দুৰ্ভাগ্যজনক ঘটনাটোক গৰিহণা দিছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ৰাহুল কোঁ‌ৱৰ, খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি অংকিত গগৈ, মৰাণ সমষ্টি উন্নয়ণ পৰিষদৰ সভাপতি চন্দন গগৈৰ লগতে ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সভাপতি দিবাকৰ দত্ত, কাৰ্যকৰী সভাপতি তপন কুমাৰ শইকীয়া, সাধাৰণ সম্পাদক প্ৰণৱ ডেকাবৰুৱা, তাই আহোম ছাত্ৰ সন্থা আৰু চুতীয়া ছাত্ৰ সন্থা আদি সংগঠন সমূহে।

জাতীয়তাবাদী চিন্তাৰ পটভূমিপৰা জন্ম ল’লে ‘অসম জাতীয় পৰিষদ’-এ : আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বহু প্ৰত্যাশিত নত...
14/09/2020

জাতীয়তাবাদী চিন্তাৰ পটভূমিপৰা জন্ম ল’লে ‘অসম জাতীয় পৰিষদ’-এ

: আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বহু প্ৰত্যাশিত নতুন আঞ্চলিক ৰাজনৈতিক দলৰ নাম আনুষ্ঠানিকভাৱে আজি ঘোষণা কৰা হয়৷ মহানগৰীৰ হোটেল ‘প্ৰাগ কণ্টিনেণ্টেল’ত অনুষ্ঠিত সংবাদমেলত ঘোষণা কৰা হ’ল আছু-এজেৱাইচিপি-ৰ নতুন ৰাজনৈতিক দল। ‘অসম জাতীয় পৰিষদ’ নামেৰে আনুষ্ঠানিকভাৱে অসমৰ ৰাজনীতিৰ পথাৰত খোজ দিলে নতুন দলটোৱে৷

 * গঠন হ’ল আছু-এজেৱাইচিপি-ৰ নতুন ৰাজনৈতিক দল। ‘অসম জাতীয় পৰিষদ’ নামেৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল নতুন দলৰ। * জিলা ভিত...
14/09/2020


* গঠন হ’ল আছু-এজেৱাইচিপি-ৰ নতুন ৰাজনৈতিক দল। ‘অসম জাতীয় পৰিষদ’ নামেৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল নতুন দলৰ।

* জিলা ভিত্তিক সংগঠনত গুৰুত্ব দিব ‘অসম জাতীয় পৰিষদ’-এ। আহ্বায়ক বসন্ত ডেকাই ঘোষণা কৰিলে নতুন দলৰ নাম। প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাও আছে দলত।

ঘোষণা কৰিলে আছু-AJYCPৰ নতুন আঞ্চলিক ৰাজনৈতিক দলৰ নাম। ''অসম জাতীয় পৰিষদ'' নামেৰে আছু-AJYCPৰ এই দলটো। ঘৰে ঘৰে আমি শ্লগান ...
14/09/2020

ঘোষণা কৰিলে আছু-AJYCPৰ নতুন আঞ্চলিক ৰাজনৈতিক দলৰ নাম। ''অসম জাতীয় পৰিষদ'' নামেৰে আছু-AJYCPৰ এই দলটো। ঘৰে ঘৰে আমি শ্লগান হ'ব নতুন দলটোৰ।

  ডিব্ৰুগড়ৰ মিলন নগৰ আৰক্ষী চকীৰ উপ পৰিদৰ্শক ৰবীন দাসৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত  কৰ্তব্যৰত অৱস্থাতে খনিকৰত হৃদৰোগত আক্ৰ...
11/09/2020


ডিব্ৰুগড়ৰ মিলন নগৰ আৰক্ষী চকীৰ উপ পৰিদৰ্শক ৰবীন দাসৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত কৰ্তব্যৰত অৱস্থাতে খনিকৰত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ।

11/09/2020

আটছা জকাই উপ-শাখাৰ নতুন কমিটি গঠন....

