জনহিতাৰ্থে PARAG

  • Home
  • জনহিতাৰ্থে PARAG

জনহিতাৰ্থে PARAG এক জনহিতৈষী প্ৰচেষ্টা; যিয়ে সমাজত দহৰ উপকাৰ সাধিব🙏

02/01/2025


শ্ৰদ্ধাৰ,
অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মহোদয়। জয়জয়তে আপোনালৈ অসম আৰক্ষীৰ ২০১৫ বৰ্ষৰ ১১০ নং প্ৰশিক্ষাৰ্থী গোটৰ তৰফৰ পৰা ২০২৫ খৃষ্টীয় নৱবৰ্ষৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ।মহোদয়, সন্মানসহকাৰে আপোনাক জনাওঁ যে বিভাগীয় পদোন্নতিৰ নিয়ম অনুসৰি আমি ১১০নং প্ৰশিক্ষাৰ্থী গোটে কৰ্ম জীৱনৰ ৮ টি বছৰ সম্পূৰ্ণ কৰি কনিষ্টবলৰ পৰা লেন্স নায়কলৈ পদোন্নতি লাভ কৰিবলৈ সক্ষম হওঁ।কিন্তু আপোনাক আমি অতি দুখেৰে জনাওঁ যে কিছুসংখ্যক বেটেলিয়নে পদোন্নতি অনুসৰি দৰমহা দিয়াৰ বিপৰীতে ভালেসংখ্যক বেটেলিয়নত পদোন্নতিৰ এবছৰ পাৰ হৈ যোৱাৰ পাছতো আজিকোপতি পদোন্নতিৰ দৰমহা বৃদ্ধি কৰা হোৱা নাই।গতিকে পদোন্নতি অনুসৰি একাংশৰ দৰমহা বৃদ্ধি আৰু একাংশই পূৰ্বৰ নিৰিখতে দৰমহা লাভ কৰাত আমি নোপোৱাসকলে বৃহৎ লোকচানৰ সন্মুখীন হোৱা যেন অনুভৱ কৰিছোঁ।সেয়ে, দয়া কৰি মহোদয়ে এই বিষয়টিৰ ওপৰত সু-বিৱেচনাৰে বঞ্চিতসকলৰ দৰমহা বৃদ্ধিৰ ব্যৱস্থা কৰি দিলে আমি কৃতাৰ্থ হ'ম।এয়ে মহোদয়ৰ ওচৰত আমাৰ ২০১৫ বৰ্ষৰ ১১০ নং প্ৰশিক্ষাৰ্থী গোটৰ তৰফৰ পৰা সৰল প্ৰাৰ্থনা।

অসমবাসী ৰাইজলৈ খৃষ্টীয় নৱবৰ্ষ ২০২৫ ৰ অফুৰন্ত শুভকামনা জনালোঁ।সুখ-শান্তি-সমৃদ্ধিৰে যেন সকলোৰে জীৱনবোৰ উপচি পৰক❤️❤️
01/01/2025

অসমবাসী ৰাইজলৈ খৃষ্টীয় নৱবৰ্ষ ২০২৫ ৰ অফুৰন্ত শুভকামনা জনালোঁ।সুখ-শান্তি-সমৃদ্ধিৰে যেন সকলোৰে জীৱনবোৰ উপচি পৰক❤️❤️

06/05/2024

মটক বিহুঃ তিনিচুকীয়া ন-পুখুৰীৰ পাৰে পাৰে খোলা খোলা নচা মটকসকলৰ প্ৰতিটো বিহু খোলাৰে বিহু নাচ আৰু সামগ্ৰিক পৰিৱেশ।

12/11/2023

সকলোলৈকে পোহৰৰ উৎসৱ দীপাৱলী(দিপাৱলী নহয়)ৰ আন্তৰিক শুভকামনা জনালোঁ।দীপান্বিতা(দীপাম্বিতা,গৌৰাম্বিত, লাভাম্বিত আদি ভুল)ৰ পোহৰে সমাজৰ পৰা এন্ধাৰ নাশি সকলোৰে জীৱনবোৰ পোহৰময় কৰি তোলক তাকে কামনা কৰিলোঁ✨🌟💫💖💞🌿🌱🌳

23/10/2023

গো-সুৰক্ষা আইনে গো সুৰক্ষা কৰিছে নে পালকক হত্যা কৰিবলৈ বাধ্য কৰাইছে? এজনী মুমূৰ্ষপ্ৰায় গৰু আৰু কিছু কথাৰে•••

১ অক্টোবৰ দিনটো অসম আৰক্ষী দিৱসৰ লগতে আমাৰ ১১০নং গোটৰ বাবে কৰ্মজীৱনৰ বৰ্ষপূতিও।জনহিত জনসেৱাৰ্থে সেৱা আগবঢ়াই এইবাৰ অষ্টম ...
01/10/2023

১ অক্টোবৰ দিনটো অসম আৰক্ষী দিৱসৰ লগতে আমাৰ ১১০নং গোটৰ বাবে কৰ্মজীৱনৰ বৰ্ষপূতিও।জনহিত জনসেৱাৰ্থে সেৱা আগবঢ়াই এইবাৰ অষ্টম বৰ্ষপূতিত খোজ দিলোঁ।অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া-জোৱানকৰ্মীলৈ আৰক্ষী দিৱসৰ আন্তৰিক শুভকামনা জনালোঁ।লগতে ১১০নং প্ৰশিক্ষাৰ্থী গোটৰ প্ৰশিক্ষাৰ্থী সহকৰ্মীসকললৈ ৮ম বৰ্ষপূতিৰ শুভেচ্ছা জনালোঁ।জনসাধাৰণ বাবে উৎসগিতভাৱে সেৱা আগবঢ়াবলৈ আমি প্ৰতিশ্ৰুতিৱদ্ধ।জয় আই অসম🙏

গুৰু গম্ভীৰ ব্যক্তিত্ব, মাৰ্জিত পৰিচ্ছন্ন পোচাকেৰে ৰাজহুৱা জীৱন যাপন কৰা অসমীয়া-ইংৰাজী ভাষাৰ নিপুন সাধক শ্ৰদ্ধাৰ দেৱেন দ...
19/08/2023

গুৰু গম্ভীৰ ব্যক্তিত্ব, মাৰ্জিত পৰিচ্ছন্ন পোচাকেৰে ৰাজহুৱা জীৱন যাপন কৰা অসমীয়া-ইংৰাজী ভাষাৰ নিপুন সাধক শ্ৰদ্ধাৰ দেৱেন দত্ত ছাৰৰ আকস্মিক মৃত্যু অসমীয়া ভাষা-সাহিত্যলৈ এক অপূৰণীয় ক্ষতি।সম্ভৱত ২০০৭-০৮ চনত আমাৰ গাঁৱত অনুষ্ঠিত যুৱ সাংবাদিক অধিৱেশন এখনত তেখেতৰ প্ৰথম সান্নিধ্য পাইছিলোঁ।কি এক উদাত্ত কণ্ঠৰ বক্তৃতা,প্ৰোজ্জ্বল অভিব্যক্তি। তেতিয়া সৰু হৈ আছিলোঁ যদিও তেওঁ ভাষণত শিকাই যোৱা এটি ভুল বাক্যৰ শুদ্ধ প্ৰয়োগ মই কেতিয়াও পাহৰি নোযোৱাকৈ মনত ৰাখিবলৈ সক্ষম হ'লোঁ। তেওঁ সংবাদকৰ্মীসকলে প্ৰায়ে ভুলকৈ লিখা-পৰিৱেশন কৰা " প্ৰায় শতাধিক/প্ৰায় সহস্ৰাধিক" বাক্যবোৰ ভুল বুলি তীক্ষ্ণভাৱে সমালোচনা কৰি কৈছিল যে শতাধিক/সহস্ৰাধিক আদি শব্দ প্ৰয়োগ কৰিলে আগত 'প্ৰায়' ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজন নাই।তদুপৰি তেওঁ electronic media ক তেতিয়া বহুতে বৈদ্যুতিক মাধ্যম বুলি কোৱাৰ বিপৰীতে বৈদ্যুতিন্‌ মাধ্যমহে হ'ব,যোৱাকালি/অহাকালিৰ পৰিৱৰ্তে কালি/কাইলৈহে শুদ্ধ বুলি সোঁৱৰাই দিয়া আজিও মনত সজীৱ হৈ আছে।আজি তেখেতৰ আকস্মিক মৃত্যুৰ খবৰত মৰ্মাহত হৈ সেই স্মৃতি ৰোমন্থনৰে তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ।

14/08/2023

আৰক্ষী জীৱন-অভিজ্ঞতাৰ কথাৰে জ্যেষ্ঠ আৰক্ষীৰ লোক দুগৰাকীয়ে ইমান সুন্দৰকৈ গীত পৰিৱেশন কৰি অৱসাদ বিনোদন দিছে।এবাৰ শুনি চাবচোন।

07/08/2023

এগৰাকী বান্ধৱীক যে এনেকৈও এটি গীতেৰে ঘৰলৈ আহি জন্মদিনৰ শুভেচ্ছা উপহাৰ দিব পাৰি তাৰে এটি সুন্দৰ ভিডিঅ'••••কিযে সুৰীয়া কণ্ঠ দুয়োৰে🥳❤️•••শ্যামলীলৈ আমিও ওপজাদিনৰ শুভকামনা জনালোঁ🥳🎂

আৰক্ষীৰ জীৱন আৰু মোৰ বিশ্ববিদ্যালয় গাঁথা°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°আজি আনুষ্ঠানিক শিক্ষাৰে স্নাতকোত...
17/07/2023

আৰক্ষীৰ জীৱন আৰু মোৰ বিশ্ববিদ্যালয় গাঁথা
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
আজি আনুষ্ঠানিক শিক্ষাৰে স্নাতকোত্তৰ ডিগ্ৰীধাৰী হোৱাৰ এবুকু সুখ প্ৰাপ্তি আৰু মোৰ কিছু অনুভৱ•••