  মৰান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মিতালী কোৱঁৰ ক চাকৰি পৰা নিলম্বন। অসম চৰকাৰৰ উচ্চ শিক্ষাৰ সঞ্চালকালয়ৰ দ্বাৰা প্ৰদান কৰা ...
09/09/2020


মৰান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মিতালী কোৱঁৰ ক চাকৰি পৰা নিলম্বন। অসম চৰকাৰৰ উচ্চ শিক্ষাৰ সঞ্চালকালয়ৰ দ্বাৰা প্ৰদান কৰা হৈছে এই নিৰ্দেশ।

 অৱশেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ কৰিলে আছুৱে। গুৱাহাটী স্নাতক-স্নাতকোত্তৰ পৰীক্ষাৰ বিষয়ে উপাচাৰ্যৰ সৈতে...
08/09/2020


অৱশেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ কৰিলে আছুৱে। গুৱাহাটী স্নাতক-স্নাতকোত্তৰ পৰীক্ষাৰ বিষয়ে উপাচাৰ্যৰ সৈতে আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ নেতৃত্বত আলোচনা কৰে সংগঠনটোৰ প্ৰতিনিধি দলে আৰু অনলাইন আৰু অফলাইন উভয় পদ্ধতিৰে Open Book Examination অনুষ্ঠিত কৰাৰ আহ্বান আছু নেতৃত্বৰ। আইনৰ পৰীক্ষাও একেই পদ্ধতিৰে অনুষ্ঠিত কৰাৰ পৰামৰ্শ। লগতে প্ৰয়োজন অনুসৰি পাঠ্যক্ৰমো শিথিল কৰাৰ পৰামৰ্শ আগবঢ়ালে আছুৱে। আছুৰ আহ্বানলৈ সঁহাৰি জনালে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

ভাৰতৰত্ন,অসম গৌৰৱ ,বিশ্ব বৰেণ্য শিল্পী সুধাকন্ঠ  ডঃ ভূপেন হাজৰিকা দেৱৰ আজি ৯৪ তম জন্ম জয়ন্তী ৷ ১৯২৬ চনৰ আজিৰ দিনটোতেই (৮...
08/09/2020

ভাৰতৰত্ন,অসম গৌৰৱ ,বিশ্ব বৰেণ্য শিল্পী সুধাকন্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ আজি ৯৪ তম জন্ম জয়ন্তী ৷ ১৯২৬ চনৰ আজিৰ দিনটোতেই (৮ ছেপ্তেম্বৰ) শদিয়াত তেখেতে জন্ম গ্ৰহণ কৰিছিল ৷ সেই গৰাকী বিশ্ববৰেণ্য শিল্পীক শ্ৰদ্ধাৰে সোঁৱৰিছো

#হে_সুধাকণ্ঠ_তোমাক_সহস্ৰ_প্ৰণাম

06/09/2020
প্ৰকাশ পালে আই পি এল-২০২০ৰ সময়সূচীপ্ৰথমখন খেলত মুখামুখি হ'ব মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই চুপাৰ কিংছ১৯ ছেপ্তেম্বৰৰ পৰা U...
06/09/2020

প্ৰকাশ পালে আই পি এল-২০২০ৰ সময়সূচী

প্ৰথমখন খেলত মুখামুখি হ'ব মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই চুপাৰ কিংছ

১৯ ছেপ্তেম্বৰৰ পৰা UAEতআৰম্ভ হ'ব প্ৰতিযোগিতাখন

 অৱশেষত ডিব্ৰুগড় আৰক্ষীয়ে নগাওঁ আৰক্ষীৰ সহযোগত শিশু নিৰ্যাতনৰ মূল দুই অভিযুক্ত ডাঃ সিদ্ধি প্ৰসাদ দেউৰী,ডঃ মিতালী কোঁৱৰক ...
06/09/2020


অৱশেষত ডিব্ৰুগড় আৰক্ষীয়ে নগাওঁ আৰক্ষীৰ সহযোগত শিশু নিৰ্যাতনৰ মূল দুই অভিযুক্ত ডাঃ সিদ্ধি প্ৰসাদ দেউৰী,ডঃ মিতালী কোঁৱৰক ৰহাৰ পৰা গ্ৰেপ্তাৰ কৰে ।

05/09/2020

আজি সদৌ ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডিব্রুগড়বাসী ৰাইজৰ আতিথ্যত সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিবেশনৰ অভ্যথৰ্না সমিতি গঠনৰ উদ্দেশ্যে "ৰাজহুৱা সভা"ত......আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ ডাঙৰীয়াৰ বক্তব্য....

05/09/2020

আজি সদৌ ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডিব্রুগড়বাসী ৰাইজৰ আতিথ্যত সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিবেশনৰ অভ্যথৰ্না সমিতি গঠনৰ উদ্দেশ্যে "ৰাজহুৱা সভা"ত......আছুৰ সভাপতি দীপাংক কুমাৰ নাথ ডাঙৰীয়াৰ বক্তব্য.....

ৰাজ্যত সাপ্তাহিক ল'ক ডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ।এই কথা টুইটাৰযোগে জনাইছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।
04/09/2020

ৰাজ্যত সাপ্তাহিক ল'ক ডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ।

এই কথা টুইটাৰযোগে জনাইছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।

 ভাৰতত নিষিদ্ধ ঘোষণা PUBGনিষিদ্ধ কৰিলে PUBG সহ ১১৮ টা মোবাইল এপ
02/09/2020


ভাৰতত নিষিদ্ধ ঘোষণা PUBG
নিষিদ্ধ কৰিলে PUBG সহ ১১৮ টা মোবাইল এপ

02/09/2020

ডিব্ৰুগড়ত কালি সংঘটিত হয় এক নাৰকীয় কাণ্ড। শিশু শ্ৰমিকৰ ওপৰত শাৰীৰিক ভাৱে নিৰ্যাতন চলাই ডিব্ৰুগড়ৰ এটা শিক্ষিত পৰিয়ালে। এই ঘটনাৰ কেন্দ্ৰ কৰি আজি আটছা ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়াই এই ঘটনাৰ উচিত তদন্ত ৰ দাবী জনাই ডিব্ৰুগড় উপায়ুক্ত মহোদয়ক স্মাৰক পত্ৰ প্ৰদান কৰে আৰু অতি শীঘ্ৰেই সেই নাৰকীয় কাণ্ড সংঘটিত কৰা ব্যক্তি সকলক কৰায়ত্ত কৰিবলৈ দাবী জনায়।

আজি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা ৰ উদ্যোগত  কা(CAA) বাতিলৰ দাবীত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰি ডিব্ৰুগড় মাজ মজিয়াৰ ...
01/09/2020

আজি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা ৰ উদ্যোগত কা(CAA) বাতিলৰ দাবীত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰি ডিব্ৰুগড় মাজ মজিয়াৰ পৰা চৰকাৰক হুংকাৰ প্ৰদান কৰে ।

 প্ৰৱীণ ৰাজনীতিবিদ ভাৰতৰত্ন দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীয়ে ক্ষন্তেক সময়ৰ আগেয়ে নতুন দিল্লীৰ আৰ্মী হস্পিতালত শ...
31/08/2020


প্ৰৱীণ ৰাজনীতিবিদ ভাৰতৰত্ন দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীয়ে ক্ষন্তেক সময়ৰ আগেয়ে নতুন দিল্লীৰ আৰ্মী হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে।১৯৩৫ চনৰ১১ ডিচেম্বৰত জন্মগ্ৰহণ কৰা প্ৰণৱ মুখাৰ্জীয়ে ২০১২চনৰ পৰা ২০১৭চনলৈকে দেশৰ ৰাষ্ট্ৰপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। পাঁচ দশকজোৰা ৰাজনৈতিক কেৰিয়াৰত কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা হিচাপে তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ৰ দায়িত্বভাৰ চম্ভালিছিল।
অসমীয়া দৈনন্দিন বাৰ্তা পেজৰ তৰফৰ পৰা তেখেতৰ মৃত্যুত গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আত্মাৰ চিৰ শান্তি কামনা কৰিলো।
ওম শান্তি 🙏

Address

Dibrugarh

Website

Alerts

Be the first to know and let us send you an email when News Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Axom:

Videos

Share


Other News & Media Websites in Dibrugarh

Show All

You may also like