উচ্চ শিক্ষা গ্ৰহণ তথা বিশ্ববিদ্যালয় জীৱনৰ প্ৰতি থকা দুৰ্বাৰ হেঁপাহ এখিনিকে বুকুত বান্ধি আৰক্ষীৰ কৰ্ম জীৱনৰ মাজেৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে অধ্যয়নৰ মন মেলিছিলোঁ। আজি ঘোষণা কৰা ফলাফলত ২য় শ্ৰেণীৰে স্নাতকোত্তৰ ডিগ্ৰীধাৰী হওঁ যদিও প্ৰথম শ্ৰেণীৰে স্নাতকোত্তৰ হোৱাৰ সপোন আছিল।তথাপি এয়াও মোৰ বাবে যথেষ্ট সুখৰ কাৰণ।যিহেতু আৰক্ষী হিচাপে আইন-শৃংখলাজনিত পৰিস্থিতি মোকাবিলা কৰা,এটি অধ্যয়ন প্ৰতিকূল পৰিৱেশত থাকি স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে প্ৰস্তুতি চলোৱা মোৰ বাবে ইমান সহজসাধ্য নাছিল।কিন্তু স্কুলীয়া দিনৰে পৰা উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ মনত পুঁহি ৰখা সপোনটোৰ পম খেদিয়ে আশাশুধীয়া প্ৰচেষ্টাৰে অধ্যয়ন কৰি গৈছিলোঁ।কৰ্তব্য সম্পাদনৰ সমান্তৰালভাৱে অধ্যয়ন কৰি আনুষ্ঠানিক শিক্ষাৰ শেষ স্তৰত আজি যি এক ফলাফল লাভ কৰিলোঁ সেয়াই আচলতে মোৰ সুখ প্ৰাপ্তি।কৰ্মজীৱন যিয়ে নহওক কিয়??? নিজৰ সপোন হেঁপাহবোৰক বাস্তৱায়িত কৰাৰ মাদকতাই সুকীয়া।এই যাত্ৰাপথত শুভেচ্ছা সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী শুভাকাংক্ষী, সহপাঠী, শিক্ষাগুৰুলৈকো এই মুহূৰ্তত আন্তৰিক ধন্যবাদ জনালোঁ।এই শৈক্ষিক যাত্ৰাত মোৰ ছাঁয়া হৈ সকলো দিশতে সহায়-সহযোগিতা উৎসাহ-প্ৰেৰণা যোগোৱা মোৰ প্ৰিয় মৰমৰ Jahnabi Patra লৈ যাচিছোঁ অফুৰন্ত মৰমভৰা ধন্যবাদ।শেষত আজিৰ পৰা স্নাতকোত্তৰ পৰিচয়ৰে অসমীয়া ভাষা চৰ্চাত আৰু অধিক দায়ৱদ্ধ হোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি আজিলৈ ইমানতে অনুভৱ সামৰিছোঁ।

20/06/2023

ৰাভাদিৱস উপলক্ষে এইবাৰ যোৰহাটৰ #জয়শ্ৰী_ৰায়ৰ সুৰীয়া কণ্ঠত কলাগুৰুৰ এটি কালজয়ী গীত আগবঢ়ালোঁ। আজিৰ দিনটোত এই চিৰসেউজ গীতবোৰৰ চৰ্চাহে ভাল লাগে।

20/06/2023

# #অনুষ্কা_তৰংগিনী_বৰুৱাৰ কি এক দৰদী কণ্ঠ # #

আজি ২০ জুন, ৰাভাদেৱৰ মৃত্যু তিথিত বিপ্লৱী শিল্পীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰি তেখেতৰ এটি কালজয়ী গীত কণ্ঠ নিগৰাইছে আমাৰ সকলোৰে মৰমৰ অনুষ্কা তৰংগিনী বৰুৱাই।

14/06/2023
30/03/2023

এইবোৰহে প্ৰকৃততে ভাইৰেল হ'বলগীয়া ভিডিঅ'••
এক অনন্য সুন্দৰ প্ৰতিভা, এক মনপৰশা সাংস্কৃতিক পৰিৱেশন। দ্বাদশ অসম আৰক্ষী বাহিনীৰ প্ৰশিক্ষাৰ্থীসকলৰ প্ৰশিক্ষণকালৰ এক মনোৰম সাংস্কৃতিক পৰিৱেশন যিটো ভিডিঅ' চালে আপোনালোকো আপ্লুত হৈ পৰিব।

29/03/2023

সৰু সৰু চাউদাং দুটা আৰু সৰু জয়মতীজনীৰ ইমান মৰমলগা অভিনয় অ'•••তেওঁলোকৰ প্ৰতিভাবোৰৰ উত্তৰণ হওক তাৰেই শুভাশিস জনালোঁ

27/03/2023

বিধ্বংসী ধুমুহাই ডিব্ৰুগড়ত চলালে তাণ্ডৱ ।এয়া ডিব্ৰুগড় মেডিকেল ৰ'ডৰ দৃশ্য•••

Address


Alerts

Be the first to know and let us send you an email when জনহিতাৰ্থে PARAG posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to জনহিতাৰ্থে PARAG:

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share